সাহিত্যিক এজনৰ সাহিত্যৰ বিশ্লেষণ কৰা হয় সাহিত্য সমালোচনাৰ জৰিয়তে। সাহিত্যিকজনৰ ৰচনাৰাজিৰ সমালোচনাৰ জৰিয়তেই তেওঁৰ সাহিত্যৰ সাহিত্যিক মূল্য, তাৰ সামাজিক চৰিত্ৰ, তাৰ আত্মজৈৱনিক দিশ, তাৰ প্ৰমূল্যগত আধাৰ আদি বিভিন্ন আয়তনসমূহ উন্মোচন কৰা হয়। কিন্তু যেতিয়া সাহিত্যিক এজনৰ সৃষ্টিয়ে সাহিত্যৰ পৰিধি অতিক্ৰম কৰি যায়, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰভাৱশালী প্ৰমূল্যগত উপাদানত পৰিণত হয়, তেতিয়া সাহিত্য সমালোচনাৰ জৰিয়তে সেই আয়তনসমূহ উন্মোচন কৰাটো সম্ভৱনে? সাহিত্য সমালোচনা যিমানেই নিৰ্মোহ নহওক, যি নীতিৰেই পৰিচালিত নহওক, সি সাহিত্যৰ বাহিৰৰ পৃথিৱীখনৰ বিশ্লেষণ দাঙি ধৰিব পাৰেনে?
সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি অসমীয়া সাহিত্য আৰু সামাজিক জীৱনৰ এটা বিশাল ব্যক্তিত্ব। স্বৰাজোত্তৰ অসমৰ যিকেইজন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আছে তাৰ ভিতৰত তেৱোঁ এজন। বহু দশকজোৰা তেওঁৰ বিস্তৃত ৰচনাৰাজিত মানৱ জীৱন তথা অসমৰ সমাজজীৱনৰ বহুতৰপীয়া বাস্তৱতাৰ চিত্ৰণ ভৰপূৰ হৈ আছে। ইয়াৰ মাজত লেখক হিচাপে তেওঁৰ প্ৰতিভাৰ দীপ্তি আৰু সমস্যা দুইটাই বিৰাজমান হৈ আছে। তেওঁৰ ৰচনাৰাজিৰ ছিৰিয়াছ বিদ্যায়তনিক বিশ্লেষণ হোৱাটো অতিকে জৰুৰী। এনে বিশ্লেষণে তেওঁৰ ৰচনাৰাজিৰ কেৱল পাঠগত আলোচনাই নহয়, অসমৰ সমাজজীৱনৰ এছোৱা দীৰ্ঘ সময়ৰ ঐতিহাসিক পুনৰীক্ষণো দাবী কৰে। এই ক্ষেত্ৰখনত কোনো উল্লেখ্যযোগ্য সমালোচনামূলক কাম হোৱা আমি দেখিবলৈ পোৱা নাই। কিন্তু সাহিত্যিক পৰিধিৰ বাহিৰৰ দ্বিতীয় এখন ক্ষেত্ৰৰ কথা আমি ক’ব খুজিছো যাৰ অস্তিত্বৰ বিষয়ে হয়তো বহুতেই সচেতন নহয়।
মিশ্চেল ফুকোৱে ‘What is an author?’ নামৰ ৰচনাখনত লেখকৰ বিষয়ে আলোচনাৰ সংক্ৰান্তত ‘founders of discursivity’ নামৰ ধাৰণা এটা দাঙি ধৰিছে। তেওঁ ‘author’ শব্দটো ধাৰণাগতভাৱে এক ব্যাপক অৰ্থত ব্যৱহাৰ কৰিছে, সেই অৰ্থত সাহিত্যিকৰপৰা বিজ্ঞানী-দাৰ্শনিকলৈকে সকলোৱেই ‘author’, যাক আমি অসমীয়াত সহজভাৱে লেখক বুলিয়েই অনুবাদ কৰিছো। কিছুমান লেখক আছে যি কেৱল নিজৰ ৰচনাৰাজিয়েই ৰচনা নকৰে, তেওঁলোকে ভৱিষ্যতৰ বাবে সম্ভাৱনা আৰু নিয়মৰ এটা ফ্ৰেমৱৰ্কো নিৰ্মাণ কৰি দিয়ে। তেওঁলোকৰ পৰিভাষা, ছবি আৰু ধাৰণাসমূহে তেওঁলোকৰ নিজৰ তাৎক্ষণিক ৰচনাৰাজিক অতিক্ৰম কৰি গৈ ভৱিষ্যতৰ চিন্তা আৰু অভিজ্ঞতাক সঞ্চালিত আৰু সংগঠিত কৰে। এইসকলেই হ’ল ‘founders of discursivity’। ফুকোৱে মাৰ্ক্স, ফ্ৰয়ড আদিৰ উদাহৰণ দাঙি ধৰিছে, ফুকো নিজেও তাৰ এটা উদাহৰণ। ‘আম্বেদকাৰৰ প্ৰাসংগিকতা’ নামৰ লেখাত আমি ভাৰতীয় প্ৰেক্ষাপটত সীমিত অৰ্থত আম্বেদকাৰৰ ক্ষেত্ৰত সেই অভিধা প্ৰয়োগ কৰিব পাৰি বুলি লিখিছিলো। সি যি নহওক, এক লঘু আৰু সীমিত অৰ্থত অসমৰ সাংস্কৃতিক প্ৰেক্ষাপটত হোমেন বৰগোহাঞিকো আমি একপ্ৰকাৰ ‘founder(s) of discursivity’ বুলি অভিহিত কৰিব পাৰো। বৰগোহাঞিৰ এই ভূমিকাটো তেওঁৰ ৰচনাৰাজিৰ জৰিয়তেই সৃষ্টি হৈছে আৰু তাক ৰচনাৰাজিৰপৰা কোনো কাৰণতে বিচ্ছিন্ন কৰি চাব নোৱাৰি, কিন্তু সি কেৱল ৰচনাৰাজিৰ মাজতেই আবদ্ধ নহয় – সাহিত্যিক পৰিসীমা ভেদ কৰি সি সমাজ আৰু সংস্কৃতিৰ এক প্ৰমূল্যগত ফ্ৰেমৱৰ্কত পৰিণত হৈছে। বৰগোহাঞিয়ে নিৰ্মাণ কৰা মতাদৰ্শগত পৃথিৱীখন তথা নৈতিক পৰিমণ্ডলটোৱে পৰৱৰ্তী প্ৰজন্মসমূহৰ এটা বৃহৎ অংশক গ্ৰাস কৰি লৈছে। অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ বতাহত আজিও বৰগোহাঞিৰ বহুতো কণিকা অহৰহ উৰি ফুৰিছে। বৰগোহাঞিৰ এই আধিপত্যৰ দুটা দিশ আমি দেখুৱাব পাৰো। প্ৰথমটো হ’ল, তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ বহুতো লেখকে তেওঁৰ বাগধাৰাটো গ্ৰহণ কৰি তাক নিজা নিজাধৰণে পুনৰুৎপাদন কৰিছে। আনকি আমি এনে লেখকো দেখিছো যি বৰগোহাঞিক প্ৰখৰভাৱে সমালোচনা আৰু আক্ৰমণ কৰিছে, অথচ সেইটো কৰোতেও তেওঁ বৰগোহাঞিৰ বাগধাৰাগত পৃথিৱীখনতে পাকঘূৰণি খাই আছে আৰু শেষ অৰ্থত তাকেই পুনৰুৎপাদন কৰি আছে। বৰ্তমানৰ প্ৰভাৱশালী ভালেমান লেখকৰ গাতেই বৰগোহাঞিৰ ভূতে লম্ভি আছে, কিন্তু তেওঁলোকে নিজে হয়তো নাজানে আৰু কথাটো আনেও ইমান দিনে কৈ দিব পৰা নাই। দ্বিতীয়টো দিশ হ’ল, পৰৱৰ্তী প্ৰজন্মসমূহৰ এক বৃহৎ অংশৰ জীৱন দৰ্শন গঢ় দিছে বৰগোহাঞিয়ে। বহুতো মানুহেই দশকৰ পাছত দশক ধৰি বৰগোহাঞিৰ কিতাপ পঢ়িছে আৰু বৰগোহাঞিৰ দৰে চিন্তা কৰিছে। এনেকৈয়ে মানুহে বৰগোহাঞিৰ মানসিক পৃথিৱীখনত প্ৰবেশ কৰিছে আৰু তাক নিজা নিজাধৰণে পুনৰ্নিৰ্মাণ কৰি লৈছে। এনেদৰে পুনৰ্নিৰ্মাণ কৰাৰ পাছত ধাৰণাবিলাকে হয়তো বৰগোহাঞিৰ নিজা অভিপ্ৰেত অৰ্থ হেৰুৱাই পেলাইছে, কিন্তু সামগ্ৰিকভাৱে সি ৰৈ গৈছে বৰগোহাঞিৰ পৃথিৱীখনৰ ভিতৰত। বৰগোহাঞিৰ কোনখন কিতাপৰ কোন পৃষ্ঠাত কি আছিল সেইবোৰ লৈ তেওঁলোকৰ কোনো মতলব নাই – গোটেইবোৰ পঢ়ি-শুনি ভাবি-গুণি জীৱনত আগুৱাই গৈ থাকোতে যিখিনি গেদ বা ছেডিমেণ্ট ৰৈ যায় সেইখিনিয়েই তেওঁলোকৰ সমল। সেই গেদখিনিৰ মাজত এতিয়া কোনো সাহিত্য সমালোচকে বৰগোহাঞিৰ কিতাপৰ ৰেফাৰেন্স বিচাৰি উলিয়াব নোৱাৰে। অৰ্থাৎ বৰগোহাঞিৰ ৰচনাৰপৰা উঠি আহি কিছুমান মতাদৰ্শগত আৰু নৈতিক উপাদানে সামাজিক আৰু সাংস্কৃতিক জীৱনত এটা ধাৰাৰ সৃষ্টি কৰিছেহি, যাক পৰম্পৰাগত সমালোচনাৰ সঁজুলিসমূহেৰে উন্মোচন কৰাটো সম্ভৱ নহয়। এইটো দিশৰপৰা বৰগোহাঞিৰ লগত তুলনা কৰিব পৰা আনজন ব্যক্তি হ’ল হীৰেন গোহাঁই, যাক আমি আন এজন ‘founder(s) of discursivity’ বুলি অভিহিত কৰিব পাৰো। অৱশ্যে আমি ইয়াত গোহাঁইৰ বিষয়ে আলোচনা নকৰো। সি যি নহওক, বৰগোহাঞিৰ আগতো বহুত লেখক আছিল আৰু পিছতো বহুত লেখক আছে যাক আমি বিপুল প্ৰতিভাশালী লেখক বুলিব পাৰো, যাৰ সন্মুখত বৰগোহাঞি নিষ্প্ৰভ হৈ পৰিব। আনহাতে, যিসমূহ মতাদৰ্শগত আৰু নৈতিক উপাদানৰ কথা আমি কৈছো সেইসমূহ অসমীয়া ভাষাৰ ৰচনাৰাজিলৈ কঢ়িয়াই অনাৰ বাবে বৰগোহাঞি অকলে কৃতিত্বৰ দাবীদাৰ বা অপৰাধৰ ভাগীদাৰ নহয়। কিন্তু বৰগোহাঞিয়ে সেইসমূহক এক সংহত জীৱন দৰ্শনৰ ৰূপত দাঙি ধৰিলে আৰু তাৰ আটাইতকৈ জনপ্ৰিয় প্ৰবক্তাৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। ক’বলৈ গ’লে, তাৰপৰাই ‘founder(s) of discursivity’ হিচাপে তেওঁৰ ভূমিকাৰ সূচনা হ’ল। এই প্ৰক্ৰিয়াটো কেনেকৈ সম্ভৱ হ’ল আৰু সি কেনেকৈ আগ বাঢ়িল, এক গভীৰ ঐতিহাসিক বিশ্লেষণৰ জৰিয়তেহে তাক সম্পূৰ্ণৰূপে উন্মোচন কৰাটো সম্ভৱ।
কিন্তু বৰগোহাঞিৰ সমালোচনা কেৱল ছিৰিয়াছ বিদ্যায়তনিক ৰূপতহে হ’ব লাগিব বুলি কোনো কথা নাই। তেওঁৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকাই আচলতে তাৰ ওলোটাটোহে প্ৰতিপন্ন কৰে। এজন সাহিত্যিকৰ ক্ষেত্ৰত আমি দাবী কৰিব পাৰো যে তেওঁৰ ৰচনাৰাজিৰ এনেকুৱা সাহিত্য সমালোচনা হ’ব লাগে, এজন সমাজবিজ্ঞানীৰ ক্ষেত্ৰত তেনেকৈ আমি বিশেষধৰণৰ সমাজবৈজ্ঞানিক সমালোচনাৰ দাবী কৰিব পাৰো। কিন্তু মতাদৰ্শগত আৰু নৈতিক উপাদানৰ ৰূপত যাৰ অস্তিত্ব আমাৰ জীৱনৰ সৈতে সানমিহলি হৈ আছে, তেওঁৰ ক্ষেত্ৰত আমি তেনে দাবী কৰিব পাৰোনে? ধৰক, আপুনি আপোনাৰ শৈশৱ-কৈশোৰৰ মানসিক বিকাশৰ সময়ছোৱাত উৰাই-ঘূৰাই বৰগোহাঞিৰ ৰচনাৰাজি পঢ়িলে আৰু তাৰ ভিত্তিতেই আপোনাৰ চিন্তা-চেতনা গঢ় লৈ উঠিল। সময়বোৰ গৈ থাকিল – এটা সময়ত আপুনি বাহিৰৰ পৃথিৱীখন অধিক ওচৰৰপৰা দেখিবলৈ ধৰিলে আৰু নতুন নতুনধৰণৰ পঢ়া-শুনা, চিন্তা-চৰ্চাৰ সৈতে পৰিচয় ঘটিবলৈ ধৰিলে। লাহে লাহে আপুনি উপলব্ধি কৰিবলৈ ধৰিলে যে যিবোৰ ধাৰণাৰ ভিত্তিত ইমান দিনে জীৱন আৰু পৃথিৱীখনক বিচাৰ কৰি আহিছিল, সেইবোৰ দেখোন শুদ্ধ নহয়। এনেকৈ আপুনি ক্ৰমাগতভাৱে পুৰণি ধাৰণাগত পৃথিৱীখনৰপৰা বাহিৰ ওলাই আহিল। ইয়াৰ পাছত আপুনি কেনেদৰে হোমেন বৰগোহাঞিৰ সমালোচনা আগ বঢ়াব? সাহিত্য সমালোচনাই সহায় কৰিব পাৰিবনে? এই যে আপোনাৰ পুৰণি ধাৰণাগত পৃথিৱীখন, সেইখন বৰগোহাঞিৰ কোনখন কিতাপৰপৰা কেনেদৰে সৃষ্টি হ’ল ক’ব পাৰিবনে? কিন্তু সেইখনতো আপোনাৰ নিজৰে মানসিক পৃথিৱী, যিখন আপুনি সৃষ্টিশীল কল্পনাৰে তিল তিলকৈ গঢ় দিছিল। তাত আপুনি কেনেকৈ কি ৰূপত বৰগোহাঞিক গ্ৰহণ কৰিছিল তাৰ সৈতে আচল লেখক বৰগোহাঞিজনৰ সম্পূৰ্ণ মিল আছেনে? অৰ্থাৎ, বৰগোহাঞি হ’ল আপোনাৰ জীৱনৰে এটা অংশ, আৰু তেওঁৰ সমালোচনা কৰা মানে আপোনাৰ নিজৰে সমালোচনা কৰা। ইয়াৰ সৈতে বৰগোহাঞি নামৰ মানুহজন আৰু লেখকজনৰ পোনপটীয়া সম্পৰ্ক নাই। লেখক এজন যেতিয়া এনেকুৱা স্তৰত মানুহৰ জীৱনৰ সৈতে সানমিহলি হৈ থাকে, তেতিয়া তেওঁৰ সমালোচনাও বিভিন্ন আৰু বিচিত্ৰ ৰূপত হ’ব পাৰে। সেইধৰণৰ সমালোচনাবিলাকৰ নিজা নিজা সামাজিক-সাংস্কৃতিক অৱস্থান আৰু ভূমিকা আছে। আচলতে লেখকজনৰ মতাদৰ্শগত আৰু নৈতিক উপাদানসমূহ যি সামাজিক আৰু সাংস্কৃতিক জীৱনৰ অংগ, সেই সমালোচনাবিলাকো সেই একে জীৱনৰে অভিন্ন অংগ – এক দ্বন্দ্বমুখৰ আৰু বিকশমান সামাজিক-সাংস্কৃতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছিন্ন ধাৰা হিচাপে সেই সমস্ত কৰ্ম তথা উপাদানসমূহ প্ৰবাহিত হৈ থাকে। ছিৰিয়াছ বিদ্যায়তনিক বিশ্লেষণৰ কাম হ’ল এই সমগ্ৰ ধাৰাটোৰ ওপৰত আলোকপাত কৰা।
এটা কথা ঠিক যে বৰগোহাঞিৰ সমালোচনা হ’ব লাগে। কিন্তু প্ৰথমে আমি ঠিক কৰি লোৱা দৰকাৰ, আমি তেওঁৰ কোনটো আয়তনৰ আলোচনা কৰিম আৰু কোনটো স্তৰত কিধৰণে কৰিম। তেওঁৰ ৰচনাৰাজিৰ ভাল সাহিত্য সমালোচনাও নিশ্চয়কৈ হ’ব লাগে। কিন্তু প্ৰশ্ন হ’ল, তেওঁৰ বাগধাৰাগত আয়তনটোৰ অস্তিত্ব আমি কেতিয়া স্বীকাৰ কৰিম? তাতোকৈ মৌলিক কথা হ’ল, অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ গঠনকাৰী ফ্ৰেমৱৰ্কসমূহৰ কথা আমি কেতিয়া পাতিম? অসমৰ বৌদ্ধিক সংস্কৃতিৰ প্ৰমূল্যগত আধাৰটোক আমি কেতিয়া প্ৰশ্নৰ কাঠগৰাত থিয় কৰাম? কেতিয়াকৈ আমি অসমৰ ৰাজহুৱা পৰিসৰটোক ধাৰণাগতভাৱে বুজিবলৈ চেষ্টা কৰিম? কেতিয়াকৈ আমি এই অচলায়তনৰ ওপৰত মতাদৰ্শগত আক্ৰমণ নমাই আনিম? কেতিয়ালৈকে আমি কোনো কোনো ব্যক্তিৰ চৰিত্ৰগত বৈশিষ্ট্য তথা ভণ্ডামিৰ নামত হুলস্থূল কৰি গাঁথনিগত প্ৰশ্নসমূহ ঢাকি ৰাখিম? এইবোৰ প্ৰশ্নৰ কোনো সদুত্তৰ আমাৰ সন্মুখত নাই। এইবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ প্ৰক্ৰিয়াটোৰ সৈতে বৰগোহাঞিৰ সমালোচনাও জড়িত হৈ আছে।
পৰিশিষ্ট : ‘হোমেন বৰগোহাঞি : এটি চমু সমালোচনা’ নামৰ মই লিখা এটা ক্ষুদ্ৰ টোকা আছে। অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত প্ৰভাৱশালী বৰগোহাঞিৰ কিছুমান মতাদৰ্শগত আৰু নৈতিক উপাদান সম্পৰ্কে তাত থোৰতে কিছু আলোচনা কৰা হৈছে। বৰগোহাঞিৰ মতাদৰ্শগত সমালোচনাৰ সেয়া এটা তেনেই চূৰ্চুৰীয়া আৰু কেজুৱেলধৰণৰ প্ৰচেষ্টা। এনেধৰণৰ, কিন্তু ছিৰিয়াছ বিদ্যায়তনিক, সমালোচনাৰ বাবে আন আন ব্যক্তিও আগ বাঢ়ি আহিলে ভাল। যোৱা তিনিটা দশকত অসমৰ সমাজ আৰু সংস্কৃতিৰ ওপৰেদি বহুতো পৰিবৰ্তনৰ ঢৌ পাৰ হৈ গ’ল আৰু আমাক ধাৰণাগতভাৱে এখন নতুন পৃথিৱীৰ মুখামুখি কৰালে। এনে অৱস্থাত পুৰণি পৃথিৱীৰ অৱশিষ্ট মতাদৰ্শগত আধাৰবিলাক যিমান পাৰি সোনকালে খহাই পেলোৱাই মংগল। নহ’লে নতুন প্ৰজন্মসমূহে পৃথিৱীখনৰ সৈতে মোকাবিলা কৰোতে অধিক বিভ্ৰান্তি আৰু কষ্টৰ সন্মুখীন হ’ব।
(ৰচনাকাল : ০৮-০৮-২০২০)
Leave a Reply