মেৰিট বুলি যাক আমি কওঁ সেয়া হ’ল অন্তৰ্নিহিতভাৱেই এক সামাজিক বস্তু৷ সি হ’ল এক সামাজিক নিৰ্মাণ, সামাজিক প্ৰয়োজনতে যাৰ সৃষ্টি হয়৷ ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ সোপানৰূপে নতুবা সামাজিক অৱস্থান সংৰক্ষণৰ ভেটিৰূপে সি সামাজিক ভূমিকা পালন কৰে৷ আমাৰ নিচিনা সামাজিক পৰিবেশত মেট্ৰিক…