অভিশপ্ত কয়দী : এটা আধৰুৱা সাধুকথা

এসময়ত এখন দেশত এটা দুৰ্ধৰ্ষ অপৰাধী আছিল। সি কিমান যে জঘন্য অপৰাধ কৰি ফুৰিছিল তাৰ কোনো সীমা-সংখ্যা নাছিল। ৰজাৰ বিৰুদ্ধে দ্ৰোহ আচৰিছিল, ৰাজপ্ৰাসাদত ৰাতি গৈ সিন্ধি খান্দিছিল, ৰাজ অন্তেষপুৰৰ গোপন কাহিনী প্ৰজাগণৰ মাজত প্ৰচাৰ কৰি ফুৰিছিল, ৰজাৰ সৈন্যৰ গালৈ ছল পালেই শিলগুটি মাৰিছিল, ইত্যাদি ইত্যাদি। সেইবাবে ৰজাই তাক ধৰাই আনি বন্দী কৰি ৰাখিছিল।

ৰজা হ’ল মহাপ্ৰতাপী, তেওঁ সৰ্বশ্ৰেষ্ঠ, তেওঁ মহা শক্তিধৰ। তেওঁ ইচ্ছা কৰিলে দুৰ্ধৰ্ষ অপৰাধীটোক যিকোনো মুহূৰ্ততে নচঁচা শূলত দিব পাৰে। কিন্তু তেওঁ কেতিয়াও তেনে নকৰে। কাৰণ তেওঁ হ’ল মহান, তেওঁ হ’ল প্ৰজাবৎসল, তেওঁ হ’ল ন্যায়পৰায়ণ। সেয়ে তেওঁ থিৰাং কৰিলে যে ৰাজসভাত অপৰাধীৰ উচিত বিচাৰ কৰা হ’ব – দেশৰ আইন আৰু ঈশ্বৰক আগত ৰাখি ন্যায় প্ৰতিষ্ঠা কৰা হ’ব। সেইমতেই বিচাৰৰ ব্যৱস্থা কৰা হ’ল।

কিন্তু কালৰ কি কুটিল গতি!! বিচাৰৰ বাবে বহা ৰাজসভাত সদায়েই এটা নহয় এটা কেণা লাগিবলৈ ধৰিলে। প্ৰথমদিনা ৰজাৰ হাগিব লাগিলে, গতিকে বিচাৰৰ আধাতে সামৰণি পৰিল। দ্বিতীয়দিনা ৰজাৰ মূতিব লাগিলে, সেইদিনা আৰম্ভণিয়েই কৰা নহ’ল বিচাৰ। তৃতীয়দিনা ৰজাৰ হিকটি আহিল। ৰজা আকৌ বৰ ধৰ্মপ্ৰাণ মানুহ, হিকটি আহিলে কোনো কামতে অগ্ৰসৰ নহয়। কেইবাদিনো একেৰাহে বিচাৰ নবহাত ৰজা নিজেই চিন্তাত পৰিল আৰু সিদ্ধান্ত ল’লে যে এইবাৰ এৰি দিয়াত নাই – ন্যায় বিচাৰ কৰিব‌ই। কিন্তু ভবা কথা নহয় সিদ্ধি, বোলে বাটত আছে কণা বিধি। তাৰ পাছৰদিনাখন ৰাজসভাত বহাৰ লগে লগেই ৰজাৰ কাণ খজুৱাবলৈ ধৰিলে। খজুৱতিত ৰ’ব নোৱাৰি তেওঁ মন্ত্ৰীবৰক নিৰ্দেশ দিলে – মোৰ কণামাকৰি উলিওৱাৰ ব্যৱস্থা তুৰন্তে কৰা যাওক। নিৰ্দেশ পাই মন্ত্ৰীবৰে ভিতৰলৈ লৰ ধৰিলে আৰু পিছে পিছে আগ বাঢ়িল মহাৰাজ। গতিকে সেইদিনাও একো নহ’ল। তাৰ পিছৰদিনা ঠিকঠাক ৰাজসভা বহিল আৰু অপৰাধীক সন্মুখত লৈ বিচাৰ প্ৰক্ৰিয়াও সুকলমে আগ বাঢ়িবলৈ ধৰিলে। কিন্তু হ’লে কি হ’ব, হঠাতে নাকটো নিকটাই ৰজাই ক্ৰোধান্বিত হৈ চিঞৰিবলৈ ধৰিলে – কাৰ গুহ্যদ্বাৰৰপৰা নিৰ্গত হৈ আহিছে এনে অসহনীয় ঘ্ৰাণ?! ৰজাৰ গৰ্জনত ৰাজসভা নিজম পৰিল। গম পোৱা গ’ল যে ঘ্ৰাণটো পাৰিষদবৰ্গৰ মাজৰপৰাই আহিছে। কিন্তু কথাটো কোনেও সৈ নাকাঢ়িলে, বৰং সকলোৱেই অপৰাধীৰ পিনেই আঙুলি টোঁৱালে। ৰজাই একো উৱাদিহ নাপাই ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰিলে আৰু তাৰ দায়িত্ব প্ৰধান সেনাপতিৰ ওপৰত অৰ্পণ কৰিলে। এনেবোৰ খেলিমেলিৰ বাবে সেইদিনা বিচাৰ সিমানতে অন্ত পৰিল। পাছত গম পোৱা গ’ল যে তদন্তত অপৰাধীকে দোষী সাব্যস্ত কৰা হ’ল, আৰু ৰাজসভাত পদাৰ দৰে এটা ভয়ংকৰ অপৰাধৰ বাবে তাৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ আন এটা গোচৰ ৰুজু কৰা হ’ল।

এনেকৈ দিনবিলাক বাগৰি গৈ থাকিল আৰু বিচাৰ চলি থাকিল। দুৰ্ধৰ্ষ অপৰাধীটো বছৰৰ পাছত বছৰ ধৰি কাৰাগাৰত পচি থাকিল।‌কিন্তু তাৰ বাবে ৰজা জগৰীয়া নহয়। তাৰ বাবে জগৰীয়া হ’ল অভিশাপ। অপৰাধীটোৰ ওপৰত আছে ইন্দ্ৰ দেৱতাৰ অভিশাপ – অনন্ত কাললৈ সি কাৰাগাৰৰ কয়দী হৈয়েই থাকিব লাগিব। এই অভিশাপৰপৰা মুক্তিৰ মাত্ৰ এটাই উপায় আছে। সেইটো হ’ল, অপৰাধীটোৱে ৰজাৰ মূৰত হাত এখন থ’ব লাগিব – হাতখন থোৱাৰ লগে লগেই ৰজা জ্বলি ভস্ম হৈ যাব, আৰু এনেকৈয়ে সি মুক্তি লাভ কৰিব। এই অভিশাপৰ কথা অপৰাধীটোৱেও জানে, ৰজায়ো জানে আৰু প্ৰজাগণেও জানে। কিন্তু কোনেও নাজানে – কেনেকৈ আৰু কেতিয়া সি ৰজাৰ মূৰত হাতখন থ’বগৈ পাৰিব নে কাহানিও নোৱাৰিব। এদিন-দুদিন কৰি কাৰাগাৰত তাৰ দিনবোৰ পাৰ হৈ যাবলৈ ধৰিলে, আৰু অভিশপ্ত কয়দী বুলি তাৰ নাম দেশে-বিদেশে বিয়পি পৰিবলৈ ধৰিলে।

তাৰ পাছত কি হ’ল? অভিশপ্ত কয়দীয়ে মুক্তি পালেনে? সঁচাকৈয়ে তাৰ হাতৰ স্পৰ্শত ৰজা জ্বলি ভস্ম হ’লনে? . . . . . .

মোৰ আইতাই মৃত্যুশয্যাত পৰি থাকোতে মোক কাষতে বহাই লৈ এই সাধুটো শুনাইছিল। কিন্তু অতিকে দুখৰ বিষয় যে সাধুটো শেষ হ’বলৈ নৌ পাওঁতেই আইতাই চিৰকাললৈ চকু মুদিলে। এই কথা ভাবিলে আজিও মোৰ শোকে খুন্দা মাৰি ধৰে। আজিও মনত পৰিলে মনটোৱে হাহাকাৰ কৰি উঠে উত্তৰ বিচাৰি – তাৰ পাছত কি হ’ল, তাৰ পাছত?!

(০৯-১২-২০২০)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি
One comment on “অভিশপ্ত কয়দী : এটা আধৰুৱা সাধুকথা

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: