অৱশেষত কোটি কোটি ভাৰতীয়ই অতি আগ্ৰহ আৰু অধৈৰ্যৰে বাট চাই থকা কামটোৰ শুভাৰম্ভ হ’ল। ৰাম মন্দিৰৰ ভূমি পূজন হৈ গ’ল। ইয়াৰ বাবেই আমি কিমানটা দশক, আচলতে কিমানটা শতিকা অপেক্ষা কৰি আছিলো। ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিয়েই হ’ল হিন্দু। ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে, হিন্দু-মুছলিম-খ্ৰিষ্টিয়ান-শিখ যিকোনো হ’ব পাৰে। কিন্তু প্ৰতিজন ব্যক্তিয়েই হ’ল সাংস্কৃতিকভাৱে হিন্দু – প্ৰতিজন ব্যক্তিৰ হৃদয়তেই লুকাই আছে ৰাম। আৰু এই প্ৰতিজন ব্যক্তিয়েই সপোন দেখে এটা ৰাম মন্দিৰৰ। এটা ৰাষ্ট্ৰীয় ৰাম মন্দিৰ, এটা চৰকাৰী ৰাম মন্দিৰ – এটা সকলোৰে আপোন গণতান্ত্ৰিক, ছেকুলাৰ আৰু সমাজবাদী ৰাম মন্দিৰ। সেই সপোন আজি সাৰ্থক হোৱাৰ পথত। গতিকে কোটি কোটি ভাৰতীয়ৰ বুকু আজি গৰ্বত ফুলি উঠিছে। এমুঠিমান যেনিবা হিন্দুবিদ্বেষী আছে যি ভাৰততে থাকিও ভাৰতকে ঘৃণা কৰে – ভাৰতত ঘটে ধনটো, পাকিস্তানলৈ মনটো। এই এণ্টিনেচনেলবিলাকৰ ছেণ্টি ফালি থকাই কাম। ইহঁতক বাদ দিলে আজি কোনেও বেয়া পোৱা নাই। বেয়া পোৱাৰ প্ৰশ্নই নুঠে, জনসাধাৰণে আজি প্ৰাণ খুলি ফূৰ্তি কৰিছে। কাৰণ তেওঁলোকৰ বাবে ইমান ডাঙৰ প্ৰাপ্তি আৰু ইমান ডাঙৰ বিজয় ইয়াৰ আগতে কেতিয়াও ঘটা নাছিল। মোৰ মানৱতাবাদী মনটোও আজি অনিৰ্বচনীয় আনন্দৰে ভৰি পৰিছে। এই ঐতিহাসিক মুহূৰ্তটোত মই অনুভৱ কৰিব পাৰিছো মানুহ হোৱাৰ গৌৰৱ, ভাৰতীয়ত্বৰ চৰম উপলব্ধি।
মই হ’লো এজন মানৱতাবাদী ব্যক্তি। মানৱতাই মোৰ ধৰ্ম। সকলো মানুহৰে কল্যাণ কামনা কৰো। সকলো জাতিৰ, সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহক মই সমানে ভাল পাওঁ। হত্যা-হিংসা-বিদ্বেষ-ঘৃণাক মই পছন্দ নকৰো। সাম্প্ৰদায়িকতা আৰু মৌলবাদক মই তীব্ৰভাৱে ঘৃণা কৰো। স্বাধীনতা, সমতা, সম্প্ৰীতিৰ আদৰ্শত মোৰ অগাধ বিশ্বাস। আৰু সেইবাবেই মই ৰামক বিশ্বাস কৰো, কল্পনা কৰো ৰামৰাজ্যৰ। সেইবাবেই মই অনুভৱ কৰো যে কেৱল ৰাম মন্দিৰৰ নিৰ্মাণেহে ভাৰতত সূচনা কৰিব পাৰিব নৱযুগৰ।
স্বাধীনতাৰ পিছৰেপৰা আমি যুগ যুগ ধৰি দেখি আহিলো ভণ্ড ছেকুলাৰবাদৰ উৎপাত। প্ৰথমবাৰৰ বাবে মোডীজীৰ শাসনকালত আমি বুজিবলৈ সক্ষম হ’লো ছেকুলাৰবাদ কি, প্ৰকৃত ছেকুলাৰবাদ কাক কয়। মই অনুভৱ কৰো যে ৰাম মন্দিৰৰ নিৰ্মাণে প্ৰকৃত ছেকুলাৰবাদৰ ভেঁটিটো গজগজীয়াকৈ প্ৰতিষ্ঠা কৰিব। হিন্দু-মুছলিমৰ সংঘাত-সংঘৰ্ষ আমি বহুত সহ্য কৰিলো। ৰাম মন্দিৰৰ জৰিয়তে এই সমস্যাৰ এটা চিৰস্থায়ী সমাধান হ’ব বুলি আশা কৰিব পাৰি। কেৱল হিন্দু-মুছলিমেই কিয়, ৰাম মন্দিৰ হৈ উঠক সকলো ধৰ্মৰ মানুহৰ মিলন আৰু সমন্বয়ৰ কেন্দ্ৰবিন্দু। আনহাতে, সকলো মানুহ এক আৰু সমান বুলি পৰিগণিত হোৱাটোকেই সমাজবাদ আখ্যা দিয়া হয়। গান্ধীজীয়ে আমাক এই কথাটোকে শিকাই গৈছে। আনকি বাঁওপন্থীসকলৰ গুৰু কাৰ্ল মাৰ্ক্সেও সকলো মানুহৰ সমতাৰ কথাই কৈছে। বাঁওপন্থীসকলক বেয়া পালেও এই কথাটো স্বীকাৰ কৰিবলৈ কৃপণালি নকৰো – মই উদাৰতাবাদত বিশ্বাসী মানুহ। মই অনুভৱ কৰো যে ৰাম মন্দিৰৰ জৰিয়তেহে ভাৰতত সমাজবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ – পশ্চিমীয়াধৰণৰ বিপ্লৱ ইয়াত নচলে। প্ৰতিজন ভাৰতীয়ই ৰামভক্ত – এই সাৰ্বজনীন ৰামভক্তিয়ে এক অভূতপূৰ্ব আৰু শক্তিশালী ঐক্যৰ সূচনা কৰিব, যিটো সমাজবাদৰ প্ৰধান বৈশিষ্ট্য। তদুপৰি উচ্চ-নীচ, ধনী-দুখীয়া সকলো ব্যক্তিয়েই ৰামভক্ত হিচাপে সমান – এখন বৈষম্যহীন সমাজৰ সপোন এনে ৰামভক্তিৰ মাজেৰেহে সম্ভৱ। ভাৰতক ইতিমধ্যেই পৃথিৱীৰ প্ৰায়বিলাক দেশে বিশ্বগুৰু হিচাপে স্বীকাৰ কৰি লৈছে। ৰাম মন্দিৰৰ নিৰ্মাণে এই স্থান অধিক মহীয়ান কৰি তুলিব। আনহাতে, তাৎক্ষণিকভাৱেও ৰাম মন্দিৰে সৃষ্টি কৰা প্ৰচুৰ মনোবলে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখনক বিশেষভাৱে সহায় কৰিব। ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত মানুহৰ মানসিক শক্তি এটা ডাঙৰ কাৰক হ’ব পাৰে বুলি চিকিৎসাবিজ্ঞানে কৈছে। তেনেহ’লে এইমুহূৰ্তত ভাৰতীয় জনসাধাৰণৰ বাবে ৰাম মন্দিৰতকৈ শক্তিশালী প্ৰেৰণা আৰু কি হ’ব পাৰে?
ৰাম মন্দিৰে সূচনা কৰা ঐতিহাসিক পৰিবৰ্তনৰ বাটত বাধা দিয়া একমাত্ৰ শক্তিটো হ’ল বাঁওপন্থীবিলাক। (পাপ্পু আৰু কংগ্ৰেছৰ কথা ক’বলগা একোৱেই নাই – অস্তিত্ব থাকিলেহে ক’ম?) ইহঁতৰ অভিযোগ আৰু হুলস্থূলৰ অন্ত নাই। কিবা বোলেনে ফেচিবাদ নে কেঁচিবাদ নে ফেঁচাবাদ এটাৰ কথা ইহঁতে অনবৰতে কৈ থাকে। মইতো সেইটোক ফচিবাদ বা ফাঁচিবাদ বুলিহে কওঁ – কাৰণ যিয়েই সেইটোৰ কথা কয় সিয়েই ফচি মৰে, তাৰ ডিঙিতেই ফাঁচি ওলমে। তথাপিও ইহঁতৰ ইজ্জত নাই। জে’ললৈ যাবলৈ ইহঁতৰ মনবোৰ উচপিচাই থাকে কিজানি। ভাৰতীয় জনসাধাৰণৰ ৰামভক্তিৰ কথা কোনোবাদিনা ইহঁতে বুজিবলৈ চেষ্টা কৰিলেনে? খালী পশ্চিমীয়া জাবৰ থিয়’ৰি এগাল মূৰত ভৰাই লৈ উল্টা-পুল্টা বলকি থাকিলেই নচলে নহয়। আচলতে ইহঁতক লৈ বৰ চিন্তা কৰিবলগীয়া নাছিল – কেইটানো বাঁওপন্থী আছে, কিছু বছৰত মৰি-হাজি শেষ হ’ব। কিন্তু ইহঁতে নতুন নতুন ল’ৰা-ছোৱালীবোৰক দেশদ্ৰোহী কথা শিকাই নষ্ট কৰে বুলিহে। কথাতে কয় নহয় – বাঁওপন্থীৰ ঘৰৰ বোন্দায়ো লাল চালাম দিয়ে, মেও মেও নকৈ মাও মাওহে কয়। সেইকাৰণে ইহঁতক ভালকৈ এসেকা দিয়াৰ সময় আহি পৰিছে। ৰাম মন্দিৰৰ ভূমি পূজন দেখি অৱশ্যে ইহঁতৰ অৱস্থা বেয়া হ’লেই – কান্দি-কাতি লেবেজান হওঁ হওঁ।
৩৭০ গ’ল, তিন তালাক গ’ল, এতিয়া ৰাম মন্দিৰ আহিল। মাত্ৰ ইউনিফৰ্ম চিভিল ক’ডটোহে বাকী আছেগৈ। সংখ্যালঘুৰ তোষণ আৰু পাকিস্তানপ্ৰীতিৰ ওপৰত টিকি থকা ভণ্ড ছেকুলাৰবাদ ইতিমধ্যে ধূলিসাৎ হৈ গৈছে। তাৰ সমাধিৰ ওপৰতেই গঢ় লৈ উঠিব নতুন ভাৰতৰ ছেকুলাৰবাদ আৰু মানৱতাবাদৰ সুউচ্চ সৌধ।
মই সকলোধৰণৰ সাম্প্ৰদায়িকতা আৰু মৌলবাদৰ বিৰোধিতা কৰো। মই বেয়া পাওঁ সংকীৰ্ণ ৰাজনীতি কৰাসকলক, বিভাজনৰ পৃষ্ঠপোষকতা কৰাসকলক। মই কেৱল মানুহক ভাল পাওঁ। মই কাণ পাতি শুনিব খোজো কেৱল মানুহৰ গান। আৰু সেইবাবেই মই নিজৰ মাজতে সগৰ্বে চিয়ঁৰি উঠো –
জয় শ্ৰীৰাম।
ভাৰত মাতা কী জয়।
অৱশ্যে ৰাজহুৱা ঠাইত সেইবুলি চিয়ঁৰিবলৈ বেয়া লাগে। কাৰণ মানৱতাবাদী মানুহতো, অলপ গহীন-গম্ভীৰ হৈ থাকিলে ভাল।
(ৰচনাকাল : ০৬-০৮-২০২০)
(পাঠকৰ বাবে সতৰ্কবাণী : চিন্তাহীন আৰু দেশদ্ৰোহী মন্তব্য তথা ব্যাখ্যা আগ নবঢ়াবৰ বাবে সকলোকে অনুৰোধ জনালো। তৎসত্ত্বেও যদি কোনোৱে তেনে মন্তব্য বা ব্যাখ্যা আগ বঢ়ায়, তেন্তে তাৰ বাবে এই লেখক দায়ী নহয়।)
Leave a Reply