মাদানীয়ে আমাক কি শিক্ষা দিলে?

জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে : সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী সাব্যস্ত কৰিব পৰা যাব। কথাখিনি ঘাইকৈ বৰ্ণনাত্মক আৰু ভৱিষ্যৎবাণীমূলকহে – এন আৰ চিৰপৰা ইমানখিনি মানুহ এনেধৰণে বাদ দিলে ভৱিষ্যতে এনেধৰণৰ অৰাজক পৰিস্থিতি হ’ব পাৰে, ইত্যাদি ইত্যাদি। কথাখিনিৰ কিছু পৰিমাণে চৰকাৰী ভাষ্যৰ লগতো মিল আছে, কিয়নো অসম চৰকাৰৰ তৰফৰপৰা এক অৰাজক পৰিস্থিতি সৃষ্টিৰ সম্ভাৱনাৰ কথা বাৰংবাৰ কৈ অহা হৈছে আৰু তাৰ বাবে সেনাবাহিনী মোতায়েন কৰাৰ কথাও কোৱা হৈছে। সি যি নহওক, এটা কথা নিশ্চিত হৈ পৰিছে যে দিল্লী একচন কমিটি ফৰ আছামে অনুষ্ঠিত কৰা অনুষ্ঠানটোক মাদানীয়ে বহু পৰিমাণে নিজৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল – বিতৰ্কিত কথা কোৱাৰপৰা কমিটিখনৰ হৈ আইনবিৰুদ্ধভাৱে নিমন্ত্ৰণী পত্ৰ আদি প্ৰচাৰ কৰালৈকে। এয়া সম্ভৱ হ’ল কমিটিখনৰ কাৰ্যকৰ্তাৰ দুৰ্বলতা তথা অসচেতনতাৰ বাবে। কাৰ্যকৰ্তাসকলৰ সদিচ্ছা আৰু আদৰ্শগত নিষ্ঠাক লৈ সন্দেহ ৰখাৰ কোনো থল আমি দেখা নাই। কিন্তু এয়া তেওঁলোকৰ ৰাজনৈতিক অপৰিপক্বতাৰ পৰিচায়ক। মাদানীৰ নিচিনা লোকে তেনেকুৱা অনুষ্ঠান এটাক ব্যৱহাৰ কৰিব বিচৰাটোত আচৰিত হ’বলগীয়া একো নাই। আৰু ৰাজনৈতিক কৰ্ম এটাত অমুকে আমাক এনেকৈ ব্যৱহাৰ কৰিলে বুলি কৈও বৰ লাভ নাই – কাৰণ সেইটোৱেইতো ৰাজনীতি। ধূৰ্ত লোকে চান্স পালে ব্যৱহাৰ কৰিবই। গণতান্ত্ৰিক-প্ৰগতিশীল ৰাজনীতি কৰিবলৈ যোৱা লোকে এই কথাটো নুবুজাটো দুখজনক। (আমি এই কথাখিনি ঘটনাৰাজিৰ সম্পূৰ্ণ ডিটেইলছ জানি-শুনিয়েই কৈছো।)

কিন্তু এই ঘটনাৰ গোটেই মাধমাৰটো পৰিল অসমৰপৰা যোৱা হীৰেন গোহাঁইকে আদি কৰি বুদ্ধিজীৱী-সাংবাদিককেইজনৰ ওপৰত। সাম্প্ৰতিক অসমৰ উন্মাদনাপূৰ্ণ জাতীয়তাবাদী পৰিবেশত মাদানী আৰু অসমৰ সংশ্লিষ্টকেইজনৰ বিৰুদ্ধে আৱেগৰ জুই জ্বলাই দিয়া হ’ল – যাৰ নেতৃত্ব বহন কৰিলে কেইবাটাও মেডিয়া গোষ্ঠীয়ে। এই পৰিবেশত এইটো আচৰিত হ’বলগীয়া নহয় যে গোহাঁইহঁতৰ বিৰুদ্ধে হুলস্থূল লগোৱা উন্মত্ত জাতীয়তাবাদীহঁতৰ বাবে মাদানীৰ নিচিনা দূৰৰ ধৰ্ম ব্যৱসায়ীজনৰ প্ৰতিটো কথাই মূল্যৱান আৰু বিশ্বাসযোগ্য, কিন্তু অসমৰ বুদ্ধিজীৱী-সাংবাদিককেইজনৰ কথাৰ বা তেওঁলোকৰ দীৰ্ঘদিনীয়া কৰ্মৰাজিৰ কোনো মূল্য নাই। গতিকে হিন্দুত্ববাদী শক্তিসমূহে যিটো ইমান দিনে বিচাৰি আছিল আৰু প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল সেইটো তেনেই সহজতে মাদানীৰ সহায়ত প্ৰমাণ হৈ গ’ল। সেইটো হ’ল : গণতান্ত্ৰিক-প্ৰগতিশীল মানুহবিলাকে কেৱল হিন্দুত্ববাদকহে বেয়া পায়, মুছলমান সাম্প্ৰদায়িকতাক নহয়; তেওঁলোকে বাহিৰতহে প্ৰগতিশীল ছেলাই ডাঙৰ ডাঙৰ কথা কৈ থাকে, আচল ধাণ্ডা তেওঁলোকৰ বেলেগ; আচল ধাণ্ডাটো হ’ল মুছলমান সাম্প্ৰদায়িকতাৰ হৈ দালালি কৰা। এইটো কথা প্ৰমাণ কৰাটো আজিকালিৰ কথা নহয়, হিন্দুত্ববাদী শিবিৰৰ দীৰ্ঘদিনীয়া আঁচনি। গতিকে মাদানীয়ে একপ্ৰকাৰ অৱতাৰৰ দৰে আহি হিন্দুত্ববাদী শিবিৰক অধিক কষ্টৰপৰা ৰেহাই দিলেহি। তেনেকুৱা এজন মাদানীৰ প্ৰতি হিন্দুত্ববাদী শিবিৰৰ ভিতৰি কোনো খং-ৰাগ নথকাই স্বাভাৱিক, বৰং মনে মনে তেওঁলোকে নিশ্চয় কৃতজ্ঞ বোধ কৰিছে। আচল উদ্দেশ্য হ’ল হীৰেন গোহাঁইহঁতক লেকাম লগাব লাগে। তাৰ বাবে ইতিমধ্যে বিভিন্ন আঁচনি তথা আইনী ব্যৱস্থা হাতত লোৱা হৈছে। কেৱল সেইকেইজন ব্যক্তিয়েই নহয়, সকলো গণতান্ত্ৰিক-প্ৰগতিশীল ব্যক্তি তথা সংগঠনৰ কণ্ঠৰুদ্ধ কৰাই হিন্দুত্ববাদী শক্তিসমূহৰ উদ্দেশ্য, যাতে সিবিলাকে নিজৰ সংবিধানবিৰোধী আৰু গণবিৰোধী কাৰ্যকলাপ বিনা বাধাই চলাই যাব পাৰে। হিন্দুত্ববাদী শক্তিসমূহৰ এই কুটিল ষড়যন্ত্ৰক লৈ কোনো সন্দেহৰ থল নাই। গতিকে এই মুহূৰ্তত প্ৰতিজন গণতান্ত্ৰিক-প্ৰগতিশীল ব্যক্তিয়েই এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সজোৰে থিয় দিয়াটো জৰুৰী হৈ পৰিছে।

ঘটনাৰাজিৰ লগত জড়িত তাৎক্ষণিক প্ৰশ্নটো হ’ল এন আৰ চি। এই কথাত আমি সকলোটি একমত যে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হ’ব লাগে য’ত প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব আৰু এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহ’ব (অসম চুক্তিৰ ভিত্তিত)। অসমৰ থলুৱা মানুহৰ অস্তিত্বজনিত সংকটৰ যি ভয়ে যোৱা বহু দশকৰ অসমৰ ৰাজনীতিক ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই ভাৰ খহোৱাৰ ঐতিহাসিক প্ৰক্ৰিয়াত এন আৰ চিয়ে এটা মূল্যৱান ভূমিকা পালন কৰিব পাৰে। হাস্যকৰ কথা এইটোৱেই যে যিকেইজন ব্যক্তিয়ে বা যিসমূহ শিবিৰে ইয়াক জোৰদাৰভাৱে সমৰ্থন কৰে আৰু ইয়াৰ সপক্ষত জনমত সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছে, তেওঁলোককে এতিয়া ইয়াৰ বিৰোধী তথা বিশ্বাসঘাতক বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে। আনহাতে, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াকে আদি কৰি বিভিন্ন উপায়েৰে এন আৰ চিৰ বিৰুদ্ধে যিবিলাক শক্তিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে, সেইসকলে ইয়াৰ কৃতিত্ব অৰ্জন কৰিব বিচাৰিছে। গতিকে এন আৰ চিৰ সৰ্বজনকাম্য উদ্দেশ্যক নস্যাৎ কৰি যিবিলাক শক্তিয়ে নিজৰ দীৰ্ঘম্যাদী ৰাজনৈতিক অভীষ্ট সিদ্ধি কৰিব খুজিছে, সেই শক্তিবিলাক ৰাইজে স্পষ্টভাৱে চিনি লোৱা উচিত।

ঘটনাৰাজিৰ সৈতে জড়িত এটা বহল ৰাজনৈতিক প্ৰশ্ন হ’ল সংখ্যালঘু ধৰ্মীয় ৰাজনীতিৰ প্ৰশ্ন। এটা কথা ঠিক যে গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰত এতিয়াও কিছু লোক আছে সংখ্যালঘু সমাজৰ ধৰ্মীয় ৰাজনীতি তথা সাম্প্ৰদায়িকতাৰ প্ৰতি যিসকলৰ মনোভাব উদাসীন আৰু কেজুৱেল ধৰণৰ। কিন্তু ইয়াৰ আঁৰত হিন্দুত্ববাদী শিবিৰে প্ৰচাৰ কৰাৰ নিচিনাকৈ কোনো ধাণ্ডাবাজি নাই। ইয়াৰ কিছু ঐতিহাসিক কাৰণ আছে। আচলতে বহল সামাজিক কল্যাণৰদ্বাৰাই এই মনোভাব পোনতে পৰিচালিত হৈছিল। সংখ্যালঘু মুছলমান সমাজখন ঘাইকৈ এখন সামাজিকভাৱে পশ্চাদপদ আৰু স্বপৰিচয়ক লৈ সংশয়গ্ৰস্ত সমাজ। গতিকে সংখ্যাগুৰু হিন্দু সমাজখনৰ নিচিনাকৈ তাৰ ওপৰত সামাজিক সংস্কাৰ জোৰ-জবৰদস্তিকৈ কেতিয়াও জাপি দিয়া হোৱা নাছিল। নেহৰুৰ দিনৰপৰাই ভবা হৈছিল যে মুছলমান সমাজখন ‘লাহে লাহে’ সংস্কাৰৰ প্ৰতি সাজু হৈ উঠিব, জোৰ-জবৰদস্তি কৰিলে তেওঁলোক ভীতিগ্ৰস্ত হ’ব আৰু হিতে বিপৰীত হ’ব। মুছলমান সমাজখনে নিজেও সামাজিক সংস্কাৰ প্ৰচেষ্টাক বহুলাংশে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল। এনে কাৰণতে বহল মুছলমান সমাজখন তুলনামূলকভাৱে অধিক ধৰ্মপৰায়ণ আৰু কুসংস্কাৰাচ্ছন্ন হৈয়ে থাকি গ’ল। কিন্তু ‘লাহে লাহে’ দৃষ্টিভংগীটোও বিভিন্ন শিবিৰৰ মাজত থাকি গ’ল। গতিকে গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰৰ একাংশৰ মাজত মুছলমান সমাজৰ ধৰ্মান্ধতা তথা ধৰ্মীয় ৰাজনীতিৰ প্ৰতি থকা কুহুমীয়া মনোভাবৰ কাৰণ হ’ল এই ‘লাহে লাহে’ হ’বলগা সংস্কাৰৰ ধাৰণা, আৰু লগতে নিপীড়িত-অৱহেলিত গোষ্ঠীটোৰ প্ৰতি থকা কোমল ভাব। কিন্তু এতিয়া দেশৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি বেলেগ হ’ল। হিন্দু জাতীয়তাবাদৰ আধিপত্য প্ৰতিষ্ঠা হোৱা সাম্প্ৰতিক সময়ত এনে মনোভাব অচল আৰু সমস্যাজনক হৈ পৰিল। ‘লাহে লাহে’ হ’বলগা বিকাশৰ ধাৰণাক পোষকতা কৰা ৰাষ্ট্ৰব্যৱস্থাটো এতিয়া ইতিহাসত বিলীন হৈ গ’ল, তাৰ ঠাইত আহিল এক আগ্ৰাসী হিন্দুত্ববিঢৌত ৰাষ্ট্ৰব্যৱস্থা য’ত ৰাষ্ট্ৰৰ ছেকুলাৰ সঁজুলি আৰু প্ৰমূল্যবিলাকক হিন্দুত্বৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ল। এনে অৱস্থাত সংখ্যালঘু ধৰ্মীয় ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিল। এইটো আদৰ্শগতভাৱে যিমান প্ৰয়োজনীয়, ৰণকৌশলৰ দিশৰপৰা তাতকৈ বেছি প্ৰয়োজনীয়। কেৱল মাদানীয়েই নহয়, সেইধৰণৰ প্ৰতিজন ধৰ্ম ব্যৱসায়ীকে মুছলমান সমাজে সামাজিকভাৱে উৎখাত কৰা উচিত। মুছলমান সমাজৰ ভিতৰৰপৰা এক সামাজিক আন্দোলন আৰম্ভ কৰা দৰকাৰ – যিটোৱে ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ ঠিকাদাৰসকলক সামাজিক-ৰাজনৈতিকভাৱে পৰাভূত কৰিব পাৰিব। ইয়াৰ নেতৃত্ব নিশ্চয়কৈ নতুন প্ৰজন্মৰ গণতান্ত্ৰিক-প্ৰগতিশীল মুছলমান যুৱক-যুৱতীয়েই ল’ব লাগিব। এয়া সহজে আৰু তৎক্ষণাতে কৰা কাম নহয়, এয়া এক দীৰ্ঘম্যাদী আৰু কণ্টকাকীৰ্ণ প্ৰক্ৰিয়া। কিন্তু আমাৰ দৃষ্টিত ইয়াৰ কোনো বিকল্প নাই। সি যি নহওক, এইখিনিতে প্ৰশ্ন হ’ব পাৰে যে আমাৰ আলোচ্য মাদানী-কেন্দ্ৰিক বিষয়টোৰ সৈতে ইয়াৰ সম্পৰ্কটো কেনেধৰণৰ। প্ৰথমতে, মুছলমান সমাজৰ সংস্কাৰ হিন্দুত্ববাদৰ প্ৰধান এটা ঘোষিত উদ্দেশ্য৷ (যেনে ধৰক, তিনি তালাক উঠাই দিয়াৰ প্ৰসংগ।) আনহাতে, মুছলমান সমাজৰ আপেক্ষিক ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিয়েই মূল কাৰণ যাৰ বাবে তেওঁলোকক ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সংগঠিত গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিৰ অভাৱ – সেয়ে প্ৰতিনিধিত্ব আহি পৰে ধৰ্মৰ ধ্বজাধাৰীসকলৰ হাতত। হিন্দু জাতীয়তাবাদেও তেওঁলোককেই গ্ৰহণ কৰে মুছলমান সমাজৰ প্ৰতিনিধি বুলি৷ গতিকে প্ৰতিনিধিত্বকৰণৰ এই প্ৰশ্নটো এটা কেন্দ্ৰীয় প্ৰশ্ন৷ ৰাষ্ট্ৰ আৰু শাসক শ্ৰেণীৰদ্বাৰা প্ৰধানকৈ সমৰ্থিত হোৱাহেঁতেনহে সংখ্যালঘু সাম্প্ৰদায়িকতা বিপদজনক হ’লহেঁতেন – কিছু লোকে এনেধৰণে ভাবে যদিও আমাৰ মতে সেয়া শুদ্ধ নহয়৷ সংখ্যালঘু সাম্প্ৰদায়িকতাৰ প্ৰতি আঙুলি টোঁৱায়েই হিন্দুত্ববাদে আগ্ৰাসন চলায়, আৰু সংখ্যালঘু সমাজৰ প্ৰতিনিধিৰূপে ধৰ্মৰ ধ্বজাধাৰীসকলক ধৰি ৰখাটো হিন্দুত্ববাদৰ এটা প্ৰধান অৱলম্বন৷ গতিকে বাহিৰত হিন্দুত্ববাদৰ সৈতে যুঁজিলেই কেৱল নহ’ব, ভিতৰৰপৰা সংখ্যালঘু সমাজৰ প্ৰতিনিধিত্বকৰণৰ প্ৰশ্নটো মীমাংসা কৰিব লাগিব৷ সেইবাবেই মাদানীৰ সৈতে এই প্ৰশ্নবিলাকৰ সম্পৰ্ক৷ সি যি নহওক, মুছলমান সমাজৰ ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ প্ৰতি গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰে এক স্পষ্ট আৰু কঠোৰ মতাদৰ্শগত আৰু ৰণকৌশলগত দৃষ্টিভংগী বিকশিত কৰাটো জৰুৰী। উদাসীনতা আৰু কেজুৱেল মনোভাবে সমস্যা কমাওক ছাৰি বঢ়াবহে, আৰু আগ্ৰাসী হিন্দুত্ববাদী শিবিৰেও সেই সুৰুঙাটোকে খুঁচৰি ফুৰে।

শেষত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে একাষাৰ। আমাৰ ভাব হৈছে যে অসমত এতিয়া তাহানিৰ অসম আন্দোলনৰ পৰিস্থিতি পুনৰ সৃষ্টি কৰিবলৈ জাতীয়তাবাদী-হিন্দুত্ববাদী শক্তিবিলাকে চেষ্টা কৰি আছে। হাতত জাতীয়তাবাদী লাইচেন্সখন থাকিলে আপুনি এতিয়া যিকোনো সমাজবিৰোধী আৰু গণবিৰোধী কাম অনায়াসে কৰিব পাৰে। আইন-আদালতৰো কোনো কথা নাই। শেহতীয়াকৈ ‘অসমীয়াগিৰি’ বোলা বস্তু এটাও ওলাইছে। সাম্প্ৰতিক কালত অসমীয়া জাতীয়তাবাদৰ যিসমূহ দাবীক ন্যায্য আৰু মৌলিক দাবী বুলি স্বীকাৰ কৰি লোৱা হয়, সেইসমূহৰ ক্ষেত্ৰত অসমীয়াগিৰি কৰাবিলাকৰ স্পষ্ট আৰু বলিষ্ঠ স্থিতি দেখা নাযায়। অসমীয়াগিৰি কৰাবিলাকে যে কেতিয়াও লাঠিৰ কোব খাব নালাগে আৰু জে’ললৈ যাব নালাগে, সেইটোৱেই ইয়াৰ পৰোক্ষ প্ৰমাণ। এই ‘গিৰি’টোৱে আন যাৰ বিৰুদ্ধেই নাযাওক লাগিলে, হিন্দুত্ববাদী শক্তিসমূহৰ বিৰুদ্ধে যে কেতিয়াও থিয় নিদিয়ে সেইটো খাটাং কথা। নিজৰ মৰ্জি মতে ‘সন্দেহযুক্ত’ দুখীয়া মুছলমানৰ ঘৰ ভঙা বা জ্বলোৱাৰ জৰিয়তে কোনো ‘গিৰি’য়েই ৰক্ষা নপৰে, দাদাগিৰিৰ বাদে। আচল কথা হ’ল, এতিয়া অসমীয়া জাতীয়তাবাদক হিন্দু জাতীয়তাবাদে একপ্ৰকাৰ গ্ৰাস কৰি পেলাইছে। অসমীয়া জাতীয়তাবাদৰ মাজত কিছু সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদান আগৰেপৰাই আছিল : এতিয়া সেইসমূহ মূৰ দাঙি উঠিল আৰু হিন্দু জাতীয়তাবাদৰ সৈতে মিলি গ’ল। সেয়ে জাতীয়তাবাদী শক্তিসমূহৰ সৈতে হিন্দুত্ববাদী শক্তিসমূহৰ সহজ সনা-পোটোকা দেখিবলৈ পোৱা গৈছে। এতিয়া আৰু “আমাৰ অসমীয়া সমাজখন উত্তৰ ভাৰতৰ দৰে নহয়” বুলি কৈ থকাৰ দিন নাই; অসমৰ ৰাজহুৱা পৰিসৰত ইতিমধ্যে সাম্প্ৰদায়িক মেৰুকৰণ সম্পূৰ্ণ হৈ উঠিছে। মাদানী-কেন্দ্ৰিক ঘটনাটোৰ যিধৰণৰ প্ৰতিক্ৰিয়া অসমত দেখিবলৈ পোৱা গ’ল সেয়া তাৰে প্ৰমাণ। এনে প্ৰেক্ষাপটত সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ হ’লে জাতীয়তাবাদৰ এই সমস্যাবিলাকৰ প্ৰতিও সতৰ্ক আৰু সমালোচনাত্মক হ’বই লাগিব। গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে এই সত্যটো হৃদয়ংগম কৰাটো জৰুৰী হৈ পৰিছে যেন আমাৰ ভাব হয়।

(১৭-১১-২০১৭)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in সানমিহলি
3 comments on “মাদানীয়ে আমাক কি শিক্ষা দিলে?
  1. এই সম্পৰ্কীয় মাদানীৰ ভাষ্য :

    Like

  2. ‘অসমীয়া প্ৰতিদিন’ কাকতলৈ পঠাবলৈ অলপ ইফাল-সিফাল কৰাৰ পাছত হোৱা ৰূপটো ওপৰত আছে৷ ফে’চবুকত লিখা মূল প’ষ্টটো আছিল এনেধৰণৰ :

    মাদানীয়ে আমাক কি শিক্ষা দিলে?
    জিতেন বেজবৰুৱা

    জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে : সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী সাব্যস্ত কৰিব পৰা যাব। কথাখিনি ঘাইকৈ বৰ্ণনাত্মক আৰু ভৱিষ্যৎবাণীমূলকহে – এন আৰ চিৰপৰা ইমানখিনি মানুহ এনেধৰণে বাদ দিলে ভৱিষ্যতে এনেধৰণৰ অৰাজক পৰিস্থিতি হ’ব পাৰে, ইত্যাদি ইত্যাদি। কথাখিনিৰ কিছু পৰিমাণে চৰকাৰী ভাষ্যৰ লগতো মিল আছে, কিয়নো অসম চৰকাৰৰ তৰফৰপৰা এক অৰাজক পৰিস্থিতি সৃষ্টিৰ সম্ভাৱনাৰ কথা বাৰংবাৰ কৈ অহা হৈছে আৰু তাৰ বাবে সেনাবাহিনী মোতায়েন কৰাৰ কথাও কোৱা হৈছে। সি যি নহওক, এটা কথা নিশ্চিত হৈ পৰিছে যে দিল্লী একচন কমিটি ফৰ আছামে অনুষ্ঠিত কৰা অনুষ্ঠানটোক মাদানীয়ে বহু পৰিমাণে নিজৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল – বিতৰ্কিত কথা কোৱাৰপৰা কমিটিখনৰ হৈ আইনবিৰুদ্ধভাৱে নিমন্ত্ৰণী পত্ৰ আদি প্ৰচাৰ কৰালৈকে। এয়া সম্ভৱ হ’ল কমিটিখনৰ কাৰ্যকৰ্তাৰ দুৰ্বলতা তথা অসচেতনতাৰ বাবে। কাৰ্যকৰ্তাসকলৰ সদিচ্ছা আৰু আদৰ্শগত নিষ্ঠাক লৈ সন্দেহ ৰখাৰ কোনো থল আমি দেখা নাই। কিন্তু এয়া তেওঁলোকৰ ৰাজনৈতিক অপৰিপক্বতাৰ পৰিচায়ক। মাদানীৰ নিচিনা লোকে তেনেকুৱা অনুষ্ঠান এটাক ব্যৱহাৰ কৰিব বিচৰাটোত আচৰিত হ’বলগীয়া একো নাই। আৰু ৰাজনৈতিক কৰ্ম এটাত অমুকে আমাক এনেকৈ ব্যৱহাৰ কৰিলে বুলি কৈও বৰ লাভ নাই – কাৰণ সেইটোৱেইতো ৰাজনীতি। ধূৰ্ত লোকে চান্স পালে ব্যৱহাৰ কৰিবই। প্ৰগতিশীল ৰাজনীতি কৰিবলৈ যোৱা লোকে এই কথাটো নুবুজাটো দুখজনক। (আমি এই কথাখিনি ঘটনাৰাজিৰ সম্পূৰ্ণ ডিটেইলছ জানি-শুনিয়েই কৈছো।) কিন্তু এই ঘটনাৰ গোটেই মাধমাৰটো পৰিল অসমৰপৰা যোৱা হীৰেন গোহাঁইকে আদি কৰি বুদ্ধিজীৱী-সাংবাদিককেইজনৰ ওপৰত। সাম্প্ৰতিক অসমৰ উন্মাদনাপূৰ্ণ জাতীয়তাবাদী পৰিবেশত মাদানী আৰু অসমৰ সংশ্লিষ্টকেইজনৰ বিৰুদ্ধে আৱেগৰ জুই জ্বলাই দিয়া হ’ল – যাৰ নেতৃত্ব বহন কৰিলে কেইবাটাও মেডিয়া গোষ্ঠীয়ে। এই পৰিবেশত এইটো আচৰিত হ’বলগীয়া নহয় যে গোহাঁইহঁতৰ বিৰুদ্ধে হুলস্থূল লগোৱা উন্মত্ত জাতীয়তাবাদীহঁতৰ বাবে মাদানীৰ নিচিনা দূৰৰ ধৰ্ম ব্যৱসায়ীজনৰ প্ৰতিটো কথাই মূল্যৱান আৰু নিৰ্ভৰযোগ্য, কিন্তু অসমৰ বুদ্ধিজীৱী-সাংবাদিককেইজনৰ কথাৰ বা তেওঁলোকৰ দীৰ্ঘদিনীয়া কৰ্মৰাজিৰ কোনো মূল্য নাই। গতিকে হিন্দুত্ববাদী শক্তিসমূহে যিটো ইমান দিনে বিচাৰি আছিল আৰু প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল সেইটো তেনেই সহজতে মাদানীৰ সহায়ত প্ৰমাণ হৈ গ’ল। সেইটো হ’ল : প্ৰগতিশীল মানুহবিলাকে কেৱল হিন্দুত্ববাদকহে বেয়া পায়, মুছলমান সাম্প্ৰদায়িকতাক নহয়; তেওঁলোকে বাহিৰতহে প্ৰগতিশীল ছেলাই ডাঙৰ ডাঙৰ কথা কৈ থাকে, আচল ধাণ্ডা তেওঁলোকৰ বেলেগ; আচল ধাণ্ডাটো হ’ল মুছলমান সাম্প্ৰদায়িকতাৰ হৈ দালালি কৰা। এইটো কথা প্ৰমাণ কৰাটো আজিকালিৰ কথা নহয়, হিন্দুত্ববাদী শিবিৰৰ দীৰ্ঘদিনীয়া আঁচনি। গতিকে মাদানীয়ে একপ্ৰকাৰ অৱতাৰৰ দৰে আহি হিন্দুত্ববাদী শিবিৰক অধিক কষ্টৰপৰা ৰেহাই দিলেহি। তেনেকুৱা এজন মাদানীৰ প্ৰতি হিন্দুত্ববাদী শিবিৰৰ খং-ৰাগ নথকাই স্বাভাৱিক, বৰং মনে মনে তেওঁলোকে নিশ্চয় কৃতজ্ঞ বোধ কৰিছে। আচল উদ্দেশ্য হ’ল হীৰেন গোহাঁইহঁতক লেকাম লগাব লাগে। তাৰ বাবে ইতিমধ্যে বিভিন্ন আঁচনি হাতত লোৱা হৈছে।

    ঘটনাৰাজিৰ লগত জড়িত তাৎক্ষণিক প্ৰশ্নটো হ’ল এন আৰ চি। এই কথাত আমি সকলোটি একমত যে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হ’ব লাগে য’ত প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব আৰু এজনো বিদেশীৰ নাম (১৯৭১ চনৰ ভিত্তিত) অন্তৰ্ভুক্ত নহ’ব। অসমৰ থলুৱা মানুহৰ অস্তিত্বজনিত সংকটৰ যি ভয়ে যোৱা বহু দশকৰ অসমৰ ৰাজনীতিক ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই ভাৰ খহোৱাৰ ঐতিহাসিক প্ৰক্ৰিয়াত এন আৰ চিয়ে এটা মূল্যৱান ভূমিকা পালন কৰিব পাৰে। হাস্যকৰ কথা এইটোৱেই যে যিকেইজন ব্যক্তিয়ে বা যিসমূহ শিবিৰে ইয়াক জোৰদাৰভাৱে সমৰ্থন কৰে আৰু ইয়াৰ সপক্ষত জনমত সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছে, তেওঁলোককে এতিয়া ইয়াৰ বিৰোধী তথা বিশ্বাসঘাতক বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে। আনহাতে, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াকে আদি কৰি বিভিন্ন উপায়েৰে এন আৰ চিৰ বিৰুদ্ধে যিবিলাক শক্তিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে, সেইসকলে ইয়াৰ কৃতিত্ব অৰ্জন কৰিছে। আলোচ্য ঘটনাৰাজিৰ প্ৰসংগত এই কথাকেইটা চিধাচিধি ৰূপত মনত ৰখা দৰকাৰ বুলি আমাৰ ভাব হয়।

    ঘটনাৰাজিৰ সৈতে জড়িত এটা বহল ৰাজনৈতিক প্ৰশ্ন হ’ল সংখ্যালঘু সাম্প্ৰদায়িকতাৰ প্ৰশ্ন। এটা কথা ঠিক যে প্ৰগতিশীল শিবিৰত এতিয়াও কিছু লোক আছে সংখ্যালঘু সমাজৰ ধৰ্মীয় ৰাজনীতি তথা সাম্প্ৰদায়িকতাৰ প্ৰতি যিসকলৰ মনোভাব উদাসীন আৰু কেজুৱেল ধৰণৰ। কিন্তু ইয়াৰ আঁৰত হিন্দুত্ববাদী শিবিৰে প্ৰচাৰ কৰাৰ নিচিনাকৈ কোনো ধাণ্ডাবাজি নাই। ইয়াৰ কিছু ঐতিহাসিক কাৰণ আছে। আচলতে বহল সামাজিক কল্যাণৰদ্বাৰাই এই মনোভাব পোনতে পৰিচালিত হৈছিল। সংখ্যালঘু মুছলমান সমাজখন ঘাইকৈ এখন সামাজিকভাৱে পশ্চাদপদ আৰু স্বপৰিচয়ক লৈ সংশয়গ্ৰস্ত সমাজ। গতিকে সংখ্যাগুৰু হিন্দু সমাজখনৰ নিচিনাকৈ তাৰ ওপৰত সামাজিক সংস্কাৰ জোৰ-জবৰদস্তিকৈ কেতিয়াও জাপি দিয়া হোৱা নাছিল। নেহৰুৰ দিনৰপৰাই ভবা হৈছিল যে মুছলমান সমাজখন ‘লাহে লাহে’ সংস্কাৰৰ প্ৰতি সাজু হৈ উঠিব, জোৰ-জবৰদস্তি কৰিলে তেওঁলোক ভীতিগ্ৰস্ত হ’ব আৰু হিতে বিপৰীত হ’ব। মুছলমান সমাজখনে নিজেও সামাজিক সংস্কাৰ প্ৰচেষ্টাক বহুলাংশে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল। এনে কাৰণতে বহল মুছলমান সমাজখন তুলনামূলকভাৱে অধিক ধৰ্মপৰায়ণ আৰু কুসংস্কাৰাচ্ছন্ন হৈয়ে থাকি গ’ল। কিন্তু ‘লাহে লাহে’ দৃষ্টিভংগীটোও বিভিন্ন শিবিৰৰ মাজত থাকি গ’ল। গতিকে প্ৰগতিশীল শিবিৰৰ একাংশৰ মাজত মুছলমান সমাজৰ ধৰ্মান্ধতা তথা ধৰ্মীয় ৰাজনীতিৰ প্ৰতি থকা কুহুমীয়া মনোভাবৰ কাৰণ হ’ল এই ‘লাহে লাহে’ হ’বলগা সংস্কাৰৰ ধাৰণা, আৰু লগতে নিপীড়িত-অৱহেলিত গোষ্ঠীটোৰ প্ৰতি থকা কোমল ভাব। কিন্তু এতিয়া দেশৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি বেলেগ হ’ল। হিন্দু জাতীয়তাবাদৰ আধিপত্য প্ৰতিষ্ঠা হোৱা সাম্প্ৰতিক সময়ত এনে মনোভাব অচল আৰু সমস্যাজনক হৈ পৰিল। ‘লাহে লাহে’ হ’বলগা বিকাশৰ ধাৰণাক পোষকতা কৰা ৰাষ্ট্ৰব্যৱস্থাটো এতিয়া ইতিহাসত বিলীন হৈ গ’ল, তাৰ ঠাইত আহিল এক আগ্ৰাসী হিন্দুত্ববিঢৌত ৰাষ্ট্ৰব্যৱস্থা য’ত ৰাষ্ট্ৰৰ ছেকুলাৰ সঁজুলি আৰু প্ৰমূল্যবিলাকক হিন্দুত্বৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ল। এনে অৱস্থাত সংখ্যালঘু ধৰ্মীয় ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিল। এইটো আদৰ্শগতভাৱে যিমান প্ৰয়োজনীয়, ৰণকৌশলৰ দিশৰপৰা তাতকৈ বেছি প্ৰয়োজনীয়। এই বিষয়ে অন্যান্য লেখাত আমি বহলাই লিখিছো। ইয়াত চমুকৈ দুটামান বাক্যহে ক’ব খুজিছো। কেৱল মাদানীয়েই নহয়, সেইধৰণৰ প্ৰতিজন ধৰ্ম ব্যৱসায়ীকে মুছলমান সমাজে সামাজিকভাৱে উৎখাত কৰা উচিত। মুছলমান সমাজৰ ভিতৰৰপৰা এক সামাজিক আন্দোলন আৰম্ভ কৰা দৰকাৰ – যিটোৱে ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ ঠিকাদাৰসকলক সামাজিক-ৰাজনৈতিকভাৱে পৰাভূত কৰিব পাৰিব। ইয়াৰ নেতৃত্ব নিশ্চয়কৈ নতুন প্ৰজন্মৰ প্ৰগতিশীল মুছলমান যুৱক-যুৱতীয়েই ল’ব লাগিব। এয়া সহজে আৰু তৎক্ষণাতে কৰা কাম নহয়, এয়া এক দীৰ্ঘম্যাদী আৰু কণ্টকাকীৰ্ণ প্ৰক্ৰিয়া। কিন্তু আমাৰ দৃষ্টিত ইয়াৰ কোনো বিকল্প নাই। সি যি নহওক, মুছলমান সমাজৰ ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ প্ৰতি প্ৰগতিশীল শিবিৰে এক স্পষ্ট আৰু কঠোৰ মতাদৰ্শগত আৰু ৰণকৌশলগত দৃষ্টিভংগী বিকশিত কৰাটো জৰুৰী। উদাসীনতা আৰু কেজুৱেল মনোভাবে সমস্যা কমাওক ছাৰি বঢ়াবহে, আৰু আগ্ৰাসী হিন্দুত্ববাদী শিবিৰেও সেই সুৰুঙাটোকে খুঁচৰি ফুৰে।

    শেষত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে একাষাৰ। আমাৰ ভাব হৈছে যে অসমত এতিয়া তাহানিৰ অসম আন্দোলনৰ পৰিস্থিতি পুনৰ সৃষ্টি কৰিবলৈ জাতীয়তাবাদী-হিন্দুত্ববাদী শক্তিবিলাকে চেষ্টা কৰি আছে। হাতত জাতীয়তাবাদী লাইচেন্সখন থাকিলে আপুনি এতিয়া যিকোনো সমাজবিৰোধী আৰু গণবিৰোধী কাম অনায়াসে কৰিব পাৰে। আইন-আদালতৰো কোনো কথা নাই। শেহতীয়াকৈ ‘অসমীয়াগিৰি’ বোলা বস্তু এটাও ওলাইছে। সাম্প্ৰতিক কালত অসমীয়া জাতীয়তাবাদৰ যিসমূহ দাবীক ন্যায্য আৰু মৌলিক দাবী বুলি স্বীকাৰ কৰি লোৱা হয়, সেইসমূহৰ ক্ষেত্ৰত অসমীয়াগিৰি কৰাবিলাকৰ স্পষ্ট আৰু বলিষ্ঠ স্থিতি দেখা নাযায়। অসমীয়াগিৰি কৰাবিলাকে যে লাঠিৰ কোব খাব নালাগে আৰু জে’ললৈ যাব নালাগে, সেইটোৱেই ইয়াৰ পৰোক্ষ প্ৰমাণ। এই ‘গিৰি’টোৱে আন যাৰ বিৰুদ্ধেই নাযাওক লাগিলে, হিন্দুত্ববাদী শক্তিসমূহৰ বিৰুদ্ধে যে কেতিয়াও থিয় নিদিয়ে সেইটো খাটাং কথা। নিজৰ মৰ্জি মতে ‘সন্দেহযুক্ত’ দুখীয়া মুছলমানৰ ঘৰ ভঙা বা জ্বলোৱাৰ জৰিয়তে কোনো ‘গিৰি’য়েই ৰক্ষা নপৰে, দাদাগিৰিৰ বাদে। আচল কথা হ’ল, এতিয়া অসমীয়া জাতীয়তাবাদক হিন্দু জাতীয়তাবাদে গ্ৰাস কৰি পেলাইছে। অসমীয়া জাতীয়তাবাদৰ মাজত কিছু সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদান আগৰেপৰাই আছিল : এতিয়া সেইসমূহ মূৰ দাঙি উঠিল আৰু হিন্দু জাতীয়তাবাদৰ সৈতে মিলি গ’ল। সেয়ে জাতীয়তাবাদী শক্তিসমূহৰ সৈতে হিন্দুত্ববাদী শক্তিসমূহৰ সহজ সনা-পোটোকা দেখিবলৈ পোৱা গৈছে। এতিয়া আৰু “আমাৰ অসমীয়া সমাজখন উত্তৰ ভাৰতৰ দৰে নহয়” বা অমুক-তমুক কৈ থকাৰ দিন নাই; অসমৰ ৰাজহুৱা পৰিসৰত ইতিমধ্যে সাম্প্ৰদায়িক মেৰুকৰণ সম্পূৰ্ণ হৈ উঠিছে। এনে প্ৰেক্ষাপটত সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ হ’লে জাতীয়তাবাদৰ এই সমস্যাবিলাকৰ প্ৰতিও সতৰ্ক আৰু সমালোচনাত্মক হ’বই লাগিব। কেৱল জাতীয়তাবাদক ধুই-পখালি নিকা কৰাতে মনোনিবেশ নকৰি প্ৰগতিশীল শক্তিসমূহে এই সত্যটো হৃদয়ংগম কৰাটো জৰুৰী হৈ পৰিছে যেন আমাৰ ভাব হয়।
    (১৭-১১-২০১৭)

    Like

    • ২০-১১-১৭ তাৰিখৰ ‘অসমীয়া প্ৰতিদিন’ত মোৰ লেখা – (‘প্ৰসংগ : মাদানীৰ সাম্প্ৰদায়িক মন্তব্য’) ‘গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিৰ সতৰ্কতা জৰুৰী’৷

      (লেখাটো ইতিমধ্যে ফে’চবুকত দিয়া ‘মাদানীয়ে আমাক কি শিক্ষা দিলে’ লেখাৰ কিঞ্চিৎ সংশোধিত-পৰিবৰ্ধিত ৰূপ৷ লেখাৰ শিৰোনাম কাকতৰ সম্পাদকৰ৷)

      http://asomiyapratidin.in/article.php?date=20-11-2017&page=4&article=2.jpg&cid=415203#.WhIiuL1X7qA

      Like

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.