শেহতীয়া দশকসমূহত ভাৰতীয় গণতন্ত্ৰৰ কাৰ্যনিৰ্বাহক আৰু সংসদ – এই দুইটা স্তম্ভৰেই নৈতিক নিৰ্ভৰযোগ্যতা জনসাধাৰণৰ মাজত ক্ৰমাৎ হ্ৰাস পাইছে। কিন্তু তাৰ বিপৰীতে ন্যায়ালয়ৰ ওপৰত আস্থা কম-বেছি পৰিমাণে অটুট আছে। ন্যায়ালয়ে নিজেও জনসাধাৰণৰ স্বাৰ্থজড়িত বিভিন্ন বিষয়ত পোনপটীয়াভাৱে মাত মতাৰ জৰিয়তে (ধৰক, পি আই এলৰ মাধ্যমেৰে) এনে আস্থা অধিক বঢ়াই তুলিছে। এনে প্ৰেক্ষাপটত শাসকীয় শক্তিসমূহে বহু সময়ত ন্যায়ালয়ৰ কান্ধত বন্দুক থৈ নিজৰ ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এইটো জনা কথা যে হিন্দুত্ববাদী শক্তিসমূহে নিজে ছেকুলাৰ-গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাস নকৰে। কিন্তু সিবিলাকে পোনপটীয়াভাৱে ৰাষ্ট্ৰৰ সেই ফ্ৰেমৱৰ্কটোৰ ওপৰত আক্ৰমণ চলোৱা নাই। তাৰ ঠাইত সিবিলাকে এক কৌশলী পথ গ্ৰহণ কৰিছে : সিবিলাকে সেই ফ্ৰেমৱৰ্কটোক নিজৰ ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। আইন তথা ন্যায়িক ব্যৱস্থাটোক এনে উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰ উদাহৰণ বাৰংবাৰ পৰিলক্ষিত হৈছে। ন্যায়ালয়ৰ কান্ধত বন্দুক থৈ শাসকীয় শক্তিসমূহে নিজৰ অভীষ্ট সিদ্ধি কৰাৰ লগতে নিজকে নিমাখিত আৰু আইনৰ একান্ত বাধ্য ছাত্ৰ হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা দেখা যায়।
কিন্তু এনে ক্ষেত্ৰত ন্যায়ালয়ৰ নিজস্ব কিছু সীমাবদ্ধতা আছে। ন্যায়ালয়ৰ বাবে বিষয় এটা বা ব্যক্তি এজনৰ তেতিয়ালৈকে কোনো অস্তিত্ব নাই, যেতিয়ালৈকে কোনোবা পক্ষই তাৰ সৈতে সম্পৰ্কিত কোনো প্ৰসংগত ন্যায়ালয়ৰ কাষ নাচাপে। আৰু তেনেদৰে বিষয় এটা বা ব্যক্তি এজন ন্যায়ালয়ৰ বাবে প্ৰাসংগিক হৈ উঠিলেও সেয়া কেৱল সংশ্লিষ্ট প্ৰসংগটোক লৈহে – বাকী কোনো প্ৰসংগক লৈ ন্যায়ালয় দায়বদ্ধ নহয়। নিজৰ সন্মুখত আহি পৰা প্ৰসংগতহে আৰু নিজৰ সন্মুখত বিভিন্ন পক্ষই উপস্থাপন কৰা যুক্তি-তথ্যৰ ভিত্তিতহে ন্যায়ালয়ে ৰায়দান কৰে। গতিকে স্বাভাৱিকতেই সমাজৰ সকলো বিষয় ন্যায়ালয়ে স্পৰ্শ নকৰে আৰু জনসাধাৰণৰ প্ৰতি ই সামগ্ৰিকভাৱে দায়বদ্ধ নহয়। কিন্তু জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত শাসকীয় জনপ্ৰতিনিধিসকল জনসাধাৰণৰ ওচৰত দায়বদ্ধ। তেওঁলোক শাসনত থকাৰ একমাত্ৰ বৈধতা হ’ল জনসাধাৰণৰ সমৰ্থন, আৰু তাৰ কাৰণ হ’ল জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে দিয়া তেওঁলোকৰ প্ৰতিশ্ৰুতি। গতিকে ন্যায়ালয়ৰ দোহাই দি গণবিৰোধী কাৰ্যৰ দায়িত্ব জনপ্ৰতিনিধিয়ে এৰাই চলিব নোৱাৰে। আনহাতে, আইন বস্তুটো নিজে কোনো পূত-পৱিত্ৰ স্বৰ্গীয় বস্তু নহয় যাক আমি ভক্তিৰে পূজা-অৰ্চনা কৰিব লাগে। কোনো আইনে কেনে আদৰ্শক আৰু কাৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিছে, তাৰ ওপৰত ভিত্তি কৰিহে আইনখনৰ স্বৰূপ তথা জনসাধাৰণৰ ওচৰত তাৰ গ্ৰহণযোগ্যতা নিৰ্ণয় কৰিব পৰা যায়। সেইবাবেই গণতন্ত্ৰত আইন প্ৰণেতাসকলক নিৰ্বাচন কৰাৰ অধিকাৰ জনসাধাৰণৰ হাতত থাকে। তদুপৰি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতে প্ৰতিজন নাগৰিকক স্বাধীনতা আৰু সমতাৰ লগতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে। গতিকে কোনো আইন বা আইনগত নিৰ্দেশ যদি তাৰ বিপৰীত হয় তেন্তে তাৰ বিৰুদ্ধে গৈ নিজৰ ন্যায় বিচৰাটো প্ৰতিজন নাগৰিকৰে সাংবিধানিক অধিকাৰ।
– কিন্তু এইবোৰ হ’ল উদাৰনৈতিক গণতন্ত্ৰৰ আনুষ্ঠানিক নীতি-আদৰ্শ। এইসমূহ নীতি-আদৰ্শৰ নাম মুখত লৈয়েই যিহেতু শাসকীয় শক্তিসমূহে ৰাজনৈতিক কাৰ্যসূচী পৰিচালনা কৰে, গতিকে এই পৰিভাষাসমূহ ব্যৱহাৰ কৰি জনসাধাৰণে কিছু দূৰলৈকে সিবিলাকৰ সৈতে ৰাজনৈতিক দৰ-দাম কৰিব পাৰে। তদুপৰি জনপ্ৰিয় পৰিসৰত এই পৰিভাষাসমূহৰ এক গ্ৰহণযোগ্যতা আছে। বিশেষকৈ আইনগত-ন্যায়িক প্ৰক্ৰিয়াত এইসমূহ অপৰিহাৰ্য। তেনে কাৰণতে আমি এই প্ৰশ্নসমূহত স্পষ্ট হৈ থকা ভাল। কিন্তু বহল অৰ্থত, এই উদাৰনৈতিক গণতন্ত্ৰৰ খোলাৰ ভিতৰত থাকি গণবিৰোধী ৰাজনৈতিক শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰি। তদুপৰি নব্য উদাৰতাবাদ আৰু হিন্দু জাতীয়তাবাদৰ আধিপত্যৰ পাছত এতিয়া ভাৰতত উদাৰনৈতিক গণতন্ত্ৰৰ পৰিভাষাসমূহৰ বাদে আন কোনো অৱশিষ্ট বাকী থকা নাই।
এই কথাখিনি আমি আলচ কৰিছো অসমৰ বিভিন্ন ঠাইত সম্প্ৰতি চলি থকা উচ্ছেদ কাৰ্যৰ প্ৰেক্ষাপটত। এটা কথা ঠিক যে অবৈধ বেদখল আঁতৰাই বনাঞ্চলসমূহ মুকলি কৰাত কাৰো দ্বিমত নাই। কিন্তু পুঁজিপতি-ব্যৱসায়ীসকলক অবাধ দখলৰ সুবিধা দি দুখীয়া জনসাধাৰণক, ঠায়ে ঠায়ে বিশেষ এক জনসম্প্ৰদায়ক বাছি বাছি উচ্ছেদ কৰাটোৰ আঁৰত যে গভীৰ ৰাজনৈতিক আঁচনি জড়িত আছে সেই লৈ সন্দেহ নাই। ইয়াৰ এক বহল প্ৰেক্ষাপট আছে। চিধাকৈ ক’বলৈ গ’লে, এনেধৰণৰ জনবসতিৰ উচ্ছেদ কাৰ্যসমূহ কোনো বিচ্ছিন্ন প্ৰশাসনিক-আইনগত পৰিঘটনা নহয়। এয়া এক ৰাজনৈতিক অভিযান – ইয়াৰ মাজেৰে শাসকীয় শক্তিসমূহৰ দীৰ্ঘম্যাদী ৰাজনৈতিক এজেণ্ডা প্ৰতিফলিত হৈছে। আমি জানো যে বৰ্তমানৰ শাসকীয় শক্তিসমূহৰ এক প্ৰধান ৰাজনৈতিক আধাৰ হ’ল নব্য উদাৰতাবাদ। নব্য উদাৰতাবাদী উন্নয়নৰ মডেলটোৰ সাৰবস্তু হ’ল বিশ্বপুঁজিৰ অবাধ লুণ্ঠনৰ বাবে দেশৰ ভূগোল-অৰ্থনীতি-সমাজ উন্মুক্ত কৰি দিয়া আৰু তাৰ পথত বাধাৰূপে থিয় হৈ থকা ৰাষ্ট্ৰৰ কল্যাণকামী ভগ্নাৱশেষখিনি ধ্বংস কৰি পেলোৱা। বিভিন্ন পুঁজিপতিৰ হাতত দেশৰ ভূমি আৰু অন্যান্য সম্পদৰাজি গতাই দিবলৈ যাওঁতে কেৱল আইনগত বাধাসমূহ আঁতৰালেই নহ’ব, সেইবিলাক যদি সৰ্বসাধাৰণ ৰাইজৰদ্বাৰা আবৃত বা অধিকৃত হৈ আছে, তেন্তে তেওঁলোককো আঁতৰাই পেলাই চাফ-চিকুণ কৰি তুলিব লাগিব। এই প্ৰক্ৰিয়া কেৱল আজি নহয়, ভাৰতত নব্য উদাৰতাবাদী উন্নয়নৰ মডেলটো গ্ৰহণ কৰাৰ দিনৰেপৰা চলাই অহা হৈছে। আজি সি অধিক জোৰদাৰ ৰূপ লাভ কৰিছে মাত্ৰ। চৰকাৰী ভূমিত বহি থকা বাবে বা অন্যান্য কাৰণত কৰা জনবসতিৰ উচ্ছেদ হ’ল নব্য উদাৰতাবাদী উন্নয়নৰ প্ৰক্ৰিয়াত এক অপৰিহাৰ্য ৰাজনৈতিক অভিযান। ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ অলেখ উদাহৰণ আমি দেখি আহিছো। তদুপৰি ইয়াৰ জৰিয়তে হিন্দু জাতীয়তাবাদী উদ্দেশ্যও হাচিল কৰিব পাৰি। হিন্দু জাতীয়তাবাদ হ’ল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই এক হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰাৰ আদৰ্শ, সংখ্যালঘু জনসাধাৰণৰ বিৰুদ্ধে চলোৱা সামাজিক-ৰাজনৈতিক আক্ৰমণ যাৰ এক অবিচ্ছেদ্য অংগ। উচ্ছেদে কেতিয়াবা এই দুটাৰ ভিতৰত কোনোবা এটাক প্ৰতিনিধিত্ব কৰে, কেতিয়াবা দুয়োটাকে প্ৰতিনিধিত্ব কৰে। আমাৰ ভাব হয় যে অসমত শেহতীয়া সময়ত চলাই থকা উচ্ছেদ কাৰ্যসমূহৰ ঘোষিত উদ্দেশ্য বনাঞ্চল সুৰক্ষা বা আন যিয়েই নহওক, প্ৰকৃত দীৰ্ঘম্যাদী উদ্দেশ্য কিন্তু এয়াহে৷ গতিকে এই উচ্ছেদ কাৰ্যসমূহৰ কোনটোৰ আঁৰত কিধৰণৰ প্ৰকৃত উদ্দেশ্য লুকাই আছে, অলপ বিচাৰ-খোচাৰ কৰি চালে ৰাইজে সহজেই বুজি পাব। সি যি নহওক, জাতি-মাটি-ভেটি ৰক্ষাৰ শপত লৈ শাসনলৈ অহা চৰকাৰখনে চলোৱা এনে গণবিৰোধী উচ্ছেদৰ আঁৰৰ আচল ৰাজনীতি বুজি লৈ তাৰ বিৰুদ্ধে থিয় দিয়াটো গণতান্ত্ৰিক-প্ৰগতিশীল ৰাইজৰ অৱশ্যকৰ্তব্য।
এইখিনিতে আন এটা কথা মন কৰিবলগীয়া৷ আমি ইতিপূৰ্বে বহুবাৰ লিখিছো যে সম্প্ৰতি হিন্দু জাতীয়তাবাদৰ মাজত অসমীয়া জাতীয়তাবাদ বিলীন হৈ গৈছে। অসমীয়া জাতীয়তাবাদৰ মাজত পূৰ্বৰেপৰা থকা বৰ্ণবাদী-সাম্প্ৰদায়িক সম্ভাৱনাসমূহ এতিয়া বৰকৈ মূৰ দাঙি উঠিছে। অলপতে ছিপাঝাৰত হোৱা উচ্ছেদ আৰু আমচাঙত হোৱা উচ্ছেদ – এই দুই ঘটনাৰ প্ৰতি অসমৰ জাতীয়তাবাদী মহল আৰু জনপ্ৰিয় সংবাদ মাধ্যমৰ পৃথক প্ৰতিক্ৰিয়া লক্ষ্য কৰিলেই ইয়াৰ সত্যতা প্ৰতিপন্ন হ’ব। তাৰ বাবে এই দুটা ঘটনাৰ খবৰ কেনেকৈ বেলেগ বেলেগ ৰূপত পৰিবেশন কৰা হৈছে, জনপ্ৰিয় বাতৰিকাকত এখন পৰীক্ষা কৰি চালেই হ’ল। আমচাঙত হোৱা উচ্ছেদৰ প্ৰতি অসমীয়া জাতীয়তাবাদী, মানৱতাবাদী সকলো মহলে আৱেগপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে : খিলঞ্জীয়াৰ প্ৰতি চৰকাৰে কৰা বিশ্বাসঘাতকতামূলক অন্যায়ৰ প্ৰতিবাদ কৰিছে, উচ্ছেদিত ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে। ভালেমান প্ৰচাৰ মাধ্যমেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছে। কিন্তু দুই-তিনি দিন পূৰ্বে হৈ যোৱা ছিপাঝাৰৰ উচ্ছেদ সম্পৰ্কত তেওঁলোকৰ সৰহভাগেই নিমাত, যিটো উচ্ছেদ সমানেই গণবিৰোধী আৰু সমানেই মৰ্মান্তিক৷ তাৰ কাৰণ কি? তাৰ কাৰণ ছিপাঝাৰৰ উচ্ছেদিতসকল মুছলমান হোৱাটোৱেই নহয়নে? সেয়ে প্ৰচাৰ কৰা হৈছে যে চৰকাৰে সন্দেহযুক্ত বিদেশীক উচ্ছেদ কৰিছে, যিটো হত্যাকাণ্ডক কেন্দ্ৰ কৰি সেই উচ্ছেদ চলোৱা হ’ল সেইটো সন্দেহযুক্ত বিদেশীয়েই ঘটাইছে। আমচাং আৰু অন্যান্য ঠাইৰ নিবাসীসকলৰ সৰহভাগ মুছলমান হোৱা হ’লে ইয়াৰ ক্ষেত্ৰতো যে ঢৌটো আনফালে বোৱাবলৈ চেষ্টা কৰা হ’লহেঁতেন (চৰকাৰী পক্ষৰপৰাও) সেই লৈ বিশেষ সন্দেহ নাই। যোৱা বছৰ কাজিৰঙাত হোৱা উচ্ছেদৰ ক্ষেত্ৰত সেই ঘটনাই ঘটিছিল। অসমৰ সাম্প্ৰতিক জাতীয়তাবাদী পৰিবেশত এয়া একো আচৰিত কথা নহয়। জানিবলৈ পোৱা মতে, ভিতৰি হিন্দুত্ববাদী শক্তিসমূহৰ হৈ কাম কৰা কিছু জাতীয়তাবাদী গোষ্ঠীয়ে বহু দিন ধৰি ছিপাঝাৰ আদি ঠাইসমূহত সাম্প্ৰদায়িক প্ৰচাৰকাৰ্য চলাই আহিছে। সেই গোষ্ঠীসমূহৰ সৈতে অসমৰ আন জাতীয়তাবাদী গোষ্ঠীসমূহৰো সহজ সহাৱস্থান, কিছুমানৰ সহজ সনাপোটোকা দেখিবলৈ পোৱা যায়, বিশেষকৈ ‘অসমীয়াগিৰি’ কৰাসকলৰ। এইসমূহ ঘটনাই কেৱল আদৰ্শগত-ৰাজনৈতিক স্তৰতে নহয়, সাংগঠনিকভাৱেও যে অসমীয়া জাতীয়তাবাদীসকল হিন্দু জাতীয়তাবাদীসকলৰ সৈতে মিলি পৰিছে সেয়া প্ৰমাণ কৰে। এই জাতীয়তাবাদী শক্তিসমূহৰ বাবে অসমৰ দুখীয়া মুছলমান ৰাইজ মৰে নে বাচে, সেয়া কোনো গাত লগা কথা নহয়। এনে অৱজ্ঞা তথা ঘৃণাই মুছলমান ৰাইজক এক অসহায় অৱস্থালৈ ঠেলি দিছে, যাৰ সুবিধা গ্ৰহণ কৰিছে মুছলমান সাম্প্ৰদায়িক শক্তিসমূহে। ছিপাঝাৰত কোনোবা মুছলমান নেতাই কি কথা ক’লে সেই লৈ অসমত জুই জ্বলি থাকিব, কিন্তু সেই ঠাইত জ্বলি থকা দুখীয়া মানুহৰ ঘৰবিলাক জাতি ৰক্ষাৰ ধ্বজাধাৰীসকলৰ চকুত নপৰে। এক কথাত ক’ব পাৰি যে মুছলমান ৰাইজক তেনে অসহায় অৱস্থালৈ ঠেলি দিয়াৰ বাবে আৰু মুছলমান সাম্প্ৰদায়িক ৰাজনীতিৰ অনুকূল পটভূমি ৰচনা কৰাৰ বাবে ঘাইকৈ জাতীয়তাবাদী শক্তিসমূহেই দায়ী।
গতিকে চৰকাৰে চলোৱা সকলো গণবিৰোধী উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে অসমীয়া জাতীয়তাবাদ তথা জাতীয়তাবাদী শক্তিসমূহৰ এই সমস্যাবিলাকৰ প্ৰতি সতৰ্ক আৰু সমালোচনাত্মক হোৱাটোও সমানেই জৰুৰী।
(২৮-১১-২০১৭)
Leave a Reply