অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা

এই লেখাত আমি অসমীয়া ভাষাত চলা বৌদ্ধিক চৰ্চাৰ কিছু মৌলিক সমস্যাৰ কথা আলোচনা কৰিব খুজিছো। সেই সমস্যাসমূহক অসমীয়া ভাষাৰ সমস্যা হিচাপে চিহ্নিত কৰিছো যদিও সেয়া কোনো ভাষাতাত্ত্বিক প্ৰশ্ন নহয়, সেয়া এক সামাজিক-ৰাজনৈতিক প্ৰশ্নহে। অসমৰ সমাজ-ৰাজনীতিৰ চৰিত্ৰৰপৰা উদ্ভূত সমস্যাসমূহ কিদৰে অসমীয়া ভাষাই লালন কৰি আহিছে আৰু সিবোৰৰ দীৰ্ঘায়িতকৰণত অৰিহণা যোগাই আহিছে সেই কথা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। লগতে এই সমস্যাসমূহৰপৰা মুক্তিৰ বাট কেনি, তাৰ ওপৰতো কিছু আলোকপাত কৰা হৈছে।

ইংৰাজী ভাষাৰ উচ্চ পৰ্যায়ৰ বৌদ্ধিক-বিদ্যায়তনিক চৰ্চাৰ সৈতে যিসকল অসমীয়া লোকে সম্পৰ্ক বজাই ৰাখে তেওঁলোকে সহজেই বুজি পাব যে আমাৰ অসমীয়া ভাষাটোৰ অৱস্থা এই ক্ষেত্ৰত অতিকে দুৰ্ভগীয়া। সমাজ-চিন্তাৰ পৃথিৱীখনত অসমীয়া ভাষাটো আজি কেইবাটাও দশক পিছ পৰি আছে ইংৰাজী ভাষাৰ তুলনাত। আন ভাষাত এনেকৈও ক’ব পাৰি যে অসমীয়া আৰু ইংৰাজীৰ মাজত এখন দুৰ্লংঘ্য চীনৰ প্ৰাচীৰ থিয় হৈ আছে। এনে কাৰণতে ইংৰাজীত প্ৰকাশিত নতুন বৌদ্ধিক-বিদ্যায়তনিক কাম-কাজসমূহৰ সৰহভাগেই অসমীয়ালৈ অনুবাদ কৰিব পৰা নাযায়। আন নালাগে, অসম তথা অসমৰ ইতিহাস সম্পৰ্কে যিখিনি শেহতীয়া মানসম্পন্ন চৰ্চা ইংৰাজীত হৈছে, সেইখিনিও অসমীয়ালৈ অনুবাদসাধ্য নহয়। ইয়াৰ কাৰণ কি? কাৰণ হ’ল এয়ে যে অসমীয়াত আমি ধাৰণাগতভাৱে এখন পুৰণি পৃথিৱীত বাস কৰি আছো – যিখন পৃথিৱী একে সময়তে গোড়া আৰু সৰলীকৃত। বিশ্বনাগৰিকীয় বৌদ্ধিক-বিদ্যায়তনিক চৰ্চাৰ বৰ্তমান যিটো মৌলিক আধাৰ বা তাত্ত্বিক ফ্ৰেমৱৰ্ক, সেইটো আমাৰ বাবে তেনেই আচহুৱা এটা বস্তু। অৰ্থাৎ, কথাটো এনেকুৱা নহয় যে উক্ত ধাৰাৰ অমুকটো বা তমুকটো ধাৰণা আমি বুজি নাপাওঁ বা অমুকখিনি বা তমুকখিনি তথ্য-পাতি আমাৰ অজানা – তাৰ বিপৰীতে কথাটো এনেকুৱাহে যে যিটো তাত্ত্বিক ফ্ৰেমৱৰ্কৰ মাজত সেই সেই ধাৰণা বা তথ্য-পাতিক লৈ চৰ্চা চলিছে সেই ফ্ৰেমৱৰ্কটোকে আমি বুজি নাপাওঁ। কিয়নো আমাৰ নিজৰ তাত্ত্বিক ফ্ৰেমৱৰ্কটোৱেই গোলমলীয়া। গতিকে যদি এই তাত্ত্বিক ফ্ৰেমৱৰ্কটোৰ কোনো গুণগত ৰূপান্তৰণ নঘটে, তেন্তে অসমীয়া ভাষালৈ ইংৰাজীৰপৰা বিভিন্নধৰণৰ ধাৰণা বা তথ্য-পাতিৰ আমদানি কৰি আনিলেও বৰ বিশেষ কামত নিদিয়ে।

ভাষাই বাস্তৱতাক কেৱল প্ৰতিফলন বা প্ৰতিনিধিত্বই নকৰে। ভাষা নিজেও বাস্তৱতাৰে অংশ, বাস্তৱতাৰ নিৰ্মাণত সি অংশ লয়। বিশেষকৈ বিষয়ী সত্তাৰ নিৰ্মাণত ভাষাই মূল ভূমিকা পালন কৰে। অসমীয়া ভাষাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। অসমৰ সমাজ-ৰাজনীতিৰ যি চৰিত্ৰ সেয়া ধাৰণ কৰি আছে অসমীয়া ভাষাই। কেৱল ধাৰণ কৰাই নহয়, সেই সমাজ-ৰাজনীতিৰ ধাৰাবাহিকতা ৰক্ষা আৰু পুনৰ্নিৰ্মাণতো নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে অসমীয়া ভাষাই। অৰ্থাৎ অসমৰ সমাজ-ৰাজনীতি আৰু অসমীয়া ভাষাৰ মাজত এক পাৰস্পৰিক ওতপ্ৰোত সম্পৰ্ক আছে। গতিকে কোনোবাই ইচ্ছা কৰিলেই ভাষাটোক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰে। অসমৰ সমাজ-ৰাজনীতিয়ে বান্ধি দিয়া চাৰিসীমাৰ ভিতৰতহে অসমীয়া ভাষাৰ বিচৰণ সম্ভৱ। একেদৰে, অসমৰ সমাজ-ৰাজনীতিয়ে ধৰি ৰখা তাত্ত্বিক ফ্ৰেমৱৰ্কটোৰ মাজত থাকিহে অসমীয়া ভাষাই অৰ্থ প্ৰকাশ কৰিব পাৰিব – তাক অতিক্ৰম কৰি যাব নোৱাৰে। সেইবাবেই অসমৰ সমাজ-ৰাজনীতিয়ে অনুমতি নিদিয়া কথা এটা কোনোবাই অসমীয়ালৈ অনুবাদ কৰি সুমুৱাই আনিলেও ভাষাটোৱে তাক হজম কৰিব নোৱাৰে – যিমানেই ভালকৈ অনুবাদ কৰা নহওক লাগিলে, সি তাৰ নিজস্ব চৰিত্ৰ বৰ্তাই ৰাখি অসমীয়াত সাৰ্বজনীন গ্ৰহণযোগ্যতা লাভ কৰিব নোৱাৰে। গতিকে বৌদ্ধিক পশ্চাদপদতাৰ যিটো সমস্যা অসমীয়া ভাষাৰ আছে, সেইটো প্ৰকৃতাৰ্থত অসমৰ সমাজ-ৰাজনীতিৰে সমস্যা। অসমৰ সমাজ-ৰাজনীতিৰ গুণগত ৰূপান্তৰৰ ব্যৱস্থা নকৰাকৈ অসমীয়া ভাষাৰ ৰূপান্তৰ সাধিব নোৱাৰি, আৰু সেইটো নহ’লে সমাজ-চিন্তাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ দুৰ্ভগীয়া অৱস্থাৰ অন্ত নহয়। সি যি নহওক, অসমৰ সমাজখন হৈছে এখন সামাজিকভাৱে পশ্চাদপদ আৰু ৰাজনৈতিকভাৱে উদাসীন সমাজ, যাক ধৰি ৰাখিছে জাতীয়তাবাদৰ এক সৰ্বব্যাপী ৰাজনৈতিক সংস্কৃতিয়ে। পদানুক্ৰম-সৰ্বস্বতাই (hierarchy) হওক, পুৰুষতন্ত্ৰই হওক বা বৰ্ণবাদেই হওক – এই সকলো প্ৰতিক্ৰিয়াশীল সামাজিক ৰাজনীতিক ধাৰণ কৰিছে আৰু মান্যতা দিছে অসমীয়া জাতীয়তাবাদৰ ৰাজনৈতিক সংস্কৃতিয়ে। আৰু স্বাভাৱিকতেই অসমীয়া ভাষাটোকো হেঁচা মাৰি ধৰি আছে এই ৰাজনৈতিক সংস্কৃতিয়ে। অতদিনে অসমীয়া ভাষাটোৰ প্ৰকাশিকা শক্তিক এই ৰাজনৈতিক সংস্কৃতিয়ে নিঃশেষ কৰি পেলাইছে, একেখিনি অৰ্থ প্ৰকাশ কৰি কৰি অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ উৱলি গৈছে। এনে অৱস্থাত অসমীয়া ভাষাত নতুন ধ্যান-ধাৰণাৰ চৰ্চা কৰাটো সহজসাধ্য নহয়, অসমীয়া শব্দভাণ্ডাৰে তেনে নতুন অৰ্থ বহন কৰাটো সম্ভৱ নহয় – যদিহে সমান্তৰালভাৱে সমাজ-ৰাজনীতিৰ পশ্চাদপদ-প্ৰতিক্ৰিয়াশীল বুনিয়াদত আঘাত কৰিব পৰা নাযায়। পাৰ্থ চেটাৰ্জীয়ে এটা লেখাত কৈছে যে (স্মৃতিৰপৰা লিখিছো) নতুন চিন্তা-চৰ্চাৰ যিসমূহ কিতাপ বাংলালৈ অনুবাদ হৈছে তাৰ সৰহভাগেই বাংলাত সহজবোধ্য হৈ উঠা নাই, কিছুমান আনকি ইমানেই দুৰ্বোধ্য হৈছে যে যিসকল লোকে ইংৰাজীত অৰিজিনেল কিতাপখনহঁত পঢ়িছে কেৱল তেওঁলোকেহে সেই অনূদিত কিতাপবোৰ বুজি পাব! ইয়াৰপৰা বুজিব পাৰি যে ধাৰণাগতভাৱে অচিনাকি বস্তু এটা কেৱল অনুবাদেৰে আন এটা ভাষাত চিনাকি কৰাই দিব নোৱাৰি। আচলতে প্ৰতিটো আঞ্চলিক ভাষাৰে এই সমস্যাটো আছে। অসমীয়া ভাষাৰ অৱস্থা এইক্ষেত্ৰত খুবেই বেয়া যেন ভাব হয়। সৰু দুই-এটা উদাহৰণ দিব পাৰি। ধৰক জাতিৰ ধাৰণাটো। অসমীয়া ভাষাত বেনেডিক্ট এণ্ডাৰ্ছনৰ জাতীয়তাবাদ সম্পৰ্কীয় ৰচনাৰ আলোচনা কৰিলেই বা অনুবাদ কৰিলেই তাক অসমীয়া মানুহে হজম কৰিব নোৱাৰিব। কাৰণ জাতীয়তাবাদৰ যিটো ধাৰণা অসমৰ সমাজ-ৰাজনীতিত আমূলপ্ৰোথিত, এণ্ডাৰ্ছনৰ ধাৰণাটো তাৰ বাহিৰৰ বস্তু। ধৰক লিংগৰ ধাৰণাটো। লৈংগিক ৰাজনীতিৰ কথাটো কেৱল অসমীয়া ভাষালৈ অনুবাদ কৰি আনিলেই নহ’ব, কাৰণ অসমৰ সমাজ-ৰাজনীতিত ধাৰণাগতভাৱে এইটোৰ অস্তিত্ব নাই। এই নতুন ধ্যান-ধাৰণাবিলাকৰ সমান্তৰালভাৱে তৎসংলগ্ন নতুন ৰাজনীতিৰো বিকাশ হ’ব লাগিব। ক’বলৈ গ’লে, বৌদ্ধিক চৰ্চাও ৰাজনীতিৰে এক ৰূপ। কিন্তু তাৰ বাবে পোনপ্ৰথমে বুজিব লাগিব যে এয়া এক সাহিত্যিক বা ভাষাতাত্ত্বিক সমস্যা নহয়, এয়া এক ৰাজনৈতিক সমস্যা। আৰু তাক ৰাজনৈতিকভাৱে আগুৱাই নিব পাৰিব লাগিব।

অসমৰ সমাজ-ৰাজনীতিৰ পশ্চাদপদ-প্ৰতিক্ৰিয়াশীল চৰিত্ৰৰ বাবেই অসমত সমাজবিজ্ঞানৰ চৰ্চা নাই বুলিলেই হয়। আগতেও নাছিল। অসমত সমাজ-চিন্তা বুলি ক’লে ঘাইকৈ দুটা ধাৰাৰ কথা সূচোৱা হয় – সাহিত্য সমালোচনা আৰু ইতিহাস চৰ্চা। একে আষাৰে ক’বলৈ গ’লে, অসমৰ বৌদ্ধিক জগতৰ প্ৰধান প্ৰতিষ্ঠিত ধাৰাটোৱেই হ’ল সাহিত্য সমালোচনা। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বাঁওপন্থী-উদাৰতাবাদী সাহিত্য সমালোচনাৰ ধাৰাটোৱে প্ৰভূত আধিপত্য বিস্তাৰ কৰিছিল৷ মানুহৰ সৃষ্টিশীলতা প্ৰকাশৰ ক্ষেত্ৰ হিচাপে তথা সমাজ সম্পৰ্কীয় ভাবনাৰ বিচৰণক্ষেত্ৰ হিচাপে তেতিয়া অসমত সাহিত্য আছিল সৰ্বপ্ৰধান আৰু অবিসম্বাদী মাধ্যম৷ গতিকে সাহিত্য সমালোচনা আছিল সাহিত্যৰ মূল্যায়নৰ লগতে সমাজ-চিন্তাৰ প্ৰধান মাধ্যম৷ ঘাইকৈ সাহিত্য সমালোচনাৰ মাজেৰেই অসমীয়া ভাষাৰ সমাজ-চিন্তাৰ ধাৰাটো আগ বাঢ়িছিল৷ সংগীত, নাটক, চিনেমা আদি তেতিয়াও বহুল ৰূপতে আছিল, কিন্তু সিবোৰৰ সমালোচনাৰ কোনো নিজস্ব ধাৰা নাছিল – সাহিত্য সমালোচনায়েই সিবোৰৰ সমালোচনাৰ ভেটিটো তৈয়াৰ কৰি দিছিল৷ সাহিত্য সমালোচনাৰ ৰীতি-নীতি তথা বিশ্লেষণ পদ্ধতিকে সিবোৰত প্ৰয়োগ কৰা হৈছিল৷ আন ভাষাত, গীত এটা বা চিনেমা এখন কিমান দূৰ ‘সাহিত্যগুণসম্পন্ন’ হৈছে সেয়াই আছিল তাৰ সাৰ্থকতাৰ মাপকাঠি৷ কিন্তু শেহতীয়া সময়ছোৱাত ছবিখন একেবাৰে সলনি হৈ পৰিছে৷ সাহিত্যৰ চৰ্চা এতিয়াও সমান ব্যাপকতাৰে চলি আছে, কিন্তু তাৰ পূৰ্বৰ একাধিপত্য আৰু এতিয়া নাই৷ মানুহৰ সৃষ্টিশীলতা আৰু সমাজ-চিন্তাৰ আন আন বহুবোৰ ক্ষেত্ৰ এতিয়া মুকলি হৈছে – সাহিত্য সিবোৰৰ মাজৰ এখন ক্ষেত্ৰহে মাত্ৰ৷ এক কথাত, বৰ্তমান যুগটো হ’ল জনপ্ৰিয় সংস্কৃতিৰ যুগ৷ পূৰ্বতে সাহিত্যই যিটো ভূমিকা পালন কৰিছিল এতিয়া সেই ভূমিকাটো পালন কৰি আছে জনপ্ৰিয় সংস্কৃতিয়েহে। এনে পৰিস্থিতিত সাহিত্য সমালোচনাৰ গুৰুত্ব কমি আহিছে। আৰু সমান্তৰালভাৱে নতুন বাস্তৱতাক ব্যাখ্যা কৰিব পৰাকৈ সমাজ-চিন্তাৰ বৈকল্পিক ধাৰা এটা বিকশিত নোহোৱাত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। আনহাতে, ইতিহাস চৰ্চাৰ ক্ষেত্ৰত জাতীয়তাবাদী-উদাৰতাবাদী-বাঁওপন্থী সকলো ধাৰাতে যিখিনি উন্নতি ঘটিছিল, সমাজ সম্পৰ্কীয় চিন্তা-ভাবনাক সি বিপুল পৰিমাণে ধাৰণা আৰু সমল যোগান ধৰিছিল। কিন্তু শেহতীয়া সময়ত ইতিহাস চৰ্চাৰ ধাৰাটো একেবাৰে স্তিমিত হৈ আহিল। সি যি নহওক, সাহিত্য সমালোচনাই হওক বা ইতিহাস চৰ্চাই হওক – ইয়াৰ কোনোটোৱেই ঘাইকৈ সমাজবৈজ্ঞানিক প্ৰেৰণাৰদ্বাৰা পৰিচালিত হোৱা বুলি ক’ব নোৱাৰি। সেইসমূহ পৰিচালিত হৈছিল ঘাইকৈ জাতীয় প্ৰেৰণাৰদ্বাৰাহে : সাহিত্য আৰু ইতিহাস, এইদুটা আছিল অসমীয়া জাতিৰ ঘাই স্তম্ভস্বৰূপ – আৰু এয়াই আছিল এইদুটা ধাৰাৰ বিকাশৰ মূল কাৰণ। গতিকে সাহিত্য সমালোচনা আৰু ইতিহাস চৰ্চা – উভয়েই জাতীয়তাবাদী ফ্ৰেমৱৰ্কটোক বিনাপ্ৰশ্নে মানি লৈছিল। (আমি জাতীয়তাবাদী ধাৰাৰ ইতিহাস চৰ্চা বা সাহিত্য সমালোচনাৰ কথা কোৱা নাই – জাতীয়তাবাদে বান্ধি দিয়া তাত্ত্বিক ফ্ৰেমৱৰ্কটোৰ কথাহে কৈছো। ইতিহাস চৰ্চাত এনে জাতীয়তাবাদী ফ্ৰেমৰ কথা ইতিহাসবিদ সুমিত সৰকাৰে কৈছে, এই বিষয়ে আমি ‘জাতীয়তাবাদী ইতিহাসৰ সমস্যা’ লেখাত থোৰতে আলোচনা কৰিছো।) ইয়াত অস্বাভাৱিকতা বা অনুচিত একো নাই। কিন্তু একে সময়তে ই জাতীয়তাবাদী ফ্ৰেমৱৰ্কটোৰ কেতবোৰ গভীৰ সীমাবদ্ধতা সম্পৰ্কে উদাসীন আছিল, সেই ফ্ৰেমৱৰ্কটোৱে ঢাকি ৰখা বহুতো সামাজিক প্ৰশ্ন ইয়াৰ চকুত পৰা নাছিল। আনহাতে, ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সমালোচনাত্মক দৃষ্টিভংগী থকা সত্ত্বেও এই ফ্ৰেমৱৰ্কটো আছিল নেহৰুবাদী ছেকুলাৰ-আধুনিকতাবাদী। যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰা ভাৰত ৰাষ্ট্ৰৰ এই ছেকুলাৰ-আধুনিকতাবাদী মডেলটোৰ ক্ৰমাৱক্ষয় ঘটিবলৈ ধৰিছিল, আৰু তাৰ ঠাইত মূৰ দাঙি উঠিছিল এক জটিল বাস্তৱতা যাক পুৰণি ফৰ্মুলাৰে সংজ্ঞায়িত কৰাটো সম্ভৱপৰ নাছিল। এনে পৰিস্থিতিত সমাজ-চিন্তা তথা বৈকল্পিক ৰাজনীতিৰ বাবে নতুন তাত্ত্বিক ফ্ৰেমৱৰ্ক গঢ় দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছিল। তেনে প্ৰচেষ্টা বিভিন্ন ৰূপত চলিছিলো। কিন্তু অসমত চলি থকা সমাজ-চিন্তাত পৰিবৰ্তিত পৰিস্থিতিৰ কোনো প্ৰভাৱ নপৰিল। অসমত বাঁওপন্থী সাহিত্য সমালোচনা আৰু ইতিহাস চৰ্চাই বিশেষ সমৃদ্ধি লাভ কৰিছিল, আৰু বহুতো অতি মূল্যৱান অৱদান আগ বঢ়াইছিল। সেইবোৰ অৱদানে কেৱল বৰ্তমানেই নহয়, ভৱিষ্যতৰ বাবেও সংশ্লিষ্ট বিষয়সমূহৰ চৰ্চাত পাথেয় হিচাপে সহায় কৰিব। কিন্তু তৎসত্ত্বেও ক’ব লাগিব যে অসমত সমাজ-চিন্তাই সময়ৰ লগে লগে আগ বাঢ়িব নোৱাৰিলে, পুৰণি ছেকুলাৰ-আধুনিকতাবাদী জাতীয় ফ্ৰেমৱৰ্কটোৰ মাজতে সি মূৰ গুঁজি থাকি গ’ল। মাৰ্ক্সবাদৰ চৰ্চাতো লেনিনতকৈ বেছি আগ বাঢ়িব নোৱাৰিলে। সকলোধৰণৰ নতুন চিন্তা-চৰ্চাকে মাৰ্ক্সবাদ-বিৰোধী, উত্তৰাধুনিক বুলি আঁতৰাই ৰাখি অসমৰ মাৰ্ক্সবাদীসকলে আত্মসন্তুষ্টি লাভ কৰি থাকিল। গতিকে সাধাৰণভাৱে সমাজবিজ্ঞানৰ বিভিন্ন ধাৰাত হোৱাৰ চৰ্চাৰ ক্ষেত্ৰতেই হওক, মাৰ্ক্সবাদৰ চৰ্চাৰ ক্ষেত্ৰতেই হওক – অসমীয়া সমাজ-চিন্তা পয়া লাগি থাকিল। বাকীসকলে যেনেকৈ সামাজিক প্ৰশ্নসমূহ এক জাতীয়তাবাদী-লিবাৰেল কমন ছেন্সেৰে বিচাৰ কৰি থাকিল, বাঁওপন্থীসকলেও একধৰণৰ প্ৰগতিশীল কমন ছেন্সেৰেই কাম চলাই যাবলৈ ধৰিলে। সি যি নহওক, এইবোৰ কাৰণতে আমি বাহিৰৰ সদা-বিকশমান বৌদ্ধিক-বিদ্যায়তনিক চৰ্চাৰপৰাও দূৰত ৰৈ গ’লো। এতিয়াও চুৰ্চূৰীয়াকৈ লিখি থকা দুই-এজনক বাদ দিলে, সমাজ-চিন্তাৰ ক্ষেত্ৰত অসমৰ বৌদ্ধিক জগতখন একেবাৰে উদং। কাকতে-পত্ৰই প্ৰকাশিত সাংবাদিকতাধৰ্মী লেখা-মেলাৰ মাজতেই এতিয়া সামাজিক ইছ্যুসমূহৰ চৰ্চা সীমাবদ্ধ হৈ আছে। কলেজ-ইউনিভাৰ্ছিটিসমূহৰ অৱস্থা হয়তো তাতোকৈ বেয়া। আমি কৈ আহিছো যে অসমৰ সমাজ-ৰাজনীতিৰ পশ্চাদপদতা-প্ৰতিক্ৰিয়াশীলতাৰ ভাৰ বহন কৰি আহিছে অসমীয়া ভাষাই। কিন্তু কেৱল অসমীয়া ভাষাই নহয়, অসমীয়া ৰাজহুৱা পৰিসৰৰ ভিতৰত থলুৱাভাৱে ইংৰাজীতো উন্নত সমাজ-চিন্তা কৰাটো সহজসাধ্য নহয়। এইক্ষেত্ৰত ইংৰাজী ভাষায়ো অসমীয়া ভাষাকে অনুকৰণ কৰে। এনে উদাহৰণ বহুতো দেখিবলৈ পোৱা যায়।

এই অৱস্থাৰ অৱসান কেনেকৈ সম্ভৱ? ইংৰাজীত সমাজবিজ্ঞানৰ বিদ্যায়তনিক চৰ্চাৰ সৈতে পৰিচিত বা জড়িত সকলো অসমীয়া লোকে অসমীয়াত সেইধৰণৰ চৰ্চা কৰাৰ প্ৰতি আগ্ৰহান্বিত নহ’বও পাৰে, বৰং অসমীয়া ভাষাৰ পশ্চাদপদতাৰ বাবে একপ্ৰকাৰ বিৰাগো অনুভৱ কৰিব পাৰে। কিছুৱে অসমীয়াত হোৱা চৰ্চাসমূহক ফটুৱা বুলি নস্যাৎ কৰিবলৈ বিচাৰিব পাৰে। কিন্তু আমি ভাবো যে অসমীয়াত এতিয়া যিটো স্তৰত কথাবোৰ চৰ্চিত হৈ আছে, ঠিক সেইটো স্তৰতেই নতুন কথাবোৰ ক’বলৈ আৰম্ভ কৰিব লাগিব আৰু তাক তাত্ত্বিক-ৰাজনৈতিকভাৱে ধীৰে ধীৰে আগুৱাই নিব লাগিব। হঠাতে কোনো বৌদ্ধিক বোমা এটা ফুটাই এই কাম কৰিব নোৱাৰি, বা চলি থকা চৰ্চাসমূহক ভেঙুচালি কৰিও এই কাম কৰিব নোৱাৰি। তাৰ বাবে প্ৰণালীবদ্ধ আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টা লাগিব। আনহাতে, গোলকীয় বৌদ্ধিক-বিদ্যায়তনিক পৃথিৱীখন বৰ জটিল। সমাজবিজ্ঞানৰ প্ৰতিটো শাখাতে বিস্তৃত আৰু বহুপল্লৱিত গৱেষণা-অধ্যয়ন চলি আছে। এই সকলোবোৰেই আমাক নালাগে। আমাক এটা তাত্ত্বিক ফ্ৰেমৱৰ্ক লাগে, এটা ৰাজনীতি লাগে। সমাজবিজ্ঞানসমূহৰ চৰ্চাক পৰিচালিত কৰা মূল নীতিবোৰহে আমি প্ৰথমে জনা দৰকাৰ। এসময়ত মাৰ্ক্সবাদে সমাজবিজ্ঞানসমূহক এক বহল ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত কৰাইছিল। এতিয়া সেইসমূহৰপৰা ৰাজনীতিৰ দূৰত্ব বাঢ়িছে। এতিয়া বিদ্যায়তনিক চৰ্চা অধিক পৰিমাণে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত সোমাই পৰিছে যাৰ সৈতে বাহিৰৰ সৰ্বসাধাৰণ জনতাৰ সম্পৰ্ক দূৰণিবটীয়া। আমি যিমান দূৰ জানো, এতিয়া বৌদ্ধিক মহলত বহুত্ব আৰু বৈচিত্ৰ্যৰ আদৰ্শই অধিক উচ্চ আসন লাভ কৰিছে। সামাজিকভাৱে বিভিন্ন পৰিচিতিৰ বাবে যিমানেই ন্যায়সংগত নহওক লাগিলে, এনে বহুত্ব আৰু বৈচিত্ৰ্য ৰাজনৈতিকভাৱে তেনেই প্ৰভাৱহীন আৰু স্থিতাৱস্থাবাদী। প্ৰগতিশীল ৰাজনীতিৰ অৱক্ষয়, বিভিন্ন পৰিচিতি-কেন্দ্ৰিক সামাজিক আন্দোলনসমূহৰ উত্থান, নব্য উদাৰতাবাদী ব্যৱস্থাৰ আগমন তথা সেই ব্যৱস্থাত উক্ত সামাজিক আন্দোলনসমূহৰ সহজ চামিলকৰণ আদি নিশ্চয়কৈ ইয়াৰ ঘাই কাৰণ। তাৰ মানে, সমাজবিজ্ঞানসমূহৰ চৰ্চাৰ চৰিত্ৰ নিৰ্ণয় কৰে ঘাইকৈ সামাজিক-ৰাজনৈতিক কাৰকসমূহে। গতিকে আমাৰ কাম হ’ল বৰ্তমান পৰিস্থিতিত সামাজিকভাৱে মুক্তিকামী আৰু ৰাজনৈতিকভাৱে প্ৰগতিশীল তাত্ত্বিক ফ্ৰেমৱৰ্কৰ নিৰ্মাণ কৰা আৰু তাৰ ভিত্তিত আমাৰ সমাজ-চিন্তাক আগুৱাই নিয়া। তাৰ ফলস্বৰূপে বিভিন্ন সমাজবিজ্ঞানসমূহৰ মূল্যৱান চৰ্চাৰ বাবেও বাট মুকলি হ’ব ধীৰে ধীৰে। এই কাৰ্যত সহায় কৰিব পৰাকৈ চিন্তা-চৰ্চাৰ অভাৱ নাই – বিশ্বত হাজাৰজনে বিভিন্নধৰণে এনে তাত্ত্বিক-ৰাজনৈতিক প্ৰচেষ্টাত মনোনিবেশ কৰি আছে। আমি কেৱল সংকীৰ্ণ চিন্তাৰ দুৱাৰ-খিৰিকি খুলি বাহিৰলৈ চালেই হ’ল। এটা কথা ঠিক যে ইয়াৰে কাৰোপৰা আমি মূল্যৱান তাত্ত্বিক অন্তৰ্দৃষ্টি লাভ কৰিব পাৰো, কিন্তু উপযুক্ত ৰাজনীতি নাপাব পাৰো, আন কাৰোপৰা হয়তো ৰাজনীতিখিনি পাম। সেইবোৰক আমি অসমৰ পৰিস্থিতিত সংহত ৰূপ দি বিকশাই তুলিব পাৰিব লাগিব। এই মুহূৰ্তত ক’বলৈ গ’লে, অসমীয়া ভাষাত কোনোৱেই তেনে এটা বিকল্প তাত্ত্বিক-ৰাজনৈতিক ফ্ৰেমৱৰ্ক নিটোল ৰূপত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। এইটো আচলতে কোনো ব্যক্তিৰে দোষ নহয়, ই এক ঐতিহাসিক সমস্যা। ইমান দিনে চলি অহা সমাজ-চিন্তাৰ আধাৰটো দুৰ্বল হৈ আহিছে যদিও সৰহভাগেই ইয়াৰ একো তৎ ধৰিব পৰা নাই – আচলতে অসমৰ বৌদ্ধিক সমাজৰ এইবোৰক লৈ একো মতলবো নাই। আনহাতে, এতিয়া বিশ্বজোৰা নব্য উদাৰতাবাদী যুগত সমাজবিজ্ঞান তথা তাত্ত্বিক-ৰাজনৈতিক চিন্তাৰ এক অস্তিত্বমূলক সংকট আহি পৰিছে – নব্য উদাৰতাবাদী সামাজিক চেতনাটো হ’ল বুদ্ধিমত্তা-বিদ্বেষী। তদুপৰি ইয়াৰ সৈতে লগ লাগিছে উৎকটভাৱে বুদ্ধিমত্তা-বিদ্বেষী হিন্দু জাতীয়তাবাদৰ আগ্ৰাসন। এনে পৰিবেশত অসমত সমাজবিজ্ঞান তথা তাত্ত্বিক-ৰাজনৈতিক চিন্তাৰ বিকাশ সহজ নহয়। তথাপি তাৰ মাজতে কিছুসংখ্যকৰ চিন্তাত নতুন ধ্যান-ধাৰণাৰ উকমুকনি দেখিবলৈ পোৱা গৈছে। তদুপৰি বিভিন্ন সামাজিক ইছ্যুক কেন্দ্ৰ কৰি কিছু সৰুসুৰা ৰাজনৈতিক সক্ৰিয়তাও সৃষ্টি হৈছে। ইয়াৰপৰাই আৰম্ভ কৰিব লাগিব। কিন্তু মনত ৰাখিব লাগিব যে কলমত তাত্ত্বিক-ৰাজনৈতিক চৰ্চা আৰু সমাজত মুক্তিকামী ৰাজনীতি – এই দুটা সমান্তৰালভাৱে চলিলেহে উদ্দেশ্য সফল হ’ব আৰু অসমীয়া ভাষাটোৱেও সংকীৰ্ণতাৰ ৰাহুগ্ৰাসৰপৰা মুক্তি লাভ কৰিব।

(ৰচনাকাল : ০৫-০৮-১৭)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , ,
Posted in প্ৰবন্ধ
2 comments on “অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা
  1. Jahnu says:

    Very well organized, meticulous and methodical analysis. Have been facing the issues of translation for quite a long time, and immediately could relate to the things that you mentioned. Commendable.

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: