বাকী মানুহবিলাকেই বুৰ্বক নে মই নিজেই বুৰ্বক কেতিয়াবা সন্দেহত ভোগো৷ মানুহবিলাকৰ বুৰ্বকামিবিলাক দেখিলে খঙেই কৰিম নে পুতৌৱেই কৰিম নে হাততালি দিম ভাবি পাৰ নাপাওঁ৷ নিতুমণি নামৰ নিৰ্মল ভকত সাংবাদিকজনে হিমন্তক প্ৰত্যাহ্বান জনাই প্ৰগ্ৰেম এটা কৰিলে৷ তাৰ পাছত এতিয়া কেৱল সেইজনৰ নামটোকে শুনিবলৈ-পঢ়িবলৈ পাই আছো৷ এনেও সেইজনৰ নাম প্ৰায়েই শুনিয়ে থাকো৷ এজনক আজি কোৱা শুনিলো – সি হিমন্তক এনেকুৱা বেয়াকে দিলে নহয়, বেলেগ যিকোনো মানুহ হোৱা হ’লে লাজতে ছুইছাইড কৰিলেহেঁতেন৷ বাকী ৰাইজৰ মন্তব্যবিলাকো এইষাৰৰ কাষে-পাঁজৰেই গৈছে৷ আমাৰ প্ৰগতিশীল ৰাইজো একেবাৰে পিছ পৰি ৰোৱা নাই৷ হেৰৌ বোপাহঁত, তোমালোকে পৃথিৱীখনৰ আওভাও কিবা বুজি পোৱানে? পলিটিক্স কি বস্তু, মাৰ্কেট কি বস্তু চিনি পোৱানে? কিবা পোৱা যদি কিয় বুৰ্বকৰ দৰে আচৰণ কৰিছা?
অসমত দেখিছো মানুহক বুৰ্বক বনোৱাটো একেবাৰে সহজ৷ ইলেক্ট্ৰনিক মেডিয়া হ’ল এখন গৰমাগৰম মাৰ্কেট, নব্যউদাৰবাদী মাৰ্কেটখনৰ এটা অংশ৷ ইয়াৰ নিজা লজিক আছে – সেই লজিক মতে সি উপাৰ্জন কৰে, সেই লজিক মতেই সি আমাৰ মানসিকতাক গঢ় দিয়ে আৰু নিয়ন্ত্ৰণ কৰে৷ অহৰহ উঠা-নমা হৈ থকা চঞ্চল এই মাৰ্কেটখনত সাংবাদিকবিলাকে নিজৰ স্থান উলিয়াই ল’বলৈ চেষ্টা কৰে – বিশেষধৰণে নিজৰ প্ৰতিমূৰ্তি গঢ় দিয়ে (যেনেকৈ বলিউডৰ হিৰ’বিলাকে নিজৰ প্ৰতিমূৰ্তি গঢ় দিয়ে), নিজৰ সামাজিক কেপিটেল গঢ় দিয়ে, আৰু এই গোটেইবিলাকৰ জৰিয়তে নিজৰ বজাৰ মূল্য বৃদ্ধি কৰে৷ নিতুমণিও সেই মাৰ্কেটৰ এটা অংশ মাত্ৰ৷ তেৱোঁ নিজৰ নিৰ্মল ভকতসুলভ গহীন-গম্ভীৰ, সৎ-সাহসী ৰূপত নিজৰ প্ৰতিমূৰ্তি বনাইছে কষ্ট কৰি – তাৰ মানে নিজৰ (লগতে চেনেলৰ) বজাৰ মূল্য বৃদ্ধি কৰিছে৷ ইয়াত আচৰিত হ’বলগা একো নাই৷ এইবিলাক মানুহ ঢৌ যিফালে যায় সেইফালেই যোৱা মানুহ – আগতেও গৈছিল, ভৱিষ্যতেও গৈ থাকিব৷ সেইবুলি নিতুমণিক বেয়া পালে নহ’ব! আচৰিত হ’বলগা আছে বুৰ্বকবিলাকৰ মূঢ় আনন্দতহে৷ মোৰ মতে নিতুমণিৰ মূল বৈশিষ্ট্যটো হ’ল তেওঁৰ সীমাহীন pretension. ইমান আতিশয্য আই বসুমতীয়ে সহ্য নকৰে৷ কিন্তু আমাৰ ৰাইজে সেইটোকে দেখি কিৰিলি পাৰি থাকে৷ সি যি নহওক, অসমৰ মেডিয়াৰ বজাৰত হিমন্ত বস্তুটো খুব ভাল চলে৷ সেইটো হিমন্তই নিজেও জানে – জানে বাবেই তেওঁ ইমান ওপৰ লেভেলৰ ৰাজনীতিক৷ আৰু চেনেলবিলাকে জানে৷ যোৱাকেইদিনতে চাওক, এটা চেনেলে হিমন্তৰ ইণ্টাৰভিউ লৈ ঘটিলে, এটাই হিমন্তৰ বিৰোধিতা কৰি ঘটিলে৷ হিমন্তৰ এনে অমৃত বচন যে তাৰ এফাকি-দুফাকি লৈ সকলোৱেই উপাৰ্জন কৰিব পাৰে৷ এইটো আজিৰ পলিটিক্স আৰু মাৰ্কেটৰ চৰিত্ৰ৷ এই চৰিত্ৰ বুজি লৈ যিয়েই কামত লগাব পাৰিব, সিয়েই সকলোকে ঠগি মহান ব্যক্তি হ’ব পাৰিব, ঠিক হিমন্তৰ নিচিনা৷
কিন্তু আমাৰ ৰাইজে এই আটাইবিলাক কাণ্ড-কাৰখানাৰ মাজত দেখি থাকে জাতীয় মহাভাৰতৰ যুদ্ধ৷ এয়া চোৱা – জাতি উঠিছে, সৌৱা ধৰা ধৰা – জাতি নামিছে৷ হিমন্তই চোৱা কেনেকৈ জাতিক বগৰাই দিছে৷ আহি গ’ল নিতুমণি – বাচি যাব জাতি, এতিয়া ক’ত পলাবা হিমন্ত, হা হা হা!! আমাৰ বহুতে পাদিলেও জাতিৰ স্বাৰ্থতেই পাদে৷ ৰাইজে নাক উজোৱাই উজোৱাই চিঞৰে – হয় হয়, জাতি জাতি গোন্ধ পাইছো৷ অসমীয়া সাহিত্য-সংস্কৃতিত বহুতো সত্ৰাধিকাৰে সত্ৰ চলাই আছে৷ তাৰ সৰহভাগ মহাপ্ৰভুৱেই বতৰৰ লগে লগে ৰং সলায় – আৰু প্ৰতিবাৰতে ভকতসৱে চিঞৰে – জয় প্ৰভুৰ জয়৷ বতৰ সলনি হৈছে বুলি গম পায়েই বৰগোহাঞি প্ৰভুৱে বাণী দিলে – জুই লৈ নেখেলিবা৷ ভকতসৱে ক’লে – ছাৰ ইমান ভাল, এনে আপোচবিহীন মহাত্মাৰ বিশ্বব্ৰহ্মাণ্ডতেই আকাল৷ এনে প্ৰভুসকলৰ মাহাত্ম্যৰে অসমখন ভৰপূৰ হৈ আছে৷ আমাৰ ৰাইজে মুখ মেলি ভেলেঙা লাগি তাকেই দৰ্শন কৰি তাকে৷
বতৰ আহিব, বতৰ যাব৷ বতৰৰ লগে লগে মানুহবিলাকে ৰং সলাই থাকিব, নিজৰ দাম বঢ়াই থাকিব, বজাৰ চলাই থাকিব৷ আৰু আমাৰ বুৰ্বকবৃন্দই সকলোকে জাতিৰ ত্ৰাণকৰ্তা সজাই হাতচাপৰি মাৰি থাকিব৷ সেইবুলি নিতুমণিক বেয়া পালে নহ’ব৷
Leave a Reply