শ্ৰীমন্ত শংকৰদেৱ সংঘৰপৰা শিকিবলগীয়া

শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পৰ্কে মোৰ বিশদ জ্ঞান নাই, ইয়াৰ পুঁজি আহৰণ সম্পৰ্কেও সম্পূৰ্ণকৈ নাজানো৷ কিন্তু সংঘৰ দেখি থকা কাম-কাজৰপৰা ধাৰণা কৰো যে ই দাঙি ধৰা অৰ্থনৈতিক আৰু সাংগঠনিক মডেলটো বৰ সুন্দৰ আৰু শিক্ষাপ্ৰদ৷ তেনে পৰ্যায়ৰ অৰ্থনৈতিক আৰু সাংগঠনিক চমৎকাৰ আন কোনো সংগঠনৰ মাজত মই দেখা নাই৷

সংঘৰ অধিবেশনৰপৰা বিদায় ল’বৰ পৰত হাজাৰ হাজাৰ ভকতে চকুপানীৰে বাট নেদেখা হয়৷ এই কান্দোনৰ অৰ্থনৈতিক আৰু সাংগঠনিক কাৰণ আছে৷ কাৰণ সংঘৰ কাম-কাজৰ সৈতে একেবাৰে তলৰ ভকতজনৰো এক সৰ্বাত্মক অংশগ্ৰহণ আছে৷ সংঘই সৃষ্টি কৰিছে সামূহিক জীৱনৰ এক মডেল – য’ত প্ৰতিজন ভকতে সমানে অংশগ্ৰহণ কৰিছে, সামূহিক চেতনাৰ মাজত নিজকে সমৰ্পণ কৰিছে৷ এইটো ঘটিছে অৰ্থনৈতিক আৰু সাংগঠনিক অংশগ্ৰহণৰ মাজেৰে, শ্ৰমৰ মাজেৰে৷ শ্ৰমৰ মাজেৰে সমস্ত ভকত বান্ধ খাই পৰিছে এক সামূহিক জীৱনত৷ এইটো এক বিৰাট সফলতা৷ আচলতে ক’বলৈ গ’লে, শংকৰদেৱ সংঘই সমবায়ৰ এক ভাল মডেল দাঙি ধৰিছে৷ দুটামান উদাহৰণ দিব পাৰি৷ সংঘৰ এখন বিশ্ববিদ্যালয় আছে৷ অসমৰ প্ৰতিটো ভকত পৰিয়ালে প্ৰতিদিনে ভাত ৰান্ধিবৰ পৰত কেইটামান চাউল বিশ্ববিদ্যালয়ৰ নামত ৰাখি থৈ যায়৷ পাছত সেই চাউলবোৰ অঞ্চল নে জিলা অনুসৰি সংগ্ৰহ কৰি বিক্ৰী কৰা হয় আৰু তাৰ পইচাটো বিশ্ববিদ্যালয়ৰ পুঁজিলৈ পঠোৱা হয়৷ এই যে ইমান ডাঙৰ অধিবেশনবোৰ পাতে, তাৰ হয়তো গোটেইবোৰ কাম ভকতসকলে নিজেই কৰে৷ ডাঙৰ ডাঙৰ ষ্টে’জ, শিবিৰ নিৰ্মাণ কৰাৰপৰা খাদ্যবস্তু প্ৰস্তুত কৰালৈকে সকলোবোৰ ভকতসমাজে সমূহীয়াভাৱে কৰে৷ বাতৰিত দেখুৱায়েই থাকে – ভকতসকলে নিজৰ বাৰীৰপৰা কাটি আনিছে ইমান লাখ কলপাত, ইমানগৰাকী গোপিনীয়ে প্ৰস্তুত কৰি উলিয়াইছে ইমান লাখ লাৰু বা পিঠা, ইমান গোপিনীয়ে বৈ উলিয়াইছে ইমান হাজাৰ গামোচা, ইত্যাদি ইত্যাদি৷ মুঠতে এক মহাকাব্যিক আয়োজন – কিন্তু বজাৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ৷ এনে অৰ্থনৈতিক আৰু সাংগঠনিক অংশগ্ৰহণৰ পাছত, এনে সমূহীয়া শ্ৰমৰ পাছত মানুহৰ চেতনা কেতিয়াও স্বাৰ্থপৰতাৰ অন্ধকূপত বন্দী হৈ ৰ’ব নোৱাৰে – সি সামূহিক চেতনাত বিলীন হৈ যাব, ঘোষিত সামূহিক পৰিচয় তথা ঐক্যৰ বান্ধোনবোৰ হৈ উঠিব প্ৰকৃতাৰ্থতেই গভীৰ আৰু স্থায়ী৷ সমবায়ৰ এনে ধাৰণাই সমাজ এখনক কেৱল স্বনিৰ্ভৰশীল আৰু বজাৰৰ নৈৰাজ্যৰপৰা সুৰক্ষিত কৰি তোলাই নহয়, বৃহৎ বৈপ্লৱিক কাৰ্যৰ বাবেও প্ৰস্তুত কৰি তুলিব পাৰে৷

প্ৰগতিশীল দল-সংগঠনে সংঘৰ মডেলটোৰপৰা শিক্ষা ল’ব পাৰে৷ কৃষক মুক্তিৰ নিচিনা সংগঠনে এনে চিন্তা কৰকচোন, তাৰ ইতিহাসেই সলনি হৈ যাব৷ খন্তেকৰ বাবে হোৱা জনসমাগমে কেতিয়াও বিপ্লৱ আনিব নোৱাৰে, কেজুৱেল আৰু উপৰুৱা অংশগ্ৰহণে এজন ব্যক্তিক কেতিয়াও যোদ্ধাত পৰিণত কৰিব নোৱাৰে৷ তাৰ বাবে লাগিব প্ৰতিজন সদস্যৰ সৰ্বাত্মক অংশগ্ৰহণ, সমূহীয়া শ্ৰমৰ যোগেদি সামূহিক পৰিচিতিৰ মাজত আত্মবিলোপন তথা সামূহিক উদ্দেশ্যৰ আত্মীকৰণ৷ ঘাম আৰু চকুপানীয়ে যেতিয়া মানুহক ঐক্যবদ্ধ কৰিব, সেই ঐক্য কোনেও ভাঙিব নোৱাৰে৷

শ্ৰীমন্ত শংকৰদেৱ সংঘই দাঙি ধৰা অৰ্থনৈতিক আৰু সাংগঠনিক মডেলটোৰপৰা বাৰু আমি সেই শিক্ষা ল’ব নোৱাৰোনে?

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: