যৌতুক নে সম্পদৰ অধিকাৰ?

আমাৰ যৌতুক সম্পৰ্কীয় আলোচনা বা তৰ্ক-বিতৰ্কবিলাকত এটা মৌলিক প্ৰশ্নৰ অনুপস্থিতি সদায়েই দেখা যায়। যৌতুক দিয়া বা লোৱাৰ ঔচিত্য তথা তাৰ লগত জড়িত অপৰাধৰ প্ৰশ্নৰেই এইসমূহ আৰম্ভণিও হয় আৰু শেষো হয়। কিন্তু তাৰ সৈতে জড়িত – সম্পদৰ ওপৰত নাৰীৰ অধিকাৰৰ প্ৰশ্নটো ক’তো উত্থাপন হোৱা দেখা নাযায়।

আমাৰ সমাজত সম্পদৰ ওপৰত নাৰীৰ অধিকাৰ কিমান? ডাঙৰ মানুহৰ ঘৈণীয়েকবিলাক, নিজৰ ভৰিত নিজেই থিয় দিয়া খুব কমসংখ্যক নাৰী আৰু সচেতন পৰিয়ালৰ কিছু নাৰীক বাদ দিলে বস্তুগত সম্পদৰ ওপৰত নাৰীৰ অধিকাৰ নাই বুলিয়েই ধাৰণা হয়। যি আছে চব পুৰুষৰ নামতেই আছে। গতিকে নাৰী-পুৰুষৰ সমতাৰ কথা যদি পাতিবলৈ হয়, পোনপ্ৰথমেই সম্পদৰ ওপৰত অধিকাৰৰ প্ৰশ্নটো আহিব লাগে। দাবী উঠিব লাগে – পুৰুষৰ সমানেই নাৰীয়ে স্থাৱৰ-অস্থাৱৰ সকলোধৰণৰ ব্যক্তিগত সম্পদ বা সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব লাগে।

আইনৰ কথা যদি ক’বলৈ যাওঁ, ভাৰতত কোনো ইউনিফৰ্ম চিভিল ক’ড নাই; ইয়াত সম্পত্তিৰ উত্তৰাধিকাৰৰ প্ৰশ্নটো ধৰ্ম অনুসৰি কাষ্টমেৰি আইন মতেই নিৰ্ধাৰণ কৰা হৈছে। গতিকে পুৰুষ বা নাৰীৰ সম্পত্তিৰ উত্তৰাধিকাৰৰ কথাটো নিজৰ নিজৰ ধৰ্মৰ কাষ্টমেৰি আইন মতে হ’ব। এই লৈ কোনো বহল আলোচনালৈ নগৈও এই কথা ক’ব পাৰি যে আজিৰ তাৰিখত আইন মতে উত্তৰাধিকাৰ সূত্ৰে পাব লগা সম্পত্তিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত পুত্ৰ আৰু কন্যাৰ মাজত কোনো বৈষম্য নাই। গতিকে সৰলীকৃত ৰূপত ক’বলৈ গ’লে, সাধাৰণ অৱস্থাত সম্পত্তিৰ অধিকাৰী এজন ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ-কন্যাই সম্পত্তিৰ সমান সমান ভাগ পাব লাগে। কিন্তু সমাজৰ বাস্তৱ ছবিখন সম্পূৰ্ণ ওলোটা নহয়নে?

সমাজত পৰম্পৰা অনুসৰি সম্পত্তিৰ মালিকীস্বত্ব পুৰুষৰ হাততেই ন্যস্ত থাকে, আৰু সেয়ে পুৰুষৰ হাতৰপৰা পুৰুষৰ হাতলৈকে সি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি প্ৰবাহিত হৈ থাকে। নাৰীয়ে কেৱল অস্থায়ীভাৱে বা চৰ্ত সাপেক্ষেহে, provisionally, সেই সম্পত্তি ভোগ কৰি থাকে। বাপেকৰ সম্পত্তি পুতেকে পাব – মাকেও নাপায়, জীয়েকেও নাপায়। কিন্তু মাক-জীয়েক দুয়ো থকা সময়ছোৱাত সেই সম্পত্তি নিজৰ বুলিয়েই ভোগ কৰি থাকিব পাৰিব।

এনে সামাজিক প্ৰেক্ষাপটত বিয়াৰ পাছত যেতিয়া ছোৱালীগৰাকী ল’ৰাৰ ঘৰলৈ চিৰকালৰ বাবে বাস কৰিবলৈ গুচি যায় (সমাজবিজ্ঞানত যাক patrilocality বুলি কোৱা হয়), তেওঁ লগত কোনো উল্লেখযোগ্য সম্পদ হস্তান্তৰিত কৰি লৈ নাযায়। তেওঁৰ নিজাকৈ যদি কিবা জীৱিকা থাকে সেইটো স্বাৱলম্বিতাৰ এটা অৱলম্বন হ’ব পাৰে – যি চূড়ান্তভাৱে ল’ৰাৰ ওপৰত নিৰ্ভৰশীলতাৰপৰা ৰেহাই দিব পাৰে। ইয়াৰ অন্যথা ছোৱালীগৰাকী চিৰদিনৰ বাবে ল’ৰাৰ পাৰিবাৰিক ঘৰ আৰু সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। অৰ্থাৎ পুৰুষতান্ত্ৰিক সমাজৰ এই patrilocal ব্যৱস্থাটোত বিবাহিত নাৰী আৰু পুৰুষৰ সম্পৰ্কটো অন্তৰ্নিহিতভাৱেই অসমান। ল’ৰাৰ ঘৰখন ল’ৰাৰ নিজৰ ঘৰ যাৰ ওপৰত তেওঁৰ মালিকীস্বত্ব আছে বা অৱধাৰিতভাৱে আহি আছে, আৰু সেই ঘৰত থকা মানুহবোৰো ল’ৰাৰ নিজৰ মানুহ। কিন্তু বিয়া হৈ অহা ছোৱালীগৰাকী নিজে অকল মানুহজনীহে, যাৰ হাতত কোনো সম্পদৰ অধিকাৰ নাই। গতিকে এই চূড়ান্তভাৱে অসমান সম্পৰ্কটো সুখকৰ হ’বনে নহয় সেইটো নিৰ্ভৰ কৰে ঘাইকৈ ল’ৰাৰ ঘৰখন ‘ভাল’ হোৱাৰ ওপৰত। কিন্তু গাঁথনিগতভাৱে অসমান ব্যৱস্থা এটাৰপৰা আমি কেনেদৰে দীৰ্ঘস্থায়ীভাৱে বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্ক আশা কৰিব পাৰো? ক্ষমতাশালী আৰু নিঃকিনৰ মাজৰ সম্পৰ্কত সমতা আৰু ন্যায়ৰ গেৰাণ্টি কোনে দিব? গতিকে নাৰীৰ ওপৰত যৌতুকৰ নামত অত্যাচাৰেই হ‌ওক বা আন গাৰ্হস্থ্য হিংসাই হ‌ওক বা সূক্ষ্ম স্তৰৰ সাংস্কৃতিক হিংসাই হ‌ওক, আচল অন্তৰ্নিহিত কাৰণটো হ’ল সম্পদ আৰু ক্ষমতাৰ বৈষম্য। এনে অৱস্থাত কেৱল নৈতিক আবেদন বা আইনৰ ভয় দেখুওৱাৰ জৰিয়তে বৈবাহিক সম্পৰ্কৰ সমতা আৰু ন্যায় নিশ্চিত কৰিব নোৱাৰি। তাৰ বাবে লাগিব নাৰীৰ বস্তুগত ক্ষমতা, যাৰ এটা প্ৰধান অৱলম্বন হ’ল সম্পদৰ ওপৰত অধিকাৰ।

এইখিনিতে যৌতুকৰ কথাটো আহি পৰে। যৌতুক এটা বৰ সমস্যাজনক পৰম্পৰা, যাৰ সমস্যাসমূহ নতুনকৈ দেখুৱাই দিবলৈ একো নাই। কিন্তু যৌতুক এনে এটা ব্যৱস্থা যাৰ জৰিয়তে কিছু পৰিমাণৰ সম্পদ নাৰীয়ে নতুন ঘৰখনলৈ লৈ যাব পাৰে, আৰু যিখিনি সম্পদৰ ওপৰত নাৰীৰ সম্পূৰ্ণ অধিকাৰ থাকে। গিৰীয়েকৰ ঘৰখনৰ ক্ষমতা-গাঁথনিত নাৰীৰ অৱস্থান আৰু দৰদামৰ ক্ষমতা ৰক্ষা কৰাত সি কিছু দূৰলৈ সহায় কৰিব পাৰে। অৰ্থাৎ আন একো অৱলম্বন নথকা অৱস্থাত যৌতুকলব্ধ সম্পদে নাৰীৰ সীমিত অধিকাৰ আৰু ক্ষমতাৰ আধাৰ হিচাপে কাম কৰিব পাৰে। গতিকে সম্পদৰ ওপৰত নাৰীৰ অধিকাৰ নথকা এখন বৈষম্যপূৰ্ণ সমাজত যৌতুকক খেৰকুটা এডাল বুলি ক’ব পাৰি, যাক বিপদগ্ৰস্ত নাৰীয়ে খামুচি ধৰিব পাৰে। শোষণমূলক আৰু সমস্যাজনক ব্যৱস্থা হিচাপে যৌতুক প্ৰথাক সমূলঞ্চে উৎখাত কৰা উচিত। কিন্তু প্ৰশ্ন হ’ল, তাৰ সলনি আমি নাৰীৰ হাতত কি তুলি দিম? খেৰকুটাডাল কাঢ়ি লোৱাৰ পাছত নাৰীয়ে খামুচি ধৰিবলৈ কোনখন সবল হাত আমি আগ বঢ়াই দিম?

এইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাই। সম্পদৰ ওপৰত নাৰীৰ অধিকাৰ, বিশেষকৈ উত্তৰাধিকাৰী স্বত্বৰ ক্ষেত্ৰত পুৰুষৰ সৈতে সম অধিকাৰ আমাৰ সামাজিক আন্দোলনৰ এটা প্ৰধান দাবীত পৰিণত হ’ব লাগে। নাৰীৰ সামগ্ৰিক অধিকাৰ আৰু স্বাধীনতাৰ সংগ্ৰামত ই প্ৰাথমিক গুৰুত্ব পাব লাগে। আশ্চৰ্যকৰভাৱে এই প্ৰশ্নটোৰ অস্তিত্ব আমাৰ নাৰীবাদী আন্দোলন তথা চৰ্চাৰ মাজত পাবলৈ টান।

সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত হ’লে যৌতুক বা তৎসদৃশ আন প্ৰথাসমূহ স্বয়ংক্ৰিয়ভাৱে বিকল হৈ পৰিব। কিন্তু এইটো সহজ কথা নহয়। আৰু সেইটো নোহোৱালৈ সেই অধিকাৰৰ সৈতে যৌতুকৰ বিৰোধপূৰ্ণ কথাটো কেনেকৈ মীমাংসা কৰা যাব সেইটোও জটিল প্ৰশ্ন। যৌতুকক আমি এক মৃত্যু-পূৰ্ব (pre mortem) আৰু আংশিক উত্তৰাধিকাৰ হস্তান্তৰকৰণ বুলি ক’ব পাৰো যিটো নাৰীয়ে পিতৃগৃহৰপৰা নিজৰ নামত লাভ কৰে। আনহাতে, সম্পদৰ উত্তৰাধিকাৰৰ কথাটো আহি পৰে স্বত্বাধিকাৰী পিতৃৰ মৃত্যুৰ পাছতহে। গতিকে নাৰীয়ে উত্তৰাধিকাৰ সূত্ৰে পাবলগা পৈত্ৰিক সম্পত্তিৰ অংশভাগ বিয়াৰ সময়তে দাবী কৰিব নে শুদা হাতে বিয়া হৈ গৈ তাৰ পাছত মাক-দেউতাকৰ মৃত্যুলৈ বাট চাই থাকিব উত্তৰাধিকাৰৰ বাবে? ইয়াৰ কোনোটো প্ৰশ্ন‌ই উজু নহয়। প্ৰকৃতপক্ষে ক’বলৈ গ’লে, ইয়াৰ সুমীমাংসাৰ বাবে আমাৰ বিবাহ ব্যৱস্থা আৰু সম্পত্তিৰ উত্তৰাধিকাৰ ব্যৱস্থা – দুইটাৰে গাঁথনিগত সংস্কাৰৰ প্ৰয়োজন হ’ব। গতিকে কি কৰা হ’ব আৰু কেনেকৈ কৰা হ’ব সেইটো বহল আলোচনা আৰু বিতৰ্কৰ যোগেদিহে নিৰ্ধাৰণ কৰিব পৰা যাব। গতিকে প্ৰথমে বিষয়টো প্ৰশ্নৰ কাঠগড়াত তোলাটো জৰুৰী।

সি যি নহ‌ওক, সদ্যহতে যৌতুক প্ৰথাটো ক্ষেত্ৰবিশেষে চলি থাকিবলৈ দিয়াৰ বিকল্প নাই। কিন্তু যৌতুক ল’ব লাগে নাৰীয়েহে – পুৰুষে নহয়। পুৰুষৰ হাতৰপৰা সেই ক্ষমতা নাৰীয়ে নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিব লাগে। গিৰীয়েকৰ বাবে নহয়, বৰং গিৰীয়েকৰ বিপৰীতে নিজৰ অৱস্থান আৰু দৰদামৰ ক্ষমতা সাব্যস্ত কৰিবলৈকে যৌতুক ল’ব লাগে। কিন্তু তাৰ প্ৰাথমিক চৰ্তটো হ’ব লাগে, সি নিজৰ লগতে পিতৃ পৰিয়ালৰ বাবেও শোষণমূলক হ’ব নালাগে।

(ৰচনাকাল: ১৯-১২-২০২২)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.