গণতন্ত্ৰৰ অগ্নিপৰীক্ষা

যোৱা ৯ ফেব্ৰুৱাৰি তাৰিখে দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্ছিটি (জে এন ইউ)ত যিসকল ছাত্ৰ বা অন্য ব্যক্তিয়ে আফজল গুৰুৰ ফাঁচী তথা কাশ্মীৰৰ স্বাধীনতাৰ বিষয়ক কেন্দ্ৰ কৰি ভাৰত-বিৰোধী শ্লোগান দিছিল, সেয়া পূৰামাত্ৰাই গৰিহণাযোগ্য। নিৰপেক্ষভাৱে সেই ঘটনাৰ তদন্ত হ’ব লাগে আৰু দোষীসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনসন্মতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এতিয়া আমি উপৰোক্ত ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিচিত্ৰ আৰু ওপৰা-উপৰি ঘটনাচক্ৰৰ দুটামান দিশ সম্পৰ্কে চমু বক্তব্য দাঙি ধৰিবলৈ যত্ন কৰিম। আমাৰ ভাব হয় যে এই মুহূৰ্তটো ভাৰতীয় ৰাজনীতিৰ এটা ঐতিহাসিক মুহূৰ্ত, আৰু সেই হিচাপে ইয়াৰ মাজত ভাৰতৰ সমাজ তথা ৰাজনীতিৰ বহুবোৰ কেন্দ্ৰীয় দ্বন্দ্বৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। আনহাতে, কিছু দিন পূৰ্বে হায়দৰাবাদ বিশ্ববিদ্যালয়ত ৰোহিত ভেমুলাৰ আত্মহত্যাৰ আগে-পিছে সংঘটিত ঘটনাৰাজিৰপৰা জে এন ইউৰ বৰ্তমান ঘটনাৰাজিলৈকে – এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়াৰ কিছুমান শীৰ্ষবিন্দু মাত্ৰ, যিটো প্ৰক্ৰিয়া ক্ৰমাৎ সিদ্ধিলাভৰ দিশে অগ্ৰসৰ হৈ আছে। সেই দিশৰপৰা জে এন ইউৰ ঘটনাৰাজিৰ সম্পৰ্ক কেৱল ৰোহিম ভেমুলা-কেন্দ্ৰিক ঘটনাৰাজিৰ সৈতেই আছে, তেনে নহয় – শেহতীয়া দশকসমূহত হোৱা ভাৰতীয় অৰ্থনীতি-ৰাজনীতিৰ মৌলিক ৰূপান্তৰৰ সৈতে, শেহতীয়া এক-ডেৰ বছৰত ঘটা ভাৰতৰ ৰাজনীতিৰ ক্ৰমাগত দিশ পৰিবৰ্তনৰ সৈতে ইয়াৰ অংগাংগী সম্পৰ্ক আছে। গতিকে কেৱল ভাৰত-বিৰোধী শ্লোগানকেইটাৰ পুনৰাবৃত্তি আৰু পুনৰালোচনাৰ জৰিয়তে এই ঘটনাৰাজিৰ গভীৰ আৰু বহুমাত্ৰিক চৰিত্ৰ বুজিব পৰা নাযায়। বিজেপি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এ বি ভি পি) তথা সংঘ পৰিয়ালৰ অন্যান্য দল-সংগঠন আৰু হিন্দু জাতীয়তাবাদৰ মতাদৰ্শধাৰীসকলে কিন্তু সেইটোকে কৰি আছে। তেওঁলোকে উক্ত শ্লোগান দিয়া কাৰ্যৰ পৰৱৰ্তী সময়ত ঘটা সমস্ত ঘটনাৰাজিৰ ব্যাখ্যা দিব বিচাৰে, সকলোধৰণৰ আলোচনা-সমালোচনাৰ প্ৰত্যুত্তৰ দিব বিচাৰে, ‘জাতিদ্ৰোহী’সকলৰ বিৰুদ্ধে বৰ্তমান আৰু ভৱিষ্যতৰ সকলোধৰণৰ প্ৰতিহিংসাৰ ন্যায্যতা প্ৰতিপন্ন কৰিব বিচাৰে তথা প্ৰৰোচনাৰ জৰিয়তে ভৱিষ্যতৰ বাবে তেনে ‘জাতিপ্ৰেমী’ প্ৰতিহিংসাৰ ধাৰাবাহিকতা নিশ্চিত কৰিব বিচাৰে – কেৱল সেই শ্লোগানকেইটা (বা শ্লোগানকেইটা সন্নিৱিষ্ট ভিডিঅ’ আদিৰ)ৰ অহৰহ পুনৰাবৃত্তি আৰু পুনৰুৎপাদনৰ জৰিয়তে। আচলতে এয়া হ’ল ফেছিবাদৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে যিসকল ব্যক্তিয়ে নিজকে গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী বুলি আন্তৰিকতাৰে বিশ্বাস কৰে, আমি ভাবো যে তেওঁলোক সকলোৱে পোনপ্ৰথমে ‘জাতিদ্ৰোহী’-‘জাতিপ্ৰেমী’ৰ এই সহজ দ্বৈত বিভাজনৰ ফান্দৰপৰা নিজক মুক্ত কৰা দৰকাৰ। এই ঘটনাচক্ৰই দাঙি ধৰা বহুতো ইছ্যুৰ ভিতৰত আমাৰ চকুত পৰা দুটামান হ’ল এনেধৰণৰ : সংবিধান অৱমাননা বা ছেডিশ্যনৰ প্ৰসংগ, কাশ্মীৰৰ স্বাধীনতাৰ প্ৰসংগ, আফজল গুৰুৰ ফাঁচীৰ প্ৰসংগ, বিশ্ববিদ্যালয়ৰ স্বায়ত্ততাৰ প্ৰসংগ, বিশ্ববিদ্যালয় কেম্পাছৰ বৌদ্ধিক বাতাবৰণৰ প্ৰসংগ, সাম্প্ৰতিক আৰ্থ-ৰাজনৈতিক প্ৰেক্ষাপটত উচ্চশিক্ষাৰ সমস্যা সম্পৰ্কীয় প্ৰসংগ, ছাত্ৰ ৰাজনীতিৰ প্ৰসংগ, মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰসংগ, বাঁও ৰাজনীতিৰ প্ৰসংগ, হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰসংগ, জাতীয়তাবাদ তথা ভাৰতীয় জাতীয়তাবাদৰ চৰিত্ৰ আৰু অন্তৰ্দ্বন্দ্ব সম্পৰ্কীয় প্ৰসংগ, সাংবাদিকতাৰ সাম্প্ৰতিক ৰেহৰূপ সম্পৰ্কীয় প্ৰসংগ আদি। এই ইছ্যুসমূহ ভাৰতত বহু-আলোচিত আৰু বহু-বিতৰ্কিত। আনহাতে, এইসমূহ ইটো সিটোৰপৰা পৃথক নহয়, বৰং সেইসমূহৰ মাজত ঘনিষ্ঠ আন্তঃসম্পৰ্ক আছে। সি যি নহওক, এইধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিত আৰু ঘটনাচক্ৰৰ বহুপল্লৱিত লুটি-বাগৰৰ পৰিণতিত চৌপাশ ধোঁৱা-কোঁৱা হৈ পৰে – তাৰ মাজৰপৰা সাধাৰণতে আমি নিজৰ চকুত অধিক গুৰুত্বপূৰ্ণ যেন লগা আৰু নিজৰ আদৰ্শৰ পক্ষে যোৱা ইছ্যুসমূহকে আলোচনাৰ বাবে বাছি লওঁ, আমাতকৈ ভিন আদৰ্শত বিশ্বাসীজনে হয়তো আন কিছুমান ইছ্যু বাছি লয়। আমি ভাবো যে এনেধৰণৰ ঘটনাচক্ৰৰ আলোচনা কৰোতে এই জটিল আৰু বহুমাত্ৰিক ৰূপটোৰ প্ৰতি চকু ৰখা প্ৰয়োজনীয়। আমি কি ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিম বা কি মত পোষণ কৰিম, সেইটো অতিকে গুৰুত্বপূৰ্ণ কথা। কিন্তু এনেধৰণৰ ঘটনাৰাজিক যিসকলে ‘জাতিদ্ৰোহী’-‘জাতিপ্ৰেমী’ৰ সৰল সূত্ৰৰে ব্যাখ্যা কৰিব খোজে তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য যে সৎ নহয়, সেইটো বুজি পোৱাটোও অতিকে জৰুৰী। তেওঁলোকে ঘটনাৰাজিৰ লগত জড়িত জটিল প্ৰশ্নসমূহৰ মুখামুখি কিয় হ’ব নোৱাৰে, কিয় সেই প্ৰশ্নসমূহক সৰল দ্বিবিভাজনেৰে চেপি-খুন্দি ৰাখিব বিচাৰে – এই প্ৰশ্নও আমি কৰা দৰকাৰ। সি যি নহওক, আমাৰ এই লেখাটো উপৰোক্ত বিভিন্ন ইছ্যুক সামৰি লৈ লিখা পূৰ্ণাংগ আলোচনা নহয়, ঘটনাৰাজি সম্পৰ্কে আমি আগ বঢ়োৱা থূলমূল বিক্ষিপ্ত বক্তব্যহে। কোৱা বাহুল্য যে আলোচ্য ঘটনাৰাজি সম্পৰ্কে এই মুহূৰ্তত শেষ কথা কোৱা নাযায় : অদূৰ ভৱিষ্যতে আৰু কি কি ঘটিবলৈ গৈ আছে বা আৰু কিধৰণৰ ওলোটা পাক মাৰিবলৈ গৈ আছে, এই মুহূৰ্তত ক’ব পৰা নাযায়।

গম পোৱা গৈছে যে ভাৰত-বিৰোধী শ্লোগান দিয়াকেইজন ঘাইকৈ ডেম’ক্ৰেটিক ষ্টুডেণ্ট ইউনিয়ন (ডি এছ ইউ)ৰ প্ৰাক্তন সদস্য তথা কাশ্মীৰী যুৱক। ডি এছ ইউ এটা মাওবাদত বিশ্বাসী বাঁওপন্থী ছাত্ৰ সংগঠন। তেনেধৰণৰ প্ৰতিক্ৰিয়াশীল, দায়িত্বজ্ঞানহীন, হঠকাৰী আৰু মূৰ্খামিপ্ৰকাশক শ্লোগান বাঁও সংগঠন এটাৰ লগত জড়িত ব্যক্তিৰপৰা অহাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, ৰাজনৈতিকভাৱে চূড়ান্ত ক্ষতিকৰো। সংগঠনটোৱে ঘটনাটোৰ প্ৰতি কেনে স্থিতি গ্ৰহণ কৰিছে? আমি ভাবো যে বাঁওপন্থী দল-সংগঠনবিলাকে এই ক্ষেত্ৰত স্পষ্ট স্থিতি তথা সেইধৰণৰ হঠকাৰী কাৰ্যকলাপৰপৰা নিজৰ ৰাজনৈতিক পাৰ্থক্য স্পষ্টভাৱে ঘোষণা কৰাটো জৰুৰী – কিয়নো এই ঘটনাৰাজিয়ে সামগ্ৰিকভাৱে বাঁও ৰাজনীতি সম্পৰ্কে জনমানসত এক বিৰূপ ধাৰণা সৃষ্টি কৰি হিন্দু জাতীয়তাবাদক অধিক সাৰ-পানী যোগোৱাৰ সম্ভাৱনা খুবেই বেছি। ক’বলৈ গ’লে, এই ঘটনাৰাজি হিন্দু জাতীয়তাবাদৰ বাবে বৰ সুবিধাজনক – এতিয়া ‘জাতিপ্ৰেমী’ হিন্দু জাতীয়তাবাদীসকলক আগ্ৰাসী ভূমিকাত দেখা গৈছে আৰু ‘জাতিদ্ৰোহী’ অন্যান্যসকলে আত্মৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। কিছুদিন আগলৈকে, আনকি ৰোহিত ভেমুলাৰ ঘটনালৈকে হয়তো তেনে হোৱা নাছিল। তাৰ কাৰণ হয়তো ঘাইকৈ শ্লোগান দিয়াসকলৰ ৰাজনৈতিক মূৰ্খামি বা অসাধুতা। কিন্তু আন এটা দিশৰ ওপৰতো গুৰুত্ব দিয়া দৰকাৰ। সন্ত্ৰাসবাদ তথা মৌলবাদৰ বিভীষিকা, মিডিয়া-নিয়ন্ত্ৰিত ৰাজহুৱা পৰিসৰ, অন্ধ জাতিপ্ৰেমৰ দপদপনিৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিপ্ৰেক্ষিতত আফজল গুৰুৰ দৰে প্ৰতীক এটা প্ৰতিবাদৰ বাবে গ্ৰহণ কৰাটো অপৰিপক্বতাৰ পৰিচায়ক। আফজল গুৰুৰ বিচাৰপ্ৰক্ৰিয়া বা ফাঁচী দানৰ আঁৰত যিমানেই অন্যায় বা অবিচাৰ নহওক লাগিলে – তাক আন্দোলন এটাৰ প্ৰতীকৰূপে গ্ৰহণ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি, লাগিলে সি সদিচ্ছাপ্ৰণোদিতই হওক। আচলতে আপুনি কি বুলি আত্মৰক্ষা কৰিলে সেইটো ডাঙৰ কথা নহয় – আত্মৰক্ষা কৰিবলগা হোৱাটোৱেই আপোনাৰ এক পশ্চাদপসৰণ, এক ধৰণৰ সাময়িক পৰাজয়।

দেখা গৈছে যে জে এন ইউৰ ঘটনাৰ পাছত বিশ্ববিদ্যালয়খনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে চলোৱা পুলিচী আক্ৰমণ তথা আগ্ৰাসন, ছাত্ৰ সংগঠনৰ সভাপতি কানাইয়া কুমাৰ আৰু অন্যান্যসকলৰ গ্ৰেপ্তাৰ আৰু অত্যাচাৰ, পাতিয়ালা হাউছ ক’ৰ্টত বিজেপি নেতা তথা হিন্দুত্ব ভাবাপন্ন উকীলৰদ্বাৰা চি পি আই কৰ্মী তথা সাংবাদিকৰ ওপৰত আক্ৰমণ আদি ঘটনাক যেয়ে সমালোচনা কৰিছে তেওঁৰ ওপৰতে ‘জাতিদ্ৰোহী’, ‘ভাৰত-বিৰোধী’ আদি মাৰ্কা লগাই দিয়া হৈছে। গতিকে প্ৰশ্ন হ’ব, সেই জাতিৰ সংজ্ঞা কি, সেই জাতীয়তাবাদৰ মৰ্ম কি? তাৰ উত্তৰ পাবলৈ আমি ‘টাইমছ নাও’ চেনেলৰ অৰ্ণৱ গোস্বামীৰ ওচৰ চাপিব পাৰো। ভাৰতৰ ইংৰাজী মিডিয়াৰ হিৰ’ জধামূৰ্খ এই সাংবাদিকজনে দৈনিক তেওঁৰ ‘তৰ্ক’ৰ অনুষ্ঠানত চূড়ান্ত গুণ্ডামি আৰু মূৰ্খামিৰে বিভিন্নজনক জেৰা কৰি আহিছে আৰু জাতিপ্ৰেম-জাতিদ্ৰোহৰ সংজ্ঞা নিৰ্ধাৰণ কৰি আহিছে। এই ঘটনাৰাজিৰ ক্ষেত্ৰতো দেখা গ’ল যে তেওঁ চৰকাৰ তথা সংঘ পৰিয়ালৰ কাৰ্যকলাপক সমৰ্থন নকৰা বা সমালোচনা কৰা সকলোকে ‘জাতিদ্ৰোহী’ বুলি অভিহিত কৰিছে আৰু আওপকীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে প্ৰতিহিংসাত উচটনি যোগাইছে। এই কাম একেধৰণে অন্যান্য বহুতো চেনেলেও কৰি আছে। ইয়াক কিবা মছলা সাংবাদিকতা, নে চামচা সাংবাদিকতা, নে ছেলফি সাংবাদিকতা বুলি কোৱা যাব, বা সাংবাদিকতা বুলিয়ে কোৱা যাব নে নাযায় – সেয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল অৰ্ণৱ গোস্বামী বা এই চেনেলসমূহ নিজে বেমাৰটো নহয়, বেমাৰৰ লক্ষণহে। তেওঁলোকে নিয়মিত যি বিষ ঢালি দিছে তাক গলাধঃকৰণ কৰিবলৈ গোটেই ভাৰতবৰ্ষজুৰি (বা বাহিৰতো, এন আৰ আই ভাৰতীয়সকলৰ দেশপ্ৰেম বহুগুণে চৰা) জাতিপ্ৰেমীসকল বহি আছে। সেইসকল হ’ল মধ্যবিত্ত শ্ৰেণীটো। এই মধ্যবিত্ত শ্ৰেণীটোৱে মাত্ৰ এটা কথাই জানে যে ভাৰত হ’ল সৰ্বশ্ৰেষ্ঠ, আৰু ভাৰতৰ যদি কিবা সমস্যা আছে সেইটো হ’ল দুৰ্নীতি। কিন্তু দুৰ্নীতিৰ এই ধাৰণাটো কেনেধৰণৰ? সেই অনুসৰি দুৰ্নীতি হ’ল ‘ৰাজনৈতিক পৰিসৰ’ৰ বস্তু বা ৰাজনীতিৰ অৱধাৰিত পৰিণতি – দুৰ্নীতিকাৰীসকল হ’ল মন্ত্ৰী, বিধায়ক, আমোলা আদিসকল। তাৰ বিপৰীতে হ’ল ‘জনগণ’, যাক মধ্যবিত্ত শ্ৰেণীয়ে নিজে প্ৰতিনিধিত্ব কৰে। কিন্তু বাস্তৱিকতে দুৰ্নীতিৰ প্ৰধান হিতাধিকাৰী শ্ৰেণী হ’ল মধ্যবিত্ত শ্ৰেণীটোৱেই। দুৰ্নীতিৰ জনপ্ৰিয় ধাৰণাত শ্ৰেণীটোৰ নিজৰ এই স্বৰূপটো লুকুৱাই ৰখা হয়, আৰু দুৰ্নীতিক চিত্ৰিত কৰা হয় নিজৰ বিপৰীত হিচাপে, ঘৃণনীয় বস্তু হিচাপে। যিহেতু ৰাজনীতিয়ে অৱধাৰিতভাৱেই দুৰ্নীতিৰ আবিৰ্ভাব ঘটায়, গতিকে এই শ্ৰেণীটোৱে ৰাজনীতিক বৰ ঘৃণা কৰে – যাক কোৱা হয় লেতেৰা ৰাজনীতি। তেওঁলোকে মোডীক খুব ভাল পায় – কাৰণ মোডীয়ে ৰাজনীতি নকৰে। ৰাজনীতিৰ ঊৰ্ধ্বত অৱস্থান কৰি মোডীয়ে জনগণৰ হকে কাম কৰে, ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীত প্ৰতিষ্ঠা কৰে। এনে কাৰণতে বিশ্ববিদ্যালয়ৰ ভিতৰত ছাত্ৰই ৰাজনীতি কৰে – তেনে এটা কথা মধ্যবিত্ত শ্ৰেণীটোৱে কোনোমতেই সহ্য কৰিব নোৱাৰে। দেশৰ বা সমাজৰ কোনো সমস্যাৰে ব্যৱস্থাগত কাৰণসমূহ তেওঁলোকে শুনিব নোখোজে, কাৰণ সিবিলাকৰ মাজত ৰাজনীতিৰ ‘গোন্ধ’ পোৱা যায়। গোমাংস ৰখাৰ অভিযোগত হিন্দুত্ববাদী গুণ্ডাই দাদ্ৰীত ঘটোৱা হত্যাকাণ্ড গৰিহণাযোগ্য, কিন্তু তাৰ সৈতে সাম্প্ৰদায়িকতাৰ সম্পৰ্ক আছে বুলি ক’ব নোৱাৰি। ৰোহিত ভেমুলাৰ আত্মহত্যা আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰে কৰা অনাহক হস্তক্ষেপ গৰিহণাযোগ্য, কিন্তু ঘটনাৰাজিৰ সৈতে বৰ্ণবাদৰ সম্পৰ্ক আছে বুলি ক’ব নোৱাৰি, ৰোহিতে প্ৰতিনিধিত্ব কৰা আদৰ্শৰ কথা ক’ব নোৱাৰি। নিৰ্ভয়াৰ ধৰ্ষণ এক জঘন্য ঘটনা, কিন্তু পুৰুষতন্ত্ৰৰ বিষয়ে আলোচনা কৰিব নোৱাৰি। – এই ভিতৰি ফোঁপোলা মধ্যবিত্ত শ্ৰেণীটো আৰু বিশেষকৈ তাৰ অত্যুৎসাহী যুৱ প্ৰজন্মটোক আধাৰ কৰিয়েই শেহতীয়াভাৱে হিন্দু জাতীয়তাবাদৰ জোৰদাৰ আগ্ৰাসন চলিব ধৰিছে। হিন্দুত্ববাদৰ নিজৰ ভাল বুদ্ধিজীৱী নাই বুলিলেও হয় – যি আছে সেইসকল হ’ল নিম্নস্তৰৰ পুস্তিকা লিখিব পৰা মানুহ। এনে ক্ষেত্ৰত কাম হাচিল কৰা হৈছে বুদ্ধি-বিৰোধিতা বা চিন্তা-বিৰোধিতাক (anti-intellectualism) উচ্চ আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ মাধ্যমেৰে। উচ্চ শিক্ষা, গৱেষণাকে আদি কৰি বিভিন্ন উচ্চ প্ৰতিষ্ঠানত হিন্দুত্ববাদৰ অনুগত যোগ্যতাবিহীন লোকক দিয়া নিযুক্তি তথা আন বিভিন্নধৰণৰ অন্যায়মূলক আৰু অনাহক হস্তক্ষেপৰ যোগেদি কেৱল তেওঁলোকৰ মতাদৰ্শগত আধিপত্যকে যে প্ৰতিষ্ঠা কৰিব খোজা হৈছে তেনে নহয়, সংশ্লিষ্ট বিষয়সমূহ চৰ্চা তথা গৱেষণাৰ যি বিদ্যায়তনিক শৃংখলা তাকেই নস্যাৎ কৰা হৈছে। উদাহৰণস্বৰূপে, তেওঁলোকে ইতিহাস চৰ্চাৰ যোগেদি হিন্দুত্ববাদী ইতিহাস সৃষ্টি কৰিব নোখোজে, বৰং তেওঁলোকে বিচাৰে ইতিহাস অধ্যয়নৰ বিদ্যায়তনিক ফ্ৰেমৱৰ্কটোকে দলিয়াই পেলাবলৈ – আৰু তাৰ ঠাইত মিথ’ল’জিকে ইতিহাস বুলি চলাবলৈ। সেই উদ্দেশ্যে সংঘ পৰিয়ালৰ মিথ্যা উৎপাদনৰ কাৰখানাৰপৰা নিয়মিতভাৱে অজস্ৰ মিথ্যা আৰু মিথ ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমেৰে বিয়পাই দি থকা হৈছে। গতিকে যিকোনো ছিৰিয়াছ আৰু ক্ৰিটিকেল চিন্তাই তেওঁলোকৰ ঘোৰ শত্ৰু। এনেকুৱা প্ৰেক্ষাপটত হিন্দু জাতীয়তাবাদৰ ধ্বজা আগুৱাই নিবলৈ কিবা পণ্ডিতৰ প্ৰয়োজন আছে জানো? আনহাতে, চূড়ান্তভাৱে চিন্তা-বিৰাগী মধ্যবিত্ত শ্ৰেণীটোৰ বাবে ইয়াতকৈ ভাল কথা কি হ’ব পাৰে? তেওঁলোকক লাগে ৰেডিমেড আৰু সৰলীকৃত ফৰ্মুলা – দিন নে ৰাতি, ভাল নে বেয়া, জাতিপ্ৰেমী নে জাতিদ্ৰোহী। এই ফৰ্মুলা যোগান ধৰিবলৈ সংঘ পৰিয়াল আছে, আৰু আছে অৰ্ণৱ গোস্বামী। তেনেহ’লে মুক্ত চিন্তাৰ বাতাবৰণ থকা জে এন ইউ অৱধাৰিতভাৱেই তেওঁলোকৰ সমস্ত ঘৃণাৰ পাত্ৰ। এইটো কাৰণতে হিন্দু জাতীয়তাবাদে বিশ্ববিদ্যালয়সমূহক আক্ৰমণৰ ঘাই লক্ষ্য হিচাপে বাছি লৈছে।

কিছুদিনৰ আগতে দিল্লীত অনুষ্ঠিত বিশ্ব হিন্দু সমাবেশত হিন্দুসকলৰ পাঁচবিধ শত্ৰু, ‘5 M’ থকাৰ কথা ঘোষণা কৰা হৈছিল : Marxism, Macaulayism, Missionaries, Materialism and Muslim extremism. এইবিলাক শত্ৰুৰ বিৰুদ্ধে হিন্দু জাতীয়তাবাদে সদায় আক্ৰমণ চলাই আহিছে। এই বিভিন্ন শত্ৰুবিলাকৰ বিপৰীতে সি নিজৰ সত্তাটো নিৰ্মাণ কৰিব বিচাৰে – উচ্চবৰ্ণ পুৰুষ এই সত্তাটো হ’ল জাতিপ্ৰেমী আৰু জাতিৰ উদ্ধাৰৰ বাবে উৎসৰ্গিত। কিন্তু যদি শত্ৰুবিলাকে বিভিন্ন আৰু বিচিত্ৰ ৰূপত অৱস্থান কৰে তেন্তে এই একশৈলিক হিন্দু সত্তা নিৰ্মাণৰ কামটো সম্ভৱ নহয়। গতিকে হিন্দু জাতীয়তাবাদৰ ঘাই উদ্দেশ্য হ’ল এই বিভিন্ন শত্ৰুবিলাকক সংগঠিত আৰু একত্ৰিত ৰূপত চিত্ৰিত কৰা যাতে আগ্ৰাসী আৰু একশৈলিক এক ‘অন্য’ৰ বিৰুদ্ধে নিজক সংগঠিত কৰিব পৰা যায়। শেহতীয়াভাৱে বিজেপি আৰু সংঘ পৰিয়ালৰ সমূহীয়া ৰাজনৈতিক প্ৰচেষ্টাত দেখা গৈছে এই বিভিন্ন শত্ৰুবিলাকক একীকৰণ কৰিবৰ বাবে অহৰহ তৎপৰতা। জে এন ইউৰ এই ঘটনাৰাজিৰ মাধ্যমেৰে হয়তো হিন্দু জাতীয়তাবাদীসকলে এক বৃহৎ সফলতা লাভ কৰা বুলি তৃপ্তি লভিছে – বাঁওপন্থী, লিবাৰেল, মুছলিম আদি সকলো একেটা ‘জাতিদ্ৰোহী’ সত্তাত মিলিত হৈছে, তাৰ লগতে এই সকলোবিলাকৰে পৃষ্ঠপোষকতা কৰা কংগ্ৰেছো আহি সোমাইছেহি। গতিকে পাৰ্ফেক্ট কম্বিনেশ্যন! ৰোহিত ভেমুলাৰ ঘটনাটোতো কিছু দোধোৰ-মোধোৰ আছিল। সেয়ে ৰোহিত যে প্ৰকৃত নহয়, ভুৱা দলিতহে – সেইটো নিৰ্মাণ আৰু প্ৰচাৰ কৰাত খুবেই গুৰুত্ব দিয়া হৈছিল। কাৰণ দলিতক ভাৰত-বিৰোধী শত্ৰু বুলি হিন্দু জাতীয়তাবাদে ক’ব নোৱাৰে। সেয়ে দলিত পৰিচয়ৰপৰা ৰোহিতক মুক্ত কৰি লোৱাটো জৰুৰী। তাৰ লগতে আম্বেদকাৰকো আঁতৰাই লোৱা হ’ল – কাৰণ তেওঁক আক্ৰমণ কৰিব নোৱাৰি, আত্মসাৎ কৰিবহে পাৰি। কিন্তু জে এন ইউৰ ক্ষেত্ৰত সেইবিলাক ঝামেলা নাই। সেইবাবে হিন্দুত্ববাদী সেনাবাহিনী মহোৎসাহে জঁপিয়াই পৰিছে।

সাম্প্ৰতিক সময়ত হিন্দু জাতীয়তাবাদে ভাৰতৰ সমাজ আৰু ৰাজনীতিৰ ওপৰত অখণ্ড একাধিপত্য বিস্তাৰ কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াক আমি নিঃসন্দেহে হিন্দু ফেছিবাদ বুলি অভিহিত কৰিব পাৰো। সাংবাদিকে যেতিয়া জাতিৰ নামত সাংবাদিকতাৰ নীতিক জলাঞ্জলি দিয়ে, পুলিচে যেতিয়া জাতিৰ নামত কৰ্তব্য পালন নকৰে, উকীলে যেতিয়া ন্যায় প্ৰদানৰ দায়িত্ব পালনৰ ঠাইত জাতিৰ নামত মাৰপিট কৰে, ভাৰাঘৰৰ মালিকে যেতিয়া জাতিৰ নামত ভাৰাতীয়াক ঘৰৰ বাহিৰ কৰি দিয়ে (জে এন ইউৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীক) – এই ‘জাতিপ্ৰেম’ক নহ’লে কিহেৰে সূচোৱা যায়? এই ‘জাতিপ্ৰেম’ত জনসাধাৰণৰ মৌলিক সমস্যাৰাজিৰ প্ৰতি তিলমাত্ৰও ভ্ৰূক্ষেপ নাই। এই ‘জাতিপ্ৰেম’ হ’ল জিঘাংসা আৰু প্ৰতিহিংসাৰ অন্য নাম, ঘৃণাৰ ছদ্মবেশী ৰূপ। গান্ধী, ৰবীন্দ্ৰনাথ, আম্বেদকাৰ কোনেও আমাক এনে জাতিপ্ৰেমৰ এনে শিক্ষা দি যোৱা নাই। জাতীয়তাবাদ কোনো সম্পূৰ্ণ প্ৰডাক্ট নহয় – ই হ’ল এক চলমান প্ৰক্ৰিয়া, নতুবা প্ৰক্ৰিয়াটোৰ লক্ষ্যবিন্দু মাত্ৰ, আৰু এই প্ৰক্ৰিয়াটোৰ অভ্যন্তৰত বিচিত্ৰ আৰু বিভিন্ন অন্তৰ্দ্বন্দ্ব আৰু সমস্যা বিদ্যমান। গতিকে তাক এটা গোটা বস্তুৰ নিচিনাকৈ সকলোৰে ওপৰত জাপি দিব বিচাৰিলে অন্তৰ্দ্বন্দ্ব আৰু সমস্যাবিলাকে অধিক মূৰ দাঙি উঠাই স্বাভাৱিক। স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত আমি এইটোকে দেখি আহিছো, আনকি অসমতো দেখিছো। এতিয়া হিন্দু জাতীয়তাবাদীসকলে সংঘৰ ফেক্টৰিত নিৰ্মিত ভাৰতীয় জাতীয়তাবাদৰ একশৈলিক আৰু গণবিৰোধী হিন্দুত্ববাদী সংস্কৰণটো সকলোৰে ওপৰত বলপূৰ্বকভাৱে জাপি দিব খুজিছে। ভাৰতৰ গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত এই প্ৰচেষ্টা বিফল কৰাটো কৰাটো অতিকে জৰুৰী। সেইবাবেই আমি বৰ্তমানৰ ক্ষণটোক ভাৰতীয় গণতন্ত্ৰৰ অগ্নিপৰীক্ষা বুলি অভিহিত কৰিছো।

ফেছিবাদৰ আগ্ৰাসন ৰোধৰ স্বাৰ্থত সকলো গণতান্ত্ৰিক শক্তি একেলগ হোৱাৰ সময় আহি পৰিছে। কংগ্ৰেছ আদি সংসদীয় দলবোৰে মুখেৰে তেনে ইচ্ছা দেখুৱালেও তাক সতৰ্কতাৰে লক্ষ্য কৰা ভাল – কাৰণ সিবোৰৰ ইতিহাস ৰাইজৰ জনা আছে আৰু আৰ্থ-ৰাজনৈতিক নীতিৰ ক্ষেত্ৰত হিন্দুত্ববাদী দলৰ সৈতে সিবোৰৰ কোনো মৌলিক পাৰ্থক্য নাই। গতিকে ফেছিবাদৰ বিৰোধিতা কৰিবলৈ বুলি খৰধৰকৈ সকলোৱে একেলগ হৈ সমদল কৰিলেই নহ’ব – তাৰ বাবে প্ৰথমে ৰাজনৈতিক প্ৰশ্নবোৰৰ তত্ত্বগত মীমাংসা ঘটিব লাগিব। এইখিনিতে বৰ্তমান জে এন ইউ-ৰোহিত ভেমুলাক কেন্দ্ৰ কৰি চলি থকা আন্দোলনবোৰৰ চৰিত্ৰলৈ মন কৰাটো বৰ জৰুৰী। শেহতীয়া সময়ছোৱাত হয়তো প্ৰথমবাৰৰ বাবে জনপ্ৰিয় ছাত্ৰ আন্দোলন একোটাই ইমানবোৰ ব্যৱস্থাগত প্ৰশ্ন উত্থাপন কৰিবলৈ সক্ষম হৈছে। এইসমূহৰ চৰিত্ৰ অতীজৰ ছাত্ৰ আন্দোলনবোৰৰ দৰে নহয়, আন্না হাজাৰে-মাৰ্কাও নহয়। ৰোহিত ভেমুলা, কানাইয়া কুমাৰ আদিৰ কণ্ঠত আমি যিটো প্ৰতিবাদী কণ্ঠ শুনিবলৈ পাইছো সেইটো নিঃসন্দেহে অভিনৱ। অভিনৱ – অন্ততঃ জনপ্ৰিয় অৰ্থত, যিটো অৰ্থত নিৰ্ভয়া-কেন্দ্ৰিক আন্দোলন বা আন্না হাজাৰে আন্দোলন জনপ্ৰিয়। বাঁওপন্থী দলৰ লগত (চলন্ত বা অতীতৰ) সংযোগ থাকিলেও এইটো প্ৰতিবাদী কণ্ঠই নিছক পুঁজি আৰু সৰলীকৃত শ্ৰেণী সমাজতত্ত্বৰ যান্ত্ৰিক ভাষাটোত কথা কোৱা নাই। ৰাজনীতিৰ এইটো নতুন ভাষা, যিটো বাঁওপন্থী দলবিলাকে আজিও আত্মস্থ কৰিব পৰা নাই। নতুন প্ৰতিবাদী কণ্ঠটোৱে আম্বেদকাৰৰ প্ৰাসংগিকতা বুজি পায়। ই যিদৰে বৰ্ণবাদৰ প্ৰশ্নটো তুলি ধৰিছে, একেদৰে লিংগ আৰু যৌনতাৰ প্ৰশ্নও উত্থাপন কৰিছে। সন্মুখত আহি থিয় দিয়া হিন্দুত্ববাদৰ প্ৰত্যাহ্বানেই হয়তো এই কণ্ঠটোক অধিক জংগী কৰি তুলিছে। এই কণ্ঠটোৰ তাৎপৰ্য বুজি পোৱাটো সকলো গণতান্ত্ৰিক শক্তিৰ বাবেই বৰ দৰকাৰী। সি যি নহওক, আমি এই মুহূৰ্তত এইটোকে আশা কৰিব পাৰো যে দেশৰ সকলো গণতান্ত্ৰিক ব্যক্তি আৰু সংগঠনে গণতন্ত্ৰ ৰক্ষাৰ অৰ্থে ফেছিবাদৰ বিৰুদ্ধে একেলগে থিয় দিব – যি গণতন্ত্ৰৰ আদৰ্শ দাঙি ধৰিছিল ভাৰতৰ জাতীয় আন্দোলনৰ বৰেণ্য নেতাসকলে।

(ৰচনাকাল : ১৮-০২-২০১৬)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: