জয়মতী, জাতীয়তাবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এক প্ৰতিক্ৰিয়া

ড০ হীৰেন গোহাঁই সম্পাদিত নতুন পদাতিক আলোচনীৰ ২৫ ডিচেম্বৰ, ২০১৫ সংখ্যাত আমাৰ ‘জয়মতী সম্পৰ্কে কিছু কথা’ শীৰ্ষক প্ৰবন্ধটো প্ৰকাশ পাইছে। তাৰ লগতে লেখাটো সম্পৰ্কে আলোচনীৰ সম্পাদকে লিখা এটা ‘সম্পাদকীয় টোকা’ও প্ৰকাশ কৰা হৈছে। উক্ত ‘সম্পাদকীয় টোকা’টো তলত হুবহু ৰূপত তুলি ধৰা হ’ল। আমাৰ মূল লেখাটো পঢ়িবলৈ পাব আমাৰ এই ব্লগতে তলৰ লিংকত : https://jitenbezboruah.in/2015/02/13/joymoti-xomporke-kisu-kotha/

জিতেন বেজবৰুৱাৰ ‘জয়মতী সম্পৰ্কে কিছু কথা’ এটা নতুন চিন্তা উদ্ৰেককাৰী প্ৰবন্ধ। বাগধাৰামূলক (discursive) বিশ্লেষণেৰে সি জয়মতী চৰিত্ৰৰ সাহিত্য-ৰূপৰ অন্তৰালত থকা অচেতন আৰু অৰ্ধচেতন ধ্যান-ধাৰণা উন্মোচন কৰিছে। শেষৰ পিনে লেখক এই সিদ্ধান্তত উপনীত হৈছে যে জয়মতীত সদৰ্থক জাতীয়তাবাদৰ উপাদান থাকিলেও মূলতঃ জয়মতী আৰু ডালিমী দুয়োটা চৰিত্ৰ অসমীয়া মধ্যবিত্তৰ প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদেৰে দূষিত।

বাগধাৰামূলক বিশ্লেষণৰ কিছু গ্ৰহণযোগ্য উপাদান থাকিলেও সি প্ৰায়ে ঐতিহাসিক পটভূমিৰ (context) প্ৰতি উদাসীন। সেইটোৱে বিভ্ৰান্তিৰ জন্ম দিব পাৰে। বহু সময়ত ব্যাখ্যাৰ নামত সেই পদ্ধতিয়ে পাঠৰো বিকৃতি ঘটায়।

প্ৰথমতে কৈ থোৱা ভাল যে জয়মতীৰ চৰিত্ৰৰ ঐতিহাসিক সত্যতা সম্পৰ্কে সন্দেহৰ থল নাই। ‘বদন বৰফুকনৰ গীত’, ‘মণিৰাম দেৱানৰ গীত’ৰ দৰে ‘জয়মতী’ৰ মালিতা ইতিহাস আশ্ৰিত। জয়মতীৰ মালিতাত তেওঁৰ বংশ পৰিচয়ৰ উল্লেখ আছে, যিটো সাধুকথাৰ বৈশিষ্ট্য নহয়।

সি যি কি নহওক, এই ঐতিহাসিক চৰিত্ৰৰ বিষয়ে প্ৰথমে লিখিবলৈ গৈ ৰত্নেশ্বৰ মহন্তই পতিব্ৰতা হিন্দু ৰমণীৰ সতীত্বৰ ধাৰণা এটাত গুৰুত্ব দিছিল। কিন্তু বেজবৰুৱাৰ ‘জয়মতী’ত স্বামীভক্তিৰ লগত মিহলি হৈছে দেশৰ বাবে আত্মত্যাগৰ ধাৰণা। উভয়তে এটা আধ্যাত্মিক ব্যঞ্জনা আছে। কিন্তু জ্যোতিপ্ৰসাদৰ জয়মতীত আধ্যাত্মিক ৰেশ কিছু ৰৈ গ’লেও তাৰ সাৰবস্তু পতিব্ৰতা ধৰ্ম নহয়। জ্যোতিপ্ৰসাদৰ দেশৰ বাবে (অৰ্থাৎ জ্যোতিপ্ৰসাদৰ বিবেচনাত অসমৰ আপামৰ জনগণৰ বাবে) প্ৰাণাহুতি দিয়া শ্বহীদ।
অসমীয়া মধ্যবিত্তৰ বিশ্ববীক্ষা আৰু ধ্যান-ধাৰণাৰ ক্ৰমবিকাশৰ লগত এই ৰূপান্তৰৰ সম্পৰ্ক আছে। অসমৰ জনসাধাৰণক কংগ্ৰছ আন্দোলনে আলোড়িত কৰাৰ আগলৈকে ‘অসম’ সম্পৰ্কে অসমীয়া মধ্যবিত্তৰ ধাৰণা আছিল ঘাইকৈ উচ্চ বৰ্ণৰ সম্ভ্ৰান্ত মধ্যবিত্তৰ শ্ৰেণীগত ধাৰণা। তাত কিছু বৰ্ণবাদী উপাদান হয়তো মিহলি হৈ আছিল। কিন্তু ঘাইকৈ কংগ্ৰেছ আন্দোলনৰ জৰিয়তে উদাৰ গণতান্ত্ৰিক ভাবধাৰাৰ প্ৰসাৰ ঘটাত জাতীয় বীৰ-বীৰাংগণাসকলৰ ভাবমূৰ্তিও কিছু সলনি হৈছিল। জ্যোতিপ্ৰসাদৰ জয়মতীৰ চৰিত্ৰত এই ৰূপান্তৰ স্পষ্ট। ‘জয়মতী’ চিনেমাৰ বাচি থকা ৰিলকেইটাত এগৰাকী গাঁৱলীয়া বুঢ়ীয়ে ‘জয়মতী’ৰ শাস্তি সহিব নোৱাৰি চাওদাঙৰ হাতৰপৰা টাঙোন কাঢ়ি অনা দৃশ্যটো এই পিনৰপৰা অৰ্থৱহ।

‘জয়মতী’ৰ নিষ্ক্ৰিয় প্ৰতিৰোধক সক্ৰিয় ৰূপ দিবলৈ গ’লে ঐতিহাসিক তথ্যৰ চূড়ান্ত বিকৃতি ঘটিব। সেইটো জ্যোতিপ্ৰসাদে নকৰাটোৱেই স্বাভাৱিক। কিন্তু ‘লুইতৰে পানী যাবি অ’ বৈ’ত শোকৰ উচ্ছ্বাসেই একমাত্ৰ উপাদান নহয়। সেই শোকত আত্মসমৰ্পণৰ ভাব নাই। কাৰণ গীতটোত “জয়াৰে কীৰিতি” দেশে-বিদেশে ফুৰিবি কৈ’ বুলি লুইতৰ পানীক কোৱা হৈছে। আৰু এই লুইত অসমীয়া জাতীয় জীৱনৰ লগত অংগাংগীভাৱে জড়িত। এতিয়া কথাটো হ’ল এয়ে যে জয়মতীৰ কাহিনীক এটা জাতীয় গণতান্ত্ৰিক মাত্ৰা দিয়াটো ভুল বা দোষ নেকি? আমাৰ মতে নহয়, কাৰণ সামাজিক প্ৰগতিৰ বাবে ইতিহাসৰ এটা পৰ্যায়ত গণতান্ত্ৰিক জাতীয়তাবাদৰ ভূমিকা আছে। জনসাধাৰণ আত্মসচেতন হোৱাত তাৰ এটা অৱদান আছে।

লেখকে ‘জয়মতী’ আৰু ‘ডালিমী’ক অসমীয়া বৰ্ণবাদী, সংকীৰ্ণমনা মধ্যবিত্ত চেতনাৰ দুই মেৰুৰূপে দাঙি ধৰিছে। মধ্যবিত্তই নিজৰ বুলি গ্ৰহণ নকৰা জনজাতিসকল তেওঁলোকৰ চেতনাত এপিনে আদিম আৰু নীচ, আনপিনে সৰল আৰু নিভাঁজ। সেয়ে লেখকৰ মতে ডালিমীৰ মাজত বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদে ফুটাই তুলিছে জনজাতীয় নিষ্পাপ সৰলতা।
এই ব্যাখ্যাত লেখকে বিপজ্জনকভাৱে মূল পাঠৰ বৃহত্তৰ পৰিসৰৰপৰা দূৰলৈ গুচি গৈছে। ল’ৰা ৰজাৰ ৰাজত্ব এপিনে যেনেকৈ হিংসা, খিয়লাখিয়লি, তথাকথিত সভ্য মানুহৰ ক্ৰূৰতাৰ প্ৰতীক, ডালিমীত তাৰ বিপৰীতে নিভাঁজ সহৃদয় মানৱতাৰ এটা কাল্পনিক ৰূপ দিয়া হৈছে। ইয়াত মধ্যবিত্ত চেতনাৰ ‘অন্য’ (other) সিমান গুৰুত্বপূৰ্ণ নহয়।

অসমীয়া মধ্যবিত্তই চাহ বনুৱা,খাটিখোৱা প্ৰব্ৰজনকাৰী মুছলমান কৃষকক অৱহেলা বা অৱজ্ঞা কৰাৰ প্ৰমাণ হিচাপে ‘জয়মতী’ আৰু ‘ডালিমী’ৰ চৰিত্ৰ দাঙি ধৰাটো ভিত্তিহীন। এই কথা ঠিক যে ‘লভিতা’ খাটিখোৱা জনতাৰ সংগ্ৰামী তেজৰ সাৰ্থক প্ৰতিনিধি। কিন্তু লভিতাৰ কাহিনীতো চাহ বনুৱা বা প্ৰব্ৰজনকাৰী মছলমান কৃষক অগ্ৰভূমি বা পটভূমিত নাই। তাত ধৰ্মনিৰপেক্ষ জনগণতন্ত্ৰৰ আভাস পোৱা যায়। ইলাহী বক্সৰ চৰিত্ৰ আৰু ভূমিকাত।

লভিতালৈ জ্যোতিপ্ৰসাদে পোনচাটেই অহা নাই। জয়মতীৰ মাজেৰেই আহিছে। সংগ্ৰামী জনতাৰ লগত পৰিচয়ৰ যোগেদি জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাৰ উত্তৰণ ঘটিছে। তেওঁ পূৰ্বৰ ধাৰণা বৰ্জন কৰি বিপৰীত কিবা ধাৰণা গ্ৰহণ কৰা নাই।
তেনেদৰে ইতিহাসৰ এটা স্তৰত সচেতন জনগণে জাতি বা দেশক ধৰ্মীয় অনুভূতিৰে গ্ৰহণ নকৰিলেও এক মহিমান্বিত ৰূপত গ্ৰহণ কৰাত একো অস্বাভাৱিকতা নাই। তাত ধৰ্মভাবৰ মৃদু অৱশেষ ৰৈ গ’লেও ক্ষতি নাই। গণতান্ত্ৰিক আৰু সমাজতান্ত্ৰিক বিপ্লৱৰ বীৰ-বীৰাংগণাসকলো একেধৰণৰ মহিমাৰে জনমানসত উদ্ভাসিত হয়।

জয়মতীৰ প্ৰতিৰোধ নিষ্ক্ৰিয় (passive resistance) হোৱাটো স্বাধীনতা আন্দোলনত নাৰীৰ সীমিত ভূমিকাৰ দ্যোতক বুলি ভবাটো আন এক অতিৰঞ্জন। এটা ঐতিহাসিক চৰিত্ৰৰ সিমানখিনি সালসলনি – যি জয়মতীক যোদ্ধাত পৰিণত কৰিলেহেঁতেন – গ্ৰহণযোগ্য নহয়।

এতিয়া আমি উপৰোক্ত ‘সম্পাদকীয়’ মূল্যায়ন তথা তৎসংলগ্ন ৰাজনৈতিক-বৌদ্ধিক প্ৰশ্নসমূহ সম্পৰ্কে থোৰতে দুই-এটা মন্তব্য দাঙি ধৰিবলৈ যত্ন কৰিম। প্ৰথমতেই কৈ থওঁ যে এই প্ৰতিক্ৰিয়া আলোচনীখনলৈ প্ৰকাশৰ বাবে নপঠাওঁ। তাৰ ঘাই কাৰণ হ’ল : প্ৰথম, সি আমাৰ মূল লেখাটোক কেন্দ্ৰ কৰি এক অনাৱশ্যকীয় আঁহফলা বিতৰ্কৰ সূচনা কৰিব পাৰে যিটোৱে আমাৰ লেখাৰ আচল উদ্দেশ্যত সহায় কৰাৰ সম্ভাৱনা কম; দ্বিতীয়তে, উক্ত টোকাটোৱে আমাৰ সন্মুখত যিসমূহ আলোচ্য প্ৰসংগ দাঙি ধৰিছে তাৰে কিছুমানৰ বিষয়ে আমি কেইবাটাও লেখাত কম-বেছি পৰিমাণে আলোচনা কৰিছো আৰু বাকীসমূহ সম্পৰ্কে আমি স্বাভাৱিকভাৱেই ভৱিষ্যতৰ বিভিন্ন লেখাত আলোচনা দাঙি ধৰিম; গতিকে এই লৈ কোনো খৰখেদা প্ৰতিক্ৰিয়াৰ প্ৰয়োজন আছে বুলি আমি ভবা নাই। যিহেতু প্ৰকাশৰ বাবে পঠোৱা নহ’ব, গতিকে এই প্ৰতিক্ৰিয়াত কিছু আলোচ্য প্ৰশ্ন অধিক মুক্তভাৱে উত্থাপন কৰিবলৈ সহজ হ’ব। ‘সম্পাদকীয়’ টোকাটোৱে উত্থাপন কৰা ঘাই প্ৰসংগসমূহ এইধৰণৰ : মতাদৰ্শ আৰু বাগধাৰাৰ প্ৰসংগ, জাতীয়তাবাদৰ চৰিত্ৰ তথা অসমীয়া জাতীয়তাবাদৰ বিকাশৰ প্ৰসংগ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ ভূমিকা আৰু জাতীয়তাবাদী ভাবধাৰাৰ নাৰীৰ প্ৰতি মনোভাব, ধৰ্মৰ সৈতে জাতীয়তাবাদৰ সম্পৰ্ক আৰু ধৰ্মনিৰপেক্ষতাৰ স্বৰূপ আদি। এই প্ৰসংগসমূহ পাছলৈ ৰাখি আমি অন্য দুই-এটা প্ৰসংগৰ ওপৰতহে ইয়াত গুৰুত্বাৰোপ কৰিম।

আমি ভাবো যে আমাৰ লেখাটোৰ প্ৰতি এয়া আলোচনীখনৰ সম্পাদক, অৰ্থাৎ ড০ হীৰেন গোহাঁইৰ সুচিন্তিত আৰু কৌশলগত প্ৰতিক্ৰিয়া। আমাৰ লেখা-মেলাৰ চৰিত্ৰৰ সৈতে ড০ গোহাঁই মোটামুটিভাৱে পৰিচিত। সেই পৰিচয়ৰ ভিত্তিতেই তেওঁ আমাৰ প্ৰতি এক সামগ্ৰিক তাত্ত্বিক অৱস্থান গ্ৰহণ কৰিছে উক্ত লেখাটোৰ মূল্যায়নৰ মাধ্যমেৰে – এয়া নিশ্চয়কৈ ৰণকৌশলগত অৱস্থান। আমাৰ দৃষ্টিভংগীক তেওঁ ‘বাগধাৰামূলক’ বুলি অভিহিত কৰি তাৰ গুৰুতৰ সীমাবদ্ধতাৰ কথা আঙুলিয়াই দিছে (‘কিছু গ্ৰহণযোগ্য উপাদান থাকিলেও’) : এই সংজ্ঞায়নৰ জৰিয়তে আমাৰ দৃষ্টিভংগী তথা আলোচনাৰ এক প্ৰান্তীয়কৰণ ঘটাব বিচৰা হৈছে যাতে সি উত্থাপন কৰা অস্বস্তিকৰ প্ৰশ্নসমূহৰ মুখামুখি হোৱাৰ প্ৰয়োজনৰপৰা তেওঁলোকে ৰেহাই পাব পাৰে। তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ আধিপত্য বৰ্তাই ৰখাই ইয়াৰ ঘাই উদ্দেশ্য। কিন্তু কিছু দ্বিধাগ্ৰস্ততাও টোকাটোত ফুটি উঠিছে। সেইবাবে আমাৰ বিৰোধিতা কৰা কেইবাটাও কথা যথোচিত দৃঢ়তা আৰু ধাৰণাগত স্পষ্টতাৰে ক’ব পৰা নাই, তদুপৰি আমি লেখাটোত উল্লেখ কৰা ভালেকেইটা কথা তাত অনাৱশ্যকভাৱে পুনৰ্বাৰ দোহৰা হৈছে। আমাৰ দৃষ্টিভংগীক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব খোজা মনোভাবৰ বাবেই হয়তো এনে সমস্যাৰ সৃষ্টি হৈছে। আমাৰ লেখাটোক কেইবাটাও দিশৰপৰা ভুলভাৱে ব্যাখ্যা কৰাৰ কাৰণো এইটোৱেই।

ভুল ব্যাখ্যাবিলাক এনেধৰণৰ। প্ৰথম, “অসমীয়া মধ্যবিত্তই চাহ বনুৱা, খাটিখোৱা প্ৰব্ৰজনকাৰী মুছলমান কৃষকক অৱহেলা বা অৱজ্ঞা কৰাৰ প্ৰমাণ হিচাপে ‘জয়মতী’ আৰু ‘ডালিমী’ৰ চৰিত্ৰ দাঙি ধৰাটো ভিত্তিহীন।” –মনোযোগী পাঠকমাত্ৰেই বুজিব যে তেনেকুৱা কোনোধৰণৰ ‘প্ৰমাণ’ হিচাপে আমি জয়মতী আৰু ডালিমীৰ চৰিত্ৰক উত্থাপন কৰা নাই। দ্বিতীয়, “লভিতালৈ জ্যোতিপ্ৰসাদে পোনচাটেই অহা নাই। জয়মতীৰ মাজেৰেই আহিছে। . . .” – আমি লিখিছিলো যে জয়মতীয়ে প্ৰতিনিধিত্ব কৰা নিষ্ক্ৰিয় প্ৰতিৰোধৰ ‘সংকীৰ্ণতাৰ পৰিধি ভাঙি’ জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰিছিল লভিতাক, আৰু এই প্ৰক্ৰিয়াৰেই ‘অসমীয়া নাৰীৰ উত্তৰণ ঘটিছিল জয়মতীৰপৰা লভিতালৈ।’ এটা কথা ঠিক, আমি মূলতঃ প্ৰতীকী ভাষাৰে চমুকৈ কোৱা উক্ত সামাজিক প্ৰক্ৰিয়াৰ বহল আলোচনাৰ প্ৰয়োজন আছে। কিন্তু জ্যোতিপ্ৰসাদে ‘পূৰ্বৰ ধাৰণা বৰ্জন কৰি বিপৰীত কিবা ধাৰণা গ্ৰহণ কৰা’ বুলি ব্যাখ্যা এটা আমাৰ লেখাৰপৰা কোনোমতেই উলিয়াব পৰা নাযায় নিশ্চয়। তৃতীয়, “জয়মতী’ৰ নিষ্ক্ৰিয় প্ৰতিৰোধক সক্ৰিয় ৰূপ দিবলৈ গ’লে ঐতিহাসিক তথ্যৰ চূড়ান্ত বিকৃতি ঘটিব। সেইটো জ্যোতিপ্ৰসাদে নকৰাটোৱেই স্বাভাৱিক। . . .” আকৌ, “এটা ঐতিহাসিক চৰিত্ৰৰ সিমানখিনি সালসলনি – যি জয়মতীক যোদ্ধাত পৰিণত কৰিলেহেঁতেন – গ্ৰহণযোগ্য নহয়।” – এয়া এক উদ্ভট ব্যাখ্যা। জয়মতীৰ প্ৰতিৰোধক সক্ৰিয় ৰূপ দিয়া বা তেওঁক যোদ্ধাত পৰিণত কৰাৰ কথা বা তাৰ তিলমানো ইংগিত আমাৰ লেখাত ক’ত আছে? আমি লেখাটোৰ এঠাইত জয়মতীৰ প্ৰতিৰোধক জাতীয়তাবাদী-গান্ধীবাদী ভাবধাৰাই দাঙি ধৰা নাৰীৰ নিষ্ক্ৰিয় প্ৰতিৰোধৰ সূচক বুলি অভিহিত কৰিছো। সম্পাদকে ভাবিছে যে জয়মতীৰ ভূমিকা তেনে হোৱাটো আমি বেয়া পাইছো বা ‘প্ৰতিক্ৰিয়াশীল’ বুলি ভাবিছো, আৰু সেয়ে জয়মতীক জ্যোতিপ্ৰসাদে যোদ্ধাত পৰিণত কৰা হ’লে আমি ভাল পালোহেঁতেন!! চতুৰ্থ, টোকাটোত লিখা হৈছে যে ‘লুইতৰে পানী যাবি অ’ বৈ’ গীতত “শোকৰ উচ্ছ্বাসেই একমাত্ৰ উপাদান নহয়। সেই শোকত আত্মসমৰ্পণৰ ভাব নাই। . . .” – ইয়াত আমাৰ বক্তব্যৰ ঘাই মৰ্মটোকেই আওকাণ কৰা হৈছে। আমি লিখিছো – “. . . এয়া কোনো বিৰহ বেদনা, দুখৰ প্ৰকাশ নতুবা অসহায় বিলাপ নহয়। এই শোক হ’ল জাতিৰ আত্ম-আৱিষ্কাৰৰ প্ৰকাশ, এই চকুপানী হ’ল জাতিৰ সঞ্জীৱনী জল যাৰ পৰশত জাতিটো পুনৰুজ্জীৱিত হৈ উঠিব।” পঞ্চম, জয়মতী আৰু ডালিমীক অসমীয়া মধ্যবিত্ত চেতনাৰ ‘দুই মেৰুৰূপে’ দেখুৱাবলৈ গৈ “লেখকে বিপজ্জনকভাৱে মূল পাঠৰ বৃহত্তৰ পৰিসৰৰপৰা দূৰলৈ গুচি গৈছে। ল’ৰা ৰজাৰ ৰাজত্ব এপিনে যেনেকৈ হিংসা, খিয়লাখিয়লি, তথাকথিত সভ্য মানুহৰ ক্ৰূৰতাৰ প্ৰতীক, ডালিমীত তাৰ বিপৰীতে নিভাঁজ সহৃদয় মানৱতাৰ এটা কাল্পনিক ৰূপ দিয়া হৈছে। ইয়াত মধ্যবিত্ত চেতনাৰ ‘অন্য’ (other) সিমান গুৰুত্বপূৰ্ণ নহয়।” – আমাৰ লেখাটোৰ উদ্দেশ্য জয়মতীৰ ইতিহাস নহয়, জয়মতী নামৰ সাংস্কৃতিক প্ৰতীকটোৰ বিশ্লেষণৰ মাজেদি অসমীয়া জাতীয়তাবাদৰ কিছুমান আভ্যন্তৰীণ দ্বন্দ্ব তথা সাংস্কৃতিক ৰাজনীতিৰ ওপৰত আলোকপাত কৰাহে। সেই সম্পৰ্কে যে সম্পাদকেও ভুল কৰা নাই, তেওঁৰ টোকাটোৱেই তাৰ প্ৰমাণ। তেনেহ’লে আমি কোনটো ‘মূল পাঠ’ৰপৰা দূৰলৈ গুচি গৈছো? এইটো উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই যে সদৃশ ঐতিহাসিক পৰিস্থিতিত জয়মতীয়ে আদৰ্শনীয় ঐতিহাসিক ভূমিকা পালন কৰা গুণেহে জাতীয়তাবাদী কল্পনাই চৰিত্ৰটোক পুনৰ্নিৰ্মাণ কৰি ঊৰ্ধ্বত তুলি ধৰিছিল। ইয়াত জয়মতীৰ এই জাতীয়তাবাদী পুনৰ্নিৰ্মাণহে আলোচ্য বিষয়, ঐতিহাসিক জয়মতীগৰাকীৰ প্ৰেক্ষাপটটো ইয়াত ‘মূল পাঠ’ হ’ব পাৰে জানো? ঐতিহাসিক প্ৰেক্ষাপটটো নিঃসন্দেহে অতিকে গুৰুত্বপূৰ্ণ। কিন্তু ল’ৰা ৰজাৰ ৰাজত্বৰ ‘হিংসা, খিয়লাখিয়লি’ৰ বিপৰীতে ‘নিভাঁজ সহৃদয় মানৱতা’ৰ ৰূপ হিচাপে ডালিমীৰ চৰিত্ৰটোৰ চিত্ৰণ পূৰ্বৰ বুৰঞ্জীমূলক পুথিত পোৱা যায়নে? সেয়া হ’ল জাতীয়তাবাদী মধ্যবিত্ত মনীষাৰ সৃষ্টি। আৰু যদি সেইধৰণৰ চিত্ৰণ পূৰ্বৰ পুথিত পোৱা যায়ো, তেতিয়াও আচল প্ৰশ্নটো হ’ব, জয়মতী আৰু ডালিমীয়ে প্ৰতিনিধিত্ব কৰা দুখন বৈপৰীত্যমূলক মানসিক পৃথিৱীৰ প্ৰয়োজন আধুনিক অসমীয়া মধ্যবিত্তৰ কি কাৰণে হ’ল, আৰু তেওঁলোকৰ চেতনাত তাৰ কেন্দ্ৰীয় গুৰুত্বৰ কাৰণ কি?

টোকাটোত লিখা হৈছে যে আমাৰ মতে জয়মতীত ‘সদৰ্থক জাতীয়তাবাদ’ৰ উপাদান থাকিলেও মূলতঃ জয়মতী আৰু ডালিমী দুয়োটা চৰিত্ৰ অসমীয়া মধ্যবিত্তৰ ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদেৰে’ ‘দূষিত’। পিছৰ এঠাইত প্ৰগতিশীল বা ‘সদৰ্থক’ জাতীয়তাবাদৰ প্ৰয়োজন তথা গুৰুত্ব সম্পৰ্কে লিখা হৈছে – “. . . সামাজিক প্ৰগতিৰ বাবে ইতিহাসৰ এটা পৰ্যায়ত গণতান্ত্ৰিক জাতীয়তাবাদৰ ভূমিকা আছে। জনসাধাৰণ আত্মসচেতন হোৱাত তাৰ এটা অৱদান আছে।” – আমাৰ বোধেৰে, প্ৰগতিশীল-প্ৰতিক্ৰিয়াশীলৰ এক সৰলীকৃত দ্বৈত ধাৰণা অসমৰ বাঁও-গণতান্ত্ৰিক বৌদ্ধিক ধাৰাৰ এটা ঘাই মতাদৰ্শগত সমস্যা। ভাল নে বেয়া, প্ৰগতিশীল নে প্ৰতিক্ৰিয়াশীল – এইটো ফ্ৰেমৱৰ্কৰ ভিতৰত মূৰ গুঁজি থকাৰ বাবেই আমাৰ সামাজিক চিন্তাত বহু জৰুৰী বিষয় আৰু প্ৰশ্নই এতিয়াও ভুমুকিয়েই মৰাহি নাই। এই ফ্ৰেমৱৰ্কটোৰ চৰিত্ৰ মূলতঃ নৈতিকতাবাদী : এফালে ই যেনেকৈ ‘প্ৰগতিশীল’ বুলি ভবা বিষয় আৰু প্ৰশ্নসমূহ আলোচনাৰ বাবে উৎসাহ যোগায়, আনফালে ই ‘প্ৰতিক্ৰিয়াশীল’ বুলি ভাবি লোৱা বিষয় আৰু প্ৰশ্নসমূহ দৃষ্টিৰ বাহিৰলৈ ঠেলি পঠায়। ইয়াৰ ফলস্বৰূপে সামাজিক চিন্তা বাধাগ্ৰস্ত হয়। এই বিষয়টোৰ আলোচনাৰ বাবে মাৰ্ক্সীয় চিন্তাৰ ধাৰাত মতাদৰ্শ ধাৰণাটোৰ ৰেহৰূপ তথা ভিত্তি-উপৰিসৌধৰ ধাৰণাৰ বহল বিশ্লেষণৰ প্ৰয়োজন। সি যি নহওক, আমি আমাৰ লেখাটোত কোনো ‘সদৰ্থক জাতীয়তাবাদ’ বা ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদ’ৰ কথা কোৱা নাই, ‘জাতীয়তাবাদ’ৰ কথাহে কৈছো। সামাজিক প্ৰক্ৰিয়া হিচাপে জাতীয়তাবাদৰ মাজত একাধাৰে বহুবোৰ ভিন্নমুখী আৰু বহুস্তৰীয় সামাজিক দ্বন্দ্ব ব্যাপ্ত হৈ থাকে – ইতিহাসৰ গতিচক্ৰত সমাজৰ বিভিন্ন ৰাজনৈতিক শক্তিসমূহৰ মাজৰ ক্ষমতা-বিন্যাসৰ পৰিবৰ্তনৰ লগে লগে জাতীয়তাবাদৰ মাজৰ দ্বন্দ্বসমূহৰ ৰূপ বা তাৰ ফলস্বৰূপে জাতীয়তাবাদৰ ৰূপো সলনি হয়। কথা হ’ল, বহল ৰূপত জাতীয়তাবাদৰ তাৎপৰ্য উপলব্ধি কৰিব নোৱৰাৰ বাবেই আমি অসমৰ বাঁও-গণতান্ত্ৰিক বৌদ্ধিক ধাৰাত সদায় ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদ’ বনাম ‘প্ৰগতিশীল জাতীয়তাবাদ’, এইধৰণৰ দ্বৈত ধাৰণাৰ সহজ প্ৰয়োগ দেখিবলৈ পাওঁ। এইখিনিতে কৈ থ’ব পাৰি, অসম আন্দোলনৰ হিংসাৰ মাজেৰে প্ৰকাশ পোৱা জাতীয়তাবাদক আমি কিয় ‘জাতীয়তাবাদ’ বুলি ক’বলৈ ভয় কৰো? কিয় তাৰ বাবে এটা সম্পূৰ্ণ নতুন শব্দ তৈয়াৰ কৰি লৈছো – ‘উগ্ৰজাতীয়তাবাদ’ (‘উগ্ৰ জাতীয়তাবাদ’ নহয়, ইয়াত ‘উগ্ৰ’টোৱে জাতীয়তাবাদৰ বিশেষণ হিচাপে কাম কৰিছে, কিন্তু ‘উগ্ৰজাতীয়তাবাদ’ এটা গোটা শব্দ)? জাতীয়তাবাদৰ প্ৰতি এনে সংকীৰ্ণ তথা মোহগ্ৰস্ত ধাৰণাই কিদৰে বিভিন্ন সামাজিক বিষয়ৰ বিশ্লেষণক প্ৰভাৱিত কৰিছে সেই বিষয়ে আমি অন্যান্য লেখাত কিছু পৰিমাণে আলোচনা কৰিবলৈ যত্ন কৰিছো।

এতিয়া আমি অন্য এটা মৌলিক বিষয়লৈ যাওঁ। আমাৰ বোধেৰে, আলোচনীত প্ৰকাশিত কোনো বিশেষ লেখাত এনেধৰণে মূল্যায়নধৰ্মী ‘সম্পাদকীয় টোকা’ সংযোজন কৰি দিয়াটো গণতান্ত্ৰিক প্ৰমূল্য তথা মুক্ত চিন্তাৰ পৰিপন্থী আৰু অভিভাৱকত্ববাদৰ নিদৰ্শন। আনহাতে, এয়া পাঠকসমাজৰ বোধশক্তিৰ প্ৰতিও অপমানসূচক – কিয়নো ইয়াৰ জৰিয়তে পাঠকক সমালোচনাত্মক ক্ষমতা-ৰহিত শিশুসুলভ ৰূপত উপস্থাপন কৰা বুজায় যাক হাতত ধৰি ধৰি সৰ্বজ্ঞ সম্পাদকমণ্ডলীয়ে জ্ঞান প্ৰদান কৰিব। এই ধাৰণাত পাঠক হ’ল জ্ঞানৰ গ্ৰহীতা আৰু সম্পাদকমণ্ডলী হ’ল জ্ঞান প্ৰদান কৰোতা। আনহাতে, লেখকসকলৰ ধাৰণাসমূহে জ্ঞানৰ মৰ্যাদা লাভ কৰে সম্পাদকীয় স্বীকৃতিৰ জৰিয়তে – সম্পাদকে ছিল-মোহৰ মাৰি দিয়াৰ পাছতহে সেইসমূহ ৰেজিষ্টাৰ্ড জ্ঞানত পৰিণত হয়। গতিকে ইয়াত সম্পাদকৰ সৰ্বজ্ঞতা অপৰিহাৰ্য। (বিভিন্ন লেখকে বিভিন্ন বিষয়ত নিজা দৃষ্টিভংগীৰে লিখিব পাৰে, কিন্তু সম্পাদনাৰ দায়িত্বশীল স্থানত থকা সম্পাদকে এই সকলোখিনিৰ প্ৰতি চকু ৰাখি এক নিৰপেক্ষ আৰু সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সেই বিষয়ত আমি ক’বলৈ যোৱা নাই। আমি অসমৰ বৌদ্ধিক সংস্কৃতিৰ প্ৰমূল্যগত প্ৰশ্ন হিচাপেহে উক্ত প্ৰসংগটো উত্থাপন কৰিছো।) একে আষাৰে ক’বলৈ গ’লে, জ্ঞান-চৰ্চা সম্পৰ্কীয় চূড়ান্ত অগণতান্ত্ৰিক এনে ধাৰণাই অসমৰ সামাজিক চিন্তাক বিস্তৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে। আনহাতে, অসমৰ বৌদ্ধিক-সাহিত্যিক সংস্কৃতিত সাধাৰণভাৱে যিধৰণৰ প্ৰমূল্যৰ প্ৰাধান্য পৰিলক্ষিত হয় তাক আমি সহজভাৱে একপ্ৰকাৰ ‘বৌদ্ধিক সামন্তবাদ’ বুলি অভিহিত কৰিব পাৰো। এই সামন্তীয় প্ৰমূল্য জাতীয়তাবাদী শিবিৰৰপৰা মাৰ্ক্সবাদী শিবিৰলৈকে সকলোতে কম-বেছি পৰিমাণে ব্যাপ্ত। সেইবাবেই কোনো কোনো গণমুখী বা গণতান্ত্ৰিক বুদ্ধিজীৱীৰো বহু ক্ৰিয়াকলাপে সামন্ত প্ৰভুৰ চৰিত্ৰ প্ৰতিফলিত কৰে। এনে ক্ষেত্ৰত আমি সাধাৰণতে সেই বিশেষ ব্যক্তিজনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ দোহাই দি ঘাই প্ৰসংগটোৰপৰা আঁতৰি থাকো : এয়া হ’ল আমাৰ বৌদ্ধিক সংস্কৃতিৰে এটা অংগ যাক আমি সকলোৱে সাৰ-পানী যোগাই আছো। গতিকে গণতান্ত্ৰিক আৰু দিগন্তপ্ৰসাৰী চিন্তাৰ বিস্তাৰৰ বাবে আমাৰ সন্মুখত থকা এটা প্ৰাথমিক প্ৰত্যাহ্বান হ’ল বৌদ্ধিক সংস্কৃতিৰ গণতান্ত্ৰিকীকৰণ।

ওপৰৰ আলোচনাত আমি ‘সম্পাদক’ আৰু ‘ড০ হীৰেন গোহাঁই’ – এই দুইটা টাৰ্ম নিৰ্বিচাৰভাৱে সলনাসলনিকৈ ব্যৱহাৰ কৰিছো আৰু কৰিব পাৰিছো। এনেকৈ ব্যৱহাৰ কৰিব পৰাটোও ক’বলৈ গ’লে বৌদ্ধিক সংস্কৃতিৰ আলোচ্য সমস্যাটোৰে এটা অংগ। গণতান্ত্ৰিক প্ৰমূল্যৰ ধ্বজা বহনকাৰী আলোচনী এখনৰ বাবে এইটো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন। কিছু মাহৰ আগতে আমাৰ ‘মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা’ শীৰ্ষক প্ৰবন্ধটো নতুন পদাতিক আলোচনীলৈ পঠোৱা হৈছিল। (প্ৰবন্ধটোৰ লিংক : https://jitenbezboruah.wordpress.com/2014/12/01/%e0%a6%ae%e0%a7%8c%e0%a6%b2%e0%a6%ac%e0%a6%be%e0%a6%a6-%e0%a6%b8%e0%a6%be%e0%a6%ae%e0%a7%8d%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a6%e0%a6%be%e0%a7%9f%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a6%be%e0%a6%ac%e0%a6%be/) কিছু দিন পাছত এটা সম্পাদকীয় মন্তব্য আমালৈ পঠাই প্ৰবন্ধটো প্ৰকাশৰ অপাৰগতা প্ৰকাশ কৰা হৈছিল। ড০ হীৰেন গোহাঁইৰ হাতেলিখা ৰূপত থকা মন্তব্যটো আছিল : “প্ৰবন্ধটোৰ বক্তব্য এটা আছে। সি গ্ৰহণযোগ্য হওক বা নহওক, কিন্তু তাকে ক’বলৈ যাওঁতে নানাফালে ঠাল-ঠেঙুলি বিস্তাৰিত কৰি এনে বিক্ষিপ্ত আলোচনা কৰা হৈছে যে পাঠক বিভ্ৰান্তিত পৰে। প্ৰবন্ধটো ঘূৰাই দি পুনৰ্লিখন কৰিবলৈ কোৱা হওক। যাতে এক সংহত যুক্তি-শৃংখলা হিচাপে বক্তব্য উত্থাপন কৰা হয়। – সম্পাদক, ন: প:।” – এই মন্তব্যটো একপ্ৰকাৰ ছদ্মবেশী ব্যক্তিগত মন্তব্য। গতিকে সেই সম্পৰ্কে আমাৰ বিশেষ ক’বলগা নাই। স্মৰ্তব্য যে উক্ত লেখাটোত ড০ গোহাঁইৰ লেখাৰ আলোচনাৰ মাধ্যমেৰে বাঁও-জাতীয়তাবাদী শিবিৰে আগ বঢ়োৱা সাম্প্ৰদায়িকতাৰ মূল্যায়নৰ গুৰুতৰ সীমাবদ্ধতাসমূহ উন্মোচন কৰিবলৈ যত্ন কৰা হৈছিল। সি যি নহওক, এই মন্তব্যৰ সৈতে ‘জয়মতী সম্পৰ্কে কিছু কথা’ৰ বিষয়ে লিখা টোকাটোৰ দূৰণিবটীয়া হ’লেও এটা সম্পৰ্ক আছে বুলি আমাৰ ভাব হয়।

এটা সাদৃশ্য লক্ষণীয়। এই মন্তব্যত প্ৰবন্ধটোৰ ‘বিক্ষিপ্ততা’ই পাঠকক বিভ্ৰান্তিত পেলাব বুলি কোৱা হৈছে। আনহাতে, উপৰোক্ত টোকাত বাগধাৰামূলক বিশ্লেষণে বিভ্ৰান্তিৰ জন্ম দিব পাৰে বুলি কোৱা হৈছে। ইয়াৰপৰা বিভ্ৰান্তি সম্পৰ্কে আমি নতুনকৈ চিন্তা কৰিবলৈ সমল পাইছো। আমি ভাবো যে কূপমণ্ডূক নিশ্চয়তাক বিদীৰ্ণ কৰিবৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি কৰাটো অৱশ্যপ্ৰয়োজনীয় – তেহে বহল আৰু বৈচিত্ৰ্যপূৰ্ণ সামাজিক চিন্তাৰ বিকাশ ঘটিব।

(ৰচনাকাল : ০৫-০১-২০১৬)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , ,
Posted in সানমিহলি
One comment on “জয়মতী, জাতীয়তাবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এক প্ৰতিক্ৰিয়া
  1. বিভিন্নজনৰ পৰামৰ্শক্ৰমে কিছু পৰিবৰ্তিত ৰূপত উক্ত প্ৰতিক্ৰিয়াটো ‘নতু্ন পদাতিক’লৈ পঠোৱা হ’ল। নতুন ৰূপটো তলত দিয়াধৰণৰ :

    জয়মতী, জাতীয়তাবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এক প্ৰতিক্ৰিয়া
    জিতেন বেজবৰুৱা

    ‘নতুন পদাতিক’ৰ ২৫ ডিচেম্বৰ, ২০১৫ সংখ্যাত আমাৰ ‘জয়মতী সম্পৰ্কে কিছু কথা’ শীৰ্ষক প্ৰবন্ধটো প্ৰকাশ পাইছে। তাৰ লগতে লেখাটো সম্পৰ্কে আলোচনীৰ সম্পাদকে লিখা এটা ‘সম্পাদকীয় টোকা’ও প্ৰকাশ কৰা হৈছে। আমি আমাৰ সীমিত সামৰ্থ্য আৰু অনুষ্টুপীয়া অধ্যয়নৰ ভিত্তিত উক্ত লেখাটোত জয়মতী সাংস্কৃতিক প্ৰতীকটোৰ বিশ্লেষণৰ মাধ্যমেৰে অসমীয়া জাতীয়তাবাদৰ কিছু অন্তৰ্দ্বন্দ্ব তথা সাংস্কৃতিক ৰাজনীতি উন্মোচন কৰিবলৈ যত্ন কৰিছো। আনহাতে, সম্পাদকীয় টোকাটোৱেও সদৃশ আৰু তৎসংলগ্ন ভালেমান প্ৰশ্নৰ অৱতাৰণা কৰিছে। আমি ভাবো যে এই সকলোখিনি বিষয় সামৰি লৈ এক গণতান্ত্ৰিক আৰু সৃষ্টিশীল বিতৰ্কৰ সূচনা হ’ব পাৰে, যদি সম্পাদকমণ্ডলী তথা পাঠক সকলোৱে এই লৈ সদিচ্ছা প্ৰদৰ্শন কৰে। আমি এই প্ৰতিক্ৰিয়াত সম্পাদকীয় টোকাটোৱে অৱতাৰণা কৰা দুই-এটা প্ৰশ্ন তথা টোকাটোৰ নিজস্ব কিছু সীমাবদ্ধতা সম্পৰ্কে আমাৰ বক্তব্য দাঙি ধৰিম। পৰৱৰ্তী পৰ্যায়ত আমাৰ এইসমূহ বক্তব্যৰো সমালোচনা হ’ব পাৰে, আচলতে সেয়াই বাঞ্ছনীয়। কিন্তু আমাৰ আশা এইটোৱেই যে কোনো টেক্সুৱেল ট্ৰেফিক জামত বিতৰ্ক লাগি ধৰিব নালাগে – বৰং সি আমাক ক্ৰমাৎ অধিক বহল আৰু জটিল প্ৰশ্নসমূহলৈ আগুৱাই লৈ যাব লাগে। সি যি নহওক, আমাৰ বোধেৰে সম্পাদকীয় টোকাটোৱে উত্থাপন কৰা ঘাই প্ৰসংগসমূহ এইধৰণৰ : মতাদৰ্শ আৰু বাগধাৰাৰ প্ৰসংগ, জাতীয়তাবাদৰ চৰিত্ৰ তথা অসমীয়া জাতীয়তাবাদৰ বিকাশৰ প্ৰসংগ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ ভূমিকা আৰু জাতীয়তাবাদী ভাবধাৰাৰ নাৰীৰ প্ৰতি মনোভাব, ধৰ্মৰ সৈতে জাতীয়তাবাদৰ সম্পৰ্ক আৰু ধৰ্মনিৰপেক্ষতাৰ স্বৰূপ আদি। এই প্ৰসংগসমূহ পাছলৈ ৰাখি আমি অন্য দুই-এটা প্ৰসংগৰ ওপৰতহে ইয়াত গুৰুত্বাৰোপ কৰিম।

    আমি ভাবো যে আমাৰ লেখাটোৰ প্ৰতি এয়া আলোচনীখনৰ সম্পাদকৰ সুচিন্তিত আৰু কৌশলগত প্ৰতিক্ৰিয়া। টোকাটোত আমাৰ প্ৰতি এক সামগ্ৰিক তাত্ত্বিক অৱস্থান গ্ৰহণ কৰিছে উক্ত লেখাটোৰ মূল্যায়নৰ মাধ্যমেৰে – আমাৰ ভাব হৈছে যে এয়া এক কৌশলগত অৱস্থান। আমাৰ দৃষ্টিভংগীক তেওঁ ‘বাগধাৰামূলক’ বুলি অভিহিত কৰি তাৰ গুৰুতৰ সীমাবদ্ধতাৰ কথা আঙুলিয়াই দিছে (‘কিছু গ্ৰহণযোগ্য উপাদান থাকিলেও’) : এই সংজ্ঞায়নৰ জৰিয়তে আমাৰ দৃষ্টিভংগী তথা আলোচনাৰ এক প্ৰান্তীয়কৰণ ঘটাব বিচৰা হোৱা নাই নে – যাতে সি উত্থাপন কৰা অস্বস্তিকৰ প্ৰশ্নসমূহৰ মুখামুখি হোৱাৰ প্ৰয়োজনৰপৰা ৰেহাই পাব পাৰি? এইটোৱে তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ (যিটো বাগধাৰামূলক নহয়) প্ৰশ্নহীন আধিপত্য বৰ্তাই ৰখাৰ উদ্দেশ্য বহন নকৰেনে? টোকাটোত আমাৰ সমালোচনা কৰা কেইবাটাও কথাত যথোচিত দৃঢ়তা আৰু ধাৰণাগত স্পষ্টতাৰ অভাৱ দেখা গৈছে। আমাৰ দৃষ্টিভংগীক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব খোজাৰ বাবেই এনে দ্বিধাগ্ৰস্ততাৰ সৃষ্টি হৈছে নেকি বাৰু? নহ’লে স্বয়ং সম্পাদকৰ সতৰ্ক পৰ্যবেক্ষণৰপৰাই আমাৰ লেখাটোৰ কেইবাটাও দিশৰ ভুল ব্যাখ্যা কেনেকৈ হ’বলৈ পালে?

    ভুল ব্যাখ্যাবিলাক এনেধৰণৰ। প্ৰথম, “অসমীয়া মধ্যবিত্তই চাহ বনুৱা, খাটিখোৱা প্ৰব্ৰজনকাৰী মুছলমান কৃষকক অৱহেলা বা অৱজ্ঞা কৰাৰ প্ৰমাণ হিচাপে ‘জয়মতী’ আৰু ‘ডালিমী’ৰ চৰিত্ৰ দাঙি ধৰাটো ভিত্তিহীন।” – মনোযোগী পাঠকমাত্ৰেই বুজিব যে তেনেকুৱা কোনোধৰণৰ ‘প্ৰমাণ’ হিচাপে আমি জয়মতী আৰু ডালিমীৰ চৰিত্ৰক উত্থাপন কৰা নাই। কিন্তু জাতীয়তাবাদৰ এটা সাংস্কৃতিক প্ৰতীক হিচাপে জয়মতী আৰু ডালিমীৰ মাজত বিভিন্নধৰণৰ সামাজিক দ্বন্দ্ব অন্তৰ্নিহিত হৈ থাকিব পাৰে বা আধিপত্যশীল শ্ৰেণীটোৰ বহুতো দৃষ্টিভংগীৰ সমাহাৰ ঘটিব পাৰে, সেয়াহে আমাৰ অনুসন্ধেয় বিষয়। দ্বিতীয়, “লভিতালৈ জ্যোতিপ্ৰসাদে পোনচাটেই অহা নাই। জয়মতীৰ মাজেৰেই আহিছে। . . .” – আমি লিখিছিলো যে জয়মতীয়ে প্ৰতিনিধিত্ব কৰা নিষ্ক্ৰিয় প্ৰতিৰোধৰ ‘সংকীৰ্ণতাৰ পৰিধি ভাঙি’ জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰিছিল লভিতাক, আৰু এই প্ৰক্ৰিয়াৰেই ‘অসমীয়া নাৰীৰ উত্তৰণ ঘটিছিল জয়মতীৰপৰা লভিতালৈ।’ এটা কথা ঠিক, আমি মূলতঃ প্ৰতীকী ভাষাৰে চমুকৈ কোৱা উক্ত সামাজিক প্ৰক্ৰিয়াৰ বহল আলোচনাৰ প্ৰয়োজন আছে। কিন্তু জ্যোতিপ্ৰসাদে ‘পূৰ্বৰ ধাৰণা বৰ্জন কৰি বিপৰীত কিবা ধাৰণা গ্ৰহণ কৰা’ বুলি ব্যাখ্যা এটা আমাৰ লেখাৰপৰা কোনোমতেই উলিয়াব পৰা নাযায় নিশ্চয়। তৃতীয়, “জয়মতী’ৰ নিষ্ক্ৰিয় প্ৰতিৰোধক সক্ৰিয় ৰূপ দিবলৈ গ’লে ঐতিহাসিক তথ্যৰ চূড়ান্ত বিকৃতি ঘটিব। সেইটো জ্যোতিপ্ৰসাদে নকৰাটোৱেই স্বাভাৱিক। . . .” আকৌ, “এটা ঐতিহাসিক চৰিত্ৰৰ সিমানখিনি সালসলনি – যি জয়মতীক যোদ্ধাত পৰিণত কৰিলেহেঁতেন – গ্ৰহণযোগ্য নহয়।” – এয়া এক আচহুৱা ব্যাখ্যা। জয়মতীৰ প্ৰতিৰোধক সক্ৰিয় ৰূপ দিয়া বা তেওঁক যোদ্ধাত পৰিণত কৰাৰ কথা বা তাৰ তিলমানো ইংগিত আমাৰ লেখাত ক’ত আছে? আমি লেখাটোৰ এঠাইত জয়মতীৰ প্ৰতিৰোধক জাতীয়তাবাদী-গান্ধীবাদী ভাবধাৰাই দাঙি ধৰা নাৰীৰ নিষ্ক্ৰিয় প্ৰতিৰোধৰ সূচক বুলি অভিহিত কৰিছো। তাৰপৰা সম্পাদকে এইবুলি ভাবিছে নেকি যে জয়মতীৰ ভূমিকা তেনে হোৱাটো আমি বেয়া পাইছো বা ‘প্ৰতিক্ৰিয়াশীল’ বুলি ভাবিছো, আৰু সেয়ে জয়মতীক জ্যোতিপ্ৰসাদে যোদ্ধাত পৰিণত কৰা হ’লে আমি ভাল পালোহেঁতেন?! চতুৰ্থ, টোকাটোত লিখা হৈছে যে ‘লুইতৰে পানী যাবি অ’ বৈ’ গীতত “শোকৰ উচ্ছ্বাসেই একমাত্ৰ উপাদান নহয়। সেই শোকত আত্মসমৰ্পণৰ ভাব নাই। . . .” – ইয়াত আমাৰ বক্তব্যৰ ঘাই মৰ্মটোকেই আওকাণ কৰা হৈছে। আমি লিখিছো – “. . . এয়া কোনো বিৰহ বেদনা, দুখৰ প্ৰকাশ নতুবা অসহায় বিলাপ নহয়। এই শোক হ’ল জাতিৰ আত্ম-আৱিষ্কাৰৰ প্ৰকাশ, এই চকুপানী হ’ল জাতিৰ সঞ্জীৱনী জল যাৰ পৰশত জাতিটো পুনৰুজ্জীৱিত হৈ উঠিব।” পঞ্চম, জয়মতী আৰু ডালিমীক অসমীয়া মধ্যবিত্ত চেতনাৰ ‘দুই মেৰুৰূপে’ দেখুৱাবলৈ গৈ “লেখকে বিপজ্জনকভাৱে মূল পাঠৰ বৃহত্তৰ পৰিসৰৰপৰা দূৰলৈ গুচি গৈছে। ল’ৰা ৰজাৰ ৰাজত্ব এপিনে যেনেকৈ হিংসা, খিয়লাখিয়লি, তথাকথিত সভ্য মানুহৰ ক্ৰূৰতাৰ প্ৰতীক, ডালিমীত তাৰ বিপৰীতে নিভাঁজ সহৃদয় মানৱতাৰ এটা কাল্পনিক ৰূপ দিয়া হৈছে। ইয়াত মধ্যবিত্ত চেতনাৰ ‘অন্য’ (other) সিমান গুৰুত্বপূৰ্ণ নহয়।” – আমাৰ লেখাটোৰ উদ্দেশ্য জয়মতীৰ ইতিহাস ৰচনা নহয়। সেই সম্পৰ্কে যে সম্পাদকেও ভুল কৰা নাই, তেওঁৰ টোকাটোৱেই তাৰ প্ৰমাণ। তেনেহ’লে আমি কোনটো ‘মূল পাঠ’ৰপৰা দূৰলৈ গুচি গৈছো? এইটো উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই যে সদৃশ ঐতিহাসিক পৰিস্থিতিত জয়মতীয়ে আদৰ্শনীয় ঐতিহাসিক ভূমিকা পালন কৰা গুণেহে জাতীয়তাবাদী কল্পনাই চৰিত্ৰটোক পুনৰ্নিৰ্মাণ কৰি ঊৰ্ধ্বত তুলি ধৰিছিল। ইয়াত জয়মতীৰ এই জাতীয়তাবাদী পুনৰ্নিৰ্মাণহে আলোচ্য বিষয়, ঐতিহাসিক জয়মতীগৰাকীৰ প্ৰেক্ষাপটটো ইয়াত ‘মূল পাঠ’ হ’ব পাৰে জানো? ঐতিহাসিক প্ৰেক্ষাপটটো নিঃসন্দেহে অতিকে গুৰুত্বপূৰ্ণ। কিন্তু ল’ৰা ৰজাৰ ৰাজত্বৰ ‘হিংসা, খিয়লাখিয়লি’ৰ বিপৰীতে ‘নিভাঁজ সহৃদয় মানৱতা’ৰ ৰূপ হিচাপে ডালিমীৰ চৰিত্ৰটোৰ চিত্ৰণ পূৰ্বৰ বুৰঞ্জীমূলক পুথিত পোৱা যায়নে? সেয়া হ’ল জাতীয়তাবাদী মধ্যবিত্ত মনীষাৰ সৃষ্টি। আৰু যদি সেইধৰণৰ চিত্ৰণ পূৰ্বৰ পুথিত পোৱা যায়ো, তেতিয়াও আচল প্ৰশ্নটো হ’ব, জয়মতী আৰু ডালিমীয়ে প্ৰতিনিধিত্ব কৰা দুখন বৈপৰীত্যমূলক মানসিক পৃথিৱীৰ প্ৰয়োজন আধুনিক অসমীয়া মধ্যবিত্তৰ কি কাৰণে হ’ল, আৰু তেওঁলোকৰ চেতনাত তাৰ কেন্দ্ৰীয় গুৰুত্বৰ কাৰণ কি?

    টোকাটোত লিখা হৈছে যে আমাৰ মতে জয়মতীত ‘সদৰ্থক জাতীয়তাবাদ’ৰ উপাদান থাকিলেও মূলতঃ জয়মতী আৰু ডালিমী দুয়োটা চৰিত্ৰ অসমীয়া মধ্যবিত্তৰ ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদেৰে’ ‘দূষিত’। পিছৰ এঠাইত প্ৰগতিশীল বা ‘সদৰ্থক’ জাতীয়তাবাদৰ প্ৰয়োজন তথা গুৰুত্ব সম্পৰ্কে লিখা হৈছে – “. . . সামাজিক প্ৰগতিৰ বাবে ইতিহাসৰ এটা পৰ্যায়ত গণতান্ত্ৰিক জাতীয়তাবাদৰ ভূমিকা আছে। জনসাধাৰণ আত্মসচেতন হোৱাত তাৰ এটা অৱদান আছে।” – আমাৰ বোধেৰে, প্ৰগতিশীল-প্ৰতিক্ৰিয়াশীলৰ এনে সৰলীকৃত দ্বৈত ধাৰণা অসমৰ বাঁও-গণতান্ত্ৰিক বৌদ্ধিক ধাৰাৰ এটা ঘাই মতাদৰ্শগত সমস্যা। প্ৰগতিশীল নে প্ৰতিক্ৰিয়াশীল – ঘাইকৈ এনে ফ্ৰেমৱৰ্কৰ ওপৰত আধাৰিত হোৱাৰ বাবেই হয়তো আমাৰ সামাজিক চিন্তাত বহু জৰুৰী বিষয় আৰু প্ৰশ্নই এতিয়াও ভুমুকিয়েই মৰাহি নাই। এই ফ্ৰেমৱৰ্কটোৱে বহু সময়ত এক নৈতিকতাবাদী ভূমিকা পালন কৰে : এফালে ই যেনেকৈ ‘প্ৰগতিশীল’ বুলি ভবা বিষয় আৰু প্ৰশ্নসমূহ আলোচনাৰ বাবে উৎসাহ যোগায়, আনফালে ই ‘প্ৰতিক্ৰিয়াশীল’ বুলি ভাবি লোৱা বিষয় আৰু প্ৰশ্নসমূহ দৃষ্টিৰ বাহিৰলৈ ঠেলি পঠায়। এই বিষয়টোৰ আলোচনাৰ বাবে মাৰ্ক্সীয় চিন্তাৰ ধাৰাত মতাদৰ্শ ধাৰণাটোৰ ৰেহৰূপ তথা ভিত্তি-উপৰিসৌধৰ ধাৰণাৰ বহল বিশ্লেষণৰ প্ৰয়োজন। সি যি নহওক, ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদ’ বনাম ‘প্ৰগতিশীল জাতীয়তাবাদ’, এইধৰণৰ দ্বৈত ধাৰণাৰ সহজ প্ৰয়োগ নকৰি আমি বাৰু জাতীয়তাবাদৰ ধাৰণাটোক অধিক বহল আৰু বহুস্তৰীয় ৰূপত গ্ৰহণ কৰিব নোৱাৰোনে? জাতীয়তাবাদৰ কোনো এটা ৰূপ বা পৰ্যায়ক এনেদৰে প্ৰগতিশীল বা প্ৰতিক্ৰিয়াশীল হিচাপে কৰা সহজ চিহ্নিতকৰণে প্ৰকৃততে তাৰ আঁৰৰ দ্ব্যৰ্থসমূহ তথা জটিলতাসমূহ ঢাকি নধৰিবনে? আমাৰ ভাব হয় যে সামাজিক প্ৰক্ৰিয়া হিচাপে জাতীয়তাবাদৰ মাজত একাধাৰে বহুবোৰ ভিন্নমুখী আৰু বহুস্তৰীয় সামাজিক দ্বন্দ্ব ব্যাপ্ত হৈ থাকে – ইতিহাসৰ গতিচক্ৰত সমাজৰ বিভিন্ন ৰাজনৈতিক শক্তিসমূহৰ মাজৰ ক্ষমতা-বিন্যাসৰ পৰিবৰ্তনৰ লগে লগে জাতীয়তাবাদৰ মাজৰ দ্বন্দ্বসমূহৰ ৰূপ বা তাৰ ফলস্বৰূপে জাতীয়তাবাদৰ ৰূপো সলনি হয়। এইখিনিতে উদাহৰণস্বৰূপে এটা কথা কৈ থ’ব পাৰি, অসম আন্দোলনৰ হিংসাৰ মাজেৰে প্ৰকাশ পোৱা জাতীয়তাবাদক আমি কিয় ‘জাতীয়তাবাদ’ বুলি ক’বলৈ ভয় কৰো? কিয় তাৰ বাবে এটা সম্পূৰ্ণ নতুন শব্দ তৈয়াৰ কৰি লৈছো – ‘উগ্ৰজাতীয়তাবাদ’ (‘উগ্ৰ জাতীয়তাবাদ’ নহয়, ইয়াত ‘উগ্ৰ’টোৱে জাতীয়তাবাদৰ বিশেষণ হিচাপে কাম কৰিছে, কিন্তু ‘উগ্ৰজাতীয়তাবাদ’ এটা গোটা শব্দ)? জাতীয়তাবাদৰ প্ৰতি এনে সংকীৰ্ণ তথা মোহগ্ৰস্ত ধাৰণাই কিদৰে বিভিন্ন সামাজিক বিষয়ৰ বিশ্লেষণক প্ৰভাৱিত কৰিছে সেই বিষয়ে আমি অন্যান্য লেখাত কিছু পৰিমাণে আলোচনা কৰিবলৈ যত্ন কৰিছো।

    এতিয়া আমি অন্য এটা মৌলিক বিষয়লৈ যাওঁ। আমাৰ বোধেৰে, আলোচনীত প্ৰকাশিত কোনো বিশেষ লেখাত এনেধৰণে মূল্যায়নধৰ্মী ‘সম্পাদকীয় টোকা’ সংযোজন কৰি দিয়াটো গণতান্ত্ৰিক প্ৰমূল্য তথা মুক্ত চিন্তাৰ পৰিপন্থী আৰু অভিভাৱকত্ববাদৰ নিদৰ্শন। ছিৰিয়াছ চিন্তাৰ বিকাশত মূল্যৱান অৱদান আগ বঢ়োৱা বুলি আমি সকলোৱে জনা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় কোনোবা আলোচনী বা পত্ৰিকাত (উদাহৰণস্বৰূপে মান্থলি ৰিভিউৰ কথাকে ক’লো) এনে মূল্যায়নধৰ্মী সম্পাদকীয় টোকা লিখাৰ নিদৰ্শন আমি পাওঁ নেকি? আনহাতে, এয়া পাঠকসমাজৰ বোধশক্তিৰ প্ৰতিও অপমানসূচক – কিয়নো ইয়াৰ জৰিয়তে পাঠকক সমালোচনাত্মক ক্ষমতা-ৰহিত ৰূপত উপস্থাপন কৰা বুজায় যাক হাতত ধৰি ধৰি সৰ্বজ্ঞ সম্পাদকমণ্ডলীয়ে জ্ঞান প্ৰদান কৰিব। এই ধাৰণাত পাঠক হ’ল জ্ঞানৰ গ্ৰহীতা আৰু সম্পাদকমণ্ডলী হ’ল জ্ঞান প্ৰদান কৰোতা। আনহাতে, লেখকসকলৰ ধাৰণাসমূহে জ্ঞানৰ মৰ্যাদা লাভ কৰে সম্পাদকীয় স্বীকৃতিৰ জৰিয়তে – সম্পাদকে ছিল-মোহৰ মাৰি দিয়াৰ পাছত সেইসমূহ ৰেজিষ্টাৰ্ড জ্ঞানত পৰিণত হয়। গতিকে ইয়াত সম্পাদকৰ সৰ্বজ্ঞতা অপৰিহাৰ্য। (বিভিন্ন লেখকে বিভিন্ন বিষয়ত নিজা দৃষ্টিভংগীৰে লিখিব পাৰে, কিন্তু সম্পাদনাৰ দায়িত্বশীল স্থানত থকা সম্পাদকে এই সকলোখিনিৰ প্ৰতি চকু ৰাখি এক নিৰপেক্ষ আৰু সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সেই বিষয়ত আমি ক’বলৈ যোৱা নাই। আমি অসমৰ বৌদ্ধিক সংস্কৃতিৰ প্ৰমূল্যগত প্ৰশ্ন হিচাপেহে উক্ত প্ৰসংগটো উত্থাপন কৰিছো।) এনে অগণতান্ত্ৰিক দৃষ্টিভংগী মুক্ত জ্ঞানচৰ্চাৰ অনুকূল নহয় বুলি আমি ভাবো। আনহাতে, ইয়াৰ সৈতে এটা বিষয় জড়িত হৈ আছে – অসমৰ বৌদ্ধিক সংস্কৃতিৰ প্ৰমূল্য। অসমৰ বৌদ্ধিক-সাহিত্যিক সংস্কৃতিত সাধাৰণভাৱে যিধৰণৰ প্ৰমূল্যৰ প্ৰাধান্য পৰিলক্ষিত হয় তাক আমি সহজভাৱে সামন্তীয় বুলি অভিহিত কৰিব পাৰো। এই প্ৰমূল্য বিভিন্ন স্তৰত কম-বেছি পৰিমাণে ব্যাপ্ত। সেইবাবেই কোনো কোনো খ্যাতনামা সাহিত্যিক-বুদ্ধিজীৱীৰ বহু ক্ৰিয়াকলাপে সামন্ত প্ৰভুৰ চৰিত্ৰহে কেতিয়াবা প্ৰতিফলিত কৰে। এনে প্ৰেক্ষাপটত গণতান্ত্ৰিক আৰু দিগন্তপ্ৰসাৰী চিন্তাৰ বিস্তাৰৰ বাবে আমাৰ সন্মুখত থকা এটা প্ৰাথমিক প্ৰত্যাহ্বান হ’ল বৌদ্ধিক সংস্কৃতিৰ গণতান্ত্ৰিকীকৰণ। গতিকে আমি আশা কৰো যে গণতান্ত্ৰিক প্ৰমূল্যৰ ধ্বজা বহনকাৰী আলোচনী হিচাপে নতুন পদাতিক-এ এই ক্ষেত্ৰত আমাৰ বাবে পথ প্ৰদৰ্শনকাৰীৰ ভূমিকা পালন কৰিব লাগে। আভ্যন্তৰীণ গণতন্ত্ৰৰ প্ৰশ্নটো আমাৰ বোধেৰে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন।

    সামৰণিত আন এটা দিশ উনুকিয়াব খুজিছো। কিছু মাহৰ আগতে আমাৰ ‘মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা’ শীৰ্ষক প্ৰবন্ধটো নতুন পদাতিক আলোচনীলৈ পঠোৱা হৈছিল। কিছু দিন পাছত এটা সম্পাদকীয় মন্তব্য আমালৈ পঠাই প্ৰবন্ধটো প্ৰকাশৰ অপাৰগতা প্ৰকাশ কৰা হৈছিল। উক্ত মন্তব্যত প্ৰবন্ধটোৰ ‘বিক্ষিপ্ততা’ক সমস্যা হিচাপে দাঙি ধৰা হৈছিল – যিটোৱে পাঠকক বিভ্ৰান্তিত পেলাব পাৰে। কিন্তু আমাৰ প্ৰবন্ধটো অধ্যয়ন কৰিলে বুজা যাব যে তাৰ লিখিত ৰূপটোতকৈ তাত উত্থাপিত প্ৰশ্নসমূহৰ নতুনত্ব আৰু অস্বস্তিকৰ চৰিত্ৰইহে উক্ত ‘বিক্ষিপ্ততা’ৰ বীজ বহন কৰিছে। আনহাতে, উপৰোক্ত টোকাত ‘বাগধাৰামূলক’ বিশ্লেষণে বিভ্ৰান্তিৰ জন্ম দিব পাৰে বুলি কোৱা হৈছে। উভয় ক্ষেত্ৰতে ‘বিভ্ৰান্তি’ৰ প্ৰতি সম্পাদকৰ সংশয় মন কৰিবলগীয়া। কিন্তু নতুন সমালোচনাত্মক দৃষ্টিভংগীয়ে ‘বিভ্ৰান্তি’ৰ সৃষ্টি কৰিব বুলি কিয় ধৰি লোৱা হৈছে? প্ৰতিষ্ঠিত দৃষ্টিভংগীৰ সহজ নিশ্চয়তাৰ মাজত মূৰ গুঁজি থকাটোৱেই আমাৰ উদ্দেশ্য হোৱা উচিত নেকি? যদি তেনেকুৱাই হয়, তেনেহ’লে আমি ভাবো যে এনে কূপমণ্ডূক নিশ্চয়তাক বিদীৰ্ণ কৰিবৰ বাবে প্ৰাথমিক স্তৰত বিভ্ৰান্তিৰ সৃষ্টি কৰাটো অৱশ্যপ্ৰয়োজনীয় – তেহে বহল আৰু বৈচিত্ৰ্যপূৰ্ণ সামাজিক চিন্তাৰ বিকাশ ঘটিব।

    ১০-০১-২০১৬

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: