লক্ষ্মীৰাম বৰুৱাৰ হাতত আধুনিক অসমীয়া সংগীতৰ শুভাৰম্ভ হয় যদিও তেওঁৰ সংগীত সাধনা আছিল মূলতঃ মাৰ্গীয় আৰু বাংলাগন্ধী। সত্যনাথ বৰাও অসমৰ লোকসংগীতৰ সাৰমৰ্ম দাঙি ধৰাত সফল হোৱা নাছিল।এইসকলে বোৱাই দিয়া অসমীয়া সংগীতৰ এই তৰাং ধাৰাত অসমৰ লোকজীৱনৰ মৰ্মমূলৰপৰা জীৱনবোধ আনি, অসমীয়া ভাষাৰ কালিকা সানি গভীৰতা প্ৰদান কৰাত অগ্ৰণী আছিল বনকোঁৱৰ আনন্দিৰাম দাস। দাসক বনগীতৰ স্ৰষ্টা আখ্যা দিয়া হয় : বংগীয় সংস্কৃতিৰ হাৱা খাই থলুৱা লোকসংস্কৃতিক লৈ হীনমন্যতাত ভোগা সেই সময়ৰ উচ্চশ্ৰেণী অসমীয়াৰদ্বাৰা অনাদৃত অসমৰ অনুপম বিহুনাম-বনঘোষাকে ঘঁহি-পিহি আধুনিক ৰূপ দি আনন্দিৰাম দাসে সৃষ্টি কৰিছিল এবিধ নতুন গীত যাৰ নাম তেওঁ ‘বিৰহী’ (১৯৩৭) গীতৰ সংকলনত প্ৰথমবাৰৰ বাবে ৰাখিছিল ‘বনগীত’ বুলি। … … …
সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক
Leave a Reply