Blog Archives

লতা মংগেশকাৰ আৰু আধুনিক ভাৰতীয় নাৰীসত্তা

এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ

ছিপাঝাৰৰ উচ্ছেদ আৰু প্ৰাসংগিক দুটামান কথা

প্ৰব্ৰজনক লৈ যুগ যুগ ধৰি তালফাল লগাই আহিছো যদিও আভ্যন্তৰীণ প্ৰব্ৰজনৰ বিষয়ে আমি কোনোদিন ৰাজনৈতিক বাৰ্তালাপ কৰা নাই। কোনোবা দুই-এজনে বিদ্যায়তনিক অধ্যয়ন ক’ৰবাত কৰিছে সেইটো বেলেগ কথা, কিন্তু সি কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয় হৈ উঠা নাই। বানপানী, গৰাখহনীয়া, আন প্ৰাকৃতিক

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

আজমল‌ বন্দনা

আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিব‌ই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব‌ও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা

Rate this:

Tagged with: , , ,
Posted in সানমিহলি

কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ

এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদে সৰ্বব্যাপী ৰূপ লাভ কৰিছে। সকলো স্তৰৰ ৰাইজ স্বতঃপ্ৰণোদিতভাৱে ৰাজপথলৈ ওলাই আহিছে। যি সময়ত বিধেয়কখন লোকসভাত পাছ হৈ গৈছে আৰু ৰাজ্যসভাতো পাছ হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে, সেই সময়তো অসমৰ ৰাজপথত

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

গান্ধীৰ প্ৰাসংগিকতা

মহাত্মা গান্ধীক যদিও ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুখ্য নেতা তথা জাতিৰ পিতা বুলি অভিহিত কৰা হয়, তথাপি স্বাধীন ভাৰতত যি জাতি-ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ল তাৰ ঘাই জনক জৱাহৰলাল নেহৰুহে। ছেকুলাৰ-আধুনিকতাবাদী আৰু উন্নয়নবাদী এই জাতি-ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মূল মতাদৰ্শগত ভূমিকা পালন

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য : কিছু প্ৰস্তাৱনামূলক ধাৰণা

নব্য উদাৰতাবাদৰ বিশ্বজোৰা দপদপনিৰ সাম্প্ৰতিক সময়ছোৱাত বাঁওপন্থী শক্তিসমূহ স্বাভাৱিকতেই নিশকতীয়া হৈ পৰিছে। তেওঁলোকৰ কেৱল শক্তি-সামৰ্থ্যই যে হ্ৰাস পাইছে, তেনে নহয় – জনসাধাৰণৰ মাজত নৈতিক গ্ৰহণযোগ্যতাও ক্ৰমাৎ স্খলিত হ’বলৈ ধৰিছে। এনে অৱস্থাত এই শক্তিসমূহৰ একপ্ৰকাৰ অৱধাৰিত পশ্চাদপসৰণ আৰু প্ৰান্তীয়কৰণ ঘটিবলৈ ধৰিছে।

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

হৰ হৰ মোডী

অৱশেষত বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল। ইয়াত আচৰিত হ’বলগাতো একো নায়েই, আচলতে এয়াই আছিল অৱধাৰিত – এয়া আছিল অৱশ্যম্ভাৱী। কিছুমানে গোঁৱাৰৰ দৰে এইবাৰ বিজেপি আহিব নোৱাৰে বুলি ভাবি আছিল। সেইসকলে এতিয়া নিশ্চয় বুজি পাইছে যে

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

বিলৰ পিছৰ চিন্তা

অৱশেষত নাগৰিকত্ব সংশোধনী বিলখন পাছ হ’ল (লোকসভাত)। অসমৰ দল-সংগঠন তথা ৰাইজৰ সৰ্বাত্মক প্ৰতিবাদেও এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। এই প্ৰতিবাদে, আনকি দিল্লীত কৰা জংগী নগ্ন প্ৰতিবাদেও সৰ্বভাৰতীয় সংবাদ মাধ্যমতো কোনো হুলস্থূলৰ সৃষ্টি নকৰিলে। ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমৰ দূৰণিবটীয়া ভূ-ৰাজনৈতিক অৱস্থান

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷

Rate this:

Tagged with: ,
Posted in সানমিহলি