Blog Archives

লতা মংগেশকাৰ আৰু আধুনিক ভাৰতীয় নাৰীসত্তা

এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ

ধৰ্ম আৰু ৰাজনীতি : দুটামান কথা

(ক) ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ জনপ্ৰিয়

Rate this:

Tagged with: , ,
Posted in সানমিহলি

আজমল‌ বন্দনা

আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিব‌ই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব‌ও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা

Rate this:

Tagged with: , , ,
Posted in সানমিহলি

আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ

এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদে সৰ্বব্যাপী ৰূপ লাভ কৰিছে। সকলো স্তৰৰ ৰাইজ স্বতঃপ্ৰণোদিতভাৱে ৰাজপথলৈ ওলাই আহিছে। যি সময়ত বিধেয়কখন লোকসভাত পাছ হৈ গৈছে আৰু ৰাজ্যসভাতো পাছ হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে, সেই সময়তো অসমৰ ৰাজপথত

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

এন আৰ চিক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হ’বলৈ নিদিব

এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা বিভিন্ন লোকৰ বিৰুদ্ধে অতি কম সময়ৰ ভিতৰতে যে লাখ লাখ আপত্তি দাখিল কৰা হৈছে, তাৰ আঁৰত এক ভয়ংকৰ ষড়যন্ত্ৰ থকা বুলি অনায়াসে ক’ব পাৰি। যদিও খিলঞ্জীয়া মূলসুঁতিৰ অসমীয়া কিছু লোকৰ বিৰুদ্ধেও এনে আপত্তি দাখিল

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

বিলৰ পিছৰ চিন্তা

অৱশেষত নাগৰিকত্ব সংশোধনী বিলখন পাছ হ’ল (লোকসভাত)। অসমৰ দল-সংগঠন তথা ৰাইজৰ সৰ্বাত্মক প্ৰতিবাদেও এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। এই প্ৰতিবাদে, আনকি দিল্লীত কৰা জংগী নগ্ন প্ৰতিবাদেও সৰ্বভাৰতীয় সংবাদ মাধ্যমতো কোনো হুলস্থূলৰ সৃষ্টি নকৰিলে। ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমৰ দূৰণিবটীয়া ভূ-ৰাজনৈতিক অৱস্থান

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

যোৱা বছৰটোলৈ উভতি চাওঁতে

এখন দেশ বা ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত একে সময়তে বিভিন্ন স্তৰত বহুতো ঘটনা-প্ৰক্ৰিয়া চলি থাকে। গতিকে একেটা মাথোন ব্যাখ্যাৰে এই বহুস্তৰীয় প্ৰক্ৰিয়াৰাজিৰ সম্পূৰ্ণ স্বৰূপ উদঘাটন কৰাটো টান। তথাপি ঘটনা-প্ৰক্ৰিয়াৰ প্ৰধান আৰু আধিপত্যশীল ধাৰাটো যদি চিহ্নিত কৰিব পৰা যায়, তেন্তে তাৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

কমন ছেন্স আৰু ননছেন্স

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়।

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি

স্বাধীনতা আৰু দেশ বিভাজন

মূল : সুচেতা মহাজন অনুবাদ : জিতেন বেজবৰুৱা (বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪

Rate this:

Tagged with: , ,
Posted in অনুবাদ

জিন্না, গোলৱালকাৰ আৰু কট্টৰ সাম্প্ৰদায়িকতাবাদ

মূল : বিপান চন্দ্ৰ অনুবাদ : জিতেন বেজবৰুৱা (বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪

Rate this:

Tagged with: ,
Posted in অনুবাদ