Blog Archives

অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা

আজি আমি টেলিপেথি আৰু হস্তৰেখাৰ অন্তঃসাৰশূন্যতা উদঙাই দি আলোচনা কৰিলো, কাইলৈ বাস্তুশাস্ত্ৰ আৰু স্বপ্নফলৰ অসত্যতাৰ কথা লিখিম৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ এয়াই পদ্ধতি নেকি? অন্ধবিশ্বাসৰ বজাৰত নতুন নতুন মাল সদায় ওলায়েই থাকিব৷ কেৱল সেইবোৰৰ আলোচনা কৰি থকাটোৱেই নিশ্চয় যুক্তিবাদী মানুহৰ কাম নহয়৷

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

অখণ্ড মানৱ সংস্কৃতিৰ সাধনা

আধুনিক মানুহৰ ট্ৰেজেডি এয়ে যে এফালে বিজ্ঞানসমূহৰ আৰু আনফালে মানৱিকী বিদ্যাসমূহৰ (Humanities) বিভিন্ন বিভাগৰ আশ্চৰ্যজনক বহুপল্লৱিত বিকাশ ঘটিছে যদিও তাৰ ফলস্বৰূপে এক অখণ্ড বিশ্ববীক্ষাৰ ভেটি শক্তিশালী হোৱা নাই, বৰং সি মানৱ জ্ঞানক খণ্ডিত কৰি সহস্ৰটা পৃথক আৰু সম্পৰ্কহীন প্ৰকোষ্ঠত বিভক্ত

Rate this:

Tagged with: , , , , , ,
Posted in গ্ৰন্থ সমালোচনা

অপৰাধ আৰু কৰ্মফল

মানবেন্দ্ৰনাথ ৰয়ৰ গুৰুত্বপূৰ্ণ প্ৰবন্ধ ‘Crime and Karma’ৰ অনুবাদ। পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Rate this:

Tagged with: , ,
Posted in অনুবাদ

জ্যোতিষ : এক অনুসন্ধান

বিশ্বখ্যাত ব্যংগ সাহিত্যিক জনাথন ছুইফট ব্যক্তিগত জীৱনতো ব্যংগৰ ওজা আছিল। সেই সময়ত ইংলেণ্ডত পেট্ৰিজ নামৰ এজন বিখ্যাত জ্যোতিষী আছিল; মানুহৰ ভৱিষ্যতবাণীৰ মাধ্যমেৰে তেওঁ হাজাৰজনৰ বিশ্বাসভাজন হৈ পৰিছিল। এবাৰ ছুইফটে ‘আইজাক বিকাৰষ্টাছ’ ছদ্মনামত ‘Bickerstass’ Almanac’ বুলি এখন অনাগত বৰ্ষৰ ভৱিষ্যতবাণী সন্নিৱিষ্ট

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা

ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ নহয়৷ যুক্তিবাদৰ পৰিসৰ ইয়াতকৈ বহুগুণে গভীৰ আৰু ব্যাপক৷ কিন্তু আমাৰ বহুতাে যুক্তিবাদীৰ চিন্তা ভল্টেয়াৰীয় স্তৰতে সীমাবদ্ধ হৈ আছে৷ আলােকদীপ্তিৰ যুগৰ যুক্তিৰ সৰ্বোচ্চ কৰ্তৃত্বত বিশ্বাস, প্ৰগতিৰ ওপৰত দ্বিধাহীন আস্থা আৰু ব্যক্তিজীৱনৰ পূৰ্ণাংগ বিকাশৰ ধাৰণাক চিৰন্তন বুলি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ