শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি।…