Blog Archives

গ্ৰামশ্চিৰ প্ৰাসংগিকতা সম্পৰ্কে একাষাৰ

বৰ্তমান সময়ছোৱাক বুজি পাবৰ বাবে, বৰ্তমানৰ বিশ্ব পৰিস্থিতি হৃদয়ংগম কৰিবৰ বাবে কোন কোন চিন্তাবিদৰ কাষ চাপিব লাগিব বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে এণ্টনিঅ’ গ্ৰামশ্চিৰ নাম নিশ্চিতভাৱেই প্ৰথম শাৰীতেই আহিব। গ্ৰামশ্চি আছিল ইটালিৰ এজন কমিউনিষ্ট বিপ্লৱী আৰু দাৰ্শনিক। গ্ৰামশ্চিয়ে যি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ

আলফা সম্পৰ্কে এটা চমু আলোচনা

একবিংশ শতিকাৰ তৃতীয় দশকত থিয় হৈ আজি আলফাক সমালোচনা কৰিবলগীয়া একো নাই। কিয়নো ইতিহাসৰ সেই অধ্যায়টো আমি ইতিমধ্যেই পাৰ কৰি আহিছো – আলফাৰ তেজেধোৱা কাহিনী, তাৰ সফলতা-বিফলতা আৰু ভুল-শুদ্ধ আমি কাহানিবাই দেখি আহিছো। গতিকে তাক নতুনকৈ সমালোচনা কৰাটো ঐতিহাসিকভাৱে ইতিমধ্যে

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

উভতি নোযোৱাৰ প্ৰতিজ্ঞা

অসমীয়া ৰাইজে আজি এই মুহূৰ্তত ইতিহাসৰ এক জটিল সন্ধিক্ষণত থিয় দিছেহি। অথাই জলধিৰ মাজত পৰি আজি ৰাইজে ককবকাব লাগিছে। মহামাৰী ক’ৰ’না ভাইৰাছ আৰু তাক কেন্দ্ৰ কৰি চলি থকা দমনমূলক ব্যৱস্থাৱলীয়ে সকলোকে আতংকিত কৰি ৰখাৰ সময়তে, বছৰেকীয়া বানপানীৰ ৰাজ্যজোৰা ভয়াৱহ ধ্বংসলীলাৰ

Rate this:

Tagged with: , ,
Posted in সানমিহলি

বিদায় টিকটক

শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি।

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ (মূল : পার্থ চেটার্জী, অনুবাদ : ময়ূৰ চেতিয়া)

(অনুবাদকৰ টোকা : ‘কৃষক মুক্তি সংগ্রাম সমিতি’ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনেধৰণৰ পৰিবর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহ্বানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়।

Rate this:

Tagged with: , , , ,
Posted in লেছেৰি বোটলা

চেন্সৰ আৰু মাৰ্ক্স : ৪

স্বাধীনতাৰ অৰ্থ হ’ল তলৰ পিনৰপৰা গণতান্ত্ৰিক নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ আমোলাতন্ত্ৰটোৱেই যে কেৱল নিজকে জনসাধাৰণৰ নিয়ন্ত্ৰণৰ ঊৰ্ধ্বত অৱস্থান কৰা বুলি গণ্য কৰে তেনে নহয়। ডায়েটত থকা জনসাধাৰণৰ প্ৰতিনিধিসকলেও তেনেকৈয়ে ভাবে। কিন্তু প্ৰতিনিধিসকলে জনসাধাৰণৰ সমূহীয়া ইচ্ছাক সাৰ্থকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। তাৰ অবিহনে

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

চেন্সৰ আৰু মাৰ্ক্স : ৩

চিন্তাৰ আমোলাতান্ত্ৰিক নিয়ন্ত্ৰণৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ঐতিহাসিক বিকাশৰ এইটো পৰ্যায়ত কোনোবাই আইনৰ শাসনৰ দাবী কৰাৰ অৰ্থই হ’ল স্বেচ্ছাচাৰী ৰাষ্ট্ৰ আৰু ইয়াৰ আমোলাসকলৰ শাসনৰ বিৰুদ্ধে থিয় দিয়া। মাৰ্ক্সৰ আলোচ্য ৰচনাকেইখনৰ মাজত ফুটি উঠা সামগ্ৰিক কাৰ্যক্ৰমৰ এয়াও এক অভিন্ন অংগ। চেন্সৰশ্বিপ হ’ল

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

চেন্সৰ আৰু মাৰ্ক্স : ২

স্বাধীনতাৰ অখণ্ড ৰূপ সংবাদপত্ৰৰ স্বাধীনতাৰ প্ৰশ্নটোক কেন্দ্ৰ কৰি ডায়েটত যিসমূহ বিতৰ্ক হৈছিল সেইসমূহৰ বিশ্লেষণ আগ বঢ়াই মাৰ্ক্সে বিতৰ্কৰত বক্তাসকলে প্ৰতিনিধিত্ব কৰা শ্ৰেণীসমূহৰ চৰিত্ৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। যেতিয়া ৰাজকুমাৰসকল, ভূসম্পত্তিশালী ভদ্ৰসমাজ আৰু নগৰীয়া বুৰ্জোৱা শ্ৰেণীৰ বক্তাসকলে সংবাদপত্ৰৰ স্বাধীনতাক আক্ৰমণ কৰিছিল

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

চেন্সৰ আৰু মাৰ্ক্স : ১

প্ৰস্তাৱনা শেহতীয়াভাৱে দেশত চেন্সৰছিপ, বাক স্বাধীনতা, গণতান্ত্ৰিক অধিকাৰ আদি বিষয়ক লৈ ব্যাপক বিতৰ্ক-আলোচনাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটতে আমি কাৰ্ল মাৰ্ক্সৰ এই সম্পৰ্কীয় কিছুমান ধ্যান-ধাৰণা স্মৰণ কৰাৰ প্ৰয়োজন বোধ কৰিলো। ঊনবিংশ শতিকাৰ মাজভাগত মাৰ্ক্সে সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক-বৌদ্ধিক বাদ-বিবাদৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা

কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ

Rate this:

Tagged with: , , , , , , , , , , ,
Posted in প্ৰবন্ধ