গ্ৰামশ্চিৰ প্ৰাসংগিকতা সম্পৰ্কে একাষাৰ

বৰ্তমান সময়ছোৱাক বুজি পাবৰ বাবে, বৰ্তমানৰ বিশ্ব পৰিস্থিতি হৃদয়ংগম কৰিবৰ বাবে কোন কোন চিন্তাবিদৰ কাষ চাপিব লাগিব বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে এণ্টনিঅ’ গ্ৰামশ্চিৰ নাম নিশ্চিতভাৱেই প্ৰথম শাৰীতেই আহিব।

গ্ৰামশ্চি আছিল ইটালিৰ এজন কমিউনিষ্ট বিপ্লৱী আৰু দাৰ্শনিক। গ্ৰামশ্চিয়ে যি সময়ত তেওঁৰ যুগান্তকাৰী চিন্তাৰাজিক লিখিত ৰূপ দিছিল তেতিয়া তেওঁ আছিল মুছোলিনিৰ কাৰাগাৰত। সেই সময়ছোৱা আছিল ইতিহাসৰ অতিকে ভয়াৱহ সময়। ফেছিবাদৰ উত্থানে সমগ্ৰ মানৱ জাতিৰ বাবেই নমাই আনিছিল অন্ধকাৰ। আনহাতে, ৰুছ বিপ্লৱৰ সফলতাৰ পাছত বিপ্লৱীসকলে আশা কৰিছিল এখন এখনকৈ ইউৰোপৰ দেশসমূহত সমাজবাদী বিপ্লৱ সংঘটিত হ’ব। কিন্তু বিপ্লৱৰ সেই স্বপ্ন ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছিল – সন্মুখত ক’তো কোনো বিপ্লৱৰ সম্ভাৱনা সদ্যহতে নাছিল। তেনে এক সময়ত কাৰাগাৰত আবদ্ধ হৈ থকা গ্ৰামশ্চিৰ বাবে স্বাভাৱিকতেই সন্মুখত কোনো তাৎক্ষণিক ৰাজনৈতিক সম্ভাৱনা নাছিল। গতিকে গ্ৰামশ্চিয়ে কোনো তাৎক্ষণিক ৰাজনৈতিক হিচাপ-নিকাচ বা লাভালাভৰ বাবে মূৰ ঘমোৱাৰ কথা নাছিল, কোনো খৰখেদা ৰণকৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজন নাছিল। তেনে প্ৰেক্ষাপটত গ্ৰামশ্চিৰ বিশাল মনীষাই বাছি লৈছিল এক সুকীয়া পথ – তেওঁ গ্ৰহণ কৰিছিল এক দীৰ্ঘম্যাদী দৃষ্টিভংগী, তেওঁ চিন্তা কৰিছিল ভৱিষ্যতৰ কাৰণে। আৰু ব্যক্তিগত জীৱনতো তেওঁ সেই চিন্তাৰ কোনো প্ৰচাৰ-প্ৰসাৰ নেদেখাকৈয়ে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। তেওঁৰ মৃত্যুৰ কেইবাটাও দশকৰ পাছলৈকে তেওঁৰ ৰচনাৰাজিয়ে বিশেষ পৰিচিতি লাভ কৰা নাছিল। তেওঁৰ সহবিপ্লৱী টোগলিয়াট্টিৰ প্ৰচেষ্টাত তেওঁৰ চিন্তাৰাজিক ইটালিৰ কমিউনিষ্ট পাৰ্টিৰ পথপ্ৰদৰ্শক হিচাপে গ্ৰহণ কৰা হৈছিল, কিন্তু সেয়া আছিল ইটালিৰ ভিতৰত। পৰৱৰ্তী সময়ত ইংৰাজী অনুবাদৰ লগে লগে গ্ৰামশ্চি ক্ৰমাৎ ইউৰোপ-আমেৰিকাৰ বৌদ্ধিক সমাজত পৰিচিত হৈ পৰে। তাৰ পিছৰপৰা গ্ৰামশ্চি কেৱল বাঁওপন্থী মহলতেই নহয়, সমগ্ৰ পৃথিৱীৰ বৌদ্ধিক জগতৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। প্ৰত্যক্ষ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে গ্ৰামশ্চিৰ চিন্তাই জ্ঞানচৰ্চাৰ বিভিন্ন শাখা তথা সংস্কৃতিৰ ধাৰণালৈ এক মৌলিক ৰূপান্তৰ আনিলে। বৰ্তমান সময়ত কোনোবা লোক মাৰ্ক্সবাদী হয় নে নহয় সেইটো বেলেগ কথা, কিন্তু গ্ৰামশ্চিৰ চিন্তাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ পৰিচিতি অবিহনে তেওঁৰ বৰ্তমান সমাজ তথা পৃথিৱী সম্পৰ্কীয় ধাৰণা সম্পূৰ্ণ হ’ব নোৱাৰে। চমু ভাষাত, গ্ৰামশ্চি বৰ্তমান পৃথিৱীৰ বৌদ্ধিক কমন ছেন্সৰ অভিন্ন অংগ।

আমাৰ ইয়াত দুটা অৰ্থত গ্ৰামশ্চিৰ প্ৰাসংগিকতাৰ কথা আহে। প্ৰথমটো হ’ল, এই যে ৰাজনীতি, জ্ঞানচৰ্চা তথা সংস্কৃতিৰ জগতত গ্ৰামশ্চিৰ বিশ্বজোৰা প্ৰভাৱৰ কথা ক’লো, তাৰ সৈতে অসমৰ বৌদ্ধিক জগতখন বৰ এটা পৰিচিত নহয়। মূলতঃ একধৰণৰ গোড়া আৰু কূপমণ্ডূক প্ৰগতিশীল কমন ছেন্সৰদ্বাৰাই প্ৰধানকৈ আমাৰ অসমীয়া বৌদ্ধিক সমাজখন পৰিচালিত হৈ আহিছে। গতিকে গ্ৰামশ্চিৰ চিন্তা এই গোড়ামি আৰু কূপমণ্ডূকতাৰপৰা মুক্তিৰ এটা সম্ভাব্য পথ হ’ব পাৰে। এইক্ষেত্ৰত কথাটো এনেকুৱা যে গ্ৰামশ্চিৰ চৰ্চা ইমান দিনে বিশ্বত হৈয়েই আহিছে, আমিহে জনা নাছিলো – গতিকে জানিবলৈ বিচাৰিব লাগে। দ্বিতীয়টো হ’ল, বৰ্তমানৰ এই ঐতিহাসিক মুহূৰ্তত গ্ৰামশ্চিৰ কিবা বিশেষ প্ৰাসংগিকতা আছে নেকি যিটো আগেয়ে নাছিল। আমি ইয়াত ঘাইকৈ প্ৰথমটো বিষয়ত কিছু কথা ক’বলৈ চেষ্টা কৰিম। দ্বিতীয়টো বিষয়ত ভৱিষ্যতে কেতিয়াবা আলোচনা কৰা যাব।

নব্য উদাৰতাবাদৰ ৰাজনৈতিক আৰু সাংস্কৃতিক আগ্ৰাসনৰ এক চূড়ান্ত মুহূৰ্তত মাৰ্গাৰেট থেচ্ছাৰৰ ব্ৰিটেইনত ষ্টুৱাৰ্ট হলে ‘Gramsci and Us’ ৰচনাত লিখিছিল যে এতিয়াই গ্ৰামশ্চিৰ আটাইতকৈ বেছি প্ৰাসংগিকতা আছে। আমি ভাবো যে গ্ৰামশ্চিৰ প্ৰাসংগিকতাৰ কথাটো আমাৰ আজিৰ ভাৰতৰ পৰিস্থিতিৰ ক্ষেত্ৰত সেই সময়ৰ ব্ৰিটেইনতকৈ অধিক প্ৰযোজ্য। কিয়নো আমাৰ সন্মুখত কেৱল এতিয়া নব্য উদাৰতাবাদ নাই, আছে সৰ্বগ্ৰাসী ৰূপ লোৱা হিন্দু জাতীয়তাবাদো। কিন্তু তাৰ বিপৰীতে আমাৰ প্ৰগতিশীল শক্তিসমূহৰ ধ্যান-ধাৰণা বহুত পিছ পৰি আছে। তেওঁলোকে নব্য উদাৰতাবাদ আৰু হিন্দু জাতীয়তাবাদৰ সন্মিলিত শক্তিৰ সৈতে সমুখ সমৰত নামি পৰাতো বাদেই, পৰিবৰ্তিত পৰিস্থিতিৰ চৰিত্ৰকে উপলব্ধি কৰিব পৰা নাই। গ্ৰামশ্চিৰ চিন্তাৰ চৰ্চাই এইক্ষেত্ৰত এটা বাট দেখুৱাব পাৰে।

কিন্তু কেনেদৰে? এটা কথা ঠিক যে আমাৰ সাম্প্ৰতিক প্ৰশ্নবিলাকৰ কোনো পোনপটীয়া উত্তৰ নতুবা সমস্যাবিলাকৰ কোনো সমিধান গ্ৰামশ্চিৰ ৰচনাত নাই – থকা সম্ভৱো নহয়। আচলতে মাৰ্ক্স-এংগেলছৰ বা তেনে কোনো পুৰণি পুথিৰ মাজতে সাম্প্ৰতিক প্ৰশ্নৰ উত্তৰ বা সমস্যাৰ সমিধান পোৱা যায় বুলি ভবাৰ প্ৰৱণতাটোৱেই আমাৰ প্ৰগতিশীল শক্তিবিলাকৰ এটা ডাঙৰ সমস্যা। আমাৰ প্ৰগতিশীল শক্তিবিলাকে নিৰন্ধ্ৰ নিশ্চিতিৰ এক আত্মতুষ্টিপূৰ্ণ দাৰ্শনিক পৰিবেষ্টনীৰ মাজত জীয়াই থাকে। জীৱন আৰু জগৎ সম্পৰ্কে তেওঁলোকৰ ইমান নিশ্চিত-সংশয়হীন ধাৰণা, বিভিন্ন ধাৰণাৰ মাজত এনে সহজ সামঞ্জস্য-সংহতি – যাৰ তুলনা পাবলৈ নাই। সেইবাবে তেওঁলোকে কোনো বিষয়তে নতুনকৈ একো জানিবলগীয়া নাই, কোনো বিষয়তে একো সুধিবলগীয়া নাই – কাৰণ সকলো কথা ইতিমধ্যে জানেই। তেওঁলোকে প্ৰশ্ন সুধিলেও সেইটো প্ৰশ্ন নহয় – ইতিমধ্যে জনা কথাটোৰ এটা পুনৰ ঘোষণাহে মাত্ৰ। মতাদৰ্শগত নিশ্চিতিৰ এই অচলায়তন ভাঙিব নোৱৰালৈকে প্ৰগতিশীল ৰাজনীতিৰ কোনো সম্ভাৱনা নাই। এইক্ষেত্ৰত গ্ৰামশ্চিৰ চিন্তাই কিছু নতুন প্ৰশ্ন কৰাৰ প্ৰেৰণা যোগাব পাৰে, নিৰন্ধ্ৰ নিশ্চিতিৰ মাজত কিছু অনিশ্চয়তাৰ সৃষ্টি কৰিব পাৰে। কথাটো এনেকুৱা নহয় যে গ্ৰামশ্চিৰ (বা আন যিকোনো প্ৰাসংগিক চিন্তাবিদৰে) অমুকটো বা তমুকটো ধাৰণা গ্ৰহণ কৰিলে আমাৰ প্ৰগতিশীল শক্তিবিলাকৰ পুনৰুত্থান ঘটিব। আচলতে এই শক্তিবিলাকৰ চিন্তাৰ যিটো তাত্ত্বিক ফ্ৰেমৱৰ্ক, তাতেই মূল সমস্যা। গতিকে ফ্ৰেমৱৰ্কটো নিখুঁত হৈ থকা অৱস্থাত তাৰ সৈতে ইটো বা সিটো ধাৰণা যোগ-বিয়োগ কৰিলে কোনো উপকাৰ নঘটে। কথা হ’ল, কেনেকৈ সেই গোড়া আৰু কূপমণ্ডূক তাত্ত্বিক ফ্ৰেমৱৰ্কটো ভাঙিব পাৰি। এইখিনি কথা কেৱল সংগঠিত প্ৰগতিশীল শক্তিবিলাকৰ ক্ষেত্ৰতহে প্ৰযোজ্য তেনে নহয়, ই বহলভাৱে আমাৰ প্ৰগতিশীল সংস্কৃতিৰে চৰিত্ৰ। ইয়াৰ মাজত আমাৰ অসমীয়া প্ৰগতিশীল বৌদ্ধিক সমাজখনো সোমাই আছে। সি যি নহওক, আমাৰ প্ৰগতিশীল শক্তিবিলাকৰ বিপৰীতে গ্ৰামশ্চিয়ে এক ভিন্ন তাত্ত্বিক ফ্ৰেমৱৰ্কৰ প্ৰতিনিধিত্ব কৰে। সেই ফ্ৰেমৱৰ্কটো বুজিবলৈ চেষ্টা কৰাটোৱেই হ’ব মুক্তিকামীসকলৰ প্ৰথম কাম।

ভাৰতৰ বৌদ্ধিক সমাজত গ্ৰামশ্চিৰ পৰিচয় নতুন নহয়। তেওঁৰ চিন্তাৰ বহুতো আলোচনা আৰু সৃষ্টিশীল প্ৰয়োগ যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰাই হৈছে। ছাবলটাৰ্ন‌ ষ্টাডিজ বা নিম্নবৰ্গৰ ইতিহাসচৰ্চা তাৰ আটাইতকৈ বহল প্ৰয়োগৰ প্ৰমাণ। এই ধাৰাৰ ইতিহাসৰ মাজত গ্ৰামশ্চিৰ বিভিন্ন ধাৰণা ব্যাপ্ত হৈ আছে। ভাৰতীয় গণতন্ত্ৰৰ বেলেগ বেলেগ সময়ৰ বিশ্লেষণত সুদীপ্ত কবিৰাজে passive revolution আৰু পাৰ্থ চেটাৰ্জীয়ে political society ধাৰণাৰ কেনেদৰে প্ৰয়োগ কৰিছে, তাৰ উদাহৰণ এইখিনিতে উল্লেখ কৰিব পাৰি। কিন্তু বৌদ্ধিক জগতত এনে গভীৰ প্ৰভাৱ সত্ত্বেও ভাৰতৰ জনপ্ৰিয় ৰাজনীতিত গ্ৰামশ্চি কোনোধৰণেই পৰিচিত নহয়। প্ৰগতিশীল শক্তিবিলাকৰ সাংস্কৃতিক পৃথিৱীৰ ভিতৰত গ্ৰামশ্চিৰ কোনো স্থান নাই। আমি সেইখিনিতেই গ্ৰামশ্চিৰ প্ৰাসংগিকতা আছে বুলি কৈছো।

গ্ৰামশ্চিক বহু সময়ত হেজিমানি বা আধিপত্য ধাৰণাটোৰ সৈতে একাকাৰ কৰি দিয়া হয় – যেন গ্ৰামশ্চি মানেই আধিপত্য, আধিপত্য মানেই গ্ৰামশ্চি। আচলতে গ্ৰামশ্চিক তেনেকৈ এটা ধাৰণাৰ মাজত আবদ্ধ কৰি ৰাখিব পৰা নাযায় – কাৰণ তেওঁৰ চিন্তাৰ সামগ্ৰিক ৰূপটো বহু বিশাল আৰু জটিল। কোনোৱে ভবাৰ দৰে তেওঁক উপৰিসৌধৰ তাত্ত্বিক বুলি ক’ব‌ও নোৱাৰি, কাৰণ তেওঁৰ চিন্তাই ধ্ৰুপদী মাৰ্ক্সবাদৰ ভিত্তি-উপৰিসৌধৰ দ্বৈত তত্ত্বটো একপ্ৰকাৰ ভাঙি পেলাইছিল। চমুকৈ এনেকৈ ক’ব পাৰি যে মাৰ্ক্সীয় চিন্তাৰ ইতিহাসত গ্ৰামশ্চিয়ে প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ এটা পূৰ্ণাংগ তত্ত্বৰ সূচনা কৰিলে। তাৰ আগলৈকে মাৰ্ক্সীয় পৰম্পৰাত ৰাজনৈতিক চিন্তাৰ চৰিত্ৰ আছিল নৈমিত্তিক আৰু ব্যুৎপত্তিলব্ধ, casual and derivative. তাৰ প্ৰধান কাৰণ আছিল সমাজৰ এক স্থানিক মডেলৰ ওপৰত প্ৰতিষ্ঠিত তত্ত্ব (তলত ভিত্তি, ওপৰত উপৰিসৌধ; ৰে’মণ্ড উইলিয়ামছৰ এই সম্পৰ্কীয় আলোচনা চাওক)। মাৰ্ক্স-এংগেলছে বিভিন্ন ৰাজনৈতিক বিষয়ত বহল আলোচনা কৰিছিল, আৰু বহু সময়ত গুৰুত্বপূৰ্ণ তাত্ত্বিক সিদ্ধান্তত উপনীত হৈছিল। কিন্তু তাৰ অধিকাংশ আছিল সমসাময়িক ঘটনাৱলীৰ পৰ্যবেক্ষণৰপৰা উদ্ভূত আৰু মতামতধৰ্মী। পৰৱৰ্তী সময়ত লেনিনে ৰাষ্ট্ৰ আৰু বিপ্লৱ সম্পৰ্কে কিছু প্ৰণালীবদ্ধ তত্ত্বায়নৰ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ তাত্ত্বিক সিদ্ধান্তসমূহো আছিল ৰণনীতিগত প্ৰয়োজনৰপৰা সৃষ্ট, মূলতঃ ব্যৱহাৰিক চৰিত্ৰৰ। আনকি সেই সময়ৰ সমাজবাদী নেতা-নেত্ৰীসকলৰ মাজত যি ছিৰিয়াছ ৰাজনৈতিক বিতৰ্ক চলিছিল, তাৰ মাজত তত্ত্ব কমেই আছিল – থাকিলেও সি আছিল ধূসৰ ৰূপত। (এ’ৰিক হবছবমৰ আলোচনা চাওক, How to Change the World.) সি যি নহওক, শেষ অৰ্থত যে অৰ্থনৈতিক ব্যৱস্থাই ৰাজনীতিৰ চৰিত্ৰ নিৰ্ণয় কৰে, সেই সত্যটো গ্ৰামশ্চিয়ে বিসৰ্জন দিয়া নাছিল। কিন্তু তেওঁৰ ৰাজনীতিৰ ধাৰণা আছিল অৰ্থনৈতিক নিৰ্ধাৰণবাদৰপৰা মুক্ত। ইতিহাসে বান্ধি দিয়া পৰিসীমাৰ মাজত ঘটিলেও ৰাজনীতি হ’ল এক স্বতন্ত্ৰ কৰ্ম। ৰাজনীতিক মানৱ জীৱনৰ মুখ্য কৰ্ম হিচাপেও তেওঁ অভিহিত কৰিছে। সমাজবাদী সমাজ নিৰ্মাণৰ ক্ষেত্ৰতো ৰাজনীতিৰ কেন্দ্ৰীয়ত্বৰ কথা তেওঁ কৈছে। ৰাজনীতি সম্পৰ্কীয় এই মৌলিক ধাৰণাক সাৰোগত কৰিয়েই তেওঁ তাত্ত্বিক চিন্তাৰ বহুতো ঠাল-ঠেঙুলিৰে পৰিপূৰ্ণ এজোপা বিশাল বৃক্ষ বিকশিত কৰি তুলিছিল। আধিপত্য তাৰে এটা গুৰুত্বপূৰ্ণ ধাৰণা। আধুনিক গণতন্ত্ৰৰ বিশ্লেষণত (যাক আমি বুৰ্জোৱা গণতন্ত্ৰ বুলি ক‌ওঁ) এই ধাৰণাটো অতিকে ফলপ্ৰসূ বুলি প্ৰমাণিত হৈ আহিছে। কেৱল দমনৰ ওপৰত ভিত্তি কৰি কোনো গোষ্ঠীৰ শাসন টিকি নাথাকে, তাৰ বাবে শাসিত জনসাধাৰণৰ সন্মতিৰ প্ৰয়োজন। বৌদ্ধিক আৰু নৈতিক নেতৃত্ব প্ৰদানৰ জৰিয়তে প্ৰভাৱশালী গোষ্ঠীয়ে জনসাধাৰণৰ সন্মতি আদায় কৰে আৰু সমাজত আধিপত্য প্ৰতিষ্ঠা কৰে। এনেদৰে দমন আৰু জনসাধাৰণৰ সন্মতিৰ যুটীয়া আধাৰত আধুনিক শাসনব্যৱস্থাসমূহ পৰিচালিত হৈ আহিছে। সি যি নহওক, আধুনিক ৰাজনীতিৰ এক ব্যাপক আৰু বহুস্তৰীয় ধাৰণাৰ বিস্তাৰ আমি গ্ৰামশ্চিৰ ৰচনাৰ পাতে পাতে লক্ষ্য কৰো; বুদ্ধিজীৱী, শিক্ষা, ৰাজনৈতিক দল আদি সকলোবিলাকেই যাৰ অন্তৰ্গত বিষয়। এই আটাইবিলাক বিষয়তেই তেওঁ একোখন নতুন তাত্ত্বিক পৃথিৱীৰ মুকলি কৰিছিল, যাৰ ভিত্তিত পৰৱৰ্তী সময়ত অধিক চিন্তাৰ বিকাশ ঘটিছিল। কমন ছেন্সৰ ধাৰণাৰ জৰিয়তে গ্ৰামশ্চিয়ে মতাদৰ্শ সম্পৰ্কীয় মাৰ্ক্সীয় চিন্তাত মৌলিক পৰিবৰ্তনৰ সূচনা কৰিছিল। ভাষাৰ বাগধাৰাগত চৰিত্ৰৰ কথা তেওঁ উল্লেখ কৰিছিল। এইসমূহে সংস্কৃতি সম্পৰ্কীয় চিন্তাৰ ৰেহৰূপ সলাই পেলাইছিল।

এফালৰপৰা চাবলৈ গ’লে, মাৰ্ক্সীয় চিন্তাৰ ইতিহাসত দুইধৰণৰ ধাৰা দেখা পোৱা যায়। তাৰে এটাক দৃষ্টবাদী বা পজিটিভিষ্ট আৰু আনটোক ইতিহাসবাদী বা হিষ্ট’ৰিচিষ্ট বুলি অভিহিত কৰিব পাৰি। পজিটিভিষ্ট ধাৰাটোৱে ষ্টেলিন তথা কমিণ্টাৰ্নৰ নেতৃত্বত জনপ্ৰিয় আৰু প্ৰাতিষ্ঠানিকীকৃত ৰূপ লাভ কৰিছিল। লেনিনে মাৰ্ক্সবাদৰ তেনে যান্ত্ৰিক ধাৰণাত বিশ্বাস কৰিছিল বুলি কোৱা টান, আৰু তেওঁ পৰিস্থিতিৰ বিশেষত্ব আৰু জটিলতাৰ প্ৰতি অত্যন্ত মনোযোগী আছিল। কিন্তু তৎসত্ত্বেও তেওঁৰ কথাই-কামে তেনে ধাৰণাৰ সুৰুঙা ৰাখি থৈছিল। উদাহৰণস্বৰূপে তেওঁ কোনো ঠাইত কৈছিল যে মাৰ্ক্সবাদ শক্তিশালী, কিয়নো ই সত্য। ই একধৰণৰ টেলিঅ’ল’জি বা পৰমকাৰণবাদৰ জন্ম দিয়ে। ষ্টেলিনে এই ধাৰাটোক চূড়ান্ত ৰূপ দি অফিচিয়েল মতবাদত পৰিণত কৰিলে। সমস্ত বিজ্ঞানৰ চৰিত্ৰ হ’ল অভিন্ন আৰু একক। বিজ্ঞানক কোনখন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে সেই লৈ মূৰ ঘমাবৰ কোনো প্ৰয়োজন নাই, কাৰণ সকলোতে তাৰ একেই চৰিত্ৰ। গতিকে প্ৰাকৃতিক বিজ্ঞানৰ নীতি আৰু পদ্ধতিৰাজি সমাজৰ ওপৰত প্ৰয়োগ কৰিব পাৰি। তেনেকৈ মাৰ্ক্সবাদক প্ৰয়োগ কৰিব পাৰি প্ৰকৃতিৰ ওপৰত। মাৰ্ক্সবাদ হ’ল বিজ্ঞানৰো বিজ্ঞান, এক theory of everything. এনেকৈ মাৰ্ক্সবাদক কিছুমান লৌহকঠিন নিয়মৰ ওপৰত প্ৰতিষ্ঠিত এক বিজ্ঞানত পৰিণত কৰা হৈছিল, যাক কেৱল বেলেগ বেলেগ দেশৰ বিশেষ বিশেষ পৰিস্থিতিত সঠিকভাৱে প্ৰয়োগ কৰিব লাগে। মাৰ্ক্সবাদৰ এই ধাৰাটো কমিণ্টাৰ্নৰ জৰিয়তে পৃথিৱীজুৰি বিয়পি গৈছিল। আমাৰ ভাৰততো প্ৰগতিশীল শক্তিবিলাকৰ মাজত এই ধাৰাটোৰ প্ৰভাৱেই পৰিলক্ষিত হয়। এটা কথা ঠিক যে ষ্টেলিন-কমিণ্টাৰ্নৰ কাহানিবাই মৃত্যু ঘটিল, কিন্তু তেওঁলোকৰ মতাদৰ্শগত ভূতে আমাৰ মাৰ্ক্সবাদীৰ লগ আজিও এৰা নাই। অসমৰ প্ৰগতিশীল বৌদ্ধিক সমাজতো সেই ভূতৰ তাণ্ডৱ‌ অব্যাহত আছে। ইয়াৰ বিপৰীতে গ্ৰামশ্চি আছিল ইতিহাসবাদী ধাৰাৰ প্ৰতিনিধি। তেওঁৰ মতে মাৰ্ক্সবাদ হ’ল এক ইতিহাসবাদ। একে সময়তে, গ্ৰামশ্চিক এজন ঐতিহাসিক ভিন্নতাৰ তাত্ত্বিক বুলিও অভিহিত কৰিব পাৰি। ইউৰোপৰ আন আন উন্নত দেশতকৈ পৃথক ইটালিৰ কেনেধৰণৰ ভিন্ন ঐতিহাসিক আৰু ৰাজনৈতিক পৰিস্থিতিত গ্ৰামশ্চিৰ চিন্তা বিকশিত হৈছিল তাৰ আলোচনা বিভিন্ন পণ্ডিতে কৰিছে। উদাহৰণস্বৰূপে হবছবম দ্ৰষ্টব্য। সি যি নহওক, এনে প্ৰেক্ষাপটত ভিন্নতা আৰু বিশেষত্বৰ প্ৰতি মনোযোগ আৰু তাৰ তত্ত্বায়ন গ্ৰামশ্চিৰ চিন্তাৰ অন্তৰ্নিহিত অংগত পৰিণত হৈছিল। উদাহৰণস্বৰূপে মাৰ্ক্সৰপৰা লেনিনলৈকে সকলোৱে ধৰ্মৰ কথা আলোচনা কৰিছিল। কিন্তু গ্ৰামশ্চিয়ে তাৰ বিপৰীতে সাধাৰণভাৱে ধৰ্মৰ ওপৰত বৰ এটা জোৰ দিয়া নাছিল, তাৰ সলনি বহলাই আলোচনা কৰিছিল কেথলিকবাদৰ বিষয়ে। গতিকে গ্ৰামশ্চিৰপৰা শিকিবলগীয়া এটা প্ৰধান কথা হ’ল তেওঁৰ ইতিহাসবাদ। মাৰ্ক্সবাদ এনে কোনো সৰ্বঢাক মন্ত্ৰ নহয় যি আমাৰ সকলো সমস্যা নিমিষতে সমাধান কৰিব পাৰিব, মাৰ্ক্সবাদ এনে কোনো বিজ্ঞান নহয় যি চিধাচিধি যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিব। মাৰ্ক্সবাদক ৰেডিমেড বুলি ধৰিলে তাৰপৰা কোনো নতুন ৰাজনীতিৰ বিকাশ ঘটাব পৰা নাযাব। স্থান আৰু কালৰ ভিন্নতা আৰু বিশেষত্ব অনুযায়ী তাক সৃষ্টিশীলভাৱে পুনৰাৱিষ্কাৰ কৰিব পাৰিলেহে তেনে সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব। গ্ৰামশ্চিয়ে মাৰ্ক্সবাদক ‘অনুশীলনৰ দৰ্শন’ নাম দিছে, philosophy of praxis. এই ধাৰণাটোৱে চিন্তা আৰু কৰ্মৰ অবিচ্ছেদ্য আন্তঃসম্পৰ্কৰ কথা সূচাইছে। তাৰ মানে, দৰ্শন বস্তুটো কোনো দাৰ্শনিকৰ অলস চিন্তা নহয়, সি হ’ল এক মূৰ্ত সামাজিক কৰ্ম। মাৰ্ক্সীয় দৰ্শন হ’ল এক সামূহিক কৰ্ম যাৰ যোগেদি দৰ্শনটোৰো বিকাশ ঘটে আৰু একেলগে তাৰ সৈতে জড়িত সমাজখনৰো পৰিবৰ্তন ঘটে। এনেদৰেই দৰ্শনটোৱে সমাজত এক বস্তুগত শক্তিৰ ৰূপ পৰিগ্ৰহ কৰে। গ্ৰামশ্চিৰ এই অনুশীলনৰ ধাৰণা গ্ৰহণ কৰিবলৈ হ’লে আমাৰ প্ৰগতিশীল শক্তিবিলাকে পোনপ্ৰথমে পজিটিভিষ্ট মাৰ্ক্সবাদৰ খোলাৰপৰা মুক্ত হৈ ল’ব লাগিব।

(ৰচনাকাল: ২০-১২-২০২১)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: