ছিপাঝাৰৰ উচ্ছেদ আৰু প্ৰাসংগিক দুটামান কথা

প্ৰব্ৰজনক লৈ যুগ যুগ ধৰি তালফাল লগাই আহিছো যদিও আভ্যন্তৰীণ প্ৰব্ৰজনৰ বিষয়ে আমি কোনোদিন ৰাজনৈতিক বাৰ্তালাপ কৰা নাই। কোনোবা দুই-এজনে বিদ্যায়তনিক অধ্যয়ন ক’ৰবাত কৰিছে সেইটো বেলেগ কথা, কিন্তু সি কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয় হৈ উঠা নাই। বানপানী, গৰাখহনীয়া, আন প্ৰাকৃতিক দুৰ্যোগ, উচ্ছেদ আদি বিভিন্ন কাৰণত এটা জনগোটৰ এঠাইৰপৰা আন ঠাইলৈ আভ্যন্তৰীণ প্ৰব্ৰজন ঘটে। নতুন জনগোটৰ আগমনৰ ফলস্বৰূপে পূৰ্বৰেপৰা সেই ঠাইত থকা থলুৱা জনগোটসমূহ বহুতো সমস্যা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হয় – দুইটা পক্ষৰ মাজত যিহেতু ভূমি তথা সমূহীয়া সম্পদক লৈ এক টনা-আঁজোৰাৰ সূচনা হয়। যেতিয়া তাক লৈ সংঘাতে এক তীব্ৰ ৰূপ ধাৰণ কৰে বা তাৰ ভিত্তিত প্ৰব্ৰজিত জনগোটসমূহৰ উচ্ছেদ চলোৱা হয়, তেতিয়া আৰু তাক আওকাণ কৰাটো সম্ভৱ হৈ নাথাকে। কিন্ত অসমৰ মূলসুঁতিৰ জাতীয়তাবাদী বাগধাৰাত তাক অতি কৌশলেৰে বিপথে পৰিচালিত কৰা হয়। যদি প্ৰব্ৰজিত জনগোটটো খিলঞ্জীয়া জনগোষ্ঠীৰ হয়, তেনেহ’লে তাক কিছু মানৱীয় দৃষ্টিৰে চৰকাৰৰ আমোলাতান্ত্ৰিক ভুলৰ বাবে সংঘটিত এক ট্ৰেজিক দুৰ্ঘটনা হিচাপে গ্ৰহণ কৰা হয়। কিন্তু প্ৰব্ৰজিত জনগোটটো যদি মুছলমান হয় তেনেহ’লে কথাটো তেনেই সহজ হৈ পৰে – তেওঁলোকক অবৈধ বিদেশী বুলি ঘোষণা কৰা হয়। আৰু অসমত কাৰোবাক অবৈধ বিদেশী বুলি ঘোষণা কৰি দিয়াৰ পাছত কোনোপ্ৰকাৰে জবাবদিহি হ’ব নালাগে, কোনো প্ৰশ্নৰ উত্তৰ দিব নালাগে, কোনো দায়িত্ব ল’ব নালাগে – শব্দটো কোৱাৰ লগে লগেই সকলো কথাৰ শেষ হয়। কিন্তু এই দুয়োটা ঘটনাতে আভ্যন্তৰীণ প্ৰব্ৰজনৰ জটিল প্ৰশ্নবোৰ কেতিয়াও উত্থাপন কৰা নহয়। খিলঞ্জীয়াৰ অধিকাৰৰ যিটো ৰাজনৈতিক-বিদ্যায়তনিক বাগধাৰা আমি দেখিবলৈ পাওঁ সেইটোও ৰাজনৈতিক আৰু মতাদৰ্শগতভাৱে মূলসুঁতিৰ জাতীয়তাবাদী ৰাজনীতিৰ সৈতে প্ৰায়েই চিনিব নোৱৰাকৈ মিলি যায়। আভ্যন্তৰীণ প্ৰব্ৰজনৰ ক্ষেত্ৰত দুটা জনগোটৰ স্বাৰ্থ জড়িত হৈ থাকে – ঠাইডোখৰত আগৰপৰা বসবাস কৰা জনগোট আৰু প্ৰব্ৰজিত হৈ অহা জনগোট। চৰকাৰ তথা সমাজৰ দুইটা জনগোটৰ প্ৰতিয়েই সমান দায়িত্ব আছে, প্ৰব্ৰজনকাৰী জনগোটটো যদি প্ৰকৃততেই বিদেশী বুলি প্ৰমাণিত হয়ো তেতিয়াও তেওঁলোকক আইনসন্মতভাৱে দেশৰপৰা বিতাড়িত কৰালৈকে দায়িত্ব ল’ব লাগিব – বিদেশী বুলি কৈ দিয়েই পলায়ন কৰিব নোৱাৰি। গতিকে খিলঞ্জীয়াৰ অধিকাৰৰ কথা পাতিবলৈ হ’লে আভ্যন্তৰীণ প্ৰব্ৰজনৰ সৈতে স্বাৰ্থজড়িত দুইটা পক্ষৰ কথায়েই পাতিব লাগিব। তেওঁলোকৰ মাজৰ ভূমি তথা সমূহীয়া সম্পদক লৈ সংঘাতৰ পটভূমি আৰু চৰিত্ৰৰ আলোচনা কৰি দুয়োটা পক্ষৰ প্ৰতি ন্যায়সংগত ৰূপত সেই সংঘাত নিৰাময়ৰ উপায় উলিয়াব পাৰিলেহে সমস্যাৰ সমাধান হ’ব। তাৰ অবিহনে খিলঞ্জীয়াৰ অধিকাৰৰ বাগধাৰা হিন্দুত্ববাদৰ সাম্প্ৰদায়িক-বৰ্ণবাদী এজেণ্ডাৰ হাতধৰী লিগিৰী হৈ উঠিবলৈ বেছি সময় নালাগে।

আভ্যন্তৰীণ প্ৰব্ৰজন আৰু তৎজনিত স্থানীয় বনাম প্ৰব্ৰজিত জনগোটৰ সংঘাত এটা বস্তু, আনহাতে তেনেকুৱা ঠাইবিশেষত চলা শেহতীয়া উচ্ছেদ অভিযানবোৰ বেলেগ এটা বস্তু। প্ৰথমটোৰ অচিলা লৈ চলোৱা হয় যদিও, প্ৰথমটোৰ লগত জড়িত ক্ষোভ-আৱেগৰ ব্যৱহাৰ কৰা হয় যদিও প্ৰকৃতাৰ্থত উচ্ছেদ চলোৱা হৈ আহিছে সম্পূৰ্ণ ভিন্ন কাৰণত। আভ্যন্তৰীণ প্ৰব্ৰজনৰ সমস্যা তথা তাৰ ভুক্তভোগীৰ দুৰ্ভোগ নাইকিয়া কৰাৰ কোনো উদ্দেশ্য এইবোৰ উচ্ছেদত নাই। শেহতীয়া সময়ৰ উচ্ছেদ অভিযানবোৰ লক্ষ্য কৰিলে ঘাইকৈ দুটা কাৰণ দেখা যায় – নব্য উদাৰতাবাদী উন্নয়নৰ স্বাৰ্থত আৰু সাম্প্ৰদায়িক এজেণ্ডাৰ ৰূপায়ণৰ স্বাৰ্থত। পুঁজিৰ বাবে লাভজনক হ’ব পৰা ঠাইৰপৰা থলুৱা মানুহক উচ্ছেদ কৰাটো হ’ল নব্য উদাৰতাবাদী উন্নয়ন মডেলৰ এটা অপৰিহাৰ্য পৰ্যায়। পুঁজিপতিৰ হাতত নতুন নতুন ঠাই গতাই দিব নোৱাৰিলে উন্নয়ন হ’বনো কেনেকৈ? আনহাতে, উচ্ছেদক সাম্প্ৰদায়িকতাৰ এক অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। উচ্ছেদ অভিযানত কেতিয়াবা ইয়াৰ যিকোনো এটা আৰু কেতিয়াবা দুইটা উদ্দেশ্যই অন্তৰ্নিহিত হৈ থাকিব পাৰে। ছিপাঝাৰৰ উচ্ছেদৰ ঘটনাটো কি উদ্দেশ্যৰে কৰা হৈছে তাক লৈ কাৰো কোনো সন্দেহ থকাৰ কথা নাহে, কাৰণ যি কৰাইছে আৰু কৰিছে তেওঁলোক নিজৰ উদ্দেশ্যক লৈ খুবেই স্পষ্ট আৰু সেইটো তেওঁলোকে স্পষ্টভাৱে ঘোষণাও কৰিছে। অসমত এতিয়া হিন্দু জাতীয়তাবাদৰ বিজয়ধ্বজা সগৌৰৱে উৰি আছে – এতিয়া আৰু চুচুক-চামাককৈ কাম কৰাৰ কোনো দৰকাৰ নাই। সাম্প্ৰদায়িক কাম এটা আইনী বা আমোলাতান্ত্ৰিক বাগাড়ম্বৰেৰে ঢাকি ৰখাৰ দিন আৰু এতিয়া নাই – এতিয়া নিঃসংকোচে আৰু খুব সাধাৰণভাৱে ক’ব পাৰি যে মন্দিৰ-নামঘৰ ৰক্ষা কৰি জাতিটো বচাবৰ বাবেই উচ্ছেদ চলোৱা হৈছে। আৰু ৰাইজেও সেইটো ভালদৰেই বুজি পাইছে আৰু আনন্দ প্ৰকাশ কৰিছে – উচ্ছেদ অভিযানৰ ভিডিঅ’ সংলগ্ন বাতৰিবিলাকৰ তলত থকা হাজাৰ হাজাৰ মন্তব্যতকৈ তাৰ আৰু কি উদাহৰণ লাগে? এই ৰাইজক প্ৰতিনিধিত্ব কৰিয়েই এজন ফটোগ্ৰাফাৰে পুলিচৰ গুলি খোৱা অৰ্ধমৃত মিঞা এজনৰ ওপৰত জঁপিয়াই পৰি চৰম জিঘাংসাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গ’ল। বাকী সকলো পক্ষ যেতিয়া উচ্ছেদ অভিযানৰ চৰিত্ৰক লৈ ইমান নিঃসন্দেহ আৰু স্পষ্ট, তেনেস্থলত প্ৰগতিশীল সমাজৰ মাজত এই লৈ সন্দেহ বা দ্বিধা থকাৰ কি কাৰণ থাকিব পাৰে?

নিপীড়িত মিঞা ৰাইজৰ দুখ-দুৰ্দশাৰ বাতৰি তথা তৎকেন্দ্ৰিক আলোচনা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ আহিছে, যাৰ তুলনাত অসমৰ সমাজ-ৰাজনীতিৰ আন গুৰুত্বপূৰ্ণ বাতৰিৰ প্ৰচাৰ সিবিলাকত তেনেই কম। এটা কথা ঠিক যে জাতীয়তাবাদে সৰ্বগ্ৰাসী আধিপত্য বিৰাজ কৰা অসমৰ ৰাজহুৱা পৰিসৰ তথা সংবাদ মাধ্যমত মিঞা ৰাইজৰ দুখ-দুৰ্দশাৰ বাতৰিয়ে সাধাৰণতে বিশেষ গুৰুত্ব নাপায়। তেনে কাৰণতে মিঞা সমাজৰ শিক্ষিত যুৱচামে অসমৰ মূলসুঁতিৰ সমাজ-ৰাজনীতিৰপৰা বিচ্ছিন্ন অনুভৱ কৰি অসমৰ বাহিৰত মনোযোগ আকৰ্ষণ কৰিব বিচৰাত একো আচৰিত হ’বলগীয়া নাই। বহু সময়ত দেখা যায় যে তেওঁলোকৰ সৈতে জড়িত কোনো ঘটনাৰ খবৰ অসমৰ বাহিৰৰ কাকত বা ৱে’বছাইটত সবিস্তাৰে ওলাইছে, কিন্তু অসমৰ কাকত বা নিউজ চেনেলত তাৰ কোনো উমঘাম নাই। কিন্তু সমস্যাটো হ’ল প্ৰায় ক্ষেত্ৰতে এই বাতৰি তথা আলোচনাবিলাকৰ আধাৰ হ’ল মানৱাধিকাৰ-কেন্দ্ৰিক এক বিমূৰ্ত আৰু ফোঁপোলা বাগধাৰা। অসমৰ জটিল ভূ-ৰাজনৈতিক পৰিস্থিতি, বহুতৰপীয়া নৃগোষ্ঠীগত সংঘাত, দীৰ্ঘদিনীয়া প্ৰব্ৰজনৰ সমস্যা আদিৰ কোনো স্থান এই বাগধাৰাত নাই – আছে মাত্ৰ এটা অতিসৰলীকৃত ধাৰণা যে অসমত মিঞাৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। অৰ্থাৎ অসমৰ সমাজ-ৰাজনীতিৰ এক অতিসৰলীকৃত ভুল উপস্থাপন উক্ত বাগধাৰাই দাঙি ধৰি আহিছে। মানৱাধিকাৰ-কেন্দ্ৰিক এনজিঅ’বিলাকে প্ৰায়ে এনে বাগধাৰাৰ আশ্ৰয় লৈয়েই কাম কৰা দেখিবলৈ পোৱা যায়। অসমৰ ভালেসংখ্যক প্ৰবাসী ব্যক্তিয়ে এই বাগধাৰাৰ প্ৰচাৰ-প্ৰসাৰত মূল ভূমিকা পালন কৰি আহিছে। ইয়াৰ ফলত তেওঁলোকৰ বিদ্যায়তনিক কেৰিয়াৰ নিশ্চয়কৈ ওপৰলৈ যাব পাৰে। কিন্তু মিঞা ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰূপত এই বাগধাৰাই কোনো সহায় কৰিব নোৱাৰে, বৰং সি তেওঁলোকক অধিক একাষৰীয়াকৰণৰ দিশেহে ঠেলি দিব পাৰে। ইয়াৰ ফলত যদি মিঞা যুৱসমাজৰ মনত পৃথকতাবাদী আৰু প্ৰতিদ্বন্দ্বিতামূলক মনোভাবৰ সৃষ্টি হয়, তেনেহ’লে তাৰ দীৰ্ঘম্যাদী সামাজিক-ৰাজনৈতিক পৰিণাম তেওঁলোকৰ বাবে শুভ নহ’বও পাৰে। কিয়নো এনে পৰিণাম কোনো ঔচিত্যবোধৰ ওপৰত নিৰ্ভৰ নকৰে, কৰিব বিদ্যমান ক্ষমতাৰ ভাৰসাম্য তথা সামাজিক-ৰাজনৈতিক শক্তিসমূহৰ চৰিত্ৰৰ ওপৰতহে। মিঞা ৰাইজৰ সমস্যাটো হ’ল অসমৰ সমাজজীৱনৰ ভিতৰুৱা আৰু আঞ্চলিক সমস্যা। গতিকে অসমৰ সমাজজীৱনত বিদ্যমান ক্ষমতাৰ ভাৰসাম্যৰ মাজতে জেগা অলপ উলিয়াই আৰু প্ৰভাৱশালী সামাজিক-ৰাজনৈতিক শক্তিবিলাকৰ লগত মোকাবিলা কৰিয়েই তাৰ সমাধানসূত্ৰ উলিয়াব লাগিব। বাহিৰৰ দূৰণিবটীয়া সহায়-সমৰ্থনে এইক্ষেত্ৰত বিশেষ সহায় কৰিব নোৱাৰে। গতিকে মিঞা সমাজৰ নেতৃবৃন্দই এই কথাটো মনত ৰাখিলে ভাল হ’ব। এই কথাখিনি যোৱা কিছু বছৰৰ পৰ্যবেক্ষণৰ ভিত্তিক কোৱা সাধাৰণ পৰ্যালোচনা, যিটো উনুকিওৱাৰ কাৰণ হ’ল অসমৰ ৰাজহুৱা পৰিসৰত এই বাগধাৰাক লৈ সৃষ্টি হোৱা ক্ৰমবৰ্ধমান সন্দেহ-সংশয়। এই সন্দেহ-সংশয়ক নিশ্চয়কৈ উলাই কৰা নাযায়। কিন্তু দুখৰ বিষয় যে ছিপাঝাৰৰ উচ্ছেদৰ পাছত ইয়াৰ আলম লৈ বহুতে উচ্ছেদ অভিযানৰ নগ্ন সাম্প্ৰদায়িক চৰিত্ৰক আওকাণ কৰিব বিচাৰিছে। বাহিৰত কোনোবাই বদনাম কৰিব বুলিয়েই আমি ঘৰৰ ভিতৰত জ্বলি থকা জুইকুৰাৰ অস্তিত্ব নাকচ কৰিম নেকি বা তাক ঢাকি ৰাখিবলৈ চেষ্টা কৰিম নেকি?

অসমীয়া জাতীয়তাবাদৰ মাজত থকা ভালেমান সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদানে পূৰ্বৰেপৰাই সমস্যাৰ সৃষ্টি কৰি আহিছিল। কিন্তু হিন্দু জাতীয়তাবাদৰ শেহতীয়া আগ্ৰাসনৰ পিছৰপৰা তাৰ এক গুণগত ৰূপান্তৰৰ সূচনা হ’ল। অসমীয়া জাতীয়তাবাদৰ মাজত থকা সুৰুঙাবিলাকেৰে প্ৰবেশ কৰি এটা সময়ত তাক হিন্দু জাতীয়তাবাদে গ্ৰাস কৰি পেলালে। এই ৰূপান্তৰৰ প্ৰক্ৰিয়াটো সম্পৰ্কে আমি ইতিপূৰ্বে ভালেমান লেখা-মেলা কৰিছো বাবে পুনৰাবৃত্তি কৰাৰ ইচ্ছা নাই। ইচ্ছুক পাঠকে সদ্যহতে ২০১৭ চনত লিখা আমাৰ ‘গৈৰিক আগ্ৰাসনৰ সাম্প্ৰতিক ৰাজনীতি’ লেখাটো পঢ়িলে এই সম্পৰ্কে এটা মোটামুটি আভাস পাব পাৰিব। সি যি নহওক, চিপাঝাৰৰ উচ্ছেদ অভিযান আৰু তৎকেন্দ্ৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰে এইটোকে সাব্যস্ত কৰে যে অসমীয়া জাতীয়তাবাদৰ হিন্দুত্ববাদী ৰূপান্তৰৰ প্ৰক্ৰিয়াটো ইতিমধ্যে সমাপ্ত হৈছে – আৰু একো বাকী নাই। আমি ইমান দিনে যি অৰ্থত অসমীয়া জাতি আৰু জাতীয়তাবাদৰ কথা কৈ আহিছিলো, সি আৰু বাচি থকা নাই। এতিয়া অসমীয়া জাতীয়তাবাদ হৈ পৰিছে হিন্দু জাতীয়তাবাদৰ নামান্তৰ মাত্ৰ – যাৰ নতুন নাম হ’ব পাৰে, খাৰখোৱা হিন্দু জাতীয়তাবাদ। অসমৰ প্ৰগতিশীল সমাজে এই সত্যটো যিমান সোনকালে স্বীকাৰ কৰি লয় সিমানে মংগল। তেনেহ’লে মনে-প্ৰাণে অসমীয়া জাতীয়তাবাদৰ এটা প্ৰগতিশীল ধাৰণাত বিশ্বাসীসকলে কি কৰিব? আত্মসমৰ্পণ কৰিব নে ৰাজনৈতিক হাৰাকিৰি কৰিব নে সময়ৰ বিৰুদ্ধে যুদ্ধত নামিব?

পোন প্ৰথমেই হিন্দু জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ হিন্দুত্ববাদী অৱতাৰৰ এক ৰাজনৈতিক-মতাদৰ্শগত সমালোচনা বিকশিত কৰা দৰকাৰ। লগতে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকৰ ৰাজনৈতিক চৰিত্ৰ উন্মোচন কৰা দৰকাৰ – কেনেদৰে সিবিলাকে মতাদৰ্শগতভাৱে হিন্দু জাতীয়তাবাদৰ ওচৰত আত্মসমৰ্পণ কৰিছে। এই দুইটা বিষয় সম্পৰ্কে আমাৰ ইতিপূৰ্বে লিখা ভালেমান লেখা-মেলা আছে, ইচ্ছুক পাঠকে চকু ফুৰাব পাৰে, ২০১৯ চনত লিখা ‘কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ’ এইক্ষেত্ৰত বিশেষভাৱে প্ৰাসংগিক। একে সময়তে অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল বিশ্বদৃষ্টি এটাও দাঙি ধৰা দৰকাৰ।

জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদে অংকন কৰা অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল বিশ্বদৃষ্টিটো পৰৱৰ্তী সময়ত ইতিহাসৰ পাকচক্ৰত ক’ৰবাত উফৰি পৰিলগৈ। তথাপি আজিও যদি আমি অসমীয়া জাতীয়তাবাদৰ কিবা প্ৰগতিশীল সম্ভাৱনাৰ কথা ক’বলৈ যাওঁ, তেনেহ’লে তেওঁলোকৰ ওচৰলৈকে উভতি যাব লাগিব আৰু তেওঁলোকৰ বিশ্বদৃষ্টিটো আনি তাক আজিৰ প্ৰেক্ষাপটত পুনৰ্নিৰ্মাণ কৰি ল’ব পাৰিব লাগিব। সেই বিশ্বদৃষ্টিৰ এটা ধাৰণা ল’বৰ বাবে আমি জ্যোতিপ্ৰসাদৰ ‘অসমীয়া ডেকাৰ উক্তি’ কবিতাটোত চকু ফুৰাব পাৰো। গণতান্ত্ৰিক বহুত্ববাদ আৰু ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত এখন উদাৰ, ছেকুলাৰ আৰু বিশ্বমুখী অসমীয়া সমাজৰ চিত্ৰ কবিতাটোত দাঙি ধৰা হৈছে। এইখন অসমীয়া সমাজত কোনো ‘অন্য’ নাই – লাচিতৰ চোকা তৰোৱাল লোৱা শৰাইঘাটৰ অসমীয়াজনৰপৰা চাহ বাগিছাৰ বনুৱা, ন-অসমীয়া মৈমনসিঙীয়ালৈকে সকলোৱে নিজকে ‘মই’ বুলিয়েই অভিহিত কৰিছে, যাৰ ভগৱান বিৰাজ কৰে মন্দিৰে-মছজিদে, যি একে সময়তে গাব পাৰে প্ৰাৰ্থনা-নামাজ। ইয়াত এক পলিফ’নিক অসমীয়া পৰিচয়ৰ ধাৰণা দাঙি ধৰা হৈছে। চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত সমন্বয়ৰ ধাৰণা এটা অসমৰ জাতীয়তাবাদী সংস্কৃতিত খুবেই প্ৰবল – যাৰ ব্যাপক উদযাপন স্কুলৰ ৰূপালী জয়ন্তীৰপৰা চৰকাৰী অনুষ্ঠানলৈকে সকলোতে দেখিবলৈ পোৱা যায়। এই যান্ত্ৰিক আৰু ফোঁপোলা সমন্বয়ৰ ধাৰণাটো নিজেই আধিপত্যবাদী। এই ধাৰণাবিলাক প্ৰথমতে ভঙা দৰকাৰ। তেনে কৰিলেহে হিন্দু জাতীয়তাবাদৰ বিপৰীতে জ্যোতিপ্ৰসাদে কোৱাৰ নিচিনাকৈ আমি অসমীয়া জাতীয়তাবাদৰ এক নতুন প্ৰগতিশীল বিশ্বদৃষ্টি নিৰ্মাণ কৰিবলৈ সক্ষম হ’ম। ঠিক অসমীয়া জাতি হিচাপে নহয়, কিন্তু অসমত গণতান্ত্ৰিক বহুত্ববাদ আৰু ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত এখন উদাৰ, ছেকুলাৰ আৰু বিশ্বমুখী সমাজৰ স্বপ্ন নিশ্চয়কৈ দাঙি ধৰিব পাৰি। অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰণাত বিশ্বাসীসকলে সেই স্বপ্ন নিৰ্মাণৰ বাবে অগ্ৰসৰ হোৱা উচিত।

এটা কথা ঠিক যে দেশজোৰা এক প্ৰগতিশীল ৰূপান্তৰকামী সামাজিক সংগ্ৰামেহে হিন্দু জাতীয়তাবাদক পুলিয়ে-পোখাই উঘালি নাইকিয়া কৰিব পাৰিব। কিন্তু তেনে কোনো সংগ্ৰামৰ কিঞ্চিৎমানো সম্ভাৱনা আমাৰ সন্মুখত নাই, তাৰ বাবে কোনো জাতীয়-জনপ্ৰিয় ৰেডিকেল শক্তি বৰ্তমান নাই। গতিকে তেনে অসম্ভৱ আশা নকৰাই ভাল। অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল বিশ্বদৃষ্টিৰ উত্থানে হিন্দু জাতীয়তাবাদক মতাদৰ্শগত পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিব পাৰে। হিন্দু জাতীয়তাবাদৰ সৰ্বগ্ৰাসী আধিপত্যৰ সাম্প্ৰতিক সময়ত সেইটোও বৰ টান কাম। হ’লেও প্ৰগতিশীল শক্তিবিলাকে তেনে ৰাজনৈতিক-মতাদৰ্শগত প্ৰচেষ্টা হাতত লোৱাৰ কোনো বিকল্প নাই। অন্ততঃ ছিপাঝাৰৰ উচ্ছেদ অভিযানে আমাক তাকেই সোঁৱৰাই দিছে। হিন্দু জাতীয়তাবাদ তথা অসমীয়া জাতীয়তাবাদ সম্পৰ্কে এক তাত্ত্বিক-ৰাজনৈতিক বিতৰ্কৰ যোগেদিয়েই সেই প্ৰচেষ্টাৰ সূচনা কৰিব পাৰি।

(ৰচনাকাল : ২৮-০৯-২০২১)





সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in প্ৰবন্ধ
One comment on “ছিপাঝাৰৰ উচ্ছেদ আৰু প্ৰাসংগিক দুটামান কথা
  1. বালৰ অসমীয়া জাতি

    আধা মৰা মিঞাটোৰ ওপৰত জঁপিয়াই পৰা কেমেৰামেনটোক দোষ দি কি লাভ? সি আমাৰে প্ৰতিনিধি। আচলতে প্ৰতিনিধি নহয়, সন্তান। ইমান দিন ধৰি আমি যিটো সাম্প্ৰদায়িক ঘৃণাক লালন-পালন কৰি আহিছো, সেইটোৱেই এতিয়া ডাঙৰ-দীঘল হৈ এনেকুৱা ৰূপ পাইছে – আধা মৰা মিঞাৰ ওপৰত বীৰৰ দৰে জঁপিয়াই পৰিব পৰা হৈছে। কেমেৰামেনটোক বেয়া পাই লাভ নাই। মিঞা মানুহ মাৰি কেনেকুৱা লাগে সি হয়তো তাকে চাব খুজিছিল পুলিচৰ নিৰাপত্তাৰ মাজতে। মিঞা মানুহক মাৰপিট কৰিনো কোনে বেয়া পায়? জাতিৰ ঠিকাদাৰবিলাকে দেখোন মিঞা দেখিলেই ধৰধৰ মাৰমাৰ লগায়। অসমৰ বিভিন্ন ঠাইত হাজাৰটা অজুহাতত মিঞাই মাৰ খায়েই থাকে, কাণত ধৰি আঁঠু কাঢ়িয়েই থাকে। গতিকে আচৰিত হ’বলগীয়া কি আছে? সাম্প্ৰদায়িক বিষবাস্প‌ই হাড়ে-হিমজুৱে বিষাক্ত কৰি তোলা আমি হ’লো বালৰ অসমীয়া জাতি, আৰু সেই কেমেৰামেনটো হ’ল আমাৰ সুযোগ্য সন্তান।

    নব্বৈৰ দশকত বোলে আমাৰ ওপৰত ৰাষ্ট্ৰসন্ত্ৰাস চলিছিল, আমি বোলে বহুত প্ৰতিবাদ কৰিছিলো, ৰাষ্ট্ৰৰ বোলে মজা মজা সমালোচনা কৰিছিলো। এইবোৰ সাধুকথা কিছুমানে ক‌য়, কিন্তু বিশ্বাস নহয়। আজি আমাক ৰাষ্ট্ৰভক্তিত কোনোৱেই চেৰ পেলাব নোৱাৰে। আমাৰ তেজৰ সিৰে সিৰে আজি ৰাষ্ট্ৰভক্তি বৈ আছে, মগজুত নিগাজিকৈ বহি আছে হিন্দুত্ব। সেইবাবেই আমি আজি এনকাউণ্টাৰ বৰ ভাল পাওঁ। আমি ভাবো যে একমাত্ৰ এনকাউণ্টাৰেহে দেশখন-সমাজখন নিকা কৰিব পাৰিব। ৰাষ্ট্ৰ‌ই যি কৰে ভালেই কৰে। আমি মাত্ৰ হাতচাপৰি বজালেই হ’ল। আন কিবা বজাবলৈ হ’লেও আমি সদাপ্ৰস্তুত। তেনেহ’লে কেইটামান মিঞা মৰিলেও, হাজাৰ মিঞা গৃহহীন হ’লেও আমাৰ কি আহে যায়?

    আমি নিজক লৈ গৰ্বিত। আমি বালৰ অসমীয়া জাতি।

    (ফে’চবুক প’ষ্ট। ২৪-০৯-২১)

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: