(ক)
ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ জনপ্ৰিয় ধাৰণাত ধৰ্মক এটা ব্যক্তিগত বিষয় হিচাপে গ্ৰহণ কৰা বাবে ই ব্যক্তিগত পৰিসৰৰ বাহিৰলৈ আহি ৰাজহুৱা পৰিসৰত প্ৰভাৱ পেলোৱাটো সমস্যাজনক হৈ পৰে। কিন্তু শেহতীয়া সময়ছোৱাত আধুনিকতা, ৰাজহুৱা পৰিসৰ, ধৰ্ম আৰু ছেকুলাৰবাদ সম্পৰ্কে হোৱা নতুন চিন্তা-চৰ্চাত এই ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱা হৈছে। ৰাজহুৱা পৰিসৰ সম্পৰ্কে চিন্তা-চৰ্চাৰ বাটকটীয়া য়ুৰ্গেন হেবাৰমাছৰ কথা এই প্ৰসংগত আলোচ্য। এফালে ৰাষ্ট্ৰ আৰু অৰ্থনীতি, আনফালে পৰিয়ালৰপৰা পৃথক ৰূপত আৰু দূৰত্বত কেনেকৈ অষ্টাদশ শতিকাত বুৰ্জোৱা ৰাজহুৱা পৰিসৰৰ জন্ম, বিকাশ আৰু পৰৱৰ্তী সময়ত ক্ৰমাগত পতন হৈছিল তাৰ এক বিশদ আলোচনা হেবাৰমাছে দাঙি ধৰিছে। হেবাৰমাছৰ ধাৰণাই বিশ্বৰ সমাজবৈজ্ঞানিক চিন্তা-চৰ্চাৰ ওপৰত ব্যাপক আৰু গভীৰ প্ৰভাৱ পেলাই আহিছে। কিন্তু এটা আশ্চৰ্যৰ কথা হ’ল এই যে হেবাৰমাছৰ ৰাজহুৱা পৰিসৰৰ ধাৰণাত ধৰ্মৰ কোনো স্থান নাছিল, বৰং ক্ৰাইগ কেলহৌনে কোৱা মতে, তেওঁৰ ধাৰণাৰাজি আছিল ধৰ্মবিৰোধী। কিন্তু ধৰ্ম কেৱল এটা ব্যক্তিগত বিষয় হয় নে বা হ’ব পাৰেনে? আধুনিকতাৰ যি ধৰ্মমুক্ত ধাৰণা সততে দাঙি ধৰা হয়, সেয়া ঐতিহাসিকভাৱে আৰু সমাজতাত্ত্বিকভাৱে শুদ্ধনে? ধৰ্ম আৰু ৰাজহুৱা পৰিসৰৰ মাজৰ পৃথকতা বা সম্পৰ্কক লৈ যিবোৰ মিথ প্ৰচলিত হৈ আহিছে সেইবোৰক আমাৰ ৰাজনৈতিক বা দৈনন্দিন অভিজ্ঞতাই সঁচা বুলি প্ৰমাণ কৰেনে? ধৰ্ম আৰু ছেকুলাৰবাদ সম্পৰ্কে হোৱা শেহতীয়া চিন্তা-চৰ্চাসমূহে এই দুইটা বিষয় সম্পৰ্কেই আমাক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। ধৰ্মৰ ৰাজহুৱা চৰিত্ৰ আৰু গুৰুত্ব সম্পৰ্কে হোৱা আলোচনাই আমাৰ মৌলিক ধাৰণাগত কেটেগৰিসমূহকে প্ৰশ্নৰ কাঠগৰাত থিয় কৰিছে। সি যি নহওক, হেবাৰমাছে নিজেও তেওঁৰ ধৰ্মহীন ৰাজহুৱা পৰিসৰৰ সীমাবদ্ধতা উপলব্ধি কৰিছিল আৰু পৰৱৰ্তী সময়ত ধৰ্ম সম্পৰ্কে চিন্তা-চৰ্চাত মনোনিবেশ কৰিছিল। তেওঁৰ উপৰি ক্ৰাইগ কেলহৌন, চাৰ্লছ টেইলৰ, কৰ্নেল ৱেষ্ট আদি বহুতো চিন্তাবিদে ধৰ্ম আৰু ছেকুলাৰবাদ সম্পৰ্কে নতুন চিন্তা-চৰ্চাৰ সূচনা কৰিছে। তেওঁলোকৰ চিন্তাৰ প্ৰাথমিক ক্ষেত্ৰখন ঘাইকৈ ইউৰোপ আৰু আমেৰিকাৰ সমাজৰ মাজত আবদ্ধ। আনহাতে, ভাৰত তথা দক্ষিণ এছিয়াৰ সামাজিক প্ৰেক্ষাপটত এই সম্পৰ্কে আশিস নন্দী, সুদীপ্ত কবিৰাজ, পাৰ্থ চেটাৰ্জী, ৰাজীৱ ভাৰ্গৱ আদিয়ে মৌলিক বৰঙণি যোগাই আহিছে কেইবা দশকৰ আগৰপৰাই। গতিকে ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ গ’লেই চিন্তা-চৰ্চাৰ এখন বিশাল ক্ষেত্ৰ সন্মুখত আহি পৰে। এই বিশাল ক্ষেত্ৰখন সম্পৰ্কে থোৰতে কোনো কথা কোৱা নাযায়, তাৰ অংশীদাৰ বিভিন্ন চিন্তাবিদৰ ৰচনাৰাজিৰ অধ্যয়ন অবিহনে কোনো সহজ সিদ্ধান্তত আহিব পৰা নাযায়। কিন্তু দুখৰ বিষয় যে ধৰ্ম সম্পৰ্কীয় আমাৰ সমাজৰ প্ৰগতিশীল চিন্তা-চৰ্চাত এতিয়াও যান্ত্ৰিক, অনৈতিহাসিক আৰু সঁজুলিবাদী ধ্যান-ধাৰণাৰ পয়োভৰেই বেছি। ধৰ্ম তথা ‘ধৰ্মীয় ৰাজনীতি’ক মতাদৰ্শগতভাৱে নাকচ কৰাতেই অধিক গুৰুত্বাৰোপ কৰা হয়। ইয়াৰ ফলস্বৰূপে ধৰ্মৰ, বিশেষকৈ তাৰ আধুনিক ৰূপটোৰ জনপ্ৰিয়তা তথা প্ৰাণশক্তি আৰু তাৰ ঐতিহাসিক স্থিতিস্থাপকতাৰ স্বৰূপ আমাৰ অলক্ষিতেই থাকি যায়। আমি ভাবো যে ধৰ্মৰ এক গভীৰ ঐতিহাসিক সমাজতত্ত্বৰ জৰিয়তেহে ধৰ্মকো বুজিব পৰা যাব আৰু ‘ধৰ্মীয় ৰাজনীতি’কো সঠিকভাৱে প্ৰত্যাহ্বান জনাব পৰা যাব। কিন্তু তাৰ বাবে আমি প্ৰথমতে উপৰোক্ত বিষয়সমূহত হোৱা তাত্ত্বিক-সমাজবৈজ্ঞানিক চিন্তা-চৰ্চাসমূহৰ সৈতে পৰিচিত হোৱা দৰকাৰ। আমি কৰা ধৰ্ম সম্পৰ্কীয় যিকোনো আলোচনা সেই দিশতে অগ্ৰসৰ হোৱাটো বাঞ্ছনীয়। ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য।
(খ)
সাম্প্ৰতিক ভাৰতত হিন্দু জাতীয়তাবাদে এক সামাজিক-ৰাজনৈতিক আধিপত্য অৰ্জন কৰিছে। এনে প্ৰেক্ষাপটত ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে সাম্প্ৰদায়িক ৰাজনীতিৰ কথাই ক’ব লাগিব। হিন্দু জাতীয়তাবাদৰ উত্থান আৰু বিকাশৰ প্ৰক্ৰিয়াটোৰ মাজেৰেই আমি এই সম্পৰ্কৰ এটা স্পষ্ট আভাস লাভ কৰিব পাৰো।
স্বাধীনতা লাভৰ পাছত ভাৰতত এক ছেকুলাৰ- আধুনিকতাবাদী জাতি-ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা হৈছিল। এই ৰাষ্ট্ৰৰ চৰিত্ৰ স্বয়ংক্ৰিয়ভাৱে বা অৱশ্যম্ভাৱীধৰণে ছেকুলাৰ-আধুনিক হৈ উঠা নাছিল। স্বাধীনতা আন্দোলনৰ মাজত বহুতো পৰস্পৰবিৰোধী মতাদৰ্শগত ধাৰাৰ তুমুল প্ৰতিদ্বন্দ্বিতা চলিছিল মতাদৰ্শগত আধিপত্য আৰু ৰাজনৈতিক নেতৃত্বৰ বাবে। কিন্তু তাৰ মাজৰপৰা আন্দোলনৰ মূল নেতৃত্বই ছেকুলাৰ-আধুনিকতাবাদী ধাৰাটোকে নিৰ্বাচন কৰিছিল আধুনিক জাতি-ৰাষ্ট্ৰৰ মডেল হিচাপে। নেহৰুৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা এই মডেলটোৱে ৰাষ্ট্ৰ পৰিচালনাৰপৰা ধৰ্মক আঁতৰাই ৰাখিছিল আৰু এক ছেকুলাৰ-আধুনিক ৰাজহুৱা পৰিসৰৰ পোষকতা কৰিছিল। কিন্তু এইটো আছিল ভাৰতৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখনৰ ওপৰত আলাসতে জাপি দিয়া এটা ব্যৱস্থা মাত্ৰ। এটা ছেকুলাৰ-আধুনিক নগৰীয়া এলিট শ্ৰেণী ঠিকেই গঢ় লৈ উঠিছিল, যাৰ ওপৰত আধুনিকতাৰ ব্যক্তিবাদী প্ৰমূল্যসমূহৰ তথা ছেকুলাৰবাদৰ প্ৰভাৱ আছিল। কিন্তু তাৰ বাহিৰৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখনৰ বাবে এই ছেকুলাৰ-আধুনিক প্ৰমূল্য আছিল দুৰ্বোধ্য আৰু বহুত দূৰৰ বস্তু। প্ৰকৃতাৰ্থত যদি এখন ছেকুলাৰ-আধুনিক ভাৰত গঢ়াৰ কল্পনা জাতীয় নেতৃত্বৰ আছিল, তেনেহ’লে তাৰ বাবে প্ৰথম আৰু প্ৰধান পদক্ষেপ আছিল ছেকুলাৰকৰণ বা ছেকুলাৰাইজেচন। কিন্তু ভাৰতীয় সমাজৰ ছেকুলাৰকৰণৰ কোনোধৰণৰ ব্যাপক প্ৰজেক্ট ৰাষ্ট্ৰই কেতিয়াও হাতত নল’লে। গতিকে ভাৰতৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখন হৈ থাকিল একেই গভীৰভাৱে ধৰ্মপৰায়ণ। এটা উপৰুৱা ছেকুলাৰ-আধুনিক ৰাজহুৱা পৰিসৰ নগৰীয়া এলিট শ্ৰেণীয়ে পহৰা দি থাকিল, তাৰ মাজলৈ বাহিৰৰ জনসমাজখনৰ প্ৰবেশ নিষিদ্ধ কৰি ৰখা হ’ল। অৰ্থাৎ ছেকুলাৰ-আধুনিকতাবাদী জাতি-ৰাষ্ট্ৰই ভাৰতত এটা জনপ্ৰিয় নৈতিক-সাংস্কৃতিক ন্যায্যতা প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। অন্যান্য বিভিন্ন কাৰণৰ লগতে এইটো কাৰণতো এই মডেলটোৰ ক্ৰমাৎ অৱক্ষয় ঘটিবলৈ ধৰিলে, আৰু স্বাধীনতাৰ তিনিটা দশকৰ পাছতেই তাৰ ৰাজনৈতিক পৰিণামসমূহ প্ৰকাশ পাবলৈ ধৰিলে। ছেকুলাৰ-আধুনিক ৰাজহুৱা পৰিসৰটোৱে ঢাকি ৰাখিবলৈ চেষ্টা কৰা জনসমাজৰ মাজৰ সকলোবোৰ অনাধুনিক শক্তি সজোৰে মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় জনসমাজখনে আধুনিকতা শিকিব নোৱাৰিলেও লাহে লাহে গণতন্ত্ৰ শিকি পেলাইছিল আৰু তাক সৃষ্টিশীলভাৱে প্ৰয়োগ কৰিবলৈ ধৰিছিল। ছেকুলাৰ-আধুনিক জাতি-ৰাষ্ট্ৰৰ মহাকাহিনীটোৰ ক্ৰমাৱক্ষৰ ফলত সৃষ্টি হোৱা শূন্য স্থান পূৰণ কৰিবলৈ এনেকৈয়ে বহুতো ক্ষুদ্ৰ সামাজিক আন্দোলন আগ বাঢ়ি আহিল আশীৰ দশকত। দলিত-নিম্নবৰ্ণৰ আন্দোলন, নাৰী আন্দোলন, আঞ্চলিকতাবাদী আন্দোলন আদি বিভিন্ন আন্দোলন ইয়াৰ উদাহৰণ। ইয়াৰ মাজৰে এটা আন্দোলন আছিল হিন্দু জাতীয়তাবাদৰ।
হিন্দু জাতীয়তাবাদৰ ৰাজনীতি যদিও ঊনবিংশ শতিকাৰ শেষাৰ্ধতেই গঢ় লৈছিল আৰু বিংশ শতিকাৰ দ্বিতীয় দশকত সাংগঠনিকভাৱে ঠন ধৰি উঠিছিল, স্বাধীনতা লাভৰ পাছৰছোৱাত, বিশেষকৈ গান্ধী হত্যাৰ বিৰুদ্ধে হোৱা দেশজোৰা জনমতৰ সন্মুখত পৰি, সি পিছ হুঁহকি যাবলৈ বাধ্য হৈছিল আৰু তলমূৰকৈ সাংস্কৃতিক কাম-কাজৰ মাজেৰে নিজৰ ধাৰাবাহিকতা বজাই ৰাখিছিল। ৰাজহুৱা পৰিসৰত ছেকুলাৰ-আধুনিক প্ৰমূল্যৰ আধিপত্যই তাক মতাদৰ্শগতভাৱে সংকুচিত হৈ থাকিবলৈ বাধ্য কৰিছিল। কিন্তু ৰাষ্ট্ৰৰ সেই মডেলটো আৰু তাৰ সমৰ্থনকাৰী প্ৰমূল্যৰ ক্ৰমাৱক্ষয়ৰ সমান্তৰালভাৱে হিন্দু জাতীয়তাবাদে পুনৰ মূৰ দাঙি উঠিবলৈ ধৰিলে। কেৱল সেয়েই নহয়, সি নতুনকৈ গঢ় লৈ উঠা ক্ষুদ্ৰ আন্দোলনবোৰৰ বিপৰীতে এক সমন্বয় আৰু সাৰ্বজনীনতাৰ আদৰ্শ দাঙি ধৰি ক্ৰমাৎ অধিক গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈ ধৰিলে। এনে কাৰণতে সি নৱাগত নব্য উদাৰতাবাদী শক্তিসমূহৰ সমৰ্থন লাভ কৰিলে, আৰু নব্য উদাৰতাবাদৰ সৈতে তাৰ এটা দীৰ্ঘম্যাদী জোঁটবন্ধনৰ সৃষ্টি হ’ল। ভাৰতীয় জাতীয়তাবাদক সি পুনৰাৱিষ্কাৰ কৰিলে হিন্দুত্ববাদী অৱতাৰৰ ৰূপত। কিন্তু সি পোনপটীয়াভাৱে কোনোদিনেই ছেকুলাৰ-আধুনিকতাৰ বিৰুদ্ধে থিয় দিয়া নাই। বৰং সি কংগ্ৰেছী ব্যৱস্থা তথা তাৰ সমৰ্থনকাৰী বৌদ্ধিক সমাজখনৰ ভণ্ড ছেকুলাৰবাদৰ বিৰুদ্ধে থিয় দি নিজকে প্ৰকৃত ছেকুলাৰবাদী বুলি অভিহিত কৰি আহিছে। ৰাষ্ট্ৰৰ ছেকুলাৰ-আধুনিক ব্যৱস্থা তথা তাৰ মতাদৰ্শগত সঁজুলিসমূহক প্ৰত্যাখ্যান কৰাৰ সলনি সিবোৰক হিন্দু জাতীয়তাবাদৰ স্বাৰ্থত ব্যৱহাৰ কৰাহে ইয়াৰ উদ্দেশ্য। সাম্প্ৰতিক সময়ৰ বিজেপি চৰকাৰৰ কাম-কাজেও এই কথাকেই সত্য প্ৰতিপন্ন কৰে। গতিকে এই কথা স্পষ্ট যে হিন্দু জাতীয়তাবাদে নিজকে আধুনিক আৰু ছেকুলাৰ বুলি দাবী কৰে। ক’ব পাৰি যে হিন্দু জাতীয়তাবাদ হ’ল সাম্প্ৰতিক ভাৰতীয় আধুনিকতাৰ এটা ৰূপ।
হিন্দু জাতীয়তাবাদৰ এই আগ্ৰাসনক আমি ‘ধৰ্মৰ ৰাজনৈতিক ব্যৱহাৰ’-ধৰণৰ সঁজুলিবাদী ধাৰণাৰে ব্যাখ্যা কৰিব নোৱাৰো। চতুৰ আৰু ধূৰ্ত ৰাজনীতিকে ধৰ্মক কেৱল ব্যৱহাৰ কৰি ইয়াক জন্ম দিয়া নাই। হিন্দু জাতীয়তাবাদ হ’ল প্ৰকৃতাৰ্থতেই এটা গণ আন্দোলন। আনহাতে, হিন্দু জাতীয়তাবাদে ধৰ্মক কেৱল ব্যৱহাৰ কৰা নাই – ধৰ্মক সি মতাদৰ্শগতভাৱে পুনৰাৱিষ্কাৰ কৰিছে। কিন্তু এই পুনৰাৱিষ্কাৰৰ ঘটনাটো ঘটিছে ভাৰতত আধুনিকতাৰ বিকাশৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে। আশিস নন্দীয়ে সাম্প্ৰদায়িকতাৰ আলোচনা কৰোতে ধৰ্মৰ দুটা দিশৰ কথা কৈছে। প্ৰথমটো হ’ল, ‘বিশ্বাস হিচাপে ধৰ্ম’। যুগ যুগ ধৰি জনসমাজত যিধৰণে ধৰ্ম পালন কৰা হৈ আহিছে সিয়েই হ’ল বিশ্বাস হিচাপে ধৰ্ম। এই ধৰ্মবিশ্বাসৰ মাজত কোনো মতাদৰ্শগত স্পষ্টতা নাই, নিজৰ আৰু অন্যৰ মাজত কঠোৰ সীমাৰেখা নাই – দৈনন্দিন জীৱনৰ সহজ আচৰণৰ মাজত শিথিল ৰূপত ই আচৰিত হৈ আহিছে। আনটো হ’ল ‘মতাদৰ্শ হিচাপে ধৰ্ম’। আধুনিকতাৰ পত্তনৰ লগে লগে আত্মসচেতন কৌমৰ ধাৰণাৰ সৃষ্টি হ’ল। বিশেষকৈ আধুনিক ৰাষ্ট্ৰই আৰম্ভ কৰা লোকপিয়ল আৰু মানচিত্ৰৰ ব্যৱহাৰে লোকসংখ্যাগত আৰু ভৌগোলিক সচেতনতাৰ সৃষ্টি কৰিছিল যাৰ ভিত্তিত নিজৰ স্থিতি আৰু শক্তি সম্পৰ্কে ৰাজনৈতিকভাৱে সচেতন কৌম কিছুমানৰ জন্ম হৈছিল। কিছুমান পৰিচিতি আধুনিকতাই নতুনকৈ জন্ম দিছিল যাৰ কোনো অস্তিত্ব আগৰ পৃথিৱীখনত নাছিল। যেনে, জাতি। কিন্তু আগৰ পৃথিৱীখনত বিৰাজমান পৰিচিতিসমূহকো সি ৰূপান্তৰ ঘটাই নতুন অৱতাৰ দিছিল। যেনে, ধৰ্ম। এনেকৈয়ে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত ৰাজনৈতিকভাৱে সচেতন কৌমৰ জন্ম হৈছিল। ধৰ্মৰ এই নতুন পৰিচিতিটো আছিল একাধাৰে আধুনিক আৰু ৰাজনৈতিক, যাক ক্ষমতা আহৰণৰ বাবে সমূহীয়া প্ৰচেষ্টাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ, আধুনিক ৰাষ্ট্ৰৰ ব্যৱস্থাৱলী আৰু আধুনিকতাৰ প্ৰমূল্যৰাজি বিকাশৰ যিটো ঐতিহাসিক প্ৰক্ৰিয়া, সেই একেটা প্ৰক্ৰিয়াৰ অংশ হিচাপেই মতাদৰ্শ হিচাপে ধৰ্মৰ বিকাশ হৈছিল।
গতিকে ধৰ্মীয় ৰাজনীতি বা সাম্প্ৰদায়িকতাক আধুনিকতাৰ বিপৰীতে সহজভাৱে প্ৰাক-আধুনিক প্ৰপঞ্চ হিচাপে বিবেচনা কৰিব নোৱাৰি। আৰু নিছক আধুনিকতা বা ছেকুলাৰবাদৰ বিধানেৰে তাৰ মোকাবিলা কৰাটোও সম্ভৱ নহয়। আনহাতে, ছেকুলাৰবাদ হ’ল বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখনৰ বাবে দুৰ্বোধ্য এটা বস্তু। গতিকে তাক হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে প্ৰয়োগ কৰাটো সম্ভৱপৰ নহয়, ইয়াৰ ভিত্তিত গণ আন্দোলন কৰিব পৰা নাযায়। আশিস নন্দীয়ে কৈছে যে বিশ্বাস হিচাপে ধৰ্মৰ মাজত লুকাই থকা সহনশীলতাৰ কৰ্ষণ আৰু উদযাপনৰ জৰিয়তেহে আমি ধৰ্মীয় ৰাজনীতিক প্ৰতিৰোধ কৰিব পাৰিম। ভাৰতীয় জনসমাজৰ চেতনাৰ কথা ক’বলৈ গৈ ৰবি সিনহাই এক ‘ভাৰতীয় অৱচেতন’ৰ কথা কৈছে। এই অৱচেতনটো গভীৰভাৱে ধৰ্মীয়। আনহাতে, আদিত্য নিগমে এক ‘পৌৰাণিক জীৱন-অৱস্থা’ বা ‘পুৰানিক ম’ড অব্ বিয়িং’অৰ কথা কৈছে। এই জীৱন-অৱস্থাটোক তেওঁ ‘পেৰামডাৰ্ন’ বুলি অভিহিত কৰিছে – প্ৰাক-আধুনিক বুলিব নোৱাৰি, কাৰণ ই আধুনিকতাৰ সৈতে একে কাল আৰু স্থানত সহবাস কৰে, কিন্তু একে সময়তে সি আধুনিক মননৰ বাবে দুৰ্বোধ্যও। সি যি নহওক, ভাৰতীয় অৱচেতনেই হওক বা পৌৰাণিক জীৱন-অৱস্থাই হওক, ইয়াক জাগ্ৰত কৰিবৰ বাবে নিছক ছেকুলাৰ-আধুনিকতাবাদী ৰাজনীতি পৰ্যাপ্ত নহয়। ইয়াক এসময়ত গান্ধীয়ে জাগ্ৰত কৰিব পাৰিছিল আৰু এতিয়া হিন্দু জাতীয়তাবাদে পাৰিছে। কিন্তু প্ৰগতিশীল শক্তিসমূহৰ বাবে ই আজিও দুৰ্বোধ্য হৈয়ে আছে।
নন্দীয়ে কোৱাৰ দৰে আধুনিকতা তথা ছেকুলাৰবাদক বাদ দি ধৰ্মীয় ৰাজনীতি মষিমূৰ কৰাৰ কথা ভাবিব নোৱাৰি – তাৰ উপায় কোনো সমালোচনাত্মক পৰম্পৰাবাদৰ মাজত পাবলৈ নাই। সমাজৰ আধুনিকীকৰণ আৰু ছেকুলাৰকৰণৰ বাবে ব্যাপক আৰু দীৰ্ঘম্যাদী প্ৰজেক্ট প্ৰগতিশীল শক্তিসমূহৰ হাতত থাকিবই লাগিব। ই আটাইতকৈ জৰুৰী কথা। তাৰ অবিহনে ধৰ্মৰ মতাদৰ্শগত সংকোচন আৰু ধৰ্মীয় ৰাজনীতিৰ পৰাভৱ এটাও সম্ভৱ নহয়। কিন্তু তাৰ বাবে আধুনিকতাৰ ঔপনিবেশিক অৱশেষসমূহ তথা নেহৰুবাদী মডেলৰ সমস্যাসমূহ দূৰ কৰি এক বৈকল্পিক আৰু জনমুখী আধুনিকতাৰ মডেল নিৰ্মাণ কৰিব লাগিব। একে সময়তে ধৰ্মৰ মিষ্টিকেল আৰু নৈতিক প্ৰাণশক্তিক বশ কৰি তাৰ লেকাম নিজৰ হাতলৈ আনিব পাৰিব লাগিব। গতিকে ভাৰতীয় অৱচেতন বা পৌৰাণিক জীৱন-অৱস্থাটোক জাগ্ৰত কৰাৰ মন্ত্ৰ আয়ত্ত কৰাটো প্ৰগতিশীল শক্তিসমূহৰ বাবে এই মুহূৰ্তত এটা বিৰাট প্ৰত্যাহ্বান। হিন্দু জাতীয়তাবাদৰ সমাজতত্ত্ব উপলব্ধিৰ মাজেৰেই সেই প্ৰচেষ্টাৰ আৰম্ভণি কৰিব পাৰি।
(ৰচনাকাল : ০১-০৮-২১)
Leave a Reply