ঐতিহ্যমণ্ডিত বনাম ঐতিহ্যবঞ্চিত

ঐতিহ্য এটা বৰ সমস্যাজনক বস্তু। তাক পালেই ভাঙিব লাগে। ভিতৰত কিবা ভাল মাল-মুতুং থাকিলে ৰৈ যাব। নহ’লে ভাগি খতম হৈ যাব।

ঐতিহ্যনো কাৰ নাই? আমাৰ ঘৰৰ ওচৰৰে কালি মন্দিৰটোৰ ডেৰশবছৰীয়া ঐতিহ্য আছে। সন্মুখৰ গেলামাল দোকানখনৰ সোণালী জয়ন্তী হৈ গৈছে। আজোককাই হাগি থৈ যোৱা আমাৰ লেট্ৰিনটোৰ গৰিমামণ্ডিত ঐতিহ্য জীয়াই ৰখাৰ উদ্দেশ্যে অহা বছৰ তাৰ শতবাৰ্ষিকী পাতিবলৈ আয়োজন কৰি আছো। আনকি পদূলিৰ জপনাখনৰো যোৱা বছৰ কাষ্ঠ জয়ন্তী পাতি গৈছো।

ইতিহাস সকলোৰে আছে, ইতিহাসৰ পৰ্যালোচনাও‌ সকলোৰে বাবেই দৰকাৰী। কিন্তু ঐতিহ্যৰ যিটো জনপ্ৰিয় ধাৰণা আমাৰ সমাজত প্ৰচলিত সি বহুতো দিশৰপৰাই গণ্ডগোলীয়া। যিকোনো সামাজিক অনুষ্ঠানৰে একোটা নিটোল, পৰিচ্ছন্ন আৰু আত্মতুষ্টিপূৰ্ণ ঐতিহ্য নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হয় – যাক সদায় পূজা-অৰ্চনা কৰিব পাৰি আৰু যাক লৈ গৌৰৱ অনুভৱ কৰিব পাৰি। এনে কৰিবলৈ যাওঁতে অনুষ্ঠানটোৰ ইতিহাসৰ গৌৰৱ কৰিব নোৱৰা বা বৰং লজ্জা অনুভৱ কৰিব লগীয়া অস্বস্তিকৰ দিশবোৰ সযতনে আঁতৰাই ৰখা হয়। তদুপৰি বহু সময়ত মধ্যমীয়া মেধা বা অযোগ্যতাকো বিৰল‌ কৃতিত্ব হিচাপে উপস্থাপন কৰা হয়। গতিকে ঐতিহ্য‌ই কেৱল ইতিহাস উন্মোচনেই নকৰে, গোপনো কৰে। আনহাতে, ঐতিহ্যৰ ধাৰণাই এক সংকীৰ্ণ আত্মশ্ৰেষ্ঠতাৰ সৃষ্টি কৰে। সি বহল সমাজখন তথা সদৃশ অনুষ্ঠানসমূহৰ সৈতে সহজ আৰু সমতাপূৰ্ণ সামাজিক বিনিময় গঢ়ি উঠাত বাধা দিয়ে। আমাৰ পদানুক্ৰমবদ্ধ (hierarchical) সমাজত সি এক সামাজিক পদানুক্ৰম হিচাপেই কাম কৰে। ঐতিহ্যমণ্ডিত আৰু ঐতিহ্যবঞ্চিতৰ মাজত এখন অলংঘনীয় সাংস্কৃতিক প্ৰাচীৰ গঢ় লৈ উঠে। ইয়াৰ ফলত ঐতিহ্যবঞ্চিত অনুষ্ঠান এটা একধৰণৰ হীনমন্যতাৰ মাজত থাকিবলগীয়া হয় আৰু নিজৰ ঐতিহ্যৰ সন্ধান তথা নিৰ্মাণৰ চেষ্টা কৰিবলগীয়া হয়। যিহেতু সাংস্কৃতিক মৰ্যাদা লাভৰ বাবে ঐতিহ্য থকাটো অপৰিহাৰ্য, সেয়ে ঐতিহ্য নিৰ্মাণ কৰাটো সকলোৰে বাবে জৰুৰী হৈ পৰে। ঐতিহ্যমণ্ডিত হোৱাৰ হেঁচা-ঠেলা এনেকৈয়ে সৃষ্টি হয়। এই প্ৰক্ৰিয়াটো দেখদেখকৈ গণতন্ত্ৰৰ পৰিপন্থী। ঐতিহ্যৰ নামত সামাজিক পদানুক্ৰম সৃষ্টি আৰু লালন কৰা সমাজ এখনত গণতান্ত্ৰিক সংস্কৃতিৰ বিকাশ হ’ব কেনেকৈ? তেনেহ’লে গণতান্ত্ৰিক সমাজ এখন গঢ়ি উঠিব কেনেকৈ? এই কথাকেইটা ভালদৰে প্ৰযোজ্য হয় শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত। আৰু শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতে ঐতিহ্য‌ ধাৰণাটোৰ সামাজিক চৰিত্ৰ সবাতোকৈ স্পষ্ট ৰূপত প্ৰতিফলিত হয়।

মহানগৰ-চহৰত অৱস্থিত কেইখনমান শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত-গৰিমামণ্ডিত, তাৰ বাদে অসমৰ হাজাৰখন শিক্ষানুষ্ঠান কোনো ঐতিহ্য নাইকিয়া‌ তথা পিছপৰা – এইটো এটা অতি ভয়ংকৰ ধাৰণা। ধাৰণাটো নিজেই যে ফোঁপোলা, কেৱল সেইটোৱেই তাৰ সমস্যা নহয়, একে সময়তে সি ঐতিহ্যবঞ্চিত আন শিক্ষানুষ্ঠানসমূহৰ প্ৰতি অপমানজনকো। এইখিনিতে ক’ব পাৰি যে একপ্ৰকাৰে শিক্ষাৰ গুণগত মান বেলেগ কথা। কিন্তু গুণগত মান কেইখনমান শিক্ষানুষ্ঠানতহে কিয় আবদ্ধ থাকিব – সেইটোও এটা ডাঙৰ প্ৰশ্ন। শিক্ষাৰ মান ৰাজ্যৰ বিভিন্ন অঞ্চললৈ আৰু সমাজৰ সকলো অংশলৈ প্ৰসাৰিত কৰিব নোৱৰাটো সমাজ তথা ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা। সি যি নহ‌ওক, শিক্ষানুষ্ঠানৰ ঐতিহ্যৰ ধাৰণাটো অসমৰ সমাজজীৱনৰ সৰ্বাত্মক পদানুক্ৰমিক চৰিত্ৰৰে এটা অংশ, আৰু সি আন আন পদানুক্ৰমসমূহৰ সৈতে অবিচ্ছিন্নভাৱে সাঙোৰ খাই আছে। আমি জানো যে পদানুক্ৰম ভঙাটো সমতাপূৰ্ণ বিকাশৰ বাবে প্ৰাথমিক চৰ্ত। গতিকে এই পদানুক্ৰমসমূহো আমি এটা এটাকৈ ওফৰাই পেলাব পাৰিব লাগিব। এইটো সিমান সহজ কাম নহয় – কিন্তু গণতান্ত্ৰিক সমাজ আৰু সংস্কৃতি যদি আমাৰ কাম্য, তেন্তে এই পদানুক্ৰমসমূহৰ ধ্বংস আমাৰ লক্ষ্য হ’ব‌ই লাগিব।

আধুনিক অসমৰ সমাজত শিক্ষানুষ্ঠানৰ ভূমিকা কেনেকুৱা হোৱা উচিত আছিল? ভূপেন হাজৰিকাই ‘জিলিকাব লুইতৰে পাৰ’ গানত তাৰ আটাইতকৈ সুন্দৰ ধাৰণা দাঙি ধৰিছে। শিক্ষানুষ্ঠানে সমাজত সামগ্ৰিকভাৱে এক ৰূপান্তৰকামী ভূমিকা পালন কৰিব বুলি তেওঁ আশা কৰিছে – য’ত এন্ধাৰৰ ভেটা ভাঙি জেউতি নিজৰাৰ ধাৰ ব’ব, সমাজে সাবটিব মহান‌ মানৱতা, বিজ্ঞানে আনিব জোৱাৰ। এনে ৰূপান্তৰকামী ভূমিকাৰ কিঞ্চিৎমানো আমি আজি দেখিবলৈ পাইছোনে? আচলতে উত্তৰ-ঔপনিবেশিক অনুন্নত সমাজ এখনত, তাতে ভাৰতৰ প্ৰান্তীয় অঞ্চলত অৱস্থিত, শিক্ষা তথা শিক্ষানুষ্ঠানৰ তেনে এটা বৈপ্লৱিক ভূমিকা আশা কৰিব‌ও নোৱাৰি। এয়া এক বহল আলোচনাৰ বিষয় বাবে পাছলৈ থ’লো। সদ্যহতে ইয়াকে ক’ব পাৰি যে শিক্ষা তথা শিক্ষানুষ্ঠানৰ আকাংক্ষিত সামাজিক ভূমিকা পালনৰ পথত প্ৰধান বাধা আছিল গাঁথনিগত। তাক অতিক্ৰম কৰাটো সহজ নাছিল। বিজ্ঞান জনসাধাৰণৰ সন্মুখলৈ আহিছিল উন্নয়নবাদী ৰাষ্ট্ৰৰ লজিক আৰু অস্ত্ৰ হিচাপে ভীতিসঞ্চাৰী ৰূপত। এনে অৱস্থাত বিজ্ঞানক সমাজৰ মাজলৈ সুমুৱাই নিয়াটো সম্ভৱপৰ নাছিল। আধুনিকতাৰ প্ৰজেক্টটো বহুলভাৱে আগ বঢ়াই নিবলৈ সমাজত কোনো গ্ৰহণযোগ্য সামাজিক শক্তিও নাছিল। তথাপি গাঁথনিগত সীমাবদ্ধতাৰ মাজতো বহুতো সম্ভাৱনা হয়তো আছিল, কিন্তু তাক বাধা দি ৰাখিছিল সামাজিক ৰক্ষণশীলতা তথা ন্যস্ত স্বাৰ্থ‌ই। প্ৰতিক্ৰিয়াশীল উচ্চবৰ্ণপ্ৰধান অসমীয়া মধ্যশ্ৰেণীৰ হাততেই শিক্ষাৰ বাঘজৰীডাল ৰৈ গৈছিল। যিবোৰ মুক্তিকামী ঢৌ সমাজত সৃষ্টি হৈছিল, সেইবোৰো ঘাইকৈ পিছপৰা গোষ্ঠীসমূহৰ হাতত কিবাকৈ শিক্ষা আহি পৰাৰ ফলত তেওঁলোকৰ নিজা উদ্যোগতহে হৈছিল, ইয়াত শিক্ষানুষ্ঠানসমূহৰ সক্ৰিয় ভূমিকা কম আছিল। চমুকৈ ইয়াকে ক’ব পাৰি যে অসমত আধুনিক আৰু গণতান্ত্ৰিক সমাজ নিৰ্মাণত শিক্ষানুষ্ঠানে আশানুৰূপ ভূমিকা পালন কৰিব পৰা নাই। গতিকে বিজ্ঞানে জোৱাৰ আনিব‌ও নোৱাৰিলে, সমাজে মহান মানৱতাক সাবটিব ল’ব‌ও নোৱাৰিলে। তেনেহ’লে আমি শিক্ষানুষ্ঠানৰ কি ঐতিহ্যৰ কথা পাতিছো?

বিদ্যায়তনিক ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থা কেনেকুৱা? প্ৰাকৃতিক বিজ্ঞানসমূহৰ কথা বিশেষ নাজানো। ইতিহাস আৰু সাহিত্য সমালোচনাৰ ক্ষেত্ৰত বহুতো কাম হৈছে। কিন্তু সাধাৰণভাৱে সমাজবিজ্ঞানৰ কথা ক’বলৈ গ’লে অসমৰ অৱস্থা শোচনীয়। এইটো মুহূৰ্তত যদি আমি বাহিৰৰ সমাজবিজ্ঞান চৰ্চাৰ ধাৰাসমূহলৈ চাই তাৰ পাছত অসমলৈ উভতি চাওঁ, তেন্তে হতাশ হোৱাটো স্বাভাৱিক। (এই বিষয়ে বিস্তাৰিত আলোচনাৰ বাবে আমাৰ ‘অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা’ প্ৰবন্ধ দ্ৰষ্টব্য।) যদি সেয়াই অৱস্থা‌ হয়, তেন্তে আমি বিশেষ কিছুমান শিক্ষানুষ্ঠানৰ কি গৌৰৱময় ইতিহাসৰ কথা পাতি আছো?

(ৰচনাকাল: ২৯-০৫-২১)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি
One comment on “ঐতিহ্যমণ্ডিত বনাম ঐতিহ্যবঞ্চিত
  1. parthapratim12 says:

    লেখাটিৰ বাবে ধন্যবাদ।অসমৰ চহৰ অঞ্চলৰ মুষ্টিমেয় যি কেইখন চৰকাৰী শিক্ষা অনুষ্ঠানক লৈ সততে গৌৰৱ কৰা হয় সেই অনুষ্ঠান কেইখনৰো গাথঁনিগত ৰূপ আন সমূহ শিক্ষানুষ্ঠানৰ সৈতে প্রায় একে।ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰতো বৈকল্পিক চিন্তা-চর্চা খুবেই সীমিত।
    শিক্ষানুষ্ঠান সমূহৰ লগত জড়িত হৈ থকা ঐতিহ্যৰ বাগধাৰাটোক ত্যাগ কৰিব পাৰিলেহে বোধহয় চহৰ, মফচল, গ্রাম্য – সকলো অঞ্চলৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গাঁথনিগত ৰূপ সলনি হোৱাৰ লগতে বিদ্যায়তনিক কাম-কাজ সমূহ ত্বৰান্বিত হ’ব।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: