মেৰিট সম্পৰ্কে কেইটামান বাক্য

মেৰিট বুলি যাক আমি কওঁ সেয়া হ’ল অন্তৰ্নিহিতভাৱেই এক সামাজিক বস্তু৷ সি হ’ল এক সামাজিক নিৰ্মাণ, সামাজিক প্ৰয়োজনতে যাৰ সৃষ্টি হয়৷ ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ সোপানৰূপে নতুবা সামাজিক অৱস্থান সংৰক্ষণৰ ভেটিৰূপে সি সামাজিক ভূমিকা পালন কৰে৷ আমাৰ নিচিনা সামাজিক পৰিবেশত মেট্ৰিক পৰীক্ষাৰ (তথা বহু পৰিমাণে হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ) অসীম আৰ্থ-সামাজিক গুৰুত্ব এইখিনিতে৷ দুখীয়া জনসাধাৰণৰ ল’ৰা-ছোৱালীৰ বাবে এই পৰীক্ষা এক জীৱনৰ পৰীক্ষা – তেওঁলোকৰ বাবে ই এক অস্তিত্বমূলক বা একজিষ্টেন্সিয়েল প্ৰশ্ন৷ কিয়নো ইয়াৰ জৰিয়তেই নিৰ্ণিত হ’ব – জীৱনত তথা সমাজত তেওঁলোকৰ অস্তিত্ব আৰু স্থান কিধৰণৰ হ’ব৷ হয় তেওঁলোকে ঊৰ্ধ্বমুখী গতিশীলতাৰ জখলাডাল বগাই ওপৰলৈ উঠি যাব, নতুবা দাৰিদ্ৰ্য আৰু পশ্চাতপদতাৰ বোকাতেই সোমাই থাকিব৷ বিশ্বায়নৰ পাছৰপৰা ঊৰ্ধ্বমুখী গতিশীলতাৰ মাধ্যমেৰে ব্যক্তিগত সামাজিক মুক্তিৰ আকাংক্ষাটো সমাজত অধিক দৃঢ়প্ৰোথিত আৰু সৰ্বব্যাপী হৈ পৰিছে৷ সমূহীয়া সামাজিক মুক্তিৰ সকলো সম্ভাৱনা এতিয়া হেৰাই গৈছে, সেইধৰণৰ ৰাজনীতি আৰু সামাজিক কল্পনাৰপৰা এতিয়া সমাজ বহু যোজন দূৰত৷ এতিয়াৰ তৰাং আৰু একশৈলিক সমূহীয়া চেতনাৰ শেষ পৰিণাম আৰু উদ্দেশ্য হ’ল কোনো গৰিমামণ্ডিত ত্ৰাণকৰ্তাৰ ওচৰত বিনাচৰ্তে মূৰ দোওঁৱা৷ তাৰ বাদে সামাজিক চেতনাৰ যিসমূহ উৱলি যোৱা প্ৰকাশ আমি দেখি আছো সিবোৰে নতুন প্ৰজন্মসমূহক উজ্জ্বল ভৱিষ্যতৰ কোনো আশ্বাস দিব নোৱাৰে৷ এনে প্ৰেক্ষাপটতে মেট্ৰিক পৰীক্ষাৰ সমাজতাত্ত্বিক গুৰুত্ব অনুধাৱন কৰিব লাগিব৷

বিশ্বায়ন-বাহিত সামাজিক প্ৰভাৱবোৰে আৰু বিশ্বায়ন-চালিত সামাজিক প্ৰক্ৰিয়াবোৰে সমাজৰ বিভিন্ন স্তৰত সহজ গতিশীলতাৰ যি স্বপ্ন জগাই তুলিছে তাৰ প্ৰকাশ বিভিন্ন ৰূপত দেখিবলৈ পোৱা গৈছে৷ মেৰিট বস্তুটোৰ ক্ৰমবৰ্ধমান প্ৰকাশো তাৰে অংশ৷ এটা কথা ঠিক যে গতিশীলতাৰ সেই স্বপ্ন এক স্বপ্নহে, সামাজিক বৈষম্য আৰু শোষণৰ বিশাল অৰণ্যত সেই স্বপ্নই বাট বিচাৰি নোপোৱাই স্বাভাৱিক৷ কিন্তু নতুন ল’ৰা-ছোৱালীবোৰে সেই লৈ মূৰ ঘমোৱা নাই, তেওঁলোকে অশেষ সাধনা কৰি নিজৰ ঊৰ্ধ্বমুখী গতিশীলতা নিশ্চিত কৰিছে৷ ছোৱালীৰ ক্ষেত্ৰত আৰু দুই-এটা কথা যোগ হয়৷ এইটো সামাজিক স্তৰত ছোৱালীৰ ঊৰ্ধ্বমুখী গতিশীলতাৰ দুটাই উপায় থাকে : সৌন্দৰ্য আৰু মেৰিট৷ মেৰিট নথকা অৱস্থাত একমাত্ৰ সৌন্দৰ্যৰ জৰিয়তেহে ছোৱালীয়ে এনে গতিশীলতা লাভ কৰিব পাৰে – ধনী ল’ৰালৈ বিয়া সোমাই৷ মেৰিট প্ৰদৰ্শন কৰিব পাৰিলে ছোৱালীয়ে (সৌন্দৰ্য থাককেই বা নাথাককেই) নাৰী-জীৱনৰ অৱশ্যম্ভাৱী চুটি পথটো বাদ দি কিছু পৰিমাণে স্বাধীন ইচ্ছাৰ পথ এটা বাছি ল’ব পাৰে৷ তেওঁলোক সকলোৰে বাবে মেৰিট হ’ল জীৱনৰ সৰ্বোত্তম উপহাৰ৷ আনহাতে, মধ্যবিত্ত পৰিয়ালৰ বাবে মেৰিট হ’ল অপৰিহাৰ্য বস্তু, একপ্ৰকাৰে চাউল-দাইলৰ সমানেই অপৰিহাৰ্য৷ কাৰণ মধ্যবিত্ত ল’ৰা-ছোৱালীয়ে মেৰিটৰ পৰিচয় দি ঊৰ্ধ্বমুখী গতিশীলতা অৰ্জন কৰিবই লাগিব, সেইটো বাধ্যতামূলক৷ নহ’লেও অন্ততঃ ইতিমধ্যে থকা সামাজিক অৱস্থানটো ধৰি ৰাখিব লাগিব৷ পৈতৃক সামাজিক মৰ্যাদাৰপৰা তললৈ খহি যোৱাৰ সমান দুৰ্ভাগ্য আৰু অপমান সন্তানৰ বাবে আন একো নাই৷ গতিকে মধ্যবিত্ত সন্তানৰ বাবে মেৰিটৰ বিকল্প নাই৷

দেখা গ’ল যে মেৰিট এটা সামাজিক বস্তু, আৰু সামাজিক স্তৰ অনুসৰি তাৰ কাম আৰু চৰিত্ৰ বেলেগ বেলেগ৷ যি কি নহওক, মেৰিট সম্পৰ্কীয় ধামখুমীয়াৰ মাজত আমি তাৰ সমাজতাত্ত্বিক চৰিত্ৰ সম্পৰ্কেও কিছু কথা ভবা ভাল৷ নহ’লে তাক কেন্দ্ৰ কৰি থকা মিথবিলাকে আমাক সামাজিকভাৱে ক্ষতিগ্ৰস্তহে কৰিব৷

(৩০-০৫-২০১৭)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: