লিখাৰ ঠাই আৰু সেই ঠাইৰ উষ্ণতাৰ ভিত্তিত বুদ্ধিজীৱীসকলক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি।
যিসকল বুদ্ধিজীৱীয়ে ড্ৰয়িং ৰুমত লিখে, তেওঁলোকক ড্ৰয়িং ৰুমৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে শোৱা ৰুমত লিখে, তেওঁলোকক শোৱা ৰুমৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে পাকঘৰত লিখে, তেওঁলোকক পাকঘৰৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে বাৰাণ্ডাত লিখে, তেওঁলোকক বাৰাণ্ডাৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে চোতালত লিখে, তেওঁলোকক চোতালৰ বুদ্ধিজীৱী বোলা হয়। আজিকালি কিছুমান বুদ্ধিজীৱীয়ে হাগি থাকোতেও ম’বাইলত লিখি থাকে বুলি জনা যায়, তেওঁলোকক লেট্ৰিনৰ বুদ্ধিজীৱী বুলি অভিহিত কৰিব পাৰি।
আনহাতে, এ চি ৰুমৰ ভিতৰত লিখা বুদ্ধিজীৱীক শীতল বুদ্ধিজীৱী আৰু হিটাৰ থকা ৰুমত লিখা বুদ্ধিজীৱীক উত্তপ্ত বুদ্ধিজীৱী বোলা হয়। এ চি বা হিটাৰ একো নথকা ৰুমত লিখা বুদ্ধিজীৱীক নাতিশীতোষ্ণ বুদ্ধিজীৱী বোলা হয়।
তদুপৰি ঘামচি নামৰ ইটালিয়ান চিন্তাবিদ এজনে বুদ্ধিজীৱীৰ আন এটা বিভাজনো কৰিছে। যিসকল বুদ্ধিজীৱী সাৰ, কীটনাশক একো নিদিয়াকৈ নিজে নিজে ডাঙৰ হয়, তেওঁলোকক জৈৱিক বুদ্ধিজীৱী বা সাৰ নিদিয়া বুদ্ধিজীৱী বোলা হয়। আনহাতে, যিসকল বুদ্ধিজীৱী সাৰ-কীটনাশকৰ জোৰত ডাঙৰ হয়, তেওঁলোকক অজৈৱিক বুদ্ধিজীৱী বা সাৰ দিয়া বুদ্ধিজীৱী বোলা হয়।
(২৯-০৫-২১)
Leave a Reply