খিলঞ্জীয়া বাগধাৰাটোৱে অসমৰ সমাজ-ৰাজনীতিত বৰ গণ্ডগোল লগাই আহিছে। সেইটো ভাঙি পেলাব লাগে।
বৰ্তমান অসমত বাস কৰা সকলো জাতি-জনগোষ্ঠীক সামৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ গ’লে সেইটোৰ কোনো অৰ্থ নাথাকে বা সেইটো কোনো কামত নাহে। কিন্তু নিৰ্ণয়ৰ সময় যিমানেই অতীতলৈ টানি নিয়া যায় সিমানেই বিবাদ-বিৰোধ আৰম্ভ হয়। ক’বলৈ গ’লে, খিলঞ্জীয়াৰ সংজ্ঞাটো এখন কাবাডী খেলৰ দৰে হৈছে – এখিনিয়ে টানে যিমান পাৰে অতীতলৈ, আনখিনিয়ে টানে যিমান পাৰে বৰ্তমানলৈ। ইয়াৰ ফলত কাৰো উপকাৰতো হোৱা নায়েই, বৰং নতুন সমস্যাৰহে সৃষ্টি হৈছে। খিলঞ্জীয়াৰ সংজ্ঞাত নপৰিব পাৰে বুলি নিজে ভবা বা আনে সেইবুলি অভিহিত কৰা জনগোষ্ঠীবিলাকেও নিজকে খিলঞ্জীয়া হয় বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিছে। ইয়াৰ কাৰণ হ’ল খিলঞ্জীয়া সংজ্ঞাৰ সৈতে ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন জড়িত হৈ আছে। যদি খিলঞ্জীয়া হয় তেন্তে ৰাজনৈতিক অধিকাৰ পাব, যদি নহয় নাপাব। গতিকে এনে পৰিস্থিতিত সকলোৱে নিজকে খিলঞ্জীয়া বুলি সাব্যস্ত কৰাটো জৰুৰী হৈ পৰিছে। আমি সেই অৰ্থতেই কৈছো যে খিলঞ্জীয়া বাগধাৰাটো ভাঙি পেলাব লাগে।
এটা ঐতিহাসিক কেটেগৰি হিচাপে খিলঞ্জীয়া ধাৰণাটো থাকক। তাত কাৰো আপত্তি কৰিবলগীয়া থাকিব নালাগে। ঐতিহাসিক পৰ্যালোচনাত এনে ধাৰণা থাকিবই – অমুক তমুক খিলঞ্জীয়া গোষ্ঠী আছিল, পাছত ভচুক তচুক গোষ্ঠী এনেকৈ তেনেকৈ প্ৰব্ৰজন কৰি বা আনধৰণে আহিল। এনে পৰ্যালোচনাত খিলঞ্জীয়াৰ সংজ্ঞা কেনেদৰে বা কোন সময়ৰ ভিত্তিত ধৰা যাব তাক লৈ বিতৰ্ক থাকিব পাৰে। কিন্তু সংজ্ঞা যিয়েই নহওক, তাৰপৰা বৰ্তমান অসমত বাস কৰা কিছুমান গোষ্ঠী বাদ পৰিবই। উদাহৰণস্বৰূপে, খিলঞ্জীয়াৰ বেলেগ বেলেগ সংজ্ঞা অনুসৰি আদিবাসী চাহ জনগোষ্ঠী, মিঞা মুছলমান জনগোষ্ঠী আদি বাদ পৰিব পাৰে। কিন্তু তাক লৈ তেওঁলোকৰ আপত্তি কৰিবলগীয়া একো নাথাকিব, যদিহে তাৰ সৈতে ৰাজনৈতিক অধিকাৰৰ কথা জড়িত হৈ নাথাকে। গতিকে আমি কওঁ যে খিলঞ্জীয়া ধাৰণাটোক কেৱল এটা ঐতিহাসিক কেটেগৰি হিচাপে গ্ৰহণ কৰিব লাগে, আৰু তাৰপৰা ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নটো পূৰাপূৰি আঁতৰাই ৰাখিব লাগে। অৰ্থাৎ, ঐতিহাসিকভাৱে কোনো গোষ্ঠী খিলঞ্জীয়া হ’ব পাৰে, কোনো গোষ্ঠী নহ’ব পাৰে, কিন্তু কেৱল তাৰ ওপৰতে সেই সেই গোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ থকা-নথকাটো নিৰ্ভৰ কৰিব নালাগে। তেতিয়া কোনো গোষ্ঠীয়েই নিজকে খিলঞ্জীয়া বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকিব নালাগে। কোনোবাই যদি কয়, “আমি খিলঞ্জীয়া, তোমালোক খিলঞ্জীয়া নহয়”, তাৰ উত্তৰ হ’ব লাগে, “তাতে কি হ’ল? কিবা প্ৰব্লেম?”
খিলঞ্জীয়া বাগধাৰাটোৱে অসমৰ সমাজ-ৰাজনীতিক নৃগোষ্ঠীয় প্ৰতিযোগিতা আৰু অন্তহীন সংঘাত-সংঘৰ্ষৰে ভাৰাক্ৰান্ত কৰি পেলাইছে। সি এটা অনাহক অশান্তিৰ বাহ। গতিকে সেইটো ভাঙি পেলোৱাই উত্তম। কিন্তু বাগধাৰাটো নাইকিয়া হৈ গ’লেইতো জনগোষ্ঠীসমূহৰ সমস্যা আৰু সংশয়সমূহ নাইকিয়া হৈ নাযায়। গতিকে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থ আৰু নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ কিছু ৰাজনৈতিক আৰু সাংবিধানিক আয়োজন কৰা দৰকাৰ। এই লৈ কোনো দ্বিমত থাকিব নালাগে। কিন্তু একে সময়তে অখিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাৰ্থ আৰু নিৰাপত্তাৰ বাবেও ব্যৱস্থা কৰা দৰকাৰ। তেওঁলোক যাতে সংখ্যাগুৰু বা খিলঞ্জীয়া গোষ্ঠীৰপৰা হেঁচা বা নিপীড়নৰ বলি নহয় তাৰ ৰাজনৈতিক-সাংবিধানিক গেৰাণ্টি থাকিব লাগে। এইবোৰ কেনেকৈ কৰা হ’ব তাক লৈ আলোচনা-বিতৰ্ক হ’ব লাগে। কিন্তু প্ৰথমেই খিলঞ্জীয়া বাগধাৰাটো পৰিত্যাগ কৰাটো সকলোৰে বাবেই মংগলজনক।
অসমীয়া ধাৰণাটো এটা সাৰ্বজনীন আৰু বহল সাংস্কৃতিক পৰিচয় হিচাপে গ্ৰহণ কৰিব লাগে। নিজকে অসমীয়া নহয় বুলি ঘোষণা কৰাসকলক বাদ দি আন সকলোকে অসমীয়া বুলি গ্ৰহণ কৰিব লাগে – ইয়াত খিলঞ্জীয়া, অখিলঞ্জীয়া বুলি কোনো কথা নাই। সকলো জাতি-জনগোষ্ঠীৰ স্বাৰ্থ আৰু নিৰাপত্তা নিশ্চিত হোৱাকৈ এটা কাৰ্যকৰী ৰাজনৈতিক-সাংবিধানিক ফৰ্মুলা প্ৰস্তুত কৰি উলিয়াব পাৰিলে অসমীয়া পৰিচয়ৰ লগত জড়িত হৈ থকা সমস্যা-সংশয়বিলাকো, যেনে ধৰক অসমীয়া আধিপত্যবাদৰ ভয়, হ্ৰাস পাব।
আমি যি কৈছো সেয়া হ’ল এক বিমূৰ্ত তাত্ত্বিক প্ৰস্তাৱনা মাত্ৰ। প্ৰসংগটো কংক্ৰিট ৰূপত আগ বঢ়াই নিয়াটো ইমান সহজ নহয়। কিন্তু ক’ৰবাত আৰম্ভণিতো কৰিব লাগিব। অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰি, খিলঞ্জীয়া নিৰ্ণয়ৰ তাৰিখ ঘুঁকটি থাকি আমি বহুত সময় বৰবাদ কৰিছো। এতিয়া এটা বিকল্পৰ প্ৰয়োজন আহি পৰিছে। খিলঞ্জীয়া বাগধাৰাটোক সমালোচনা কৰাৰ মাধ্যমেৰেই সেইটো আৰম্ভ কৰা যাওক।
পৰিশিষ্ট : কোনোবাই বোলে আদিবাসী চাহ জনগোষ্ঠীক অসমীয়া নহয় বুলি কৈছে। আমি ভাবো যে তেওঁলোকে নিজেই অসমীয়া বুলি চিনাকি দিয়াৰ পাছত আন কাৰো অধিকাৰ নাই তাক প্ৰশ্ন কৰিবলৈ। কিন্তু তেওঁলোকক অসমীয়া বুলি অভিহিত কৰা অসমীয়া জাতিৰ নেতৃবৰ্গও দোষমুক্ত নহয়, বৰং বেছিহে দোষী। আচলতে, চাহ শ্ৰমিকসকলে যেনেকুৱা দুৰ্দশা আৰু যন্ত্ৰণাৰ মাজত জীৱন নিৰ্বাহ কৰি আছে তাকে চাই অসমীয়া জাতিয়ে কাহানিবাই ছুইচাইড কৰিব লাগিছিল। মূলসুঁতিৰ অসমীয়া সমাজখনে জনগোষ্ঠীটোক বৰ্ণবাদী অৱজ্ঞাৰে সদায়েই নিজৰপৰা আঁতৰাই ৰাখি আহিছে, ৰাজনৈতিক নেতৃত্বই সদায়েই তেওঁলোকক ঠগি আহিছে। তৎসত্ত্বেও যে তেওঁলোকে নিজকে অসমীয়া বুলি চিনাকি দিছে, তাৰ বাবে অসমীয়া জাতিয়ে কৃতজ্ঞতাহে প্ৰকাশ কৰিব লাগে।
(ৰচনাকাল : ২৩-০৫-২১)
খিলঞ্জীয়া কোন বে?
Posted in সানমিহলি
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2021/05/23/khilonjiya-kun-bey/ […]
LikeLike