বহুতো বিহু মঞ্চ ঘূৰিলো, বহুতো ষ্টুডিঅ’ চলাথ কৰিলো বিহু চাই চাই। কিন্তু আচল বিহু ক’তো নাপালো। নাই ক’তো বিহুৰ মুক্ত উন্মাদনা, বিহুৰ কেঁচা ৰাগি।
বহু মঞ্চত দেখিলো কেৱল কঠোৰ সামৰিক শৃংখলাৰ কুচকাৱাজ। হুঁচৰি নহয় যেন সেয়া সেনাৰ মাৰ্চ পাষ্টহে। বিহুটোলৈ ইমান শৃংখলাবদ্ধতা আহিল ক’ৰপৰা? অতি পৰিকল্পিত, অতি নিয়ন্ত্ৰিত আৰু যন্ত্ৰৱৎ শাৰীৰিক অনুশীলনেই জানো বিহু হ’ব পাৰে? চাহ বাগানৰ কঠোৰ শৃংখলাৰ মাজতো সৌন্দৰ্য থাকিব পাৰে, কিন্তু সেয়া বিহুৰ সৌন্দৰ্য হ’ব নোৱাৰে। বিহুৰ সৌন্দৰ্য হ’ল নৈপৰীয়া এডোখৰ হাবিৰ নিচিনা – যি সৃষ্টিশীলভাৱে বিশৃংখল, যি বন্য, যি অপৰিকল্পিত। বিহুৰ এই বন্য স্বতঃস্ফূৰ্ততাক বাৰু বন্দী কৰিব পাৰিনে কিছুমান নিৰ্দিষ্ট জ্যামিতিক পেটাৰ্নৰ মাজত? বিহুৰ গোনা ম’হটোক বাৰু বান্ধি ৰাখিব পাৰিনে বাধ্যবাধকতাৰ শিকলিৰে?
ঠায়ে ঠায়ে দেখিলো যেন হুঁচৰিযোৰা ক্ৰমাৎ কোনোবা হিন্দী চিনেমাৰ গানৰ নিচিনা হৈ গৈ আছে। দুটা বা এটা প্ৰধান চৰিত্ৰই সোঁমাজত বা সন্মুখভাগত নাচি-গাই আছে আৰু বাকীসকলে এটা নিৰ্দিষ্ট দূৰত্বত নিৰ্দিষ্ট ভংগিমাৰে তাক নিষ্ক্ৰিয়ভাৱে অনুকৰণ-সহযোগ কৰিছে। ঠিক যেনেকৈ চিনেমাত নায়ক-নায়িকাৰপৰা দূৰত্ব আৰু পাৰ্থক্য বজাই ৰাখি গানৰ সহযোগী নৃত্যশিল্পীসকলে নৃত্য কৰি থাকে। কিন্তু আমাৰ বিহুত নায়ক-নায়িকা থাকিব পাৰেনে? বিহুৱাসকল হ’ব পাৰেনে নিষ্ক্ৰিয় অনুকৰণকাৰী? বিহুত নেতৃত্বও থাকে আৰু কৰ্মবিভাজনো থাকে। কিন্তু বিহুৰ যি সামূহিকতা সি হ’ল অবিভাজ্য আৰু অপৰিহাৰ্য – আৰু সিয়েই হ’ল বিহুৰ প্ৰাণ। সকলো বিহুৱাৰ সক্ৰিয় সহযোগেই হ’ল বিহুৰ চালিকাশক্তি। তেন্তে বিহুৰ এই সামূহিকতাক বিসৰ্জন দিব পাৰিনে?
বহু ঠাইত শুনিলো বিহুনামবোৰ টানি টানি মেলডি ঢালি ঢালি গাই আছে। নহ’লে যেন সেইবোৰ সুললিত হৈয়ে নুঠিব। কিন্তু বিহুনামক ইমানকৈ ঘঁহিব-মাজিব লগা থাকেনে? বিহুনাম হ’ল চকুপানীটোপাৰ দৰেই সহজ আৰু স্বতঃস্ফূৰ্ত বস্তু – কিন্তু হৃদয় মথি ওলাই অহা। তাত নতুনকৈ মেলডি ঢলাৰ কি প্ৰয়োজন?
বহু শিল্পীৰ সাংস্কৃতিক পিছনিশাও উপভোগ কৰিলো। কিন্তু ইয়াত দেখোন বিহু পাবলৈকে নাই। এটাই গান, এটাই সুৰ, এটাই নৃত্য, এটাই কথা, এটাই সম্বোধন – সকলো আচলতে এটাই। মাত্ৰ মানুহবোৰ আৰু ঠাইবোৰ বেলেগ। এটা অক্ষম পুনৰাবৃত্তিৰ যান্ত্ৰিক পুনৰাবৃত্তি সকলোতে।
অৱশেষত উপায় নাপাই বিহু বিশেষজ্ঞৰ ওচৰ চাপিলো। কিন্তু এয়া কি? বিশেষজ্ঞৰ ভয়ত বিহু দেখোন ত্ৰস্তমান। ঢোলৰ বৰতিয়ে পতি নিয়ম, নাচনীৰ নাচোনৰ ছেৱে পতি নিয়ম। সোঁফালে চাবলৈ সাতটা নিয়ম, বাঁওফালে চাবলৈ এঘাৰটা নিয়ম। মুঠতে সন্ধি, সমাস, ণত্ববিধি-ষত্ববিধিৰে মূৰ দাঙিব নোৱৰা হৈ বিহুৰ অৱস্থা অসমীয়া ব্যাকৰণতকৈ কাহিল হৈ পৰিছে।
তেনেহ’লে আচল বিহু ক’ত? ক’ত পোৱা যাব বিহুৰ আচল মজা?
তেনেতে এদিন গাঁৱৰ বিহুমেলাত এজন মানুহ দেখা পালো। এফালে সাংস্কৃতিক পিছনিশা চলি আছে আৰু মানুহজনে মণ্ডপৰ বাহিৰত অকলে অকলে নাচি আছে। ভৰিৰ পানীগাঁঠিলৈকে বোকা, বৰষুণ দি আছে – তাৰ মাজতে মানুহজনে আপোনপাহৰা হৈ নাচি আছে। থিয়ৈ থিয়ৈ নাচিছে, বহি নাচিছে, কেতিয়াবা বাগৰি পৰিও নাচিছে। গাৰ চোলা, গেঞ্জি এটা এটাকৈ খুলি দলিয়াই দিছে নাচৰ কোবত। হয়তো তেওঁ টেঁটুৰ গুৰিলৈকে চুলাই খাই আছে। মঞ্চত কি গান গাই আছে, তেওঁৰ নাচটো কেনেকুৱা হৈছে – সেইবোৰৰ কোনো মতলব তেওঁৰ নাই। মুঠতে নাচিব লাগে। নাচি নাচি চব পাহৰি যাব লাগে। গাত বিহু লগা মানুহজনলৈ ৰ লাগি বহু পৰ চাই থাকিলো। আৰু ভাবিলো – আচল বিহু যদি ক’ৰবাত আছে তেন্তে এই মানুহজনৰ মাজতেই আছে।
(ৰচনাকাল : ১৩-০৪-২১)
Leave a Reply