আজমল‌ বন্দনা

আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিব‌ই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব‌ও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা আন কোনো নাই – যি নিজে নজনাকৈয়ে-নভবাকৈয়ে অতিসাম্প্ৰতিক অসমৰ সমাজ-ৰাজনীতিত অবিশ্বাস্য প্ৰভাৱ পেলাই আহিছে। যোৱাবাৰৰ বিধানসভা নিৰ্বাচনত আজমলৰ এক কেন্দ্ৰীয় ভূমিকা আছিল। এইবাৰ যি দেখিছো, একপ্ৰকাৰ আজমলক কেন্দ্ৰ কৰিয়েই নিৰ্বাচনটো হ’ব। আনকি প্ৰগতিশীল শিবিৰটোকো আজমলে ফালি ছিৰাছিৰ কৰি পেলাইছে। গতিকে আমি আজমল কি বস্তু বুজি পোৱাটো বৰ দৰকাৰী।

চমুকৈ ক’ব খুজিলে, আজমল হ’ল হিন্দু জাতীয়তাবাদৰ সাংস্কৃতিক ৰাজনীতিৰ এটা প্ৰতীক। বিজেপি শাসনলৈ অহাৰ পূৰ্বেও আজমল নামটো বিৰাগ আৰু সন্দেহেৰে ব্যৱহাৰ কৰা হৈছিল। কিন্তু বিজেপিয়েহে তাক এক ৰাজনৈতিক প্ৰতীকত পৰিণত কৰিলে। হিন্দুত্বৰ অভিধান অনুসৰি, আজমল হ’ল এক ডিষ্টোপিয়ান আতংকৰ অন্য নাম। অসমত নিৰ্মীয়মান হিন্দু জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল আজমল। আজমলে একো কৰাৰ দৰকাৰ নাই, আজমলৰ অস্তিত্বয়েই অসমৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। গতিকে, বিজেপিক ভোট দিয়ক – নহ’লে আজমল আহিব।

গতিকে এটা কথা ক’ব পাৰি যে হিন্দুত্বৰ প্ৰতীকীবাদৰ মাজেৰে আজমলৰ চৰিত্ৰ নিৰ্ণয় কৰা টান। সেইখন হ’ল বিজেপিৰ ধাৰণাজগৎ। প্ৰগতিশীল-গণতান্ত্ৰিক লোকে তাত প্ৰবেশ নকৰাটোৱেই যুগুত – যাকেই বিচাৰি নহ‌ওক লাগিলে। তেনেহ’লে আজমল তথা এ আই ইউ ডি এফ কিধৰণৰ শক্তি বা সিবিলাকৰ ৰাজনৈতিক চৰিত্ৰ কেনেকুৱা? এটা কথা ঠিক যে এ আই ইউ ডি এফ এটা ৰক্ষণশীল আৰু প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক শক্তি। আজমল কেৱল অৰ্থনৈতিক অৰ্থতেই বেপাৰী নহয়, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ ধৰ্মান্ধতাৰ বেপাৰী। তেওঁ তথা এ আই ইউ ডি এফে ঘাইকৈ অভিবাসী মুছলমান সমাজৰ দুৰৱস্থা আৰু নিৰাপত্তাহীনতাৰ সুযোগ গ্ৰহণ কৰি ৰাজনৈতিক ক্ষমতা আহৰণ কৰিছে, ধৰ্মান্ধতাক উৎসাহিত কৰি দৰিদ্ৰ জনসাধাৰণক শোষণ কৰিছে। গতিকে প্ৰগতিশীল-গণতান্ত্ৰিক ৰাজনীতিত আজমল তথা এ আই ইউ ডি এফ কোনো কাৰণতেই সহযোদ্ধা হ’ব নোৱাৰে। এ আই ইউ ডি এফৰ ৰাজনীতিয়ে মুছলমান জনসাধাৰণক ধৰ্মীয় আত্মনিমগ্নতাৰ অন্ধকূপৰ ভিতৰলৈহে ক্ৰমাৎ ঠেলি নি আছে। গতিকে এই ৰাজনীতিক একপ্ৰকাৰ কুহুমীয়া সাম্প্ৰদায়িকতা বুলি ক’ব পাৰি। সময়ত কুহুমীয়া সাম্প্ৰদায়িকতাই উদাসীনতা তথা মৌন সমৰ্থনৰ পৰিবেশ সৃষ্টি কৰি কট্টৰ সাম্প্ৰদায়িকতাকো সাৰ-পানী যোগাব পাৰে। কিন্তু এ আই ইউ ডি এফক সেই অৰ্থত সাম্প্ৰদায়িক বুলি ক’ব নোৱাৰি যিটো অৰ্থত আমি বিজেপিক ক‌ওঁ। সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটোৱাৰ কোনো এজেণ্ডা এ আই ইউ ডি এফৰ কাম-কাজ বা কথা-বাৰ্তাৰ মাজত পৰিলক্ষিত নহয়। শত্ৰু চিনাক্তকৰণ তথা তাৰ বিৰুদ্ধে সংগঠিত আক্ৰমণৰ ধাৰণাও পাবলৈ নাই। সংসদীয় ৰাজনীতিৰ যিটো জনপ্ৰিয় ভাষাত এ আই ইউ ডি এফে কথা কৈ আহিছে, তাক ভুৱা বা ছদ্মবেশী বুলি প্ৰমাণ কৰিব পৰাকৈ তাৰ কোনো গোপন কাৰ্যকলাপ বা পৰিকল্পনা এতিয়ালৈকে কোনোবাই উন্মোচন কৰিব পাৰিছে যেন‌ নালাগে। আনহাতে, এ আই ইউ ডি এফৰ ৰাজনীতি অন্তৰ্নিহিতভাৱে সীমাবদ্ধ ৰাজনীতি – সংখ্যালঘু মুছলমান সমাজেই তাৰ পৰিসীমা, তাক অতিক্ৰম কৰি সি বহল সমাজত সাৰ্বজনীন গ্ৰহণযোগ্যতা আহৰণ কৰাৰ কোনো সম্ভাৱনা নাই। গতিকে সংঘ পৰিয়ালৰ সৈতে এ আই ইউ ডি এফক একে শাৰীতে ৰখাটো সাম্প্ৰদায়িকতাৰ ধাৰণাগত বিচাৰত ভুল। কিন্তু এই কথাই এ আই ইউ ডি এফক নিমাখিত বুলি বা সমাজৰ বাবে ক্ষতিকাৰক নহয় বুলি প্ৰমাণ নকৰে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে, মুছলমান জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰগতিশীল ৰাজনৈতিক শক্তিৰ অভাৱ, যাৰ বাবে ৰক্ষণশীল-ধৰ্মীয় শক্তিসমূহেই সেই শূন্য স্থান পূৰণ কৰিবলৈ সুযোগ পাইছে। এই নেতৃত্ব আৰু এই শক্তিসমূহৰ সামাজিক আধিপত্যক মুছলমান জনসাধাৰণৰ স্বাৰ্থতে উৎখাত কৰাটো খুবেই জৰুৰী। সেইটো সম্ভৱপৰ হৈ উঠিব যদিহে মুছলমান সমাজৰ মাজৰপৰা এক নতুন প্ৰগতিশীল-গণতান্ত্ৰিক নেতৃত্ব ওলাই আহে যি এই প্ৰতিনিধিত্বৰ চৰিত্ৰ সলাই দিব পাৰিব। এনে ঘটিলে এ আই ইউ ডি এফৰ দৰে দল বা আজমলৰ দৰে নেতাৰ গ্ৰহণযোগ্যতা স্বয়ংক্ৰিয়ভাৱেই কমি যাব। কিন্তু অদূৰ ভৱিষ্যতে তেনে‌ পৰিবৰ্তনৰ আশা ক্ষীণ। মুছলমান সমাজৰ এইসমূহ ৰাজনৈতিক প্ৰশ্ন সম্পৰ্কে আমি ভালেমান লেখাত ইতিপূৰ্বে বহলাই আলোচনা কৰিছো। গতিকে ইয়াত খুব সংক্ষেপেহে কথাকেইটা উল্লেখ কৰিলো।

আমি এই আলোচনা কৰি আছো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত। কংগ্ৰেছ, এ আই ইউ ডি এফ, বাঁও দলসমূহ আৰু নৱগঠিত আঞ্চলিক গণমৰ্চাই মিলি এফালে এক ‘মহাজোঁট’ গঠন কৰিছে, আনফালে নৱগঠিত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে হাত মিলাইছে। অলপতে অখিল গগৈয়ে কাৰাগাৰৰপৰা চিঠি লিখি সকলো বিৰোধী দলকে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিবলৈ আহ্বান জনাইছে – এ আই ইউ ডি এফক বাদ দি। এ আই ইউ ডি এফক গগৈয়ে বাদ দিব খুজিছে সাম্প্ৰদায়িকতাৰ বাবে। গগৈয়ে চিঠিখনত ভালেমান বিষয়ৰ অৱতাৰণা কৰিছে, আৰু নিৰ্বাচনটোক লৈও সহস্ৰ প্ৰশ্ন আছে – আমি মাত্ৰ এটা প্ৰশ্নহে ইয়াত উল্লেখ কৰিব খুজিছো। কথা হ’ল, এ আই ইউ ডি এফক এনেদৰে বাদ দিয়াটো সঠিক হৈছেনে? এনেবিলাক প্ৰশ্নৰ শেষ উত্তৰ দিয়াটো অলপ কঠিন। কিয়নো এইবোৰ মূলতঃ নিৰ্বাচনী ৰাজনীতিৰ হিচাপ-নিকাচ – এই মুহূৰ্তত সঠিক বুলি ভবা সিদ্ধান্ত এটা পাছত পৰিবৰ্তিত সমীকৰণে ভুল বুলি প্ৰতিপন্ন কৰিব পাৰে। তথাপি ন্যূনতম উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত আন সকলো দলৰ নিচিনাকৈ এ আই ইউ ডি এফৰ সৈতেও মিত্ৰতা কৰাত আপত্তি থাকিব নালাগে – যিহেতু বিজেপিক পৰাভূত কৰাটোৱেই এই মুহূৰ্তত প্ৰধান উদ্দেশ্য। বিশেষকৈ নামনি অসমত এ আই ইউ ডি এফৰ সামাজিক প্ৰভাৱ আছে, বিধানসভাত ইয়াৰ শক্তি আছে। বিজেপি-বিৰোধী যুঁজত সেই প্ৰভাৱক কামত লগাব পাৰি, মাত্ৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগে। অখিল গগৈৰ নিজৰ ৰণনীতিগত ইতিহাসেই কথাটো শুদ্ধ প্ৰমাণ কৰে – যিটো ৰণকৌশলগত যুক্তিৰে যোৱা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিক ভোট দিয়াৰ আহ্বান জনাইছিল, আজি সেই বিজেপিৰ বিৰুদ্ধে আকৌ কংগ্ৰেছৰ সৈতে হাত মিলোৱাৰ কথা কৈছে, সেই একে যুক্তিৰে এ আই ইউ ডি এফৰ লগতো হাত মিলাব পাৰি। কিন্তু যোৱাবাৰৰ ৰণকৌশলগত যুক্তিৰ বিপৰীতে এইবাৰ এ আই ইউ ডি এফক বাদ দিয়াৰ ক্ষেত্ৰত নীতিগত প্ৰশ্নৰ কথাহে কৈছে। এক আদৰ্শনীয় অৱস্থাত নীতিগত দিশৰপৰা নিশ্চয়কৈ এ আই ইউ ডি এফক লগত লোৱাটোত আপত্তি থাকিব। কিন্তু নিৰ্বাচনী ধুমুহাৰ মাজত হঠাতে এনে মতাদৰ্শগত বিশুদ্ধতা আহিল ক’ৰপৰা? হিন্দু জাতীয়তাবাদৰ কিছুমান সুচিহ্নিত শত্ৰু আছে (মুছলমান, কমিউনিষ্ট আদি), আৰু সি তাৰ যিকোনো সমালোচক-বিৰোধীক এই শত্ৰুসমূহৰ সৈতে যিকোনো প্ৰকাৰে সাঙুৰিবলৈ চেষ্টা কৰে যাতে আক্ৰমণ কৰিবলৈ সহজ হয়। এইটোৱে ছেকুলাৰ শক্তিসমূহৰ মাজত প্ৰায়েই এক ধৰ্মসংকটৰ সৃষ্টি কৰে – সিবিলাকে এই শত্ৰুচিহ্নিত সত্তাবিলাকৰপৰা নিজক আঁতৰাই ৰাখি ছে’ফ হৈ খেলখন খেলিব নে যি হয় হ’ব বুলি ভয়টো আওকাণ কৰিব। গগৈ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইতিহাসত আমি মাজে মাজে এনে ছে’ফ খেল দেখিছো। কিন্তু বৰ্তমানৰ আহ্বানটো তাৰ ধাৰাবাহিকতা হয় নে নহয় কোৱা টান। এটা কথা ঠিক যে হিন্দু জাতীয়তাবাদৰ আধিপত্যৰ সাম্প্ৰতিক সময়ত একোধৰণে খেলিয়েই জিকিব পৰা নাযায় – কাৰণ খেলৰ সমস্ত ধ্যান-ধাৰণা তথা কলা-কৌশল সংঘ পৰিয়ালৰ ফেক্টৰিত নিৰ্মিত। গগৈ তথা কৃষক মুক্তি নিজেই ইয়াৰ সাক্ষী – গগৈক সদায়েই মিঞাৰ দালাল, মাওবাদী বুলি অভিহিত কৰা হৈ আহিছে। হয়তো গগৈয়ে আন চিন্তা কৰিও এনে আহ্বান জনাব পাৰে। হয়তো তেওঁ সততাৰে এক ৰাজনৈতিক ৰিস্ক ল’ব খুজিছে – হাৰক বা জিকক নীতিগত অৱস্থান বজাই ৰাখি এঘড়ী যুঁজি চাব বিচাৰিছে। আনহাতে, ৰণকৌশলগত দিশৰপৰাও এ আই ইউ ডি এফক আঁতৰাই ৰখাটোৱে উজনি অসমত ভাল ফলাফলৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। কিন্তু কেৱল সিয়েই যথেষ্ট নে? গতিকে অখিল গগৈয়ে যি কাৰণতেই এ আই ইউ ডি এফক বাদ দিয়াৰ কথা নক‌ওক লাগিলে, নিৰ্বাচনী সমীকৰণ নিজৰ ব্যাকৰণ মতেই আগ বাঢ়িব। হয় বিজেপি জিকিব নহয় হাৰিব। হয়তো এ আই ইউ ডি এফক বাদ নিদিয়াকৈ সকলো একেলগ হ’লেও বিজেপিয়েই চৰকাৰ কৰিলেহেঁতেন, কিন্তু বাদ দিয়া-নিদিয়াক লৈ বিৰোধী দলসমূহ বিভক্ত হৈ থাকিলে বিজেপিৰ চৰকাৰ গঠন আগতীয়াকৈ নিশ্চিত হৈ থাকিব। বিজেপিৰ প্ৰভাৱ আৰু সংগঠনলৈ চায়ো সেই কথাই ক’ব পাৰি। অৰ্থাৎ বিজেপিক পৰাভূত কৰাৰ মূল এজেণ্ডা এনেদৰে বিফল হোৱাৰ সম্ভাৱনাই বেছি।

বিফলতাৰ এই সম্ভাৱনাই বিৰোধী দলসমূহক ভীতিগ্ৰস্ত কৰা দৰকাৰ যাতে তেওঁলোকে যুদ্ধকালীনভাৱে তাৰ নিবাৰণৰ বাবে সমূহীয়াকৈ চিন্তা কৰিব পাৰে। তেতিয়াহে কিবা প্ৰকাৰে বিজেপিক পৰাভূত কৰিব পৰা যাব। নহ’লে আজমলৰ ভূতে আকৌ প্ৰতিশোধ ল’বলৈ আহিব। পাঁচ বছৰৰ পাছত বিজেপিয়ে আকৌ আহি ক’ব – আমাক ভোট দিয়ক, নহ’লে আজমল আহিব।

(ৰচনাকাল: ০৩-০২-২১)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: