আলফা সম্পৰ্কে এটা চমু আলোচনা

একবিংশ শতিকাৰ তৃতীয় দশকত থিয় হৈ আজি আলফাক সমালোচনা কৰিবলগীয়া একো নাই। কিয়নো ইতিহাসৰ সেই অধ্যায়টো আমি ইতিমধ্যেই পাৰ কৰি আহিছো – আলফাৰ তেজেধোৱা কাহিনী, তাৰ সফলতা-বিফলতা আৰু ভুল-শুদ্ধ আমি কাহানিবাই দেখি আহিছো। গতিকে তাক নতুনকৈ সমালোচনা কৰাটো ঐতিহাসিকভাৱে ইতিমধ্যে অপ্ৰাসংগিক হৈ পৰিছে। আমিও এই চমু আলোচনাটোত সেয়ে তেনে প্ৰচেষ্টাৰ সলনি অসমৰ ৰাজনৈতিক সংস্কৃতিত আলফাৰ প্ৰভাৱ তথা তৎসংলগ্ন কিছু ৰাজনৈতিক প্ৰশ্নহে দাঙি ধৰিব খুজিছো।

আলফা এই মুহূৰ্তত এটা সক্ৰিয় ৰাজনৈতিক শক্তি নহয়। ই এটা ঐতিহাসিকভাৱে অৱশিষ্ট আৰু ৰাজনৈতিকভাৱে নিঃশেষিত শক্তিত পৰিণত হৈছে। সামাজিক-ৰাজনৈতিক পৰিবৰ্তনৰ ফলত ঘটা ক্ৰমাগত মতাদৰ্শগত সংকোচন আৰু ৰাষ্ট্ৰৰ ৰাজনৈতিক-সামৰিক আক্ৰমণৰ ফলত ঘটা সাংগঠনিক পশ্চাদপসৰণ তথা ক্ষয় – ঘাইকৈ এই দুই কাৰকৰ পৰিণামত আলফা ইতিমধ্যে দুৰ্বল হৈ পৰিছে। সি এতিয়া নিজৰে এক বিধ্বস্ত আৰু মৰণোন্মুখ সংস্কৰণত পৰিণত হৈছে। আলফাৰ যেতিয়া জয়জয়-ময়ময় অৱস্থা আছিল তেতিয়া এফালে ব্যাপক মতাদৰ্শগত সমৰ্থন আছিল আৰু আনফালে নিজৰ শক্তিশালী নেটৱৰ্ক আছিল, আৰু সেয়ে তেতিয়া তাৰ কৰ্মপদ্ধতিও জটিল আৰু বিস্তাৰিত আছিল। কিন্তু এতিয়া সেইবিলাকৰ অভাৱত সি ঘাইকৈ এক ভাসমান পদ্ধতিৰেই অসমৰ সমাজ-ৰাজনীতিত নিজৰ অলপ স্থান ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে। সাংগঠনিক কাৰ্যকলাপ নিশ্চয় এতিয়াও কিছু আছে; কিন্তু মাজে-সময়ে কৰা দুই-এটা অপহৰণ-ধনদাবী ঘটনাৰ বাদে শেহতীয়া সময়ছোৱাত আলফা বুলিলেই আমাৰ মনলৈ আহে কেৱল বিবৃতি আৰু পৰেশ বৰুৱাৰ ফোনকলবিলাকৰ কথা। ক’বলৈ গ’লে, এতিয়া বিবৃতি আৰু পৰেশ বৰুৱাৰ ফোনকলেই আলফাৰ ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰধান অৱলম্বন। এয়া সম্ভৱ হৈছে অসমৰ নাগৰিক সমাজৰ ভালেমান অংশৰ মাজত থকা আলফাৰ প্ৰতি সহানুভূতি-সমৰ্থন আৰু বিশেষকৈ পৰেশ বৰুৱাৰ ভাবমূৰ্তিৰ বাবে। বৰ্তমান সময়ত প্ৰকৃততে আলফাই পৰেশ বৰুৱা আৰু পৰেশ বৰুৱাই আলফা। বাকী সমস্ত আলফা নেতাৰ বিপৰীতে পৰেশ বৰুৱাই হ’ল একমাত্ৰ নেতা যি আধাআধি কিংবদন্তিৰ নায়কলৈ ৰূপান্তৰিত হৈছে। অদমনীয় আৰু আপোচবিহীন হিচাপে বৰুৱাৰ যি ভাবমূৰ্তি তাক আলফাৰ বিভিন্ন উত্থান-পতনেও নষ্ট কৰিব পৰা নাই। পৰেশ বৰুৱা প্ৰতিভাত হৈ উঠিছে এক হৃত স্বপ্নৰ নষ্টালজিয়াৰ ৰূপত, এক অসম্ভৱ সংগ্ৰামৰ অপৰাজেয় নায়কৰ ৰূপত। সংবাদ, ৰাজনীতি আৰু সাহিত্য জগতৰ বিভিন্ন ব্যক্তিৰ লগত হোৱা নিয়মীয়া কথা-বাৰ্তাই পৰেশ বৰুৱাক লোকচক্ষুত সুদূৰৰ ৰহস্যময় নায়কৰপৰা দৈনন্দিন জীৱনৰ চিনাকি ব্যক্তিত পৰিণত কৰিছে। হিচাপ মতে, এই দৈনন্দিনতাই পৰেশ বৰুৱাৰ ভাবমূৰ্তি ম্লান কৰিব পাৰিব লাগিছিল, কিন্তু বাস্তৱত তেনে ঘটা পৰিলক্ষিত হোৱা নাই। আলফাৰ বাকী সমস্তধৰণৰ পশ্চাদপসৰণ আৰু পৰাজয় সত্ত্বেও সেয়ে পৰেশ বৰুৱাৰ ভাবমূৰ্তি আৰু নেতৃত্বই অসমত তাৰ অৱশিষ্ট প্ৰভাৱখিনি ধৰি ৰাখিব পাৰিছে। তথাপি ক’বই লাগিব যে সক্ৰিয় ৰাজনৈতিক শক্তি হিচাপে আলফাৰ ভূমিকা ইতিমধ্যে অন্ত পৰিছে। অসমৰ ৰাজনীতিত সি বৰ্তমান এটা তেনেই দুৰ্বল আৰু প্ৰান্তীয় কণ্ঠ মাত্ৰ।

আলফা অসমৰ ইতিহাসত হঠাতে ঘটা এটা ঘটনা নাছিল। স্বাধীন অসমৰ যিটো স্বপ্নক সাকাৰ ৰূপ দিবলৈ সি আগ বাঢ়িছিল সেইটো স্বপ্ন অসমীয়া মানসত তাৰো আধা শতিকামান আগৰপৰাই বিৰাজ কৰিছিল। অসমৰ স্বাধীন অস্তিত্ব আৰু পৰিচয়ৰ কথা, অসমৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰৰ কথা, স্বাধীনতাৰ পৰৱৰ্তী সময়ত সংবিধানৰ ফেডাৰেল গাঁথনিৰ কথা অসমীয়া মানুহে বহু দশক ধৰি কৈ আহিছিল। গতিকে আলফাৰ মতাদৰ্শগত শিপা বিচাৰিবলৈ হ’লে ইতিহাসৰ বহুতো পাত লুটিয়াব লাগিব। কিন্তু সাংগঠনিকভাৱে আলফাৰ জন্ম অসম আন্দোলনৰ সময়ত। ক’বলৈ গ’লে, অসম আন্দোলনৰ জংগী অংশটোৰপৰাই তাৰ জন্ম হৈছিল। সেয়ে সেই সময়ত ছাত্ৰ সংগঠনৰ সৈতে তাৰ চিনিব নোৱৰাকৈ সনা-পোটোকা আছিল, আৰু ছাত্ৰ সংগঠনৰ নেতা-সদস্যই সহজভাৱে যোগদান কৰিছিল আলফাত। অসম আন্দোলনে উত্থাপন কৰা এটা প্ৰধান প্ৰশ্ন আছিল, অসমৰ সমস্যাৰাজি ভাৰতীয় সাংবিধানিক গণ্ডীৰ ভিতৰত থাকি সমাধান কৰাটো সম্ভৱ হ’বনে নহয়। সম্ভৱ হয় বুলি ভবাসকল অসম আন্দোলনৰ সৈতে থাকি গৈছিল, কিন্তু সংবিধানৰ প্ৰতি মোহভংগ হোৱাসকল আলফালৈ ঢাপলি মেলিছিল। গতিকে এটা দিশৰপৰা আলফা আছিল অসম আন্দোলনৰে এক ধাৰাবাহিকতা, কিন্তু একে সময়তে সি আছিল এক নতুন আৰু পৃথক ধাৰাৰ প্ৰতিনিধি। চৰিত্ৰগতভাৱেও অসম আন্দোলনৰ বিপৰীতে সি এক মৌলিকভাৱে পৃথক দৃষ্টিভংগীৰ সূচনা কৰিছিল। অসম আন্দোলনে বিদেশীৰ প্ৰব্ৰজনৰপৰা অসমীয়া মানুহক সুৰক্ষা দিয়াৰ কথা কৈছিল, সি এক আভ্যন্তৰীণ ‘অন্য’ৰ আৱিষ্কাৰ কৰিছিল প্ৰব্ৰজিত গোষ্ঠীবিলাকৰ মাজত, আৰু সেয়ে তাৰ মাজত সাম্প্ৰদায়িকতা তথা বৰ্ণবাদৰ সম্ভাৱনা নিহিত আছিল। কিন্তু তাৰ বিপৰীতে আলফাৰ দৃষ্টিভংগী আছিল উদাৰ আৰু ছেকুলাৰ – কাৰণ সি ‘অসমীয়া’ৰ সলনি স্পষ্টভাৱেই ‘অসমবাসী’ৰ ধাৰণাটো দাঙি ধৰিছিল আৰু সমগ্ৰ অসমবাসীৰ মূল শত্ৰু হিচাপে চিনাক্ত কৰিছিল ভাৰত ৰাষ্ট্ৰক।

এনেকৈয়ে অসম আন্দোলনতকৈ ৰাজনৈতিকভাৱে এক অগ্ৰগামী শক্তি হিচাপে আলফা গঢ় লৈ উঠিছিল। অসমীয়া মানুহৰ সেই সময়ৰ যন্ত্ৰণা আৰু ক্ষোভৰ নাড়ী-স্পন্দন আলফাই বুজিব পাৰিছিল। অসমীয়া মানুহৰ আত্মপৰিচয় আৰু সম্পদৰ অধিকাৰৰ প্ৰশ্নক সি আটাইতকৈ জংগীভাৱে উপস্থাপন কৰিছিল। আশী-নব্বৈৰ দশকত অসমীয়া জাতীয়তাবাদে ভাৰত ৰাষ্ট্ৰৰ সন্মুখত যিসমূহ ৰেডিকেল প্ৰশ্ন উত্থাপন কৰিছিল, আলফা হৈ উঠিছিল সিবিলাকৰ সশস্ত্ৰ প্ৰবক্তা। জনসাধাৰণৰ মাজত আলফাৰ ব্যাপক নৈতিক গ্ৰহণযোগ্যতাৰ সৃষ্টি হৈছিল – আলফা আছিল ‘আমাৰ ল’ৰাহঁত’ৰ সংগঠন। তেনে পৰিবেশত স্বাভাৱিকতেই এচামৰ পিছত এচাম ডেকা ল’ৰা ওলাই গৈছিল দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ বুলি। মূলসুঁতিৰ অসমীয়া জাতীয়তাবাদী বাগধাৰা আৰু আলফাৰ বাগধাৰাৰ মাজত কোনো স্পষ্ট সীমাৰেখা নাছিল – ইটোৰপৰা সিটোলৈ মানুহে সহজভাৱে অহা-যোৱা কৰিব পাৰিছিল। আলফাৰ হত্যা-হিংসাই মানুহক বিতুষ্ট কৰিবলৈ ধৰিছিল আৰু সমাজত মোহভংগ, অসন্তুষ্টি আৰু বিৰোধী মনোভাবৰ জন্ম হৈছিল। কিন্তু সেইটোৱে সামগ্ৰিক ৰাজনৈতিক ছবিখনক সলনি কৰিব পৰা নাছিল।

কিন্তু আলফাৰ জন্মই আধুনিক অসমৰ ইতিহাসত সবাতোকৈ ভয়ংকৰ এটা হিংসাৰ চক্ৰ সূচনা কৰিছিল। নব্বৈৰ দশকৰ প্ৰথমভাগৰপৰাই ৰাষ্ট্ৰই আলফাৰ বিৰুদ্ধে আক্ৰমণ আৰু নিৰ্মূলকৰণৰ ৰাজনৈতিক-সামৰিক অভিযান আৰম্ভ কৰিছিল। আলফাই উত্থাপন কৰা ৰাজনৈতিক প্ৰশ্নসমূহৰ প্ৰতি স্বাভাৱিকতেই কোনো কাণসাৰ নিদি আলফাক নিছক আইন-শৃংখলাৰ ইছ্যু হিচাপেই মেনেজ কৰিবলৈ বিচৰা হৈছিল। এই অভিযান বিভিন্ন পৰ্যায়ত আৰু বহুস্তৰীয় ৰূপত বহুদিনলৈ চলি থাকিল। এই অভিযানৰ বিভিন্ন পৰ্যায়ত অসমৰ ৰাজনৈতিক নেতৃত্ব আৰু আৰক্ষীৰ প্ৰধান ভূমিকা আছিল যদিও অভিযানটো ঘাইকৈ পৰিচালিত হৈছিল দিল্লীৰপৰা। মূলসুঁতিৰ জাতীয়তাবাদী বাগধাৰাৰ লগত থকা আলফাৰ বাগধাৰাৰ ধাৰাবাহিকতা, আৰু বিশেষকৈ অসমৰ প্ৰশাসনৰ ভিতৰচ’ৰালৈকে আলফাৰ সমৰ্থক-সাহায্যকাৰীৰ উপস্থিতিৰ বাবে কেন্দ্ৰই অসম চৰকাৰক প্ৰায় সময়তে সম্পূৰ্ণ বিশ্বাসত নলৈছিল। সেইবাবে কেন্দ্ৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানতেই সামৰিক অপাৰেচনবিলাক হৈছিল। সি যি নহওক, এই দীৰ্ঘকালীন অভিযানৰ পৰিণামস্বৰূপেই (লগতে পৰৱৰ্তী সময়ত ভূটান আৰু বাংলাদেশ চৰকাৰৰ অভিযানকো হিচাপত ল’ব লাগিব) আলফাৰ এসময়ত কঁকাল ভাগি পৰিছিল। কিন্তু এই ৰাজনৈতিক-সামৰিক অভিযানে অসমৰ সমাজজীৱনলৈ কঢ়িয়াই আনিলে মৰিশালিৰ নিস্তব্ধতা। এফালে সি সৃষ্টি কৰিলে আলফা আৰু সেনা-আৰক্ষী-ছালফাৰ মাজত অন্তহীন হত্যা-হিংসাৰ এক প্ৰক্ৰিয়া, আনফালে সৰ্বসাধাৰণ জনতাৰ ওপৰত নমাই আনিলে বৰ্বৰ ৰাষ্ট্ৰসন্ত্ৰাস। ইমান প্ৰণালীবদ্ধভাৱে অসমৰ সমাজজীৱনক আগতে কাহানিও বিধ্বস্ত আৰু বিষাক্ত কৰি তোলা হোৱা নাছিল। ৰাষ্ট্ৰৰ জঘন্যতম ৰূপটোৰ সৈতে সৰ্বসাধাৰণ জনতাই যুঁজ কৰিবলগীয়া হৈছিল, যিটোৱে ৰাষ্ট্ৰৰ আনুষ্ঠানিক গাঁথনিটোৰ অসাৰ্থকতা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ অন্তঃসাৰশূন্যতা তেওঁলোকৰ সন্মুখত উন্মোচন কৰিছিল। ছালফা নামৰ ভয়ংকৰভাৱে প্ৰতিক্ৰিয়াশীল সামাজিক শক্তিটো আছিল ৰাষ্ট্ৰৰ এই ৰাজনৈতিক-সামৰিক ৰণনীতিৰে সন্তান – ৰাজনীতি-অৰ্থনীতিৰ প্ৰদূষণত ইয়াৰ ভূমিকা আছিল ক্ৰমবৰ্ধমান। আচলতে প্ৰদূষণ বুলি ক’লে ভুল হয়, কিয়নো ই বুজায় যে বাহিৰা এক শক্তিয়ে আহি এটা ভাল বস্তুক প্ৰভাৱান্বিত কৰিছে। প্ৰকৃতাৰ্থত ৰাষ্ট্ৰৰ কোনো পৱিত্ৰ আৰু পৃথকীকৃত পৰিমণ্ডল নাথাকে – আনুষ্ঠানিক গাঁথনিৰ মাজত ৰাষ্ট্ৰীয় উপাদানসমূহৰ লগতে সমাজত বৰ্তি থকা বা সি নিজে সৃষ্টি কৰা বিভিন্ন অনা-ৰাষ্ট্ৰীয় উপাদানক সাঙুৰি লৈহে সি ৰাষ্ট্ৰপৰিচালনাৰ সম্পূৰ্ণ গাঁথনিটো নিৰ্মাণ কৰে। ছালফাৰ জন্ম হৈছিল ৰাষ্ট্ৰপৰিচালনাৰ এটা অনা-ৰাষ্ট্ৰীয় উপাদান হিচাপে। সি যি নহওক, আলফা নিৰ্মূলৰ বাবে ৰাষ্ট্ৰই গ্ৰহণ কৰা ৰাজনৈতিক-সামৰিক ৰণনীতিৰ পৰিণামস্বৰূপে অসমৰ সমাজ-ৰাজনীতি তেনেই নিঃস্ব হৈ পৰিছিল।

অসমৰ ৰাজনৈতিক সংস্কৃতিলৈ আলফাৰ বৰঙণি কি বুলি প্ৰশ্ন কৰিলে দুটা দিশৰ কথা ক’ব পাৰি। এটা হ’ল, আলফাৰ উত্থানৰ পাছত ঐতিহাসিকভাৱে কি কি ঘটিল আৰু তাৰ ফলত ৰাজনৈতিক সংস্কৃতিত কেনে প্ৰভাৱ পৰিল তাৰ কথা। এই বিষয়ে ওপৰত থূলমূল আভাস দিছো। আনটো হ’ল আলফাৰ মতাদৰ্শগত চৰিত্ৰৰ কথা। আলফাৰ ৰাজনীতিটো অন্তৰ্নিহিতভাৱে কেনেকুৱা আছিল আৰু তাৰ ফলত অসমৰ ৰাজনৈতিক সংস্কৃতিত কেনেধৰণৰ পৰিবৰ্তন ঘটিছিল তাৰ কথা। এইটো আলফাৰ নিজৰ বস্তু আৰু ইয়াৰ বাবে সি দায়বদ্ধ – ইয়াৰ বাবে সি প্ৰত্যক্ষভাৱে আন কাকো জগৰীয়া কৰিব নোৱাৰে। সামাজিক ন্যায়ৰ সংগ্ৰাম সদায়েই এক দায়বদ্ধ সংগ্ৰাম – সি এক উচ্চতৰ প্ৰমূল্যৰ দাবী কৰা বাবেও, সি মানুহৰ জীৱনক প্ৰতিনিধিত্ব কৰা বাবেও। বৈষম্যমূলক ইতিহাস বা প্ৰতিকূল সমাজ বা বিৰোধী ৰাষ্ট্ৰ – এইবিলাকৰ কোনোটোৱেই সংগ্ৰামী শক্তিক দায়িত্বৰপৰা ৰেহাই নোৱাৰে। আনহাতে, এইটো অনস্বীকাৰ্য যে আলফাই নিজে সীমাহীন ত্যাগ স্বীকাৰ কৰিছে – হাজাৰজন সদস্যই দেশ-জাতিৰ বাবে নিঃস্বাৰ্থভাৱে জীৱন দান কৰিছে। কিন্তু সেই ত্যাগে স্বয়ংক্ৰিয়ভাৱে তাৰ মতাদৰ্শগত প্ৰশ্নসমূহৰ মীমাংসা কৰিব নোৱাৰে বা সমস্যাজনক স্থিতিৰ ন্যায্যতা প্ৰতিপন্ন কৰিব নোৱাৰে। সি যি নহ‌ওক, এই দিশৰপৰা আলফাৰ ৰেকৰ্ড খুবেই বেয়া। কিন্তু দুঃখজনক কথা যে আলফা সম্পৰ্কে সম্প্ৰতি বিস্তৰ তথ্যসম্ভাৰ সুলভ হৈ পৰাৰ পাছতো, আনকি তাৰ ভিতৰচ’ৰাৰ সমস্যাজনক ইতিহাস মুকলি হোৱাৰ পাছতো তাৰ ৰাজনৈতিক সংস্কৃতি সম্পৰ্কে কোনো আলোচনা হোৱা পৰিলক্ষিত হোৱা নাই। সি যি নহওক, আলফাৰ ৰাজনৈতিক সংস্কৃতিটো অন্তৰ্নিহিতভাৱেই সমস্যাজনক আৰু তাৰ প্ৰকাশ আমি তাৰ জন্মৰপৰাই দেখিবলৈ পাওঁ। ভালেই হওক বা বেয়াই হওক, অসম আন্দোলন আছিল এটা গণ আন্দোলন, আৰু আলফা আছিল গণ আন্দোলনৰ এক নস্যাৎকৰণ। কাৰণ আলফা হ’ল গোটেপাতে এটা গণতন্ত্ৰবিৰোধী আৰু একনায়কত্ববাদী শক্তি। যি অসমৰ জনসাধাৰণক আলফাই প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰিছিল আৰু যাৰ বাবে সি স্বাধীন অসম গঢ় দিবলৈ গৈছিল, সেই জনসাধাৰণৰ সৈতে আন্তৰিক সংযোগ স্থাপনৰ বাবে সি কোনোদিন চেষ্টা কৰা নাছিল। জনসাধাৰণৰ প্ৰতি আলফাৰ দৃষ্টিভংগী সদায়েই আছিল কট্টৰ অভিভাৱকত্ববাদী। আলফাৰ স্বাধীন অসমত জনসাধাৰণৰ বাবে কোনো স্বাধীনতা নাছিল। হাতত বন্দুক লৈ সি সমাজ সংস্কাৰৰ শিক্ষা দিছিল জনসাধাৰণক, নিৰ্দেশ দিলেই ভেৰাৰ পালৰ দৰে পালন কৰিব লাগিছিল জনসাধাৰণে। আলফাৰ ল’ৰাই জনসাধাৰণৰ মাজতেই বিচৰণ কৰি ফুৰিছিল, দুখীয়াৰ ঘৰত গৈ পঁইতা ভাত খাইছিল – কিন্তু তাৰ ৰাজনীতিত জনসাধাৰণক সহযোদ্ধা বুলি গ্ৰহণ কৰা নাছিল। অবিবেচক ৰাজনৈতিক হত্যা-হিংসাৰ একনিষ্ঠ পূজাৰী আছিল আলফা। প্ৰথম অগপ চৰকাৰৰ দিনত আলফাৰ বাবে পৰিবেশ অনুকূল আছিল, সেই সময়ত অসমৰ নাগৰিক সমাজ তথা সংবাদপত্ৰও তাৰ উৎসাহী সমৰ্থক আছিল। কিন্তু সেই সময়তেই সি নিজৰ জঘন্যতম হিংসাশ্ৰয়ী ৰূপটো উদঙাই দিছিল – কিমান যে নিৰীহক হত্যা কৰিছিল ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠাৰ বাবে। সি ৰাজনৈতিক দলৰ নেতা-সদস্যক কেতিয়াবা হত্যা কৰিছিল, কেতিয়াবা তেওঁলোকৰ আত্মীয়-কুটুম্বক হত্যা কৰি তেওঁলোকক ভাবুকি কৰিছিল, কেতিয়াবা ৰাজনৈতিক দলৰপৰা তৎক্ষণাৎ ওলাই আহিবলৈ সকলোকে নিৰ্দেশ দিছিল। এই যে নিৰ্দেশ দিছিল, সেয়াই আছিল শেষ কথা – পৃথিৱীৰ কাৰো কোনো অধিকাৰ নাই তাক প্ৰশ্ন কৰাৰ বা সমালোচনা কৰাৰ। সমালোচনা কৰাসকলক হত্যা কৰা হৈছিল। আলফাৰ মাথাত যদি খেলালে যে অমুক সমাজবিৰোধী বা তমুক অসমবিৰোধী, তেনেহ’লে সেইসকলক তৎকালেই হত্যা কৰা হৈছিল। সমাজবিৰোধী বা অসমবিৰোধী হোৱাৰ কাৰণবোৰনো কি বেলেগৰ জনাৰ বা প্ৰশ্ন কৰাৰ কোনো সুবিধা নাছিল, আনকি ভুক্তভোগীসকলক হত্যাৰ পূৰ্বে কোনো সাৱধানবাণীও দিয়া নহৈছিল। কংগ্ৰেছী নেতাই হওক বা মাৰোৱাৰী ব্যৱসায়ীয়েই হওক বা হিন্দীভাষী শ্ৰমিকেই হওক বা কোনোবা বিদেশী অভিযন্তাই হওক – কাক কিয় হত্যা কৰা হ’ব আনৰ বাবে সেয়া কল্পনাৰো অগোচৰ আছিল। কিছুমান হত্যা আছিল ৰাজনৈতিক বাৰ্তা দিবৰ বাবে ঘটোৱা অনিচ্ছাকৃত ক্ষতি। উদাহৰণস্বৰূপে, বোমা বিস্ফোৰণত নিহত ধেমাজিৰ শিশুবিলাকৰ কথা ক’ব পাৰি। আনহাতে, ৰাজনৈতিক বিতৰ্ক কথাটো আলফাৰ অভিধানত কোনোদিন নাছিল। ৰাষ্ট্ৰ, ৰাজনীতি, বিপ্লৱ, জাতীয়তাবাদ আদি কোনো জৰুৰী বিষয়তে আলফাই ছিৰিয়াছ তাত্ত্বিক চৰ্চা কৰিবলৈ চেষ্টা কৰা নাছিল – গোড়া আৰু সৰলীকৃত ফৰ্মুলা কিছুমান আওৰোৱাৰ বাদে। কিন্তু জ্ঞান আৰু নেতৃত্ব – এই দুই দিশৰপৰাই সি নিজকে গণ্য কৰিছিল অবিসম্বাদী হিচাপে। গতিকে জাতীয় প্ৰশ্নবিলাকৰ ক্ষেত্ৰত আলফাৰ সংস্কৰণৰ সমালোচনা কৰা বা তাৰ বিপৰীতে যোৱা যিকোনো শক্তিকে সি সহজ ভাবুকি আৰু হিংসাৰে মোকাবিলা কৰিব খুজিছিল। আলফাৰ বিৰুদ্ধে এক ৰাজনৈতিক প্ৰত্যাহ্বান সৃষ্টি কৰা আৰ্মকাৰ কথা উদাহৰণ হিচাপে ক’ব পাৰি। মুঠতে সাধাৰণভাৱে ক’বলৈ গ’লে, আলফাই অসমত এক হিংসাসৰ্বস্ব, একনায়কত্ববাদী আৰু পেৰানয়াগ্ৰস্ত ৰাজনৈতিক সংস্কৃতিৰ জন্ম দিলে। এফালে সি অসমৰ সমাজজীৱনটোক অভূতপূৰ্ব ৰাজনৈতিক হিংসাৰ পাকচক্ৰত সুমুৱাই পেলাইছিল, আৰু আনহাতে সি গণতান্ত্ৰিক প্ৰমূল্য আৰু গণতান্ত্ৰিক ৰাজনীতিৰ সম্ভাৱনা সম্পূৰ্ণ নষ্ট কৰি পেলাইছিল। অসমত বহু দশকৰ গণতান্ত্ৰিক ৰাজনীতিৰ চৰ্চাই যি গণ আন্দোলনৰ জন্ম দিছিল আৰু অসম আন্দোলনৰ জৰিয়তে যি এক পূৰ্ণাংগতা লাভ কৰিছিল, সেই গোটেই ধাৰাটো আলফাই খতম কৰি দিছিল। এই অৰ্থত আলফাই অসমক ইতিহাসত বহু দশক পিছুৱাই লৈ গ’ল। এইটোৱেই বোধকৰো আলফাই অসমৰ সমাজ-ৰাজনীতিত কৰা আটাইতকৈ ডাঙৰ ক্ষতি।

এতিয়া আমি বৰ্তমান মুহূৰ্তত আলফাৰ ধ্যান-ধাৰণা সম্পৰ্কে দুটামান কথা কওঁ। সংবাদ মাধ্যমলৈ দিয়া বিবৃতি আৰু পৰেশ বৰুৱাৰ ফোনকলসমূহৰ এটা বিহংগম অৱলোকন কৰিলেই এইটো পৰিষ্কাৰ হৈ পৰে যে বৰ্তমানৰ সমাজ-ৰাজনীতি সম্পৰ্কে আলফাৰ কোনো ধাৰণাই নাই। বিশ্বায়নৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰৰ চৰিত্ৰ তথা ভূমিকা কিদৰে সলনি হৈছে, জাতিৰ ধাৰণাটোৱে কিধৰণৰ নতুন পৰিস্থিতিৰ সন্মুখীন হৈছে, এই পৰিপ্ৰেক্ষিতত হিন্দু জাতীয়তাবাদৰ উত্থানে শেহতীয়া সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰ তথা ৰাজনীতিত কেনেদৰে এক গুণগত ৰূপান্তৰ ঘটাইছে, ইত্যাদি ইত্যাদি – আলফাই এইবিলাক কথাৰ আগ-গুৰি একো বুজি নাপায়। এসময়ত সি একধৰণৰ উদাৰ আৰু ছেকুলাৰ অসমীয়া জাতীয়তাবাদৰ পোষকতা কৰাৰ কথা কৈ আহিছো, কিন্তু শেহতীয়া সময়ত এই বিষয়ত সি দিশহাৰা হৈ পৰিছে। সি নিজৰ সকলো সদস্যৰ নামৰ লগত ‘অসম’ শব্দটো লগাই লৈছে, যিটো এটা উপৰুৱা প্ৰতীকীবাদ মাত্ৰ। কিন্তু যি ভয়ানক শক্তিয়ে অসমৰ সমাজজীৱনৰ উদাৰ আৰু ছেকুলাৰ উপাদানসমূহ ধ্বংস কৰি পেলাব খুজিছে, অসমীয়া জাতীয়তাবাদক গ্ৰাস কৰি পেলাব খুজিছে সেই হিন্দু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে কোনো স্পষ্ট সমালোচনা বা স্থিতি দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। অথচ এই সময়তেই আৰু এই প্ৰসংগতেই আলফাৰ ভূমিকা হ’ব লাগিছিল আটাইতকৈ সৰৱ আৰু আক্ৰমণাত্মক। এই কথাৰপৰাই বুজিব পাৰি, আলফাৰ সৰল আৰু গোড়া তাত্ত্বিক চিন্তাত বৰ্তমানৰ পৰিস্থিতিটো কেনেদৰে দুৰ্বোধ্য হৈ ধৰা দিছে।

অৱধাৰিতভাৱেই প্ৰশ্ন হয় যে আলফাৰ ভৱিষ্যৎ কি হ’ব। এইটো বহু পৰিমাণে আলফাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু আলফাৰ হাতত কোনো যাদুদণ্ড নাই যে সি কিবা আচৰিতধৰণে বৰ্তমানৰ অচলাৱস্থাৰপৰা মুক্তি লাভ কৰিব পাৰিব। আলফাৰ বৰ্তমানৰ পৰিস্থিতিটো প্ৰকৃততে ট্ৰেজিক – কাৰণ সি য’লৈ গ’ল তাৰপৰা উভতি আহিব‌ও নোৱাৰে, আগুৱাই যাব‌ও নোৱাৰে আৰু হাৰাকিৰি কৰিব‌ও নোৱাৰে। তথাপি সি উভতি আহিব পাৰে। কিন্তু উভতি আহিলে সিতো আলফা হৈ নাথাকে – সি তাৰ নিজস্ব সত্তা বিসৰ্জন দিহে আহিব পাৰিব। নহ’লে হয়তো অদূৰ ভৱিষ্যতে কোনোবাদিনা তেজৰ মাজেৰেই শেষ হ’ব গোটেই কাহিনীটো। অসমৰ নাগৰিক সমাজৰ উদ্যোগত শান্তি আলোচনাৰ বহুতো পৰ্যায় পাৰ হৈ গ’ল, একো ফলপ্ৰসূ সমাধান নোলাল। ভৱিষ্যতে আকৌ যে তেনে প্ৰচেষ্টা চলিব তাৰ আশা খুবেই ক্ষীণ। গতিকে আলফাৰ ভৱিষ্যৎটো কেনেধৰণৰ হ’ব এতিয়া সঠিককৈ একো ক’ব পৰা নাযায়, কিন্তু তাৰ ৰাজনৈতিক মীমাংসা যে নহ’ব সেই লৈ কোনো সন্দেহ নাই।

শেষত আলফাৰ প্ৰাসংগিকতা সম্পৰ্কে আমি আৰু দুটামান কথা যোগ দিব খুজিছো। দুটা অৰ্থত আমি আলফা অপ্ৰাসংগিক হৈ পৰাৰ কথা কৈছো – প্ৰথমটো সমালোচনাত্মক, দ্বিতীয়টো পৰ্যবেক্ষণমূলক। দুইটা অৱশ্যে ইটো সিটোৰ পৰিপূৰক। প্ৰথমতে, যিবোৰ ধ্যান-ধাৰণা লৈ আলফা এসময়ত ওলাই আহিছিল সেইবোৰ সেই সময়তো সমস্যামুক্ত নাছিল, কিন্তু কেইবাটাও দশকৰ ব্যাপক সামাজিক-ৰাজনৈতিক পৰিবৰ্তনৰ পাছত বৰ্তমান সময়ত সেইবোৰ অধিক সমস্যাজনক হৈ পৰিছে। সেইবোৰৰ জৰিয়তে বৰ্তমানৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিটোক বুজিব নোৱাৰি, তাৰপৰা মুক্তিৰ পথ উলিওৱাটো দূৰৰ কথা। আলফাৰ কৰ্মপদ্ধতিসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে। গতিকে আমাৰ সমালোচনাত্মক বক্তব্য হ’ল যে সংগঠনটো অপ্ৰাসংগিক হৈ পৰিছে। দ্বিতীয়তে, আমি সকলোৱে দেখিছো যে আলফা এতিয়া সাংগঠনিকভাৱে দুৰ্বল হৈ পৰিছে, আৰু মতাদৰ্শগতভাৱেও তাৰ সংকোচন ঘটিছে – পৰিণামস্বৰূপে আলফা এতিয়া অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তি হৈ থকা নাই। সাংগঠনিক প্ৰসংগত ইতিমধ্যে কোৱা হৈছেই। মতাদৰ্শগত প্ৰসংগত আৰু দুটামান কথা ক’ব পাৰি। শেহতীয়া ব্যাপক পৰিবৰ্তনৰ ফলত ভাৰতৰ লগতে অসমৰ ৰাজনীতিতো নতুন শক্তিৰ উত্থান ঘটিছে, নতুন কিছুমান প্ৰক্ৰিয়াৰ সূচনা হৈছে। এই ৰাজনৈতিক ধামখুমীয়াৰ মাজত কাৰো আলফাৰ কথা ভাবিবলৈ বা শুনিবলৈ সময় নাই – সকলো নিজা নিজাধৰণে ব্যস্ত। মানে সাম্প্ৰতিক অসমৰ যিখন ৰাজনৈতিক ধাৰণাজগত তাৰ মাজত আলফাৰ কোনো উপস্থিতি নাই – সি আলফা অবিহনেই স্বয়ংসম্পূৰ্ণ। ৰাজনৈতিক কৰ্মকাণ্ড তথা ধ্যান-ধাৰণাৰ চৰ্চাৰ মাজত আলফাৰ ৰেফাৰেন্স দিয়াৰ প্ৰয়োজন নাই। এসময়ত ইয়াৰ ওলোটা আছিল, ৰাজনৈতিক কল্পনাৰ কেন্দ্ৰবিন্দুস্বৰূপ আছিল আলফা। কিন্তু এতিয়া অসমত সাধাৰণতে আলফাৰ প্ৰসংগতহে আলফাৰ কথা পতা যায়‌ – আলফাই যেতিয়া কিবা কৰে বা কয় তেতিয়াহে আলফাৰ কথা চৰ্চা হয়। গতিকে আমাৰ পৰ্যবেক্ষণটো হ’ল এই যে বৰ্তমান আলফা অপ্ৰাসংগিক হৈ পৰিছে।

কিন্তু অসমৰ নাগৰিক সমাজৰ জাতীয়তাবাদী, প্ৰগতিশীল জাতীয়তাবাদী ভালেমান অংশৰ মাজত এতিয়াও আলফাৰ প্ৰতি দৰদ-সমৰ্থন আছে। আলফাৰ প্ৰতি স্পষ্ট সমৰ্থন (স্পষ্ট ভাষাৰ কথা কোৱা নাই) আগ বঢ়োৱা কিছুসংখ্যক আছে, তেওঁলোকৰ কথা সুকীয়া। কিন্তু আলফা সম্পৰ্কীয় কথা-বাৰ্তাবিলাকত এটা অব্যক্ত মোহান্ধতাৰ প্ৰৱণতা বহুলভাৱে দেখা যায়। সাধাৰণতে জড়তা তথা দ্বিধাগ্ৰস্ততাৰ মাজেৰে তাৰ প্ৰকাশ ঘটে। এই প্ৰৱণতাটো বৰ দোদুল্যমান তথা স্ববিৰোধী। কিয়নো তেওঁলোকে স্পষ্টভাৱে আলফাৰ পোষকতাও নকৰে, কিন্তু আলফাক সমালোচনাত্মকভাৱে বিচাৰ কৰিবলৈও তেওঁলোক নাৰাজ। তেওঁলোকে যেন আলফা অধ্যায়টো লকাৰত সুৰক্ষিতভাৱে ভৰাই থৈ দিছে – কাকো‌ ছুবলৈ নিদিয়াকৈ। ইয়াক হয়তো কিছু ক্ষেত্ৰত আলফাৰ প্ৰতি নষ্টালজিক সহানুভূতি ‌বুলি ক’ব পাৰি। হয়তো তেওঁলোকে মানসিকভাৱে আলফাৰ যুগটো অতিক্ৰম কৰি আহিব পৰা নাই। এনে পটভূমিত আলফা সম্পৰ্কে কোনো সংহত সমালোচনাৰ ধাৰা বিকশিত নোহোৱাটোৱেই স্বাভাৱিক। আলফাৰ ৰাজনৈতিক চৰিত্ৰ কি, তাক ইতিহাসত ক’ত কেনেকৈ ৰখা যাব এই লৈ এতিয়াও কোনো স্পষ্ট ধাৰণা অসমৰ নাগৰিক সমাজত গঢ় লৈ উঠা নাই। নব্বৈৰ দশকৰ ৰাষ্ট্ৰসন্ত্ৰাস সম্পৰ্কে মোটামুটি এটা সহমত ইতিমধ্যে গঢ় লৈ উঠিছে, প্ৰগতিশীল জাতীয়তাবাদী কমন ছেন্সৰ ই এটা অংশ হৈ পৰিছে। কিন্তু আলফাই আমাৰ চেতনাৰ একাংশ এতিয়াও শিলীভূত কৰি ৰাখিছে – সেয়ে আমি আত্মসমালোচনাৰ সাহস কৰিব পৰা নাই। জাতীয় প্ৰশ্নবিলাকৰ ক্ষেত্ৰত, আন বহুতো কাৰকৰ লগতে, কিছু দূৰলৈ আলফাৰ বাগধাৰাগত ছাঁ পৰি থকাৰ বাবে সেই প্ৰশ্নসমূহ অলসভাৱে এৰাই চলিছো – সেইসমূহ তুলি আনি সতেজ ৰূপত নতুনধৰণে বিচাৰ কৰিবলৈ সক্ষম হোৱা নাই।

তেনেহ’লে অসমৰ নাগৰিক সমাজে আলফাৰ প্ৰতি কেনে দৃষ্টিভংগী গ্ৰহণ কৰা উচিত? চিধাকৈ ক’বলৈ গ’লে, অসমৰ নাগৰিক সমাজে আলফাক বাদ দিব লাগে – সংগঠন হিচাপেও, মতাদৰ্শ হিচাপেও। আলফাৰ ৰাস্তাৰে আগ বাঢ়ি গৈ অসমে বহুত হেৰুৱালে, গতিকে আৰু হেৰুওৱাৰ কথা নাহে। আলফাৰ পাকচক্ৰত নিঃশেষ হৈ যোৱা গণ আন্দোলনৰ ৰাজনীতি সৌ সিদিনা অখিল গগৈহঁতে বহু কষ্ট কৰি ঘূৰাই আনিছে। এই ৰাজনীতিক আমি কোনো কাৰণতে পশ্চাদপসৰণ ঘটিবলৈ এৰি দিব নোৱাৰো। ক’বলৈ গ’লে, সংগঠন হিচাপে আলফাৰ পুনৰুত্থান ঐতিহাসিকভাৱেই সম্ভৱপৰ নহয়। কিন্তু সেই সত্যটোকে সকলোৱে হৃদয়ংগম কৰা দৰকাৰ। একেদৰে, আলফাৰ মতাদৰ্শগত অৱশিষ্টখিনি জাৰি-জোকাৰি অসমৰ নাগৰিক সমাজে আত্মমন্থন‌ কৰিবলৈ শিকিব লাগে। মূলসুঁতিৰ অসমীয়া জাতীয়তাবাদৰপৰা আলফালৈকে যিডাল ধাৰাবাহিকতাৰ শিকলি আছে, সেইডাল মাজতে কাটি দিব লাগে। অসমৰ আত্মপৰিচয়, সম্পদৰ ওপৰত অধিকাৰ, সংবিধানৰ প্ৰকৃত ফেডাৰেল গাঁথনিৰ দাবী ইত্যাদি ইত্যাদি – এইসমূহ প্ৰশ্নক আমি গণতান্ত্ৰিক ৰাজনীতিৰ মাজেৰেই পুনৰাৱিষ্কাৰ কৰিব লাগিব। শেহতীয়া কা-বিৰোধী গণ আন্দোলনে আমাৰ বাবে বহুখিনি এনে সম্ভাৱনা কঢ়িয়াই আনিছিল। কিন্তু সমস্যাটো হ’ল জনসাধাৰণৰ সংগ্ৰামী চেতনাক নেতৃত্ব দিব পৰা কোনো পৰিপক্ব ৰাজনৈতিক শক্তি বৰ্তমান অসমত নাই। সেইবাবেই ইমান ডাঙৰ এটা আন্দোলন অথলে গ’ল। সি যি নহ‌ওক, অসমৰ বাবে জৰুৰী প্ৰশ্নসমূহ গণতান্ত্ৰিক ৰাজনীতিৰ মাজেৰে কেনেকৈ আগুৱাই নিব পৰা যায় সেইটোৱেই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে। গতিকে অসমৰ নাগৰিক সমাজে চিন্তা কৰা উচিত – নব্বৈৰ দশকৰ অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল-জংগী ৰূপটোৰ কেনেকৈ পুনৰ্জন্ম দিয়া যায় গণ আন্দোলনৰ মাজেৰে।

(ৰচনাকাল : ২৬-০২-২০২১)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: