তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত বহুদিন ধৰি চলি থকা কৃষক আন্দোলনটোক লৈ মোৰ এটাই অনুভৱ যে ই বৰ ট্ৰেজিকভাৱে শেষ হ’বলৈ গৈ আছে। সাম্প্ৰতিক ভাৰতৰ সংগ্ৰামী ইতিহাসৰ ই হয়তো আটাইতকৈ ডাঙৰ ট্ৰেজেডিত পৰিণত হ’বলৈ অগ্ৰসৰ হৈছে। মোৰ অনুভৱ ভুল প্ৰতিপন্ন হওক, সেইটোৱেই মনে-প্ৰাণে কামনা কৰো। কিন্তু বাস্তৱিকতে কি ঘটিব, সেইটোতো কাৰো কামনাৰ ওপৰত নিৰ্ভৰ নকৰে, এইক্ষেত্ৰত চৰকাৰৰ কামনাৰ বাদে।
এই বিৰাট কৃষক আন্দোলনটোক একে আষাৰেই ঐতিহাসিক আৰু মহাকাব্যিক বুলি অভিহিত কৰিব পাৰি। ইমান সাহস আৰু সংগ্ৰামী চেতনাৰে উদ্দীপ্ত, ইমান সংগঠিত আৰু পৰিকল্পিত আন্দোলন আমি ভাৰতৰ শেহতীয়া ইতিহাসত দেখা নাই। আন্দোলনটোৰ নেতৃত্ব ৰণনীতিগতভাৱে পৰিপক্ব – ইমান ব্যাপক আন্দোলন এটা ইমান পৰিপক্বতাৰে পৰিচালনা কৰিব পৰাটো সঁচাকৈয়ে প্ৰশংসনীয়। নেতৃত্বই দীৰ্ঘম্যাদী পৰিকল্পনা কৰি আগ বাঢ়িছে, চৰকাৰৰ সম্ভাব্য প্ৰতিক্ৰিয়ামূলক ৰণকৌশলসমূহ আগতীয়াকৈ হিচাপ-নিকাচ কৰি সেইমতে নিজৰ ৰণকৌশলসমূহ নিৰ্ধাৰণ কৰিছে। গতিকে কেৱল সংগ্ৰামী উদ্দীপনাৰ বাবেই নহয়, তাৰ ৰণনীতিগত উৎকৰ্ষৰ বাবেও এই আন্দোলনটো ভাৰতৰ অন্যান্য সংগ্ৰামী শক্তিবিলাকৰ বাবে অনুকৰণীয়। কৃষি আইনকেইখনৰ গণবিৰোধী চৰিত্ৰৰ লগতে আন্দোলনটোৰ প্ৰশংসনীয় বৈশিষ্ট্যসমূহৰ বাবেই ই দেশৰ বিভিন্ন অঞ্চলৰ উপৰি বিশ্বৰ বহুতো অংশৰপৰা সহায়-সমৰ্থন লাভ কৰিছে।
কিন্তু বাহিৰৰপৰা যিয়েই সহায়-সমৰ্থন নাপাওক লাগিলে, যুদ্ধখন দিল্লী সীমান্তত ঠাণ্ডাত বিনিদ্ৰ ৰজনী কটোৱা কৃষকসকলেই যুঁজিব লাগিব। আৰু মূল কথাটো হ’ল চৰকাৰে আন্দোলনটোক সম্পূৰ্ণৰূপে এটা ৰণনীতিগত ইছ্যু হিচাপেই গণ্য কৰিছে – চৰকাৰৰ বাবে এয়া হৈ পৰিছে এটা নিছক ৰণকৌশলগত খেল। আন্দোলনটোক দমন কৰিবৰ বাবে, নস্যাৎ কৰিবৰ বাবে, বদনামী কৰিবৰ বাবে, বিভাজিত কৰিবৰ বাবে সকলোধৰণৰ ৰণকৌশল অৱলম্বন কৰা হৈছে – তাৰে কিছুমান হ’ল আন্দোলন মেনেজমেণ্টৰ বাবে ৰাষ্ট্ৰৰ চিৰপৰিচিত কৌশল, আন কিছুমান হ’ল সংঘ পৰিয়ালৰ মাৰ্কা মৰা হিন্দুত্বৰ ৰাজনীতিত পৰীক্ষিত কৌশল। আন্দোলনকাৰীসকল হ’ল কৃষক আৰু তেওঁলোক মুছলমান নহয় – এই দুইটা কাৰণতে তেওঁলোকক নস্যাৎ কৰাটো বৰ সহজ নহয়। কিন্তু সেইটো চৰকাৰৰ বাবে অনতিক্ৰম্য বাধা নহয়। আটাইতকৈ ডাঙৰ কথা হ’ল চৰকাৰৰ ক্ষমতা অপাৰ – তাৰ হাতত ৰাষ্ট্ৰৰ সকলো বিভাগ, ব্যৱস্থা তথা অস্ত্ৰ আছে। কিন্তু তাৰ উপৰিও তাৰ হাতত মেডিয়া আছে। এই যে আন্দোলনকাৰীৰ সৈতে চৰকাৰৰ বাৰে বাৰে আলোচনা হৈছে আৰু বিফল হৈছে, তাৰপৰা আন্দোলনৰ কিবা লাভ হৈছে জানো? কিন্তু চৰকাৰৰ লাভ হৈছে। এটা লাভ হ’ল মেডিয়াৰ ৰাংকুকুৰৰ জাকটো গোঁৱাৰ কৃষকবিলাকৰ বিৰুদ্ধে মেলি দিবলৈ দিনক দিনে অধিক সুচল হৈ আহিছে। কিন্তু তাতকৈ ডাঙৰ লাভটো হ’ল চৰকাৰে আন্দোলনকাৰীৰপৰা সময় কিনিব পাৰিছে। চৰকাৰৰ আছে সময় কিনাৰ বিৰাট ক্ষমতা – কাৰণ ৰাষ্ট্ৰৰ দৈনন্দিন কাৰ্যকলাপ বন্ধ কৰি ৰখাৰ শক্তি আন্দোলনটোৱে কেতিয়াবাতেই হেৰুৱালে, একমাত্ৰ সেইটোৱেহে চৰকাৰক সময় কিনাত বাধা দিব পাৰিলেহেঁতেন। চৰকাৰে এইদৰে সময় কিনি গৈ থাকিলে ক্ৰমান্বয়ে আন্দোলনটো দুৰ্বল হৈ গৈ থাকিব। মানুহৰ সংগ্ৰামী উদ্দীপনাৰো এটা সীমা আছে – যুদ্ধ কৰি থাকোতে অসীম বীৰত্ব প্ৰদৰ্শন কৰা মানুহেও যুদ্ধক্ষেত্ৰত অনিশ্চিতভাৱে অপেক্ষাত কালাতিপাত কৰিবলৈ হ’লে নিজৰ উদ্দীপনা ধৰি ৰাখিব নোৱাৰিব। ফলাফলহীন দীৰ্ঘদিনীয়া অপেক্ষাই আন্দোলনটোৰ মাজত হতাশা আৰু বিভাজনৰ সৃষ্টি কৰাটো খুবেই স্বাভাৱিক। চৰকাৰে সেই দিনটোৰ বাবেই বাট চাই আছে। ইতিমধ্যেই ভালেকেইজন কৃষক তথা নেতাই আত্মহত্যা কৰিছে – ইয়াৰ আঁৰত কিছু ক্ষেত্ৰত নিশ্চয়কৈ ত্যাগৰ জৰিয়তে আন্দোলনটোক উৎসাহ প্ৰদানৰ ইচ্ছা জড়িত হৈ আছে, কিন্তু হতাশাই ইয়াৰ ঘাই অন্তৰ্নিহিত কাৰণ বুলিব পাৰি। এনে ঘটনা আৰু তৎজনিত হতাশা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰবল। বাতৰিৰ বজাৰখন চালে দেখা যায় যে ভালেমান দিন ধৰি আন্দোলনটো আটাইতকৈ ডাঙৰ খবৰ হৈ আছিল, মানুহে সমৰ্থন কৰিছিল নে বিৰোধিতা কৰিছিল সেইটো ইয়াত দৰকাৰী কথা নহয়; কিন্তু লাহে লাহে তাৰ খবৰ-মূল্য কমি আহিছে। ইয়াৰপৰা বুজিব পাৰি যে ৰাজহুৱা পৰিসৰত আন্দোলনটোৰ এটা ক্ৰমাগত প্ৰান্তীয়কৰণ ঘটিবলৈ আৰম্ভ কৰিছে। চৰকাৰে সময় কিনি থাকিলে এই প্ৰক্ৰিয়াটো আগ বাঢ়ি গৈ থাকিব। কৃষক নেতৃত্বই স্পষ্টভাৱে জনাই আহিছে – ন’ এপিল, ন’ দলিল, অনলি ৰিপিল। গতিকে আলোচনা যিমান চলি থাকিব, চৰকাৰৰ সিমানেই লাভ। হয়তো শেষত ভাগৰুৱা আন্দোলনকাৰীসকলে কিবা এটা আংশিক প্ৰতিশ্ৰুতি লৈ বা একেটা স্থিতিত থাকিলে শুদা হাতে ঘৰমুৱা হ’বলগীয়া হ’ব পাৰে। কাৰণ এইটো ধ্ৰুৱ সত্য যে চৰকাৰে আইনকেইখন কোনো কাৰণতে প্ৰত্যাহাৰ নকৰে। সংঘ পৰিয়ালৰ ৰাজনীতি হ’ল এক প্ৰতীকীবাদৰ ৰাজনীতি – যিটো খেলা হয় ৰাজহুৱা পৰিসৰত এক নৈতিক যুদ্ধৰ ৰূপত। এই ৰাজনীতিৰ এটা মৌলিক চৰ্ত হ’ল যে সি কেতিয়াও পিছ হুঁহুকিব নোৱাৰে, মূৰ দোঁৱাব নোৱাৰে – পৃথিৱীখন ধ্বংস হৈ গ’লেও সি নৈতিক উচ্চস্থানতে থাকিব লাগিব। সি তেতিয়াহে পিছ হুঁহুকিব যেতিয়া পিছ হোঁহকাটোক এটা বিজয় হিচাপে সাব্যস্ত কৰিব পৰা যাব। এই আইনকেইখনৰ জৰিয়তে কৰ্প’ৰেটৰ স্বাৰ্থৰক্ষাৰ কথাতো আছেই, কিন্তু সংঘ পৰিয়ালৰ ৰাজনৈতিক চৰিত্ৰৰ ফালৰপৰাও আন্দোলনকাৰী কৃষকসকলে যিয়েই নকৰক, তেওঁলোকৰ যিয়েই নঘটক, আইনকেইখন প্ৰত্যাহাৰ কৰাৰ আশা নাই।
আন্দোলনটো ঠিক কেনেদৰে সামৰণি পৰিব কোনেও ক’ব নোৱাৰে। কিন্তু মোৰ অনুভৱ হ’ল, সি এক ট্ৰেজেডিৰ সৃষ্টি কৰিব। পৰাজয় বৰণ কৰিলেও সি এটা বীৰত্বপূৰ্ণ সংগ্ৰাম হিচাপেই থাকি যাব – হয়তো সি দেশজুৰি এক প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিব, হয়তো সি পাঞ্জাব-হাৰিয়ানাত নতুন ৰাজনৈতিক সমীকৰণৰ জন্ম দিব, হয়তো সি নিৰ্বাচনী ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব। কিন্তু খুব সম্ভৱ সি নিজে সফল হ’ব নোৱাৰিব। যদি সেইটোৱেই ঘটে, তেন্তে আমি প্ৰতিৰোধ আৰু প্ৰতিবাদৰ ৰাজনীতি সম্পৰ্কে আকৌ নতুনকৈ ভাবিব লাগিব।
আশা কৰিছো, মোৰ অনুভৱ আন্দোলনটোৱে ভুল প্ৰতিপন্ন কৰক।
(ৰচনাকাল: ০৫-০১-২১)
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2021/01/06/dillir-krixok-andulonor-bixoye-dutaman-kotha/ […]
LikeLike
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2021/01/06/dillir-krixok-andulonor-bixoye-dutaman-kotha/ […]
LikeLike