বাঘজানৰ চিতাজুই : এটা নিলিখা লেখাৰ নেগুৰডাল

‘বাঘজানৰ চিতাজুই’ – এনেকুৱা নাম এটা দি লেখা এটা লিখাৰ চিন্তা কৰিছিলো বাঘজানৰ ঘটনাটোক কেন্দ্ৰ কৰি পাৰিবেশিক ৰাজনীতি সম্পৰ্কে। কিন্তু জুই জ্বলি নুমায়ো শেষ হ’ল, বিভিন্ন কাৰণত লেখাটো লিখা নহ’লগৈ, আন বহুতো লেখাৰ দৰে। সেয়ে পটকৰে নেগুৰডালকে লিখি পেলাওঁ বুলি ভাবিলো, বিক্ষিপ্ত দুটামান কথা আৰু।

এই যে চিতাজুই বুলিছো, বাঘজানৰ জুইকুৰা কেৱল পৰিবেশতন্ত্ৰৰে চিতাজুই নহয় – সি এটা অঞ্চলৰ, এখন সমাজৰ, এক সংস্কৃতিৰ, হাজাৰজনৰ হাজাৰ স্বপ্নৰ চিতাজুই। এই যে জুইকুৰা নুমাই শেষ হ’ল বুলি কৈছো, আচলতে একো শেষ হৈ যোৱা নাই। জুইকুৰা অহৰহ জ্বলি আছে। ভুক্তভোগী ৰাইজে আজিও ন্যায়ৰ বাবে হাহাকাৰ কৰি আছে। ওচৰতে লাইকা-দধিয়াৰ ৰাইজে প্ৰতিবাদ কৰি আছে কেইবাটাও দশকৰ অন্যায়ৰ বিৰুদ্ধে। কালি নে পৰহি বাতৰি পালো, তাৰে কোনোবা প্ৰতিবাদকাৰী মহিলা ঢুকাইছে। হয়তো ভোকে-পিয়াহে, হয়তো ঠাণ্ডাত – সবিশেষ পঢ়া নাই বাতৰিটো। পঢ়িনো কি লাভ – এইবোৰ অৱধাৰিত ঘটনা, ঘটি থাকিব। সিফালে মিকিৰ বামুণী গাঁৱৰ মানুহৰ পৰা মাটি কাঢ়ি ল’ব বিচৰা হৈছে নিৰ্মল আৰু সেউজ শক্তিৰ নামত। এই সকলোবিলাক আচলতে একেখন ডাঙৰ উপন্যাসৰে কিছুমান সৰু সৰু অধ্যায় মাথোন – একেটা অখণ্ড প্ৰক্ৰিয়াৰে কিছুমান মুহূৰ্ত মাথোন। এই প্ৰক্ৰিয়াটোক সহজভাৱে আমি পুঁজিবাদী উন্নয়ন মডেল বুলিব পাৰো, যাৰ বহল বিশ্লেষণ পাছলৈ থ’লো। (বিশ্লেষণ দাঙি নধৰাকৈ ধাৰণাগত পৰিভাষা উল্লেখ কৰাটো সমস্যাজনক, কাৰণ তাক সৰলীকৃত ফৰ্মুলাসৰ্বস্ব ৰূপত গ্ৰহণ কৰা যাব পাৰে।)

কিন্তু এইবিলাক কথা পাতি কিনো লাভ হ’ব! যেতিয়া পৰিবেশ সংগঠনবিলাক বন্ধ কৰাটোৱেই হৈ পৰে পাৰিবেশিক ৰাজনীতিৰ প্ৰথম চৰ্ত। যেনেকৈ জাতীয়তাবাদী সংগঠনবিলাক বন্ধ কৰাটোৱেই হৈ পৰে জাতি ৰক্ষাৰ প্ৰথম চৰ্ত। পৰিবেশ ধ্বংসৰ যিটো গণবিৰোধী প্ৰক্ৰিয়াৰ বাবে লক্ষ লক্ষ খাটিখোৱা জনসাধাৰণ লুণ্ঠিত আৰু উচ্ছেদিত হৈছে, বহুবিলাক পৰিবেশ সংগঠন সেই প্ৰক্ৰিয়াৰে অবিচ্ছেদ্য অংগ। কৰ্প’ৰেট আৰু ৰাষ্ট্ৰৰ অনুগ্ৰহত চলা এইবিলাক সংগঠনে স্বাভাৱিকভাৱেই সেই দুই পক্ষৰ হাতধৰী লিগিৰীৰ কাম কৰি থাকে।

বাঘজানৰ ঘটনাৰ পাছৰপৰা অসমৰ ইলেকট্ৰনিক মেডিয়াত অইলৰ (People’s company) বিজ্ঞাপনীয় ভিজিবিলিটি বাঢ়ি গ’ল। আগতে কি আছিল নাজানো, কিন্তু মোৰ দৰে মাজে-সময়ে নিউজ চেনেল চোৱা মানুহৰ চকুতো এই পৰিবৰ্তনটো ধৰা পৰিছে। এতিয়া বিভিন্ন সময়ত অইলৰ বিজ্ঞাপন – তাৰ বদান্যতাৰ মহিমা কীৰ্তন। অন্ততঃ দুজন ডাঙৰ সাংবাদিকৰ মূল প্ৰগ্ৰেমকেইটা অইলে স্পন্সৰ কৰে – প্ৰশান্ত ৰাজগুৰু আৰু অতনু ভূঞা। তাৰ মানে তেওঁলোকৰ কণ্ঠৰ একধৰণৰ preventive detention – তেওঁলোকে অইলৰ বিৰুদ্ধে ক’লেহেঁতেন নে নাই সেইটো বেলেগ কথা। এই হঠাৎ ভিজিবিলিটি হ’ল অইলৰ এক ৰণকৌশল। ইয়াৰপৰা বুজিব পাৰি এই কোম্পানিবিলাকে বা শক্তিবিলাকে এইধৰণৰ ইছ্যুবিলাক কেনেকৈ মেনেজ কৰে। অলপ টকা খৰচ কৰিয়েই, অলপ বুজাপৰা কৰিয়েই কেনেকৈ বৃহৎ সামাজিক দায়িত্বৰপৰা ৰেহাই পাব পাৰে। কেনেকৈ অলপ বদান্যতা কৰিয়েই জঘন্য পাপৰপৰা মুক্তি লাভ কৰিব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা হ’ল, আমাৰ ইয়াত এনে কি অনুকূল সামাজিক-ৰাজনৈতিক পৰিবেশ আছে য’ত এই শক্তিবিলাকৰ ৰণকৌশলে অনায়াসে কাম কৰিব পাৰে?

থলুৱাৰ অধিকাৰ আৰু সম্পদৰ ঔপনিবেশিক লুণ্ঠনৰ কথা যিমান সহজে পতা যায়, যিমান সঘনে সিবোৰৰ শ্লোগান আওৰোৱা যায়, কথাবোৰ আচলতে সিমান সহজ নহয়। এই সম্পদ আহৰণকাৰী শক্তিবিলাক (ধৰক, অইল, অ’ এন জি চি বা আন কোনো প্ৰাইভেট কোম্পানি) ক’ৰবাত ওপঙি থকা নাই – সিবিলাকে আমাৰ সমাজ-ৰাজনীতিৰ সৈতে বহু সময় ধৰি সহাৱস্থান কৰি আহিছে, সামাজিক-ৰাজনৈতিক গাঁথনিবিলাকৰ মাজত সিবিলাকে নিজৰ বাবে একোটা স্পেচ উলিয়াই লৈছে। বিভিন্ন সামাজিক-ৰাজনৈতিক শক্তিবিলাকৰ সৈতে সিবিলাকে বিভিন্নধৰণে বুজাপৰা কৰি এক ভাৰসাম্যৰ প্ৰতিষ্ঠা কৰি লৈছে – যাৰ সহজে হৰণ-ভগন ঘটাৰ সম্ভাৱনা নাই। কেতিয়াবা ঘটাৰ সম্ভাৱনা দেখা দিলে কি কৰা যাব, ৰিস্ক মেনেজমেণ্টৰ সেইবোৰ ৰণকৌশলো সিবিলাকে আগতীয়াকৈ ঠিক কৰি ৰাখে। কিছুমান দল-সংগঠনে হয়তো চিধাচিধি দালালি কৰে, আন কিছুমানে হয়তো এটা দূৰত্ব বজাই ৰাখে। এই যে সম্পদ লুণ্ঠনৰ শ্লোগানবিলাক, সেইবিলাকৰ যে কোনো অৰ্থ নাই সেইটো এই উভয় পক্ষয়েই ভালদৰে বুজি পায়। কিন্তু এই শ্লোগানবিলাকৰ এটা ভূমিকা আছে – সেইটো হ’ল দল-সংগঠনবিলাকে কোম্পানবিলাকৰ সৈতে দৰদাম কৰিবৰ বাবে শ্লোগানবিলাক ব্যৱহাৰ কৰে। শ্লোগানবিলাক নহ’লে সিবিলাকৰ বজাৰত দাম নাইকিয়া হ’ব। কোম্পানিবিলাকৰ টিভিত দেখুওৱা বদান্যতাৰ বাবে যিমান খৰচ হয়, তাতকৈ বেছি খৰচ হয় দল-সংগঠনবিলাকৰ প্ৰতি কৰা বদান্যতাত। নিমখ খোৱা দল-সংগঠনবিলাকে সেইবাবে বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিবহি নোৱাৰে। কেৱল সেয়েই নহয়, কোম্পানিবিলাকৰ (ঘাইকৈ অইলৰ কথাই কৈছো) টকা বিভিন্ন সামাজিক অনুষ্ঠানৰপৰা শিক্ষানুষ্ঠানলৈকে সকলোতে বিয়পি আছে। বহু ক্ষেত্ৰত হ’ব পাৰে, কিন্তু সকলো ক্ষেত্ৰতে এয়া কোনো নিছক সুবিধাবাদৰ কথা নহয়। এই শক্তিবিলাকে তেনেকৈয়ে সমাজত নৈতিক গ্ৰহণযোগ্যতা আৰু প্ৰতিষ্ঠা আহৰণ কৰে। তাৰ মানে এই শক্তিবিলাক আমাৰ সমাজ-ৰাজনীতিৰ একোটা অভিন্ন অংগত পৰিণত হৈছে। সেইবাবেই আমি সিবিলাকৰ বিৰুদ্ধে ক‌ওঁ বুলিলেই যিকোনো কথা ক’ব নোৱাৰো, কৰো বুলিলেই যিকোনো কাম কৰিব নোৱাৰো। কিয়নো সিবিলাকে পোৱা চৰকাৰী সুৰক্ষাই এইক্ষেত্ৰত একমাত্ৰ বাধা নহয় – তাৰ বাদেও সিবিলাকক আগুৰি আছে ভালেমান সামাজিক-ৰাজনৈতিক সুৰক্ষা আবেষ্টনীয়ে। গণমুখী ৰাজনীতিত বিশ্বাসীসকলে পোনপ্ৰথমে এই সত্যটো অনুধাৱন কৰা দৰকাৰ।

আমি যেতিয়া এক নতুন প্ৰগতিশীল গণমুখী ৰাজনীতিৰ পাতিব পাৰিম, য’ত সমাজ-ৰাজনীতিৰ আধিপত্যশীল ক্ষমতা-গাঁথনিসমূহৰ পুনৰবিন্যাসৰ চৰ্ত থাকিব, আমি যেতিয়া এক গণমুখী পাৰিবেশিক আন্দোলনৰ কথা পাতিব পাৰিম, য’ত কৰ্প’ৰেটৰ বদান্যতাৰ বিপৰীতে থলুৱা সৰ্বসাধাৰণৰ সংগ্ৰামী সহযোগিতা থাকিব – তেতিয়াই আমি এই পুঁজি আৰু ৰাষ্ট্ৰৰ প্ৰতিনিধি শক্তিবিলাকক জবাবদিহি কৰিব পাৰিম, সফলভাৱে প্ৰতিৰোধ কৰিব পাৰিম, পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিব পাৰিম। নহ’লে বাঘজানৰ চিতাজুইকুৰা আমি কাহানিও নুমুৱাব নোৱাৰিম।

(ৰচনাকাল: ০১-০১-২১)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: