এদিন এখন ধাবাত ভাত খাবলৈ বুলি সোমাইছো। অলপ উচ্চ স্বৰত বাজি আছে লোকেল চুলাই-খ্যাত ত্ৰৈলোক্য সোণোৱালৰ পেৰডি গান এটা – ‘মিছকল মাৰি মাৰি মাৰি মাৰি/অ’ ভণ্টী টেষ্টিং কৰি চাওঁ/পুৰণাজনীক এৰি নতুন নতুন কণ্টেক্ট কৰি/ছোৱালীৰ লগত চেনি খাওঁ’ (মূল গান : বাবুৰ ‘পেডেল মাৰি মাৰি’)। হঠাতে উগ্ৰমূৰ্তি ধৰি ভিতৰৰপৰা মেনেজাৰজন ওলাই আহি হুলস্থূল লগাই দিলে। যি গানটো লগাই দিছিল সেই কাম কৰা ল’ৰাজনক ধমক এটা দি তেওঁ ফটাফট গানটো বন্ধ কৰি দিলে আৰু তাৰ ঠাইত জুবিনৰ বিহু এটা লগাই দিলে।
– এই সৰু ঘটনাটোৰপৰা আমি সাম্প্ৰতিক অসমৰ সাংস্কৃতিক ৰাজনীতিৰ ভালেকেইটা দিশ বুজিব পাৰো। ধাবা বস্তুটো হ’ল নগৰীয়া মধ্যবিত্তৰ বাবে নিৰ্মিত এক সাংস্কৃতিক প্ৰডাক্ট। অসমৰ ধাবাসমূহ অসমীয়া নগৰীয়া মধ্যবিত্তৰ গাঁওমুখী নষ্টালজিয়াৰে প্ৰতিমূৰ্তিস্বৰূপ – যি ‘থলুৱা’ খাদ্যসম্ভাৰ পৰিবেশন কৰে আৰু য’ত এটা গাঁওসুলভ পৰিবেশ বৰ্তাই ৰখা হয়। কিন্তু এই গাঁওখন লেতেৰা-পেতেৰা, খামখেয়ালি-সমস্যাৰে ভাৰাক্ৰান্ত সঁচাসঁচি গাঁওখন নহয় – ই হ’ল গাঁৱৰ এটা ৰোমাণ্টিক আৰু ছেনিটাইজড কাল্পনিক সংস্কৰণ। কেৱল ইয়াৰ সৈতেহে নগৰীয়া মধ্যবিত্তৰ সাংস্কৃতিক চেতনাই সহজবোধ কৰিব পাৰে। সঁচাসঁচি গাঁওবোৰ তেওঁলোকে ঘৃণা কৰে, সিবিলাকৰ অস্তিত্ব পাহৰি থাকিবলৈ তেওঁলোকে চেষ্টা কৰে। সি যি নহওক, ধাবাৰ সম্ভ্ৰান্ত সংস্কৃতিৰ সৈতে আমি নগৰৰ অলিয়ে-গলিয়ে থকা বিভিন্ন শ্ৰেণীৰ হোটেলবিলাকৰ তুলনা কৰি চাব পাৰো। ধাবাৰ গহীন পৰিবেশৰ বিপৰীতে এইবোৰত অনবৰত হুলস্থূল হৈ থাকে, মানুহে বিৰ দি বাট নোপোৱা হৈ থাকে। কিছুমান হোটেলত ভাৰতীয় গণতন্ত্ৰৰ এটা প্ৰকৃত ছবি এতিয়াও দেখিবলৈ পোৱা যায় – য’ত নিম্ন মধ্যবিত্ত কোনোবা ডেকা-গাভৰুৱে গাঁৱৰপৰা অহা কোনোবা গোৰোহা ফটা খেতিয়কৰ সৈতে ওচৰাউচৰিকৈ বহি চাহ-চিঙৰা খায়। আনহাতে, কিছুমান হোটেল হ’ল পূৰাপূৰি দুখীয়া মানুহৰ হোটেল, য’ত ঘাইকৈ দৈনিক শাৰীৰিক শ্ৰম কৰা মানুহবিলাকে খায় – এইবোৰক আমি সৰ্বহাৰাৰ হোটেল বুলি কওঁ। কিন্তু ধাবা হ’ল এই সকলো হুলস্থূল আৰু ধূলি-মাকতিৰপৰা বহু দূৰত। ইয়াক আমি অসমীয়া মধ্যবিত্তৰ সাম্প্ৰতিক সাংস্কৃতিক ৰাজনীতিৰ এটা প্ৰতীক বুলি অভিহিত কৰিব পাৰো। গতিকে ধাবা এখনৰ চিকচাক আৰু পৰিমাৰ্জিত পৰিবেশত ত্ৰৈলোক্য সোণোৱালৰ অভদ্ৰ গান এটা সহ্য কৰিব নোৱাৰি।
পাৰ্থ চেটাৰ্জীয়ে দাঙি ধৰা নাগৰিক সমাজ বনাম ৰাজনৈতিক সমাজৰ ধাৰণাক আমি একপ্ৰকাৰে ভদ্ৰ সমাজ বনাম অভদ্ৰ সমাজ বুলিও নামকৰণ কৰিব পাৰো। অসমৰ প্ৰেক্ষাপটত নগৰীয়া মধ্যবিত্তই সামাজিক-সাংস্কৃতিকভাৱে আধিপত্য কৰি থকা সাংস্কৃতিক পৰিমণ্ডলটো হ’ল ভদ্ৰ সমাজৰ পৃথিৱী। তাৰ বাহিৰত থকা গাঁও-নগৰৰ অধিকাংশ শ্ৰমজীৱী জনসাধাৰণেই হ’ল অভদ্ৰ সমাজৰ অন্তৰ্গত। ভদ্ৰ সমাজৰ সাংস্কৃতিক চাকচিক্য, নৈতিক ষ্টেণ্ডাৰ্ড আৰু আচৰণগত গাম্ভীৰ্য এইখন সমাজত নচলে। থাকোতে এইখন সমাজৰ ওপৰতো বহুধৰণৰ নিয়ন্ত্ৰণ আৰু হেঁচা আছে। পৰম্পৰাগত-ধৰ্মীয় নৈতিকতাৰ বান্ধোন আছে, আৰু সাম্প্ৰতিক সময়ত ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাই কঢ়িয়াই অনা সাংস্কৃতিক হেঁচা আছে। কিন্তু শ্ৰমজীৱী মানুহৰ তেজ-ঘামে কোনো নিয়ন্ত্ৰণ বা বাধা মানি নচলে, অনিশ্চিত জীৱন-পৰিস্থিতিয়ে ওফৰাই পেলায় আৰোপিত নৈতিকতাৰ সকলো বোজা। প্ৰখৰ ৰ’দত হাল বাই থকা খেতিয়কজনৰ দুখ, গাহৰি কাটি থকা ডেকাজনৰ ক্ৰোধ, চুলাই বেচি থকা বোৱাৰীজনীৰ যন্ত্ৰণা সেয়েহে ফাটি ওলাই আহে স্বতঃস্ফূৰ্তভাৱে – যাৰ প্ৰকাশ অভদ্ৰ, অশ্লীল, জংগী আৰু কত কি। ভদ্ৰ সমাজৰ মানুহবিলাকে সেইবোৰ শুনিলে ছিঃ বুলি কৈ নাক কোঁচাব। ত্ৰৈলোক্য সোণোৱাল হ’ল এই অভদ্ৰ সমাজখনৰে এজন জংগী প্ৰতিনিধি।
অভদ্ৰ মানুহৰ অভদ্ৰামিক ইমান দিনে চেপি-খুন্দি ৰখা হৈ আহিছে। নগৰীয়া মধ্যবিত্তই নিয়ন্ত্ৰণ কৰা ৰাজহুৱা পৰিসৰত এই মানুহবিলাকক অদৃশ্য কৰি ৰখা হয়, কেতিয়াবা যি অলপ চকামকা অস্তিত্ব দেখা যায় তাতো তেওঁলোকৰ সঁচা ছবিখন নাই – নাই তেওঁলোকৰ সমগ্ৰ জীৱন আচৰণ। আনকি তেওঁলোকক সচেতনভাৱে প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা সাহিত্য-শিল্পতো তেওঁলোকৰ পৰিমাৰ্জিত আৰু প্ৰগতিশীল ছবি এখনহে দাঙি ধৰা হয় যিখনক মধ্যবিত্তীয় নৈতিকতাই অনুমোদন জনাব পাৰে। ইয়াৰ মাজত পৰিলক্ষিত হোৱা খাটিখোৱা মানুহৰ জংগীপনাও একধৰণৰ পৰিশোধিত ৰূপৰ জংগীপনাহে – তাত জংগীপনাৰ আচল অভদ্ৰ ৰূপটোৱেই নাই। এই ছবিখন আমি ইমান দিনে দেখি আহিছো। এতিয়া সময় হৈছে ভদ্ৰ মানুহৰ অভদ্ৰামি উন্মোচন কৰাৰ, তেওঁলোকৰ দীঘল নাকবিলাক কটাৰ।
বিশ্বৰ প্ৰেক্ষাপটত চালে দেখা যায় যে এসময়ত বুৰ্জোৱা শ্ৰেণীয়ে যেতিয়া আইন আৰু গণতন্ত্ৰৰ কথা কৈ শ্ৰেণীশোষণ বৰ্তাই ৰাখিছিল, তেতিয়া বাঁওপন্থীবিলাকে অভদ্ৰামি কৰিছিল – অভদ্ৰামি কৰি বুৰ্জোৱা ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বান জনাইছিল। কিন্তু লাহে লাহে কল্যাণকামী ৰাষ্ট্ৰৰ দিনৰপৰা বাঁওপন্থীবিলাক ভদ্ৰ হ’বলৈ ধৰিলে। এতিয়া নব্য উদাৰতাবাদৰ একাধিপত্যৰ যুগত তেওঁলোক ভদ্ৰতাৰ পকা প্ৰতিনিধি হৈ পৰিছে। বিশ্বৰ বিভিন্ন দেশত সোঁপন্থী শক্তিবিলাকৰ উত্থান ঘটিছে, যিবিলাক শক্তি খুবেই অভদ্ৰ। এই অভদ্ৰামিয়েই সিবিলাকৰ মূল অস্ত্ৰ যাৰ জৰিয়তে সিবিলাকে শ্ৰমজীৱী জনসাধাৰণৰ সৈতে এটা জৈৱিক আৱেগিক-নৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। এই অভদ্ৰামিৰ জৰিয়তে সিবিলাকে প্ৰমাণ কৰি দিছে যে ইমান দিনে জনসাধাৰণক শাসন কৰি অহা এলিট গোষ্ঠীবিলাক কিদৰে জনসাধাৰণৰ শ্ৰেণীশত্ৰু, কিদৰে সেই গোষ্ঠীবিলাকে তেওঁলোকক ঘৃণা কৰি আহিছে। জনসাধাৰণৰ মাজত এই সোঁপন্থী শক্তিবিলাকৰ গ্ৰহণযোগ্যতাৰ এটা প্ৰধান কাৰণ হ’ল এই অভদ্ৰামি। কিন্তু তাৰ বিপৰীতে বাঁওপন্থীসকল আজি ঘাইকৈ হৈ পৰিছে আইন আৰু গণতন্ত্ৰৰ গহীন-গম্ভীৰ ভদ্ৰ পৃষ্ঠপোষক – আইনসন্মত ভদ্ৰতাৰপৰা এক আঙুলো ইফাল-সিফাল হোৱাটো তেওঁলোকে সহিব নোৱাৰে। ঐতিহাসিক বাধ্যবাধকতা তথা পাকচক্ৰ নিশ্চয় ইয়াৰ বাবে ঘাইকৈ জগৰীয়া, কিন্তু মতাদৰ্শগত সমস্যাও ইয়াৰ এটা কাৰণ বুলিব পাৰি। কিন্তু এই ভদ্ৰ অৱতাৰে বাঁওপন্থীক অভদ্ৰ সমাজখনৰপৰা আঁতৰাই ৰাখিছে, যাৰ সুবিধা লৈছে সোঁপন্থী শক্তিবিলাকে। অভদ্ৰামিৰ মূল্য যেতিয়ালৈকে বাঁওপন্থীসকলে নুবুজিব তেতিয়ালৈকে সমাজৰ অধিকাংশ মানুহৰ স্পৰ্শৰপৰা তেওঁলোক দূৰতে থাকিব। অসমৰ বাঁওপন্থী তথা প্ৰগতিশীল শ্ৰেণীটো আগৰেপৰাই ভদ্ৰ। তেওঁলোকে অসমীয়া জাতীয়তাবাদী মধ্যবিত্ত শ্ৰেণীৰ নৈতিক ভণ্ডামি তথা দ্বিচাৰিতাৰ কথা ক’লে, কিন্তু জাতীয়তাবাদী সংস্কৃতিৰ এটা গাঁথনিগত সমালোচনা বিকশিত কৰিব নোৱাৰিলে। ফলস্বৰূপে তেওঁলোকে নিজেও সেই সংস্কৃতিৰ এটা অংশ হৈ পৰিল। জাতীয়তাবাদী নৈতিক পৰিমণ্ডলৰ ভিতৰতে তেওঁলোকে সহজে এটুকুৰা জেগা উলিয়াই ল’লে। পাৰ্থক্য মাত্ৰ এটাই যে জেগাটুকুৰা তেওঁলোকে সাৰি-মচি চাফ-চিকুণ কৰি ৰাখে, প্ৰগতিশীল কৰি ৰাখে। সেই জেগাটুকুৰাত তলমূৰ কৰি আত্মনিমগ্ন হৈ অতদিনে বহি থকা বাবেই অসমৰ বাঁওপন্থী তথা প্ৰগতিশীল শ্ৰেণীয়ে তাৰ বাহিৰৰ অভদ্ৰ পৃথিৱীখন দেখা নাপালে। এনে কাৰণতে অসমীয়া বাঁওপন্থী তথা প্ৰগতিশীল শ্ৰেণীৰ বাবে অভদ্ৰ সমাজৰ প্ৰসংগটো আটাইতকৈ স্পৰ্শকাতৰ প্ৰসংগ, সি যেন একপ্ৰকাৰ একিলিছৰ গোৰোহা।
অভদ্ৰ সমাজৰ মাজত যিবোৰ ভয়ংকৰ ভয়ংকৰ বস্তু আমি দেখিম, যিবোৰ প্ৰতিক্ৰিয়াশীল উপাদান পাম, সেইবোৰ আচলতে সাম্প্ৰতিক অসমীয়া জাতীয়তাবাদী সংস্কৃতিৰ ঊধৰপৰা মূধলৈকে বিয়পি আছে। এই ৰক্ষণশীল, পদানুক্ৰমিক আৰু বৈষম্যপূৰ্ণ উপাদানবোৰ সংস্কৃতিৰ এক অভিন্ন অংগ হিচাপে বিদ্যমান হৈ আছে। ৰহস্যটো হ’ল এইটোৱেই যে ভদ্ৰ সমাজৰ সংস্কৃতিত সেইবোৰ উপাদান আছে কিছু সূক্ষ্ম আৰু পৰিমাৰ্জিত ৰূপত, যাক ঢাকি ৰাখিবলৈ এটা পৰিশোধিত ভাষা আছে। আনহাতে, প্ৰগতিশীল সমাজখনৰ মাজতো কম-বেছি পৰিমাণে জাতীয়তাবাদী সংস্কৃতিৰ এই উপাদানসমূহ বিচিত্ৰ শিলীভূত ৰূপত বৰ্তি থকা দেখিবলৈ পোৱা যায়। সাংস্কৃতিক উচ্চমন্যতা আৰু নিম্নবৰ্গৰ প্ৰতি নৈতিক বিদ্বেষেৰে তেওঁলোকে এক উচ্চ সংস্কৃতিৰ পোষকতা কৰে আৰু জনপ্ৰিয় সংস্কৃতিক হীন চকুৰে চায়। তেওঁলোকে যি গণমুখী সংস্কৃতিৰ কথা কয়, সিও বহু সময়ত এক অভিভাৱকত্ববাদী আৰু আলংকাৰিক প্ৰজেক্টৰ ৰূপ লয়। অসমত প্ৰগতিশীলতাৰ ইতিহাসত এনেকুৱা বহু মুহূৰ্ত আছে যেতিয়া সঁচাসঁচিকৈ অভদ্ৰ সমাজখনৰ সৈতে জৈৱিক সংযোগ স্থাপন হৈছিল। কিন্তু এতিয়া ক’বলৈ গ’লে তাৰ খোলাটোহে বাকী। ঐতিহাসিক পৰিস্থিতি তাৰ বাবে যেনেদৰে দায়ী, তেনেদৰে প্ৰগতিশীল সমাজখনৰ কূপমণ্ডূক আত্মসন্তুষ্টি আৰু ৰেডিকেল চেতনাৰ অভাৱো সমানেই দায়ী। সি যি নহওক, বহুতে ভবাৰ দৰে সাংস্কৃতিক ৰাজনীতিৰ দিশৰপৰা তথাকথিত উচ্চ সংস্কৃতি আৰু নিম্ন সংস্কৃতিৰ মাজত তেনে কোনো গুণগত পাৰ্থক্য নাই। তেনেহ’লে অভদ্ৰ সমাজক প্ৰতিনিধিত্ব কৰা নিম্ন সংস্কৃতিৰ জগৰটো কি? জগৰটো হ’ল অশ্লীলতা। অশ্লীলতালৈ ভদ্ৰ সমাজে এইবাবেই ভয় কৰে যে সি সমাজৰ প্ৰতিক্ৰিয়াশীল চৰিত্ৰ তেনেই নগ্ন ৰূপত উদঙাই দিয়ে – কেৱল অভদ্ৰ সমাজখনৰেই নহয়, ভদ্ৰ সমাজখনৰো, আচলতে সমগ্ৰ সমাজখনৰ। সি হ’ল সবাতোকৈ মুক্ত আৰু সেইবাবেই সবাতোকৈ ভয়ংকৰ। আনহাতে, অশ্লীলতা প্ৰশ্নটোৰ প্ৰধান সমস্যা হ’ল ইয়াত এটা সামাজিক সমস্যাক ভাষিক সমস্যা হিচাপে চিহ্নিত কৰা হয় আৰু ভাষিক পৰ্যায়তে তাৰ সমাধান বিচৰা হয়। সমাজত যদি কিছুমান প্ৰতিক্ৰিয়াশীল উপাদান আছে তেন্তে সেইবোৰ কেৱল মানুহৰ চেতনাত আবদ্ধ হৈ থকা নাই – সেইবোৰ অন্তৰ্নিহিত হৈ আছে সাংস্কৃতিক প্ৰেক্টিচ আৰু গাঁথনিসমূহৰ মাজত, যিবোৰৰ মাজত সনা-পোটোকা কৰি মানুহে জীৱন নিৰ্বাহ কৰি আছে। তাৰ মানে সেই উপাদানবোৰ হ’ল মানুহৰ জীৱন-পৰিস্থিতিৰ অভিন্ন অংগ। গতিকে সেইবোৰক বুজিবলৈ হ’লে, সেইবোৰৰ মোকাবিলা কৰিবলৈ হ’লে সামাজিক বাস্তৱতা হিচাপেই বুজিব আৰু কৰিব লাগিব। ভাষিক নিয়ন্ত্ৰণৰ জৰিয়তে সেইবোৰৰ প্ৰকাশ বন্ধ কৰি ৰাখি কোনো লাভ নাই। ৰাজনৈতিকভাৱে শুদ্ধ ভাষাই আচলতে ৰাজনৈতিকভাৱে অশুদ্ধ এখন ডাঙৰ পৃথিৱী লুকুৱাই ৰাখে।
আত্মসচেতন উচ্চ সংস্কৃতিৰ আধুনিকতাবাদী এলিট সামাজিক অৱস্থানৰ সৈতে নিম্নবৰ্গীয় জনসাধাৰণৰ জীৱন-পৰিস্থিতিৰ মৌলিক তফাৎ আছে যাৰ বাবে তেনে সংস্কৃতি তেওঁলোকৰ আপোন হৈ উঠাটো সম্ভৱপৰ নহয়। গতিকে নিম্নবৰ্গীয় অভদ্ৰ সমাজখনক প্ৰতিনিধিত্ব কৰিবলৈ থাকিল জনপ্ৰিয় সংস্কৃতি। প্ৰতিনিধিত্ব কৰাৰ মানে হ’ল তেওঁলোকৰ জীৱন-পৰিস্থিতি ফুটাই তোলাৰ লগতে তেওঁলোকৰ লগত এক আৱেগিক-নৈতিক সংযোগ স্থাপন কৰা। কিন্তু জনপ্ৰিয় সংস্কৃতি হ’ল এটা বহল আৰু বহুস্তৰীয় বস্তু। তাৰ ওপৰত নগৰীয়া মধ্যবিত্তৰ নিয়ন্ত্ৰণ থাকিলেও তেওঁলোকে সৰ্বাত্মক আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। যিহেতু জনপ্ৰিয় সংস্কৃতি এটা ঔদ্যোগিক-ব্যৱসায়িক বস্তু, গতিকে সকলো স্তৰৰ জনসাধাৰণৰ কাষ চাপিবলৈ বুলি সি নিম্নবৰ্গীয় জনসাধাৰণৰ যথাসম্ভৱ প্ৰতিনিধিত্বকৰণত গুৰুত্ব দিবলগা হয়। আনহাতে, জনপ্ৰিয় সংস্কৃতিক নিম্নবৰ্গীয় জনসাধাৰণে নিজৰ মতে সজাই-পৰাই, ভাঙি-পিটি গ্ৰহণ কৰে, যিটোৱে আকৌ ওলোটাই আহি জনপ্ৰিয় সংস্কৃতিক প্ৰভাৱান্বিত কৰে। নগৰীয়া মধ্যবিত্তৰ নিয়ন্ত্ৰণ বনাম নিম্নবৰ্গৰ প্ৰতিনিধিত্বকৰণ – অসমীয়া জনপ্ৰিয় সংস্কৃতিৰ জগতত এই দ্বন্দ্বৰ অহৰহ আৰু বিচিত্ৰ ৰূপায়ণ দেখিবলৈ পোৱা যায়। বিহু গানবিলাকেই ইয়াৰ আটাইতকৈ ভাল উদাহৰণ। বজাৰৰ অৰ্থনৈতিক আৰু নৈতিক হেঁচাৰ মাজতো এই বিহু গানবিলাকত মাজে-সময়ে নিম্নবৰ্গীয় অভদ্ৰ সমাজখনৰ প্ৰতিনিধিত্বৰ বহু ছবি সুলভ। কেতিয়াবা কেতিয়াবা সি ভদ্ৰতাৰ পৰিসীমা অতিক্ৰম কৰি যোৱাও পৰিলক্ষিত হয়, তথাপি শেষপৰ্যন্ত সি মধ্যবিত্তীয় নৈতিক পৰিমণ্ডলৰ বাহিৰ হৈ যাব নোৱাৰে। কিন্তু ত্ৰৈলোক্য সোণোৱালৰ কথাটো বেলেগ – তেওঁ দাঙি ধৰা অকলশৰীয়া সাংগীতিক ধাৰাটো হ’ল অসমীয়া জনপ্ৰিয় সংস্কৃতিৰ একেবাৰে তলৰ ফালৰ খাঁটি নিম্নবৰ্গীয় ধাৰা। সেইবাবেই তেওঁ কোনোবাদিনা মধ্যবিত্তৰ সন্মানৰ পাত্ৰ হৈ উঠিব বুলি কোনোমতেই ক’ব নোৱাৰি।
তাহানি ৰেডিঅ’ত প্ৰচাৰ হোৱা মুনীন দত্ত-হবিবুৰ ৰহমানৰপৰা এতিয়াৰ বুলবুল হুছেইনলৈকে ভালেমান শিল্পীৰ পেৰডি গান আমি শুনিছো। ৰেডিঅ’ত প্ৰচাৰ হোৱা কথাটোৱেই সেই পেৰডি গানবিলাকৰ সামাজিক চৰিত্ৰৰ ইংগিত দিয়ে। সেইবোৰ হ’ল নিৰামিষ আৰু খুহুটীয়া হাস্যৰস-সম্পন্ন, নিম্নবৰ্গীয় সামাজিক ছবি থাকিলেও সেয়া হ’ল চকামকা আৰু চোক নাইকিয়াবিধৰ। উদাহৰণস্বৰূপে, এটা গাধা ল’ৰাৰ কাহিনীৰে ‘মই এটি গাধা বৰ’ (মূল : ‘মই এটি যাযাবৰ’), পইচা নিদিয়াকৈ হোটেলত পুৰি খোৱাৰ কাহিনীৰে ‘পুৰি পুৰি’ (মূল হিন্দী : ‘নুৰী নুৰী’)। বুলবুল হুছেইন আদিৰ গানত বহু সময়ত সামাজিক ছবি পৰিলক্ষিত হ’লেও সিবিলাকৰ চৰিত্ৰ মূলতঃ খুহুটীয়া আৰু সিবিলাকক স্পষ্টভাৱে এটা ধাৰা বুলি ক’বলৈ অসুবিধা। অলপতে মুক্তিনাথ ভূঞা, শোভন হাজৰিকা নামৰ দুজন ব্যক্তিৰ ভালেকেইটা ভাল পেৰডি আমি ইউটিউবত শুনিলো, বিশেষকৈ ভূঞাৰ ‘ড্ৰিংকিং ৱাটাৰ চুলাই’ (মূল : কুসুম কৈলাশৰ ‘ৱাছিং পাউডাৰ নিৰ্মা’) এটা সুন্দৰ উদাহৰণ। কিন্তু ত্ৰৈলোক্য সোণোৱালৰ কথাই বেলেগ। অসমীয়া সংগীতৰ ইতিহাসত ইমান সাংঘাতিক পেৰডি আন কোনেও গোৱা নাছিল। তেওঁ এজন প্ৰতিভাশালী শিল্পী : ভাষা তেওঁৰ খুবেই শক্তিশালী, ব্যংগ তেওঁৰ খুবেই ধাৰাল আৰু সামাজিক চিত্ৰণ তেওঁৰ খুবেই জীৱন্ত। তেওঁ এজন শ্ৰমিক শ্ৰেণীৰ শিল্পী – তেওঁৰ গুণ আৰু সমস্যা, উভয় দিশৰপৰা। এইখিনিতে উল্লেখ কৰি থওঁ যে এই লেখাটোত থূলমূলকৈ এটা তাত্ত্বিক-ৰাজনৈতিক প্ৰেক্ষাপট দাঙি ধৰি সোণোৱালৰ গানসমূহ পৰিচয় কৰাই দিব খোজাহে হৈছে। গানসমূহৰ লগত জড়িত দুই-এটা প্ৰশ্ন আমি ইতিপূৰ্বে আন ঠাইত আলোচনা কৰিছো, কিন্তু বহুবোৰ প্ৰশ্ন বাকী। এই লেখাত সেই সমস্ত প্ৰশ্ন সাঙুৰি ল’বৰ বাবে স্থান আৰু সময় দুইটাৰে অভাৱ। সেইবোৰ পৰৱৰ্তী সময়ত সময়-সুবিধা বুজি আলোচনা কৰা যাব। সি যি নহওক, বিশেষভাৱে তেওঁৰ গানৰ আলোচনা কৰিবলৈ আন এটা কাৰিকৰী অসুবিধাও আছে। তেওঁৰ সৰহভাগ গান আমি এসময়ত কেছেটত শুনা; তাৰে কিছুমান মনত নাই, কিছুমান জান-নেজানকৈ মনত আছে। সেই গানবোৰৰ কিছুমানহে এতিয়া অনলাইন উপলব্ধ; তাৰ ভিতৰতো বহুখিনিয়েই অ’ৰ এটুকুৰা ত’ৰ এটুকুৰা দি কৰা খিচিৰি গান। তথাপি আমাৰ আলোচনাৰ মূল বক্তব্যসমূহ সমৰ্থন কৰিব পৰাকৈ কিছুমান গান তাৰ মাজতে আছে। সেইবিলাকৰপৰা কিছুমান উদাহৰণ তলত দাঙি ধৰা হ’ব।
প্ৰথমে আমি সোণোৱালৰ গান শুনিবলৈ যাওঁতে সন্মুখীন হোৱা এটা সমস্যাৰ কথা কিছু আলোচনা কৰি লওঁ যাৰ ইংগিত ওপৰৰ তাত্ত্বিক আলোচনাখিনিত দিয়া হৈছে। অসমীয়া জাতীয়তাবাদী সংস্কৃতিৰ প্ৰতিক্ৰিয়াশীল উপাদানবোৰৰ প্ৰায় সকলোখিনিয়েই সোণোৱালৰ গানত আছে। উদাহৰণস্বৰূপে, তেওঁৰ গানত ব্যাপ্ত হৈ আছে ভয়ংকৰধৰণৰ নাৰীবিদ্বেষ। হয়তো তেওঁ ব্যক্তিগতভাৱেও খুব নাৰীবিদ্বেষী হ’ব পাৰে, আৰু এইটো নিশ্চিত যে তেওঁ সেই নাৰীবিদ্বেষক একপ্ৰকাৰে কেপিটেলাইজ কৰিছে। কিন্তু এইটো কেৱল তেওঁৰ ব্যক্তিগত সমস্যা নহয়; তাৰ শ্ৰেণীগত ৰূপটো অলপ মন দিলেই ধৰিব পাৰি। আচলতে অসমীয়াত কমিক বস্তুটো সামাজিকভাৱে প্ৰতিক্ৰিয়াশীল ৰূপতেই প্ৰায় সদায় পৰিলক্ষিত হৈ আহিছে – কেৱল শ্ৰোতা-পাঠক-দৰ্শকৰ শ্ৰেণী লৈ লৈ তাৰ শ্ৰেণীগত চৰিত্ৰ ভিন্ন। উদাহৰণ হিচাপে আমি বাতৰিকাকত-আলোচনীৰ পাতত পোৱা কৌতুক, বিহুমঞ্চত হোৱা কমেডি শ্ব’, ভাওনাৰ মাজতে দেখুওৱা বহুৱালিৰ সামাজিক উপাদানসমূহৰ এটা তুলনামূলক আলোচনা কৰি চাব পাৰো। শেহতীয়াভাৱে অৱশ্যে কিছুমান আত্মসচেতন আৰু প্ৰতিক্ৰিয়াশীলতাৰপৰা মুক্ত কমেডিৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। সি যি নহওক, গ্ৰাম্য দৰ্শক-শ্ৰোতাক উদ্দেশ্য কৰি কৰা প্ৰায়বোৰ কমেডি-পেৰডিতে নাৰীবিদ্বেষ প্ৰবলভাৱে দেখিবলৈ পোৱা যায়। সোণোৱালৰ গানৰ নাৰীবিদ্বেষো এইটো ধাৰাৰে বস্তু। ইয়াৰ সামাজিক চৰিত্ৰ হ’ল নিম্নবৰ্গীয় শ্ৰেণীৰ। ইয়াত দুইধৰণৰ নাৰীক ব্যংগাত্মক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে – প্ৰথম হ’ল মধ্যবিত্ত নাৰী, দ্বিতীয় হ’ল ঊৰ্ধমুখী গতিশীলতাৰ পিছত দৌৰা নিম্নবৰ্গীয় নাৰী। ঠিকাদাৰৰ জীয়েক, গুণ মাষ্টৰৰ জীয়েক, মণ্ডলৰ জীয়েকৰ প্ৰেমৰ কথা, বদনামৰ কাহিনী তেওঁৰ বহুতো গানত আছে। ‘মাষ্টৰৰ চাকৰি কোনেও নকৰিবা ভাই/বছৰেকৰ সাতোমাহত দৰমহা নাই/এবছৰ দুবছৰ কৰি বহু বছৰ গ’ল/কণা হাঁহক পতান দিয়া গণতন্ত্ৰ হ’ল’ (মূল : জুবিনৰ ‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়’) বুলি তেওঁ গাইছে যদিও মাষ্টৰৰ প্ৰতিও তেওঁৰ সাধাৰণভাৱে ভাল ভাব নাই। মন্ত্ৰী, নেতা, ঠিকাদাৰ বাদেই, মাষ্টৰো তেওঁৰ বিদ্বেষৰপৰা সাৰি যোৱা নাই। নাৰীৰ শৰীৰ হ’ল এনে এখন সাংস্কৃতিক ৰণক্ষেত্ৰ য’ত জাতীয়তাবাদৰপৰা শ্ৰেণীগত যুদ্ধলৈকে সকলোধৰণৰ সাংস্কৃতিক যুদ্ধ সংঘটিত হয়। অসমীয়া জাতীয়তাবাদৰ ক্ষেত্ৰত এই যুদ্ধখন কেনেধৰণৰ সেই সম্পৰ্কে আমি ইতিমধ্যে একাধিক ঠাইত লিখিছো। ইয়াত সোণোৱালৰ গানবিলাকত পৰিলক্ষিত হোৱা মধ্যবিত্ত আৰু ঊৰ্ধমুখী গতিশীলতা-আকাংক্ষী নাৰীৰ বিৰুদ্ধে আক্ৰমণক আমি নিম্নবৰ্গীয় শ্ৰেণীগত বিদ্বেষৰে যৌনিক প্ৰকাশ বুলি অভিহিত কৰিব পাৰো। আনহাতে, বগী ছোৱালীৰ বিৰুদ্ধে কৰা বিষোদগাৰ তেওঁৰ বিভিন্ন গানত পোৱা যায় – ‘লংপেণ্ট পিন্ধা বগী ছোৱালীক/শাওণত জগা গৰু পোৱালিক/মৰম নকৰিবি চেনেহ নকৰিবি/পাবি মজা ভালকৈ/গৰমজান ঐ’ (‘ভাল পালে ভালকে পাবি/নেপালেও নাই জহনীযাতী’ গান; মূল : ‘মৰমজান’ কেছেটৰ ‘ভাল পালে ডেকা ল’ৰা’)। সৌন্দৰ্যৰ যিটো ষ্টেণ্ডাৰ্ড ধাৰণা সি হ’ল গোটেপাতে শ্ৰমিক শ্ৰেণীৰ বিৰোধী। ধুনীয়া হ’বলৈ হ’লে প্ৰাথমিক চৰ্তটো হ’ল শাৰীৰিক শ্ৰমৰ চাপ শৰীৰত থাকিব নোৱাৰিব – বাকীখিনি প্ৰসাধন, আচৰণ আৰু অন্যান্য সাংস্কৃতিক কাৰকে চম্ভালি ল’ব। সেই অৰ্থত কপালৰ ঘাম মাটিত পেলাই দৈনিক শ্ৰম কৰা মানুহ এজন বা ছোৱালী এজনী কেতিয়াও ধুনীয়া হ’ব নোৱাৰে। এনে অৱস্থাত নিম্নবৰ্গীয় সমাজত নাৰীৰ সৌন্দৰ্যৰ সৈতে শ্ৰেণীগত দ্বন্দ্ব এৰাব নোৱৰাকৈ বান্ধ খাই থাকে। সৌন্দৰ্য চৰ্চা হৈ পৰে নাৰীৰ সামাজিক গতিশীলতাৰ এক প্ৰধান উপাদান। সেইবাবেই সৌন্দৰ্য চৰ্চা কৰা নাৰীক জনপ্ৰিয় সংস্কৃতিত অহৰহ আক্ৰমণ কৰি থকা হয়। লংপেণ্ট পিন্ধা বগী ছোৱালীজনী তাৰে প্ৰতীক। শেহতীয়া সময়ছোৱাত বিশ্বায়নৰ ক্ৰমবৰ্ধমান প্ৰভাৱে গ্ৰাম্য সমাজৰ চুকে-কোণে সামাজিক গতিশীলতাৰ এক প্ৰচণ্ড ঢৌ বোৱাই দিছে। ম’বাইল, ইণ্টাৰনেটৰ জৰিয়তে এই গতিশীলতাৰ প্ৰৱণতাবিলাকে গাঁৱৰ পৰম্পৰাগত সামাজিক ব্যৱস্থাটোত এক গভীৰ সংকট তথা খেলিমেলিৰ সৃষ্টি কৰিছে। বিশেষকৈ নাৰীৰ ক্ৰমবৰ্ধমান আত্মসচেতনতা তথা গতিশীলতাৰ আকাংক্ষাই সমাজ তথা পৰিয়ালৰ পুৰুষতান্ত্ৰিক গাঁথনিৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গতিকে নাৰীৰ ওপৰত হেৰাই যাবলৈ ধৰা নিয়ন্ত্ৰণ সাব্যস্ত কৰাটো জৰুৰী হৈ পৰিছে। সামাজিক পৰিবৰ্তনৰ এই অস্থিৰ সময়ছোৱাতে গ্ৰাম্য সমাজত নাৰীবিদ্বেষে উক্ত ঐতিহাসিকভাৱে নিৰ্দিষ্ট ৰূপটো পৰিগ্ৰহ কৰিছে। ইয়াৰ জৰিয়তে এফালে শ্ৰেণীগত বিদ্বেষৰ উদগিৰণ ঘটিছে, আনফালে নিম্নবৰ্গীয় নাৰীসমাজক নিজৰ শ্ৰেণীগত অৱস্থান আৰু সামাজিক উত্তৰণ-প্ৰচেষ্টাৰ হাস্যাস্পদতাৰ কথা সোঁৱৰাই দিব বিচৰা হৈছে।
সোণোৱালৰ গানত দেখা পোৱা নাৰীবিদ্বেষৰ আন এটা প্ৰায় নেদেখা দিশৰ কথাও উল্লেখ কৰা দৰকাৰ। নিম্নবৰ্গীয় সমাজৰ শ্ৰমৰ পৃথিৱীখনত নাৰীৰ ভূমিকা কেন্দ্ৰীয় আৰু পুৰুষৰ সমানেই গুৰুত্বপূৰ্ণ। পুৰুষ আৰু নাৰীৰ মাজত কৰ্মৰ এক বিভাজন আছে, কিন্তু দুয়ো নিজৰ নিজৰ জেগাত অপ্ৰতিদ্বন্দ্বী; বহু সময়ত নাৰীয়ে পুৰুষৰ কামো কৰে। গতিকে ইয়াত নাৰীৰ ওপৰত সৰ্বাত্মক পুৰুষতান্ত্ৰিক নিয়ন্ত্ৰণ সম্ভৱপৰ নহয়। নাৰীৰ বিৰুদ্ধে পুৰুষৰ বিদ্বেষ থাকে, পুৰুষৰ বিৰুদ্ধেও নাৰীৰ বিদ্বেষ থাকে। এই সকলো যিহেতু পুৰুষতান্ত্ৰিক পৰিয়ালব্যৱস্থাৰ মাজতেই ঘটি থাকে, গতিকে শেষপৰ্যন্ত পুৰুষেই ইয়াত আধিপত্যশীল। কিন্তু তাৰ মাজতো দুয়োৰে মাজত এক বিৰোধমূলক ভাৰসাম্য থাকে, যাৰ জোৰত নাৰীয়ে বহু দূৰলৈকে দৰাদৰি কৰিব পাৰে। সোণোৱালৰ গানৰ দুই-এঠাইত মদ খাই অহা মতাটোক ৰাতি দুৱাৰ খুলি নিদি বাহিৰতে থাকিবলৈ বাধ্য কৰা, মদ খোৱাৰ ছলেৰে গাভৰু ছোৱালীৰ গাল বিচাৰি ফুৰা মতাটোক কোবাই পিঠিৰ ছাল ছিঙিম বুলি কোৱা নাৰীৰ উদাহৰণ পাওঁ। মধ্যবিত্তীয় পাৰিবাৰিক পৰিসৰত নাৰীৰ এনে প্ৰতিবাদী অৱস্থান কোনোমতেই সম্ভৱপৰ নহয়। সি যি নহওক, সোণোৱালৰ দৰে পুৰুষ শিল্পীৰপৰা নাৰীৰ এই পৃথিৱীখনৰ অধিক খবৰ আশা কৰিব নোৱাৰি। হয়তো কোনোবা নিম্নবৰ্গীয় নাৰী যদি পেৰডি শিল্পী হৈ ওলাই আহিলহেঁতেন, তেনেহ’লে আমি নিশ্চয় তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ প্ৰকাশ দেখিবলৈ পালোহেঁতেন। কিন্তু তেনে আশা কৰাটো কল্পনাৰো অগোচৰ। অসমৰ সংগীতৰ ইতিহাসত নাৰীকণ্ঠ নাই বুলিবই পাৰি। নিৰ্মলপ্ৰভা বৰদলৈৰ পাছত শক্তিশালী কোনো কণ্ঠ আমি দেখা পোৱা নাই। অসমৰ সমগ্ৰ সংগীত উদ্যোগৰে যদি এই অৱস্থা, পেৰডি গানৰ কথা তাত আলোচনা কৰি লাভ নাই। এইখিনিতে নিম্নবৰ্গৰ বিৰুদ্ধে নগৰীয়া মধ্যবিত্ত সমাজৰ শ্ৰেণীগত বিদ্বেষৰ বিষয়েও দুটামান কথা ক’ব পাৰি। মধ্যবিত্তই সমগ্ৰ নিম্নবৰ্গীয় সমাজখনকে আচহুৱা আৰু সমাজবিৰোধী ৰূপত চিত্ৰিত কৰে – নিম্নবৰ্গীয় পুৰুষ আৰু নাৰী উভয়ৰে যৌনিক চিত্ৰণৰ মাজেদি এই বিদ্বেষ প্ৰকাশ পায়। নিম্নবৰ্গীয় পুৰুষক মধ্যবিত্ত নাৰীৰ বাবে এক যৌন ভাবুকি হিচাপে প্ৰায়েই চিহ্নিত কৰা হয়। লিবাৰেল নাৰীবাদৰ মাজত এই শ্ৰমিকবিৰোধী প্ৰৱণতাৰ কিছুমান উপাদান দেখিবলৈ পোৱা যায়। আনহাতে, সমাজৰ বাধা-নিষেধক পৰোৱাই নকৰি শ্ৰমৰ পৃথিৱীত সহজ বিচৰণ কৰি ফুৰা নিম্নবৰ্গীয় নাৰীক সাধাৰণতেই যৌনভাৱে সুলভ বুলি ভবা হয়।
এতিয়া আমি ত্ৰৈলোক্য সোণোৱালৰ গানৰ মাজলৈ সোমাই যাব খুজিছো। তেওঁ ‘লোকেল চুলাই’ হিচাপে বিখ্যাত। চুলাই বস্তুটো পুৰণি দিনৰেপৰা সকলোৰে চিনাকি, কিন্তু লোকেল চুলাই বস্তুটো নতুন। বিশ্বায়ন-পৰৱৰ্তী অসমত ঘটা নিম্নবৰ্গীয় সমাজজীৱনৰ ব্যাপক পৰিবৰ্তনৰ প্ৰেক্ষাপটত এই শব্দযুগলৰ বিশেষ সামাজিক অৰ্থ আছে। পাৰ্মিটযুক্ত ৰঙা মদৰ বিপৰীতে ইয়াত লোকেল চুলাইক উপস্থাপন কৰা হৈছে – এটা যদি ভদ্ৰ সমাজৰ সম্পদ, আনটো হ’ল অভদ্ৰ সমাজৰ। আনহাতে, শেহতীয়াভাৱে গাহৰি মাংসই একধৰণে জাতীয় খাদ্যৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ আগ বাঢ়িছে, যদিওবা সি ধৰ্মীয়ভাৱে বহিষ্কৰণবাদী। গাহৰি মাংসৰ ক্ৰমবৰ্ধমান সাংস্কৃতিক গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাই জাতি-বৰ্ণৰ পৰিসীমা বহু দূৰলৈ অতিক্ৰম কৰি গৈছে, শ্ৰেণীগতভাৱেও তাৰ আবেদন সাৰ্বজনীন হৈ পৰিছে। কিন্তু গাহৰি মাংসৰ এই বিকাশ লোকেল চুলাইৰ সৈতে বান্ধ খাই আছে। গাহৰি পোহা আৰু কটা মানুহবোৰ ঘাইকৈ নিম্নবৰ্গৰ। চুলাইৰ নিম্নবৰ্গীয় চৰিত্ৰৰ কথা কোৱাৰ প্ৰয়োজনেই নাই। চুলাই আৰু গাহৰি – এই দুটা হৈ পৰিছে এক পাৰ্ফেক্ট যুটি, যি নিম্নবৰ্গীয় সমাজখনকেই সাংস্কৃতিকভাৱে প্ৰতিনিধিত্ব কৰে। একে আষাৰে ক’বলৈ হ’লে, লোকেল চুলাই সাম্প্ৰতিক অসমৰ নিম্নবৰ্গীয় জনসাধাৰণৰ কেৱল প্ৰতীকেই নহয়, সি গ্ৰাম্য অৰ্থনীতি আৰু সমাজৰ এটা কেন্দ্ৰীয় উপাদান – যাক কেন্দ্ৰ কৰি আবৰ্তিত হয় এই অভদ্ৰ মানুহবোৰৰ জীৱনৰ সংগ্ৰাম, সুখ-দুখ আৰু আশা-আকাংক্ষা। এনে এটা মুহূৰ্ততে আমালৈ ত্ৰৈলোক্য সোণোৱালে লৈ আহিছে লোকেল চুলাইৰ গান। চুলাইৰ বিষয়ে, তাৰ বিভিন্ন দিশ আৰু ৰূপক লৈ কিমান কি যে গান তেওঁ গোৱা নাই। লগতে আছে গাহৰি মাংসৰ কথা। লোকেল চুলাইৰ মাধ্যমেৰে সোণোৱালে নিম্নবৰ্গীয় জীৱনচৰ্যাৰ এখন বিস্তাৰিত আৰু সজীৱ ছবি দাঙি ধৰিছে। খেতিয়ক (ওহোঁ ওহোঁ কলেজৰ চাকৰিয়াল – গাঁও অঞ্চলত কথাটো বহুলপ্ৰচলিত, শ্ৰেণীগত ব্যঞ্জনাৰে সমৃদ্ধ ই এটা সৃষ্টিশীল উদ্ভাৱন), গাহৰি কটা ডেকা, ছাগলী বেপাৰীৰপৰা গাড়ীৰ হেণ্ডিমেন-ট্ৰেফিক পুলিচলৈকে, গৰুচোৰৰপৰা পকেটমাৰলৈকে সকলোৰে কথা গাইছে। সাম্প্ৰতিক ৰাজনীতি-অৰ্থনীতিৰ খবৰো মাজে মাজে পৰিলক্ষিত হয় : ধেমাজিৰ বোমা বিস্ফোৰণ, ডিকমৰ তেলত জুই লগা, মন্ত্ৰী-এমেলেৰ দুৰ্নীতিৰপৰা এটকীয়া ফোনৰ কাহিনীলৈকে বিভিন্ন প্ৰসংগ গানত আহি পৰিছে। কিন্তু তেওঁৰ গানৰ মূল বিষয় হ’ল নিম্নবৰ্গীয় শ্ৰমিকসমাজৰ জীৱন-পৰিস্থিতি।
এতিয়া আমি মূল জনপ্ৰিয় গানটোহঁতৰ সামাজিক অন্তৰ্বস্তুখিনি কেনেকৈ সোণোৱালে পেৰডিৰ মাজত সলাই পেলাইছে তাৰ দুই-এটা উদাহৰণ দিব খুজিছো। জুবিন গাৰ্গে বিখ্যাত ‘আমি যেন যন্ত্ৰ’ গানটোত এজন মধ্যবিত্ত ব্যক্তিৰ গোটেই জীৱন-চক্ৰ চিত্ৰৱৎ ৰূপত দাঙি ধৰিছে, আৰু দেখুৱাইছে যে সেই জীৱন কেনেদৰে যান্ত্ৰিক আৰু নিষ্প্ৰাণ। কিন্তু সেই গানটোৰ পেৰডি কৰি সোণোৱালে অংকন কৰিছে এজন ট্ৰেফিক পুলিচৰ জীৱনৰ যন্ত্ৰণাকাতৰ চিত্ৰ – এনেকৈ তেওঁ মূল গানটোৰ একধৰণৰ শ্ৰেণীগত ৰূপান্তৰণ ঘটাইছে।
ৰাতিপুৱাই শুই উঠি যাবৰে হয় লেট্ৰিনলৈ
মধুৰ মধুৰ কল্পনাবোৰ লেট্ৰিনতহে আহে মনলৈ
মানুহজনীৰ কেতকেতনিত ততালিকে আহো বাহিৰলৈ
নাকে-মুখে এগাল গুঁজি ডিউটিলৈ দৌৰ মাৰো হুইছেলটো লৈ
আমি যেন জন্তু
একো একোটা জন্তু জন্তু
চাৰিআলিৰ সোঁমাজতে লাঠি জোকাৰি থাকো হুইছেল বজাই
মন্ত্ৰী আহে ছাইৰেন বজাই ছেকেণ্ডত দিব লাগে ৰাস্তা উলিয়াই
ঠেলাৱালা ৰিক্সাৱালাক পিঠি ফালি দিওঁ কোবাই কোবাই
ঐ নহ’লে মোৰ চাকৰি যায় বেজাৰ লাগে জানা সিহঁতক কোবাই
আমি যেন জন্তু
চ’তৰ শেষত ব’হাগ আহে দুখন হিয়াৰ জানা মিলন ঘটে
ভাবিবলে’ কাৰো সময় নাই ট্ৰেফিকৰো এখন হৃদয় আছে
আই বোপাই ভনীজনীক খুৱাই আছো দুবেলা দুমুঠি
কেতিয়াবা এনে লাগে এৰি দিম এনেকুৱা চাকৰি
কেতিয়াবা এনে লাগে নকৰিম যেন ট্ৰেফিকৰ চাকৰি
আমি যেন জন্তু।
জুবিনে গাইছে এইবুলি –
তুমি মই এদিন জানা ঘৰ সাজিমে ঘৰ সাজিমে
তাতে জোন থাকিব তাতে তৰা থাকিব
তাতে মৰমতে আমাৰ মাইনাই ওমলি থাকিব . . . ।
তাৰ পেৰডি কৰি সোণোৱালে গাইছে এইবুলি –
তুমি মই মিলি এদিন ঘৰ সাজিমে ঘৰ সাজিমে
তাতে ছাগলী থাকিব তাতে গাহৰি থাকিব
তাতে পাতিহাঁহে ব্ৰইলাৰ কণী উমনি ল’ব . . . ।
জুবিনে গাইছে এইবুলি –
শুনা জানমইনা ঐ তোমাৰ নাম শিলত লিখিম তোমাৰ নাম বতাহত লিখিম
তোমাৰ নাম ফুলনিত লিখিম
আৰু লিখিম হিয়াত
শুনা জানমইনা ঐ বতাহে বাতৰি দিব
শিলেৰে নিজৰা ব’ব ফুলে সুগন্ধি দিব
হিয়াই মোৰ শান্তি পাব
সোণোৱালে তাক খুহুটীয়া ৰূপ দি গাইছে এইবুলি –
শুনা ললিতা ঐ তোমাৰ নাম গছত লিখিম স্কুলৰ বেন্সত লিখিম
আৰু লিখিম হাতত লেট্ৰিনৰ দেৱালত
হেডছাৰে পঢ়ি চাব কথাবোৰ বুজি পাব
স্কুলৰপৰা তোমাক উলিয়াই খেদি দিব
তেহে মোৰ শান্তি হ’ব . . . ।
এনেকৈ তেওঁ জনপ্ৰিয় অসমীয়া আধুনিক তথা বিহু গানবিলাকৰ সামাজিক উপাদানসমূহকে যে সলাই পেলাইছে তেনে নহয়, মূল গানবিলাকৰ বিমূৰ্ততাকো প্ৰত্যাখ্যান কৰিছে আৰু তাৰ ঠাইত দিছে এক কংক্ৰিট ৰূপ।
দীক্ষুৱে গাইছে এইবুলি –
আহ ঐ আহ খেতি কৰবাক লাগি
কান্ধত নাঙাল লওঁ
আহ ঐ আহ আখৰ চিনবাক লাগি
হাতত কিতাপ লওঁ . . .।
সোণোৱালে এই গানটোক সামাজিকভাৱে জংগী আৰু ব্যংগাত্মকভাৱে ধাৰাল ৰূপ দি এটা শক্তিশালী পেৰডি সৃষ্টি কৰিছে এইদৰে –
আহ ঐ আহ লেট্ৰিন কৰবাক লাগি
হাতত টেমা লওঁ
আহ ঐ আহ মাটি-পানী লবাক লাগি
হাতত ছেম্পু লওঁ
ঐ ঢেঁকীয়া মূঢ়া য’তে পাবা ত’ত দিবা বহি
ঐ বাংলাদেশীৰ উদাহৰণ আমি ল’ব নৰু নেকি
আহ ঐ আহ লেট্ৰিন কৰবাক লাগি
হাতত টেমা লওঁ ঘটি লওঁ বটল লওঁ
ইউৰিয়া দিয়া বন্ধাকবি খাই ঐ নাই নাই
অসমবাসীৰ পেটৰ গেৰাণ্টি নাই
ঢপলিয়াই গৈ বাঁহনি তল নেপায়
ফঁচ ফঁচ যেনিতেনি হাৱা লিক হৈ যায়
সেইফালে কেইটামান যা অ’ সৰুকণ বাইক পোনাকণ
এইফালে কেইটামান যা চাদা মলি খা
এইফালে কেইটামান যা য’তে-ত’তে বহি চাদা মাৰি খা
কচুৱনি ঢেঁকীয়ানিৰ মাজে মাজে
তিয়নী দাঙি দাঙি বহি যা
অসম দেশত বহিবলে জেগা নাই নাই নাই
বাংলাদেশীয়ে আহি ল’লে ঠাই
চৰকাৰৰপৰা যিটো লেট্ৰিন পায় হায় হায়
দুটাই হাগিলে টেংকি ফুল হৈ যায়
কছাৰী ভাইহঁত আহ দেউৰী মিচিং চুতীয়া আহোম কলিতাখিনিও আহ
ঐ তিয়নী দাঙি দাঙি আহ
কছাৰী ভাইহঁত আহ দেউৰী মিচিং চুতীয়া আহোম কলিতাখিনিও আহ
গুৱাহাটীলৈ যাওঁ
জনতা ভৱনৰ সন্মুখতে লানি পাতি বহি যাওঁ
আহ ঐ আহ লেট্ৰিন কৰবাক লাগি হাতত টেমা লওঁ
ঘটি লওঁ বটল লওঁ টেকেলি লওঁ . . .।
সামৰণিত দুটামান গানৰ কথাংশ নমুনা হিচাপে দাঙি ধৰা হ’ল – কিছুমান সম্পূৰ্ণ, কিছুমান আংশিক। স্থানাভাৱৰ বাবে বহল ব্যাখ্যাৰ কথা বাদ দিছো।
টেনছন বাঢ়ি গ’লে চুলাই খাবা
চুলাই খাই বমি হ’লে নকৰিবা
বটল ভাগি গ’লে পেলাই দিবা
পিছে নিচা ফাটি গ’লে অ’ মোৰে যগেশ্বৰ
ৰাতি শুব জানো পাৰিবা
বয়সে কোবালে হাফ চেন্সুৰি
এতিয়াও যৌৱনে কৰে আমনি
ৰাতি ৰাতি নাহে মোৰ টোপনি
পিছে দাম কম নিচা বেছি টোপনিয়ে ধৰে হেঁচি
চুলাই তোমাৰ কি বাহাদুৰি
পিছে মালকণ কাঢ়া হ’লে ৰাতিপুৱা ৰ’দ দিলে
নুগুচে মাথাৰ টিংটিঙনি
প্ৰথমে চুলায়ে ফুলাই দিব
ছোৱালীয়ে দেখিলেই প্ৰেমত পৰিব
লাহে লাহে দেহা শুকাই যাব
পিছে কামীহাড় ওলাই গ’লে মাইকীয়ে তালাক দিলে
ভগা বীণ বাই ফুৰিব লাগিব
পিছে মাইকীয়ে তালাক দিলে তিৰী থাকিও বৰলা হ’লে
ফপৰা কুকুৰে চেলেকিব।
………………
অ’ মোৰ লোকেল চুলাই
তই ক’লৈনো ঢাপলি মেলিছ
ৰঙাপানী বটলৰ উৎপাত দেখি তই
কিয়নো লাজতে লুকাইছ
গেলা গুৰৰ দাম হেনো বহু বাঢ়ি গ’ল
লোকেল চুলাইৰ ঘাটি নোহোৱা হ’ল
মদপীৰ মূৰৰ কামোৰণি সেয়েহে হ’বলা বাঢ়িছে
সেয়েহে হ’বলা বহু মদপীয়ে হাতত ভাঙৰ চিলিম তুলিছে
ৰঙাপানী টিঘিল নিঘিলাবি
লোকেল চুলাইক তই নেখেদিবি
আমাৰ দৰে গৰীবক নবধিবি
দহ টকা দি লৈ এবটল খাই লৈ
মানুহজনীক পিটাৰ সুবিধাকণ তই কাঢ়ি নল’বি
ৰাতিটোতে বহু ডেকা সভ্য হ’ল
ৰঙাপানী দোকানৰ মালিক হ’ল
চৰকাৰে কিয় জানো এনে কৰিলে
যাকে-তাকে ৰঙা মদৰ পাৰ্মিট দিলে
সেয়েহে এইবাৰ ব’হাগতে সকলো ৰাইজ আহিব
বিহুমেলাৰ লগতে আঁহতৰ তলতে
চুলাইৰ মেলাখনি পাতি দিম।
………………
বাটি ভৰাই ব্ৰইলাৰ মাংস গিলাছ ভৰাই মাল
গিলাছ ভৰাই মাল ঐ অৰুণাচলৰ লাল
ৰাতি পুৱালেই মাথা টিংটিঙায়
কেনেকৈ বাবি হাল
কেনেকৈ বাবি হাল ঐ গৰুৰ ঠেঙত লাগে ফাল
ৰঙা মদতকৈ ফুলেশ্বৰৰ ঘৰৰ গুৰৰ চুলায়েই ভাল
ৰাতিটোতে যায় জাল ঐ নেখাওঁ বাপেকে লাল
(নাৰীকণ্ঠত) মতা মানুহে চুলাই বিকিলে ঢিলা বুলি কয়
ঢিলা বুলি কয় ঐ খালেও নিচা নহয়
বাঁৰী মানুহৰ পানী দিয়া মাল ডাবল বুলি কয়
ডাবল বুলি কয় ঐ নেখালেও নিচা হয়
গাভৰু দুজনী জীয়েক থাকিলে কথায়েই বেলেগ হয়
ডেকা ল’ৰাৰ সোঁত বয় ঐ খোপনি পিটি ৰয়
ডেকা ল’ৰাৰ সোঁত বয় ঐ মালে নোজোৰা হয়
ৰঙা মদত ভেজাল সোমাল মদাহী সন্থাই কয়
মদাহী সন্থাই কয় ঐ খালেও নিচা নহয়
পেচাব কৰিলেই নিচা গুচি যায় দম নাইকিয়া হয়
দম নাইকিয়া হয় ঐ ঘৈণীলেও লাগে ভয়
মহলৰ মাল খুলি খাবা লেট্ৰিন খোলোচা হয়
পুলিচলে নাই ভয় নাই ঐ লেট্ৰিন খোলোচা হয়
মানুহজনীলে ভয় ঐ ফালি পেলাম বুলি কয়
(নাৰীকণ্ঠ) ডালডাত ভজা ৰুটী খালে কুকুৰৰ যায় ছাল
কুকুৰৰ যায় ছাল ঐ ফাপৰে ধৰা মাল
চুলাইৰ ধান্দাত তই বিচাৰি ফুৰ গাভৰুৰ কোমল গাল
গাভৰু ছোৱালীৰ গাল ঐ বাঁৰী মানুহৰ গাল
হাতে-লোটে মই যিদিনা ধৰিম তেতিয়া খাবি মাল
ছিঙি দিম পিঠিৰ ছাল ঐ তেতিয়া খাবি মাল।
………………
মামনী চুলাই খালো বুলিয়েই মোক কৰ অপমান
জাননে চুলাইৰ ডিমাণ্ড
মামনী নুবুজিবা চুলাই মদৰ মহিমা কিমান
গাখীৰতকৈও ডিমাণ্ড
ফুলিও খাই চালো লাওপানীও খাই চালো
ৰঙাপানীও কৰিলো পান
নামতহে বহু দাম খালেও নিদিয়ে কাম
চুলায়েহে ৰাখিছে মদৰে সন্মান
অচিনাকি জেণ্টলমেনক খুৱালি জলপান
কৰি মোকে অপমান
আজিকালি জেণ্টলমেনে চুলাই কৰে পান
কথাটি কৰিছনে কাণ
নদীখন চুলাই হ’লে পাহাৰবোৰ মাংস হ’লে
তোৰ দৰে মাইকীৰ নাই কাম
তালাক দি গুচি যাম বৰলা ভাতকে খাম
নিজৰ মতাটোকে তই কৰ অপমান
ৰুণুমাই এ’ উঠিব লাগিব চাইকেলৰে কেৰিয়াৰত
হাগিব লাগিব বাৰীৰে পিছফালে ঢকুৱা বেৰৰ পায়খানাত
আৰু মই ওলাই যাম ওহোঁ ওহোঁ কলেজলৈ
জান হাততে হালোৱা এছাৰিডাল লৈ
কাকা (?) চাদা এপালি ওঁঠত ভৰাই বুঢ়া গৰু ঠেলিম নেগুৰ পকাই
(নাৰীকণ্ঠ) দেহিটি এ’ সোণালী ঘড়ীৰে চছমা টুপীৰে
ফুৰিছিলা তুমি ফিটিঙত
নাভাবি নুশুনি তোমাৰ প্ৰেমত পৰি
লাগিলো নলগা জেঙত
বিয়াখন নহ’লে বেয়াকৈ ওলাব গাঁৱত
ল’বও নোৱাৰো চিপজৰী চিলিং ফেনত
কালাৰ টিভি যদি নিওঁ যৌতুকত
শহুৰদেউতাই তুলিব ধোঁৱাচাঙত
ঐ চহৰে-নগৰে গাঁৱে-ভূঁয়ে এটকীয়া টেলিফোনবোৰ ওলালে
পলাই যাওঁ পলাই যাওঁ কৰি থকা তেল পিছলা গাভৰুহঁতৰ ফেচেলিটি বাঢ়িলে
দোকানী দাদা দোকানী দাদা দিয়ানা এটকীয়া দুটা
বয়ফ্ৰেণ্ডলে লগাওঁ মই ফোন
(নাৰীকণ্ঠ) হেল্ল’ হেল্ল’ পিংকুদা বাইকখন লৈ আহি যোৱানা
কমাৰ্চ কলেজৰ সন্মুখলৈ আছো জানা তোমালৈ ৰৈ
ওঁঠ চেপিলে চাদা ওলোৱা পিংকু দাদা পৰিল মহা বিপদত
মটৰ চাইকেলখন ভিনীয়েকৰহে ছাবিটো মাৰি ভৰাই লৈ গ’ল পকেটত
প্ৰেমত নচলে জোৰা-টাপলি মাতিলে যাবা ঢাপলি মেলি
তেহে ল’ব পাৰিবা বয়ফ্ৰেণ্ডৰপৰা হাজবেণ্ড পদলৈ প্ৰমোচন
………………
এইবেলি ফাগুনত উজনি অসমত চুলাইপানী খাই বহুত মানুহ মৰিলে
চহৰে নগৰে গাঁৱৰ মাজে মাজে আবকাৰী সোমাই চুলাই ভাটিবোৰ ভাঙিলে
হঠাতে কিনো হ’ল খেলিমেলি লাগি গ’ল
মাল অকণ খাবলৈ নোপোৱা হ’লো
মালৰে কোৱাৰ্টাৰ আশী টকা হ’ল ওচৰ চাপিবই নোৱাৰি
টেকিলা ৰাইনো চেম্পিয়েন গিলি জীয়াই থাকো কেনেকৰি
অসমীয়া ডেকা চুলাইটো বাদ দিয়া
শিৱ মন্দিৰত গৈ চিলিমতে ধৰো আহা . . .
………………
আছাম ট্ৰেক্টৰ মানে কি অ’ মৰমী
আছাম ট্ৰেক্টৰ মানে হ’ল গাহৰি মাংস
মদৰ বটল লগত হ’লে মিলি যায় অংক
ছোৱালীবিলাক বেয়া হৈছে হাতত ম’বাইল পাই
বোৱাৰীবিলাক বেয়া হৈছে অৰ্ধাংগিনী চাই
ল’ৰাবিলাক বেয়া হৈছে কে পি বিমল খাই
মোৰ নিচিনা ভাল ল’ৰা জানা অসম দেশত নাই
ভাল পাবানে কোৱা নিৰু ভাল পাবানে কোৱা
তোমাৰ বিনে জীৱনটো মোৰ চিগাৰেটৰ ধোঁৱা . . .
………………
বছৰৰ মূৰত এখনেই আহে আমিৰ খানৰ চিনেমা
বহল বুকুৰ ডেকা দেখিলে ছোৱালী হয় পগলা
মংগল পাণ্ডে চাই আহিছো অনুৰাধা হলত গৈ
দুলীয়াজানৰ ছোৱালীয়ে টকালে নকৰে ভয়
(নাৰীকণ্ঠ) কেন্সাৰ হেনো ডেঞ্জাৰ বেমাৰ ধনীৰাম ডাক্তৰে কয়
এবাৰ হেনো সাপে খুঁটিলে কেঁচুলৈকো লাগে ভয়
অফিচাৰ হৈ ঘূৰি ফুৰ চুৰেন চোৰৰ পুতেক তই
চিটিবাছত পকেট মাৰ নাযাওঁ জান তোলৈ মই
তুমি মই মিলি এদিন ঘৰ সাজিমে ঘৰ সাজিমে
তাতে ছাগলী থাকিব তাতে গাহৰি থাকিব
তাতে পাতিহাঁহে ব্ৰইলাৰ কণী উমনি ল’ব
(নাৰীকণ্ঠ) জানো মই তই যিখন ঘৰ সাজিবি ঘৰ পাতিবি
তাতে চিলিম থাকিব তাতে বটলো থাকিব
তাতে ৰাতি ৰাতি তিনিপটী জুৱাখেল চলিব
গুণলতা ঐ চাকৰি নেপাই পুহিছো মই গাহৰি
আবেলি ঐ আবেলি নেপাওঁ জানা আহৰি
তিনিটা গাহৰি কাটো মই দুঘণ্টাতে ফিনিছ হয়
টকা-পইচালে নকৰো ভয় . . .
গুণলতা ঐ দেশত ঘটিল অথন্তৰ
কোঁচ কলিতা মহন্ত সকলোৱে গাহৰি খায়
লাগিলে কিনি দিম অ’ জান ঐ এয়াৰটেলৰ ম’বাইল ফোন
সঁচাকে সুধিছো কাষত তোমাৰ এয়া কোন
নলগাবা প্ৰেমলতা তোমাৰ মোৰে পিৰীতিত ঘুণ
ওঁঠতে লগালা জান ঐ ৰঙাকৈ লিপিষ্টিক
চুলাই খোৱা দেহা হ’ল মোৰ ৰোমাণ্টিক
বেঁকাকে মোলৈ চাই মাৰিলা চকুটিপ
জান ঐ ঐ ছেকেণ্ড স্কুটাৰত ময়ো লগাই দিলো কিক
………………
হঠাৎ বাৰু কিনো হৈ গ’ল লাগিল গণ্ডগোল
যেনিতেনি বোমা ফুটি মৰিছে মানুহবোৰ
বৰলা হৈ মৰো বুলি সদায় উঠে জ্বৰ
আহ যদি চেনীমাই তই ছিঙা-কটা কৰ
সিদিনা আছিল স্বাধীনতাৰ কাহিলি পুৱা
ধেমাজীৰে খেলপথাৰত পুতিলে বোমা
কণমইনাহঁত ওলাই গৈছিল পতাকাস্থলীলৈ
সিহঁত আৰু ঘূৰি নাহিল চিৰদিনলৈ
বোমা ফুটাৰ বাতৰিয়ে কঁপালে দিছপুৰ
ভাগি-ভুৰি আহিল মন্ত্ৰী এমেলেবোৰ
মিঠা মিঠা ভাষণেৰে সান্ত্বনা দিলে
পাঁচ লাখ টকাৰে পোনাকণহঁতৰ জীৱন কিনিলে
হায় ঐ ললিতা জীৱনৰ শলিতা
কেঁকোৰা নাঙলে খাই দিলে কলিজা
ৰাতিপুৱাই শুই উঠি হুৰহুৰ হাৰহাৰ গৰুহাল আগত লৈ হুৰহুৰ হাৰহাৰ
শুকান বিড়ি এটা জ্বলাই ঐ ললিতা গুণাৰাম কলিতা
বুকুতে জ্বলালা প্ৰেমৰে শলিতা
তুমি মোৰ জীৱনৰ এবটল ফটিকা তুমি মোৰ জীৱনৰ পোৰা মাছৰ পিটিকা
মাৰে মাষ্টৰণী বাপেৰে দোকানী তথাপি ললিতা তুমিহে শুকানী হ’লা . . .
………………
চাইকেলৰ কেৰিয়াৰত তোকে তুলি তুলি
লংপেনৰ সীয়নি ফালি দিলো
ছাগলী বেপাৰৰ গোটেইকেইটা ধন
তোকে খুৱাই শেষ কৰি দিলো
এতিয়া জনহীযাতী কানেক্সন কাটি দিলি
মণ্ডলৰ পুতেকৰ বাজাজ পালচাৰ দেখি
………………
টেবুল ফেন কিনিব নোৱাৰো দামী পেণ্ট পিন্ধিব নোৱাৰো
ফিটিঙত ঘূৰিব নোৱাৰো ডেটিঙত যাবও নোৱাৰো
বাঁহৰে চছালি বিছনাত তোমাক জান শুৱাব নোৱাৰো . . .
ছেভেনত চকুৰে চিনাকি এইটত চিকুটা-চিকুটি
নাইনত বহুত কিবাকিবি টেনত গৈ পকিলে পিৰীতি
মেট্ৰিকত নকল ধৰা পৰি ল’লোহি হেণ্ডিমেন চাকৰি
(নাৰীকণ্ঠ) বগা বগা বগলীৰ দীঘল ঠেং প্ৰেমৰ খোজত ঘনাই কোনে মাৰে লেং
তুমি হ’লা বাছৰে হেণ্ডিমেন দাদাক লাগে ভনীজোঁৱাই জেণ্টলমেন
হেণ্ডিমেনে দুবছৰতে ড্ৰাইভাৰ হোৱাৰ ৰেকৰ্ড আছে জানা . . .।
দুটামান গানৰ ইউটিউবৰ লিংক তলত দিলো পাঠকৰ সুবিধাৰ্থে –
https://www.youtube.com/watch?v=hQgW2NsTy4w&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=12&t=0s
https://www.youtube.com/watch?v=hnQ8Xbnus4E&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=8&t=0s
https://www.youtube.com/watch?v=GTebGAIm27s&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=7&t=0s
https://www.youtube.com/watch?v=V3LEodcOmhU&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=6&t=0s
https://www.youtube.com/watch?v=P2YUDGV8b9U&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=3&t=0s
https://www.youtube.com/watch?v=QfnE8k7hcUU&list=PLNf8GUwJ3FVGP7EjSFTL-doP5iS8NDZtc&index=2&t=0s
(ৰচনাকাল : ০১-০৮-২০২০)
Leave a Reply