অসমৰ সমাজ-সংস্কৃতিত ইলেক্ট্ৰনিক মেডিয়াৰ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগেই অসমীয়া সংগীত উদ্যোগৰো গুণগত ৰূপান্তৰ ঘটিল। টিভিৰ মজিয়াখনেই সংগীত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল – ইয়াৰপৰাই সংগীতৰ প্ৰচাৰ চলিল, নতুন সংগীত শিল্পী ওলাই আহিল, কিছুমান পৰীক্ষা-নিৰীক্ষাও চলিল। জনপ্ৰিয় পুৰণি শিল্পীসকলৰ বহুতেই নতুন মাধ্যমটোতো নিজৰ বাবে জেগা উলিয়াই ল’লে, কিছুমানে হয়তো নোৱাৰিলে। কিন্তু প্ৰায় এটা যুগৰ এই পৰিক্ৰমাৰ সৰহখিনি সময়তে আমি মহেন্দ্ৰ হাজৰিকাৰ নামটো বা চেহেৰাটো দেখিবলৈ নাপালো। শেহতীয়াকৈ দুই-এবছৰৰ আগতেহে আমি প্ৰথমবাৰৰ বাবে তেওঁক টিভিৰ মজিয়াত দেখিবলৈ পালো। তাৰ পাছৰপৰা যেনিবা তালৈ তেওঁৰ সঘন আহ-যাহ আৰম্ভ হ’ল। এই মুহূৰ্তত টিভিত ওলাই থকাৰ ক্ষেত্ৰত আন সৰু-ডাঙৰ শিল্পীৰ সৈতে হয়তো তেওঁৰ একো পাৰ্থক্য নাই। কিন্তু অসমৰ এজন ইমান জনপ্ৰিয় শিল্পী হৈও ইমান দিন ধৰি ইলেক্ট্ৰনিক মেডিয়াত তেওঁৰ চিন-চাব নেদেখাটোৰ কাৰণ কি? ইয়াৰ কাৰণ কেৱল তেওঁৰ ব্যক্তিগত অনীহা বা আন কিবা চৰিত্ৰগত বৈশিষ্ট্য বা কিবা টেকনিকেল সমস্যা নিশ্চয় নহয়। ইয়াৰ এটা প্ৰধান কাৰণ হ’ল জনপ্ৰিয় অসমীয়া সংগীতৰ পৃথিৱীখনত তেওঁৰ আছুতীয়া আৰু একক অৱস্থান। তেওঁ যেনেধৰণে যি গান গাবলৈ চেষ্টা কৰিছিল, সেয়া তেওঁৰ মাজতেই শেষ হৈছিল – সি এটা ধাৰা হৈ ৰৈ নগ’ল। সেইবাবেই মহেন্দ্ৰ হাজৰিকাৰ কোনো উত্তৰাধিকাৰ সৃষ্টি নহ’ল। জনপ্ৰিয় অসমীয়া সংগীতৰ মূল সুঁতিটো নিজাধৰণে চলি আহি আছে, অধিক বাম হৈ আহি আছে, অধিক আবৰ্জনাৰে ভৰি পৰিব ধৰিছে। ইয়াত ক’তো মহেন্দ্ৰ হাজৰিকাৰ পদচিহ্ন ৰৈ নগ’ল। সেইবাবেই অতিসম্প্ৰতি জনপ্ৰিয় অসমীয়া সংগীতৰ চৰ্চাকাৰীসকল আৰু সেই সংগীতৰ শ্ৰোতাৰাইজে হাজৰিকাৰ গানৰ সৈতে একাত্ম অনুভৱ নকৰাই স্বাভাৱিক। হাজৰিকাৰ গানৰ মেজাজটো হ’ল সুকীয়াধৰণৰ, আৰু সেইটো এতিয়া নতুন চামৰ শ্ৰোতাৰ বাবে আকৰ্ষণীয় নহয়। গতিকে ইলেক্ট্ৰনিক মেডিয়াই বহুদিন ধৰি তেওঁক পাহৰি থকাত আচৰিত হ’বলগীয়া একো নাই।
মহেন্দ্ৰ হাজৰিকা এজন প্ৰতিভাশালী শিল্পী। তেওঁৰ আছে এটা খুবেই নিখুঁত আৰু জোৰাল কণ্ঠ, সুন্দৰ গায়কী আৰু ভাষাৰ ওপৰত ভাল দখল। কিন্তু বিভিন্ন কাৰণত তেওঁ নিজৰ সম্পূৰ্ণ সম্ভাৱনা বাস্তৱায়িত কৰিব নোৱাৰিলে। প্ৰথম আৰু প্ৰধান কাৰণটো হ’ল, তেওঁ ভূপেন হাজৰিকা হ’বলৈ চেষ্টা কৰিলে। ভূপেন হাজৰিকাৰ প্ৰতিভাৰ ব্যাপ্তি, বিশাল বিশ্বদৃষ্টি আৰু ৰাজনৈতিক পৰিপক্বতা তেওঁৰ মুঠেই নাই। কিন্তু তৎসত্ত্বেও তেওঁ কেতিয়াবা সচেতনভাৱে-শ্ৰদ্ধাবশতঃ আৰু কেতিয়াবা অসচেতনভাৱে ভূপেন হাজৰিকাৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিলে। ফলত বহু সময়ত তেওঁৰ গানবোৰ হৈ পৰিল ভূপেন হাজৰিকাৰ অক্ষম অনুকৰণ। ইয়াৰ কিছুমান দিশ আমি অলপ পাছত বহলাই আলোচনা কৰিম। দ্বিতীয় কাৰণটো হ’ল ভাষাৰ মোহ। মহেন্দ্ৰ হাজৰিকাৰ সামাজিক গানবিলাকৰ কথা নকৱেঁই, আনকি বিহুসুৰীয়া ৰোমাণ্টিক গানবিলাকো শুনিলে দেখা যায় যে তেওঁৰ ভাষাটো সেই সময়ৰ আন মূলসুঁতিৰ গানবিলাকৰ ভাষাতকৈ গুণগতভাৱে পৃথক। তেওঁৰ ভাষাটো খুবেই অৰিজিনেল। মূলসুঁতিৰ ক্লিচে-পূৰ্ণ ভাষাৰ পৰিবৰ্তে তেওঁৰ গানত আমি এক সজীৱ ভাষা দেখিবলৈ পাওঁ, বহুতে ব্যৱহাৰ কৰা ‘কেঁচা মাটিৰ গোন্ধ’ অভিধাটো এইক্ষেত্ৰত সঠিক বুলিয়েই ক’ব পাৰি। কিন্তু সেই ভাষাটোৱেই তেওঁৰ বাবে বহু সময়ত এটা প্ৰধান শত্ৰু হৈ পৰিছে। ভাষাৰ মাধুৰ্যৰ মাজত তেওঁ ডুব গৈছে, কাব্যিক ভাষাৰ মোহগ্ৰস্ততাৰ মাজত তেওঁৰ অনুভূতি হেৰাই গৈছে – ফলস্বৰূপে বহু সময়ত তেওঁৰ গান হৈ পৰিছে ফুলাম ভাষাৰে ঢাকি থোৱা এটা খালী পাত্ৰ।
ভূপেন হাজৰিকাৰ পৃথিৱীখন আছিল সম্পূৰ্ণ বেলেগ। ঔপনিবেশিকতাবিৰোধী সংগ্ৰামে সমগ্ৰ ভাৰতজুৰি এটা বিৰাট সামাজিক প্ৰেৰণা আৰু দূৰন্ত আশাবাদৰ ঢৌ বোৱাই দিছিল, যিটো ঢৌ স্বাধীনতাৰ পাছতো কেইবাটাও দশক ধৰি কম-বেছি পৰিমাণে বৈ আছিল। এই সামাজিক প্ৰেৰণা আৰু আশাবাদে সমাজৰ সমস্ত কৰ্মকাণ্ডকে প্ৰভাৱিত কৰিছিল, ই আমাৰ সংকীৰ্ণ গণ্ডী ভাঙি-ছিঙি চূৰমাৰ কৰি আমাক সৰ্বভাৰতীয় তথা বিশ্বজোৰা ঘটনাপ্ৰৱাহৰ সৈতে সংলগ্ন কৰি পেলাইছিল, সামাজিক মুক্তি আৰু সমাজৰ পুনৰ্নিৰ্মাণৰ আকাংক্ষাই এটা উত্তেজনাৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰিণামস্বৰূপে অসমৰ সমাজ-সাহিত্য-সংস্কৃতিত এটা অতি উজ্জ্বল ধাৰাৰ সৃষ্টি হ’ল। আজি আমি আধুনিক অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ যিবোৰ মূল্যৱান তথা ভিত্তিমূলক সৃষ্টি বুলি কওঁ, তাৰ সৰহখিনিয়েই এই ধাৰাটোৰ ফচল। সেই ধাৰাটোৰ একাংশ শেষ প্ৰতিনিধি আজিও অসমত কৰ্মৰত হৈ আছে। সি যি নহওক, ভূপেন হাজৰিকা আছিল সেই ধাৰাটোৱে সৃষ্টি কৰা আটাইতকৈ ওখ খাপৰ মহা প্ৰতিভা, যাৰ মাজত সেই যুগৰ সমস্ত বৈশিষ্ট্যৰ পূৰ্ণতম আৰু সাৰ্থক প্ৰকাশ দেখিবলৈ পোৱা যায়। কিন্তু লাহে লাহে সেই যুগটোৰ সমাপ্তি আৰম্ভ হৈছিল। পুৰণি পৃথিৱীৰ নিশ্চয়তাবোৰ ক্ৰমাৎ খহি যাব ধৰিছিল, সামাজিক প্ৰেৰণা আৰু আশাবাদৰ ঠাইত অন্তৰ্দ্বন্দ্ব আৰু সংঘাত বাঢি় আহিছিল। এটা কথা ঠিক যে সমস্যাবোৰ আগৰেপৰাই আছিল, তাৰ সমালোচনা তথা প্ৰতিবাদো আছিল। কিন্তু ঔপনিবেশিকতাবিৰোধী সংগ্ৰামে যিটো বহল ঐকমত্যৰ স্থাপন কৰিছিল, যিটো গণতান্ত্ৰিক শাসনব্যৱস্থাৰ নৈতিক ন্যায্যতা প্ৰতিষ্ঠা কৰিছিল, হাজাৰ অসন্তুষ্টি আৰু ক্ষোভ থাকিলেও, সেই ঐকমত্য তথা শাসনব্যৱস্থাৰ মতাদৰ্শগত উপাদানসমূহক আৰু নৈতিক আয়তনসমূহক পোনপটীয়াকৈ প্ৰশ্নৰ কাঠগৰাত থিয় কৰোৱা হোৱা নাছিল। উন্নয়নবাদী আধুনিকতা আৰু ছেকুলাৰ জাতীয়তাবাদৰ ধাৰণাক প্ৰায় সকলোৱে মানি লৈছিল। ভাৰতীয় মহাজাতিৰ ছাতিৰ তলতে থাকিয়েই সমস্ত সৰু সৰু সমাজবিলাকৰ, জাতিবিলাকৰ আত্মনিৰ্ধাৰণ আৰু মুক্তিৰ স্বপ্ন পূৰণ হ’ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু এতিয়া অসন্তুষ্টি আৰু ক্ষোভবিলাকে এনেদৰে মূৰ দাঙি উঠিলে যে, পুৰণি ব্যৱস্থাটোৰ সমস্যা আৰু অন্তৰ্নিহিত শোষণবিলাক এনেদৰে উন্মোচিত হৈ আহিবলৈ ধৰিলে যে সমগ্ৰ ব্যৱস্থাটো তথা তাৰ প্ৰমূল্যৰাজি বিচাৰৰ কাঠগৰাত থিয় হ’বলগা হ’ল। এই ভাঙোনৰ প্ৰক্ৰিয়াটোৰ প্ৰথম বিস্ফোৰণবোৰ ভূপেন হাজৰিকাই দেখিছিল। অসম আন্দোলনো তেনে এটা বিস্ফোৰণেই। জুয়ে পোৰা তিৰাশীৰ সময়ত সংবিধানৰ বাধ্যবাধকতাৰ পৰিবেশত হাজাৰজনৰ ৰক্তনদী অসমত বৈ যোৱাৰ কথা তেওঁ গাইছিল। কিন্তু এই বিস্ফোৰণবিলাকে ক্ৰমাগতভাৱে সৃষ্টি কৰা সামাজিক পৰিণামবোৰ তেওঁ নেদেখিলে, পুৰণি ব্যৱস্থাটোৰ মতাদৰ্শগত আৰু নৈতিক পতনৰ গভীৰতা তেওঁ উপলব্ধি কৰিব নোৱাৰিলে। তেওঁ মানুহজন আৰু বহুদিনলৈ জীয়াই আছিল, কিন্তু তেওঁৰ সৃষ্টিশীলতাৰ জুৰিটো শুকাই গৈছিল। সেইবাবেই আমি ভূপেন হাজৰিকাৰ গানত আশীৰ দশকলৈকেহে পাওঁ – তেওঁৰ গানত নব্বৈৰ দশক নাই। শেষৰ জীৱনতো তেওঁ ভালেমান থৰক-বৰক গান গাইছিল – যিবোৰ আছিল তেওঁৰ নিজৰে প্ৰহসনস্বৰূপ। সি যি নহওক, নব্বৈৰ দশকত আমি এক নতুন যুগত ভৰি দিলো। ৰাষ্ট্ৰ তথা ভাৰতীয় জাতীয়তাবাদৰ সৈতে আমি খঙাল গোনা ম’হৰ দৰে শিঙে শিঙে যুঁজিবলৈ শিকিলো। আৰু তাৰ লগে লগে আহিল এক নতুন চেতনা – যি আমাক শিকালে পুৰণি আধিপত্যশীল ধাৰণাসমূহক প্ৰশ্ন কৰিবলৈ আৰু নিজক সমাজ হিচাপে পুনৰাৱিষ্কাৰ কৰিবলৈ। অসমে আটাইতকৈ মৌলিক প্ৰশ্ন কৰিবলৈ আৰু আটাইতকৈ জংগী শ্লোগান দিবলৈ শিকিলে। সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে এই ধাৰাটো পৰৱৰ্তী সময়ত টিকি থাকিবলৈ নিদিলে : ক্ৰমাৎ সি নিজৰেই এটা অসহায় আৰু অন্তঃসাৰশূন্য পুনৰাবৃত্তিত পৰিণত হ’লগৈ। কিন্তু এই ঐতিহাসিক বিপৰ্যয়ে নব্বৈৰ দশকৰ মৌলিকতা হ্ৰাস কৰিব নোৱাৰে। আমি আজিও বিভিন্ন ৰাজনৈতিক আন্দোলনৰ মাজত, মানুহৰ চেতনাৰ মাজত বিচাৰি ফুৰিছো নব্বৈৰ দশকটো।
মহেন্দ্ৰ হাজৰিকা হ’ল এজন নব্বৈৰ দশকৰ শিল্পী। কিন্তু তেওঁৰ অনুসৰণপ্ৰিয়তাই তেওঁক সেই দশকটো পূৰ্ণাংগভাৱে আৰু সাৰ্থকভাৱে প্ৰতিনিধিত্ব কৰাত বাধা প্ৰদান কৰিলে। অতীতৰ প্ৰতি মোহগ্ৰস্ততাই তেওঁক নতুন দশকটোৰ বিশেষত্ব সম্পূৰ্ণৰূপে হৃদয়ংগম কৰাত হয়তো বাধা দিলে। ভূপেন হাজৰিকাৰপৰা পোৱা অলপ-অচৰপ বিমূৰ্ত মানৱতাবাদক আহল-বহল ৰূপ দি তেওঁ বহুতো গান গালে। জাতীয়তাবাদী নষ্টালজিয়াৰেও বহুতো গান গালে। তাৰ সৰহভাগেই হয় নিম্নমানৰ, নহয় চোক নাইকিয়াবিধৰ। কিন্তু তাৰ মাজতেই এনে দুটামান গান আছে, যিকেইটা খুবেই অৰিজিনেল আৰু চমৎকাৰী – যাৰ মাজত সেই সময়ৰ সমাজ-ৰাজনীতিৰ এখন জীৱন্ত চিত্ৰ আমি দেখিবলৈ পাওঁ। আচলতেই সেইকেইটা গানৰ বাবেই আমাৰ এই আলোচনাৰ প্ৰয়োজন হৈছে। বিহুসুৰীয়া ৰোমাণ্টিক গানসমূহৰ মাজত তেনেধৰণৰ লেখত ল’বলগীয়া গান আমাৰ চকুত পৰা নাই। সমাজতাত্ত্বিক আলোচনাৰ বাবে সেইসমূহো নিঃসন্দেহে প্ৰয়োজনীয় সমল, কিন্তু এই আলোচনাত সেই দিশটো এৰাই চলিছো। ইয়াক বাদ দি সামাজিক গানসমূহৰ মাজৰপৰা আমি দুটা প্ৰতিনিধিত্বমূলক গান আলোচনাৰ বাবে নিৰ্বাচন কৰিছো। এই দুটা গানক নিঃসন্দেহে অসমীয়া সংগীত ইতিহাসৰ দুটা শ্ৰেষ্ঠ গান বুলি অভিহিত কৰিব পাৰি।
প্ৰথমটো গান হ’ল, “অ’ ককাই, বিহু নহয় বৰবিহ”। নব্বৈৰ দশকৰ অশান্ত অসমখনক ইমান সাৰ্থকভাৱে প্ৰতিফলিত কৰা এইটোৱেই হয়তো একমাত্ৰ গান। ইয়াত অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত কোনো ৰাজনৈতিক আলোকপাত নাই, নাই কোনো বিপ্লৱৰ কথাও – কিন্তু নব্বৈৰ দশকৰ যিটো ‘ফিল’ সেইটো ইয়াত পাব পাৰি। ৰাষ্ট্ৰসন্ত্ৰাসে জুৰুলা কৰা ক্ষুব্ধ-সন্ত্ৰস্ত অসমীয়া ৰাইজৰ মৰণ-কাতৰ আৰ্তনাদ ইমান বুকু দহি যোৱাকৈ আন কোনেও ফুটাই তুলিব পৰা নাই।
গানটো এজন ককায়েকক সম্বোধন কৰি গোৱা হৈছে। সেইজন হয়তো কওঁতাজনৰ নিজৰ তেজ-মঙহৰ ককায়েক নহ’বও পাৰে, তেওঁ হয়তো গাঁৱৰ কোনোবাজন ককায়েক সম্বন্ধীয়া ব্যক্তি যাৰ সৈতে সুখ-দুখৰ কথা পতা যায়। তেনে এজন ব্যক্তিৰ সৈতেই দেশৰ আৰু জীৱনৰ ভয়াৱহ পৰিস্থিতিৰ কথা আলোচনা কৰিছে। এই কথাটো অসমীয়া সংগীতৰ শেহতীয়া ইতিহাসত একেবাৰে বিৰল। ৰোমাণ্টিকতাসৰ্বস্ব গানবিলাকত আমি কেৱল প্ৰেমিক-প্ৰেমিকাৰ আত্মনিমগ্ন পৃথিৱীখনৰ কথাই পাওঁ, বাকী মানুহবিলাকৰ কথা আহে প্ৰেমৰ প্ৰতিবন্ধক হিচাপে থিয় দিলেহে। ইয়াৰ ফলস্বৰূপে যিবোৰ বিচিত্ৰ অথচ সহজ সামাজিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি সমাজখন চলি থাকে, সেইবোৰ আমি দেখা নোপোৱা হৈছো। ই আচলতে ৰোমাণ্টিক প্ৰেমৰ মতাদৰ্শগত আধিপত্যৰ কথাকে সূচিত কৰে যাৰ আদৰ্শনীয় সামাজিক মডেলটো হ’ল সমাজবিচ্ছিন্ন একক পৰিয়াল। এনেকৈয়ে আমি সমাজৰ সামূহিক ৰূপটো ক্ৰমাৎ হেৰুৱাই পেলাওঁ। সি যি নহওক, মহেন্দ্ৰ হাজৰিকাৰ গানত আমি দেউতা, আইতাৰ কথা পাওঁ (ইয়াতো তেজ-মঙহৰ দেউতাক, আইতাক হয়তো নহয়) যিবোৰ গ্ৰাম্য জীৱনৰ সহজ সামাজিক সম্পৰ্কবিলাকৰ প্ৰতিনিধি মাত্ৰ। আলোচ্য গানটোত তেনেকৈয়ে গাঁৱৰ কোনোবা এজন ককায়েকক চিনাকি সম্বোধনটোৰে “অ’ ককাই” বুলি চিয়ঁৰি চিয়ঁৰি মাতি মনৰ সমস্ত যন্ত্ৰণা আৰু ক্ষোভ প্ৰকাশ কৰিছে। অসমীয়া সংগীতত ককাই বুলি মৰা ইমান এটা মৰ্মস্পৰ্শী চিয়ঁৰ আন ক’তো পাবলৈ নাই। এই ককাই চিয়ঁৰটোৱেই আচলতে গানটোৱে তুলি ধৰা ছবিখন আমাৰ বাবে তেনেই চিনাকি কৰি তুলিছে – আমি যেন চকুৰ সন্মুখতে দেখিবলৈ পাইছো কিদৰে ৰাষ্ট্ৰসন্ত্ৰাসে গাঁৱৰ জীৱনবোৰ ভাঙি পেলাইছে, মানুহক কিদৰে আশাহত কৰিছে।
“স্বদেশত জ্বলিছে জুই
সন্ত্ৰাস আৰু প্ৰতিবাদৰ
হাজাৰজনৰ হাজাৰ মনত জুই
ক্ৰোধ আৰু প্ৰতিবাদৰ।
হিংসাৰ ধোঁৱাই আৱৰিল আকাশ
শান্তিৰ বা ক’তোৱেই নাই
বৰদৈচিলাজনী আহি গুচি গ’ল
তই চাগে গমেই নাপালি . . .”
সেইবাবেই বিহুৰ উৰুকাৰ দিনা মনবোৰ উৰুঙা হৈ আছে। বিহু নহয়, সি পৰিণত হৈছে বৰবিহত। গোটেই দেশত জুই, মানুহৰ মনত জুই। আনকি চকুতো জুই।
“কঙালী পঠিয়ালো সুখে দুখে
ভোগালীত হেৰালে ভোগ
এইহেন ৰঙালীও কঙাল কৰিলে কোনে
জুই জ্বলিছে দুচকুত . . .”
এই জুই জ্বলি থকা চকু – নব্বৈৰ দশকৰ ভয়াৱহ সময়ৰ এটা যদি প্ৰতীক লাগে বুলি কোৱা হয় তেন্তে নিঃসন্দেহে এইটোৰ কথাই ক’ব লাগিব।
“জেতুকা পাতৰ ৰং নাই দুহাতত
জুৰ নপৰে হিয়া ঢোলৰ মাতত
খাৰু মেজাংকৰি মণি গামেখাৰু
লুকুৱাই থৈছো বাৰীৰে ঢাপত
উলিয়াওঁ কেনেকৈ ক-চোন ককাই
নিয়ে যেন লাগে কোনোৱে থপিয়াই . . . ”
ঘৰৰ আ-অলংকাৰ বাৰীৰ ঢাপত পুতি লুকুৱাই থোৱা ঘটনাৰ সৈতে বহুতে আক্ষৰিক অৰ্থতো একাত্মবোধ কৰিব। নিজৰ ঘৰতে থাকিও মানুহবোৰ কিদৰে ভয়াৰ্ত আৰু অসহায় হৈ পৰিছিল, নিজৰ পৃথিৱীখনেই কেনেকৈ অচিনাকি হৈ পৰিছিল, কেনেকৈ আতংক হৈ পৰিছিল দৈনন্দিন জীৱনৰ সহচৰ, য’ত অসমীয়াৰ বুকুৰ আপোন ঢোলৰ মাতটোৱেও বুকু জুৰ নেপেলোৱা হৈ পৰিছিল – মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ কঠোৰ আঘাতে আমাক সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ বাধ্য কৰিছে। এই হতাশাৰ পৰিবেশৰ মাজতে তেওঁ ককায়েকক আহ্বান জনাইছে আৰু সকীয়নিও দিছে এইবুলি –
“এইবাৰ ককাই ঐ, ব’হাগতে ঢোল বাই
আকাশ কঁপাই দি
আনচোন শান্তিৰ ধুমুহা এজাক
নহ’লে আকৌ চাবি অহা ব’হাগো সেই
বিহু নহয় হ’ব বৰবিহ
অ’ ককাই, আজি থ’লো সকীয়াই।”
দ্বিতীয় গানটো হ’ল, “সুৰেৰে উপচি পৰা দিচাংমুখৰ দুনিশা”। বিশ্বায়নপূৰ্ব অসমৰ সাংস্কৃতিক জীৱন আৰু সামাজিক সম্পৰ্কৰ এখন মনোৰম ছবি এই গানটোত পোৱা যায়। ভূপেন হাজৰিকাৰ পাছত আন কাৰো গানত এনে ছবি পৰিলক্ষিত নহয়। শিল্পীয়ে ইয়াত বহু দিনৰ আগতে দিচাংমুখৰ মঞ্চত গান গোৱাৰ দুটা নিশাৰ মিঠা অনুভৱ সোঁৱৰণ কৰিছে। এই গানটো হয়তো ভূপেন হাজৰিকাৰ “বজালি যে পেঁপাটি দিচাংমুখৰ নিশাটি” গানটোৰ আলমতে ৰচনা কৰা হৈছিল। কিন্তু মহেন্দ্ৰ হাজৰিকাই ইয়াত এনেদৰে প্ৰাণ ঢালি দিছে যে গানটো ৰসোত্তীৰ্ণ হৈ উঠিছে।
গানটোত শ্ৰোতা ৰাইজক তুমি বুলি সম্বোধন কৰা হৈছে। ইয়াত আকৌ এবাৰ ভূপেন হাজৰিকাৰ নামেই ল’ব লাগিব। “মোৰ গানৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ” বুলি গাই তেওঁ শ্ৰোতা ৰাইজক এটা অখণ্ড সত্তা হিচাপে চিহ্নিত কৰিছিল। এই শ্ৰোতা ৰাইজ কিন্তু তেওঁৰ গানৰ নিষ্ক্ৰিয়, মূঢ় উপভোক্তা নহয়। শ্ৰোতা ৰাইজ হ’ল এটা সচেতন সত্তা যাৰ সৈতে শিল্পীৰ থাকে এক পাৰস্পৰিক জৈৱিক সম্পৰ্ক। এই সম্পৰ্ক সেয়েহে কোনো ফৰ্মেল সন্মান বা স্বীকৃতিৰ সম্পৰ্ক নহয়, ই হ’ল একধৰণৰ দ্বান্দ্বিক সম্পৰ্ক যাৰ জৰিয়তে দুয়োটা পক্ষই প্ৰভাৱিত আৰু সমৃদ্ধ হয়। শিল্পীয়ে শ্ৰোতা ৰাইজৰ মুখত হাঁহি বিলাবলৈ চেষ্টা কৰে, তেওঁলোকৰ দুখত সঁচাই কান্দিবলৈ চেষ্টা কৰে, তেওঁলোকৰ ক্ৰোধত ক্ৰোধান্বিত হৈও যি গীত ৰচে। আনহাতে, শিল্পীৰ সৃষ্টিত যদি কিবা ভুল হয় তেন্তে শ্ৰোতা ৰাইজ চিন্তিত হয়, সমালোচনাৰ অগনিৰে পুৰি শিল্পীক তেওঁলোকে উন্নত কৰি তোলে – কেৱল সিমানেই নহয়, শিল্পীজন প্ৰকৃততে শ্ৰোতা ৰাইজৰেই আৱিষ্কাৰ। ভূপেন হাজৰিকাৰ এই শিল্পীজন আৰু শ্ৰোতা ৰাইজৰ সৈতে তেওঁৰ সম্পৰ্কটো আচলতে এটা ৰেডিকেল গণমুখী সাংস্কৃতিক পৰম্পৰাৰ বস্তু। পৰৱৰ্তী সময়ৰ সামাজিক-ৰাজনৈতিক পৰিবৰ্তনে সেই পৰম্পৰাটো নিঃশেষ কৰি পেলালে। এতিয়া নব্য উদাৰতাবাদী বজাৰৰ যুগত শিল্পী আৰু শ্ৰোতা ৰাইজৰ মাজৰ সম্পৰ্কটো মূলগতভাৱেই উৎপাদক আৰু উপভোক্তাৰ সম্পৰ্ক হৈ পৰিছে। ইয়াত শিল্পী আৰু শ্ৰোতাৰ মাজত থাকে এখন অলংঘনীয় চীনৰ প্ৰাচীৰ, যিখন সাংস্কৃতিক প্ৰাচীৰ পাৰ হৈ শ্ৰোতা কেতিয়াও কাষ চাপিব নোৱাৰে শিল্পীৰ আত্মাৰ। বিশ্বায়নৰ আগমনৰ পাছত অসমৰ সংগীত উদ্যোগৰ গুণগত পৰিবৰ্তনে এই সম্পৰ্কটো গজগজীয়াকৈ প্ৰতিষ্ঠা কৰিছে। ভূপেন হাজৰিকাৰপৰা এতিয়াৰ ইলেক্ট্ৰনিক মেডিয়ালৈকে শিল্পীৰ যিটো যাত্ৰা, তাৰ এটা মাজৰ বিন্দুত মহেন্দ্ৰ হাজৰিকাৰ অৱস্থান। মহেন্দ্ৰ হাজৰিকা হ’ল এটা সন্ধিক্ষণৰ শিল্পী : তেওঁ এনে এটা সময়ত গান গাইছিল যেতিয়া ভূপেন হাজৰিকাহঁতৰ গণমুখী পৰম্পৰাটো শেষ হৈছিলগৈ, কিন্তু বিশ্বায়নী জনপ্ৰিয় সংস্কৃতিও আৰম্ভ হোৱা নাছিল। সেয়ে বিশ্বায়নপূৰ্ব অসমৰ সাংস্কৃতিক জীৱন আৰু সামাজিক সম্পৰ্কবিলাক তেওঁ দেখিছিল। তাৰে কিছু চকামকা ছবি আমাৰ আলোচ্য গানটোত ফুটি উঠিছে। তেৱোঁ শ্ৰোতা ৰাইজক তুমি বুলি সম্বোধন কৰিছে। শ্ৰোতা ৰাইজৰ সৈতে এই সম্পৰ্কটোত নিশ্চয় ভূপেন হাজৰিকাৰ দৰে ৰেডিকেল আৰু দ্বান্দ্বিক সম্ভাৱনা নাই। কিন্তু তথাপি এই সম্পৰ্কটো এটা মানৱীয় সম্পৰ্ক, পুঁজিয়ে নিৰ্ধাৰণ কৰা ব্যৱসায়িক সম্পৰ্ক নহয় – ই এটা আত্মিক আৰু নিভাঁজ সম্পৰ্ক যাৰ সৈতে সমাজৰ অন্যান্য সম্পৰ্কবিলাকৰ সহজ সহাৱস্থান হ’ব পাৰে।
“জে’ল গাঁও মোৰ বুকুৰ আপোন/ককাদেউতাৰ গাঁও” বুলি কোৱাৰপৰা অনুমান কৰিব পাৰি যে শিল্পীয়ে গান গোৱা ঠাইডোখৰৰ সৈতে তেওঁৰ আত্মীয়তাৰ সম্পৰ্ক আছে, জে’ল গাঁও হয়তো দিচাংমুখৰ ওচৰৰে কোনোবা এখন গাঁও। কিন্তু তেওঁৰ লগত শ্ৰোতা ৰাইজৰ যিটো সম্পৰ্ক সেইটো কেৱল তেনেকুৱা আত্মীয়তাৰ বাবেহে হোৱা বুলি ভাবিলে ভুল হ’ব। সেই সম্পৰ্কটো আহিছে ৰাইজৰ জীৱনৰ ছন্দত নিজকে বিলীন কৰি দিব পৰা সহজ সমাজমুখী মানসিকতাৰপৰা। ইয়াৰ সৈতে বিশ্বায়িত সাংস্কৃতিক উদ্যোগৰ আত্মবিভোৰ গঙাটোপ শিল্পীৰ মানসিকতাৰ আকাশ-পাতাল পাৰ্থক্য। এয়া কোনো ব্যক্তিগত চৰিত্ৰৰ প্ৰশ্ন নহয়, এখন সমাজৰ সাংস্কৃতিক মেজাজৰহে প্ৰশ্ন। সি যি নহওক, গানটোত শিল্পীজনে দুনিশাৰ বাবে কেৱল গান গাবলৈকে যোৱা নাছিল। তেওঁ সেই অঞ্চলৰ জীৱন আৰু সংস্কৃতিত অংশগ্ৰহণো কৰিছে ৰাইজৰে এজন হৈ –
“বৰেনো নৈৰ দাঁতিতে ঐ শিৰীষৰে তলতে
বহি কথা পাতোতে বহুজনৰ লগতে
বুকুৰ মৰম যাচোতে মিচিঙৰে সুৰতে
কিবা সুৰ এটি ভাহি আহিল মলয়া বতাহতে
বনগীত নে ঐনিতমৰ মিঠা মিঠা যাদুলগা সুৰ
দেহা পৰা জুৰ . . .
দিচাংমুখৰ এঁকা-বেঁকা ঐ দীঘলীয়া বাট
তাতে নানাজনৰ নানা মনৰ ঐ সমন্বয়ৰ ঘাট . . .”
সেইবাবেই বনগীত বা ঐনিতমৰ উল্লেখ ইয়াত কোনো ট’কেনিজম মাত্ৰ নহয়, সমন্বয়ৰ ধাৰণাটো চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত যান্ত্ৰিক আৰু ফোঁপোলা সমন্বয়ৰ ফৰ্মুলাটোৰ নিচিনা নহয়।
“. . . দুচকীয়া যানেৰে অহা-যোৱা কৰোতে
বহুজনৰ লগতে মনৰ কথা পাতোতে
কিনো বৰষুণত তিতি তিতি পানীলগা জ্বৰতে
পুৱা আহি ঘৰ সোমোৱা আছেনে মনত
ৰাখিছো মনত . . .”
গাঁৱৰ বোকাময় ৰাস্তাত বৰষুণত তিতি তিতি বাইক চলাই (হয়তো কাৰোবাক পিছফালে উঠাই লৈ, ডাবল কৰি) ৰাতিপুৱা আহি ঘৰ সোমোৱা আৰু তাৰ পাছত পানীলগা জ্বৰ – কেনে এখন অপূৰ্ব চিত্ৰ! কিছু দূৰৰ কোনো অঞ্চলত পিছ নিশালৈকে বিহু ফাংচন চাই ঘৰলৈ ওভতাৰ অভিজ্ঞতা থকা গাঁৱৰ ডেকা ল’ৰাহঁতে নিশ্চয়কৈ এই অভিজ্ঞতাৰ সৈতে একাত্মবোধ কৰিব। বিহু ফাংচনৰ সংস্কৃতি গঢ় ল’বৰ দিন ধৰি গ্ৰামাঞ্চলৰ এইটো এটা চিনাকি দৃশ্য হৈ পৰিছিল। এতিয়া ইলেক্ট্ৰনিক মেডিয়াই বিহুমঞ্চটো আত্মসাৎ কৰি লোৱাৰ পাছত ফাংচন সংস্কৃতিৰ সেই মজা হয়তো নাইকিয়া হৈ পৰিছে। কিন্তু আমাৰ গানটোত তেনেকৈ বাইক চলাই দৰ্শক উভতি অহা নাই, শিল্পী নিজেহে উভতি আহিছে। মূল কথাটো সেইটোৱেই। ৰাইজৰ এজন হৈ ৰাইজৰ মাজত গান গাই উভতি অহা শিল্পীজনৰ সেয়েহে ৰাইজৰ মৰম-চেনেহবোৰলৈ বৰকৈ মনত পৰিছে –
“দেহা ঢালি গাইছিলো ওৰে ৰাতি গান
শ্ৰোতাৰ হাতৰ চাপৰিয়ে হৰিছিলে প্ৰাণ
মই আজিও ৰাখিছো বুকুত
তোমাৰো সপোন ছবিটি আছে দুচকুত . . .”।
শিল্পীৰ মৰমৰ এই শ্ৰোতা ৰাইজ কোনো নিষ্ক্ৰিয় গ্ৰহীতা নহয়, এক জীৱন্ত সত্তা। সেইবাবেই শিল্পীয়ে আজিও মনত পেলাইছে শ্ৰোতা ৰাইজৰ সপোন ছবিটি। ঠিক একেদৰেই মহেন্দ্ৰ হাজৰিকাৰ এই গানটোৱেও আমাক মনত পেলাই থাকিব বিশ্বায়নপূৰ্ব অসমৰ সাংস্কৃতিক জীৱন আৰু সামাজিক সম্পৰ্কৰ মনোৰম ছবিটি।
(ৰচনাকাল : ১১-০৭-২০)
সংযোজন
‘মহেন্দ্ৰ হাজৰিকাৰ দুটা গান’ লেখাটোত আৰু দুটামান কথা সংযোগ কৰাৰ প্ৰয়োজন অনুভৱ কৰি এই সংযোজনমূলক টোকাটো লিখিছো। লেখাটোত মহেন্দ্ৰ হাজৰিকাৰ প্ৰতি মূলতঃ এটা সমালোচনাত্মক দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। তেওঁ এজন জনপ্ৰিয় শিল্পী, আৰু তেওঁৰ সৃষ্টিৰাজি অসমীয়া জনপ্ৰিয় সংস্কৃতিৰ অংশ। জনপ্ৰিয় সংস্কৃতিৰ বিচাৰৰ ক্ষেত্ৰত সমালোচনাত্মক বিশ্লেষণতকৈ সমাজতাত্ত্বিক বিশ্লেষণহে অধিক আলোকসঞ্চাৰী বুলি ক’ব পাৰি। কিন্তু মহেন্দ্ৰ হাজৰিকাৰ ক্ষেত্ৰত কথাটো কিছু বেলেগ। তেওঁৰ প্ৰতিভাৰ এনে কিছু দিশ তথা সম্ভাৱনা আমি দেখা পাওঁ যাৰ জোৰত তেওঁ বহু সময়ত জনপ্ৰিয় সংস্কৃতিৰ সীমিত পৰিসীমা অতিক্ৰম কৰি গৈছে। গতিকে স্বাভাৱিকতেই তেওঁৰপৰা অধিক আশা কৰা যায়। এনে কাৰণতে এটা সমালোচনাত্মক দৃষ্টিভংগী অৱধাৰিতভাৱে আহি পৰিছে। কিন্তু তাৰ বাবে আমি হতাশ হ’বলগা হোৱা নাই। সমালোচনাৰ উচ্চ মাপকাঠিৰে জুখিলেও তেওঁৰ বহুখিনি সৃষ্টি মূল্যৱান হিচাপে ৰৈ যায়। শিল্পী হিচাপে সেইটো তেওঁৰ কৃতিত্ব।
“মহেন্দ্ৰ হাজৰিকা নব্বৈৰ দশকৰ শিল্পী”। কিন্তু কেৱল সিমানেই নহয়। নব্বৈৰ দশকৰ শিল্পী কোন বুলি ওলোটাকৈ সুধিলেও তেওঁৰ নামেই ল’ব লাগিব – তেওঁৰ লগত তুলনা কৰিব পৰা দ্বিতীয় এজন শিল্পী পৰিলক্ষিত নহয়। দুই-এজন ৰাজনৈতিকভাৱে আত্মসচেতন প্ৰতিভাৱান শিল্পী আমি সেই সময়ছোৱাত দেখিছো। তেওঁলোকৰ লেখত ল’বলগীয়া অৱদান আছে, তেওঁলোকৰ কিছুমান সৃষ্টিও খুবেই মূল্যৱান। কিন্তু তেওঁলোকৰ শিল্পচেতনাৰ চৰিত্ৰ বেলেগ। তেওঁলোকে ঘাইকৈ ভূপেন হাজৰিকা-হেমাংগ বিশ্বাসৰ প্ৰগতিশীল সংস্কৃতিৰ ধাৰাটো পৰৱৰ্তী সময়ত বোৱাই ৰাখিলে। তেওঁলোকৰ গানত আমি এটা সচেতন গণমুখী ৰাজনীতি পাইছো, সামাজিক-ৰাজনৈতিক সংকটৰ মুহূৰ্তত সঠিক আহ্বান পাইছো। কিন্তু নব্বৈৰ দশক বুলি ক’লে অসমীয়া জাতীয় জীৱনৰ ইতিহাসৰ যিছোৱা উত্তাল সময়ৰ কথা চকুৰ আগত ভাহি আহে, তাৰ কোনো হৃদয়স্পৰ্শী অনুভৱ বা ফিল তেওঁলোকৰ গানত পাবলৈ নাই। সেইটো অনুভৱ কেৱল এজন শিল্পীৰ গানতেই আমি পাইছো – সেইজন হ’ল মহেন্দ্ৰ হাজৰিকা। তেওঁক এজন ৰাজনৈতিকভাৱে আত্মসচেতন শিল্পী বুলি ক’ব নোৱাৰি। জনতাৰ কথাৰে তেওঁৰ গান ভৰি আছে, জনতাৰ গান গোৱাৰ কথা কোনো কোনো ঠাইত বিভিন্ন ৰূপত তেওঁ উল্লেখো কৰিছে – জনতাৰ প্ৰতি নিভাঁজ মৰম-শ্ৰদ্ধাই নিশ্চয় ইয়াৰ কাৰণ। আৰু হয়তো ভূপেন হাজৰিকাৰ ঐতিহ্যৰ প্ৰভাৱো ইয়াত আছে। কিন্তু ৰাজনীতি সম্পৰ্কীয় তেওঁৰ ধাৰণা তেনেই ধূসৰ – বিমূৰ্ত মানৱতাবাদ আৰু জাতীয়তাবাদী নষ্টালজিয়াই হয়তো তেওঁৰ ৰাজনৈতিক ধাৰণাৰ প্ৰধান উপাদান। কিন্তু যিটো গুণ তেওঁৰ প্ৰবল সেইটো হ’ল অনুভৱৰ শক্তি – সামাজিক-ৰাজনৈতিক সংকট তথা পৰিবৰ্তনসমূহ তেওঁ অনুভৱ কৰিব পাৰিছিল। এনেকৈয়ে তেওঁ নব্বৈৰ দশকৰ সমাজ-ৰাজনীতিৰ প্ৰৱণতাসমূহ অনুভৱ কৰিব পাৰিছিল। এই বৈশিষ্ট্যৰ সৈতে যদি ৰাজনৈতিক অন্তৰ্দৃষ্টিৰ সংযোগ ঘটিলহেঁতেন, তেনেহ’লে আমি হয়তো আৰু বহুতো কালজয়ী সৃষ্টি তেওঁৰপৰা পালোহেঁতেন। ঘাইকৈ এই অভাৱটোৰ কথাকেই মূল লেখাটোৰ প্ৰথমভাগত সাব্যস্ত কৰিব বিচৰা হৈছে। সি যি নহওক, ৰাজনৈতিক অন্তৰ্দৃষ্টিৰ অভাৱৰ প্ৰমাণ তেওঁৰ পৰৱৰ্তী সময়ছোৱাত আৰু অধিক স্পষ্ট হৈ পৰিল। একবিংশ শতিকাৰ অসম তথা ভাৰতৰ ৰাজনীতি গুণগতভাৱে বহু বেলেগ হৈ পৰিল – পুৰণিকলীয়া ধাৰণাৰাজিক টানি-আঁজুৰি আনি, প্ৰচলিত ৰাজনৈতিক ভাষাৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰি ইয়াক বুজিব পৰা নাযায়। এইটো কেৱল মহেন্দ্ৰ হাজৰিকাৰ সমস্যা নহয়, আমাৰ সকলোৰে সমস্যা। গতিকে শেহতীয়া বছৰসমূহত হাজৰিকাই যিসমূহ গান গাইছে (অন্ততঃ আমি যিকেইটা শুনিছো), সেইসমূহ অতীতৰ চিন্তাহীন পুনৰাবৃত্তি মাত্ৰ – যি আমাক সাম্প্ৰতিক পৰিস্থিতিসমূহ বুজাত বা অনুভৱ কৰাত কোনোধৰণে সহায় কৰিব নোৱাৰে। গতিকে নব্বৈৰ দশকৰ বাহিৰত হাজৰিকাৰপৰা ভাল সৃষ্টি আশা কৰাটো ভুল। কেৱল তেওঁৰপৰাই কিয়, এতিয়া কাৰোপৰাই ভাল সামাজিক গান আশা কৰিব নোৱাৰি। আনকি প্ৰেমৰ গানৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। অসমৰ উৱলি যোৱা আধিপত্যশীল জাতীয়তাবাদী সংস্কৃতিৰ পৰিসৰৰ ভিতৰত সতেজ নতুন সৃষ্টি কৰাটো দুঃসাধ্য হৈ পৰিছে – অতীতৰ ভাব আৰু ভাষাই কাকো সহজে ৰেহাই নিদিয়ে। এইটো এটা পৃথক আৰু ডাঙৰ বিষয়, অন্যত্ৰ বহলাই লিখিবলৈ চেষ্টা কৰিম। গতিকে এইখিনিলৈকে এইটো স্পষ্ট পৰিছে যে মহেন্দ্ৰ হাজৰিকা হ’ল নব্বৈৰ দশকটোক প্ৰতিনিধিত্ব কৰা শিল্পী, কিন্তু তেওঁ বিভিন্ন কাৰণত সময়ছোৱাক পূৰ্ণাংগ আৰু সাৰ্থক ৰূপত প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে।
নব্বৈৰ দশকৰ অসমৰ সমাজ-ৰাজনীতিৰ বহুতো চিত্ৰ মহেন্দ্ৰ হাজৰিকাৰ গানত ভৰপূৰ হৈ আছে। বিশেষকৈ ক্ৰমাগতভাৱে ভাঙোনৰ দিশেৰে গতি কৰা অসমৰ গাঁৱলীয়া সমাজখনৰ চিত্ৰ, তাৰ বিপৰীতে চৰকাৰী ব্যৱস্থাটোৰ দেউলীয়াপনাৰ চিত্ৰ তেওঁ জীৱন্ত ৰূপত অংকন কৰিছে। এইধৰণৰ বহুখিনি জনপ্ৰিয় আৰু ভাল গান তেওঁৰ আছে। কিন্তু এইবিলাকতো প্ৰায়েই দেখা যায় যে ইটো নহ’লে সিটো সমস্যাই গানবিলাকক ৰসোত্তীৰ্ণ হোৱাত বাধা প্ৰদান কৰিছে। আমি দুটা গানৰ উদাহৰণেৰে কথাটো বুজাবলৈ চেষ্টা কৰিম।
“ওপজা গাঁৱৰে ওমলা পঁজাৰে
বৰঘৰ উৰুখি গ’ল
চেনেহৰ চোতালত আইতা নবহে
সমন্বয় আঁতৰি গ’ল।”
এই গানটোত এখন ভাঙোনমুখী গাঁৱৰ কৰুণ চিত্ৰ সুৱদিসুৰীয়াকৈ অংকন কৰা হৈছে। গাঁৱৰ বান্ধোনবোৰ কেনেকৈ সুলকি পৰিবলৈ ধৰিছে, পাৰস্পৰিক মৰম-চেনেহ কেনেকৈ নাইকিয়া হ’বলৈ ধৰিছে, গাঁৱৰ সমূহীয়া সাংস্কৃতিক সম্পদবোৰ কেনেকৈ এলাগি হ’বলৈ ধৰিছে আদি ভাঙোনৰ বিভিন্ন দিশবোৰ সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। কিন্তু এনেদৰে গানটো বৰ্ণনাসৰ্বস্ব হৈ পৰিছে, তাতকৈ গভীৰলৈ প্ৰবেশ কৰাত ই অপাৰগ। ভাঙোনৰ প্ৰক্ৰিয়াটো ই আনুভূতিক সূক্ষ্মতাৰে দাঙি ধৰিব পৰা নাই। কি কাৰণেনো এই ভাঙোন হৈছে তাৰো কোনো ইংগিত আমি গানটোত নাপাওঁ। তাৰ ঠাইত গানটো মধ্যবিত্তৰ গাঁও সম্পৰ্কীয় নষ্টালজিক বিলাপত পৰিণত হৈছেগৈ।
“অ’ দেউতা, কাকনো বুলিবা কি
বৰ বৰ মানুহেই দুৰ্নীতি কৰিলে
ৰাইজলৈ থাকিলে কি
গাঁৱৰ গিয়াতিয়েই নামঘৰ ভাঙিলে
এতিয়া কৰিবা কি”
এই গানটোত ৰাষ্ট্ৰ তথা সমাজৰ মাজত পৰিলক্ষিত হোৱা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, সংঘাত-বিভাজন, নৈৰাজ্যময় পৰিস্থিতিৰ চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। চিত্ৰখনক জীৱন্ত ৰূপ দিবলৈ গোটেই গানটোত বহুবোৰ দৃশ্যৰ এক কলাজ নিৰ্মাণ কৰা হৈছে। গ্ৰাম্য জীৱনৰ চিৰপৰিচিত উপমাৰে ভৰপূৰ গানটোৰ সৈতে শ্ৰোতা ৰাইজে সহজেই একাত্মবোধ কৰিব। কিন্তু গানটোত বহুতবোৰ খেলিমেলি আছে। বহুতো কথা কোৱাৰ পাছতো গানটোৱে আচলতে কিহৰ কথা ক’বলৈ গৈছে সেইটো স্পষ্টভাৱে বুজিব নোৱাৰি। ৰাষ্ট্ৰ আৰু সমাজৰ মাজত, চৰকাৰ আৰু জনসাধাৰণৰ মাজত কোনো পাৰ্থক্য সূচিত কৰা হোৱা নাই। গানটোৰ ভিতৰলৈ সোমাই গ’লে এখন এবছাৰ্ড চিত্ৰহে পৰিস্ফুট হৈ উঠে। এই চিত্ৰখনৰ নাই কোনো কংক্ৰিট ঐতিহাসিক বৈশিষ্ট্য, নাই সামাজিক বাস্তৱতাৰ গভীৰলৈ প্ৰবেশ কৰাৰ প্ৰয়াস। ই হ’ল এক বিমূৰ্ত চিত্ৰ। গ্ৰাম্য জীৱনৰ উপমাসমূহেও এই বিমূৰ্ততা প্ৰদানত সহায় কৰিছে। এই বিমূৰ্ততা আচলতে এটা মাত্ৰ গানৰ বৈশিষ্ট্য নহয়, নহয় ই মাত্ৰ মহেন্দ্ৰ হাজৰিকাৰো বৈশিষ্ট্য। পৰৱৰ্তী সময়তো এনেধৰণৰ বহুতো গান হৈছে। আজিলৈকে যদি ইতিহাসটো চোৱা যায়, তেন্তে দেখা যাব যে অসমীয়াত বহুলসমাদৃত সৰহভাগ সামাজিক-ৰাজনৈতিক গানেই বিমূৰ্ত – ভিতৰি ফোঁপোলা আৰু ইতিহাসবিহীন। দৈত্য-দানৱ বধ কৰা, আন্ধাৰ নাশি পোহৰ অনা, ইত্যাদি ইত্যাদি প্ৰসংগৰে এনে গানসমূহ ভৰি থাকে। খালী সমস্যাটো হ’ল, সেইবোৰ দৈত্য-দানৱেও গাব পাৰে, দেৱতায়ো গাব পাৰে – কোনো পাৰ্থক্য নাই। অসমীয়াত যদি ভাল সামাজিক-ৰাজনৈতিক গান সৃষ্টি হ’ব লাগে, তেন্তে বিমূৰ্ততাৰ এই দেৱালখন ভাঙি টুকুৰা-টুকুৰ কৰি পেলাব লাগে। সি যি নহওক, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথা মহেন্দ্ৰ হাজৰিকাৰ গানটোত ওলাল যেতিয়া প্ৰসংগক্ৰমে ভূপেন হাজৰিকাৰ “নেকান্দিবা নেকান্দিবা, মোৰে নতুন কইনা” গানটোৰ কথা উল্লেখ কৰিব পৰা যায়। চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ, তাৰ সৈতে গ্ৰাম্য সমাজৰ সহজ নৈতিকতাৰ বিৰোধ, শ্ৰেণীবৈষম্য, দাৰিদ্ৰ্যৰ যন্ত্ৰণা আৰু এই সকলোৰে মাজত গাঁৱৰ সৎমনা দুখীয়া যুৱক এজনৰ তীব্ৰ নৈতিক সংকট – ৰাষ্ট্ৰ আৰু সমাজৰ এই সমস্ত সমস্যা-দ্বন্দ্ব সামৰি লৈছে উক্ত গানটোৱে। অথচ গানটো খুবেই সহজ, খুবেই অৰিজিনেল। এই গানটোৰ সৈতে ফেৰ মাৰিব পৰা গান অসমীয়া সংগীতৰ ইতিহাসত আন এটা হয়তো নোলাব। ইয়াৰ লগত যদি আমি মহেন্দ্ৰ হাজৰিকাৰ গানটো তুলনা কৰো, তেন্তে খুবেই হতাশ হ’ব লাগিব। আচলতে তুলনা কৰা অনুচিত।
মহেন্দ্ৰ হাজৰিকাৰ প্ৰায়বিলাক গানেই আমি সময়ে সময়ে শুনিছো। দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰপৰা আমাৰ ঘাইকৈ দুটা গানৰ কথাই মনলৈ আহে, য’ত তেওঁৰ মৌলিক প্ৰতিভা আটাইতকৈ মুক্তভাৱে প্ৰকাশ পাইছে, য’ত পুৰণি ভাব-ভাষা তথা অনুসৰণে স্বতঃস্ফূৰ্ততাক হেঁচা মাৰি ধৰা নাই, য’ত তেওঁৰ পৰিচিত দুৰ্বলতাসমূহে প্ৰভাৱ পেলাব পৰা নাই। তেওঁৰ জনপ্ৰিয় গান অসংখ্য হ’ব পাৰে, ভাল গান বহুতো থাকিব পাৰে – কিন্তু এই দুটাক ক’ব পাৰো ৰসোত্তীৰ্ণ গান। এইটো আমাৰ বিচাৰ। আপোনাৰ বিচাৰ ভিন্ন হ’ব পাৰে – এই দুটাৰ লগত হয়তো আন গান যোগ হ’ব পাৰে, কোনোবাটো হয়তো বিয়োগো হ’ব পাৰে। কিন্তু আমাৰ বিচাৰত, মহেন্দ্ৰ হাজৰিকাৰ সাংগীতিক প্ৰতিভাৰ শ্ৰেষ্ঠ সৃষ্টিকেইটা হ’ল – “অ’ ককাই, বিহু নহয় বৰবিহ” আৰু “সুৰেৰে উপচি পৰা দিচাংমুখৰ দুনিশা”। আমাৰ এটাই আক্ষেপ – এনে ক্লাছিক গান তেওঁৰপৰা আৰু নাপালো কিয়?
(১৩-০৭-২০)
প্ৰয়োজনীয় লিংকসমূহ :
“অ’ ককাই, বিহু নহয় বৰবিহ” –
https://www.youtube.com/watch?v=vnqCAiSZVZ0
“সুৰেৰে উপচি পৰা দিচাংমুখৰ দুনিশা”
https://www.youtube.com/watch?v=rXvAjPynwLc&list=RDrXvAjPynwLc&start_radio=1
“ওপজা গাঁৱৰে ওমলা পঁজাৰে”
https://www.youtube.com/watch?v=qrzNfHOBClk&list=RDqrzNfHOBClk&start_radio=1
“অ’ দেউতা, কাকনো বুলিবা কি”
https://www.youtube.com/watch?v=YVejKx8Dkys&list=RDqrzNfHOBClk&index=4
“নেকান্দিবা নেকান্দিবা, মোৰে নতুন কইনা”
Leave a Reply