অসমীয়া ৰাইজে আজি এই মুহূৰ্তত ইতিহাসৰ এক জটিল সন্ধিক্ষণত থিয় দিছেহি। অথাই জলধিৰ মাজত পৰি আজি ৰাইজে ককবকাব লাগিছে। মহামাৰী ক’ৰ’না ভাইৰাছ আৰু তাক কেন্দ্ৰ কৰি চলি থকা দমনমূলক ব্যৱস্থাৱলীয়ে সকলোকে আতংকিত কৰি ৰখাৰ সময়তে, বছৰেকীয়া বানপানীৰ ৰাজ্যজোৰা ভয়াৱহ ধ্বংসলীলাৰ সময়তে, সহস্ৰজনৰ জীৱন পুৰি চাৰখাৰ কৰি আজিও জ্বলি থকা বাঘজানৰ জুইকুৰাৰ সময়তে পুনৰ আহিছে এটা হৃদয়বিদাৰক খবৰ – কেইবা মাহো ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সংগ্ৰামীকেইজন ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। দুখ-যন্ত্ৰণাৰ ভৰত কোঙা হৈ থকা ৰাইজৰ অন্তৰত এই খবৰে ক্ষোভৰ একুৰা অবাৰিত জুই জ্বলাই দিছে – যাৰ শক্তি হয়তো বাঘজানতকৈও বেছি। নিষেধাজ্ঞাৰ মাজতো সৰ্বব্যাপী ধ্বনিত হৈছে প্ৰতিবাদ। ছ’চিয়েল মেডিয়া ছানি ধৰিছে চৰকাৰ-বিৰোধী ধিক্কাৰ আৰু সংগ্ৰামীসকলৰ মুক্তিৰ দাবীৰে।
এই সময়ত আমি কি কৰিব পাৰো প্ৰতিবাদৰ বাহিৰে? কি কৰা উচিত প্ৰতিবাদৰ উপৰিও? আমি প্ৰতিজ্ঞা কৰা উচিত। আমি সদৌটি ৰাইজে মিলি কৰিব লাগে ভীষ্ম প্ৰতিজ্ঞা – উভতি নোযোৱাৰ।
ভয় হয়, কিজানি আমি আকৌ উভতি যাম। শেহতীয়া ইতিহাসে প্ৰমাণ কৰিছে যে আমি বাৰে বাৰে উভতি যাওঁ আকৌ একে ঠাইলৈকে। আমাৰ প্ৰতিবাদ গুঁজৰি-গুমৰি উঠে, সংগ্ৰাম আগ বাঢ়িব ধৰে এখোজ-দুখোজকৈ, এনেকৈ আমি গৈ থাকো, গৈ থাকো। মনত আত্মবিশ্বাস দৃঢ়ৰপৰা হৈ উঠে দৃঢ়তৰ। কিন্তু শেষ বিন্দু পাওঁ পাওঁ হওঁতেই হঠাৎ আৰম্ভ হয় আমাৰ ওভতনি যাত্ৰা। উভতি গৈ গৈ আমি পাওঁগৈ আৰম্ভণী বিন্দু – য’ত জাহ যায় এৰি অহা সংগ্ৰামৰ সমস্ত আশা। এনেকৈ আমি বাৰে বাৰে উভতি যাওঁ শূন্যলৈ, আৰু তাৰপৰা বাৰে বাৰে পুনৰ আৰম্ভ কৰো সংগ্ৰাম। এনেকৈ আৰু কিমান দিন? সেয়ে আমাক আজি লাগে উভতি নোযোৱাৰ এক ভীষ্ম প্ৰতিজ্ঞা।
বহুত দেখিলো উন্নয়নৰ ধাপ্পাবাজি আৰু সম্পদৰ লুণ্ঠন, বহুত সহ্য কৰিলো বন্দুকৰ শাসন, বহুত ভোগ কৰিলো ঔপনিৱেশিক অৱজ্ঞা। বহুত দেখিলো ফেছিষ্টৰ পাপাচাৰ, বহুত শুনিলো হিন্দুত্বৰ স্তৱগান। দেখি দেখি সহি সহি ভুগি ভুগি শুনি শুনি অতিষ্ঠ হ’লো। আৰু নহ’ব। এতিয়া আমি হিচাপ-নিকাচ কৰিম। আৰু তাৰ পাছত কোনো ওভতনি নাই।
অৱশেষত আমি ৰণৰ পথাৰত নামি পৰিছো। শত্ৰু আৰু মিত্ৰ স্পষ্টভাৱে বিভাজিত হৈ পৰিছে। আমি এয়া দেখি আছো শত্ৰুৰ শিবিৰত কোন কোন আছে, সকলোকে আমি ভালদৰে চিনি পাইছো। ইয়াৰ পাছত আৰু উভতি যোৱাৰ কথা নাহে। হয়তো সোনকালেই যুদ্ধ হ’ব, হয়তো কোনো দৈৱবাণীৰ বাবে আমি কাণ উণাই ৰৈ আছো। যুদ্ধ যিমানেই দেৰি নহওক কিয়, শত্ৰু আৰু মিত্ৰৰ বিভাজন আমি পাহৰিব নোৱাৰো, শত্ৰুক আমি কেতিয়াও ৰেহাই দিব নোৱাৰো। আমি উভতি যাব নোৱাৰো।
সাম্প্ৰতিক অসমৰ সমাজ-ৰাজনীতিত দুটায়েই সজীৱ মতাদৰ্শগত জাতীয়-জনপ্ৰিয় শক্তি আছে। এটা মেৰুত আছে জঘন্য সাম্প্ৰদায়িক হিন্দুত্ববাদী শক্তি, আৰু আনটো মেৰুত কৃষক মুক্তিৰ নেতৃত্বত প্ৰগতিশীল সংগ্ৰামী শক্তি। সেইবাবেই হিন্দুত্ববাদী শাসকৰ বাবে কৃষক মুক্তিৰ দমন আটাইতকৈ জৰুৰী কাম। জাতীয়তাবাদৰ ধ্বজাধাৰী যিবোৰ আধিপত্যশীল শক্তি আছে, সেইবোৰ হ’ল ঐতিহাসিকভাৱে নিষ্ক্ৰিয়, জৰাজীৰ্ণ আৰু স্থিতাৱস্থাপন্থী। এই শক্তিবোৰৰ সৈতে হিন্দুত্ববাদীহঁতৰ কোনো অমীমাংসনীয় মতাদৰ্শগত সংঘাত নাই – সমস্যাটো হ’ল ৰাজনৈতিক সীমা বিবাদৰ। সেয়ে ইহঁতৰ ৰাজনীতি হ’ল অন্তহীন আপোচ আৰু সুবিধাবাদৰ ৰাজনীতি। ইহঁতক পুলিয়ে-পোখাই উঘলাৰ, ইহঁতে বৰ্তাই ৰখা উৱলি যোৱা স্থিতাৱস্থাক চূৰ্ণ-বিচূৰ্ণ কৰাৰ সময় আহি পৰিছে। ইহঁতৰপৰা গণমুখী সংগ্ৰামী ৰাজনীতি আশা কৰাৰ দিন বহু আগতেই পাৰ হৈ গৈছে, ইহঁতৰ স্বৰূপ বহু আগতেই উন্মোচিত হৈ গৈছে। এতিয়া ইহঁতক পৰাভৱ কৰাটো জৰুৰী হৈ পৰিছে। ইহঁত থাকিলে হিন্দুত্ব ফেছিষ্টহঁতো থাকিব, কাৰণ দুইটাৰ মাজত থকা গুপ্ত মিতিৰালি। গতিকে এই মুহূৰ্তৰ প্ৰধান প্ৰত্যাহ্বান হ’ল ছদ্মবেশী মিত্ৰৰ ছদ্মবেশ খুলি দিয়া। প্ৰত্যাহ্বান গ্ৰহণ কৰাৰপৰা আমি পলাই সাৰিব নোৱাৰো, কাৰণ আমি আৰু উভতি যাব নোৱাৰো।
অখিল গগৈ এটা মানুহ হৈ থকা নাই। তেওঁ হৈ পৰিছে মূক জনতাৰ সোচ্চাৰ কণ্ঠ, মুক্তিকামী গণসংগ্ৰামৰ নিৰ্ভীক ধ্বজাবাহক, গণতান্ত্ৰিক প্ৰতিবাদৰ জীৱন্ত প্ৰতিমূৰ্তি। ইতিমধ্যে বহুতো ঢাপ তেওঁ পাৰ হৈ গৈছে, সংগ্ৰামৰ বহুতো অগ্নিপৰীক্ষাত সগৰ্বে উত্তীৰ্ণ হৈ গৈছে। জুয়ে পোৰা সোণৰ দৰেই জিলিকি ৰৈছে তেওঁৰ আপোচবিহীন সত্তা। অসমীয়া ৰাইজে তেওঁৰ এই ৰূপ চিনিছে আৰু হৃদয়ত স্থান দিছে। বিতু, ধৈৰ্য, মানস প্ৰত্যেকেই হ’ল অদম্য তৰুণ সেনানী, বৈপ্লৱিক সম্ভাৱনাৰ ব্যক্তিৰূপ – যাৰ কান্ধত ধৰি অসমীয়া ৰাইজে আগ বাঢ়ি যাব ভৱিষ্যতৰ গণমুক্তি সংগ্ৰামৰ পথেদি। গতিকে উভতি চাবৰ সকাম নাই।
শেহতীয়া সময়ত অসমৰ শ্ৰমজীৱী ৰাইজে গণতান্ত্ৰিক সংগ্ৰামৰ কষ্টসাধ্য পথ বহুদূৰ আগুৱাই আহিছে বীৰত্বপূৰ্ণভাৱে। ছাত্ৰসমাজে দেখুৱাইছে বৈপ্লৱিক জংগীপনা আৰু ৰাজনীতিৰ পৰিপক্ব বোধ। ইয়েই ভৱিষ্যতৰ সমল। তেন্তে চিন্তা কিহৰ?
অখিলহঁত ৰাইজৰ মাজলৈ ওলাই আহক। আমি আজি যিটো চূড়ান্ত বিন্দুত থিয় দিছোহি, ইয়াৰপৰা একেলগে আগুৱাই যাম। ওভতাৰ কথা আৰু নাহে – কাৰণ উভতি নোযোৱাৰ ভীষ্ম প্ৰতিজ্ঞা আমি কৰি থৈছো।
(০৯-০৭-২০)
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2020/07/10/ubhoti-nujuwar-protigya/ […]
LikeLike