বিদায় টিকটক

শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি। খুব কম সময়ৰ ভিতৰতে সাংঘাতিক জনপ্ৰিয়তা লাভ কৰা টিকটক এই ঐতিহাসিক প্ৰক্ৰিয়াৰ এটা লেখত ল’বলগীয়া অংশ।

প্ৰিণ্ট মেডিয়া হ’ল মূলতঃ শিক্ষিত মধ্যবিত্তৰ বস্তু। সমাজৰ প্ৰভাৱশালী ক্ষমতা-কাঠামোসমূহ তথা সাংস্কৃতিক পদানুক্ৰমৰ ই এটা অপৰিহাৰ্য অংগ। ই যে কেৱল অশিক্ষিত-অৰ্ধশিক্ষিত জনসাধাৰণৰ কাষ চাপিব নোৱাৰে, তেনে নহয়; তেওঁলোকৰ কণ্ঠসমূহক অবিকৃত ৰূপত উপস্থাপন কৰাটোও ইয়াৰ পক্ষে সহজসাধ্য নহয়। ৰক্ষণশীল-ৰাষ্ট্ৰানুগত প্ৰিণ্ট মেডিয়াৰ কথাতো ক’বই নালাগে, আনকি প্ৰগতিশীল-গণমুখী মেডিয়াৰ ক্ষেত্ৰতো কম-বেছি পৰিমাণে এই কথা প্ৰযোজ্য। ইয়াৰ কাৰণ হ’ল ইয়াৰ লিখিত শব্দ-ভিত্তিক চৰিত্ৰ আৰু সম্পাদকীয় পদানুক্ৰম। অনাখৰী মানুহৰ অনুভৱ একোটা লিখিত ৰূপত প্ৰকাশ পাবলৈ হ’লে এক শিক্ষিত দ্বিতীয় পক্ষৰ প্ৰয়োজন – যি নিজৰ সুবিধাজনক ৰাজনৈতিক ভাষাত সেই অনুভৱক লিখিত ৰূপলৈ ‘অনুবাদ’ কৰিব। সেই অনুবাদটো সাধু ভাষাত ষ্টেণ্ডাৰ্ড আৰু ‘প্ৰকাশৰ উপযোগী’ হৈ নুঠালৈকে সম্পাদকীয় হস্তক্ষেপ চলি থাকিব। গতিকে সৰ্বশেষত আমি যিটো পৰিশোধিত প্ৰকাশিত ৰূপ পাম তাত অনাখৰী মানুহজনৰ অনুভৱটোৰ অবিকৃত-স্বতঃস্ফূৰ্ত ৰূপটো বিচাৰি পোৱা টান। আনহাতে, সম্পাদকীয় পদানুক্ৰম বস্তুটো হ’ল এটা ক্ষমতা-কাঠামো – যি ভুল-শুদ্ধ, প্ৰকাশৰ উপযোগী-অনুপযোগী বিচাৰৰ জৰিয়তে সমাজত ৰাজনৈতিক আধিপত্য আহৰণ কৰিবৰ বা কায়েম ৰাখিবৰ চেষ্টা কৰে। ব্যতিক্ৰমী বা আচহুৱা এটা অনুভৱ বা বক্তব্য খলপা খলপে থকা সম্পাদকীয় পদানুক্ৰম অতিক্ৰম কৰি গৈ প্ৰকাশ লাভ কৰাটো সহজ নহয়। এইসমূহ প্ৰিণ্ট মেডিয়াৰ অন্তৰ্নিহিত সমস্যা তথা সীমাবদ্ধতা। কিন্তু প্ৰিণ্ট মেডিয়াই হ’ল ইতিহাসৰ অধিক সময় ধৰি চলি অহা পৰম্পৰাগত তথা প্ৰাথমিক মেডিয়া। গতিকে অনাখৰী জনসাধাৰণৰ কণ্ঠসমূহৰ অবিকৃত উপস্থাপন বহুলাংশে নেদেখাকৈয়ে হয়তো আমি এই মেডিয়াত তেওঁলোকৰ কথাকেই পাতি আহিছো।

ইলেক্ট্ৰনিক মেডিয়াৰ আৱিৰ্ভাৱে এই প্ৰতিনিধিত্বকৰণলৈ এক গুণগত ৰূপান্তৰ আনিলে। ৰাজনৈতিক-সামাজিকভাৱে এই মেডিয়াৰ চৰিত্ৰও প্ৰিণ্ট মেডিয়াৰ সৈতে একে। কিন্তু কেইবাটাও কাৰণত জনসাধাৰণৰ প্ৰতিনিধিত্বকৰণৰ ক্ষেত্ৰত ই অগ্ৰগতিৰ সূচনা কৰিলে। প্ৰথমটো কাৰণ হ’ল ইয়াৰ ভিডিঅ’ ফৰ্মেটটো। সম্পাদকীয় হস্তক্ষেপ, ৰাজনৈতিক-সামাজিক বিভিন্ন হেঁচা, ভিডিঅ’ মাধ্যমটোৰ সৈতে জনসাধাৰণৰ অসহজবোধ আদি কাৰণত ইয়াতো জনসাধাৰণৰ অবিকৃত-স্বতঃস্ফূৰ্ত অনুভৱ প্ৰকাশ পোৱাটো ইমান সহজ নহয়; তাৰ পাছতো উদ্দেশ্যপ্ৰণোদিত সম্পাদনাৰ জৰিয়তে বক্তব্য বিকৃত-খণ্ডিত কৰাৰ বাবে কৌশল-সঁজুলি সকলো আছেই। তৎসত্ত্বেও ভিডিঅ’ৰ জৰিয়তে অনুভৱ প্ৰকাশ কৰাৰ যিটো পোনপটীয়া ব্যৱস্থা হ’ল তাৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিনিধিত্বকৰণে এক নতুন মাত্ৰা লাভ কৰিলে। জনসাধাৰণে নিজকে এক সচেতন কৰ্তা হিচাপে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। আগতে হয়তো তেওঁলোকে কোনো চৰকাৰী বিষয়াৰ সন্মুখত বিনীতভাৱে কথা কৈছিল; হয়তো সাংবাদিকৰ সন্মুখতো অভাৱ-অভিযোগৰ কথা কৈছিল, কিন্তু সি আছিল পৰ্দাৰ আঁৰৰ কথা। ইতিহাসত প্ৰথমবাৰৰ বাবে সাধাৰণ মানুহ কিছুমানে টিভি কেমেৰাৰ সন্মুখত সবলভাৱে নিজৰ কথা ক’ব পৰা হ’ল, চৰকাৰক জবাবদিহি কৰিব পৰা হ’ল। দ্বিতীয় কাৰণটো হ’ল, ইলেক্ট্ৰনিক মেডিয়াৰ সৰ্বঅন্তৰ্ভুক্তিবাদী আৰু অংশগ্ৰহণমূলক চৰিত্ৰ। প্ৰিণ্ট মেডিয়াৰ সীমিত পাঠকৰ বিপৰীতে ইলেক্ট্ৰনিক মেডিয়াৰ লক্ষ্য দৰ্শক হ’ল সমগ্ৰ সমাজখন – ঊধৰপৰা মূধলৈ, ওপৰৰপৰা তললৈ। তদুপৰি আন্তৰ্জাতিক পুঁজিৰ সৈতে ইয়াৰ সম্পৰ্ক অধিক ঘনিষ্ঠ আৰু নেৰানেপেৰা – এই বজাৰখন দৃঢ়প্ৰোথিত আৰু প্ৰসাৰিত কৰাৰ ঘাই সামাজিক দায়িত্ব ইয়েই পালন কৰি আহিছে। দেশত নব্য উদাৰতাবাদৰ প্ৰবৰ্তনৰ পাছত ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ এটা প্ৰচণ্ড ঢৌ সমাজৰ চুকে-কোণে বিয়পি গৈছে – নব্য উদাৰতাবাদী বজাৰৰ সামাজিক ভিত্তি হ’ল এইটোৱেই। এই সামাজিক গতিশীলতাৰ ঢৌটো বিয়পাই দিয়াৰ জৰিয়তে পুঁজিৰ প্ৰয়োজন পূৰণ কৰাটো ইলেক্ট্ৰনিক মেডিয়াৰ প্ৰাথমিক কাম। এইসমূহ কাৰণতে ই সমাজৰ সকলো অংশৰ জনসাধাৰণক সামৰি লোৱাটো জৰুৰী। গতিকে তাৰ পৰিণামস্বৰূপে জনসাধাৰণৰ প্ৰতিনিধিত্ব গুণগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত পৰিছে। মূলসুঁতিৰ ৰাজনীতি পাৰ্ফৰ্মেন্স-সৰ্বস্ব হৈ পৰিছে – ইলেক্ট্ৰনিক মেডিয়াৰ আধিপত্যই সৃষ্টি কৰা এইটো এটা অৱধাৰিত পৰিণাম। আনকি প্ৰতিবাদী ৰাজনীতিও ইয়াৰ মায়াজালৰপৰা মুক্ত হ’ব পৰা নাই – টিভিৰ পাৰ্ফৰ্মেন্সৰ ওপৰত দিয়া প্ৰাধান্যই কেমেৰাৰ আঁৰৰ কষ্টকৰ আৰু দীৰ্ঘম্যাদী কৰ্মৰপৰা মনোযোগ ক্ৰমাৎ কমাই আনিছে। কিন্তু একে সময়তে দেখা গৈছে যে জনসাধাৰণে ৰাজনৈতিক প্ৰতিবাদক এক নতুনধৰণে পুনৰাৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে – পূৰ্বৰ সুপ্ত-সংকোচিত জনসাধাৰণে এতিয়া প্ৰতিবাদক সৃষ্টিশীল ৰূপত প্ৰয়োগ কৰিবলৈ শিকিছে। ৰাষ্ট্ৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত এনেকৈয়ে জনসাধাৰণ এখোপ আগুৱাই গৈছে – গণতন্ত্ৰৰ বাবে এইটো এটা ভাল খবৰ। কিন্তু শেষ অৰ্থত ইলেক্ট্ৰনিক মেডিয়াই সমাজৰ প্ৰভাৱশালী ক্ষমতা-কাঠামোসমূহ আৰু সাংস্কৃতিক পদানুক্ৰমকেই বৰ্তাই ৰাখিছে, নতুন পদানুক্ৰমৰ সৃষ্টিও কৰিছে, যিটো তাৰ এৰাব নোৱৰা চৰিত্ৰ। ইয়াৰ জৰিয়তে হোৱা জনসাধাৰণৰ প্ৰতিনিধিত্বকৰণো সেয়ে ৰাজনৈতিক চৰিত্ৰৰদ্বাৰাই সীমাবদ্ধ আৰু নিয়ন্ত্ৰিত।

ছ’চিয়েল মেডিয়াৰ জৰিয়তে আমি এখন নতুন পৃথিৱীত প্ৰবেশ কৰিলো। ছ’চিয়েল মেডিয়াও আচলতে আন্তৰ্জাতিক পুঁজিৰে অংশ – ইয়াৰ বিকাশ মানে পুঁজিৰেই জয়জয়কাৰ। বিশ্বজোৰা পুঁজিৰ প্ৰসাৰ আৰু তাৰ বাবে উপযোগীকৈ শ্ৰমিক আৰু উপভোক্তাৰ সৃষ্টি – এই উদ্দেশ্যেত সহায় কৰিব পৰাকৈ নিৰ্মিত যিটো আন্তৰ্জাতিক অবাৰিত আন্তঃসম্পৰ্কৰ নেটৱৰ্ক, ছ’চিয়েল মেডিয়া তাৰে অন্তৰ্গত। কিন্তু ছ’চিয়েল মেডিয়া বস্তুটো এটা উদণ্ড দমৰা গৰুৰ লেখীয়া, এবাৰ এৰাল ছিঙি গ’লে যাক নিয়ন্ত্ৰণ কৰা টান। ছ’চিয়েল মেডিয়াৰ চৰিত্ৰই এনেকুৱা যে তাক কোনোৱেই সম্পূৰ্ণৰূপে আৰু দীৰ্ঘ সময়ৰ বাবে মন’পলাইজ বা কুক্ষিগত কৰি ৰাখিব নোৱাৰে। ই এটা ভাসমান মাধ্যম যাৰ মাজত সকলোৱেই নিজৰ বাবে জেগা অকণ উলিয়াই ল’ব পাৰে। প্ৰাতিষ্ঠানিক মেডিয়াৰ দৰে ইয়াত কোনো সম্পাদকীয় পদানুক্ৰম নাই – ব্যক্তিয়ে ইয়াত পোনপটীয়াভাৱে অবিকৃত ৰূপত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। বিভিন্ন ৰাজনৈতিক শক্তিয়ে সংগঠিতভাৱে ছ’চিয়েল মেডিয়াৰ সৰহখিনি স্পেচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা দেখা যায়, কিন্তু তেতিয়া ছ’চিয়েল মেডিয়াৰে আন এটা স্পেচৰপৰা প্ৰতিবাদী কণ্ঠ সোচ্চাৰ হৈ উঠে। সেইবাবেই ই সমাজৰ গণতান্ত্ৰিকীকৰণ প্ৰক্ৰিয়া বহুদূৰলৈ ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে। প্ৰিণ্ট মেডিয়া আৰু ইলেক্ট্ৰনিক মেডিয়াই প্ৰবেশ কৰিব নোৱৰা ঠাইবিলাকত ই প্ৰবেশ কৰিছে, প্ৰকাশ কৰিব নোৱৰা কথাবিলাক ই প্ৰকাশ কৰিছে। ছ’চিয়েল মেডিয়াক ভিত্তি কৰিয়েই বহুতো অনলাইন সংবাদ পৰ্টেলো গঢ় লৈ উঠিছে, সেইবোৰকো ছ’চিয়েল মেডিয়াৰ সম্প্ৰসাৰিত অংশ বুলি অভিহিত কৰিব পাৰি। (ছ’চিয়েল মেডিয়াৰ বিভিন্ন দিশ আৰু অন্তৰ্নিহিত সমস্যা-সীমাবদ্ধতা সম্পৰ্কে অন্যান্য বহুতো দিশ আলোচনা কৰিবলগা আছে। এই লৈ পৰৱৰ্তী সময়ত লিখা যাব।)

এই গণতান্ত্ৰিক সম্ভাৱনাৰ বাবেই ছ’চিয়েল মেডিয়াৰ সৈতে প্ৰিণ্ট তথা ইলেক্ট্ৰনিক মেডিয়াৰ যুগপৎ সংঘাত আৰু বুজাপৰা পৰিলক্ষিত হয়। ছ’চিয়েল মেডিয়াৰ মুক্ততা আৰু জংগীপনাক কঠোৰভাৱে নিয়ন্ত্ৰিত আৰু প্ৰভাৱশালী স্বাৰ্থৰ বাহক প্ৰাতিষ্ঠানিক মেডিয়াই সহ্য কৰিব নোৱৰাটোৱেই স্বাভাৱিক। দেখা যায় যে চিন্তা-চৰ্চাৰ ক্ষেত্ৰত ছ’চিয়েল মেডিয়া যায় আগে আগে, প্ৰাতিষ্ঠানিক মেডিয়া যায় পিছে পিছে। ছ’চিয়েল মেডিয়াৰ এই আগৰণুৱা চৰিত্ৰ তথা ক্ৰমবৰ্ধমান আধিপত্যৰ বাবেই সংশয়গ্ৰস্ত প্ৰাতিষ্ঠানিক মেডিয়াই ইয়াক আক্ৰমণৰ উদ্দেশ্য কৰি লয় – ইলেক্ট্ৰনিক মেডিয়াত ছ’চিয়েল মেডিয়াৰ সমস্যা লৈ, ইয়াৰ আদৰ্শনীয় ৰূপ কেনে হোৱা উচিত তাক লৈ প্ৰায়েই আলোচনা-বিতৰ্ক হোৱা দেখা যায়। ইয়াৰ জৰিয়তে ছ’চিয়েল মেডিয়াৰ ওপৰত এক নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচৰা হয়, তাৰ সম্ভাৱনাসমূহ আত্মসাৎ কৰি পেলাবলৈ বিচৰা হয়। অসমৰ ক্ষেত্ৰত এটা উদাহৰণেৰে দুই মেডিয়াৰ মাজৰ এই সম্পৰ্কটো ভালদৰে বুজিব পাৰি। সাম্প্ৰতিক অসমৰ সংগীত উদ্যোগৰ কেন্দ্ৰবিন্দু হ’ল বিহুমঞ্চ। গান গাবলৈ শিকা যিকোনো মানুহৰে শেষ লক্ষ্য হিচাপে ধৰা হয় বিহুমঞ্চখন। কিন্তু এই বিহুমঞ্চৰ লগত এতিয়া অংগাংগীভাৱে জড়িত হৈ পৰিছে ইলেক্ট্ৰনিক মেডিয়া। বিহুমঞ্চৰ বাবে শিল্পী নিৰ্বাচন কৰা, তেওঁলোকক তাৰ বাবে পৰ্যাপ্ত সাংস্কৃতিক পুঁজিৰ যোগান ধৰা আদি কাম ইলেক্ট্ৰনিক মেডিয়াই কৰে; অকল সিমানেই নহয়, সংগীত পৰিবেশনৰ ক্ষেত্ৰতো বিহুমঞ্চৰ সৈতে ইমানেই সলনাসলনি যে দুইটাৰ মাজৰ পাৰ্থক্য নাইকিয়া হৈ যায়। ইয়াৰ আগতে মানুহে গান গাই জনপ্ৰিয় হ’বলৈ হ’লে এটা বিশেষ সাংস্কৃতিক ক্ষমতা-কাঠামো তথা পদানুক্ৰমৰ মাজেৰে পাৰ হৈ যাব লাগিছিল। সেই গাঁথনিবিলাক ইলেক্ট্ৰনিক মেডিয়াই ভাঙি পেলালে। কিন্তু এতিয়া বিহুমঞ্চখন আত্মসাৎ কৰি লৈ সি নিজে এটা ক্ষমতা-কাঠামো হৈ বহি লৈছে। ছ’চিয়েল মেডিয়াত মাজে মাজে খুব ভাল গান গোৱা ল’ৰা-ছোৱালী একোটাহঁত ওলায়। তেতিয়া লগে লগে দাবী উঠে যে তেওঁলোকক টিভিত নিব লাগে। অৱশেষত তেওঁলোক টিভিলৈ যায়, আৰু তাৰ পাছত বিহুমঞ্চলৈ যায়। এনেকৈ ছ’চিয়েল মেডিয়াৰ মাজত আৱিষ্কৃত প্ৰতিভা একোটা ইলেক্ট্ৰনিক মেডিয়াই নিজৰ ক্ষমতা-কাঠামোৰ অংশ কৰি লয়। আনহাতে, ইয়াৰপৰা এই কথাও প্ৰতিপন্ন হয় যে ছ’চিয়েল মেডিয়াই আমাৰ সমাজত এতিয়াও আত্মবিশ্বাস আৰু স্বনিৰ্ভৰশীলতা আয়ত্ত কৰিব পৰা নাই – ইয়াক গৌণ বা আনুষংগিক বস্তু বুলিয়েই ভবা হৈ আহিছে, যাৰ জৰিয়তে প্ৰাথমিক বা ষ্টেণ্ডাৰ্ড মাধ্যম প্ৰাতিষ্ঠানিক মেডিয়ালৈ বগাই যাব পাৰি। এই গৌণতা বা আনুষংগিকতাৰ ধাৰণাক অতিক্ৰম কৰিব পাৰিলেহে ছ’চিয়েল মেডিয়াৰ পূৰ্ণাংগ সম্ভাৱনাসমূহ ব্যৱহাৰ কৰাও সম্ভৱ, আৰু তাৰ গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰখাও সম্ভৱ। এই কথাখিনি বিশেষভাৱে ফে’চবুকৰ ক্ষেত্ৰত প্ৰযোজ্য।

সি যি নহওক, ছ’চিয়েল মেডিয়াক একধৰণৰ বস্তু বুলি ক’ব নোৱাৰি, সঁজুলি অনুসৰি সিবিলাকৰ সামাজিক-ৰাজনৈতিক চৰিত্ৰৰো ভিন্নতা দেখা পোৱা যায়। উদাহৰণস্বৰূপে, টুইটাৰক আমি মূলগতভাৱে উচ্চ শ্ৰেণীৰ মাধ্যম বুলিব পাৰো, সমৰ্থন-বিৰোধৰ সুবিধা থাকিলেও য’ত বক্তব্যৰ প্ৰকাশ একমুখী। তাৰ বিপৰীতে, ফে’চবুক হ’ল সামাজিক আলোচনাৰ এক বহল মাধ্যম। ইয়াত সকলো শ্ৰেণীৰ লোকেই অংশগ্ৰহণ কৰে, কিন্তু মধ্যবিত্ত ইণ্টেলিজেন্সিয়াৰ নেতৃত্বদায়ী প্ৰভাৱ বেছি পৰিমাণে পৰিলক্ষিত হয়। লাইভ ভিডিঅ’ ফৰ্মেটৰ প্ৰচলন আছে যদিও ইয়াত লিখিত শব্দৰে প্ৰাধান্য বেছি – যাৰ লিখিত শব্দৰ ওপৰত দখল কম তেওঁলোকে ফে’চবুকত সম্পূৰ্ণৰূপে আত্মপ্ৰকাশ কৰিব নোৱাৰে, আৰু সেয়ে তেওঁলোক ইয়াত বহুদিন ধৰি সন্তুষ্ট হৈ থকাটো সম্ভৱ নহয়। এনে কাৰণতে ব্যাপক জনপ্ৰিয়তা সত্ত্বেও নিম্নবৰ্গীয় শ্ৰেণীসমূহে ফে’চবুক মাধ্যমটো নিজৰ মাধ্যম বুলি আঁকোৱালি ল’ব নোৱাৰিলে। তাৰ সলনি বা পৰিপূৰকৰূপে তেওঁলোকে আঁকোৱালি লৈছে টিকটক বা তাৰ সমধৰ্মী মাধ্যমসমূহ।

চমু ভাষাত ক’বলৈ হ’লে, টিকটক হ’ল নিম্নবৰ্গৰ ছ’চিয়েল মেডিয়া। অলপতে (২৯ জুন, ২০২০) ভাৰত চৰকাৰে আন ৫৮টা চীনা এপৰ লগতে ক্ষুদ্ৰ ভিডিঅ’-শ্বেয়াৰিং এপ টিকটকো নিষিদ্ধ ঘোষণা কৰে। পৃথিৱীৰ বিভিন্ন দেশত প্ৰচলিত যদিও টিকটক ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰততেই সৰ্বাধিক – ২০ কোটিৰো অধিক। এই ২০ কোটিৰ মাজত বিভিন্ন শ্ৰেণীৰ লোক আছে যদিও নিম্নবৰ্গীয় লোকৰ সংখ্যায়েই বেছি। গাঁৱৰ দৰিদ্ৰ লোক, প্ৰব্ৰজিত শ্ৰমিক, নিম্নবৰ্ণ লোক আদি সকলোধৰণৰ নিম্নবৰ্গীয় শ্ৰেণীৰ মাজতেই টিকটক সাংঘাতিকধৰণে জনপ্ৰিয় মাধ্যম। নিম্নবৰ্গৰ জনসাধাৰণে ইয়াৰ মাজত নিজৰ আৱেগ-অনুভূতি প্ৰকাশৰ বাট বিচাৰি পাইছে – যি প্ৰকাশ অবিকৃত আৰু স্বতঃস্ফূৰ্ত।

মই ব্যক্তিগতভাৱে ক’বলৈ হ’লে, টিকটক এপটো নিজে ব্যৱহাৰ কৰি পোৱা নাই – কিন্তু তাৰ ভালেমান ভিডিঅ’ ইউটিউব-ফে’চবুকত চাইছো। উত্তৰ ভাৰতৰ কোনোবা ঠাইৰ গাঁৱলীয়া ককাই-ভনী, শ্ৰমব্যস্ত বা ঘৰমুৱা কিছুমান শ্ৰমিক আদিৰ বলিউডী গীতত কৰা বহুতো নৃত্য বা লাইভ চাই অনুভৱ হ’ল – বাঃ কি চমৎকাৰ!! বলিউডৰ নায়ক-নায়িকাসকলে ইমান দিনে যিখন ফেণ্টাছি পৃথিৱীৰ নিৰ্মাণ কৰিলে সেইখনে যেন বাস্তৱ ৰূপ পাবলৈ অতদিনে বাট চাই আছিল এই টিকটকাৰসকলৰ বাবে। বলিউডে বহন কৰা সমস্ত পদানুক্ৰম, ঐশ্বৰ্যৰ গৰ্ব, শ্ৰেণীগত অহংকাৰ যেন ধূলিত মিলাই দিছে এই আপচু, দাঁত ওলোৱা, ক’লীয়া-ম’লীয়া, ফুটপাথৰ কাপোৰ পিন্ধা, ভগা জুপুৰিত বাস কৰা এই দুখীয়া মানুহবিলাকৰ সহজ প্ৰতিভাই। এই নিম্নবৰ্গীয় মানুহবোৰ পৰিস্থিতিৰ অসহায় ক্ৰীড়নক নহয়, আমি ভবাৰ দৰে নিছক ভুক্তভোগী নহয় – তেওঁলোক সচেতন কৰ্তা, তেওঁলোকৰ নিজা কণ্ঠ আছে, অনুভৱ আছে। তেওঁলোকে কলাৰ পৰম্পৰাগত ধাৰণাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। এয়া কোনো প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ মাজেৰে অহা, পৃষ্ঠপোষকতাপ্ৰাপ্ত, সুসংবদ্ধ, ছেনিটাইজড কলা নহয় – এয়া হ’ল জীৱনৰ কেঁচা আৰু নিভাঁজ কলা। আন ছ’চিয়েল মেডিয়াৰ সৈতে টিকটকৰ এইখিনিতে এটা মৌলিক পাৰ্থক্য আছে। ফে’চবুক আদিত নিজকে পৰিকল্পিতভাৱে বিশেষধৰণে উপস্থাপন কৰিব পাৰি, আত্মগোপন কৰিব পাৰি, ভাও ধৰিব পাৰি – আচলতে বহু সময়ত নিজৰ এটা পৰিশোধিত-পৰিবৰ্ধিত সংস্কৰণহে দাঙি ধৰিব বিচৰা হয় এইসমূহ মাধ্যমত। কিন্তু টিকটকত সেইবোৰ কৰাৰ কথাই নাহে। ইয়াত নিজৰ শৰীৰী জীৱন্ত ৰূপটোৱেই একমাত্ৰ পৰিচয় – সেই শৰীৰটোৰেই আপুনি সকলো কৰিব লাগিব। সেইবাবে ইয়াত কোনো ভণ্ডামি নাই। নিম্নবৰ্গীয় সমাজত যিবোৰ প্ৰতিক্ৰিয়াশীল বস্তু আছে, সেই সকলোবোৰেই টিকটকতো আছে। পুৰুষতন্ত্ৰ, বৰ্ণবাদ, সাম্প্ৰদায়িকতা ইত্যাদি ইত্যাদি। সেইবাবে ইয়াক লৈ বহুতেই নাক কোঁচায়। কিন্তু পৰিশীলিত আৰু সূক্ষ্ম অৱতাৰত উচ্চ সমাজৰ কোঁহে কোঁহে সোমাই থকা লুকাই থকা প্ৰতিক্ৰিয়াশীল ধাৰণাসমূহক লৈ সাধাৰণতে কাৰো সমস্যা নহয়, সিবোৰক সংস্কৃতিৰ অংগ বুলিয়েই সসন্মানে গ্ৰহণ কৰা হয়। সমস্যা হয় সেই ধাৰণাসমূহে নিম্ন শ্ৰেণীৰ মাজত অভদ্ৰ-স্থূল ৰূপত প্ৰকাশ লাভ কৰিলেহে। তেওঁলোকৰ মানেকত আচল সমস্যা হ’ল অশ্লীলতাহে। প্ৰকৃততে অশ্লীলতাই সমাজৰ প্ৰতিক্ৰিয়াশীল ধাৰণাসমূহ উন্মোচনহে কৰি দিয়ে – অশ্লীলতাক দমন কৰাৰ জৰিয়তে সমাজৰ স্থিতাৱস্থাকে নিৰ্বিঘ্নে বৰ্তাই ৰাখিব বিচৰা হয়। গতিকে সমাজৰ প্ৰতিক্ৰিয়াশীল ধাৰণাৰ বাবে টিকটকক দূষি লাভ নাই – সামাজিক সমস্যাৰ সামাজিকভাৱেহে সমাধান সম্ভৱ।

টিকটক নিষিদ্ধ কৰা হ’ল, আন কোনোবা এপ ওলাব বা অধিক জনপ্ৰিয় হ’ব। কিন্তু নিম্নবৰ্গীয় জনসাধাৰণৰ নিভাঁজ আৱেগ-অনুভূতি, খং-ক্ষোভ প্ৰকাশৰ বাবে মাধ্যম এটা লাগিবই – প্ৰাতিষ্ঠানিক মেডিয়াই তেওঁলোকক জেগা নিদিয়ে। তেওঁলোকে কেৱল ভাব প্ৰকাশ কৰিয়েই, নাচি-বাগিয়েই নাথাকিব। প্ৰশ্ন কৰিবলৈও শিকিব, ৰাজনৈতিক পাকচক্ৰবোৰ বুজিবলৈও ধৰিব। তেনেকৈয়ে এদিন তেওঁলোকে বিদ্ৰোহ কৰি উঠিব – আধিপত্যশীল ক্ষমতা-কাঠামোবিলাক ভাঙি পেলাব, সাংস্কৃতিক পদানুক্ৰমবিলাক গিৰাই দিব। সাংস্কৃতিক নিদ্ৰাৰপৰা তেওঁলোক সাৰ পাব ধৰিছেই। গণতন্ত্ৰৰ পদধ্বনি লাহে লাহে কাষ চাপি আহিব।

(ৰচনাকাল : ০৩-০৭-২০)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: