দুৰ্নীতিৰ অধিকাৰ

দুৰ্নীতি এটা নৈতিক প্ৰশ্ন নহয়, সি এটা সামাজিক প্ৰক্ৰিয়া। দুৰ্নীতি দুই-এজন বেয়া মানুহে কৰা কাম নহয়, সি হ’ল এটা সামূহিক পৰম্পৰা। দুৰ্নীতি হ’ল এক ঐতিহ্য যাৰ আমি সকলো অংশীদাৰ।

কথাটো এনেকুৱা নহয় যে চৰকাৰ-প্ৰশাসনক দুৰ্নীতিয়ে প্ৰদূষিত কৰি পেলাইছে বা ৰাষ্ট্ৰ নামৰ নিখুঁত বস্তু এটাৰ মাজত দুৰ্নীতি নামৰ বীজাণু এটা প্ৰবেশ কৰিছে। প্ৰদূষণ কৰাৰ বা প্ৰবেশ কৰাৰ ধাৰণাই দুৰ্নীতিক এটা বাহিৰা বা আচহুৱা বস্তু বুলি সাব্যস্ত কৰিব খোজে। কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি হ’ল ৰাষ্ট্ৰ-পৰিচালনাৰ এক জৈৱিক অংশ – যুগ যুগ ধৰি গঢ় লৈ উঠা প্ৰশাসনিক পৰম্পৰাৰ সি এটা ভিতৰুৱা বস্তু। অপৰাধ জগত, ক’লা বজাৰ আদিয়ে ৰাজনীতি নষ্ট কৰিলে বুলি কোৱাটো ভুল – এইবোৰ সকলোবোৰ মিলাই লৈয়েই ৰাজনীতি, এই সকলোবোৰ সানমিহলি হৈয়েই সৃষ্টি হৈছে আমাৰ বাস্তৱ ৰাজনৈতিক গাঁথনিটো। ৰাষ্ট্ৰৰ আনুষ্ঠানিক সজ্জাটো আৰু তাক কেন্দ্ৰ কৰি থকা নীতি-নিয়মবিলাকত আচলতে একো নাই – সেইবোৰ ফোঁপোলা আৰু প্ৰাণহীন বস্তু। সিবিলাকত বিভিন্ন জীৱন্ত আৰু শক্তিশালী উপাদান সানমিহলি হৈহে ৰাষ্ট্ৰব্যৱস্থাটো চলাই ৰাখে। দুৰ্নীতি হ’ল তেনে এটা উপাদান। গতিকে আমাৰ সন্মুখত এনে কোনো বিশুদ্ধ ৰাজনীতি নাই বা এনে কোনো নিভাঁজ চৰকাৰ-প্ৰশাসন নাই যাক দুৰ্নীতিৰপৰা পৃথক কৰি চাব পাৰি। ৰাজনীতি তথা চৰকাৰ-প্ৰশাসনৰ সৈতে দুৰ্নীতিৰ তেজৰ সম্পৰ্ক আছে।

কেৱল দুজনমান পুঁজিপতি-ৰাজনীতিককেই দুৰ্নীতিৰ খলনায়ক সজাব নোৱাৰি। যিটো মধ্যবিত্ত শ্ৰেণীক আমি দুৰ্নীতিৰ সবাতোকৈ কঠোৰ সমালোচক হিচাপে দেখো, সেই শ্ৰেণীটো প্ৰকৃততে দুৰ্নীতিৰ প্ৰধান হিতাধিকাৰী। সাম্প্ৰতিক ভাৰতৰ সমাজ আৰু ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা যিটো বিশাল আৰু বহুতৰপীয়া মধ্যবিত্ত শ্ৰেণী আছে, স্বৰাজোত্তৰ কালত তাৰ ঐতিহাসিক গঢ়ন আৰু উন্নতিত দুৰ্নীতিৰ এটা নিৰ্ণায়ক ভূমিকা আছে। একেষাৰ কথা অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য। যিখন ঠাইত স্থানীয় অৰ্থনীতিৰ কোনো বিকাশ নাই, তাত মধ্যবিত্তৰ হাতত উন্নতিৰ বাবে দুৰ্নীতিৰ বাদে আন পথ নাই বুলিলেও হয়। চৰকাৰী যন্ত্ৰটোৰ ভিতৰত সোমাই লৈ যিকোনো প্ৰকাৰে ৰাজকোষৰ ধন সৰকাব লাগে – এইটোৱেই হ’ল সামাজিক গতিশীলতাৰ প্ৰধান সূত্ৰ। এনেকৈয়ে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ সিংহভাগটো গঢ় লৈ উঠিছে। একাংশ পুৰণি ভূমি সম্পদশালী তথা বিত্তশালী লোকে নিশ্চয়কৈ পোনপটীয়াভাৱে নিজৰ খোপনি গজগজীয়া কৰি লৈছিল চৰকাৰী যন্ত্ৰটোত। কিন্তু বাকী বৃহৎ অংশৰ বাবেই পথটো ভিন্ন আছিল। তেওঁলোকৰ প্ৰথম প্ৰজন্মৰ নিম্ন মধ্যবিত্ত অংশটো হয়তো গাঁৱৰপৰা বহুতো সংগ্ৰাম কৰি ওপৰলৈ উঠি আহিছিল। কিন্তু পিছৰ পৰ্যায়ত দুৰ্নীতিৰ কায়দা-কিটিপ আয়ত্ত কৰি উন্নতিৰ জখলাত আগুৱাই গৈছিল। গতিকে এতিয়া যিখিনি মানুহে মধ্যবিত্ত হিচাপে একাধিক প্ৰজন্ম ধৰি এক শ্ৰেণীগত স্থায়িত্ব আৰু সমৃদ্ধি আহৰণ কৰিছে, তেওঁলোকৰ সহৰভাগৰে বিকাশৰ আঁৰত দুৰ্নীতিৰ এটা গুৰুত্বপূৰ্ণ বৰঙণি আছে।

দুৰ্নীতি এটা সৰ্বব্যাপী কাৰবাৰ। ৰাষ্ট্ৰ-পৰিচালনাৰ তলৰপৰা ওপৰলৈকে দুৰ্নীতিৰ ৰাজত্ব। স্বাভাৱিকতেই তাৰ বাহিৰৰ সমাজখনতো তাৰ অবিকল অনুকৰণ চলে। ইয়াত সমস্যাজনক একো নাই। মাজে-সময়ে সমস্যাৰ সৃষ্টি কৰে কিছুমান গোঁৱাৰ লোকেহে – যি দুৰ্নীতি নিৰ্মূল কৰিব খোজে। তেওঁলোকে অতিক্ৰম কৰি যাব খোজে সমাজ আৰু ৰাষ্ট্ৰক। দুৰ্নীতিৰ জটিল আৰু বহুস্তৰীয় নেটৱৰ্কৰ মাজৰ কোনোবা এটা বিন্দুত থিয় হৈ তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিব খোজে দুৰ্নীতিৰ বিৰুদ্ধে। দুৰ্নীতিগ্ৰস্ত এখন সমাজত তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে গণ আন্দোলন গঢ় দিব খোজে। তেওঁলোকেই হৈছে অপৰাধী – ৰাষ্ট্ৰৰ ওচৰতো, সমাজৰ ওচৰতো।

সাম্প্ৰতিক সময়ৰ বহুবিলাক ৰাজনৈতিক আন্দোলনেই প্ৰকৃততে দুৰ্নীতিৰ অধিকাৰ বিচাৰি কৰা আন্দোলন। আন সকলোৱে দুৰ্নীতি কৰিছে আৰু উন্নতিৰ জখলাত আগুৱাই গৈছে, কিন্তু আমি দুৰ্নীতি কৰাৰ কোনো সুবিধা পোৱা নাই – গতিকে আমাক দুৰ্নীতি কৰাৰ উপযুক্ত সা-সুবিধা দিব লাগে। স্বশাসনৰ বাবে কৰা আন্দোলনবিলাকেই ইয়াৰ সুন্দৰ উদাহৰণ। এটা ডাঙৰ গোষ্ঠীৰ উদীয়মান মধ্যবিত্ত নেতৃত্ব আগ বাঢ়ি আহিল আৰু আন্দোলন কৰিলে। ফলশ্ৰুতিত স্বশাসনৰ সুবিধা পালে – অৰ্থাৎ দুৰ্নীতি কৰাৰ সুবিধা পালে। দুৰ্নীতি কৰি তাৰ ভিত্তিত এটা তজবজীয়া মধ্যবিত্ত শ্ৰেণী গঢ় লৈ উঠিল। সেই শ্ৰেণীটোৱে এতিয়া তাতকৈ অধিক দুৰ্নীতিৰ অধিকাৰ বিচাৰিব। তেনে সময়তে আন এটা সৰু গোষ্ঠী আগ বাঢ়ি আহিব নতুনকৈ দুৰ্নীতিৰ দাবী লৈ। দেখা যায় যে সৰু সৰু গোষ্ঠীবিলাকে দুৰ্নীতি কৰাৰ সুবিধা হয় একেবাৰে পোৱা নাই, নতুবা পৰ্যাপ্ত পৰিমাণে পোৱা নাই। গতিকে তাৰ বাবে ৰাজনৈতিক আন্দোলন অদূৰ ভৱিষ্যতে চলি থাকিব।

বিভিন্ন ব্যক্তিয়ে দুৰ্নীতি কৰি ধৰা পৰা বুলি যে আমি বা-বাতৰি পাই থাকো তাৰপৰা আমি কি বুজো? সেয়া হ’ল, সামাজিক-ৰাজনৈতিক শক্তি অবিহনে দুৰ্নীতি আধৰুৱা। ধৰক, এজন তলৰ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী দহ হেজাৰ টকা ঘোচ লৈ থাকোতেই ধৰা পৰিল আৰু জে’লত গ’ল। এইটো প্ৰকৃততেই এটা অতিকে ট্ৰেজিক ঘটনা, যাৰ বাবে মানুহজনৰ প্ৰতি আমাৰ মনত কৰুণাৰ উদ্ৰেক হ’ব লাগে। কাৰণ যি সময়ত তলৰপৰা ওপৰলৈকে দুৰ্নীতিৰ চক্ৰটো এটা নিখুঁত যন্ত্ৰৰ দৰেই চলি আছে, মাত্ৰ দহ হেজাৰ টকা লৈ ফচিবলগা হোৱাটো সঁচাকৈয়ে বৰ দুৰ্ভাগ্যজনক। আনহাতে, ধৰক এজন অলপ ওপৰ স্তৰৰ অফিচাৰ দুৰ্নীতি কৰি ধৰা পৰিল আৰু তেওঁৰ ঘৰৰ বিছনাৰ তলত, পাকঘৰত চবতে গোটেই টকাৰ বাণ্ডলেই ওলাল। এইটোও এটা দুৰ্ভাগ্যজনক ঘটনা – এনেকৈ টকাৰ বাণ্ডল য’তে-ত’তে লুকুৱাই ৰাখিবলগা হোৱাটো অতিকে দুখৰ কথা। এই কথাটোৱে সূচায় যে মানুহজনে টকা ঘটিছে সঁচা, কিন্তু সেই টকা খটুৱাব পৰাকৈ তেওঁৰ সামাজিক-ৰাজনৈতিক শক্তি নাই। কোনোবা ডাঙৰ ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত সিমানখিনি টকা বাদেই দিয়ক, তাৰ হাজাৰগুণ বেছি টকা হ’লেও সমস্যা নহ’লহেঁতেন, কাৰণ তেওঁৰ সেই টকা খটুওৱাৰ বাবে পৰ্যাপ্ত সামাজিক-ৰাজনৈতিক আধিপত্য আছে। তেতিয়া হয়তো সেইখিনি টকাক দুৰ্নীতিৰ টকা বুলি কোৱা নহ’লহেঁতেন। এনে কাৰণতে দুৰ্নীতিৰে টকা আহৰণ কৰাৰ পাছত বা সমান্তৰালভাৱে সামাজিক-ৰাজনৈতিক শক্তি আহৰণ কৰাটো জৰুৰী হৈ পৰে। কিন্তু সেই কামটো প্ৰায় ক্ষেত্ৰতে সহজ নহ‌য়, বহু সময়ত টকা ঘটাতকৈ বহুগুণে কঠিন। গাঁও অঞ্চলত দুৰ্নীতিৰ টকাৰে ৰাইজক ধৰ্মীয় দান-দক্ষিণা দি সহজেই সামাজিক-ৰাজনৈতিক শক্তি আহৰণ কৰা বহু সময়ত দেখিবলৈ পোৱা যায়। কিন্তু তেনে লোকৰ আধিপত্যৰ স্বপ্ন সাধাৰণতে অঞ্চলবিশেষত বান্ধ খাই থকা দেখা যায়। বহল ক্ষেত্ৰলৈ গ’লে কথাবোৰ জটিল হৈ পৰে। সেয়ে বহুতৰে বাবে সামাজিক-ৰাজনৈতিক শক্তি আহৰণ সম্ভৱপৰ হৈ নুঠে। তেনেকুৱা মানুহেই দুৰ্নীতি কৰি টকাবোৰ অ’ত-ত’ত লুকুৱাই ৰাখে।

দুৰ্নীতিৰ ক্ষেত্ৰত দেখা দিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বিৰাট শ্ৰেণীগত বৈষম্য। কোনোবা হয়তো চকীদাৰ বা পিয়ন, তেওঁৰ মাত্ৰ দহ-বিছ টকা দুৰ্নীতি কৰাৰ ক্ষমতা আছে। কোনোবা হয়তো কেৰাণী, তেওঁৰ হয়তো কেইলাখমান টকা দুৰ্নীতি কৰাৰ ক্ষমতা আছে। তেওঁলোকে বিচাৰিলেও তাতকৈ বেছি টকাৰ দুৰ্নীতি কৰিব নোৱাৰে – কোটি টকাৰ দুৰ্নীতি কৰো বুলি ভাবিলেও তাৰ বাবে কোনো সুবিধা নাই। কিন্তু কোনোবা মন্ত্ৰীয়ে হয়তো হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি সহজে কৰিব পাৰে। অৰ্থাৎ দুৰ্নীতি কৰাৰ ক্ষমতা সকলোৰে বেলেগ বেলেগ। আনহাতে, একেবাৰে দুখীয়া খাটিখোৱা জনসাধাৰণৰ আকৌ দুৰ্নীতি কৰাৰ কোনো ক্ষমতাই নাই – তেওঁলোকে এটকা এটাৰ দুৰ্নীতি কৰো বুলিলেও উপায় নাই।

বৈষম্যপূৰ্ণ সমাজত দুৰ্নীতিৰ ক্ষেত্ৰতো বৈষম্য থকাই স্বাভাৱিক। এই বৈষম্যৰ অন্ত পৰিব লাগে। দুৰ্নীতিৰ অধিকাৰ সকলোৰে আছে। কিছুমান বিশেষ গোষ্ঠীৰ হাতত, কিছুমান বিশেষ ব্যক্তিৰ হাতত দুৰ্নীতিৰ অধিকাৰ কুক্ষিগত হৈ থাকিবলৈ দিব নোৱাৰি। দুৰ্নীতিৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ। সেয়ে সমস্বৰে উঠিব লাগে এটাই দাবী – সকলোকে দিয়া হ‌ওক দুৰ্নীতিৰ সমান অধিকাৰ।

(ৰচনাকাল : ২৬-০৫-২০)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি
One comment on “দুৰ্নীতিৰ অধিকাৰ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: