সন্তানৰ ঋণ

সকলো মাক-দেউতাকেই‌ সন্তানৰ ওচৰত আজীৱন ঋণী। মাক-দেউতাকে সেই ঋণ কোনোধৰণেই আৰু কোনোকালেই পৰিশোধ কৰি শেষ কৰিব নোৱাৰে।

সন্তান হ’ল মাক-দেউতাকৰ স্বসত্তাৰ এক সম্প্ৰসাৰণ, নিজৰ অস্তিত্বৰ এক বিস্তাৰণ। পৃথিৱীৰ ধামখুমীয়াৰ মাজত আৰু মানৱ জীৱনৰ ধাৰাবাহিকতাৰ সোঁতত এজন মানুহৰ জীৱনটো তেনেই তুচ্ছ আৰু খন্তেকীয়া হৈ ধৰা দিয়ে। সন্তানৰ যোগেদি মানুহে সেই অৰ্থহীনতা আৰু নশ্বৰতাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে, নিজকে সম্প্ৰসাৰিত আৰু বিস্তাৰিত কৰিবলৈ চেষ্টা কৰে। সন্তান হ’ল এক লংগৰৰ নিচিনা – যাৰ জৰিয়তে মানুহে সমাজ তথা জীৱন প্ৰবাহৰ সৈতে এক জৈৱিক সম্পৰ্ক স্থাপন কৰে, আৰু নিজকে সিবিলাকৰ অভিন্ন অংগ হিচাপে অনুভৱ কৰে। সন্তানৰ জৰিয়তে মানুহে ভৱিষ্যত‌ৰ সৈতে নিজকে সংযুক্ত কৰিব খোজে – অপ্ৰাসংগিক আৰু অদৰকাৰী হৈ যোৱাৰপৰা নিজকে বচাব খোজে। সন্তানৰ জৰিয়তে মানুহে অমৰ হ’ব খোজে।

সন্তান হ’ল মানুহৰ আটাইতকৈ ডাঙৰ জীৱন বীমা। মানুহৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ বাবেই জীৱন বীমাৰ প্ৰয়োজন। সেয়ে সন্তান জন্ম দি ডাঙৰ-দীঘল কৰা হয় – যাতে কৰ্মক্ষমতা কমি যোৱাৰ লগে লগে মাক-দেউতাকক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিব পাৰে। সেই নিৰাপত্তাৰ গেৰাণ্টি-পত্ৰত জন্মৰ লগে লগেই চহী কৰাই লোৱা হয় সন্তানক। নিৰাপত্তাৰ বহুতো ৰূপ থাকিব পাৰে, বহুতো আয়তন থাকিব পাৰে। দুখীয়া তথা নিম্নবিত্ত পৰিয়ালৰ ক্ষেত্ৰত খাই-বৈ জীয়াই থকাৰ নিৰাপত্তা, তাতকৈ ওপৰ খলপাৰ পৰিয়ালৰ ক্ষেত্ৰত আৰ্থিক স্থিতাৱস্থা ধৰি ৰখা তথা তাক উন্নীত কৰাৰ নিৰাপত্তা, সাধাৰণভাৱে সামাজিক-সাংস্কৃতিক অৱস্থান অটুট ৰখাৰ নিৰাপত্তা, মানৱীয় তত্ত্বাৱধানৰ নিৰাপত্তা, ইত্যাদি ইত্যাদি।

সন্তান হ’ল মানুহৰ শ্ৰেণীগত উত্তৰণৰ সোপান। সন্তান হ’ল মানুহৰ অপূৰ্ণ সপোনৰ ধ্বজাবাহক। মাক-দেউতাকে সামাজিক ঊৰ্ধ্বমুখী গতিশীলতাৰ যি সপোন সদায় দেখি থাকে, কিন্তু যিটো নিজে কাহানিও পূৰণ কৰিব নোৱাৰে, সেইটো পূৰণ কৰাৰ দায়িত্ব জাপি দিয়া হয় সন্তানৰ ওপৰত। নিজে কৰিব নোৱৰা কামবোৰ, নিজে ফলৱতী কৰিব নোৱৰা আশা-আকাংক্ষাবোৰ বোজাই দিয়া হয় সন্তানৰ পিঠিত। আশা কৰা হয়, মাক-দেউতাকক পিঠিত লৈ সন্তানে সামাজিক জখলাডালত ওপৰলৈ বগাই গৈ থাকিব গৈ থাকিব – সন্তানৰ পিঠিখন বিষাব নে ভাগিব সেইটো সিমান ভবা নহয়।

প্ৰকৃততে সন্তানৰ উৎপাদন কোনো ব্যক্তিগত কৰ্ম নহয়, সি হ’ল এটা সামাজিক প্ৰক্ৰিয়া, যাক সামাজিক পুনৰুৎপাদন বুলি কোৱা হয়। মানুহে কেৱল শ্ৰম কৰিলেই নহ’ব – ভৱিষ্যতে অনন্ত কাললৈ শ্ৰমৰ গেৰাণ্টিও দিব লাগিব। তেহে সমাজ আৰু অৰ্থনীতি চলি থাকিব। কিন্তু এই‌ গেৰাণ্টি কেনেকৈ দিয়া হয়? – সন্তান উৎপাদন প্ৰক্ৰিয়াৰ জৰিয়তে। আপুনি শ্ৰম কৰিব লাগিব, সন্তানৰ জন্ম দিব লাগিব, সেই সন্তানক ভৱিষ্যতৰ শ্ৰমিক হিচাপে গঢ় দি তুলিব লাগিব সামাজিকীকৰণ আৰু শিক্ষাৰ জৰিয়তে। উল্লেখ্য যে পৰম্পৰাগতভাৱে পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত উৎপাদনৰ দায়িত্ব ঘাইকৈ বহন কৰে পুৰুষে, কিন্তু সেই শ্ৰমিকক শ্ৰমৰ বাবে উপযুক্ত কৰি জীয়াই ৰখা তথা ভৱিষ্যতৰ শ্ৰমিকৰ সৃষ্টি কৰাৰ গধুৰ দায়িত্ব পালন কৰে মূলতঃ নাৰীয়ে। সেইবাবে ছোৱালী সন্তানক সামাজিক পুনৰুৎপাদনৰ দায়িত্ব পালন কৰিব পৰাকৈয়ে লালন-পালন কৰা হয়। তেওঁলোকৰ প্ৰতি মাক-দেউতাকৰ চৰ্তৰাজি বহুখিনি ভিন্ন হয়, আৰ্থিক নিৰাপত্তাৰ দাবী প্ৰায় নাথাকে, কিন্তু সেইবুলি সামাজিক-সাংস্কৃতিক আশা-আকাংক্ষাসমূহ পূৰণৰ দায়িত্বৰপৰা ৰেহাই দিয়া নহয়। সি যি নহ‌ওক, সমাজ তথা অৰ্থনীতিক ভৱিষ্যতৰ শ্ৰমিক যোগান ধৰাৰ স্বাৰ্থতেই মানুহে সন্তানৰ জন্ম দিয়ে। সমাজ তথা অৰ্থনীতি বাট চাই ৰৈ আছে ভৱিষ্যতৰ শ্ৰমিক বাহিনীৰ বাবে। শ্ৰেণী অনুসৰি পূৰ্বনিৰ্ধাৰিত হৈ আছে আপোনাৰ সন্তানৰ শ্ৰমৰ কেটেগৰি – কঠোৰ শাৰীৰিক শ্ৰম নে অফিচৰ কেৰাণীগিৰি নে প্ৰশাসন পৰিচালনা নে আন কিবা। মুষ্টিমেয় সৌভাগ্যৱানেহে জখলা বগাই গৈ উপনীত হ’বগৈ পাৰে ওপৰৰ কেটেগৰিৰ শ্ৰমক্ষেত্ৰত। গতিকে থোৰতে ক’বলৈ গ’লে, মানুহে সন্তানক মৰম-চেনেহেৰে তুলি-তালি ডাঙৰ-দীঘল কৰে যাতে সিহঁত ভাল শ্ৰমিক হৈ উঠিব পাৰে।

মাক-দেউতাকে সন্তানক মৰমতে কি শিক্ষা দিয়ে? – মতাদৰ্শ। আচলতে জন্মৰ আগতেই সন্তানৰ ওপৰত জাপি দিয়া হয় সমাজৰ আধিপত্যশীল মতাদৰ্শ। জন্মৰ আগতেই নিৰ্ধাৰিত হৈ থাকে সিহঁতৰ জীৱন। ঠিক হৈ থাকে সিহঁতৰ শ্ৰেণী, জাতি, ধৰ্ম, বৰ্ণ আৰু কত কি। লিংগ অনুসৰি লিখা হৈ থাকে জীৱনধাৰা। তেন্তে সন্তানৰ স্বাধীনতা ক’ত – জন্মৰ পাছত সিহঁতে নতুনকৈ নিৰ্বাচন কৰিবলগা থাকিলে কি? পৰিয়াল, বিদ্যালয়, ধৰ্ম আদি সমাজৰ সকলো অনুষ্ঠানেই শিশুক শিকায় প্ৰশ্নহীন আনুগত্যৰ নৈতিকতা – যাতে সিহঁত হৈ উঠে ৰাষ্ট্ৰৰ নিৰ্বোধ নাগৰিক, অৰ্থনীতিৰ বিনীত শ্ৰমিক। মানসিক দাসত্ব সম্পূৰ্ণ নোহোৱা পৰ্যন্ত শেষ নহয় সন্তানৰ এই শিক্ষা।

সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে – সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব’ব নোৱৰা বোজা জন্মৰ আগতেই সাজু কৰি থোৱাৰ বাবে।

(ৰচনাকাল : ২৪-০৫-২০২০)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি
One comment on “সন্তানৰ ঋণ
  1. ড° অপূৰ্ব কুমাৰ বৰুৱা says:

    সামাজিক আধিপত্যৰ উৎস সম্পৰ্কে অলপ উনুকিয়ালে ভাল পালোহেঁতেন। আপোনাৰ লিখা দেখিলে ভাব হয় যে অসমত সমাজ বিজ্ঞানৰ চৰ্চাৰ সম্ভাৱনা আছে। কেৱল মূলসুঁতিৰ অধ্যয়নত আপোনালোকৰ দৰে লোকৰ লিখাই প্ৰভাৱ পেলোৱাৰ প্ৰয়োজন আছিল। কাৰণ বৌদ্ধিক উত্তৰণৰ অবিহনে ৰাজনীতি প্ৰগতিশীল হোৱাৰ বিশেষ প্ৰমাণ বিশ্বৰ ইতিহাসত নাই।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: