অসম গৌৰৱ বস্তুটো হ’ল এটা ডাঙৰ বেমাৰ। তাৰপৰা অসমীয়া মানুহে যিমান সোনকালে আৰোগ্য লাভ কৰে সিমানে ভাল। ই অসমীয়া মানুহৰ হীনমন্যতাৰে এটা ৰূপ মাত্ৰ। ইয়াৰ উৎপত্তিৰ কাৰণ বহু পৰিমাণে ঔপনিবেশিক ঐতিহ্য আৰু বহু পৰিমাণে ভাৰতৰ ভূ-ৰাজনৈতিক পটভূমিত অসমৰ প্ৰান্তীয়তা। প্ৰান্তত বাস কৰি কৰি, অৱহেলিত হৈ থাকি থাকি আমাৰ মনত এতিয়া তৰপে তৰপে হীনমন্যতা জমা হৈ গৈছে। সেইবোৰে কেতিয়া কি ৰূপ লৈ বাহিৰলৈ ওলাই আহে ক’ব নোৱাৰি। তাৰে এটা প্ৰকাশ অসম গৌৰৱ বোলা বস্তুটো। আমি নিজৰ যোগ্যতাক লৈ ইমানেই সন্দিহান, নিজৰ তুচ্ছতাক লৈ ইমানেই নিশ্চিত যে কোনোবাই অকণমান স্থান দিলেই, অকণমান মনোযোগ দিলেই আনন্দত ক’ব নোৱৰা হৈ যাওঁ।
কোন কেনেকৈ কেতিয়া অসম গৌৰৱ হৈ যায় পাত্তাই পোৱা টান – কিছুদিনৰ মূৰে মূৰে খবৰ ওলায়েই থাকে। নিউজ চেনেলবিলাকেই এই বিষয়ত ঘাই ভূমিকা পালন কৰে – হয়তো তেওঁলোকৰ যুটীয়াভাৱে অসম গৌৰৱ ছিলেক্সন কমিটি জাতীয় কিবা কমিটি-চমিটি থাকিব পায়। কোনোবাই যদি নাচি হৈছে, কোনোবাই গাই হৈছে, কোনোবাই কিবা উদ্ভট কাম কৰি হৈছে, কোনোবাই কিবা উদ্ভাৱন কৰি হৈছে, কোনোবাই আকৌ বিয়া সোমায়েই হৈছে। অৱশ্যে অসম গৌৰৱৰ ভেলিডিটি কিমান দিনৰ সেইটো জনা নাযায় – কিন্তু এইটো ঠিক যে তেনেকুৱা বহু গৌৰৱৰ নাম পাছে-পৰে আমি শুনা নাপাওঁ। কোনোবা চেলিব্ৰিটিয়ে অসমীয়া ছোৱালী এজনী বিয়া পাতিলে – উহ কি যে আনন্দ মানুহৰ। কোনোবাই ভিক্ষাৰীৰ চৰিত্ৰত বলিউডৰ বিখ্যাত চিনেমা এখনত এক মিনিট নে ত্ৰিছ ছেকেণ্ড ওলালে – কি যে প্ৰাপ্তি মানুহৰ। ভাৰতৰ ভিতৰত হওঁতেই তেনেকুৱা, বাহিৰৰ হ’লেতো ক’বই নালাগে। বিদেশৰ বগা ছাল বুলিলেই আমাৰ উত্তেজনাত উশাহ বন্ধ হৈ যায়। বগা ছাল লগাবিলাক মানুহ নহয়, দেৱতা – আমিহে তলখাপৰ জীৱ। সেইবাবেই ক’ৰবাত বগা টুৰিষ্ট এটা দেখিলেই মানুহে শিয়াল খেদাদি খেদি যায়, সাংবাদিকৰ কেমেৰায়ো নিজে নিজে উৰা মাৰে। আজি যদি কাৰোবাৰ ঘৰত আমেৰিকান বা ব্ৰিটিছ মানুহে হাগি থৈ যায় – কাইলৈ হয়তো টয়লেটটোৰ পূজা-অৰ্চনা আৰম্ভ হৈ যাব পাৰে। নহ’ব যে তাৰ কোনো গেৰাণ্টি নাই। কিন্তু বিদেশৰ হ’লে কি হ’ল, ক’লা মানুহক আমি সিমান পাত্তা নিদিওঁ। সিহঁত আমাতকৈও ক’লা, একদম যেন এঙাৰেই – সেইকাৰণে সিহঁত আমাতকৈও তলৰ খাপৰ জীৱ। কোনে পাত্তা দিব?
আমাৰ হীনমন্যতাৰে আমি যে কেৱল নিজকে মূৰ্খ সজাই থাকো তেনে নহয়, আনেও আমাক ঠগিবলৈ সহজ পায়। আমাৰ দুৰ্বলতাৰ কথা জনা ৰাজনৈতিক শক্তিবিলাকে তাৰ সুযোগ লৈ সদায়েই আমাক বিভিন্নধৰণে শোষণ কৰি আহিছে। ডিঙিত গামোচাখন লৈ দিলেই, অসমীয়াত টুইট এটা কৰি দিলেই যথেষ্ট – অসমীয়া মানুহে এক মুহূৰ্তত পাহৰি যাব শোষণ-বঞ্চনা-বিশ্বাসঘাতকতাৰ সমস্ত ইতিহাস, আত্মহাৰা হৈ ভক্তিৰসত ডুব গৈ থাকিব বহুদিনলৈ। গতিকে আমাৰ হীনমন্যতাক ৰাজনৈতিক অস্ত্ৰৰ ৰূপত আমি নিজেই তুলি দিছো শোষকৰ হাতত।
অসমৰ মানুহ অযোগ্যও নহয়, তলখাপৰো নহয়। আমাৰ সীমাহীন পুঞ্জীভূত হীনমন্যতাইহে আমাক তেনেকৈ ভবাইছে। ধৰক, বলিউডৰ কথাকে ক’লো। যিবিলাক ৰাজ্যৰ মানুহে তাত আধিপত্য কৰি আছে সেইবিলাক ৰাজ্যৰ সাধাৰণ মানুহে সেই কথাটোক লৈ অনবৰত গৌৰৱ অনুভৱ কৰি থাকেনে? নিশ্চয় নাথাকে। কাৰণ সেয়া এটা সহজ কথা (কৰিবলৈ সহজ বুলি কোৱা নাই), স্বাভাৱিক কথা, য’ত আচৰিত হ’বলগীয়া একো নাই। আমাৰ মানুহৰো সেইটো আত্মবিশ্বাস হ’ব লাগে। তাতোকৈ জৰুৰী কথাটো হ’ল, বলিউডেই শেষ লক্ষ্য, বলিউডেই প্ৰতিভাৰ চূড়ান্ত বিন্দু – এই ধাৰণাটোহে ভাঙি পেলাব লাগে। কাৰণ সেই ধাৰণাটো শুদ্ধও নহয়, আৰু সি এটা বৈষম্যমূলক সাংস্কৃতিক ক্ষমতাৰ গাঁথনি বৰ্তাই ৰাখিছে। তহঁতে যদি আমাক পাত্তা নিদিয়, আমি কেলেই তহঁতক পাত্তা দিম? – এনেকুৱা দমহে আমি আয়ত্ত কৰিব লাগে। মুঠতে হীনমন্যতাৰপৰা আমি মুক্ত হ’ব লাগে। আৰু আমি চকু মেলি চালে দেখিম যে অসম গৌৰৱ নোহোৱাকৈও অসমৰ বহু মানুহে বিশ্বৰ বিভিন্ন ঠাই আৰু কৰ্মক্ষেত্ৰত নিজৰ যোগ্যতাৰে ভাল কাম কৰি আছে। এই যে অসমৰ যুৱক এজনৰ কিতাপ বিদেশৰ প্ৰকাশন প্ৰতিষ্ঠানে প্ৰকাশ কৰিব বুলি নিউজত হুলস্থূল লগাই আছে (সেই প্ৰতিষ্ঠানটো কিবা কেলেংকাৰি প্ৰতিষ্ঠান বোলে), তেওঁলোকে জানেনে যে বিভিন্ন দেশত বাস কৰা অসম-সন্তান বহুতো স্কলাৰে বিদ্যায়তনিকভাৱে ভাল কাম কৰি আছে আৰু তেওঁলোকৰ কিতাপ-পত্ৰ নিয়মীয়াকৈ বিভিন্ন আন্তৰ্জাতিক প্ৰকাশন প্ৰতিষ্ঠানে প্ৰকাশ কৰি আহিছে? সেই স্কলাৰসকলৰ নিউজ কেতিয়াবা টিভিত ওলাইছেনে অসম গৌৰৱ বুলি? নিশ্চয় নাই ওলোৱা, আৰু ওলোৱাৰ কোনো প্ৰয়োজনো নাই। কাৰণ তেওঁলোকৰ কামৰ ওজন আছে, অসম গৌৰৱৰ খন্তেকীয়া চমক তেওঁলোকৰ কাম্য নহয়। গতিকে কোনোবাই কৰিব খুজিলে কোৱালিটিৰ সাধনা কৰক – বাকী কথা পাছত পাতিম।
জ্যোতিপ্ৰসাদে জগতসভালৈ যোৱাৰ কথা কৈছিল। সেইটো বৰ গভীৰ বস্তু। আমি জ্যোতিপ্ৰসাদৰ নাটককেইখনকে আজিলৈকে বুজিব পৰা নাই, জগতসভাৰ কথা কি বুজিম? ভূপেনদা সঁচাকৈয়ে জগতসভালৈ গৈছিল। কাৰণ তেওঁ এটা বিৰাট প্ৰতিভা আছিল আৰু জীৱন-জগত সম্পৰ্কে তেওঁৰ অন্তৰ্দৃষ্টিসম্পন্ন বোধ আছিল। কিন্তু আমি কৰিছো কি? ‘ভূপেনদাবিহীন’ ইমানটা বছৰ সিমানটা বছৰ কৰি ইনাই-বিনাই আছো। ভূপেনদা সম্পৰ্কে কেইটা ভাল আলোচনা হ’ল, কেইখন ভাল কিতাপ ওলাল? সংস্কৃতিৰ নামত আমি একেবোৰ বস্তাপচা ধাৰণাকে চিন্তাহীনভাৱে পুনৰাবৃত্তি কৰি আছো। সন্মুখত ভাহি আছে আমাৰ সাংস্কৃতিক বন্ধ্যাত্ব। এনে পৰিবেশত ওপৰতে জগতসভাৰ কথা কৈ থাকিলে নুশুৱায়। অসমীয়া মানুহে নিজা নিজা বিষয়ত উৎকৃষ্টতাৰ সাধনা কৰক, জীৱন-জগতৰ চৰিত্ৰ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰক। জগতসভালৈ যাবলৈ উচপিচাই থাকিব নালাগে, কোনোবাদিনা জগতসভা নিজে আহি ওলাব আপোনাৰ পদূলিত। আৰু জগতসভা কেৱল দেশৰ বাহিৰতহে আছে বুলি ভবাটোৱেই ভুল – এইটো ধাৰণাও বহু পৰিমাণে আমাৰ হীনমন্যতাৰে সৃষ্টি। তাতকৈ আমি অসমখনকহে জগতসভালৈ ৰূপান্তৰিত কৰাৰ চিন্তা কৰিব লাগে।
অসম গৌৰৱ বোলা খন্তেকীয়া চমকটো কোনো গৌৰৱৰ বিষয় নহয়, সি এটা জাতীয় কলংকহে। আমি যিমান পাৰি সোনকালে এই কলংকৰপৰা মুক্ত হ’ব লাগে।
(ৰচনাকাল : ২৬-০৪-২০)
Leave a Reply