প্ৰসংগ : ‘হালধীয়া চৰায়ে বাওধান খায়’

জাহ্নু বৰুৱাৰ মাত্ৰ দুখন চলচ্চিত্ৰহে আমি চাইছাে। (আনুমানিক ২০১৩ চনৰ কথা) ‘সাগৰলৈ বহু দূৰ’ আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’৷ ‘সাগৰলৈ বহু দূৰ’খন নিশ্চিতভাৱে এখন বলিষ্ঠ চিনেমা৷ কিন্তু ইয়াতাে গ্ৰামীণ মূল্যবােধৰ প্ৰতি মােহান্ধতাই সৃষ্টি কৰা চহৰীয়া জীৱনৰ প্ৰতি বিৰাগ প্ৰচ্ছন্ন ৰূপত থকা যেন বােধ হয়৷ নাগৰিক জীৱনৰ বাস্তৱতা উন্মােচনৰ চেষ্টাতকৈ চহৰীয়া চৰিত্ৰকেইটা (নাৱৰীয়াজনৰ পুত্ৰ আৰু পৰিয়ালটো) ভণ্ড নতুবা পুতলাসদৃশ যান্ত্ৰিক প্ৰাণী হিচাপেহে অংকন কৰা হৈছে৷ উদাহৰণস্বৰূপে নাৱৰীয়াজনৰ চহৰীয়া নাতি-নাতিনীহালে টিভিত হুলস্থূলীয়া পশ্চিমীয়া সংগীত চাই তাৰ লয়ত গা নচুৱাই থকা আৰু কাষত থকা গাঁৱলীয়া নাতিয়েকে অসহায়ভাৱে চাই থকাৰ দৃশ্য এটা মনত পৰে৷ দেখিলেই ধৰিব পাৰি যে চহৰীয়া নাতি-নাতিনী দুটায়াে (তেওঁলােকৰ নিজা অৰ্থতে) সংগীত উপভােগ কৰাৰ সলনি যান্ত্ৰিকভাৱেহে গা নচুৱাই আছে৷ এই দৃশ্যটো নিশ্চিতভাৱে চহৰীয়া জীৱনৰ প্ৰতি নিৰ্বিচাৰ বিৰাগৰে প্ৰতিফলন৷ কিন্তু আমাৰ মূল বক্তব্য হ’ল ‘হালধীয়া চৰায়ে বাওধান খায়’ সম্পৰ্কে৷

হােমেন বৰগােহাঞিৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ‘হালধীয়া চৰায়ে বাওধান খায়’ নিঃসন্দেহে এখন প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক দৰ্শনৰ চলচ্চিত্ৰ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়ােজনীয় যে অসমত ‘অৰাজনৈতিক’ কথাষাৰৰ কদৰ বহুত বেছি আৰু সেয়ে অৰাজনৈতিক নাম লৈ ৰাজনীতি কৰি ইয়াত চৰকাৰত শাসনাসীন হ’বও পাৰি৷ কিন্তু সমাজৰ শ্ৰেণীগত আধিপত্য আৰু ক্ষমতাৰ বিন্যাসক সমৰ্থন কৰা নতুবা প্ৰত্যাহ্বান জনােৱা যিকোনাে আচৰণেই হ’ল বহল অৰ্থত ৰাজনৈতিক৷ আলােচ্য চলচ্চিত্ৰখনক ৰাজনৈতিক বুলি অভিহিত কৰােতে আমি ৰাজনীতিৰ এই বহল আয়তন মনত ৰাখিছাে৷ সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী’ত অংকন কৰা বিচ্ছিন্ন দ্বীপসদৃশ, শােষণৰ কোনাে ইংগিত নথকা দাৰিদ্ৰৰ ছবিখনক আমি হয়তাে এক অৰ্থত অৰাজনৈতিক বুলিব পাৰাে৷ কিন্তু আলােচ্য চলচ্চিত্ৰত গাঁৱৰ অজলা কৃষক ৰসেশ্বৰ (ইন্দ্ৰ বণিয়া) আৰু তেওঁৰ পৰিয়ালটোৰ জীৱন সংগ্ৰামৰ মাধ্যমেৰে অকল দাৰিদ্ৰকে নেদেখুৱাই তাৰ প্ৰেক্ষাপটত থকা শােষণৰ মেৰপাকবােৰ জীৱন্ত ৰূপত দাঙি ধৰা হৈছে আৰু সেই শােষণৰপৰা মুক্তিৰ পথ কেনি তাৰাে ইংগিত দিয়া হৈছে৷ ৰসেশ্বৰৰ খেতিৰ মাটিটুকুৰা অন্যায়ভাৱে কাঢ়ি লৈছে সনাতন শৰ্মাই৷ অজুহাতটো এই যে পূৰ্বতে তেওঁৰ ওচৰত বন্ধকীত থােৱা এই মাটিটুকুৰা ৰসেশ্বৰৰ দেউতাকে মােকলাই থৈ নগ’ল আৰু সেইসূত্ৰে অনাগত ছেটলমেণ্টত মাটিটুকুৰা ৰসেশ্বৰৰ সলনি তেওঁৰ নামত উঠিছে৷ প্ৰকৃততে ৰসেশ্বৰৰ দেউতাকে বন্ধকী মােকলােৱাৰ বাবে পৰ্যাপ্ত ধন সনাতন শৰ্মাক দিছিল, কিন্তু স্বাভাৱিকতেই তাৰ কোনাে ৰছিদ-পত্ৰ ৰখা হােৱা নাছিল৷ গতিকে মাটিটুকুৰা আইনমতে সনাতন শৰ্মাৰ৷ এই হেৰুওৱা মাটিটুকুৰা মােকলাবলৈ ৰসেশ্বৰে মণ্ডলৰপৰা এছ ডি চিলৈকে সকলােৰে ওচৰত খট-বান্ধ কৰি কেনেদৰে হতাশ হ’ল আৰু শেষত কেনেদৰে অনাকাংক্ষিতভাৱে মাটিটুকুৰা ঘূৰাই পালে সেয়াই চলচ্চিত্ৰখনৰ কাহিনী৷

চলচ্চিত্ৰখনে কৃষকৰ শােষণ মুক্তিৰ বাট কেনি দেখুৱাইছে? সনাতন শৰ্মাই বিধায়ক পদৰ বাবে নেচনেল ছেকুলাৰ পাৰ্টিৰ হৈ নিৰ্বাচন খেলিছে৷ নিৰ্বাচনী প্ৰচাৰসভাত তেওঁ ঘােষণা কৰা মতে তেওঁলােকৰ পাৰ্টিৰ মূল লক্ষ্য হ’ল ভূমিহীন কৃষকক মাটি দিয়া আৰু কৃষকৰ ওপৰত যুগ যুগ ধৰি চলি অহা নিৰ্মম শােষণ-নিৰ্যাতনৰ ওৰ পেলােৱা৷ উক্ত ভাষণটোত শৰ্মাৰ কৃষকৰ প্ৰতি দৰদ একেবাৰে উথলি উঠিছে৷ কিন্তু সেই সভাত ৰসেশ্বৰাে আছিল৷ ৰসেশ্বৰেও জানে আৰু আমিও জানাে, সনাতন শৰ্মা প্ৰকৃততে কিমান ভণ্ড৷ কিন্তু তেওঁৰ মুখেৰে ওলােৱা কৃষক-দৰদী কথাবােৰৰ প্ৰকৃত অৰ্থ কি? এয়া কমিউনিষ্টসকলৰ ওপৰত পােনপটীয়া আক্ৰমণ নহয়নে? এইখিনিতে আমি হােমেন বৰগােহাঞিৰ উপন্যাস কমিউনিষ্ট চৰিত্ৰবিলাক কেনেদৰে চিত্ৰিত কৰা হয় সেই কথাও মনত পেলাব লাগিব৷ গতিকে কৃষকৰ মুক্তিৰ পথ আন যিয়েই নহওক, বৈপ্লৱিক ৰাজনীতিক ইয়াত ভেঙুচালিৰে নস্যাৎ কৰা হৈছে৷ এঠাইত মণ্ডলে কাক ভােট দিবি বুলি প্ৰশ্ন কৰাত ৰসেশ্বৰে একপ্ৰকাৰ খঙেৰেই কয়, ‘মণ্ডলকাই, যােৱা এমাহতে মই মাটিটুকুৰা হেৰুৱালাে, গাইজনী বেচিলাে, গৰুহাল বন্ধকীত দিলাে, ল’ৰাটোক চাকৰ বনালাে৷ কিন্তু এটা বস্তু মই এতিয়াও হেৰুওৱা নাই, মােৰ নিজা৷ সেইটো হ’ল মােৰ ভােটটো৷ মই কাক ভােট দিম আপােনাক কিয় কম?’ কিন্তু আমিও মণ্ডলৰ প্ৰশ্নটোকে কৰিব লাগিব, ভােট কাক দিব৷ নেচনেল ছেকুলাৰ পাৰ্টিৰ ভণ্ডামি আমি ইতিমধ্যে বুজি পালাে৷ চলচ্চিত্ৰখনত দেখুওৱা আনটো পাৰ্টি হ’ল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক দল৷ এই পাৰ্টিটোৰ কাৰ্যকলাপ বহলাই দেখুওৱা নাই৷ কিন্তু বিৰােধী দলৰ প্ৰাৰ্থী সনাতন শৰ্মাই ৰসেশ্বৰৰ মাটি কাঢ়ি লােৱা ঘটনাটোক নিৰ্বাচনী ঢাল হিচাপে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে ৰসেশ্বৰক পতিয়ন নিয়াবলৈ উক্ত পাৰ্টিৰ সদস্য দুজনমান তেওঁৰ ঘৰলৈ যােৱা আমি দেখিবলৈ পাওঁ৷ এই সদস্যকেইজনৰ কথাৰপৰা সহজেই ধৰিব পাৰি যে নিৰ্বাচনী মুনাফাৰ ধান্দাৰ বাদে অন্য চিন্তা এওঁলােকৰ নাই৷ কিন্তু ভােট দিবলৈ যদি উপযুক্ত পাৰ্টি (বা প্ৰাৰ্থী) নাই, তেন্তে ভােটৰ জয়গান কিয়? চলচ্চিত্ৰখনত আন বহুতাে প্ৰশ্নৰ দৰে এই প্ৰশ্নৰ কোনাে উত্তৰ নাই৷ পেটৰ দায়ত পৰি ৰসেশ্বৰে গাঁওবুঢ়াৰপৰা (যাৰ ওচৰত পুতেক হেমেনক লগুৱা হিচাপে থ’বলগা হৈছে) এটা কাম কৰিবলৈ লৈছে – বিভিন্ন স্থানত নিৰ্বাচনী প্ৰাৰ্থী সনাতন শৰ্মাৰ পােষ্টাৰ মৰা কাম৷ তীব্ৰ অন্তৰ্দ্বন্দ্বত ভুগিও ৰসেশ্বৰে পােষ্টাৰ মৰা কামটো কৰি গৈছে, কিন্তু এটা মুহূৰ্তত গছত মৰা পােষ্টাৰখনত ঠেকেচি-ভুকুৱাই, দলিচপৰা মাৰি তেওঁ সনাতন শৰ্মাক গালি পাৰি পাৰি হিয়া ঢাকুৰি কান্দিছে৷ এই দৃশ্যটো নিঃসন্দেহে মৰ্মস্পৰ্শী৷ কিন্তু ৰসেশ্বৰৰ এই ক্ষোভৰ চৰিত্ৰ কেনেকুৱা? ব্যক্তিগত নে শ্ৰেণীগত? বুজাব বিচৰা হৈছে যে এয়া শ্ৰেণীগত ক্ষোভ৷ ‘ব’ল আগুৱাই ব’ল, হেৰ খেতিয়ক ভাই, শুনিছনে নাই?’ বােলা শােষণকাৰীৰ বিৰুদ্ধে দুৰ্দম বিদ্ৰোহ ঘােষণা কৰা গীত এটা নাটকীয়ভাৱে গুঁজি দিয়া হৈছে ৰসেশ্বৰৰ ভােটৰ পবিত্ৰতা সম্পৰ্কীয় ওপৰত উদ্ধৃত বক্তব্যৰ ঠিক পিছতে৷ কিন্তু শ্ৰেণীগত ক্ষোভৰ যুক্তিসংগত পৰিণতি আমি চলচ্চিত্ৰখনত তিলমানো দেখিলােনে? ৰসেশ্বৰৰ বাদে আন হাজাৰজন কৃষকৰ প্ৰশ্ন ইয়াত এবাৰ হ’লেও উত্থাপিত হ’লনে?

পৰিচালকৰ বক্তব্য হয়তাে এয়ে যে প্ৰচলিত শােষণমূলক ব্যৱস্থাটোৰ আমূল পৰিবৰ্তনৰ কোনাে প্ৰয়ােজন নাই বা তেনে পৰিবৰ্তনৰ ধাৰণাই অসাৰ৷ ব্যৱস্থাটোৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত সৎ, নিকা চৰিত্ৰৰ ব্যক্তি (আন্না হাজাৰে-মাৰ্কা?) বহুৱাই দিব পাৰিলেই লাহে লাহে সমগ্ৰ ব্যৱস্থাটো শােষণ-দুৰ্নীতিৰপৰা মুক্ত হৈ পৰিব৷ এনে সততা-নিকা চৰিত্ৰৰ প্ৰতিমূৰ্তি হ’ল হাকিম বা এছ ডি চিজন (প্ৰাঞ্জল শইকীয়া)৷ কিন্তু তেওঁ ৰসেশ্বৰক মাটিটুকুৰা দিয়াব পাৰিলেনে? বসেশ্বৰৰ প্ৰতি নিভাঁজ আন্তৰিকতা সত্ত্বেও তেওঁ কেছটো প্ৰথম হাতত লৈয়েই ঘােষণা কৰি দিছে, ‘আইনমতে মাটিডােখৰ আপােনাৰ নহয়৷’ শেষত ৰসেশ্বৰে মাটিটুকুৰা ঘূৰাই পালেও সেয়া ‘আইনমতে’ পােৱা নাই৷ (এই পূত-পবিত্ৰ ‘আইন’ৰ স্বৰূপ সম্পৰ্কে চলচ্চিত্ৰখনত কিবা প্ৰশ্ন তােলা হৈছেনে?) হাকিমে সনাতন শৰ্মাক মতাই আনি বুজাই দিছে কেনেকৈ ৰসেশ্বৰৰ ঘটনাটো লৈ বিৰােধী দলে হৈ-চৈ লগাইছে আৰু সি কেনেকৈ তেওঁৰ নিৰ্বাচনী অংকত আউল লগাব পাৰে৷ (এই ঘটনাটো সনাতন শৰ্মাই হাকিমৰ মুখেৰে শুনিবলগীয়া হােৱাটো মুঠেই বিশ্বাসযােগ্য নহয়৷ চতুৰ ৰাজনীতিকে বিৰােধী পক্ষৰ গতিবিধিৰ তন্ন তন্নকৈ খবৰ ৰাখে৷) ঘটনাক্ৰমত সনাতন শৰ্মাই ইয়াৰ গুৰুত্ব বুজি নিৰ্বাচনী ক্ষতিৰ ভয়ত বিতত হৈছে আৰু এদিন পুৱা নিজে গৈ ৰসেশ্বৰৰ হাতত মাটিটুকুৰাৰ সকলাে কাগজ-পত্ৰ চমজাই দি সেয়া এতিয়াৰপৰা সম্পূৰ্ণৰূপে ৰসেশ্বৰৰ মাটি বুলি ঘােষণা কৰিছে৷ ৰাজনৈতিক ক্ষতিৰ সম্ভাৱনা আহি নপৰা হ’লে ৰসেশ্বৰে মাটিটুকুৰা ঘূৰাই পালেহেঁতেননে? তেনেহ’লে সৎ-নিকা চৰিত্ৰৰ হাকিমৰ ভূমিকা কি? তেওঁ মাত্ৰ সনাতন শৰ্মাক বুজাবলৈ যত্ন কৰিছে, ৰসেশ্বৰৰ নিচিনা ভূমিহীন খেতিয়কক মাটিটুকুৰা দি দিলেও বিস্তৰ কৃষিভূমিৰ অধিকাৰী শৰ্মাৰ অকণাে ক্ষতি নহয়৷ শােষকৰ হৃদয় পৰিবৰ্তনৰ বাবে গান্ধীবাদী কৌশল৷ কিন্তু সনাতন শৰ্মাৰ হৃদয়ৰ পৰিবৰ্তন ঘটিলনে? এজন কৃষককে প্ৰাপ্য মাটিটুকুৰা ঘূৰাই দিব নােৱৰা সৎ-নিকা বিষয়াই হাজাৰজনৰ বাবে কি কৰিব? আনহাতে, সহকৰ্মীৰ সৈতে হাকিমে চৰকাৰী বিভাগৰ দুৰ্নীতিৰ মেৰপাকৰ মাজত তেওঁৰ নিচিনা সৎ বিষয়াৰ দুৰ্গতিৰ বিষয়ে আলােচনা কৰা দেখিবলৈ পাওঁ যদিও তেওঁৰ অফিচটোক কেন্দ্ৰ কৰি ঘটি থকা দুৰ্নীতিখিনিক খুহুটীয়া পৰ্যায়ৰ বুলিয়ে ক’ব লাগিব৷ ‘মই ছাৰৰ সৈতে একেলগে পঢ়াতাে, গতিকে মই ক’লে কেতিয়াও না নকৰে’ বুলি অফিচৰ পিয়ন-চকীদাৰে গাঁৱৰ অজলা লােকক ফাকি মাৰি দহ-বিছ টকা ঘটিছে : এয়া নিৰ্ভেজাল ফাঁকিবাজিহে, ক্ষমতাৰ সৈতে সম্পৰ্ক থকা দুৰ্নীতি নহয়৷ চলচ্চিত্ৰখনত দুৰ্নীতিক কেনেকৈ চিত্ৰিত কৰিছে তাৰ সুন্দৰ উদাহৰণ হ’ল ৰসেশ্বৰে হাকিমলৈ অনা বিলাতী মদৰ বটল দুটা৷ মণ্ডলে ৰসেশ্বৰৰপৰা আধি ব’ৰ্ডৰ মেম্বাৰকেইজনক সন্তুষ্ট কৰাৰ নামত ভালেখিনি টকা সৰকায়৷ কিন্তু ঘাইজনক, অৰ্থাৎ হাকিমক সন্তুষ্ট কৰিবলৈ হ’লে লাগিব বােলে বিলাতী মদ৷ তদুপৰি হাকিমে বােলে নাৰীৰ সংগ ভাল পায়৷ ৰসেশ্বৰে পােনতে নিজৰ পত্নীৰ (পূৰ্ণিমা শইকীয়া পাঠক) কথাকে এবাৰ চিন্তা কৰি চাইছিলেই৷ পাছত যেনিবা মণ্ডলে কিনি আনি দিয়া মদৰ বটল দুটাকে লৈ হাকিমৰ ওচৰলৈ গ’ল৷ চকীদাৰৰ গতাৰ কোবত বটল দুটাও ভাগি থাকিল৷ কিন্তু পাছত আমি হাকিমৰ কথাৰপৰা গম পোৱা গ’ল যে তেওঁ মদ নাখায়৷ আনহাতে তেওঁৰ দৰে সৎ-নিকা বিষয়া এজনক নাৰীৰ সংগ বিচাৰি ফুৰা দুৰ্ধৰ্ষ দুৰ্নীতিকাৰী বুলি কোৱাটোও নিশ্চয়কৈ বিশ্বাসযােগ্য নহয়৷ মণ্ডলে ৰসেশ্বৰৰ সন্মুখত হাকিমৰ যিখন ছবি দাঙি ধৰিছে সেয়া দেখােন প্ৰকৃত ব্যক্তিজনৰ চৰিত্ৰৰ সম্পূৰ্ণ ওলােটা৷ তেন্তে তেনেকুৱা গােকাট মিছা কথা মণ্ডলে ৰসেশ্বৰক কিয় ক’লে? ইয়াৰপৰা মণ্ডলৰ কিবাপ্ৰকাৰে লাভ হােৱাৰাে কোনাে সম্ভাৱনা নাই৷ আনহাতে, হাকিমৰ প্ৰকৃত চৰিত্ৰ নিজ চকুৰে দেখি বুজি উঠাৰ পাছতাে ৰসেশ্বৰে কিয় নিজকে এই প্ৰশ্ন নকৰিলে? ইমান ফটফটীয়া স্ববিৰােধিতা চলচ্চিত্ৰখনৰ পৰিচালকৰ ক্ষেত্ৰত সঁচাই অসচেতননে? নে ই দুৰ্নীতিক ধুৰন্ধৰ ঢােলৰ লগৰ টেমেকা কিছুমানৰ ফাঁকিবাজি মাত্ৰ বুলি প্ৰমাণ কৰিবলৈ যত্ন কৰিছে? হয়তাে দুৰ্নীতিপূৰ্ণ ব্যৱস্থা এটাৰ মাজত সৎ-নিকা চৰিত্ৰৰ ব্যক্তি জোৰকৈ সুমুৱাই দিবলৈ যাওঁতেই আতিশয্যৰ কোবত এইবােৰ স্ববিৰােধ ৰৈ গৈছে৷

চলচ্চিত্ৰখনৰ শেষ দৃশ্যত দেখা পাওঁ পথাৰলৈ কোৰ লৈ ওলাই অহা ৰসেশ্বৰে এজোপা গছত লাগি থকা সনাতন শৰ্মাৰ পােষ্টাৰখনৰ পিনে গাৰ জোৰেৰে চিৎকাৰ কৰি খেদি গৈছে আৰু তাৰ ওপৰত কোৰেৰে চবিয়াই চবিয়াই চিৰিছে, ‘ঐ তই ভাবিছ নেকি, তই মােক মাটিডােখৰ ঘূৰাই দিলি বুলিয়েই মই তােক ভােট দিম?’ তাৰ পাছত সমাপ্ত৷ ভােটৰ জয়গান গােৱাই হয়তাে চলচ্চিত্ৰখনৰ উদ্দেশ্য৷ কিন্তু সংসদীয় ৰাজনীতিৰ পথেদিয়েই কৃষকৰ মুক্তি আহিব বুলিও ই প্ৰতিপন্ন কৰিব নােৱাৰিলে৷ তেন্তে ইয়াৰ সামাজিক বাৰ্তা কি? হয়তাে ই বৈপ্লৱিক ৰাজনীতিক ঘৃণা কৰা অথচ শােষিত জনসাধাৰণৰ মুক্তিৰ কথা কোৱা দ্বিধাগ্ৰস্ত ‘অৰাজনৈতিক’ ব্যক্তিবাদী চিন্তাবিদৰ সমাজচিন্তাৰ স্ববিৰােধৰ প্ৰকাশ মাত্ৰ৷ ৷

ভাৰতবৰ্ষত উদাৰনৈতিক সংসদীয় গণতন্ত্ৰ জীয়াই (নে বাচি?) থকাটো বহুতৰ মতে অতিকে আনন্দ-ফূৰ্তি কৰিবলগা বিষয় (যেনে ধৰক, ৰামচন্দ্ৰ গুহ আদি)৷ কিন্তু আমি ভাবি নাপাওঁঁ, গেলি-পচি যােৱা এই ব্যৱস্থাটোত উদযাপন কৰিবৰ যােগ্য কি স্বৰ্গীয় উপাদান লুকাই আছে৷ আন যিকোনােধৰণৰ ৰাষ্ট্ৰব্যৱস্থাতকৈ সংসদীয় গণতন্ত্ৰক যদিও আমি শ্ৰেষ্ঠতৰ বুলি বিনাপ্ৰশ্নে ধৰি লওঁ, প্ৰকৃতাৰ্থত ই কিন্তু একপ্ৰকাৰ প্ৰাতিষ্ঠানিক বিন্যাসৰ (institutional arrangement) বাদে আন একো নহয় – যিটো বিন্যাস পৰিস্থিতি-নিৰ্বিশেষে সকলােতে খাপ খাই যায়৷ প্ৰসিদ্ধ সমাজবিজ্ঞানী এ’ৰিক হবছবমে তেওঁৰ Globalisation, Democracy and Terrorism গ্ৰন্থৰ দুটা অধ্যায়ত এই সম্পৰ্কে সবিস্তাৰে আলােচনা কৰিছে৷

কলা-সংস্কৃতিৰ প্ৰতি ষ্টেলিনীয় মনােভাবে নিশ্চয় ইয়াৰ জীৱন্ত আৰু স্বতন্ত্ৰ চৰিত্ৰক আওকাণ কৰে৷ কিন্তু দীৰ্ঘম্যাদী ৰাজনৈতিক সংগ্ৰাম আগ বাঢ়ি যাবলৈ হ’লে কলা-সংস্কৃতিৰ ৰাজনৈতিক চৰিত্ৰৰ প্ৰতি আমি মনােযােগ দিবই লাগিব৷ ‘হালধীয়া চৰায়ে বাওধান খায়’ৰ দৰে চলচ্চিত্ৰৰ প্ৰতিক্ৰয়াশীল ৰাজনৈতিক দৰ্শন সম্পৰ্কে আলােচনা কৰাটোও নিশ্চয় সংসদীয় গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ উন্মােচনৰ বাবে এনে এক প্ৰয়ােজনীয় পদক্ষেপ৷

(‘নতুন পদাতিক’ত চলচ্চিত্ৰ সমালােচক ননিৰ ‘বান্ধোন : এখন ৰাজনৈতিক চলচ্চিত্ৰ’ লেখাটো পঢ়াৰ পাছত আমাৰ ফালৰপৰা লিখা পৰিপূৰকধৰ্মী লেখা। আনুমানিক ৰচনাকাল : ২০১৩)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in সানমিহলি
One comment on “প্ৰসংগ : ‘হালধীয়া চৰায়ে বাওধান খায়’
  1. সুন্দৰ সমালোচনা

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: