ক’ৰ’নাৰ কেৰামতালি

ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে নিজৰ ঘৰৰ ভিতৰতে সোমাই থকাটোৱেই হ’ল উৎকৃষ্ট পন্থা। ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে, আৰু ক’ৰ’না ভাইৰাছে আমাৰ সন্মুখত উন্মোচন কৰা নিৰ্মম সত্যসমূহ অনুধাৱন কৰিবলৈ যত্ন কৰিব লাগে, দাঙি ধৰা অপ্ৰিয় প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ যত্ন কৰিব লাগে।

ক’ৰ’না ভাইৰাছ হ’ল প্ৰকৃতাৰ্থতেই এটা গোলকীয় বা নব্য উদাৰতাবাদী ভাইৰাছ। বিশ্বায়নৰ পূৰ্বৰ পৃথিৱীত উদ্ভৱ হোৱা হ’লে ইয়াৰ ব্যাপ্তি আৰু প্ৰভাৱসমূহ নিশ্চয়কৈ বহুখিনি বেলেগ হ’লহেঁতেন। কিন্তু এতিয়া গোলকীয় পুঁজিৰ নাগপাশে আগুৰি ৰখা পৃথিৱীখনত ইয়াৰ চৰিত্ৰও গোলকীয় হৈ পৰিছে। চীন দেশ এতিয়া পৃথিৱীৰ উৎপাদনী শৃংখলৰ এটা ঘাই কেন্দ্ৰবিন্দু। চীনৰপৰা যেনেকৈ পৃথিৱীৰ বিভিন্ন স্থানলৈ উৎপাদিত সামগ্ৰীৰ সৰবৰাহ হয় ঠিক তেনেকৈয়ে ক’ৰ’নাৰ সৰবৰাহ হৈছে। গোলকীয় পুঁজিৰ বিস্তাৰ আৰু প্ৰসাৰৰ যিবোৰ ৰাস্তা, সেই ৰাস্তাবোৰেদিয়েই ক’ৰ’নাৰ বিস্তাৰ আৰু প্ৰসাৰ হৈছে। ঠিক গোলকীয় পুঁজিৰ দৰেই ই সমস্ত আঞ্চলিক-সাংস্কৃতিক পাৰ্থক্য ঢাঁহিমুহি সকলো ঠাইতে বনজুইৰ দৰে বিয়পি পৰিছে। উপমাৰ ফালৰপৰাও ইয়াক হয়তো কেৱল পুঁজিবাদৰ আৰ্থিক সংকটৰ সৈতেহে তুলনা কৰিব পাৰি, যেনে, ২০০৮ চনৰ সংকট। আনহাতে, ক’ৰ’না ভাইৰাছে গোটেই গোলকীয় পুঁজিবাদী ব্যৱস্থাটোকে ধৰাশায়ী কৰি পেলাইছে – ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱসমূহে আৰু কিমান ভয়াৱহ ৰূপ ল’ব সেইটো পাছতহে ক’ব পৰা যাব। ইয়াৰ সৈতে যুদ্ধ কৰিবলৈ যাওঁতে আন্তৰ্জাতিক কোম্পানিসমূহৰতো ব্যাপক লোকচান হৈছেই, বিভিন্ন দেশৰ অৰ্থনীতিসমূহৰো কঁকাল ভাঙো ভাঙো হৈছে। যোৱা শতিকাৰ আশীৰ দশকৰপৰা হোৱা বিশ্বায়ন প্ৰক্ৰিয়াৰ প্ৰধান পদক্ষেপ আছিল প্ৰতিখন দেশতে ইতিপূৰ্বে থকা সামাজিক সুৰক্ষামূলক ব্যৱস্থাসমূহৰ সম্পূৰ্ণ বিলোপ ঘটাই অৰ্থনৈতিক ব্যৱস্থাটো গোটেপাতে বজাৰৰ নৈৰাজ্যৰ মাজত এৰি দিয়া। গতিকে এতিয়া অৱস্থা এনেকুৱা যে বজাৰ মৰিলে সকলো মৰিব – ৰাষ্ট্ৰৰ ওচৰত মানুহক বচাবৰ বাবে কোনো সুৰক্ষাকৱচ প্ৰায় নোহোৱাৰ দৰেই হৈছে। সেইবাবেই ক’ৰ’না ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকট মোকাবিলা কৰাটো অধিক জটিল হৈ পৰিছে। বেমাৰত মৰাবিলাকতো মৰিছেই, লাখ লাখ মানুহ দুৰ্ভিক্ষ আৰু দাৰিদ্ৰ্যৰ কবলত পৰিছে। লাখ লাখ মানুহ কৰ্মচ্যুত হৈছে, কিন্তু তাৰ পাছৰ সময়ছোৱা জীয়াই থাকিবৰ বাবে কোনো অৱলম্বন তেওঁলোকৰ হাতত নাই। অসংগঠিত খণ্ডত কৰ্মৰত তথা প্ৰব্ৰজিত লাখ লাখ শ্ৰমিক জনসাধাৰণৰ জীৱন মৃত্যুৰ থিয় গৰাত কোনোমতে ওলমি ৰৈ আছে। মুঠতে ক’ৰ’না ভাইৰাছে নব্য উদাৰতাবাদী সামাজিক ব্যৱস্থাটো আমাৰ সন্মুখত নগ্ন ৰূপত দাঙি ধৰিছে।

ভাৰতীয় প্ৰেক্ষাপটত ক’ৰ’না ভাইৰাছ বিশ্বায়নৰ শেষপাট অস্ত্ৰ হৈ ধৰা দিছে। যোৱা শতিকাৰ নব্বৈৰ দশকতে ভাৰতত বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হৈছিল। মূল অৰ্থনৈতিক নীতিসমূহ তুৰন্তেই প্ৰযোজ্য হৈছিল যদিও বিশ্বায়নৰ সামাজিক প্ৰভাৱসমূহ দেশৰ বিভিন্ন অঞ্চল তথা সমাজৰ গভীৰভাগত প্ৰবেশ কৰাৰ প্ৰক্ৰিয়াটো কিছু লাহে লাহে ঘটিছিল – একবিংশ শতিকা সোমোৱাৰ পাছৰপৰা ইয়াৰ পূৰ্ণাংগ সামাজিক ৰূপবোৰ আমি গাঁৱে-ভূয়েঁ সকলোতে দেখিবলৈ পাইছিলো। কিন্তু তাৰ পাছতো হয়তো কিবা বাকী থাকি গৈছিল, হয়তো কোনোবা মানুহ থাকি গৈছিল স্পৰ্শ কৰা নাছিল বিশ্বায়নে। এই বাকী থকা দায়িত্বখিনি পালন কৰিবলৈকে যেন আজি ক’ৰ’না ভাইৰাছৰ আৱিৰ্ভাৱ ঘটিছে। ক’ৰ’না ভাইৰাছৰ পাছত আৰু বিশ্বায়নৰ একো বাকী নাথাকিব, ই হ’ল বিশ্বায়নৰ শেষ বিন্দু য’ৰপৰা কোনো ওভতনি নাই। দেশৰ প্ৰতিটো চুকে-কোণে সৰ্বাত্মক ৰূপত বিয়পি পৰিল বিশ্বায়ন, দেশৰ প্ৰতিজন লোকে হাড়ে হাড়ে বুজি পালে বিশ্বায়ন কি বস্তু।

ক’ৰ’না ভাইৰাছ দেখাত এটা উদাৰ আৰু বিশ্বনাগৰিকীয় বস্তু – ই কোনো উচ্চ-নীচ বিচাৰ নকৰে, ই নাবাছে কোনো বৰ্ণ-ধৰ্ম-জাতি। কিন্তু ই ভাৰতত আহি যিটো পেণ্ডোৰাৰ বাকচ খুলি দিলে, তাৰপৰা ওলাই আহিছে সমাজৰ সমস্ত ৰাক্ষস। বৰ্ণবাদী ঘৃণাই মূৰ দাঙি উঠিছে কিম্ভূত-কিমাকাৰ ৰূপত। সাম্প্ৰদায়িকতাবাদৰ মোহপাশত যেতিয়া সমগ্ৰ দেশ বান্ধ খাই থাকে, সমাজৰ প্ৰতিটো ঘটনা বা কথাতে যেতিয়া সাম্প্ৰদায়িক উপাদানৰ সন্ধান কৰা হয়, তেনে অৱস্থাত ক’ৰ’না ভাইৰাছটো ছেকুলাৰ হৈ থাকিব কেনেকৈ? ইয়াক আলম কৰি এতিয়া হিন্দু সাম্প্ৰদায়িকতাৰ আৰু এটা ঢৌ দেশজুৰি বিয়পি গৈছে। মূলসুঁতিৰ সংবাদ মাধ্যমৰ সহযোগত হিন্দুত্ববাদী শক্তিবিলাক উন্মত্তভাৱে জঁপিয়াই পৰিছে এই সাম্প্ৰদায়িক অভিযানত। গণ মনস্তত্ত্বৰ যাদুকৰবিলাকে প্ৰথমৰেপৰা ক’ৰ’না ভাইৰাছক ৰাজনৈতিক ৰণকৌশল হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আহিছে। তাৰ বাবে তেওঁলোকক দূষি লাভ নাই – সেয়াই তেওঁলোকৰ চৰিত্ৰ আৰু সেয়াই তেওঁলোকৰ ইতিহাস।

ক’ৰ’না ভাইৰাছৰ কান্ধত বন্দুক থৈ ভাৰতত নিম্নবৰ্গীয় জনসাধাৰণৰ বিৰুদ্ধে এখন শ্ৰেণীযুদ্ধৰ সূচনা কৰা হৈছে। কোনোবা চহকী মানুহে বিদেশ ভ্ৰমণ কৰি কঢ়িয়াই অনা বেমাৰৰ বাবে আটাইতকৈ বেছি ভুক্তভোগী হ’বলগা হৈছে নিম্নবৰ্গীয় জনসাধাৰণ। কেৱল ভুক্তভোগীয়েই নহয়, নৈতিকভাৱে জগৰীয়াও হৈছে তেওঁলোকেই। কাৰণ তেওঁলোকেই সেইখিনি মানুহ যি চৰকাৰৰ নীতি-নিৰ্দেশনাসমূহ পালন কৰা নাই – ঘৰৰ ভিতৰত সোমাই থকা নাই, সামাজিক দূৰত্ব বৰ্তাই ৰখা নাই, চাফ-চিকুণতা অৱলম্বন কৰা নাই। আধুনিক জীৱনৰ পৰ্যাপ্ত উপকৰণসমূহ ঘৰৰ ভিতৰতে যোগাৰ কৰি লোৱাটো মধ্যবিত্ত শ্ৰেণীৰ বৈশিষ্ট্য। প্ৰযুক্তিৰ বিকাশৰ লগে লগে সমগ্ৰ পৃথিৱীখনেই এতিয়া মধ্যবিত্তৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। তদুপৰি দৈনন্দিন জীৱনৰ জৰুৰী প্ৰয়োজনসমূহ অদূৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ল’বলৈও তেওঁলোক সক্ষম। সেইবাবে ঘৰৰ ভিতৰত থাকিও তেওঁলোকে কম-বেছি পৰিমাণে স্বয়ংসম্পূৰ্ণ আৰু আত্মসন্তুষ্ট জীৱন যাপন কৰিব পাৰে। কিন্তু নিম্নবৰ্গীয় জনসাধাৰণৰ বাবে ঘৰৰ ধাৰণাটো বেলেগ। বহুতৰ ঘৰেই নাই, বহুতে জাকৰুৱাভাৱে বস্তি আদিত বাস কৰে। তেওঁলোকৰ বাবে ঘৰৰ ভিতৰখনত একোৱেই নাথাকে। গোটেই পৃথিৱীখন থাকে ঘৰৰ বাহিৰত – ঘৰৰ বাহিৰলৈ দৈনিক ওলাই গ’লেহে জীৱনটো চলে। হাগিবলৈ-মূতিবলৈও ঘৰৰ বাহিৰলৈ যাব লাগে, খোৱাপানীকণ আনিবলৈও দূৰলৈ ওলাই যাব লাগে। সেয়ে তেওঁলোকৰ বাবে ঘৰত আবদ্ধ হৈ থকাটো কাৰাগাৰত বন্দী হৈ থকাতকৈ অধিক কষ্টকৰ। আনহাতে, চাফ-চিকুণতা ধাৰণাটোৰ কোনো সাৰ্বজনীন আৰু একক ৰূপ বিচাৰি পোৱা কঠিন – ই ঘাইকৈ এটা শ্ৰেণী-সাপেক্ষ আৰু সংস্কৃতি-সাপেক্ষ ধাৰণা। হেণ্ডৱাছেৰে সঘনে হাত ধোৱাটো চাফ-চিকুণতাৰ মধ্যবিত্তীয় সংস্কৰণৰ এটা অংশ। নিম্নবৰ্গীয় জনসাধাৰণৰ বাবে এইটো পালন কৰাটো সহজে সম্ভৱ নহয়। তেওঁলোকৰ বহুতেই হয়তো এঙাৰ-ফুটছাই, গছৰ ঠাৰি আদিৰে দাঁত চফা কৰে (কিছুমানে হয়তো কাহানিও দাঁত চফা কৰিয়েই পোৱা নাই); বহুতেই হয়তো কেতিয়াবা খালী পানীৰে, কেতিয়াবা অ’কে চাবোন আদিৰে গা-মূৰ, কাপোৰ-কানি সকলো ধোৱে; বহুতেই হয়তো নিজৰ গুহ্যদ্বাৰ-যৌনাংগ কাহানিও ভালদৰে ধুই পোৱা নাই নগ্ন হোৱাৰ লজ্জাৰ বাবে। এয়া কিছুসংখ্যক মানুহৰ উদাহৰণ নহয় – বৰং এয়া হ’ল লাখ লাখ নিম্নবৰ্গীয় জনসাধাৰণৰ নিৰ্মম জীৱন সত্য। এটা কথা ঠিক যে এতিয়া ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা বিভীষিকাৰ পটভূমিত সকলোৱেই সামাজিক দূৰত্ব আৰু চাফ-চিকুণতাৰ নীতি-নিয়মসমূহ মানি চলাটো জৰুৰী হৈ পৰিছে। কিন্তু তাৰ বাবে চৰকাৰৰ তৰফৰপৰা পৰ্যাপ্ত ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰা দৰকাৰ।

ভাৰতৰ অৰ্থনীতিত সবাতোকৈ অধিক শ্ৰমিক নিয়োজিত হৈ থকা খণ্ডটো হৈছে ব্যাপক অসংগঠিত খণ্ডটো। এই খণ্ডটো হৈছে বৈচিত্ৰ্যপূৰ্ণ, ক্ৰমবৰ্ধমান, আৰু ঘাইকৈ নগদ ধন-ভিত্তিক। কিন্তু শেহতীয়া সময়ছোৱাত এই খণ্ডটোৰ ওপৰত ক্ৰমাৎ অধিক হেঁচা প্ৰয়োগ কৰা হৈ আহিছে, যাতে তাক সংগঠিত খণ্ডৰ আওতাত সুমুৱাই লৈ বিশ্বপুঁজিৰ বহতীয়া কৰিব পাৰি। বিমুদ্ৰাকৰণ, ডিজিটেল ইণ্ডিয়া, জি এছ টি আদি বিভিন্ন কাৰ্যসূচীৰ এটা প্ৰধান উদ্দেশ্য হ’ল এই অসংগঠিত খণ্ডক ধৰাশায়ী কৰি তাক বিশ্বপুঁজিৰ নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা। সম্প্ৰতি ক’ৰ’না ভাইৰাছেও যেন সেই একে উদ্দেশ্যকে পূৰণ কৰিবলৈ আগ বাঢ়ি আহিছে – অসংগঠিত খণ্ডৰ ওপৰত ই হৈ পৰিছে সবাতোকৈ ভয়ংকৰ আক্ৰমণ। ক’ৰ’নাৰ এই আক্ৰমণ যদি বেছি দিনলৈ অব্যাহত থাকে, তেন্তে এই খণ্ডটোৰ ৰূপ চিৰদিনলৈ সলনি হৈ যাব। তাৰ ফলত অধিক বিপদাপন্ন হ’ব নিম্নবৰ্গীয় জনসাধাৰণ, যাৰ মাজৰপৰা ওলাই আহে এই খণ্ডৰ বিশাল শ্ৰমিক বাহিনীটো।

বিশ্বায়নৰ প্ৰক্ৰিয়া সূচনা হোৱাৰ পাছৰপৰাই ভাৰতত অধিক দ্ৰুত গতিত চলিবলৈ ধৰিছে পুঁজিৰ আদিম সঞ্চয়ন (primitive accumulation)ৰ প্ৰক্ৰিয়া। ইয়াৰ ফলস্বৰূপে নিম্নবৰ্গীয় জনসাধাৰণ ক্ৰমাৎ উচ্ছেদিত হৈছে নিজৰ ভূমিৰপৰা তথা উৎপাদনৰ সঁজুলিসমূহৰপৰা – যি সৃষ্টি কৰিছে শোষণ আৰু বঞ্চনাৰ এক জঘন্য ইতিহাস। গাঁওবিলাকত খেতি-খোলা কৰি জীয়াই থাকিব পৰা অৱস্থা ক্ৰমাৎ নোহোৱা হৈ পৰিছে। বজাৰ আৰু বজাৰে সৃষ্টি কৰা সামাজিক প্ৰভাৱ তথা আকাংক্ষাসমূহ গাঁৱৰ সমাজত অধিক প্ৰভাৱশালী হৈ পৰাৰ লগে লগে নগদ ধনৰ প্ৰয়োজন সাংঘাতিকধৰণে বৃদ্ধি পাইছে। কিন্তু গাঁৱৰ গণ্ডীৰ ভিতৰত নগদ ধন আহিব ক’ৰপৰা? সেইবাবে চামে চামে যুৱক ঢাপলি মেলিছে দেশৰ বিভিন্ন প্ৰান্তলৈ কাম বিচাৰি। এনেকৈয়ে সৃষ্টি হৈছে লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকৰ। আনহাতে, নগদ ধনৰ প্ৰয়োজন পূৰণ কৰিবলৈ মাইক্ৰ’ফাইনেন্স কোম্পানি, বেংক আদিয়ে ঋণৰ বেহা পাতিছে যাৰ পৰিণতিত শেহান্তৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আৰু অধিক হেঁচা পৰিছে। এই সমস্ত প্ৰক্ৰিয়া প্ৰকৃততে পুঁজিৰ আদিম সঞ্চয়নৰে পৰিণাম মাত্ৰ। কিন্তু এই প্ৰক্ৰিয়াই নিম্নবৰ্গীয় জনসাধাৰণৰ মাজত সৃষ্টি কৰা ক্ষোভ আৰু বঞ্চনাই কোনোবাদিনা আগ্নেয়গিৰিৰ ৰূপ নল’বনে? লোৱাটো একপ্ৰকাৰ অৱশ্যম্ভাৱী। এই কথাটো আন্তৰ্জাতিক পুঁজিৰ দালালস্বৰূপ শাসনাসীন শক্তিবিলাকেও জানে। সেইবাবেই আৰম্ভণিৰেপৰা এনে বহুতো আঁচনি গ্ৰহণ কৰা হৈ আহিছে যাৰ জৰিয়তে আদিম সঞ্চয়নৰ প্ৰভাৱসমূহ নিয়ন্ত্ৰণত ৰাখিব পাৰি বা কিছু দূৰলৈ নিৰাময় কৰিব পাৰি। এনে আঁচনিসমূহত ঘাইকৈ নগদ ধন বা দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী হিতাধিকাৰীসকলক প্ৰদান কৰা হয় – যাক আন ভাষাত একপ্ৰকাৰ হিতাধিকাৰীৰাজ বুলি অভিহিত কৰিব পাৰি। এইবিলাকৰ জৰিয়তে জনসাধাৰণৰ ক্ষোভ আৰু বঞ্চনাক লক্ষ্মণৰেখাৰ ভিতৰত ৰাখিব বিচৰা হয়। নব্য উদাৰতাবাদী ভাৰতৰ এনে এটা সামাজিক পটভূমিতে ক’ৰ’না ভাইৰাছে ভূমুকি মাৰিছেহি। আদিম সঞ্চয়নে বিধ্বস্ত কৰা নিম্নবৰ্গীয় জনসাধাৰণৰ জীৱনলৈ ক’ৰ’নাই নমাই আনিছে নতুন বিভীষিকা। এই বিভীষিকাৰ মোকাবিলা কৰিবলৈ হিতাধিকাৰীৰাজৰ পৰিচিত ফৰ্মুলাকেই যে প্ৰয়োগ কৰা হ’ব তাত আচৰিত হ’বলগা একো নাই। কিন্তু তাৰ বাহিৰত ৰৈ যাব নীতি-নিয়মৰ হাতোৰাই ঢুকি নোপোৱা অসংখ্য নিম্নবৰ্গীয় জনসাধাৰণ। তেওঁলোকৰ সংখ্যা আমি কাহানিও নাজানিম। ক’ৰ’না ভাইৰাছত কিমান আক্ৰান্ত হ’ল আৰু কিমান মৰিল আমি পলে পলে গম পাই থাকিম। কিন্তু নিম্নবৰ্গীয় জনসাধাৰণৰ কিমান যন্ত্ৰণা হ’ল, কিমান ভোকত বা চিকিৎসাৰ অভাৱত মৰিল – তাৰ কোনো পৰিসংখ্যা আমি কোনোদিনে নাপাম। আৰু আমি পৰিসংখ্যা নাপাম তেওঁলোকৰ বুকুত জমা হোৱা ক্ষোভৰ।

গতিকে ৰাইজ, আহক আমি সকলোৱে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰো আৰু চৰকাৰক সেই ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগ বঢ়াওঁ। তাৰ লগতে প্ৰশ্ন কৰো নব্য উদাৰতাবাদী পুঁজিবাদক, জবাবদিহি কৰো আন্তৰ্জাতিক পুঁজিৰ দেশীয় দালালসকলক। আহক আমি থিয় হওঁ নিম্নবৰ্গীয় জনসাধাৰণৰ কাষত – তেওঁলোকৰ স্বাৰ্থত পক্ষত।

(ৰচনাকাল : ০১-০৪-২০)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: