অখিল গগৈ হ’ল সাম্প্ৰতিক অসমত প্ৰতিবাদী ৰাজনীতিৰ মূল বাটকটীয়া।
অসম আন্দোলনৰ মৰ্মান্তিক বিফলতা আৰু নব্বৈৰ দশকৰ হত্যা-হিংসাৰ ধুমুহাই অসমীয়া মানুহৰ প্ৰতিবাদী চেতনা আৰু সমূহীয়া আন্দোলনৰ শক্তিক যেন কাললৈ নিশকতীয়া কৰি থৈ গৈছিল। সামাজিক আন্দোলনৰ দিশৰপৰা অসমখন হৈ পৰিছিল নিস্তব্ধ-নিঃসাৰ। কিন্তু পৰিস্থিতিৰ জড়তা ভাঙি সেই সময়তে ওলাই আহিছিল অখিল গগৈ। ঠিক ছিৰাল ফটা পথাৰত নামি অহা এজাক বৰষুণৰ দৰে, মন-প্ৰাণ জগাই তোলা সতেজ এছাটি বতাহৰ দৰে। অসমত সূচনা হৈছিল সামাজিক আন্দোলনৰ এটা নতুন যুগৰ। লাখ লাখ জনতা ৰাস্তালৈ ওলাই আহিল – নিজৰ তেজ-ঘাম-চকুলো সমৰ্পণ কৰিলে মুক্তিৰ সংগ্ৰামত। এই যাত্ৰাত অখিলে বহুতো ভুল কৰিছে, বহুতো সীমাবদ্ধতা-সমস্যাৰে ভাৰাক্ৰান্ত অখিলৰ চিন্তা আৰু কৰ্ম। কিন্তু সেই ভুলে নতুবা সীমাবদ্ধতা-সমস্যাই সলাব নোৱাৰে ইতিহাস, মচিব নোৱাৰে সংগ্ৰামী জনতাৰ পদচিহ্ন। আৰু সেইবাবেই অখিলক মাৰিব নোৱাৰি, সেইবাবেই অখিলক বন্দী কৰি ৰাখিব নোৱাৰি। পোতাশালৰ দেৱাল চিৰাচিৰ কৰি আহি জনতাৰ বুকুত প্ৰতিধ্বনিত হ’ব অখিলৰ বজ্ৰ কণ্ঠ।
কিন্তু অখিলে এটা কাম কাহানিও কৰিব নোৱাৰিলে – অসমীয়া মধ্যবিত্তক পটাব নোৱাৰিলে। মধ্যবিত্তক তেল মাৰিবলৈ তেওঁ বহুত চেষ্টা কৰিলে। তপস্যা ভংগ কৰিবলৈ বহুতো নৃত্য কৰিলে। কিন্তু তপস্যা ভংগ নহ’ল – মধ্যবিত্তৰ হৃদয় নগলিল। বৰং তেওঁক দিয়া হ’ল ভীষণ অভিশাপ : চিৰদিনৰ বাবে তুমি খেতিয়কৰ বোকা-পানী ফেনেকিয়েই থাকিব লাগিব, কোনোদিনেই তুমি মধ্যবিত্তৰ বাৰাণ্ডাত বহিবলৈ যোগ্যতা আহৰণ কৰিব নোৱাৰিবা; যিমানেই জাতি জাতি নিচিঞৰা লাগিলে, কোনোদিনেই তুমি জাতীয় হ’ব নোৱাৰিবা। অসমীয়া মধ্যবিত্তৰ এই অভিশাপৰ মৰ্ম অখিলে কোনোদিনে নুবুজিলে। অসমীয়া মধ্যবিত্তৰ এই ভীষ্ম প্ৰতিজ্ঞাৰ কথা অখিলে কোনোদিনে উপলব্ধি নকৰিলে। বুৰ্বকৰ দৰে ইনাই-বিনাই সদায় কান্দি থাকিল মধ্যবিত্তৰ গে’টৰ মুখত। মিছাকৈয়ে অখিলে বহুত সময় নষ্ট কৰিলে।
অখিল অসমৰ ইতিহাসৰ হয়তো সবাতোকৈ ট্ৰেজিক চৰিত্ৰ। অখিলে আৰম্ভ কৰা আন্দোলন সদায়ে আদবাটতে আনে কাঢ়ি লয়। অখিলৰপৰা কাঢ়ি অনা আন্দোলনেৰে জাতিৰ ঠিকাদাৰি কৰা হয়, উদ্ধাৰ কৰা হয় নিজৰ হৃত সামাজিক আধিপত্য। অখিলে যিমানে শিকিছে আন্দোলন কৰাৰ কৌশল – মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনে সিমানেই শিকিছে আন্দোলন আত্মসাৎ কৰাৰ কৌশল। অখিলৰপৰা যিমান পাৰি আত্মসাৎ কৰা আৰু অখিলক দলিয়াই দিয়া – স্বনামধন্য জাতীয় সংগঠনৰ এয়া প্ৰধান নীতি। চিঞৰি চিঞৰি যেতিয়া অখিলৰ কণ্ঠ ভাগৰি যায়, প্ৰতিবাদৰ ঢৌ যেতিয়া অসমৰ চুকে-কোণে বিয়পি যায় – সেই সময়তে, ঠিক সেই মুহূৰ্ততে, অখিল হেৰাই যায়। এনেকৈ বাৰে বাৰে অসমীয়া জাতি জাগি উঠে, আৰু বাৰে বাৰে অখিল হেৰাই যায়।
কিন্তু আমি জানো যে অখিল হেৰাই নাযায়। অসমৰ পথাৰবোৰ আছে, ৰাস্তাবোৰ আছে, গছ-বন আছে, আকাশ আছে। আৰু সন্মুখত নিৰ্লজ্জভাৱে বৈ থকা বুঢ়ালুইত আছে। এই সকলোকে সাক্ষী কৰি লৈ আমি ইতিহাসৰ পাতত এটা এটাকৈ শব্দবোৰ লিখি যাম – অখিল হেৰাই নাযায় . . .।
(০৬-০৩-২০)
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2020/03/07/akhil-gogoi/ […]
LikeLike