(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল৷ ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী৷“ এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা হৈছে৷ – অনুবাদক)
উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত পুঁজিবাদৰ এক পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল যাৰ ভিতৰত উপনিবেশবোৰৰ মুক্তকৰণ, কেইনছীয় চাহিদা মেনেজমেণ্ট নীতি তথা সৰ্বজনীন ভোটাধিকাৰভিত্তিক গণতন্ত্ৰ স্থাপন অন্যতম উপাদান আছিল৷ ই আচলতে পুঁজিবাদে আগ বঢ়োৱা কেতবোৰ ৰেহাইকেই সূচিত কৰিছিল কিয়নো সেই সময়ছোৱাত কমিউনিজমৰ ভূতে সমগ্ৰ বিশ্বখন পেঁপুৱা লগাই থৈছিল৷ এফালে ফেচিবাদবিৰোধী সংগ্ৰামত সিবিলাকৰ ভূমিকাৰ বাবে ছোভিয়েট ইউনিয়ন তথা ইউৰোপৰ বিভিন্ন কমিউনিষ্ট দলবোৰ সকলোৰে সন্মানৰ পাত্ৰ হৈ পৰিছিল, আনফালে চীনত নব্য গণতান্ত্ৰিক বিপ্লৱ সংঘটিত হৈছিল৷ পূব ইউৰোপৰ বিভিন্ন দেশো ৰেড আৰ্মিৰ দখললৈ আহিছিল৷ অৱশ্যে এইটোও সঁচা যে য়াল্টা চুক্তিয়ে পশ্চিম ইউৰোপত ছোভিয়েট ইউনিয়নৰ হাত বান্ধি থৈছিল; পূব ইউৰোপত সমাজবাদ স্থাপনৰ প্ৰতিদান হিচাপে ছোভিয়েট ইউনিয়নে ফ্ৰান্স, ইটালি তথা গ্ৰীচৰ কমিউনিষ্ট জনজাগৰণত কোনো হস্তক্ষেপ কৰিব পৰা নাছিল৷ উত্তৰ-যুদ্ধকালৰ প্ৰথমটো নিৰ্বাচনত ইটালিৰ কমিউনিষ্ট পাৰ্টি দেশখনৰ সৰ্ববৃহৎ দল হিচাপে আৱিৰ্ভাৱ হোৱা সত্ত্বেও দলটোক চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিল৷ ঠিক তেনেকৈয়ে গ্ৰীচৰ গৃহযুদ্ধত স্থানীয় কমিউনিষ্ট পাৰ্টিয়ে অকলেই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আশীৰ্বাদপুষ্ট প্ৰতিক্ৰিয়াশীল শক্তিবোৰৰ সৈতে যুঁজিব লগা হৈছিল৷ যি কি নহওক, মুঠৰ ওপৰত মেট্ৰ’পলিটান পুঁজিবাদে কমিউনিজমৰ ভাবুকিটোক অতি গম্ভীৰভাৱে গ্ৰহণ কৰিছিল৷ অতি সোনকালেই শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল আৰু আমি ইতিমধ্যেই উল্লেখ কৰাৰ দৰে কমিউনিজমৰ প্ৰত্যাহ্বানটোৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিবাদৰ এক পুনৰ্গঠন প্ৰক্ৰিয়া হাতত লোৱা হৈছিল৷
লক্ষণীয় যে এই পুনৰ্গঠন পুঁজিবাদী ব্যৱস্থাটোৰ কোনো “স্বতঃস্ফূৰ্ত” বিকাশৰ ফলাফল নাছিল৷ বৰং পৰিস্থিতিয়েই পুঁজিবাদৰ বুকুৰ পৰা এই ৰেহাইবোৰ কাঢ়ি আনিছিল৷ পুঁজিবাদ হৈছে এক স্বতঃস্ফূৰ্ত ব্যৱস্থা – এই অৰ্থত যে ব্যৱস্থাটো তাৰ অন্তৰ্নিহিত কেতবোৰ প্ৰৱণতাৰ দ্বাৰা চালিত হয়৷ আপাত দৃষ্টিৰে চাবলৈ গ’লে বিভিন্ন মানৱ এজেণ্টৰ নানান সিদ্ধান্তই ব্যৱস্থাটোৰ চৰিত্ৰ তথা গতিশীলতা গঠন কৰে, কিন্তু প্ৰকৃত সত্যটো এয়ে যে মানৱ এজেণ্টৰ এই সিদ্ধান্তবোৰ কোনো ব্যক্তিগত চয়নৰ ফলাফল হোৱাৰ বিপৰীতে প্ৰতিযোগিতাৰ হেঁচাই সিবিলাকৰ নিৰ্মাণ কৰে৷ আন কথাত ক’বলৈ গ’লে – এনে অনুভৱ হয় যেন ব্যৱস্থাটোৱে নিজেই নিজকে পৰিচালনা কৰে – অৰ্থাৎ ই হৈছে এক স্বয়ংচালিত ব্যৱস্থা আৰু এইক্ষেত্ৰত মানৱ এজেণ্টৰ একচনবোৰ হৈছে ব্যৱস্থাটোৰ আত্মপৰিচালনাৰ বাবে গঠিত হোৱা কেতবোৰ সমল মাথোঁঁ৷ লক্ষণীয় যে মাৰ্ক্সে পুঁজিবাদৰ তথাকথিত নায়ক অৰ্থাৎ পুঁজিপতিসকলক “মানৱীকৃত পুঁজি” নামেৰে নামকৰণ কৰিছিল৷ অৰ্থাৎ পুঁজিপতিসকলো এই ব্যৱস্থাটোৰ অধীনত একাংগিত্বৰ চিকাৰ হয় – আৰু তেওঁলোকে প্ৰতিযোগিতাই দাবী কৰা মতে পদক্ষেপ ল’বলৈ বাধ্য হয়৷ কোনো মানৱীয় ইচ্ছা-অনিচ্ছাৰ বিপৰীতে এই প্ৰতিযোগিতাই পুঁজিপতিসকলৰ মাজত এক ডাৰ্বিনবাদী (ডাৰউইনীয়) মৰণপণ সংঘাত সৃষ্টি কৰে৷
পুঁজিবাদৰ এই বিভিন্ন অন্তৰ্নিহিত প্ৰৱণতাসমূহ – যেনে পুঁজিৰ কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা, আদিম সঞ্চয়নৰ যোগেদি প্ৰাক-পুঁজিবাদী উৎপাদনবোৰক বশলৈ অনাৰ প্ৰৱণতা, সকলো বস্তুকে পণ্যলৈ পৰ্যবসিত কৰাৰ প্ৰৱণতা – সাধাৰণতেই পুঁজিবাদী ৰাজ্যৰ দ্বাৰা সাহায্যপ্ৰাপ্ত হৈছিল৷ প্ৰায়েই ৰাজ্যৰ সহযোগে এই প্ৰৱণতাবোৰক অধিক তীব্ৰও কৰি তুলিছিল৷ আন কথাত, পুঁজিবাদৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰক সাহায্য প্ৰদান তথা তীব্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্যৰ এই ভূমিকাৰ বাবেই পুঁজিবাদী ব্যৱস্থাৰ অধীনত সাধাৰণতে অৰ্থনীতিয়ে ৰাজনীতিক পৰিচালনা কৰে৷
অৱশ্যে মাজে-সময়ে এনে কেতবোৰ পৰিস্থিতি আহিব পাৰে – যেনে উত্তৰ-যুদ্ধকালৰ পৰিস্থিতি – যেতিয়া শ্ৰেণী শক্তিবোৰৰ সন্তুলন এনেধৰণৰ হয় যে ৰাজ্যই – আনকি পুঁজিবাদৰ সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যইও – পুঁজিবাদৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰক অধিক তীব্ৰ কৰি তোলাৰ বিপৰীতে সিবিলাকৰ ওপৰত কিছু বাধা-নিষেধ আৰোপ কৰে৷ পিছে এনেধৰণৰ বাধা-নিষেধ কোনো স্থায়ী পৰিঘটনা হ’ব নোৱাৰে, কিয়নো যেতিয়ালৈকে ব্যৱস্থাটো অটুট থাকে তেতিয়ালৈকে এই প্ৰৱণতাবোৰ উপস্থিত হৈয়েই থাকিব আৰু পাছলৈ পৰিস্থিতি সলনি হোৱাৰ লগে লগে সিবিলাকে পুনৰ সমস্ত বাধা অতিক্ৰম কৰি ক্ৰিয়াশীল হৈ পৰিব৷ অৰ্থাৎ পুনৰ্গঠনৰ অৰ্থ হৈছে ৰাজ্যৰ দ্বাৰা পুঁজিবাদৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰৰ প্ৰতিষ্ঠাপন (displacement), সিবিলাকৰ সামগ্ৰিক সমাপ্তি নহয়৷ এই প্ৰৱণতাবোৰক ক্ষান্ত কৰাৰ অহৰহ প্ৰচেষ্টাই সমগ্ৰ ব্যৱস্থাটোকে আসোঁৱাহপূৰ্ণ (dysfunctional) কৰি পেলাব পাৰে যাৰ ফলত শেহত দুটাই বিকল্প ৰ’বগৈ পাৰে – হয় বাৰম্বাৰ তথা অধিকাধিক ৰাজ্যিক হস্তক্ষেপৰ যোগেদি সমস্ত ব্যৱস্থাটোকে অতিক্ৰম কৰাৰ দিশেৰে আগ বাঢ়িব লাগিব, নতুবা প্ৰাৰম্ভিক কালৰ ৰাজ্যিক হস্তক্ষেপৰ পাছত ব্যৱস্থাটোৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰ পুনৰ ক্ৰিয়াশীল হৈ উঠি ৰাজ্যিক হস্তক্ষেপৰ প্ৰভাৱবোৰ নাইকিয়া কৰি পেলাব৷ আন কথাত ক’বলৈ গ’লে, সামগ্ৰিক ব্যৱস্থাটোৰ অতিক্ৰমণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নহ’লে এসময়ত গৈ ৰাজ্যৰ হস্তক্ষেপবোৰ পিছ হুঁহকিবলৈ বাধ্য হ’ব৷
উত্তৰ-যুদ্ধকালৰ মেট্ৰ’পলিটান পুঁজিবাদৰ ক্ষেত্ৰত ঠিক এইটো ঘটনাই দেখা পোৱা গ’ল৷ দুটা পৰিদৃশ্য পোহৰলৈ আহিল: প্ৰথমটো হৈছে এক দীৰ্ঘ কাল জুৰি উচ্চ নিয়োগ হাৰৰ অৱস্থিতি৷ ১৯৬০ৰ দশকৰ প্ৰথমছোৱাৰ ব্ৰিটেইনখনলৈ চালে দেখা যায় যে দেশখনত চৰকাৰী পৰিসংখ্যামতে নিবনুৱাৰ হাৰ ২ শতাংশতকৈও কম আছিল; আনহাতে আমেৰিকা যুক্তৰাজ্যত এই হাৰ আছিল প্ৰায় ৪ শতাংশ৷ শান্ত পৰিস্থিতিৰ অধীনত পুঁজিবাদে এনে সুন্দৰ নিয়োগ হাৰ পূৰ্বে কেতিয়াও লাভ কৰা নাছিল৷ পুঁজিবাদৰ বাবে সাধাৰণতেই এক বুজন আকাৰৰ অতিৰিক্ত শ্ৰম বাহিনীৰ উপস্থিতি প্ৰয়োজনীয় হয় কিয়নো ই প্ৰকৃত মজুৰিৰ হাৰ নিয়ন্ত্ৰণ কৰি শোষণৰ ব্যৱস্থাটোক সুগম কৰি ৰাখে তথা নিয়োগহীনতাৰ ভয় দেখুৱাই শ্ৰম-অনুশাসন বাহাল কৰি ৰাখে; কিন্তু ইয়াৰ বাহিৰেও আন কেতবোৰ কাৰণো আছে যাৰ বিষয়ে সাধাৰণতেই আলোচনা কৰা নহয়৷ অতিৰিক্ত শ্ৰম বাহিনীৰ উপস্থিতিয়ে ‘মজুৰি-ইউনিট’বোৰৰ স্থিৰতা বজাই ৰাখে অৰ্থাৎ ই নগদ মজুৰিৰ বৃদ্ধি নিয়ন্ত্ৰণত ৰাখে যাতে cost push inflation সংঘটিত নহয় (cost push inflationৰ অৰ্থ হৈছে মাটি, পুঁজি, শ্ৰম আদি বিভিন্ন উৎপাদিকা উপাদানবোৰৰ অতিশয় মূল্য বৃদ্ধি হোৱা – অনুবাদক)৷ মন কৰিবলগীয়া যে cost push inflation অতিশয় মন্থৰ গতিৰে সম্পন্ন হ’লেও ই টকাৰ মূল্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে যি নগদ-ব্যৱস্থা-নিৰ্ভৰশীল এই পুঁজিবাদী ব্যৱস্থাটোক সংকটত পেলাব পাৰে৷ সেয়েহে উত্তৰ-বিশ্বযুদ্ধকালত পৰিলক্ষিত হোৱা অতিৰিক্ত শ্ৰম বাহিনীৰ দ্ৰুত হ্ৰাসকৰণ বহুদিনলৈ একেৰাহে চলি থকাটো সম্ভৱপৰ নাছিল৷
এনে পৰিস্থিতিত নিবনুৱাৰ হাৰ যদি নিম্নস্তৰৰ কৰি ৰাখিবলৈ হয়, তেনেহ’লে পুঁজিবাদৰ পুনৰ্গঠন প্ৰক্ৰিয়াটো আৰু অধিক ক্ষিপ্ৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিল৷ আৰু সেয়াই কৰা হ’ল৷ ৰাজহুৱা বিনিয়োগ অধিকতকৈ অধিক কৰা হ’ল, যি প্ৰাইভেট বিনিয়োগৰ বিপৰীতে “মজুৰি তথা বেতন নীতি”বোৰ অধিক সহজতে মানি লৈছিল৷ পুঁজিবাদৰ এই পুনৰ্গঠন প্ৰক্ৰিয়াটো অহৰহ চলাই যোৱা হ’লে এসময়ত ই পুঁজিবাদৰ পৰিসীমা অতিক্ৰম কৰি গ’ল হয়৷ কিন্তু যিহেতু ৰাজ্যৰ অধিক হস্তক্ষেপে পুঁজিৰ অন্তৰ্নিহিত লজিকৰ সৈতে খুন্দা খাবলৈ ধৰিলে আৰু ই ব্যৱস্থাটোক আসোঁৱাহপূৰ্ণ (dysfunctional) কৰি তুলিলে, সেয়েহে এসময়ত গৈ ৰাজ্যৰ হস্তক্ষেপবোৰ কমাই অনা হ’ল৷ ব্যৱস্থাটোৰ এই আসোঁৱাহবোৰৰ উত্তৰ বিচাৰি এইবাৰ পূৰ্বৰ তেনেবোৰ ৰাজ্যিক হস্তক্ষেপকো আঁতৰাই পেলোৱা হ’ল যিবোৰক এসময়ত ব্যৱস্থাটোৰ ক্ৰিয়াপদ্ধতিবোৰ “উন্নত” কৰিবলৈকে প্ৰয়োগ কৰা হৈছিল৷
১৯৬০ৰ দশকৰ শেহৰ ফাললৈ নিবনুৱাৰ হাৰ অহৰহভাৱে নিম্নতৰ কৰি ৰখাৰ ফলত cost push inflation সংঘটিত হোৱা দেখা গ’ল আৰু ই “মজুৰি ইউনিট”বোৰকো অস্থিৰ কৰি তুলিলে৷ এইখিনিতেই ৰাজ্যই ব্যৱস্থাটোৰ ওপৰত আৰু অধিক হস্তক্ষেপ কৰাৰ থল আছিল, কিন্তু কোনেও এই সুযোগ গ্ৰহণ কৰিবলৈ সাহস নকৰাৰ ফলত এসময়ত গৈ ৰনাল্ড ৰেগান আৰু মাৰ্গাৰেট থেছাৰৰ দৰে চৰিত্ৰবোৰ ক্ষমতালৈ আহিল৷ ৰেগান আৰু থেছাৰে এইবাৰ শ্ৰমিক শ্ৰেণীটোৰ ৰাজহাড় ভাঙিবলৈ তথা পুঁজিৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰ অধিক মুকলি কৰিবলৈ ৰাজ্য-যন্ত্ৰটো বাৰুকৈয়ে ব্যৱহাৰ কৰিলে৷
পুঁজিৰ “সোণালী যুগ”ত দেখা পোৱা দ্বিতীয় পৰিঘটনাটো হৈছে পুঁজিৰ ভীষণ কেন্দ্ৰীয়কৰণ – যি পুনৰ্গঠনৰ প্ৰক্ৰিয়াটোৰ পাছত অধিকাধিক পোহৰলৈ আহিল৷ এইক্ষেত্ৰত বৰঙনি যোগোৱা দুটা কাৰক আছিল, অৱশ্যে দুয়োৰে গুৰুত্ব সমান নাছিল৷ কাৰক দুটাৰ ভূমিকা বুজিবলৈ হ’লে সমগ্ৰ বিকশিত পুঁজিবাদী পৃথিৱীখনকে একেলগে চোৱাটো দৰকাৰ (এইক্ষেত্ৰত জাপানকো অন্তৰ্ভুক্ত কৰা হৈছে)৷ যিহেতু উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত উচ্চ বিকাশ দৰৰ অৰ্থ আছিল উচ্চ বিনিয়োগ হাৰ, ই উচ্চ হাৰৰ জমাৰাশি (savings)কো সূচিত কৰিছিল৷ প্ৰাইভেট জমাৰাশিৰ হাৰ অতি উচ্চ হোৱাটো প্ৰয়োজনীয় আছিল কিয়নো ইয়াৰ দ্বাৰাই চৰকাৰী খৰচ বা বিত্তীয় ঘাটি পূৰ্ণ কৰা হৈছিল; বিশেষকৈ আমেৰিকাত এই পদ্ধতিটো বিশেষভাৱে প্ৰয়োগ কৰা হৈছিল যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত আমেৰিকান সামৰিক ঘাটি স্থাপন কৰা হৈছিল তথা পাছলৈ ভিয়েটনাম যুদ্ধখনৰ খৰচো উলিওৱা হৈছিল৷ এয়া সম্ভৱপৰ হৈছিল কিয়নো ব্ৰেটন ৱুডছ ব্যৱস্থাৱলী অনুসৰি আমেৰিকান ডলাৰক বিশ্ব মুদ্ৰা বা “সোণ সদৃশ” বুলি গণ্য কৰা হৈছিল৷
এই জমাৰাশিবোৰক পুঞ্জীভূত ৰূপত বেংকত ৰখা হৈছিল৷ চাবলৈ গ’লে বেংকেই জমাকৰ্তা তথা বিনিয়োগকৰ্তাৰ মাজত মধ্যস্থতা কৰিছিল, কিন্তু যিহেতু আমেৰিকান চৰকাৰবোৰ “খৰচহীন ঋণ”ৰ প্ৰতি (অৰ্থাৎ বজাৰত বণ্ড মেলি দিয়াৰ বিপৰীতে ডলাৰ ছপা কৰাৰ প্ৰতি) আগ্ৰহী আছিল, তাৰ অৰ্থ আছিল এই যে বেংকবোৰ – বিশেষকৈ ইউৰোপত কাৰ্যশীল বেংকবোৰৰ বেলেঞ্চ শ্বিটবোৰ সিহঁতৰ নিজা দৃষ্টিৰে optimal আছিল৷ এই বেংকবোৰ ডলাৰেৰে ভৰি পৰিছিল আৰু সিবিলাকক পুঁজি-প্ৰদান-কৰা-সম্পত্তিবোৰ (যেনে ষ্টক, বণ্ড, ৰিয়েল ষ্টেট আদি) কিনা-বেচা কৰাত “বিনিয়োগ” কৰিবলৈ বেংকবোৰে ইচ্ছা প্ৰকাশ কৰিছিল৷ কিন্তু এইক্ষেত্ৰত ব্ৰেটন ৱুডছ ব্যৱস্থাৱলীৰ কেতবোৰ নিয়মে বাধা প্ৰদান কৰিছিল কিয়নো এই ব্যৱস্থাৱলীৰ অধীনত থকা আন্তৰ্জাতিক মুদ্ৰা ব্যৱস্থাটোৱে বিশ্বৰ দেশবোৰক পুঁজিৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ অধিকাৰ প্ৰদান কৰি থৈছিল; এই অধিকাৰে বিত্ত পুঁজিক “জাতীয়” পৰিসীমাৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিছিল, যি কেইনছীয় চাহিদা মেনেজমেণ্ট নীতিও সম্ভৱপৰ কৰি তুলিছিল৷ বিত্ত পুঁজিক মুক্ত কৰিবলৈ হ’লে এই সমস্ত ব্যৱস্থাৱলীক আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় আছিল৷ বিত্ত পুঁজিয়ে য’লৈকে ইচ্ছা তালৈকে গৈ বিনিয়োগ কৰিবলৈ হ’লে – অৰ্থাৎ বিত্ত পুঁজিক “গোলকীয়” কৰি পেলাবলৈ হ’লে সকলো দেশকে পুঁজিৰ বাবে – বিশেষকৈ বিত্ত তথা পণ্যৰ বাবে মুকলি কৰি লোৱাটো প্ৰয়োজনীয় আছিল৷
এই দুয়োটা পৰিঘটনাই এসময়ত গৈ উত্তৰ-বিশ্বযুদ্ধকালৰ আৰ্থিক ব্যৱস্থাৱলীবোৰক পুঁজিবাদী দেশবোৰত কায়েম কৰি ৰখাটো অসম্ভৱ কৰি পেলালে৷ “গোলকীকৰণ”ৰ এক নতুন ব্যৱস্থা – যাৰ অৰ্থ আছিল মূলতঃ পুঁজিৰ গোলকীকৰণ – বিশেষকৈ বিত্ত পুঁজিৰ গোলকীকৰণ – এইবাৰ বিশ্বমঞ্চত আৱিৰ্ভাৱ হ’ল৷
গোলকীকৰণৰ এই ব্যৱস্থাটো সম্পৰ্কে বহুতো বিভ্ৰান্তিকৰ ধাৰণা আছে আৰু সেয়েহে প্ৰথমে সিবিলাকৰ আলোচনাৰ পৰাই আৰম্ভ কৰা যাওক৷ গোলকীকৰণক সাধাৰণতে কেতবোৰ নীতিৰ সৈতে যুক্ত কৰি চোৱা হয় যাক “নব্য-উদাৰবাদ” নামেৰে জনা যায় – ই এনে এখন ছবি অংকন কৰে যেন ৰাজ্যৰ হস্তক্ষেপবোৰ আঁতৰাই বজাৰৰ প্ৰভুত্ব স্থাপন কৰাই হৈছে সিবিলাকৰ লক্ষ্য; সেয়েহে এনে অনুভৱ হয় যেন সাম্প্ৰতিক গোলকীকৰণৰ যুগত “ৰাজ্যৰ পশ্চাদপসৰণ” ঘটিছে৷
আচলতে ই মুঠেই সঁচা নহয়৷ গোলকীকৰণৰ অধীনত ৰাজ্যৰ হস্তক্ষেপ অকণো কমা নাই, বৰং এই হস্তক্ষেপৰ চৰিত্ৰহে সলনি হৈছে৷ যিহেতু পুঁজি হৈ পৰিছে গোলকীকৃত, আৰু আনহাতে ৰাজ্যবোৰ এতিয়াও জাতি-ৰাজ্যৰ ৰূপতেই সীমিত হৈ আছে, সেয়েহে ৰাজ্যই পুঁজিৰ দাবীবোৰৰ আগত সেও মানিবই লাগিব – অন্যথা সংশ্লিষ্ট দেশখনৰ পৰা পুঁজিয়ে বহিৰ্গমন কৰিব৷ গোলকীকৰণৰ পূৰ্বৰ যুগত যদিও ৰাজ্যই পুঁজিৰ লালন-পালন কৰিছিল তথাপিও এনে অনুভৱ হৈছিল যেন ৰাজ্যৰ স্থান সমাজৰ সকলো শ্ৰেণীৰ ঊৰ্ধত অৱস্থিত তথা ৰাজ্যই সকলো শ্ৰেণীৰে স্বাৰ্থ পূৰণ কৰিব, কিন্তু গোলকীকৰণৰ যুগলৈ আহি ৰাজ্যৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিল আন্তৰ্জাতিক বিত্ত পুঁজি তথা তাৰ সৈতে যুক্ত দেশীয় বিত্তীয়-কৰ্প’ৰেট কুলীনতন্ত্ৰৰ (তথা সিবিলাকৰ সহযোগী ভূস্বামীসকলৰ) ৰক্ষণাৱেক্ষণ তথা অগ্ৰগতি৷
এই পৰিৱৰ্তনৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰাৰ আগেয়ে মই এটা বিন্দু উল্লেখ কৰি থ’ব খোজোঁ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিয়ে এটা নতুন যুগৰ সূচনা কৰিছিল য’ত আন্তঃসাম্ৰাজ্যবাদী সংঘাতবোৰ মূক হৈ পৰিছিল তথা সমগ্ৰ পুঁজিবাদী বিশ্বৰ নিৰ্বিবাদ নেতা হিচাপে আমেৰিকাৰ উদয় হৈছিল৷ গোলকীকৰণৰ এই যুগত আন্তঃসাম্ৰাজ্যবাদী সংঘাতবোৰ আৰু অধিক পৰিমাণে মূক হৈ পৰিল৷ পূৰ্বে যদি এই মূককৰণৰ কাৰণ আমেৰিকাৰ বিশ্ব প্ৰতিপত্তি বুলি ভবা হৈছিল (বহুতেই যাক ছুপাৰ-সাম্ৰাজ্যবাদ বুলিও কৈছিল), আজিৰ দিনৰ কিন্তু এই মূককৰণৰ উৎস হৈছে আন এটা কাৰণহে৷ এই কাৰণটো হৈছে – পুঁজিৰ আন্তৰ্জাতিকীকৰণ৷
লেনিনে যেতিয়া সাম্ৰাজ্যবাদৰ বিষয়ে আলোচনা কৰিছিল তেওঁ বিত্ত পুঁজিক বিভিন্ন জাতি-ৰাজ্যৰ স্তৰত আধাৰিত তথা জাতি-ৰাজ্যৰ দ্বাৰা সাহায্যপ্ৰাপ্ত সত্তা হিচাপে চিহ্নিত কৰিছিল৷ একোখন দেশৰ স্তৰত বিত্তীয় পুঁজি তথা ঔদ্যোগিক পুঁজি ঘনিষ্ঠভাৱে সংলগ্ন হৈ পৰিছিল তথা অন্যান্য দেশৰ বিত্ত পুঁজিৰ সৈতে ই প্ৰতিযোগিতাত নামিছিল৷ পিছে আজিৰ দিনত পৰিস্থিতি সলনি হৈ পৰিছে৷ আজিৰ বিত্ত পুঁজি হৈছে গোলকীকৃত বিত্ত পুঁজি আৰু সেয়েহে ইয়াৰ চৰিত্ৰ হৈছে আন্তৰ্জাতিক, যি বিকশিত দেশবোৰৰ লগতে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ কেতবোৰ দেশতো সিঁচৰতি হৈ আছে৷ এই সমস্ত বিত্ত পুঁজি হৈছে সংলগ্ন বিত্ত পুঁজি – তাক দেশ অনুসৰি ভাগ ভাগ কৰিব পৰা নাযায়৷ অৰ্থাৎ আজিৰ দিনত একোখন দেশৰ বিত্তীয় পুঁজিয়ে দেশখনৰ ঔদ্যোগিক পুঁজিৰ সৈতে মিলি কোনো বিশেষ “জাতীয়” এজেণ্ডাৰ অন্বেষণ কৰি থকা নাই; এনে পৰিস্থিতি বৰ্তি থকা নাই য’ত সংশ্লিষ্ট দেশখনৰ ৰাজ্যযন্ত্ৰটোৰ সহযোগত বিত্ত পুঁজিয়ে নিজৰ দেশৰ বাবে কোনো আৰ্থিক অঞ্চলৰ সন্ধানত নামিছে আৰু এই প্ৰক্ৰিয়াটোৰ জৰিয়তে অন্যান্য দেশবোৰৰ বিত্তীয় কুলীনতন্ত্ৰৰ সৈতে সংঘাতত লিপ্ত হৈছে৷ ইয়াৰ বিপৰীতে আজিৰ দিনৰ বিত্ত পুঁজিয়ে বিভিন্ন বিৰোধী পুঁজিবাদী শক্তিৰ মাজত বিশ্বৰ আৰ্থিক বিভাজনৰ বিৰোধিতা কৰে যি আন্তৰ্জাতিক পৰিসীমাইদি পণ্যৰ – বিশেষকৈ বিত্ত পুঁজিৰ – মুক্ত চলাচলত বাধাৰ সৃষ্টি কৰিব পাৰে৷ এই আন্তৰ্জাতিক বিত্ত পুঁজি কোনো উদ্যোগৰ সৈতে সংলগ্ন হৈ থাকিব বুলিও কোনো কথা নাই (তাৰ বিপৰীতে বিভিন্ন পুঁজিজাত সম্পত্তি পলকতে ক্ৰয়-বিক্ৰয় কৰি মুনাফা আদায় কৰাটো হৈছে তাৰ অন্যতম লক্ষ্য) আৰু কোনো বিশেষ ৰণনীতিগত “জাতীয়” স্বাৰ্থৰ সৈতেও সি জড়িত নহয়৷
আন কথাত ক’বলৈ গ’লে, সাম্প্ৰতিক কালৰ আন্তঃসাম্ৰাজ্যবাদী সংঘাতৰ মূককৰণৰ উৎস সমকালীন পুঁজিবাদৰ চৰিত্ৰৰ মাজতেই – অৰ্থাৎ বিশ্বমঞ্চৰ কেন্দ্ৰত আন্তৰ্জাতিক বিত্ত পুঁজিৰ উদয়ৰ মাজতেই – লুকাই আছে৷ উত্তৰ-বিশ্বযুদ্ধ কালছোৱাৰ দৰে বিকশিত পুঁজিবাদী দেশবোৰৰ শক্তি-সন্তুলনৰ ওপৰত আজি ই নিৰ্ভৰ নকৰে৷
এইখিনিতে কোনোবাই ক’ব পাৰে – তেনেহ’লে দেখোন লেনিনৰ বিপৰীতে কাৰ্ল কাউটস্কিৰ পজিচনটোৱেই আজিৰ দিনত শুদ্ধ বুলি প্ৰমাণিত হ’ল! কাউটস্কিয়ে এক ছুপাৰ-সাম্ৰাজ্যবাদৰ কল্পনা কৰিছিল য’ত বিভিন্ন বৈৰী সাম্ৰাজ্যবাদী দেশে শান্তিপূৰ্ণভাৱে আলোচনা কৰি সমগ্ৰ বিশ্বখন নিজৰ মাজত ভাগ-বাটোৱাৰা কৰি ল’ব; অৰ্থাৎ এইক্ষেত্ৰত লেনিনে ভবাৰ দৰে আন্তঃসাম্ৰাজ্যবাদী যুদ্ধ প্ৰয়োজনীয় নহ’ব৷ লেনিনে উত্তৰত কৈছিল যে সাম্ৰাজ্যবাদী শক্তিবোৰৰ মাজত এনে বুজাবুজি খন্তেকীয়া হ’বলৈ বাধ্য, কিয়নো বিভিন্ন দেশৰ ক্ষমতা পুঁজিবাদী বিকাশৰ অসমান সূত্ৰ অনুসৰি অহৰহ বঢ়া-টুটা কৰি থাকে; যিহেতু প্ৰতিখন বুজাবুজি চুক্তিকেই বিভিন্ন দেশৰ আপেক্ষিক শক্তি অনুসৰিয়েই সম্পন্ন কৰা হয়, ইয়াৰ অৰ্থ হৈছে – প্ৰতিবাৰেই দেশবোৰৰ শক্তি বঢ়া-টুটা হোৱাৰ পাছত পুৰণি চুক্তিবোৰ অপ্ৰাসংগিক হৈ পৰিব আৰু ফলত নতুনকৈ সংঘাত আৰম্ভ হ’ব৷
কিন্তু আচল কথাটো হৈছে যে লেনিন আৰু কাউটস্কি দুয়োজনেই পুঁজিবাদক বিভিন্ন বৈৰী জাতি-ৰাজ্য আধাৰিত পুঁজিৰ সংঘাতৰ দ্বাৰা সংজ্ঞায়িত ব্যৱস্থা বুলি ভাবিছিল৷ এইক্ষেত্ৰত দুয়োৰে মাজত মতভেদ মাথোঁঁ এটা প্ৰশ্ন লৈয়েই আছিল; সেয়া হৈছে – এনে বিভিন্ন জাতি-ৰাজ্য আধাৰিত পুঁজিৰ মাজত শান্তিপূৰ্ণভাৱে বুজাবুজি হ’ব – নে সিবিলাকৰ মাজত আন্তঃসাম্ৰাজ্যবাদী সংঘাত তীব্ৰতৰ হৈ পৰিব? কিন্তু এসময়ত গৈ যে পুঁজি আন্তৰ্জাতিক চৰিত্ৰৰ হৈ পৰিব – সেয়া সেই সময়ত কল্পনা কৰাটোও কঠিন আছিল৷
এই যে আজিৰ বিশ্বখনত আন্তঃসাম্ৰাজ্যবাদী সংঘাতবোৰ মূক হৈ পৰিছে – তাৰ কাৰণ এইটো নহয় যে বিভিন্ন বৈৰী জাতি-ৰাজ্যৰ পুঁজিৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, বৰং তাৰ কাৰণ এইটোহে যে গোলকীকৰণৰ যুগত জাতীয় পুঁজিৰ সমস্ত ধাৰণাটোৱেই অপ্ৰাসংগিক হৈ পৰিছে৷ কোনো পুঁজিয়ে আজিৰ দিনত কোনো বিশেষ জাতীয় উদ্দেশ্য লৈ কাম নকৰে৷ অৰ্থাৎ কাউটস্কিৰ দৃষ্টিৰে আজিৰ পুঁজিবাদক পৰিভাষিত কৰাটো তেনেই ভুল কথা হ’ব৷
সমকালীন পুঁজিবাদৰ তিনিটা মূল বৈশিষ্ট্য দেখা পোৱা যায় যাৰ ওপৰত গোলকীকৰণৰ প্ৰক্ৰিয়াটোও নিৰ্ভৰশীল৷ প্ৰথম – আজিৰ যুগত বিত্তীয় খণ্ডটোৰ ওজন ভীষণভাৱে বৃদ্ধি হৈছে, কোনো কোনো পণ্ডিতে ইয়াক বিত্তীয়কৰণৰ যুগ বুলিও অভিহিত কৰিছে (যেনেকৈ পূৰ্বৰ যুগটোক ঔদ্যোগীকৰণৰ যুগ বোলা হৈছিল)৷ প্ৰথম বিশ্বৰ লগতে তৃতীয় বিশ্বৰ দেশবোৰতো এই পৰিঘটনাটো দেখা পোৱা গৈছে; অৱশ্যেই প্ৰথম বিশ্বত ইয়াৰ উপস্থিতি অধিক লক্ষণীয়৷ এই বিত্তীয়কৰণৰ অংশ হিচাপেই চীন, ভাৰত আদি তৃতীয় বিশ্বৰ দেশবোৰলৈ প্ৰথম বিশ্বৰ পৰা কেতবোৰ ঔদ্যোগিক তথা সেৱা প্ৰদান কৰা খণ্ডৰো স্থানান্তৰণ ঘটিছে৷
দ্বিতীয়তে, উচ্চ-মজুৰিৰ দেশবোৰৰ পৰা নিম্ন-মজুৰিৰ দেশবোৰলৈ এই ঔদ্যোগিক তথা সেৱা খণ্ডৰ স্থানান্তৰণ গোলকীকৰণৰ প্ৰক্ৰিয়াটোৰ জৰিয়তেই সম্ভৱপৰ হৈছে৷ এই উদ্যোগ তথা সেৱা খণ্ডবোৰে আজিৰ দিনত কোনো বিশেষ স্থানীয় বা জাতীয় বজাৰৰ বাবে মাল তথা সেৱা উৎপাদন নকৰে৷ বৰং সিবিলাকৰ লক্ষ্য হৈছে গোলকীয় চাহিদা পূৰ্ণ কৰা৷ পুঁজিবাদৰ ইতিহাসত এয়া হৈছে এক অভূতপূৰ্ব ঘটনা৷ সস্তা শ্ৰমৰ সন্ধানত আগেয়ে পুঁজিয়ে এনেদৰে বিশ্ব পৰিভ্ৰমণ কৰা হ’লে বিকশিত তথা অনগ্ৰসৰ দেশবোৰৰ মাজত কোনো পাৰ্থক্যই দেখা নগ’লহেঁতেন৷ বিকশিত তথা অনগ্ৰসৰ বিশ্বৰ মাজত থকা এই পাৰ্থক্যৰ অন্যতম বৈশিষ্ট্য্য হৈছে – দুয়োখন বিশ্বৰ মানুহৰ জীৱন স্তৰৰ ক্ষেত্ৰত দেখা পোৱা পাৰ্থক্য – যাৰ অন্যতম প্ৰকাশ্য ৰূপ হৈছে মজুৰিৰ ক্ষেত্ৰত দেখা পোৱা পাৰ্থক্য৷ পূৰ্বৰ দিনত অনগ্ৰসৰ দেশবোৰৰ পৰা বিকশিত দেশবোৰলৈ শ্ৰমৰ অবাধ প্ৰব্ৰজনৰ সুবিধা থকা হ’লে, বা পুঁজিয়ে সঁচাকৈয়ে বিকশিত দেশবোৰৰ পৰা অনগ্ৰসৰ দেশবোৰলৈ পৰিভ্ৰমণ কৰা হ’লে মজুৰিৰ এনে সমস্ত পাৰ্থক্যৰ অন্ত পৰিলহেঁতেন৷
কিন্তু সেই সময়ত এয়া সংঘটিত নহ’ল৷ বাণিজ্য তথা বিত্ত খণ্ডৰ বাহিৰে অনগ্ৰসৰ দেশবোৰৰ চাহ, কফি, খনি আদিৰ প্ৰাথমিক পণ্য প্ৰস্তুত কৰা খণ্ডবোৰলৈহে বিকশিত দেশবোৰৰ পৰা পুঁজিৰ আগমন ঘটিল; মুখ্য ঔদ্যোগিক উৎপাদনৰ খণ্ডবোৰত এনে কোনো পুঁজিৰ আগমন দেখা পোৱা নগ’ল৷ কিন্তু সাম্প্ৰতিক গোলকীকৰণৰ যুগটোত এই সমস্ত পেটাৰ্নৰ পৰিৱৰ্তন ঘটিছে৷ আজিৰ দিনত আন্তৰ্জাতিক পুঁজিয়ে চীনত ঔদ্যোগিক অঞ্চলবোৰত বাহৰ পাতিছে, বিভিন্ন সেৱা খণ্ডৰ কাম-কাজ ভাৰতলৈ “আউটছ’ৰ্চ” কৰা হৈছে৷ অৱশ্যে এতিয়াও প্ৰযুক্তিগত প্ৰাবল্যৰ দিশৰ পৰা “নিম্ন স্তৰৰ কাৰ্যকলাপ”য়েই এইক্ষেত্ৰত বেছিকৈ দেখা পোৱা গৈছে, তথাপিও এনে বিশ্বব্যাপী প্ৰসাৰ তাৎপৰ্যপূৰ্ণ৷
গোলকীকৰণৰ অধীনত দেখা পোৱা তৃতীয়টো প্ৰক্ৰিয়া হৈছে – কৃষক আধাৰিত কৃষিকাৰ্য, কাৰিকৰ শিল্প আদি বিভিন্ন পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদনৰ খণ্ডৰ ওপৰত পুঁজিৰ বৃহৎ আক্ৰমণ৷ ক্ষুদ্ৰ উৎপাদকসকলক তেওঁলোকৰ সংশ্লিষ্ট খণ্ডবোৰৰ পৰা উচ্ছেদ কৰা হৈছে (পানীৰ দামত তেওঁলোকৰ সম্পদবোৰ বিক্ৰী কৰি দিয়া হৈছে, এইক্ষেত্ৰত ৰাজ্যয়ো সহযোগ কৰিছে) বা তেওঁলোকৰ আয় সংকুচিত কৰি অনা হৈছে, যি আচলতে উচ্ছেদকৰণৰ এক মন্থৰ প্ৰক্ৰিয়াৰ ৰূপ মাত্ৰ৷ মেট্ৰ’পলিছৰ পৰা তৃতীয় বিশ্বলৈ আৰ্থিক কাৰ্যকলাপৰ স্থানান্তৰণ যদি ঔপনিবেশিক পেটাৰ্নটোৰ সৈতে এক বিচ্ছেদ বুলি ধৰা হয়, তেনেহ’লে ক্ষুদ্ৰ উৎপাদকসকলৰ উচ্ছেদকৰণ (যাক মাৰ্ক্সে “পুঁজিৰ আদিম সঞ্চয়” নাম দিছে) ঔপনিবেশিক পেটাৰ্নটোৰ ধাৰাবাহিকতা বুলি ক’ব লাগিব৷ উত্তৰ-ঔপনিবেশিক dirigisme ব্যৱস্থাৱলীৰ অধীনত ঔপনিবেশিক শোষণৰ সৈতে এক বিচ্ছেদ সম্পন্ন কৰা হৈছিল কিয়নো নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবোৰে ক্ষুদ্ৰ উৎপাদন খণ্ডবোৰক পুঁজিৰ আক্ৰমণৰ পৰা সুৰক্ষা তথা উদগনি দিবলৈ বিচাৰিছিল (অৱশ্যে একে সময়তে এই নতুন ৰাজ্যবোৰে ক্ষুদ্ৰ উৎপাদকসকলৰ মাজত শ্ৰেণী পৃথক্কৰণৰ প্ৰক্ৰিয়াটো বৃদ্ধি হোৱাতো সহায় কৰিছিল)৷ কিন্তু গোলকীকৰণৰ যুগলৈ আহি নব্য-উদাৰবাদী এজেণ্ডাবোৰ সক্ৰিয় হোৱাৰ পাছত ৰাজ্যই এনে ৰক্ষাকবচীয় হস্তক্ষেপবোৰ সংকুচিত কৰি আনিলে যাৰ চিধা ফলাফল হ’লগৈ – কৃষি সংকট তথা বিপুল পৰিমাণে কৃষকৰ আত্মহত্যা (আজিৰ ভাৰতত এই দৃশ্য তেনেই সুলভ)৷ মন কৰিবলগীয়া যে এই সংকট কেৱল কৃষি খণ্ডতে আবদ্ধ হৈ ৰোৱা নাই; বৰং কাৰিকৰী শিল্প, মাছমৰীয়াসকল, পৰম্পৰাগত বয়নশিল্প আদি পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদকেৰে ভৰা অগণন খণ্ডত আজি এই সংকট দেখা পোৱা গৈছে৷
গোলকীকৰণে সমাজবাদী দেশবোৰতো গভীৰ প্ৰভাৱ পেলালে, অৱশ্যে এই প্ৰভাৱৰ চৰিত্ৰ কিছু ভিন্ন আছিল৷ আমি পূৰ্বেই উল্লেখ কৰিছোঁ যে একক দলৰ একনায়কত্ব তথা “গণতান্ত্ৰিক কেন্দ্ৰীয়তাবাদ” নীতিৰে চালিত পাৰ্টিৰ শাসনযুক্ত এই সমাজবাদী দেশবোৰত পুঁজিবাদতকৈ পৃথক এক সুকীয়া একাংগিত্বৰ জন্ম হৈছিল৷ শেষ বিচাৰত এই একাংগিত্বৰ বাবেই সমাজবাদী দেশবোৰৰ পতন ঘটিছিল, কিন্তু এয়া সম্পন্ন হৈছিল গোলকীকৰণৰ ঘূৰ্ণীবতাহৰ মাজলৈ এই দেশবোৰক টানি নিয়াৰ জৰিয়তে৷ আমোদজনকভাৱে, সেয়েহে ক’ব পাৰি যে “পুঁজিবাদৰ সোণালী যুগ”ৰ বাবে সমাজবাদৰ অন্ত পৰা নাছিল; বৰং গোলকীকৰণেহে সমাজবাদ তথা “পুঁজিবাদৰ সোণালী যুগ” – দুয়োৰে অন্ত পেলাইছিল৷ সমাজবাদৰ সুকীয়া একাংগিত্বই এই দেশবোৰক গোলকীকৰণৰ দিশেৰে লৈ গৈছিল যি অৱশেষত সিবিলাকৰ সমাজবাদী চৰিত্ৰৰ অন্ত পেলাইছিল৷
বিকশিত দেশবোৰৰ বেংকবোৰত অত্যধিক নগদ ঠাহ খাই থকা হেতুকে সিবিলাকে অতি সস্তাতে ঋণ দিবলৈ আৰম্ভ কৰিছিল আৰু ফলত সহজলভ্য ঋণ দেখি ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ দেশবোৰেও বিয়াগোম হাৰত ঋণ ল’বলৈ আৰম্ভ কৰিছিল৷ ঘৰুৱা উপভোগৰ বাবে সমাজবাদী দেশবোৰে এই ঋণবোৰ ব্যৱহাৰ কৰিছিল যাতে দেশৰ জনগণৰ মাজত চৰকাৰৰ গ্ৰহণযোগ্যতা তথা জনপ্ৰিয়তা বৃদ্ধি হয়৷ কিছু সময়ৰ বাবে এই ৰণনীতিয়ে ঠিকেই কাম দিছিল, কিন্তু ঋণ পৰিশোধ কৰাৰ সময়ত এই চৰকাৰবোৰৰ অৱস্থা কাঢ়িল হৈ পৰিছিল৷ বৈদেশিক বিনিয়োগৰ সমস্যাবোৰ দেখি ছোভিয়েট ইউনিয়নৰ কিছুসংখ্যক ৰপ্তানি ফাৰ্মে আনকি কিছু সময়ৰ বাবে নিজা বৈদেশিক আৰ্জনবোৰো দেশলৈ আনিবলৈ বাদ দিছিল (অৰ্থাৎ ই আছিল এক প্ৰকাৰৰ পুঁজিৰ পলায়ন) যি অৱশেষত ছোভিয়েট ইউনিয়নক আঁঠু ল’বলৈ বাধ্য কৰাইছিল৷ এইখিনি সময়তেই পাৰ্টিৰ বহুবোৰ নেতাই ৰাজ্যৰ সম্পত্তিবোৰ কুক্ষিগত কৰি পুঁজিপতিত পৰিণত হ’ল – অৰ্থাৎ জনগণৰ সম্পদবোৰ “পুঁজিৰ আদিম সঞ্চয়ন”ৰ জৰিয়তে নিজৰ হাতলৈ আনি সিহঁত পুঁজিৰ মালিকত পৰিণত হ’ল৷
ইয়াৰ বিপৰীতে, চীনৰ ক্ষেত্ৰত আন এটা পৰিঘটনা দেখা পোৱা গ’ল৷ এইখিনি সময়লৈকে বিকশিত দেশবোৰৰ পৰা উৎপাদনৰ সৈতে জড়িত পুঁজিয়ে তৃতীয় বিশ্বৰ দেশবোৰলৈ আগমন কৰাৰ ইচ্ছা প্ৰকাশ কৰিবলৈ ধৰিছিল যাতে এই দেশবোৰৰ সস্তা শ্ৰমৰ সুবিধা ল’ব পৰা যায়৷ চীনে ইয়াৰ সুযোগ ল’লে আৰু অৱশেষত ই এক বিশাল পৰিমাণৰ export surplus গঠন কৰিবলৈও সক্ষম হ’ল৷ উৎপাদনশীল পুঁজিৰ বিপৰীতে বিত্ত পুঁজিৰ ওপৰত পূৰ্বৰ বাধা-নিষেধবোৰ বাহাল থাকিল, আনকি আমদানিকো পৰোক্ষভাৱে নিৰুৎসাহিত কৰা হ’ল তথা ঘৰুৱা উপভোগৰ স্তৰ নিম্ন কৰি ৰখা হ’ল৷ ৰপ্তানি-নিৰ্ভৰ তীব্ৰ আৰ্থিক বিকাশ হাৰক ঘৰুৱা উপভোগৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হ’ল তথা বিশ্বৰ বিভিন্ন দেশ – বিশেষকৈ আমেৰিকা চীনৰ ঋণী দেশত পৰিণত হ’ল (আমেৰিকাক বিক্ৰয় কৰা পণ্যবোৰৰ বাবদ চীনে শত-সহস্ৰ আমেৰিকান ট্ৰেজাৰি বিল ক্ৰয় কৰি থৈছে – অনুবাদক)৷
ছোভিয়েট ইউনিয়নৰ বিপৰীতে চীনৰ এটা বিশেষ বৈশিষ্ট্য্য আছিল এই যে চীনত এতিয়াও এক বিপুল পৰিমাণৰ শ্ৰম-ভঁৰাল ব্যৱহাৰ হ’বলৈ বাকী আছিল৷ আন ভাষাত ক’বলৈ গ’লে – ছোভিয়েট ইউনিয়নৰ অৰ্থনীতিখন সঘনভাৱে (intensive) প্ৰসাৰিত পুনৰুৎপাদনৰ স্তৰত আছিল, আনহাতে চীনা অৰ্থনীতিখন বিস্তৃতভাৱে (extensive) প্ৰসাৰিত পুনৰুৎপাদনৰ স্তৰত আছিল৷
কিছুসংখ্যক লোকে ক’ব খোজে যে চীনৰ এই শ্ৰম-ভঁৰালৰ ইতিমধ্যে অন্ত পৰিছে আৰু ইয়াৰ ফলস্বৰূপে এতিয়া মজুৰিও বৃদ্ধি হ’ব ধৰিছে৷ কিন্তু মন কৰিবলগীয়া যে শ্ৰম-বজাৰৰ এনে আটিলতা কেৱল উপকূলীয় অঞ্চলবোৰতহে দেখা পোৱা গৈছে, এতিয়াও চীনৰ ভিতৰুৱা অঞ্চলবোৰত ব্যাপক পৰিমাণৰ শ্ৰম-ভঁৰাল মজুত আছে৷ তদুপৰি মজুৰিৰ এই বৃদ্ধি প্ৰশাসনিক হুকুমৰ বলতহে হৈছে, শ্ৰমিকৰ পৰিমাণ কম হৈ পৰাৰ বাবে হোৱা নাই৷ তদুপৰি কেৱল প্ৰশাসনিক পদ্ধতিৰে মজুৰি বৃদ্ধি এটা সীমালৈকেহে কৰিব পাৰি, যিহেতু গোলকীকৰণৰ এই যুগত চীনা শ্ৰমিকসকলেও তৃতীয় বিশ্বৰ অন্যান্য দেশৰ শ্ৰমিকসকলৰ সৈতে প্ৰতিযোগিতাত নামিব লগা হৈছে; এই দেশবোৰতো যথেষ্ট পৰিমাণৰ শ্ৰম-ভঁৰাল মজুত আছে তথা ইবিলাকত মজুৰিৰ মাত্ৰাও হৈছে তেনেই নিম্নস্তৰৰ৷ অৰ্থাৎ চীনৰ তীব্ৰ বিকাশ দৰ সত্ত্বেও এই ৰণনীতিৰ দ্বাৰা আৰু কিমানদূৰলৈ চীনা জনগণৰ জীৱন পৰিস্থিতি উন্নত কৰিব পৰা যাব – এইটো এটা মুকলি প্ৰশ্ন হৈয়েই আছে৷ গোলকীয় আৰ্থিক সংকটৰ ফলত চীনা বিকাশ দৰো আজি হ্ৰাসমান হৈ পৰিছে আৰু ই এনে আশংকাবোৰকো অধিক বৃদ্ধি কৰিছে৷
বিকশিত পুঁজিবাদী বিশ্বখনক, বিশেষকৈ আমেৰিকাক প্ৰত্যাহ্বান জনাই ক্ষমতাৰ নতুন কেন্দ্ৰ হিচাপে চীন আৰু শেহতীয়াকৈ ৰাছিয়াৰ উদয় সম্পৰ্কে ইতিমধ্যেই বহুতে লিখা-মেলা কৰিছে৷ পিছে মন কৰিবলগীয়া যে চীন, ৰাছিয়া আৰু ভাৰতৰ নব্য-ধনিক শ্ৰেণীটোৱে সিহঁতৰ ধন-সম্পদ, ল’ৰা-ছোৱালী তথা শেহত নিজকো বিকশিত দেশবোৰলৈ, বিশেষকৈ আমেৰিকালৈ প্ৰব্ৰজিত কৰাৰহে সপোন দেখে৷ যেতিয়া এই দেশবোৰৰ সমস্ত এলিটহঁতেই পুঁজিবাদী মেট্ৰ’পলিছলৈ নিজকে স্থানান্তৰ কৰাৰ সপোন দেখে, এনেস্থলত এই দেশবোৰে এদিন মেট্ৰ’পলিছৰ বাবে ভাবুকি সৃষ্টি কৰিব – এই কথাষাৰ কল্পনা কৰাটোও কঠিন৷ তদুপৰি সাম্প্ৰতিক পুঁজিবাদী সংকটৰ ফলত বিশ্বৰ সমস্ত দেশৰ এলিটহঁতেই ডলাৰৰ ৰূপত সিহঁতৰ ধন-সম্পদবোৰ জমা ৰাখিব বিচাৰে (কিয়নো বিশ্ব-মুদ্ৰা হোৱা হেতুকে ডলাৰ হৈছে সোণ-সদৃশ)৷ এনে স্থিতিলৈ মন কৰিলে কাহানিবা যে নতুনকৈ উদীয়মান দেশবোৰৰ সৈতে পুৰণা পুঁজিবাদী মেট্ৰ’পলিছৰ আৰ্থিক সংঘাতবোৰ শত্ৰুতামূলক হৈ পৰিব – সেই কথা কষ্টকল্পিত যেনেই প্ৰতীয়মান হয়, তেহেলৈ এই সংঘাতবোৰ মাজে-মধ্যে যিমানেই তীব্ৰতৰ হৈ পৰা যেন অনুভৱ নহওক কিয়৷
গোলকীকৰণে বিভিন্ন শ্ৰেণীবোৰৰ স্থিতি আমূলভাৱে সলনি কৰি পেলালে আৰু ফলত অৰ্থনীতিবোৰৰ অভ্যন্তৰীণ শ্ৰেণী-গাঁথনিবোৰো সলনি হৈ পৰিল৷ সকলো দেশতেই এই পৰিঘটনাটো সংঘটিত হোৱা দেখা পোৱা গ’ল৷ ই সাম্প্ৰতিক কালৰ বিকাশ ধাৰাৰ এক বিশেষ বৈশিষ্ট্যকেই সূচিত কৰে৷ সেয়েহে এই বিষয়ে আৰু কিছু কথা কৈ লোৱাটো জৰুৰী হ’ব৷
গোলকীকৰণৰ পৰা আটাইতকৈ লাভৱান হোৱা গোষ্ঠীটো হৈছে – প্ৰতিখন দেশৰে বিত্তীয়-কৰ্প’ৰেট কুলীনতন্ত্ৰবোৰ যি গোলকীয় পুঁজি প্ৰবাহৰ সৈতে যুক্ত হৈ পৰিছে৷ এই বিত্তীয়-কৰ্প’ৰেট কুলীনতন্ত্ৰই হৈছে “এক পাৰ্চেণ্ট” শোষকৰ দল – যাৰ বিৰুদ্ধে ‘অকুপাই’ তথা অন্যান্য আন্দোলনবোৰ সংগঠিত হৈছে৷ বিশ্বৰ বেছিভাগ দেশতে সম্পদৰ ক্ৰমবৰ্ধমান অসমান বিতৰণৰ প্ৰশ্নটোৱে বহুতকে চিন্তিত কৰি তুলিছে আৰু থমাছ পিকেটিৰ Capital in the Twenty-first Century গ্ৰন্থখনৰ জনপ্ৰিয়তাই এই বৰ্ধিত চিন্তাকেই যেন আঙুলিয়াই দিছে৷ এই বিষয়ে কোনো সন্দেহ নাই যে গোলকীকৰণৰ যুগত এই কুলীনতন্ত্ৰই নিজকে ভীষণভাৱে ধনী কৰি তুলিছে৷
ইয়াৰ বিপৰীতে শ্ৰমজীৱী জনগণৰ গৰিষ্ঠসংখ্যকৰেই জীৱন স্থিতি পূৰ্বতকৈ শোচনীয় হৈ পৰিছে৷ শ্ৰমজীৱী জনগণ মানে মই চাকৰিযুক্ত তথা চাকৰিবিহীন – দুয়োপ্ৰকাৰৰ শ্ৰমিক আৰু লগতে কৃষক, কৃষি শ্ৰমিক তথা পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদকসকলক বুজাইছোঁ৷ বিকশিত দেশবোৰৰ ক্ষেত্ৰত এই ধাৰাটো অতিশয় স্পষ্ট, কিয়নো বিভিন্ন ঔদ্যোগিক তথা সেৱা খণ্ডৰ কাম-কাজ তৃতীয় বিশ্বৰ দেশবোৰলৈ সস্তা শ্ৰমৰ সন্ধানত স্থানান্তৰ কৰাৰ ফলত স্বাভাৱিকতে ই বিকশিত দেশবোৰৰ শ্ৰমিকসকলৰ মাজত নিবনুৱা সমস্যা বৃদ্ধি কৰিছে আৰু ফলত মজুৰিৰ হাৰো তললৈ নামি আহিছে৷ যোছেফ ষ্টিগলিজৰ মতে ২০১১ চনত আমেৰিকান পুৰুষ শ্ৰমিক একোজনে লাভ কৰা প্ৰকৃত মজুৰিৰ পৰিমাণ ১৯৬৮ চনত লাভ কৰা মজুৰিতকৈও কিছু পৰিমাণে কম৷
পিছে তৃতীয় বিশ্বৰ শ্ৰমিক জনগণৰ দুৰৱস্থাইহে প্ৰশ্নবোধক চিহ্ন খাৰা কৰিছে: তেওঁলোকৰ অৱস্থাতো গোলকীকৰণৰ অধীনত ভাললৈ অহাৰ কথা আছিল? পিছে ইয়াৰ ওলোটাটোহে কিয় সংঘটিত হোৱা দেখা গৈছে? ইয়াৰ চিধা উত্তৰ হৈছে এনেধৰণৰ – পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদকসকলক ক্ৰমান্বয়ে চেপি অনা হৈছে, ৰাজ্যই তেওঁলোকক পূৰ্বে প্ৰদান কৰা সুৰক্ষা-কবচ আঁতৰাই পেলোৱা হৈছে (গোলকীকৰণৰ পূৰ্বে ভাৰতীয় কৃষকক ইনপুটৰ বাবে ভৰ্তুকী প্ৰদান কৰা হৈছিল তথা পণ্য ব’ৰ্ডবোৰৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ বাবে সুনিশ্চিত দামো প্ৰদান কৰা হৈছিল, পিছে এতিয়া এই সমস্ত ব্যৱস্থা আঁতৰাই অনা হৈছে)৷ ফলত এই ক্ষুদ্ৰ উৎপাদকসকলে তেওঁলোকৰ জীৱিকা ত্যাগ কৰি আন ঠাইত কাম বিচাৰি ওলাই আহিবলৈ বাধ্য হৈ পৰিছে৷ ইয়াৰ লগতেই অৰ্থনীতিৰ প্ৰযুক্তিগত তথা গাঁথনিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত থকা সকলোবোৰ বাধা-নিষেধ আঁতৰাই দিয়াৰ ফলত (যেনে শেহতীয়াকৈ মাল্টি ব্ৰাণ্ড ৰিটেইলৰ বজাৰখন প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ বাবে মুকলি কৰি দিয়া হৈছে) – এফালে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি হৈছে, আৰু ই নিয়োগ বৃদ্ধিৰ হাৰ হ্ৰাস কৰি পেলাইছে আৰু ফলত নতুনকৈ যিমান চাকৰি ওলাইছে তাৰ তুলনাত চাকৰি বিচাৰি ওলাই অহা মানুহৰ অনুপাত অত্যধিকভাৱে বৃদ্ধি পাইছে (যিহেতু শ্ৰম বাহিনীৰ স্বাভাৱিক বৃদ্ধিৰ লগতে উচ্ছেদিত হৈ অহা পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদকসকলো এইক্ষেত্ৰত যুক্ত হৈছে)৷ ইয়েই নিয়োজিত শ্ৰমিকৰ তুলনাত শ্ৰম-ভঁৰালৰ অনুপাত বৃদ্ধি কৰিছে (তদুপৰি নিয়োগহীনতাই মুক্ত ৰূপত আত্মপ্ৰকাশ কৰিব লাগিবই বুলিও কোনো কথা নাই)৷ শ্ৰম-ভঁৰালৰ এই অনুপাত বৃদ্ধিয়ে শ্ৰমজীৱী জনগণৰ অৱস্থা শোচনীয় কৰি তোলাৰ লগতে সংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰো মজুৰি তললৈ নমাই আনিছে৷ বিভিন্ন মৌলিক সেৱা যেনে, শিক্ষা, স্বাস্থ্য আদিৰ ব্যক্তিগতকৰণ আৰু তাৰ ফলস্বৰূপে সিবিলাকৰ বৰ্ধিত খৰচেও জনগণৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছে৷ ভাৰতে নব্য-উদাৰবাদী নীতিবোৰ গ্ৰহণ কৰাৰ সময়ছোৱাতে ক্ষুধাৰ্ত মানুহৰ সংখ্যাও বৃদ্ধি পাইছে আৰু ই জনগণৰ ক্ৰমবৰ্ধিত দৰিদ্ৰতাৰ প্ৰতিয়েই আঙুলিয়াই দিছে৷
শ্ৰমজীৱী জনগণ আৰু বিত্তীয় কৰ্প’ৰেট গোষ্ঠী – এই দুয়োটা গ্ৰুপৰ বাহিৰেও অৱশ্যে আন এটা “শ্ৰেণী” গঢ় লৈ উঠিছে৷ এই শ্ৰেণীটো হৈছে “মধ্যবিত্ত শ্ৰেণী” – যি গোলকীকৰণৰ যুগত বেছ উন্নতি কৰিছে আৰু সৰ্বত্ৰতে সি গোলকীকৰণৰ সমৰ্থক হিচাপে পৰিচিত হৈছে (“মধ্যবিত্ত শ্ৰেণী” শব্দটো মই ইয়াত কেৱল বৰ্ণনামূলক অৰ্থতহে ব্যৱহাৰ কৰিছোঁ)৷ বিকশিত দেশবোৰত বিত্তীয় খণ্ডবিলাকৰ সৈতে জড়িত লোকসকলেই এই মধ্যবিত্ত শ্ৰেণীটো গঠন কৰিছে৷ আনহাতে, তৃতীয় বিশ্বৰ দেশবোৰত এই চামটোৰ লগতে মেট্ৰ’পলিছৰ পৰা স্থানান্তৰিত হৈ অহা বিভিন্ন খণ্ডবোৰত উচ্চ দৰমহাৰ চাকৰি কৰা চামটোও যুক্ত হৈছে৷ এই অংশটোৰ উচ্চ দৰমহাৰ হেতুকে বিভিন্ন পণ্য তথা সেৱাৰ চাহিদাও সৃষ্টি হৈছে আৰু সি আন কিছুমান মধ্যবিত্তীয় নিয়োগ সৃষ্টি কৰিছে (বিশেষকৈ সেৱাখণ্ডত)৷ আন কথাত ক’বলৈ গ’লে, গোলকীকৰণৰ অধীনত এটা সম্পদশালী মধ্যবিত্ত শ্ৰেণীৰ উদয় ঘটিছে যি গোলকীকৰণৰ সমৰ্থনৰ মূল আধাৰ হিচাপে চিহ্নিত হৈছে৷ এই শ্ৰেণীটোৱে তলত থকা অংশবোৰৰ মাজতো প্ৰত্যাশা জগাই তুলিছে যে এদিন তেওঁলোকো মধ্যবিত্ত হ’বলৈ সমৰ্থ হ’ব৷
গোলকীকৰণৰ ফলস্বৰূপে মুঠ নিয়োজিত শ্ৰম-শক্তিৰ অংশ হিচাপে মধ্যবিত্তৰ অনুপাত বৃদ্ধি হৈছেনে হ্ৰাস হৈছে – এই ছবিখন এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু ভাৰতৰ উদাহৰণটোৰ প্ৰতি মন কৰিলে অনুভৱ হয় – এই বৃদ্ধি বহুত বেছি হয়তো নহ’ব৷ মধ্যবিত্ত শ্ৰেণীটোৰ visibility বেছি কিয়নো তাৰ উচ্চ দৰমহাৰ বাবে ই বাকী শ্ৰম-শক্তিৰ পৰা নিজকে নিলগ কৰি লৈছে৷
গোলকীকৰণৰ অধীনত সেয়েহে শ্ৰমজীৱী জনগণ আৰু মধ্যবিত্তীয় শ্ৰেণীৰ মাজত অন্তৰ্বিৰোধ ভীষণভাৱে বৃদ্ধি হৈছে৷ সকলোতেই এই পৰিঘটনাটো দেখা পোৱা গৈছে৷ স্বয়ং ইউনাইটেড কিংডমত (ব্ৰিটেইনত) দেখা পোৱা গ’ল – শ্ৰমজীৱী জনগণে “ব্ৰেক্সিট”ৰ সপক্ষে ভোট দিলে, আনহাতে লণ্ডন চহৰৰ আশে-পাশে গঢ় লৈ উঠা মধ্যবিত্তসকলে কিন্তু তাৰ বিপৰীতে ভোট দিলে৷ ভাৰততো দেখা যায় যে ভূমিৰ অধিগ্ৰহণৰ বাবে কৃষকৰ ওপৰত বিভিন্ন প্ৰকাৰে বল প্ৰয়োগ কৰা হৈছে; এনে অধিগ্ৰহণে যিধৰণৰ বিকাশৰ সূচনা কৰিব, সি মূলতঃ মধ্যবিত্তসকলেই লাভৱান কৰিব৷ অৰ্থাৎ ইয়াতো মধ্যবিত্ত বনাম কৃষক জনগণৰ অন্তৰ্বিৰোধ বৃদ্ধি হৈছে৷
অনাগত সময়ত এই অন্তৰ্বিৰোধে কেনে ৰূপ ল’ব, সাম্প্ৰতিক কালৰ পুঁজিবাদী সংকট আৰু গোলকীকৰণৰ সৈতে মোহভংগৰ প্ৰেক্ষাপটত কেনেধৰণৰ নতুন সন্ধিক্ষণ পোহৰলৈ আহিব – এই বিষয়ে মই অনাগত বক্তৃতাটোত আলোচনা কৰিম৷ সদ্যহতে আন এটা বিন্দু উল্লেখ কৰিয়েই মোৰ বক্তব্যৰ সামৰণি মাৰিম৷
সমাজবাদৰ পতনে সমগ্ৰ বিশ্বৰে মুক্তিকামী জনগণৰ মানসত হাহাকাৰ সৃষ্টি কৰিছিল৷ এইক্ষেত্ৰত দুখৰ এটা প্ৰধান কাৰণ আছিল এই যে অক্টোবৰ বিপ্লৱৰ সমস্ত ঐতিহ্য সমাজবাদৰ পতনৰ পাছত তাৰ মূল গৃহভূমিতে নাইকিয়া হৈ পৰিছিল৷ ইয়াৰ বিপৰীতে পূৰ্বৰ বিপ্লৱবোৰলৈ চালে দেখা যায় যে বিপ্লৱৰ পৰাজয়ৰ পাছতো বিপ্লৱ-সৃষ্ট বহুতো প্ৰগতিশীল উপাদান সমাজত বাকী ৰৈ গৈছিল৷ উদাহৰণস্বৰূপে, ইংলিছ বিপ্লৱৰ পাছত ১৬৮৮ চনত পুনৰ ৰাজতন্ত্ৰৰ আৱিৰ্ভাৱ ঘটিছিল যদিও সি ইংৰাজী বুৰ্জোৱা বিপ্লৱৰ ফলাফলবোৰ সম্পূৰ্ণভাৱে মোহাৰি পেলাব পৰা নাছিল৷ ঠিক তেনেদৰেই নেপোলিয়নৰ উদয়ৰ পাছতো ফৰাচী বিপ্লৱৰ বহুখিনি প্ৰগতিশীল উপাদান বাকী ৰৈ গৈছিল৷ কিন্তু অক্টোবৰ বিপ্লৱৰ ক্ষেত্ৰত দেখা গ’ল যে সমাজবাদৰ পতনৰ পাছত তাৰ সমস্ত প্ৰগতিশীল কৃতিত্ববোৰ ৰাছিয়াৰ ভূমিৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া হৈ পৰিল৷ পূব ইউৰোপৰ ক্ষেত্ৰতো একে কথাই ক’ব পাৰি; কালিলৈকে কোনোবা নহয় কোনোবা সমাজবাদী দলে শাসন কৰা এনে কেইবাখনো দেশত আজি আনকি ফেচিবাদী দলৰো উত্থান ঘটিছে৷
কিন্তু ই দুখৰ বিপৰীতে আশাবাদৰহে কাৰণ হোৱা উচিত৷ কিয়নো ই স্পষ্টকৈ দৰ্শাইছে যে পুঁজিবাদ আৰু সমাজবাদৰ মাজত মধ্যৱৰ্তী কোনো স্থান থাকিব নোৱাৰে৷ হয় পুঁজিবাদক উৎখাত কৰিব লাগিব আৰু তাৰ “স্বতঃস্ফূৰ্ততা” অতিক্ৰম কৰি যাব লাগিব, নতুবা তাৰ স্বতঃস্ফূৰ্ততাই পুনৰ গতি লাভ কৰি সমাজবাদৰ সকলো কৃতিত্ব নাশ কৰি পেলাব৷ এই অৰ্থত পুঁজিবাদ হৈছে এক অনন্য (unique) উৎপাদন প্ৰণালী; পূৰ্বৰ আন কোনো উৎপাদন প্ৰণালীৰ সৈতে তাৰ তুলনা নহয়৷ ঐতিহাসিক ভৌতিকবাদৰ পাঠ্যপুথিবোৰেও প্ৰায়েই পুঁজিবাদৰ এই সুকীয়া বৈশিষ্ট্য্যক চিনাক্ত কৰিবলৈ অসমৰ্থ হয়; এনে অনুভৱ হয় যেন পুঁজিবাদো হৈছে অন্যান্য উৎপাদন প্ৰণালীৰ দৰেই আন এক উৎপাদন প্ৰণালী৷
ইয়াৰ অৰ্থ হৈছে – পুঁজিবাদ-বিৰোধী বিপ্লৱবোৰৰ চৰিত্ৰ পূৰ্বৰ সমস্ত বিপ্লৱতকৈ ভিন্ন হ’ব- কেৱল এইবাবেই নহয় যে ইয়াৰ জৰিয়তে মানৱ জাতিয়ে “প্ৰাক-ইতিহাস”ৰ পৰা “ইতিহাসৰ পাত”ত প্ৰবেশ কৰিব, বৰং এইবাবেও যে এই বিপ্লৱৰ জৰিয়তেই মানৱ জাতিয়ে পোন প্ৰথমবাৰৰ বাবে এক “স্বতঃস্ফূৰ্ত ব্যৱস্থা”ৰ অৱসান ঘটাই সমূহীয়া সচেতন হস্তক্ষেপৰ জৰিয়তে চালিত হোৱা এক নব্য ব্যৱস্থা গঢ়ি তুলিব৷ এই যে পূৰ্বৰ বুৰ্জোৱা বিপ্লৱবোৰে অক্টোবৰ বিপ্লৱৰ বিপৰীতে পতনৰ সময়তো নিজা কিছু ঐতিহ্য এৰি যাবলৈ যাবলৈ সক্ষম হ’ল, ইয়েই আচলতে পুঁজিবাদী ব্যৱস্থাটোৰ “স্বতঃস্ফূৰ্ততা”কেই সূচিত কৰে৷ বুৰ্জোৱা ৰাজনৈতিক বিপ্লৱৰ জৰিয়তে ৰাজ্যত পুঁজিপতিৰ শাসন প্ৰতিষ্ঠা হোৱাৰ বহু আগেয়েই পুঁজিবাদৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰে পুৰণা ব্যৱস্থাটোৰ অংগ-প্ৰতংগবোৰ ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ বুৰ্জোৱা বিপ্লৱৰ বহু পূৰ্বেই পুঁজিবাদৰ বিকাশ সম্ভৱপৰ হৈছিল (সামন্তবাদৰ বুকুতেই পুঁজিবাদ বিকশিত হৈছিল)৷ কিন্তু সমাজবাদৰ ক্ষেত্ৰত এই কথা ক’ব নোৱাৰি; সমাজবাদে স্বতঃস্ফূৰ্তভাৱে পুঁজিবাদৰ বুকুত বিকশিত হ’ব নোৱাৰে৷ আচলতে সমাজবাদক কোনো “স্বতঃস্ফূৰ্ত ব্যৱস্থা” বুলিয়েই ক’ব নোৱাৰি – যি কোনো অন্তৰ্নিহিত প্ৰৱণতাৰ দ্বাৰা চালিত হয়৷
মোৰ ছাত্ৰ জীৱনত ছোভিয়েট ইউনিয়নৰ চৰিত্ৰ সম্পৰ্কে আমি প্ৰায়েই তৰ্ক কৰিছিলো৷ কাৰোবাৰ মতে ই আছিল এক ৰাজ্যিক পুঁজিবাদৰ ৰূপ, আন কাৰোবাৰ মতে ই সমাজবাদেই আছিল, আন কিছুমানৰ মতে আকৌ ই পুঁজিবাদ তথা সমাজবাদৰ মাজৰে কোনো অন্তৱৰ্তীকালীন ব্যৱস্থা আছিল৷ পিছে এনে সমস্ত তৰ্কযুদ্ধত পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা সম্পৰ্কে কোনো আলোচনা হোৱা নাছিল৷ মোৰ বোধেৰে পুঁজিবাদৰ এই স্বতঃস্ফূৰ্ত চৰিত্ৰৰ বাবেই পুঁজিবাদৰ পৰা সমাজবাদলৈ সংক্ৰমণ ইউজিন পটিয়াৰৰ ভাষাত – এক “অন্তিম সংগ্ৰাম”ৰ ৰূপতেই হ’ব পাৰে (অৱশ্যেই এটা মাত্ৰ বৈপ্লৱিক অধ্যায়ৰ জৰিয়তেই ই সম্পন্ন হ’ব লাগিব বুলি কোনো কথা নাই)৷