মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী (মূল : প্ৰভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা হৈছে। – অনুবাদক)

পূৰ্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” সম্পৰ্কে আলোচনা কৰিছিলো৷ এই স্বতঃস্ফূৰ্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মাৰ্ক্সবাদ তথা উদাৰবাদৰ মূল পাৰ্থক্য লুকাই আছে৷ মই ভাবো যে ইয়েই মাৰ্ক্সবাদৰ স্বকীয়তাও প্ৰদৰ্শন কৰে; ৰিকাৰ্ডো আৰু স্মিথৰ পৰা মাৰ্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে৷ এই পাৰ্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়৷ কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় – যি মাৰ্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকাৰ্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মাৰ্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে৷ এনে বহুতো মাৰ্ক্সবাদীৰ মতে মাৰ্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্ৰুপদী ৰাজনৈতিক অৰ্থনীতিক এক ঐতিহাসিক দৃষ্টি প্ৰদান কৰিছিল (বা “ৰিকাৰ্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)৷ কিন্তু কেনেদৰে মাৰ্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূৰ্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্ৰুপদী ৰাজনৈতিক অৰ্থনীতিৰ ধাৰাটোকেই ওলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে৷

পুঁজিবাদী ব্যৱস্থাটোক যদি “স্বতঃস্ফূৰ্ত” ব্যৱস্থা বুলি মানি লোৱা হয়, ই উদাৰবাদী ৰাজনৈতিক দৰ্শনৰ বাবে এটা তাত্ত্বিক সমস্যা সৃষ্টি কৰে৷ উদাৰবাদী দাৰ্শনিক ইজায়া বাৰ্লিনে মাৰ্ক্সৰ “স্বাধীনতাৰ ধনাত্মক ধাৰণা”টোৰ বিপৰীতে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টো বিকশিত কৰিছিল৷ বাৰ্লিনৰ মতে মাৰ্ক্সৰ “স্বাধীনতাৰ ধনাত্মক ধাৰণা”টোৰ মাজতেই কৰ্তৃত্ববাদৰ শিপাদাল লুকাই আছে৷ সহজ ভাষাত কবলৈ গলে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টোৰ অৰ্থ হৈছে – মানৱ এজেণ্টৰ ওপৰত কোনো বাহ্যিক হেঁচা বা বলপ্ৰয়োগৰ অনুপস্থিতি৷ কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হয়ঃ পুঁজিবাদী ব্যৱস্থাটোৰ স্বতঃস্ফূৰ্ততাই এজেণ্টৰ ওপৰত প্ৰয়োগ কৰা হেঁচাক “বাহ্যিক হেঁচা” বুলি স্বীকাৰ কৰা হবনে? যিহেতু এনে “স্বতঃস্ফূৰ্ততা”ৰ ৰাজনৈতিক ফলাফল থাকে, যি বাস্তৱিকতে এজেণ্টৰ ওপৰত বাহ্যিকভাৱে হেঁচা প্ৰয়োগ কৰে, তেনেহলে প্ৰশ্ন উঠিব – পুঁজিবাদৰ অধীনত “ঋণাত্মক স্বাধীনতা” লাভ কৰাটো সম্ভৱপৰনে? তদুপৰি এই স্বতঃস্ফূৰ্ততাক আঁতৰাবলৈ মাৰ্ক্সে কোৱাৰ দৰে “ধনাত্মক স্বাধীনতা”ৰ প্ৰয়োগ প্ৰয়োজনীয় নহবনে?

উদাৰবাদী দৰ্শনৰ এটা বিশাল অংশই ব্যৱস্থাটোৰ স্বতঃস্ফূৰ্ততাৰ কথাটোকেই মানি নলয় যাতে এই আপদীয়া প্ৰশ্নবোৰৰ সৈতে মুখামুখি হব লগা নহয়৷ সেয়েহে ফ্ৰেডৰিক ভন হায়েকে হেঁচা প্ৰয়োগৰ ধাৰণাটোক এক সংকীৰ্ণ অৰ্থ প্ৰদান কৰিছে, তেওঁৰ মতে “ঋণাত্মক স্বাধীনতা”ৰ ধাৰণাটো ইচ্ছাপূৰ্বক হেঁচা প্ৰয়োগৰ প্ৰসংগতহে প্ৰাসংগিক৷ এইদৰেই পুঁজিবাদী ব্যৱস্থাটোৱে সৃষ্টি কৰা স্বতঃস্ফূৰ্ত তথা ব্যৱস্থাগত হেঁচা প্ৰয়োগৰ প্ৰসংগটোক তেওঁ গাপ দিছে৷ যদিহে ব্যৱস্থাগত হেঁচা প্ৰয়োগৰ কথাটো মানি লবলৈ হয়, তেনেহলে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টোৰ সংজ্ঞাও সলনি কৰিব লাগিব৷ গতিকেই এয়া আশ্চৰ্যকৰ নহয় যে সৰহভাগ উদাৰবাদী অৰ্থশাস্ত্ৰই ব্যৱস্থাটোৰ স্বতঃস্ফূৰ্ততাৰ কথাটো মানি নলয়৷ আন কথাত কবলৈ গলে, আপাত দৃষ্টিত যিটো বস্তু দাৰ্শনিক মতভেদ যেন প্ৰতীয়মান হয়, সূক্ষ্মভাৱে চালে সি আৰ্থিক বিশ্লেষণৰ ক্ষেত্ৰত দেখা পোৱা ভিন্নতা বুলি বুজিব পাৰি৷

স্বতঃস্ফূৰ্ত ব্যৱস্থা বুলি কলে এনে এক ব্যৱস্থাক বুজা যায় যি নিজৰ কেতবোৰ অন্তৰ্নিহিত প্ৰৱণতাৰ দ্বাৰা চালিত হয়৷ অৰ্থাৎ কেৱল পুঁজিবাদেই একমাত্ৰ স্বতঃস্ফূৰ্ত ব্যৱস্থা নহয়৷ বৰং পণ্য উৎপাদনমূলক ব্যৱস্থা মাত্ৰেই স্বতঃস্ফূৰ্ত ব্যৱস্থা বুলি কব পাৰি৷ পণ্য উৎপাদনৰ পৰাই পুঁজিবাদৰ জন্ম হৈছে৷ পিছে মন কৰা ভাল যে বজাৰৰ বাবে সামগ্ৰী উৎপাদন কৰা মানেই পণ্য উৎপাদন নহয়৷ “পণ্য উৎপাদন” নামটো পাবলৈ হলে ই এক বিশেষ প্ৰকাৰৰ উৎপাদন ব্যৱস্থা হব লাগিব৷ এইখিনিতে আডাম স্মিথ আৰু মাৰ্ক্সৰ পাৰ্থক্যবোৰ আৰম্ভ হৈছে৷

মাৰ্ক্সৰ মতে উৎপাদন প্ৰক্ৰিয়া একোটাক “পণ্য উৎপাদন” বুলি তেতিয়াহে কব পাৰি যেতিয়া ক্ৰেতাজনৰ বাবে পণ্যটোৰ ব্যৱহাৰ মূল্য তথা বিনিময় মূল্য থাকে কিন্তু বিক্ৰেতাজনৰ বাবে পণ্যটোৰ মাথোঁঁঁ বিনিময় মূল্যহে থাকে৷ অৰ্থাৎ পণ্যটোক বিক্ৰী কৰি বিক্ৰেতাজনে কিছু ধন লাভ কৰাৰ আশা কৰে৷ ইয়াত সৈতে যুক্ত আন এটা দিশ হৈছে যে ইয়াত ক্ৰেতা আৰু বিক্ৰেতাজনৰ মাজত কোনো ব্যক্তিগত সম্পৰ্ক নাথাকে; বৰং বজাৰৰ জৰিয়তেহে তেওঁলোকৰ সম্পৰ্ক স্থাপন হয়৷ ক্ৰেতা-বিক্ৰেতাৰ মাজত এই ব্যক্তিগত সম্পৰ্কৰ বিধ্বংসকৰণ হৈছে প্ৰকৃত পণ্য উৎপাদনৰ অন্যতম দিশ৷

এই বিধ্বংসকৰণৰ আটাইতকৈ স্পষ্ট উদাহৰণ পোৱা যায় দূৰণিবটীয়া বাণিজ্যৰ মাজত৷ এই যে মাৰ্ক্সবাদীসকলে কয় যে পণ্য উৎপাদনে উৎপাদকসকলৰ মাজত শ্ৰেণী পৃথক্কৰণ সৃষ্টি কৰে – এই কথাষাৰ কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে প্ৰযোজ্য৷ উদাহৰণস্বৰূপে আপোনাৰ ঘৰৰ কাষৰ মিঠাই দোকানীজন বা পান-তামোলৰ দোকানীজনৰ সৈতে আপোনাৰ এক ঘৰুৱা বিধৰ সম্বন্ধ থাকে যি অনন্ত কাললৈ চলি থাকিব পাৰে৷ এইজাতীয় পৰিস্থিতি শ্ৰেণী পৃথক্কৰণ কৰিব পৰাকৈ যথেষ্ট নহয়৷ শ্ৰেণী পৃথক্কৰণৰ বাবে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সম্পৰ্কটো বিনিময়ৰ যোগেৰে স্থাপিত নিৰ্ব্যক্তিক(impersonal) বিধৰ সম্পৰ্কলৈ ৰূপান্তৰিত হব লাগিব৷ দূৰণিবটীয়া বাণিজ্যৰ ক্ষেত্ৰত দেখা যায় যে বিক্ৰেতাসকলে এনে এখন বজাৰৰ বাবে পণ্য উৎপাদন কৰে য’ত তেওঁলোকে ব্যক্তিগতভাৱে চিনি নোপোৱা অন্যান্য উৎপাদকৰ সৈতে প্ৰতিযোগিতাত নামিব লগা হয়৷ বজাৰখনৰ দূৰত্ব তথা নৈৰ্ব্যক্তিত্বই সুনিশ্চিত কৰে যে বিক্ৰেতাজনৰ ওচৰত বজাৰখনৰ উত্থান-পতন সম্পৰ্কে পৰ্যাপ্ত জ্ঞান নাথাকিব৷ ইয়াৰ ফলত বিক্ৰেতাজনৰ উৎপাদনমূলক সিদ্ধান্তবোৰ প্ৰায়েই ভুল বুলি প্ৰমাণিত হব পাৰে আৰু অৱশেষত তেওঁ সংকটতো পৰিব পাৰে৷ এইজাতীয় সংকটেই ক্ষুদ্ৰ পণ্য উৎপাদকসকলৰ মাজত শ্ৰেণী পৃথক্কৰণ সৃষ্টি কৰে৷

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যাব যে আমাৰ দেশত বিগত হেজাৰ হেজাৰ বছৰ ধৰি বিনিময় তথা বজাৰৰ বাবে সামগ্ৰী উৎপাদন অস্তিত্বমান হৈ আহিছে৷ অথচ এনে উৎপাদনক পুঁজিবাদৰ অগ্ৰদূত বুলি কব পৰা নাযায়৷ আচলতে এনে উৎপাদনক পণ্য উৎপাদন বুলিয়েই কব নোৱাৰি৷ বিনিময়ৰ বাবে কৰা সকলো উৎপাদনকে পণ্য উৎপাদন তথা পুঁজিবাদৰ অগ্ৰদূত বুলি গণ্য কৰা প্ৰৱণতাটো চীনৰ সাংস্কৃতিক বিপ্লৱৰ সময়ত দেখা পোৱা গৈছিল যাক এক উগ্ৰ-বাওঁ বিভ্ৰান্তি বুলি কব পাৰি৷

প্ৰকৃত পণ্য উৎপাদন – যি সঁচাকৈয়ে শ্ৰেণী পৃথক্কৰণ সৃষ্টি কৰে আৰু যাক পুঁজিবাদৰ অগ্ৰদূত বুলি কব পৰা যায় – কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে অস্তিত্বলৈ আহে৷ যেনে দূৰণিবটীয়া বাণিজ্যই য়ুৰোপত এনে এক পণ্য উৎপাদন প্ৰক্ৰিয়াৰ জন্ম দিছিল৷ স্মৰণীয় যে মাৰ্ক্সবাদী ইতিহাসবিদ হেনৰী পাইৰেনিয়ে ভূমধ্যসাগৰীয় বেপাৰৰ মুকলিকৰণক য়ুৰোপীয় পুঁজিবাদৰ আৱিৰ্ভাৱৰ আঁৰৰ মূল উপাদান বুলি গণ্য কৰিছিল৷

ইয়াৰ অৰ্থ হৈছে – প্ৰকৃত পণ্য উৎপাদনে পণ্য উৎপাদকসকলৰ ওপৰত এক বাহ্যিক হেঁচা প্ৰয়োগ কৰে৷ ই উৎপাদকসকলক হেঁচা দিয়ে যে প্ৰতিযোগিতা তথা সংকটৰ সমুখত তিস্থি থাকিবলৈ হলে তেওঁলোকে উৎপাদনৰ আয়তন অহৰহভাৱে বৃদ্ধি কৰি যাবই লাগিব৷ অৰ্থাৎ পণ্য উৎপাদন বিষয়ক মাৰ্ক্সীয় দৃষ্টিভংগীৰ সৈতে পুঁজিবাদী ব্যৱস্থাৰ উত্থান বিষয়ক মাৰ্ক্সৰ বিশ্লেষণৰ এক ওচৰ সম্পৰ্ক আছে৷

এইখিনিতে পণ্য উৎপাদন সম্পৰ্কে আডাম স্মিথৰ দৃষ্টিভংগী মাৰ্ক্সতকৈ কিমান পৃথক আছিল তাৰো উমান পোৱা যায়৷ স্মিথৰ মতে পণ্য উৎপাদনৰ জন্ম মানৱ চৰিত্ৰৰ মাজতেই লুকাই আছে যি প্ৰাকৃতিকভাবেই “পণ্যৰ বেচা-কিনা তথা বিনিময় কৰিব বিচাৰে”৷ স্মিথৰ মতে বাণিজ্যত ব্যক্তিৰ যোগদান হৈছে এটা সম্পূৰ্ণভাৱে ব্যক্তিয়ে নিজে লোৱা সিদ্ধান্ত, ইয়াত ব্যক্তিজনে কোনোধৰণৰ হেঁচাৰ অধীনত (যেনে বজাৰৰ হেঁচাৰ অধীনত) সিদ্ধান্ত লব লগা হোৱা নাই৷ স্মিথৰ বিশ্লেষণত পণ্য উৎপাদনৰ কাৰ্যপদ্ধতিৰ বৈশিষ্ট্য্য্য্যৰ কোনো বিবৰণ পোৱা নাযায়৷ কেনেকৈ কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে পণ্য উৎপাদনৰ জন্ম হল, কেনেকৈ পণ্য উৎপাদনকাৰীসকলে কেতবোৰ নৈৰ্ব্যক্তিক হেঁচাৰ অধীনত ক্ৰিয়া কৰিব লগা হয়, তাৰো বিশ্লেষণ স্মিথৰ লেখনীত পোৱা নাযায়৷ কাজেই কেনেদৰে পণ্য উৎপাদনকাৰীসকলৰ মাজত শ্ৰেণী-পৃথক্কৰণৰ এটা অন্তৰ্নিহিত প্ৰৱণতা সক্ৰিয় হৈ থাকে, সেয়া স্মিথে বুজিব নোৱাৰে৷

“পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” বিষয়ক মাৰ্ক্সীয় ধাৰণাটোৰ বিপৰীতে উদাৰবাদে দুটা বিপৰীত ধাৰণা প্ৰক্ষেপ কৰে৷ তাৰে প্ৰথমটো হৈছে – “optimality of capitalism” – ইয়াৰ অৰ্থ হৈছে – পুঁজিবাদে সমগ্ৰ জনগণৰে জীৱন পৰিস্থিতি এনে এটা পৰ্যায়লৈকে ভাললৈ আনে যিমানখিনি অন্যান্য ব্যৱস্থাৰ অধীনত সম্ভৱপৰ নহলহেঁতেন (পাছলৈ ইয়াকে “Pareto-optimality” বুলিও কোৱা হ’ল)৷ এই যে স্মিথৰ মতে মানুহে নিজ ইচ্ছাৰেই তথা নিজ মানৱ চৰিত্ৰ অনুসৰিয়েই একেলগে মিলিত হয় আৰু বিনিময় আধাৰিত পুঁজিবাদী অৰ্থনীতি একোখন গঠন কৰে – ই এই “optimality”কেই সূচীত কৰে৷ উদাৰবাদে প্ৰক্ষেপ কৰা দ্বিতীয়টো ধাৰণা হৈছে – পুঁজিবাদৰ নমনীয়তা (malleability of capitalism); অৰ্থাৎ ব্যৱস্থাটোৰ কাৰ্যপদ্ধতিক বিপদত নেপেলোৱাকৈও ৰাজ্যৰ হস্তক্ষেপৰ জৰিয়তে ব্যৱস্থাটো উন্নততৰ কৰিব পৰা যায় (পাছলৈ ইয়েই কেনইচীয় চাহিদা মেনেজমেণ্ট নীতিৰ ৰূপ গ্ৰহণ কৰিলে)৷ মাৰ্ক্সবাদে এই দুয়োটা ধাৰণাকে নাকচ কৰে৷

ৰাজনৈতিক অৰ্থনীতি বিষয়ক এই দুই বিপৰীত দৃষ্টিভংগী সম্পৰ্কে প্ৰথমেই কিছু বহলাই কৈ লোৱা হল কিয়নো পুঁজিবাদী সংকটৰ বিশ্লেষণৰ ক্ষেত্ৰত ই বিশেষভাৱে প্ৰাসংগিক৷ কিছুমান উদাৰবাদী অৰ্থনীতিবিদে সংকটৰ সম্ভাৱনাটোকেই নাকচ কৰে; ইয়াৰ আধাৰ হৈছে Say’s Lawৰ ওপৰত থকা তেওঁলোকৰ অগাধ বিশ্বাস৷ Say’s Lawৰ মতে যোগানে স্বয়ংক্ৰিয়ভাৱে তাৰ নিজস্ব চাহিদাও গঠন কৰি লয় আৰু সেয়েহে পণ্য বিক্ৰী নোহোৱাকৈ থকা পৰিস্থিতি সৃষ্টি হবই নোৱাৰে (পাছলৈ ইয়াৰ পৰাই Walrasian equilibrium ৰো জন্ম হল যাক ফ্ৰেডৰিক হায়েকেও গ্ৰহণ কৰি ললে)৷ আনহাতে আন কিছুমান উদাৰবাদী অৰ্থনীতিবিদে সংকটক এক ক্ষণস্থায়ী পৰিঘটনা হিচাপে গণ্য কৰে (যেনে যোচেফ স্কুমপিটাৰ)৷ কেইনচীয়ান উদাৰবাদীসকলে আকৌ বিশ্বাস কৰে যে ব্যৱস্থাটোৱে নিজে সংকটৰ ওৰ পেলাব নোৱাৰিলেও ৰাজ্যৰ হস্তক্ষেপৰ জৰিয়তে তাৰ সমাধান কৰিব পৰা যায়৷ এনে সমস্ত পজিচনৰ বিপৰীতে মাৰ্ক্সবাদে বিশ্বাস কৰে যে সংকটৰ কাৰণ পুঁজিবাদৰ অন্তৰ্নিহিত প্ৰৱণতাবোৰৰ মাজতেই লুকাই থাকে যি শ্ৰেণী সংগ্ৰামৰ একো একোটা নতুন সন্ধিক্ষণৰ জন্ম দিয়ে আৰু যি বৈপ্লৱীক ফলাফলৰ সম্ভাৱনা সৃষ্টি কৰে৷

এই মাৰ্ক্সীয় দৃষ্টিভংগীৰ পৰাই বৰ্তমানৰ পুঁজিবাদী সংকটৰো এক বিশ্লেষণ আগবঢ়োৱা যাওক৷ এটা কথা স্পষ্ট যে গোলকীকৰণৰ প্ৰক্ৰিয়াটোৰ পৰাই এই সংকটৰ জন্ম হৈছে আৰু ইয়াৰ আঁৰত দুটা কাৰণ আছে৷ ইয়াৰে প্ৰথমটোৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে মন কৰক যে পূৰ্বৰ অৰ্থনীতিবিদসকলৰ বিপৰীতে কেইনচে প্ৰমাণিত কৰি গৈছে যে কেতবোৰ পৰিস্থিতিত মুঠ চাহিদাৰ অভাৱ সম্ভৱপৰ হব পাৰে, মাৰ্ক্সেও দৰ্শাই থৈ গৈছে যে পুঁজিবাদ সংকটৰ পৰা কেতিয়াও সম্পূৰ্ণভাৱে মুক্ত হব নোৱাৰে; ইয়াৰ লগতে আজি আমি এই কথাটোও মানি লোৱা উচিত যে পুঁজিবাদৰ স্বতঃস্ফূৰ্ততাই একোটা সময়সীমাৰ ভিতৰত এই সমস্যাবোৰ সাময়িকভাৱে সমাধান কৰে৷ পিছে এনে এখন পৃথিৱী – য’ত তৃতীয় বিশ্বৰ ঔপনিবেশিক আৱদ্ধ বজাৰবোৰ মেট্ৰপলিটান পুঁজিৰ বাবে পূৰ্বৰ দৰে মজুত নাই, বা থাকিলেও সিবিলাক পৰ্যাপ্ত নহয় – এনে পৰিস্থিতিত চাহিদা সৃষ্টিকাৰী ৰাজ্যিক হস্তক্ষেপেই সংকট অতিক্ৰমৰ বাবে জৰুৰী স্থিতি সৃষ্টি কৰিব পাৰে৷ পিছে সমস্যাটো হৈছে যে বিত্ত পুঁজিয়ে তাৰ সামাজিক স্বীকাৰ্যতাক প্ৰশ্ন কৰা যিকোনো ধৰণৰে ৰাজ্যিক হস্তক্ষেপৰ বিৰোধিতা কৰে আৰু ঠিক এই কাৰণটোৰ বাবেই ই ৰাজ্যৰ দ্বাৰা চাহিদা মেনেজমেণ্টৰো তীব্ৰ বিৰোধিতা কৰে৷ গোলকীকৰণৰ যুগলৈ আহি বিত্ত পুঁজিৰ ক্ষমতা ভীষণভাৱে বৃদ্ধি হৈছে আৰু তাৰ তীব্ৰ বিৰোধিতাৰ ফলত ৰাজ্যিক হস্তক্ষেপৰ সম্ভাৱনাও হ্ৰাসমান হৈ পৰিছে৷ ৰাজ্যৰ এই হ্ৰাসমান ক্ষমতাৰ কাৰণ হৈছে যে ৰাজ্যবোৰ আজিও জাতি-ৰাজ্যৰ পৰিসীমাতেই আৱদ্ধ হৈ আছে, কোনো গোলকীয় ৰাজ্যৰ সম্ভাৱনা আজিও সৃষ্টি হোৱা নাই৷ ইয়াৰ বিপৰীতে বিত্ত পুঁজি হৈ পৰিছে আন্তৰ্জাতিক বা গোলকীয় আৰু সেয়েহে একোখন জাতি-ৰাজ্যৰ বিপৰীতে তাৰ ক্ষমতাও ভীষণভাৱে বৃদ্ধি হৈছে৷ অৰ্থাৎ সংকট অতিক্ৰমৰ বাবে পুঁজিবাদৰ ওচৰত পূৰ্বে যিপাত মূল অস্ত্ৰ (অৰ্থাৎ ৰাজ্যৰ দ্বাৰা চাহিদা মেনেজমেণ্ট) আছিল, আজি আৰু সেইপাত অস্ত্ৰ তাৰ ওচৰত মজুত নাই৷

তাত্ত্বিক দৃষ্টিৰে চাবলৈ গলে সমগ্ৰ বিশ্বতে এখন গোলকীয় ৰাজ্য নিৰ্মাণ সম্ভৱপৰ হোৱা হলে ই গোলকীয় বিত্ত পুঁজিৰ বিৰোধিতা আওকান কৰি চাহিদা মেনেজমেণ্টত হাত দিব পাৰিলেঁহেতেন, কিন্তু অদূৰ ভৱিষ্যতে এনে কোনো গোলকীয় ৰাজ্য নিৰ্মাণৰ সম্ভাৱনা দেখিবলৈ পোৱা নাযায়৷ এনে স্থিতিত গোলকীয় পুঁজিবাদী অৰ্থনীতিয়ে কেৱল এটা উপায়ৰ দ্বাৰাই বৰ্তমান সংকটৰ পৰা মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিব পাৰে – সেয়া হৈছে বিশ্বৰ সবাটোকৈ বৃহত্তম অৰ্থনীতি অৰ্থাৎ আমেৰিকান অৰ্থনীতিখনত ইটোৰ পাছত সিটোলৈ নতুন নতুন বেলুন(bubble)সৃষ্টি কৰা৷ পিছে এনে বেলুন লাগ বুলিলেই সৃষ্টি কৰিব নোৱাৰি আৰু সৃষ্টি হোৱাৰ পাছত ই যেতিয়া অৱধাৰিতভাৱে ফুটি যাব, ই পুনৰ গোলকীয় পুঁজিবাদী অৰ্থনীতিখনক নতুন সংকটৰ গৰাহলৈ ঠেলি দিব৷ অৰ্থাৎ গোলকীকৰণে পুঁজিবাদৰ সংকট পৰিত্ৰাণৰ মূল পদ্ধতিটোকেই (অৰ্থাৎ ৰাজ্যিক চাহিদা মেনেজমেণ্টক) নাইকিয়া কৰি পেলালে৷

দ্বিতীয়তে, গোলকীকৰণে মুঠ বিশ্ব উৎপাদনৰ অংশ হিচাপে “আৰ্থিক উদ্বৃত্ত“[1]ৰ অনুপাত যথেষ্ট বৃদ্ধি কৰিলে আৰু ইয়ো বৰ্তমানৰ সঙ্কট সৃষ্টি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগালে৷ এই আৰ্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধি হোৱাৰ আঁৰৰ কাৰণটো হৈছে – মেট্ৰপলিটান দেশবোৰৰ পৰা তৃতীয় বিশ্বৰ দেশবোৰলৈ বিশেষকৈ এছিয়াৰ দেশবোৰলৈ সস্তা শ্ৰমৰ সন্ধানত পুঁজিৰ স্থানান্তৰণ৷ এই স্থানান্তৰণৰ ফলত প্ৰথম বিশ্বৰ শ্ৰম বজাৰখনৰ সৈতে তৃতীয় বিশ্বৰ শ্ৰমবজাৰখনো যুক্ত হৈ পৰিল আৰু তৃতীয় বিশ্বৰ বিশাল সংৰক্ষিত শ্ৰমবাহিনীৰ উপস্থিতিৰ ফলত মুঠ মজুৰীৰ দৰ হ্ৰাসমান হৈ পৰিল৷ এইদৰেই গোলকীকৰণে সমগ্ৰ বিশ্বৰে শ্ৰমিকসকলক কম মজুৰী লবলৈ বাধ্য কৰিলে৷

একে সময়তে কিন্তু উৎপাদন ক্ষেত্ৰৰ এই স্থানান্তৰণে তৃতীয় বিশ্বৰ শ্ৰম ভাণ্ডাৰক শেষ কৰিব পৰা নাই৷ ইয়াৰ আঁৰত দুটা কাৰণ আছেঃ প্ৰথম, নিয়োগ সৃষ্টিৰ হাৰ এতিয়াও বেছ মন্থৰ হৈয়েই আছে (আৰ্থিক উদ্বৃত্তৰ অনুপাত তৃতীয় বিশ্বতো বৃদ্ধি পোৱাৰ ফলত ইয়ো নিয়োগ সৃষ্টিৰ হাৰ কম কৰি ৰখাত অৰিহণা যোগাই আহিছে)৷ দ্বিতীয়তে, তৃতীয় বিশ্বৰ পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদনকাৰীসকলৰ এটা লেখত লবলগীয়া অংশই কল্যাণকামী ৰাজ্যৰ পৰা dirigiste যুগত লাভ কৰি অহা বিভিন্ন ৰক্ষাকৱচ নব্য উদাৰবাদৰ যুগলৈ আহি হেৰুৱাই পেলাইছে আৰু “পুঁজিৰ আদিম সঞ্চয়ন”ৰ চিকাৰ হৈ পৰিছে৷ ই তেওঁলোকৰ উপাৰ্জন নিম্নতৰ কৰি ৰাখিছে আৰু এইদৰেই ইয়ো আৰ্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধি হোৱাত অৱদান আগবঢ়াইছে৷ নিজৰ পৰম্পৰাগত জীৱিকা হেৰুৱাই ক্ষুদ্ৰ উৎপাদকসকলে চহৰলৈ ঢাপলি মেলিছে আৰু এইদৰেই সংৰক্ষিত শ্ৰম বাহিনীৰ আকাৰো বৃদ্ধি পাইছে৷

এই সমস্ত পৰিঘটনাবোৰৰ ফলত এফালে মজুৰী সকলোতে স্থবিৰ হৈ ৰৈছে কিন্তু আনফালে শ্ৰমৰ উৎপাদনশীলতা কিন্তু সকলোতে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত বিভিন্ন দেশৰ অন্তৰ্ভাগত তথা গোলকীয়ভাৱেও আৰ্থিক উদ্বৃত্তৰ পৰিমাণ ভীষণভাৱে বৃদ্ধি পাইছে৷ যিহেতু শ্ৰমজীৱী শ্ৰেণীবোৰৰ তুলনাত উদ্বৃত্ত হস্তগতকৰ্তা শ্ৰেণীবিলাকৰ উপাৰ্জনৰ এটা সৰু অংশহে উপভোগৰ বাবে ব্যয় কৰা হয়[2], এনে স্থিতিত আৰ্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধিয়ে বিশ্ব অৰ্থনীতিখনত অতি-উৎপাদন(over-production)ৰ প্ৰৱণতা বৃদ্ধি কৰে৷ এই প্ৰৱণতাটো ডট কম, হাউছিং আদি বিভিন্ন “বেলুন” সৃষ্টিৰ কালত ঊহ্য হৈ থাকিব পাৰে, কিন্তু বেলুন ফুটি পৰাৰ পাছতেই সি প্ৰকাশ্যমান হৈ পৰে৷ মূল কথাটো হৈছে গোলকীকৰণৰ অন্তৰ্ভাগতে অতি-উৎপাদনৰ সঙ্কট সৃষ্টি কৰিব পৰাৰ প্ৰৱণতা লুকাই আছে, যিটো বৰ্তমানৰ সংকটৰ সময়ত ভালকৈয়ে বুজিব পৰা গৈছে৷

এফালে গোলকীকৰণে অতি-উৎপাদনৰ সঙ্কট সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিলে, আনফালে আকৌ সঙ্কট নিৰাময়ৰ বাবে পূৰ্বে পুঁজিৰ ওচৰত থকা একমাত্ৰ অস্ত্ৰপাত – অৰ্থাৎ ৰাজ্যৰ হস্তক্ষেপকো আঁতৰাই পেলালে৷ এইদৰেই আজি গোলকীকৰণে পুঁজিবাদক এক দীৰ্ঘকালীন সংকটৰ গৰাহলৈ ঠেলি দিছে৷ এই দীৰ্ঘকালীন সঙ্কট সাময়িকভাৱে সম্পত্তি-দামৰ বেলুন ওফন্দি উঠাৰ ফলত মাজেসময়ে শাম কাটিব পাৰে; কিন্তু এইদৰে সাময়িকভাৱে সংকটৰ শাম কাটিলেও ই সংকটৰ দীৰ্ঘকালীন বৈশিষ্ট্য্য্য্যটোক নস্যাৎ নকৰে৷ আজি আমি পুঁজিবাদৰ বিষয়ে আলোচনা কৰোঁতে এই দীৰ্ঘকালীন সংকটৰ দিশটোৰ প্ৰতিও মন দিব লাগিব যাৰ আঁৰৰ কাৰণবোৰ উদাৰবাদে বুজিব নোৱাৰে৷ উদাৰবাদৰ এই অক্ষমতাই বুৰ্জোৱাৰ সঙ্কট আৰু অধিক সঘন কৰি পেলাইছে আৰু এইদৰেই সমস্ত ব্যৱস্থাটোক অতিক্ৰম কৰিব পৰাকৈ এক নতুন সন্ধিক্ষণ নিৰ্মিত হব ধৰিছে৷

এই কথাখিনিৰ বুজ লবলৈ বৰ্তমান আৰ্থিক সংকটে গ্ৰহণ কৰা ৰাজনৈতিক ৰূপবোৰলৈ মন কৰক৷ আমি ইতিমধ্যেই আলোচনা কৰিছো যে বৰ্তমানৰ সঙ্কটটো আৰম্ভ হোৱাৰ পূৰ্বেই বিশ্বৰ শ্ৰমজীৱী জনগণৰ পৰা বিশ্বৰ উদ্বৃত্ত হস্তগতকৰ্তাসকলৰ হাতলৈ উপাৰ্জন স্থানান্তৰণৰ এটা প্ৰক্ৰিয়া সক্ৰিয় হৈ আছিল৷ এই স্থানান্তৰণৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল আমেৰিকাকে আদি কৰি বিশ্বৰ উন্নত পুঁজিবাদী দেশবোৰৰ শ্ৰমিকসকল৷ যোচেফ ষ্টিগলিজৰ মতে ২০১১ চনত আমেৰিকান শ্ৰমিক এজনে লাভ কৰা প্ৰকৃত মজুৰীৰ পৰিমাণ ১৯৬৮ চনত লাভ কৰা পৰিমাণতকৈ বিশেষ বৃদ্ধি হোৱা নাই; আনকি কবলৈ গলে ই নিম্নগামীহে হৈছে৷ একেটা কথাই বৃটিছ শ্ৰমিকসকলৰ ক্ষেত্ৰতো কব পাৰি৷ এনে পৰিস্থিতিত আৰ্থিক সংকটে তেওঁলোকৰ স্থিতি আৰু অধিক শোচনীয় কৰি পেলালে৷ আমি পূৰ্বেই আলোচনা কৰিছো যে কিদৰে তৃতীয় বিশ্বৰ শ্ৰমিক, কৃষক তথা পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদকসকলৰ স্থিতিও প্ৰথম বিশ্বৰ শ্ৰমিকসকলৰ দৰেই শোচনীয় হৈ গৈ আছে৷ সংকটে তেওঁলোকৰো স্থিতি আৰু অধিক বেয়ালৈ ঢাল খুৱালে৷ ইয়াৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে গোলকীকৰণৰ বিৰুদ্ধে শ্ৰমজীৱী জনগণৰ প্ৰতিৰোধ সংগ্ৰাম বৃদ্ধি হৈছে৷

পিছে মন কৰিবলগীয়া যে কোনো ঠাইতেই বাওঁপন্থীসকলে এই প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰা নাই৷ আনকি লেটিন আমেৰিকাতো দেখা গৈছে যে বাওঁপন্থীসকলৰ স্থিতি সম্প্ৰতি দুৰ্বল হৈ পৰিছে (আচলতে পুঁজিবাদী গোলকীকৰণৰ বিৰোধিতা লেটিন আমেৰিকান বাওঁ চৰকাৰবোৰৰ এজেণ্ডাৰ মূল অংগ নাছিল৷ বৰং তেলকে আদি কৰি primary commodity কেতবোৰৰ ভীষণ মূল্যবৃদ্ধিৰ ফলত স্ফীত হৈ পৰা চৰকাৰী উপাৰ্জনৰ অংশ জনগণৰ মাজত সমানুপাতিকভাৱে বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়েই বাওঁপন্থীসকল মহাদেশখনত জনপ্ৰিয় হৈ পৰিছিল আৰু বহুতো ঠাইত চৰকাৰো গঠন কৰিছিল৷ এতিয়া primary commodity বিলাকৰ দাম হ্ৰাস হৈ পৰাৰ ফলত এই বাওঁ চৰকাৰবোৰো বিপদত পৰিছে)৷ পশ্চিম এছিয়াৰ গণ্ডগোলবোৰৰ পৰা সাময়িকভাৱে নিষ্কৃতি পোৱাৰ পাছত এতিয়া আমেৰিকায়েও লেটিন আমেৰিকাৰ বাওঁ চৰকাৰবোৰক ওফৰাবলৈ প্ৰকাশ্য তথা গুপ্ত পদ্ধতিৰে বিভিন্ন অভিযান আৰম্ভ কৰিছে৷ অৱশ্যে আমাৰ বিশ্বাস যে লেটিন আমেৰিকাৰ বাওঁপন্থীসকলে এই প্ৰত্যাহবানৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হব, কিন্তু তথাপিও এই কথা মানি লবই লাগিব যে সাম্ৰাজ্যবাদী আক্ৰমণ আৰু primary commodity বিলাকৰ নিম্ন দামে এই অঞ্চলটোত বাওঁপন্থীসকলক সম্প্ৰতি পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিছে৷

এইক্ষেত্ৰত এটাই ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে – সেয়া হৈছে চীন৷ সম্প্ৰতি দেশখনত আনুষ্ঠানিক কমিউনিষ্ট পাৰ্টিৰ বিপৰীতে এটা শক্তিশালী নব্য মাওবাদী আন্দোলন গঢ় লৈ উঠিছে যি শ্ৰমিকৰ অধিকাৰ হনন তথা ক্ৰমবৰ্ধমান আয়ৰ অসমতাৰ ভিত্তিত গঠিত “ৰপ্তানি-আধাৰিত বিকাশ”ৰ বাগধাৰাটোক প্ৰত্যাহবান জনাইছে৷

বাওঁপন্থীসকলে গোলকীকৰণ বিৰোধী আন্দোলনবোৰত কিয় নেতৃত্ব দিব পৰা নাই, এইবিষয়ে কিছু ভবা চিন্তা কৰা উচিত৷ ইয়াৰ এক আংশিক কাৰণ নিশ্চিতভাৱে ছোভিয়েট সমাজবাদৰ পতন তথা সি প্ৰদান কৰা আঘাতৰ মাজত লুকাই আছে৷ আনকি যিসকল বাওঁপন্থীয়ে ছোভিয়েট ইউনিয়ন জীয়াই থাকোঁতে দেশখনৰ তীব্ৰ সমালোচনা কৰিছিল, সেইসকল বাওঁপন্থীকো ছোভিয়েটৰ পতনে গভীৰভাৱে প্ৰভাৱিত কৰি পেলাইছিল৷ কিন্তু কেৱল ইয়েই একমাত্ৰ কাৰণ হব নোৱাৰে৷ ইয়াৰ আন এটা কাৰণ হৈছে – পুঁজিবাদী গোলকীকৰণৰ বিষয়ে বাওঁপন্থীসকলৰ দৃষ্টিভংগীৰ মাজত এতিয়াও বহুখিনি দোদুদ্যমানতা আছে৷

ইউৰোপীয় বাওঁপন্থীসকলৰ মাজত এই দোদুদ্যমানতাৰ কিছু কাৰণো নথকা নহয়৷ ইউৰোপত গোলকীকৰণৰ এক অভিন্ন অংশ হৈছে ইউৰোপিয়ান য়ুনিয়নৰ গঠন যি পূৰ্বৰ আন্তঃসাম্ৰাজ্যবাদী বৈৰীতা তথা সংঘাতৰ বিপৰীতে এখন একক ইউৰোপ নিৰ্মাণ কৰিলে৷ এইক্ষেত্ৰত বহুতো ইউৰোপীয় বাওঁপন্থীয়ে ভয় কৰে যে গোলকীকৰণৰ বিৰোধিতাৰ ফলত ইউৰোপখন যদি পুনৰ পূৰ্বৰ জাতীয় অৰ্থনীতি তথা জাতি-ৰাজ্যৰ স্থিতিলৈ ঘূৰি যাবলৈ হয়, ই পুনৰ জাতীয়তাবাদ তথা জাতীয় অঁৰিয়াঅৰিৰ সৃষ্টি কৰিব৷ ইউৰোপত আজিও “জাতীয়তাবাদ” হৈছে এক ঘৃণ্য শব্দ৷ বেছিভাগ ইউৰোপীয় বাওঁপন্থীয়েই এই কথাটো মানি লবলৈ অস্বীকাৰ কৰে যে বাওঁপন্থীসকলৰ নেতৃত্বত যদি গোলকীকৰণৰ বিৰোধিতা কৰি জাতীয় অৰ্থনীতিবোৰ delinking কৰা হয়, তেতিয়া তেওঁলোকে ভয় কৰাৰ দৰে সোঁ-পন্থী জাতীয়তাবাদ আধিপত্যশালী হৈ নুঠিবও পাৰে৷ যি কি নহওক, গোলকীকৰণৰ বিৰোধিতা তথা ইউৰোপিয়ান ইউনিয়নৰ পৰা পশ্চাদপসৰণ – এইজাতীয় দাবী উত্থাপন কৰা বাওঁপন্থীৰ সংখ্যা ইউৰোপত তেনেই কম৷

এইখিনিতেই গ্ৰীচৰ চিৰিজা পাৰ্টিৰ পৰাজয়-স্বীকাৰৰ কথাটোও আলোচনা কৰিব পৰা যায়৷ ইউৰোপিয়ান ইউনিয়নৰ পৰা বহিষ্কৃত হোৱাৰ ভয়ত অৱশেষত তেওঁলোকে “ব্যয়-কৰ্তন”(austerity) নীতিকেই মানি ললে৷ বৃটেইনৰ ক্ষেত্ৰতো দেখা গল যে অধিকাংশ শ্ৰমিকে “Brexit” সমৰ্থন কৰাৰ পাছতো লেবাৰ পাৰ্টিৰ বাওঁপন্থী নেতা জেৰেমি কৰবিনে তাৰ বিৰোধিতা কৰি গল৷ অৰ্থাৎ ইউৰোপীয় বাওঁপন্থীসকল এতিয়াও বহুতো শ্ৰমিকে বিচৰাৰ দৰে গোলকীকৰণ বিৰোধী আন্দোলনৰ নেতৃত্ব দিবলৈ প্ৰস্তুত নহয়৷

বাওঁপন্থীসকলৰ এই দোদুল্যমানতাৰ ফলত ইউৰোপৰ ফেচিষ্ট দল-সংগঠনবোৰে জনগণৰ সমুখত নিজকে পৰিত্ৰাণকৰ্তা হিচাপে প্ৰক্ষেপ কৰিবলৈ বেছ সুবিধা পাইছে৷ মন কৰিবলগীয়া যে এক বুজন সংখ্যক শ্ৰমিক জনগণৰ মাজতো এই ফেচিষ্ট দলবোৰৰ গণআধাৰ গঠিত হৈছে৷ অৱশ্যে সাম্প্ৰতিক ফেচিবাদে যিমানেই চিঞৰ বাখৰ নকৰক কিয়, অৱশেষত ই আন্তৰ্জাতিক বিত্ত পুঁজিৰ সৈতে বুজা পৰালৈ আহিবই৷ খুউব বেছি সিহঁতে কিছুমান protectionist পদক্ষেপ হাতত লব ( ইতিমধ্যেই সিবিলাকৰ আৱিৰ্ভাৱ হৈছে)৷ পিছে এনে সৰু-সুৰা পদক্ষেপে পুঁজিবাদৰ সংকটৰ নিৰাময় কৰিব নোৱাৰে, আনকি “জাতীয়” অৰ্থনীতিৰ স্তৰতো আজি সেয়া সম্ভৱপৰ নহয়৷ ঠিক এইখিনিতেই ১৯৩০ৰ ফেচিবাদৰ সৈতে বৰ্তমানৰ ফেচিবাদৰ মূল পাৰ্থক্যটো লুকাই আছে৷ ত্ৰিশৰ দশকৰ ফেচিবাদে পুণঃসশস্ত্ৰকৰণ(rearmament) নীতিৰ জৰিয়তে নিজৰ দেশৰ পৰিসীমাৰ ভিতৰত আৰ্থিক মহামন্দা সমাপ্ত কৰিবলৈ সক্ষম হৈছিল (উদাহৰণঃ জাৰ্মানী আৰু জাপান)৷ কিন্তু সেইসময়ত বিত্ত পুঁজি জাতি-ৰাজ্য আধাৰিত আছিল আৰু আজিৰ দৰে গোলকীকৃত হৈ পৰা নাছিল৷ ফলত সেইসময়ত ফেচিবাদী জাতীয়তাবাদ আৰু জাতি-ৰাজ্য আধাৰিত বিত্ত পুঁজিৰ স্বাৰ্থৰ মাজত সমাপতন(coincidence) ঘটিছিল৷ পিছে আজিৰ দিনত বিত্ত পুঁজি গোলকীকৃত হৈ পৰিছে আৰু সেয়েহে ফেচিবাদী জাতীয়তাবাদৰ সৈতে তাৰ স্বাৰ্থৰ সমাপতন ঘটাৰ সম্ভাৱনা নাই৷ যিহেতু বিত্ত পুঁজিৰ আধিপত্যক প্ৰত্যাহবান জনাব পৰাকৈ ফেচিবাদৰ সাহস নাই, সেয়েহে উদাৰবাদৰ দৰেই দেশৰ অৰ্থনীতিখনক আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰাৰো কোনো ৰণনীতি তাৰ ওচৰত নাই৷

আমোদজনকভাৱে, ১৯৩০ৰ দশকত উদাৰবাদ আৰু ফেচিবাদ দুয়োয়েই ৰাজ্যৰ খৰচৰ জৰিয়তে আৰ্থিক সংকটৰ ওৰ পেলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল; অৱশ্যেই এই খৰচৰ ধৰণ আৰু লক্ষ্য দুয়োৰে ক্ষেত্ৰত ভিন ভিন আছিল৷ আজিৰ দিনতো দেখা যায় যে ফেচিবাদ আৰু উদাৰবাদৰ মাজত এটা সাদৃশ্য আছেঃ সেয়া হৈছে বৰ্তমানৰ সংকটৰ পৰা অৰ্থনীতিবিলাকক উদ্ধাৰ কৰিব পৰাকৈ দুয়োৰে ওচৰত কোনো ফলপ্ৰসূ কাৰ্যসূচী নাই৷ ঠিক এইখিনিতেই বাওঁপন্থীসকলে নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সুযোগ গ্ৰহণ কৰিব পাৰে; পিছে তাৰ বাবে তেওঁলোকে পুঁজিবাদী গোলকীকৰণ সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব আৰু গোলকীকৰণ বিৰোধী শ্ৰমিক প্ৰতিৰোধবিলাকৰ নেতৃত্ব প্ৰদান কৰিব লাগিব৷

বৰ্তমান সঙ্কটৰ পটভূমিত বিভিন্ন বৰ্ণবাদী, সংখ্যাগুৰুবাদী তথা ফেচিবাদী শক্তিৰ উত্থানে স্পষ্টকৈ দৰ্শাই দিছে যে পুঁজিবাদৰ স্বতঃস্ফূৰ্ততাৰ ফলত আজি ইজায়া বাৰ্লিনে উল্লেখ কৰা ঋণাত্মক স্বাধীনতাবোৰো বিপদৰ সমুখীন হৈছে৷ এই কথাটোও প্ৰতিপন্ন হৈছে যে উদাৰবাদে দাবী কৰাৰ দৰে পুঁজিবাদ ইমান নমনীয় নহয় যে প্ৰতিবাৰেই উদাৰবাদে আৰ্থিক সঙ্কটৰ পৰা উদ্ধাৰৰ পথ বিকশিত কৰিব পাৰিব৷

সি যি কি নহওক, মেট্ৰপলিটান বাওঁপন্থীসকলৰ দৰেই তৃতীয় বিশ্বৰ বাওঁপন্থীসকলৰ মাজতো গোলকীকৰণ সম্পৰ্কে কিছু দোদুল্যমানতা দেখা পোৱা যায়; অৱশ্যে ইয়াৰ কিছু সুকীয়া কাৰণ আছে৷ কথা হৈছে যে গোলকীকৰণৰ লগে লগে তৃতীয় বিশ্বৰ অৰ্থনীতিবোৰলৈ ঔদ্যোগিক তথা সেৱা উৎপাদনৰ বহুতো খণ্ডৰ স্থানান্তৰণ ঘটিছে৷ ই শ্ৰমজীৱী জনগণৰ অৱস্থা বিশেষ উন্নত কৰিব নোৱাৰিলেও তৃতীয় বিশ্বৰ এটা উদীয়মান “মধ্যবিত্ত শ্ৰেণী” নিশ্চিতভাৱে লাভাৱাম্বিত হৈছে৷ ব্ৰানক’ মিলান’ভিকৰ এখন শেহতীয়া গ্ৰন্থই স্পষ্টকৈ দৰ্শাইছে যে ভাৰত, চীন আদি দেশবোৰত উদীয়মান মধ্যবিত্ত শ্ৰেণীটোৰ এটা লেখত লবলগীয়া অংশ গোলকীকৰণৰ পৰা বিশেষভাৱে উপকৃত হৈছে৷

এইখিনিতেই উল্লেখ কৰা দৰকাৰ যে মাৰ্ক্সবাদী মহলসমূহত এতিয়াও প্ৰায়েই “উৎপাদনবাদ”ৰ প্ৰতি এক মতাদৰ্শগত আস্থা দেখিবলৈ পোৱা যায়; মাৰ্ক্সবাদৰ এই উৎপাদনবাদী সংস্কৰণটোৰ মতে পুঁজিবাদক তেতিয়াহে মৰণোন্মুখ বুলি কব পৰা যায় যেতিয়া ই উৎপাদিকা শক্তিবোৰক আৰু অধিক বিকশিত কৰিবলৈ অসমৰ্থ হয় (আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে লেনিনে মাৰ্ক্সবাদৰ এই উৎপাদনবাদী সংস্কৰণটোক নাকচ কৰিছিল)৷ যি কি নহওক, এই উৎপাদনবাদী মাৰ্ক্সবাদৰ প্ৰতি থকা আস্থাৰ বাবেই হওক বা উদীয়মান মধ্যবিত্ত শ্ৰেণীটোৰ সামাজিক তথা ৰাজনৈতিক ওজনৰ বাবেই হওক, তৃতীয় বিশ্বৰ বহুতো বাওঁপন্থী দল-সংগঠনে গোলকীকৰণ-বিৰোধী শ্ৰমিক প্ৰতিৰোধৰ নেতৃত্ব দিবলৈ অনিচ্ছা প্ৰকাশ কৰি আহিছে৷

পিছে এইখিনিতে মেট্ৰপলিচৰ বিপৰীতে তৃতীয় বিশ্বৰ এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে৷ মেট্ৰপলিছত আজিৰ দিনত ফেচিবাদী শক্তিবোৰে গোলকীকৰণৰ বিৰুদ্ধে অৱস্থান লৈছে আৰু এইদৰেই সিবিলাকে জনগণৰ কিছু আস্থাও হাছিল কৰিবলৈ সক্ষম হৈছে৷ পিছে তৃতীয় বিশ্বৰ ফেচিবাদী তথা অৰ্ধ-ফেচিবাদী শক্তিবোৰ সম্পূৰ্ণভাৱে গোলকীকৰণৰ সমৰ্থক৷ সিহঁতে ৰাজ্যযন্ত্ৰটোক ফেচিবাদী ৰাজ্যযন্ত্ৰলৈ পৰিণত কৰাৰ প্ৰকল্পটোৰ বাবে আন্তৰ্জাতিক বিত্ত পুঁজিৰ সমৰ্থন আশা কৰে (যেনে ভাৰতৰ হিন্দুত্ববাদীসকল)৷ ইয়াৰ অৰ্থ হৈছে, গোলকীকৰণ-বিৰোধী শ্ৰমিক সংগ্ৰামখনত তৃতীয় বিশ্বৰ বাওঁপন্থীসকলে ফেচিবাদী শক্তিবোৰৰ সৈতে মিলিত হোৱাৰ প্ৰয়োজন নাই৷ আন কথাত, তৃতীয় বিশ্বৰ দেশবোৰত ৰাজনৈতিক গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামখনৰ সৈতে গোলকীকৰণ বিৰোধী সংগ্ৰামখনৰ কোনো অন্তৰ্বিৰোধ নাই; বৰং দুয়োখন সংগ্ৰাম ইখন সিখনৰ পৰিপূৰক৷

বিশ্ব পুঁজিবাদৰ এক নতুন সন্ধিক্ষণৰ আৱিৰ্ভাৱ হৈছে আৰু ই লেনিনীয় সন্ধিক্ষণৰ সৈতে একে নহলেও লেনিনীয় সন্ধিক্ষণৰ দৰেই গোলকীয় পুঁজিবাদৰ বিপৰীতে এটা বিপ্লৱী প্ৰত্যাহবানৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ অৱশ্যে এই বিষয়ে কোনো সন্দেহ নাই যে ভাৰত, চীন আদি দেশবোৰত উদীয়মান মধ্যবিত্ত শ্ৰেণীটোৱে এক বিশাল ৰক্ষণশীল শক্তিৰ ৰূপ লৈছে যি ব্যৱস্থা বিৰোধী সংগ্ৰামখনৰ বাবে এক বাধাৰ সৃষ্টি কৰিছে৷ কিন্তু লাহে লাহে যেতিয়া সঙ্কট এই দেশবোৰলৈও বিয়পি যাব, তেতিয়া এই মধ্যবিত্ত শ্ৰেণীটোও গোলকীকৰণৰ প্ৰতি বিতুষ্ট হৈ পৰিব বুলি আশা কৰিব পাৰি৷

আমাৰ দৰে সমাজবোৰত পুঁজিবাদ বিৰোধী সংগ্ৰামখনে এক দীৰ্ঘকালীন ৰূপ লবলৈ বাধ্য, যি প্ৰথমে কৰ্পৰেট-বিত্তীয় কুলীনতন্ত্ৰ (যাৰ বন্ধু হৈছে দেশী জমিদাৰ তথা আন্তৰ্জাতিক বিত্ত পুঁজি) বিৰোধী এক গণতান্ত্ৰিক বিপ্লৱৰ ৰূপ লব৷ কিন্তু এই গণতান্ত্ৰিক বিপ্লৱে প্ৰাক-অক্টোবৰ বলছেভিক কাৰ্যসূচীতকৈ আৰু অধিক আগবাঢ়ি যাব লাগিব৷ ই কেৱল ভূমি-বিতৰণৰ দাবী কৰিলেই নহব, লগতে ই অন্যান্য বহুতো পদক্ষেপ লব লাগিব যিবোৰ নব্য-উদাৰবাদী ৰাজ্যৰ বিপৰীতে এক শ্ৰমিক-কৃষকৰ মিত্ৰ ৰাজ্যই লব বুলি আশা কৰা হয়৷ এফালে ক্ষুদ্ৰ উৎপাদনৰ ৰক্ষণাৱেক্ষণ তথা উদগনি সুনিশ্চিত কৰা হব, আনফালে অৰ্থনীতিৰ ‘কমাণ্ডিং হাইট’ অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰক ৰাজ্যই নিজৰ হাতলৈ আনিব৷ ৰাজ্যৰ দ্বাৰা দেশৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ নিয়ন্ত্ৰণ, বিনামূলীয়াকৈ সকলোকে সৰ্বজনীন শিক্ষা তথা স্বাস্থ্যসেৱা প্ৰদান, সমাজৰ সকলো অংশৰে গণতান্ত্ৰিক অধিকাৰবোৰৰ ৰক্ষণাৱেক্ষণ এই কাৰ্যসূচীৰ অংশবিশেষ হব৷

এইখিনিতে কাৰ্যসূচীৰ কেতবোৰ বিশিষ্ট উপাদান – যি কেতবোৰ বিশেষ লক্ষ্য গঠন কৰে আৰু এই লক্ষ্যবোৰ হাছিল কৰিবলৈ হাতত লোৱা আন কেতবোৰ বিশেষ উপাদান – এই দুয়োৰে মাজত কিছু পাৰ্থক্য সূচীত কৰা উচিত হব৷ এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য হোৱা উচিত সকলো নাগৰিকৰ বাবে কেতবোৰ সংবিধান প্ৰদত্ত, ন্যায়পূৰ্ণ তথা সৰ্বজনীন মৌলিক আৰ্থিক অধিকাৰ গঠন কৰা৷ সিবিলাকৰ ভিতৰত অন্যতম হব খাদ্যৰ অধিকাৰ, নিয়োগৰ অধিকাৰ, বিনামূলীয়া উচ্চমানৰ শিক্ষাৰ অধিকাৰ, আবাসগৃহৰ অধিকাৰ, পৰ্যাপ্ত পৰিমাণে বৃদ্ধপেঞ্চন তথা প্ৰতিবন্ধী সাহায্যৰ অধিকাৰ৷

আৰ্থিক অধিকাৰবোৰৰ প্ৰতি উদাৰবাদৰ দৃষ্টিভংগী বেছ আমোদজনক৷ এফালে উদাৰবাদী অৰ্থশাস্ত্ৰই পুঁজিবাদক এক নমনীয় ব্যৱস্থা ৰূপে প্ৰক্ষেপ কৰে আৰু দাবী কৰে যে বৰ্তমানৰ সমাজখনৰ আয় তথা সম্পত্তিৰ পৰাই আৰ্থিক অধিকাৰ কেতবোৰ গঠন কৰিব পৰাকৈ বিত্তীয় সম্পদ উলিয়াব পৰা যায়, আনফালে উদাৰবাদী দৰ্শনে নিজে কিন্তু কেতিয়াও এনে আৰ্থিক অধিকাৰৰ দাবী কৰা নাই (সামাজিক সুৰক্ষাকৱচ বা safety-netৰ কথাটো সুকীয়া)৷ কিছুমান উদাৰবাদী দাৰ্শনিকে আনকি এনে আৰ্থিক অধিকাৰ গঠনৰ ন্যায্যতাকো প্ৰশ্ন কৰে কিয়নো তেওঁলোকৰ মতে যিবোৰ অধিকাৰক সুনিশ্চিত কৰিব পৰা নাযায়, তেনেবোৰ অধিকাৰ গঠন কৰাৰ কোনো অৰ্থ নাই৷ যিহেতু আৰ্থিক অধিকাৰবোৰ সুনিশ্চিত কৰিব নোৱাৰি, সেয়েহে আৰ্থিক অধিকাৰ গঠন বা দাবী কৰাৰো কোনো অৰ্থ নাই৷ পিছে কিয়নো এই আৰ্থিক অধিকাৰবোৰ সুনিশ্চিত কৰিব নোৱাৰি, তাৰ কোনো উত্তৰ কিন্তু উদাৰবাদে আজিলৈকে দিয়া নাই৷

এইক্ষেত্ৰত উদাৰবাদৰ দুটা তত্ত্বগত দুৰ্বলতা পৰিলক্ষিত হয়৷ প্ৰথমঃ যদিহে পুঁজিবাদ সঁচাকৈয়ে এটা নমনীয়(malleable) ব্যৱস্থা, তেনেহলে এনে অধিকাৰবোৰ সুনিশ্চিত কৰিব পৰাকৈ ব্যৱস্থাটোৰ ক্ষমতা থাকিব লাগিছিল৷ দ্বিতীয়তে, যদিহে পুঁজিবাদে এনে কোনো অধিকাৰ সুনিশ্চিত কৰিব নোৱাৰেই, তেনেহলে উদাৰবাদে পুঁজিবাদক অতিক্ৰমি এক বিকল্প ব্যৱস্থা নিৰ্মাণৰ পোষকতাহে কৰা উচিত; পুঁজিবাদে সুনিশ্চিত কৰিব নোৱাৰে বুলি নিজৰ দাবীবোৰক সীমাৱদ্ধ কৰি পেলোৱা অনুচিত৷ যিকোনো নিষ্ঠাবান উদাৰবাদীয়ে এই প্ৰশ্নবোৰৰ সমুখীন হবই লাগিব৷

আন কথাত কবলৈ গলে, এই অধিকাৰবোৰে কোনো বিশেষ আৰ্থিক ব্যৱস্থাপনাৰ আগলৈ গৈয়ো অগ্ৰাধিকাৰ পাব লাগিব; বা আৰ্থিক ব্যৱস্থাপনা এনেকৈ গঠন কৰিব লাগিব যাতে এই অধিকাৰবোৰক সাব্যস্ত কৰিব পৰা যায়৷ যিহেতু পুঁজিবাদ হৈছে এক স্বতঃস্ফূৰ্ত ব্যৱস্থা আৰু ই সম্পূৰ্ণ নিয়োগ সুনিশ্চিত কৰিব নোৱাৰে, সেয়েহে মোৰ বিশ্বাস যে কেৱল সমাজবাদৰ অধীনতহে এই অধিকাৰবোৰক ফলপ্ৰসূভাবে সাব্যস্ত কৰিব পৰা যাব৷ সেয়েহে লেনিনৰ ভাষাত কবলৈ গলে বৰ্তমানৰ প্ৰসংগত এই দাবীবোৰ হব “সংক্ৰমণকালীন দাবী”৷ পিছে সেয়া হৈছে আন এক প্ৰসংগ৷ আমি এই দাবীবোৰৰ প্ৰতি সৰ্বাধিক দায়বদ্ধতা দাবী কৰিব লাগিব আৰু উদাৰবাদে যদি দায়বদ্ধ হবলৈ অস্বীকাৰ কৰে, সি তাৰ দ্বি-চৰিত্ৰকেই প্ৰমাণিত কৰিব৷ বাওঁপন্থীসকলে কিন্তু এই অধিকাবোৰৰ প্ৰতি সৰ্বজনীন দায়বদ্ধতা দাবী কৰি সংগ্ৰাম কৰিব লাগিব যাতে নাগৰিকত্বৰ ধাৰণাটোক এক বলিষ্ঠ অৰ্থ প্ৰদান কৰিব পৰা যায়৷

এইখিনিতে কোনোবাই কব পাৰে যে সৰ্বজনীন আৰ্থিক অধিকাৰৰ দাবী হৈছে “অমাৰ্ক্সীয়” কিয়নো মাৰ্ক্সে ব্যক্তিগত অধিকাৰৰ দাবীটোক গম্ভীৰভাৱে লোৱা নাছিল৷ এই প্ৰসংগত তিনিটা কথা কব পাৰি৷ প্ৰথমঃ মই গণতান্ত্ৰিক বিপ্লৱৰ এজেণ্ডাৰ কথাহে আলোচনা কৰিছোঁ৷ যিদৰে গণতান্ত্ৰিক বিপ্লৱৰ অংশ হিচাপে ভূমি-বিতৰণৰ দাবী কৰিলে তাক ব্যক্তিগত সম্পত্তিৰ প্ৰতিৰক্ষা বুলি কব নোৱাৰি, ঠিক তেনেকৈয়ে ব্যক্তিৰ বাবে আৰ্থিক অধিকাৰৰ দাবী কৰাৰ অৰ্থ এইটো নহয় যে আমি সীমাহীন ব্যক্তিবাদৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব৷ দ্বিতীয়তে ব্যক্তি আৰু সমষ্টিৰ দ্বন্দ্ব্ব্ব্বৰ প্ৰসংগত ব্যক্তিক আওকান কৰিব লাগিব বুলি মই বিশ্বাস নকৰোঁ৷ আচলতে ইয়াৰ বিপৰীতে সমষ্টিৰ অংশবিশেষ হৈয়েই ব্যক্তিয়ে নিজৰ স্ব-বিকাশ সম্পূৰ্ণ কৰিব পাৰে৷ তৃতীয়তে, আমাৰ নিচিনা সমাজ এখনত য’ত হেজাৰ হেজাৰ বছৰ ধৰি জাতি ব্যৱস্থাই সমতাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰি আহিছে, তেনে এখন সমাজত আৰ্থিক অধিকাৰ প্ৰাপ্ত নাগৰিকৰ ধাৰণাটোৱে সমাজখনক বহু আগলৈ আগুৱাই লৈ যাব পাৰিব৷ এইবোৰ প্ৰসংগক আওকান কৰি কেৱল সমষ্টি নিৰ্মাণৰ কথা কোৱাৰ অৰ্থ হৈছে – দীৰ্ঘকালীন লক্ষ্যৰ কথা কবলৈ গৈ হ্ৰস্ৰকালীন লক্ষ্যবোৰ পাহৰি যোৱা৷

মই প্ৰথমটো বক্তৃতাতে উল্লেখ কৰিছোঁ যে মাৰ্ক্সৰ মতে প্ৰলেটাৰিয় বিপ্লৱ বুৰ্জোৱা বিপ্লৱৰ দৰে চমক সৃষ্টি কৰা বস্তু হব নোৱাৰে; বৰং ই হব এক দীঘলীয়া, কষ্টসাধ্য তথা সাধাৰণ যেন লগা এটা প্ৰক্ৰিয়া৷ মই বিশ্বাস কৰোঁ যে পূৰ্বৰ লেনিনীয় সন্ধিক্ষণৰ দৰেই এটা নতুন সন্ধিক্ষণৰ আৱিৰ্ভাৱ হৈছে যি উপস্থিত পুঁজিবাদী ব্যৱস্থাটোক অতিক্ৰম কৰি যাব পৰাকৈ নতুন জোঁৱাৰৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ পিছে অক্টোবৰ বিপ্লৱৰ বিপৰীতে এইবাৰৰ প্ৰক্ৰিয়াটো হব অতিশয় মন্থৰ, দীঘলীয়া তথা কষ্টসাধ্য, য’ত আগবাঢ়ি যোৱাৰ পূৰ্বচৰ্তই হব যে বলিষ্ঠভাৱে জনগণৰ অধিকাৰ তথা স্বাধীনতাবোৰক ৰক্ষা কৰা, সিবিলাকৰ পৰিসৰ বৃদ্ধি কৰা৷ গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰাম আৰু পুঁজিবাদী গোলকীকৰণ বিৰোধী সংগ্ৰাম এই নতুন সন্ধিক্ষণৰ দুটা মূল লাইখুটা হ’ব৷ সমষ্টি নিৰ্মাণৰ প্ৰক্ৰিয়াটোও ব্যক্তিৰ অধিকাৰৰ ৰক্ষণাৱেক্ষণ তথা সম্প্ৰসাৰণৰ বাটেৰেই আগবাঢ়ি যাব৷

……………

[1] মাৰ্ক্সবাদী পৰম্পৰাৰ অধীনত “আৰ্থিক উদ্বৃত্ত”ৰ ধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল পল চুইজিয়ে৷ ই মাৰ্ক্সৰ “উদ্বৃত্ত মূল্য”ৰ ধাৰণাটোতকৈ কিছু পৃথক৷ সহজ ভাষাত কবলৈ গলে – আৰ্থিক উদ্বৃত্ত হৈছে সমাজখনে উৎপাদন কৰা সমস্ত সামগ্ৰী তথা সামগ্ৰীখিনিৰ নিৰ্মাণত হোৱা খৰচখিনিৰ মাজৰ পাৰ্থক্য৷ – অনুবাদক

[2] ইয়াৰ বিপৰীতে কিন্তু শ্ৰমজীৱী শ্ৰেণীবিলাকৰ উপাৰ্জনৰ সৰহ অংশই উপভোগৰ বাবে ব্যয় কৰা হয়৷

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in লেছেৰি বোটলা

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: