লেনিনীয় সন্ধিক্ষণ (মূল : প্ৰভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা হৈছে। – অনুবাদক)

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূৰ্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্ৰাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্ৰমিকে আন দেশৰ শ্ৰমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অৰ্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে৷ ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে৷ ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে৷ এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্ৰমিক শ্ৰেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্ৰমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ – যেনে “শ্ৰমিক অভিজাততন্ত্ৰ”ৰ অংশবিশেষ ট্ৰেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুৰ্নীতিগ্ৰস্ততা মূল কাৰক বুলি ভবা হল৷ ইয়াৰ অৰ্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পৰ্ক চ্ছেদ কৰিব লাগিব আৰু প্ৰয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব৷

এই ধাৰণাটোৰ আধাৰতে তৃতীয় ইণ্টাৰনেছনেল বা কমিউনিষ্ট ইণ্টাৰনেছনেলৰ গঠন কৰা হৈছিল৷ ইণ্টাৰনেছনেলৰ কাৰ্যসূচীৰ আঁৰত প্ৰধান ধাৰণাটো আছিল “পুঁজিবাদৰ সাধাৰণ সংকট” – যি ঠিক এই সন্ধিক্ষণটোৰ প্ৰতিয়েই আঙুলিয়াই দিছিল৷ যদিওবা “অকলেই আগবঢ়া”ৰ ফলত বিপ্লৱৰ সামাজিক ভিত্তিটো সংকোচিত হৈ পৰিছিল, ইয়াৰ একমাত্ৰ বিকল্পটো আছিল – স্বয়ং বিপ্লৱৰ সম্ভাৱনাটোকেই নসাৎ কৰা – অৰ্থাৎ শ্ৰমিক শ্ৰেণীৰ ঐতিহাসিক কৰ্তব্যৰ সৈতে বিশ্বাসঘাটকতা কৰা৷

আন কথাত কবলৈ গলে, সেই সময়ত আশা কৰা হৈছিল যে শ্ৰমিক শ্ৰেণীৰ একাংশ নেতাৰ লগতে স্বয়ং শ্ৰেণীটোৰো একাংশই হয়তো প্ৰথমছোৱা সময়ত বিপ্লৱত অংশগ্ৰহণ নকৰিব, হয়তো তেওঁলোকে তাৰ বিৰোধিতাও কৰিব – কিন্তু এই নিষ্ক্ৰিয়তা বা বিৰোধিতা বেছিদিনকৈ বৰ্তি থাকিব নোৱাৰে৷ অচিৰেই তেওঁলোকে পুনৰ ঘূৰি আহি বিপ্লৱত অংশগ্ৰহণ কৰিব৷ এইখিনিতে লেনিনে সংসদবাদৰ প্ৰশ্নটোৰ প্ৰসংগত লুকাচ্চক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰা “ঐতিহাসিক” বনাম “প্ৰেকটিকেল” শব্দযুগলৰ প্ৰয়োগ কৰি আমিও কব পাৰোঁ যে সেইসময়ত আশা কৰা হৈছিল – যদিও পুঁজিবাদৰ “প্ৰেকটিকেল” মৰণোন্মুখতা শ্ৰমিক শ্ৰেণীৰ একাংশই তাৎক্ষণিকভাৱে বুজিবলৈ সক্ষম নহব পাৰে, ব্যৱস্থাটোৰ “ঐতিহাসিক” মৰণোন্মুখতাই অৱশেষত তেওঁলোকক কথাখিনি স্পষ্টকৈ বুজাই দিব৷ তদুপৰি “অকলে আগবঢ়া”ৰ ফলত বিপ্লৱৰ সামাজিক আধাৰৰ সংকোচনে সৃষ্টি কৰা সমস্যাটোৰ সমাধান বিচাৰি পোৱা যাব আন্তৰ্জাতিক বিপ্লৱৰ মাজত – অৰ্থাৎ যিহেতু এখনৰ পাছত এখনকৈ বিভিন্ন দেশত বিপ্লৱ সংঘটিত হব – ই বিপ্লৱী দেশ একোখনে আন এখনক সহায় কৰাৰ পৰিস্থিতিও সৃষ্টি কৰিব আৰু ফলত কোনো এখন দেশেই অকলশৰীয়া হৈ আৱদ্ধ হৈ থাকিবলগীয়া নহব৷

লেনিনীয় সন্ধিক্ষণ বিষয়ক বিপ্লৱীসকলৰ এই ধাৰণাখিনি – এইটো এটা অতিশয় গুৰুত্বপূৰ্ণ বিন্দু৷ প্ৰায়েই কোৱা হয় যে অক্টোবৰ বিপ্লৱৰ বিশাল লক্ষ্য, প্ৰসাৰ তথা তাৎপৰ্য সত্ত্বেও ই আছিল মূলতঃ এটা সৰু বিপ্লৱী গোটৰ দ্বাৰা ক্ষমতাৰ কুক্ষিগতকৰণ আৰু ঠিক এইটো কাৰণৰ বাবেই বিপ্লৱে পাছলৈ এক কৰ্তৃত্ববাদী চৰিত্ৰ ধাৰণ কৰিলে৷ পিছে এইজাতীয় যুক্তিয়ে সাধাৰণতেই এটা কথা বুজিব নোৱাৰে – অক্টোবৰ বিপ্লৱ কোনো ব্লাংকিসদৃশ ষড়যন্ত্ৰকাৰী বিপ্লৱীৰ দ্বাৰা ক্ষমতাৰ সুবিধাবাদী কুক্ষিগতকৰণ নাছিল – বৰং বিপ্লৱীসকলে সঁচাকৈয়ে বিশ্বাস কৰিছিল যে স্বয়ং ইতিহাস বিপ্লৱীসকলৰ পক্ষত আছে৷ যেতিয়া য়ুলি মাৰ্টভে চোভিয়েট কংগ্ৰেছ ত্যাগ কৰি বাহিৰলৈ ওলাই আহিছিল – তেওঁৰ প্ৰাক্তন ছাত্ৰ লিয়ন ট্ৰটস্কীয়ে তেওঁক পিছফালৰ পৰা চিঞৰি কৈছিল – “যোৱা, ইতিহাসৰ ডাষ্টবিনত সোমাই পৰাগৈ যোৱা”৷ এইজাতীয় উদাহৰণবোৰে বলচেভিকসকলৰ সেইসময়ৰ ঐতিহাসিক সন্ধিক্ষণ বিষয়ক দৃঢ় বিশ্বাসবোৰকেই প্ৰদৰ্শন কৰে৷

কেৱল সোঁপন্থী ধাৰভাষ্যকাৰেই নহয়, যি বিপ্লৱটোক কেৱল এক ষড়যন্ত্ৰৰ ৰূপত (কেতিয়াবা আনকি ইহুদী ষড়যন্ত্ৰৰ ৰূপত) চায়, বা উদাৰবাদী লেখক – যি বিপ্লৱটোক দৃঢ়মনা কিছু বিপ্লৱীৰ দ্বাৰা (শ্ৰমিকৰ হৈ তথা শ্ৰমিকৰ নামত কৰা কিন্তু শ্ৰমিক নেতৃত্ব অবিহনে) সংঘটিত কৰা এক অভ্যুত্থানৰ ৰূপত চায় –বহুতো মাৰ্ক্সবাদী লেখকেও বিপ্লৱটোৰ প্ৰসংগত এই বিন্দুটো বুজিবলৈ অসমৰ্থ হয়৷ উদাহৰণস্বৰূপে, বহুতো মাৰ্ক্সবাদীয়ে কয় যে বলচেভিকসকলৰ দ্বাৰা চোভিয়েট অনুষ্ঠানটোৰ ভংগকৰণ কেৱল এটা ঐতিহাসিক টাৰ্নিং পইণ্টেই নাছিল – যাৰ পাছৰ পৰা বিপ্লৱত গণ্ডগোলবোৰ হবলৈ আৰম্ভ কৰিছিল – বৰং ই আছিল এক কেন্দ্ৰীয়কৃত পাৰ্টিৰ দ্বাৰা স্বয়ং শ্ৰমিক শ্ৰেণীৰ হাতৰ পৰা ক্ষমতাৰ কুক্ষিগতকৰণ৷ এইজাতীয় চিন্তনে এই কথাটো বুজিবলৈ অসমৰ্থ হয় যে যিসকলে এনেকৈ “ক্ষমতাৰ কুক্ষিগতকৰণ” কৰিছিল তেওঁলোকে সঁচাকৈয়ে ভাবিছিল যে ইতিহাস তেওঁলোকৰ পক্ষত আছে – অৰ্থাৎ তেওঁলোকৰ একচন হৈছে বৈধ আৰু ইতিহাসৰ গতিধাৰাই তেওঁলোকৰ এই কাৰ্যক সঠিক বুলি প্ৰমাণিত কৰিব৷

যেতিয়া আমি এই “ক্ষমতাৰ কুক্ষিগতকৰণ”ক এই বৈকল্পিক দৃষ্টিৰে চাওঁ, তেতিয়া ঘটনাৱলীৰ এখন ভিন্ন ছবি পৰিষ্কাৰ হৈ পৰে; আমি বুজিবলৈ সক্ষম হওঁ যে এই “ক্ষমতা-কুক্ষিগতকৰণ”ৰ আঁৰত পাৰ্টিৰ কোনো “স্বাৰ্থপৰ” মানসিকতাই কাম কৰা নাছিল, নেতৃত্বৰ ব্যক্তিগত স্বাৰ্থপৰতাৰতো প্ৰশ্নই উত্থাপন হব নোৱাৰে৷ পাৰ্টিয়ে অনুভৱ কৰিছিল যে সৰ্বহাৰাৰ একনায়কত্ব ৰক্ষা কৰিবলৈ সেই মুহূৰ্তত পাৰ্টিৰ একনায়কত্ব স্থাপন কৰাটো জৰুৰী হৈ পৰিছে – অৰ্থাৎ সেই মুহূৰ্তত এনে পদক্ষেপ লোৱাটো ঐতিহাসিকভাৱেই প্ৰয়োজনীয় হৈ পৰিছিল৷ এই বিশ্লেষণ শুদ্ধ আছিল নে ভুল আছিল – সেই বিষয়ে আলোচনা হব পাৰে – কিন্তু ইয়াৰ অৰ্থ এইটো মুঠেও নাছিল যে কেৱলমাত্ৰ পাৰ্টিৰ একনায়কত্বৰ জৰিয়তেই সৰ্বহাৰাৰ একনায়কত্বই সৰ্বদা শাসন কৰিব লাগিব৷ আন কথাত, পাৰ্টিৰ একনায়কত্বই হৈছে সৰ্বহাৰাৰ একনায়কত্বৰো একমাত্ৰ তথা আৱশ্যকীয় ৰূপ – এইজাতীয় যুক্তি সেইসময়ত কোনেও দিয়া নাছিল৷ এইজাতীয় ধাৰণাবোৰ পিছলৈহে প্ৰচলিত হৈ পৰে৷ কিন্তু চোভিয়েট অনুষ্ঠানটো ভংগ কৰি দিয়াৰ সময়ত বলচেভিকসকলৰ মনত এইজাতীয় যুক্তিয়ে ক্ৰিয়া কৰা নাছিল, যদিওবা চোভিয়েট ভংগকৰণৰ সিদ্ধান্তটো আজি আমি ইচ্ছা কৰিলে সমালোচনা কৰিব পাৰোঁ৷

আমোদজনকভাৱে, এই কথাষাৰ – যে বিপ্লৱক ৰক্ষা কৰিবলৈ প্ৰয়োজন হলে সংখ্যাগৰিষ্ঠৰ দ্বাৰা গণতান্ত্ৰিক সিদ্ধান্তৰ নিয়মটোও জলাঞ্জলি দিব লাগিব –এই কথাষাৰ লেনিন বা আন কোনো বলচেভিক নেতাই কোৱা নাছিল, বৰং এই মন্তব্য আছিল স্বয়ং প্লেখানভৰ – যাক “ৰুছ মাৰ্ক্সবাদৰ পিতৃ” বুলি কোৱা হয়৷ ক্ৰুপস্কায়াৰ মতে প্লেখানভৰ এই পজিচনটোৱে লেনিনক বিশেষভাৱে প্ৰভাৱিত কৰিছিল আৰু উপযুক্ত সময়ত এনে সিদ্ধান্ত লবলৈ তেওঁক প্ৰেৰণা যোগাইছিল৷ চমূ কথাত কবলৈ গলে – মই এইটোৱেই কব বিচাৰিছোঁ যে ইতিহাসৰ জটিলতাবোৰক আমি পাৰ্টি বা ব্যক্তিবিশেষৰ স্বাৰ্থপৰ ক্ষমতালিপ্সাৰ ৰূপত সংকোচিত কৰি চোৱাটো উচিত নহয়৷

এই বিশ্বাসটো – যে ইতিহাস তেওঁলোকৰ পক্ষত আছে আৰু সৰ্বহাৰাৰ হৈ প্ৰয়োজন হলে পাৰ্টিৰ একনায়কত্বৰ যোগেদিও ক্ষমতা দখল তথা তাৰ সুৰক্ষা প্ৰদান ঐতিহাসিকভাৱে বৈধ কাৰ্য – ইয়াৰ আঁৰত এই ধাৰণাটোৱে ক্ৰিয়া কৰিছিল যে অতি সোনকালেই অন্যান্য দেশতো বিপ্লৱ সংঘটিত হবলৈ গৈ আছে৷ লেনিনে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে বলচেভিক বিপ্লৱ জীয়াই থাকিবলৈ সক্ষম হব যদিহে অন্যান্য দেশতো বিপ্লৱ সংঘটিত হয়৷ প্ৰথমে জাৰ্মান বিপ্লৱৰ পৰা বহুখিনি আশা কৰা হৈছিল, কিন্তু ক্ৰমাৎ সেই সপোন ভংগ হোৱাত লেনিনে পূবলৈ চাবলৈ আৰম্ভ কৰিলেঃ চীন তথা ভাৰতত বিপ্লৱৰ সম্ভাৱনা সম্পৰ্কে আলোচনা আৰম্ভ হল৷ লেনিনে আনকি এইবুলিও কলে যে ৰুছ, চীন আৰু ভাৰত – এই তিনিখন দেশতেই বিশ্বৰ সৰহভাগ মানুহ থাকে আৰু কেনেবাকৈ এই তিনিখন দেশত বিপ্লৱ সংঘটিত হবলৈ হলে ই নিশ্চিতভাৱে আন্তৰ্জাতিক শক্তি-সন্তুলন সমাজবাদৰ অনুকূল কৰি পেলাব৷

আন আন অঞ্চলত বিপ্লৱৰ আসন্নতা সম্পৰ্কীয় এই বিশ্বাসৰ আঁৰত “লেনিনীয় সন্ধিক্ষণ” বা “পুঁজিবাদৰ সাধাৰণ সংকট”ৰ ধাৰণাটোৱে ক্ৰিয়া কৰিছিল – এই বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ৷ ক্ষমতা দখল বিষয়ক সমস্ত লেনিনীয় ধাৰণাবোৰ – যে যতেই সম্ভৱ শ্ৰমিকৰ দ্বাৰা ক্ষমতা দখল কৰা উচিত, শ্ৰমিকৰ কোনো কোনো অংশ বিপ্লৱৰ বাবে প্ৰস্তুত নহলে অকলেই আগবাঢ়ি যোৱা উচিত, প্ৰয়োজন হলে সংখ্যাগৰিষ্ঠৰ মত উলাই কৰি হলেও বিপ্লৱী দলৰ নেতৃত্বৰ জৰিয়তে ক্ষমতা ধৰি ৰখা উচিত – এনে সমস্ত ধাৰণাবোৰৰ আঁৰত এই বিশ্বাসে কাম কৰিছিল যে ইতিমধ্যেই এক বিশ্ব বৈপ্লৱিক সন্ধিক্ষণ আহি উপস্থিত হৈছে যি অচিৰেই পুঁজিবাদৰ হাতোৰাৰ পৰা বিশ্বৰ এটা বৃহৎ অংশক মুক্ত কৰি পেলাব৷ এই সন্ধিক্ষণটোক মই “লেনিনীয় সন্ধিক্ষণ” নামেৰে নামকৰণ কৰিছোঁ৷

লেনিনীয় সন্ধিক্ষণৰ উপস্থিতিৰ কথাটো মাৰ্ক্সবাদীসকলৰ লগতে বহুতো মাৰ্ক্সবাদবিৰোধী পণ্ডিতেও মানি লৈছিল৷ এইক্ষেত্ৰত এটা প্ৰধান উদাহৰণ হৈছেজন মেয়নাৰ্ড কেইনছ – যাৰ Economic Consequences of Peace গ্ৰন্থখনৰ পৰা কমিণ্টাৰ্ণৰ দ্বিতীয় কংগ্ৰেছত লেনিনে ব্যাপকভাৱে উদ্ধৃতি দিছিল৷ অৱশ্যে কেইনছৰ উদ্দেশ্য আছিল পুঁজিবাদক তাৰ সংকটৰ পৰা উদ্ধাৰ কৰা – কিন্তু তাৰ বাবে পুঁজিবাদৰ উপস্থিত সন্ধিক্ষণ – অৰ্থাৎ লেনিনীয় সন্ধিক্ষণৰ বাস্তৱতাক স্বীকাৰ কৰি লোৱাটো প্ৰয়োজনীয় আছিল৷ মন কৰা ভাল যে লেনিনৰ মৃত্যুৰ পাছতো বহু সময় ধৰি লেনিনীয় সন্ধিক্ষণৰ উপস্থিতি বৰ্তি আছিল৷ আচলতে ১৯১৪ৰ পৰা ১৯৪৫ লৈকে এই সুদীৰ্ঘ সময়ছোৱা লেনিনীয় সন্ধিক্ষণৰ সময় আছিল বুলি কব পাৰি৷ প্ৰথম বিশ্বযুদ্ধ, বলচেভিক বিপ্লৱ, প্ৰথম বিশ্বযুদ্ধৰ শেহান্তৰত ইউৰোপৰ বিভিন্ন অঞ্চলত অনেকবোৰ বৈপ্লৱিক প্ৰচেষ্টা, ১৯৩০ৰ মহা আৰ্থিক মন্দাৱস্থা – যি পুঁজিবাদী শক্তিবোৰৰ মাজত থকা অনৈক্যকে সূচিত কৰিছিল, মন্দাৱস্থা তথা বিফল জাৰ্মান বিপ্লৱৰ পটভূমিত ফেচীবাদৰ উদয়, দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি – এই সকলোবোৰ পৰিঘটনা লেনিনীয় সন্ধিক্ষণৰ প্ৰকাশ্যমান ৰূপ আছিল বুলি কব পাৰি৷ চমূ কথাত কবলৈ গলে এই লেনিনীয় সন্ধিক্ষণৰ বৈশিষ্ট্য্য আছিল এই যে সমস্ত পুঁজিবাদী শক্তিবোৰৰ মাজত থকা সংঘাতে সমগ্ৰ মানৱ জাতিটোকেই বিশ্ববিপ্লৱৰ দুৱাৰমুখত উপস্থিত কৰিছিল – কাৰণ ৰ’জা লাক্সেমবাৰ্গৰ ভাষাত – ই মানব জাতিৰ বাবে মাত্ৰ দুটায়েই বিকল্প প্ৰক্ষেপ কৰিছিল, সমাজবাদ অন্যথা বৰ্বৰতাবাদ৷

কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগেই এই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিল৷ মোৰ এই কথাষাৰ আপোনাৰ মনত আচৰিত যেন লাগিব পাৰে কিয়নো চীনা বিপ্লৱ সম্পূৰ্ণ হৈছিল ১৯৪৯ চনতহে আৰু তাৰো বহু পাছতহে ভিয়েটনাম বিপ্লৱ সমাধা হৈছিল৷ তদুপৰি দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে পূব ইউৰোপৰ এটা বিশাল অংশলৈ সমাজবাদ সম্প্ৰসাৰিত হৈছিল৷ লেনিনে আশা কৰাৰ দৰেই বিশ্বৰ এটা বিশাল অংশই পুঁজিবাদক নাকচ কৰি সমাজবাদক আকোঁৱালি লৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে৷ অৰ্থাৎ লেনিনীয় সপোনটোৱে তাৰ সাফল্যৰ শীৰ্ষত উপনীত হোৱাৰ সময়তেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছিল – এই কথাষাৰ অলপ অদ্ভুত যেন লাগিব পাৰে৷

কিন্তু কথাটো হৈছে যে ঠিক এই শীৰ্ষ বিন্দুতেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছিল৷ চীন আৰু ভিয়েটনাম বিপ্লৱৰ আধাৰ বহু পূৰ্বেই – অৰ্থাৎ লেনিনীয় সন্ধিক্ষণ কায়েম হৈ থকাৰ সময়তেই স্থাপিত হৈছিল৷ আচলতে ভিয়েটনাম বিপ্লৱৰ ক্ষেত্ৰত ঘটনাৱলীয়ে তাৰ চক্ৰ পূৰ্ণ কৰাত বহু সময় লোৱাৰ ফলত ই অনেকবোৰ অপ্ৰয়োজনীয় আৰু ট্ৰেজিক ৰক্তপাতৰ সৃষ্টি কৰিছিল৷ যি কি নহওক দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উত্তৰ-লেনিনীয় সন্ধিক্ষণ নিৰ্মাণৰ ক্ষেত্ৰতো কিন্তু যুদ্ধৰ পটভূমিয়ে এটা বিশেষ ভূমিকা পালন কৰিছিল৷ দুটা ঘটনা দেখা পোৱা গৈছিলঃ পূৰ্বৰ বহুকেইখন মহাশক্তিৰ মাজত শত্ৰুতাৰ বিপৰীতে এইবাৰ এখন একক আধিপত্যশালী পুঁজিবাদী দেশৰ ৰূপত আমেৰিকাৰ উদয় আৰু যুদ্ধৰ পাছত নিজৰ দুৰ্বল স্থিতিৰ প্ৰেক্ষাপটত আপোচৰ প্ৰতি পুঁজিবাদৰ আগ্ৰহ৷

এইক্ষেত্ৰত পুঁজিবাদে আগবঢ়োৱা তিনিটা ৰেহাই(concession) বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল৷ প্ৰথমটো আছিল উপনিবেশবোৰৰ মুক্তকৰণ(decolonization) বা আনুষ্ঠানিক ঔপনিবেশিক সাম্ৰাজ্যবোৰৰ পৰিসমাপ্তি৷ বৃটেইন, ফ্ৰাঞ্চ আদি পুৰণি পুঁজিবাদী দেশবোৰ যুদ্ধৰ ফলত অত্যধিক দুৰ্বল হৈ পৰিছিল – পূৰ্বৰ ঔপনিবেশিক সাম্ৰাজ্যবোৰ কায়েম কৰি ৰাখিবলৈ এতিয়া সিবিলাকৰ সিমান শক্তি নাছিল – বিশেষকৈ এনে এটা সময়ত যেতিয়া তৃতীয় বিশ্বৰ জাতীয় মুক্তি আন্দোলনবোৰে ইমূৰৰ পৰা সিমূৰলৈ খলকনি তুলিছিল৷ নতুন বিশ্বশক্তি আমেৰিকাৰ ওচৰতো ফিলিপাইনছৰ দৰে কিছু উপনিবেশ নিশ্চয় আছিল কিন্তু প্ৰত্যক্ষ ঔপনিবেশিক শাসনৰ বিপৰীতে প্ৰভুত্বৰ কেতবোৰ নতুন ৰূপৰ প্ৰতিহে ই অধিক আগ্ৰহশীল আছিল৷ (ভিয়েটনামৰ ক্ষেত্ৰতো দেখা যায় যে এক উদীয়মান কমিউনিষ্ট বিপ্লৱক ৰোধ কৰিবলৈহে আমেৰিকাই ফ্ৰাঞ্চৰ এই পুৰণি উপনিবেশখন নিজৰ হাতলৈ আনিছিল; নিজেই প্ৰত্যক্ষ ঔপনিবেশিক শাসক হবলৈ আমেৰিকাই বিচৰা নাছিল)৷

অৱশ্যে উপনিবেশবাদৰ আনুষ্ঠানিক সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশবোৰক সাম্ৰাজ্যবাদী দমনৰ পৰা সম্পূৰ্ণভাৱে মুক্তি দিলে বুলি ভবাটো ভুল হব৷ মন কৰা ভাল যে বৃহৎ শক্তিবোৰে প্ৰাক্তন উপনিবেশবোৰৰ অৰ্থনীতি তথা প্ৰাকৃতিক সম্পদবোৰ কোনোবা নহয় কোনোবা ৰূপত নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ অনেক সংগ্ৰামৰ পাছতহে তথা বেচিভাগ ক্ষেত্ৰতে চোভিয়েট ইউনিয়নৰ সাহায্যৰ ফলতহে প্ৰাক্তন উপনিবেশবোৰে এই নিয়ন্ত্ৰণ নিজৰ মুঠিলৈ আনিবলৈ সক্ষম হৈছিল৷ তথাপিও এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে যিমানেই ত্ৰুটিপূৰ্ণ নহওক কিয়, উপনিবেশ-মুক্তকৰণৰ প্ৰক্ৰিয়াটোৱে নিঃসন্দেহে এটা সম্পূৰ্ণ নতুন যুগৰ সূচনা কৰিলে৷

দ্বিতীয় ৰেহাইটো আছিল মেট্ৰপলিটান অৰ্থনীতিবোৰৰ শ্ৰমিক শ্ৰেণীৰ প্ৰসংগত৷ যুদ্ধৰ পাছত ৰাজনৈতিকভাৱে এটা শক্তিশালী শ্ৰেণীৰ ৰূপত শ্ৰমিক শ্ৰেণীটোৰ উদয় হৈছিল৷ সমগ্ৰ পূব ইউৰোপ জুৰি ৰেড আৰ্মিৰ দখলৰ ফলত নতুন কেতবোৰ শাসনতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল যিবোৰে পুঁজিবাদক নাকচ কৰি শ্ৰমিক শক্তিৰ প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল৷ ফ্ৰাঞ্চ আৰু ইটালী দুয়োখন দেশতে কমিউনিষ্ট পাৰ্টি দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ পৰিণত হৈছিল৷ ইউৰোপৰ অন্যান্য দেশবোৰত চচিয়েল ডেমক্ৰেটিক দলবোৰৰ উত্থান ঘটিছিল – যেনে বৃটেইনত চাৰ্চিলৰ টৰি দলক পৰাস্ত কৰি লেবাৰ পাৰ্টিৰ চৰকাৰ গঠন হৈছিল৷ এটা কথা স্পষ্ট আছিল যে যুদ্ধত পুঁজিবাদী দেশবোৰৰ শ্ৰমিকসকলে অনেক ত্যাগ তথা কষ্ট ভোগ কৰিছিল আৰু এনেস্থলত পুনৰ আৰ্থিক মন্দা আৰু দুৰৱস্থাৰ কাললৈ ঘূৰি যাবলৈ শ্ৰমিকসকল কোনোপধ্যেই প্ৰস্তুত নাছিল৷ আমেৰিকাতো নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত প্ৰাক-যুদ্ধ কাললৈ পুনৰ ঘূৰি যোৱাটো ৰাইজৰ মনত গ্ৰহণযোগ্য নাছিল কিয়নো ইতিমধ্যেই ৰুজভেল্টৰ ‘নিউ ডিল’ অৰ্থনীতিয়ে এক বৈকল্পিক ব্যৱস্থাৰ সম্ভাৱনাৰ সংকেত দি থৈছিল৷ কাজেই সমস্ত বিকশিত পুঁজিবাদী বিশ্বতে কেইনচীয় নীতি – অৰ্থাৎ ৰাষ্ট্ৰৰ দ্বাৰা চাহিদাৰ মেনেজমেণ্ট – গ্ৰহণীয় নীতি হৈ পৰিছিল৷

ইউৰোপৰ দেশবোৰত ৰাষ্ট্ৰই বিভিন্ন কল্যাণকামী পদক্ষেপ লোৱাৰ ফলত ই ৰাজহুৱা ব্যয় বৃদ্ধি কৰিলে; যদিও এই ব্যয়ৰ একাংশ শ্ৰমিকৰ পৰাই কৰৰ ৰূপত উলিয়াই লোৱা হৈছিল, তথাপিও ই মুঠ চাহিদা তথা নিয়োগ বৃদ্ধি কৰাত সহায় কৰিলে৷ আনহাতে আমেৰিকাত “মিলিটেৰী কেইনচীয় নীতি” পালন কৰা হল; অৰ্থাৎ ৰাষ্ট্ৰই মিলিটেৰী খণ্ডবোৰত ভীষণভাৱে বিনিয়োগ কৰিলে যি কৰ্মসংস্থাপনো বৃদ্ধি কৰিলে৷ আন কথাত, পুঁজিবাদৰ অধীনত আগেয়ে কেতিয়াও নেদেখা নুশুনা এটা পৰিঘটনা – শ্ৰমৰ প্ৰায় প্ৰায় সম্পূৰ্ণ নিয়োগকৰণ – সম্পূৰ্ণ কৰ্মসংস্থাপন – বিকশিত পুঁজিবাদী দেশবোৰত দেখা পোৱা গল৷

চাহিদাৰ ভীষণ বৃদ্ধিয়ে বিনিয়োগ আৰু আৰ্থিক বিকাশৰো গতি তীব্ৰ কৰি তুলিলে৷ শ্ৰমৰ উৎপাদনশীলতাৰ তীব্ৰ বৃদ্ধি আৰু সম্পূৰ্ণ কৰ্মসংস্থাপনৰ ফলত শ্ৰমিকৰ বৰ্ধিত দৰদামৰ ক্ষমতা – এই দুয়োটা মিলি প্ৰকৃত মজুৰীও ভীষণভাৱে বৃদ্ধি কৰিলে৷ সত্তৰৰ দশকৰ আদিভাগলৈকে এই স্থিতি বৰ্তি থাকিল আৰু এইখিনি সময়ত তীব্ৰ আউটপুট বৃদ্ধি, উচ্চ কৰ্মসংস্থাপনৰ হাৰ তথা প্ৰকৃত মজুৰীৰ ভীষণ বিকাশ – আটাইকেউটা উপাদান মিলি পুঁজিবাদৰ এক “সোণালী যুগ” সৃষ্টি কৰিলে৷ প্ৰাক-যুদ্ধ কালৰ পুঁজিবাদৰ তুলনাত ই এক সম্পূৰ্ণভাৱে ভিন্ন ছবি আছিল৷ এইখিনি সময়তে শ্ৰমিক শ্ৰেণীৰ ক্ষমতাও অহৰহভাৱে বৃদ্ধি হৈছিল যাৰ বাবে অক্টোবৰ বিপ্লৱৰ ঐতিহ্যও বহুখিনিলৈকে দায়ী আছিল৷ কিন্তু এইটোও ঠিক যে এইখিনি সময়লৈকে অক্টোবৰ বিপ্লৱ সম্ভৱপৰ কৰি তোলা লেনিনীয় সন্ধিক্ষণৰ ম্যাদো উকলি গৈছিল৷

তৃতীয় ৰেহাইটো আছিল সৰ্বজনীন ভোটাধিকাৰৰ আধাৰত ৰাজনৈতিক গণতন্ত্ৰ স্থাপন৷ মন কৰিবলগীয়া যে বৃটেইনত ১৯২৮ চনলৈকে মহিলাসকলে ভোটাধিকাৰ লাভ কৰা নাছিল তথা ১৯৪৫ পৰ্যন্ত এই বিষয়ক কিছুমান বাধা-নিষেধ অটুট আছিল৷ বুৰ্জোৱা বিপ্লৱৰ মাতৃভূমি ফ্ৰাঞ্চত ১৯৪৫ চনতহে সৰ্বজনীন ভোটাধিকাৰ প্ৰবৰ্তন কৰা হৈছিল৷ আন কথাত, উত্তৰ-বিশ্বযুদ্ধ কালছোৱাৰ পুঁজিবাদত এনে কেতবোৰ বৈশিষ্ট্য্য যুক্ত হৈছিল যিবোৰ মাৰ্ক্স বা লেনিনে দেখা পোৱাটো সম্ভৱপৰ নাছিল৷ ই আনকি সংসদবাদ সম্পৰ্কে লেনিনে কোৱা এষাৰি কথা ভুল প্ৰমাণিত কৰিছিল – লেনিনে লুকাচ্চক সমালোচনা কৰি কৈছিল যে সংসদবাদ পুঁজিবাদৰ অধীনত প্ৰেকটিকেলভাৱে নহলেও অন্ততঃ ঐতিহাসিকভাৱে কালবাহ্য(historically obsolete) হৈ পৰিছে৷ পিছে উত্তৰ বিশ্বযুদ্ধকালত দেখা গল সংসদবাদ মুঠেও কালবাহ্য হৈ পৰা নাই৷ এনে পৰিবৰ্তনে আচলতে এটা পৰিবৰ্তিত সন্ধিক্ষণকেই সূচিত কৰিছিল৷

এই কথাষাৰ সঁচা যে বিকশিত পুঁজিবাদী দেশবোৰত বুৰ্জোৱা ৰাষ্ট্ৰ স্থাপিত হোৱাৰ বহু পাছতহে গণতন্ত্ৰ স্থাপিত হৈছিল; ফলত সৰ্বজনীন ভোটাধিকাৰে বুৰ্জোৱা ৰাষ্ট্ৰৰ প্ৰতি কোনো প্ৰত্যাহবান কঢ়িয়াই নিয়াৰ সম্ভাৱনা নাছিল৷ বুৰ্জোৱা ৰাষ্ট্ৰ আৰু একচেটিয়া পুঁজিৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পৰ্কবোৰক গণতান্ত্ৰিক গাঁথনিবোৰে দুৰ্বল কৰি পেলাব পৰা নাছিল৷ তদুপৰি এই সম্পৰ্কবোৰ যাতে অটুট থাকে, তাৰ বাবে পুঁজিবাদে বহুতো নতুন কাৰ্যপদ্ধতিও বিকশিত কৰি লৈছিল৷ পিছে লগতে এইটোও সত্য যে গণতান্ত্ৰিক গাঁথনিবোৰে সংগ্ৰামৰ বহুতো নতুন পথ শ্ৰমিক শ্ৰেণীৰ বাবে খুলি দিলে৷ শ্ৰমিক শ্ৰেণীৰ ৰাজনৈতিক হস্তক্ষেপৰ পৰিসীমা ই বৃদ্ধি কৰিলে আৰু বুৰ্জোৱা ৰাষ্ট্ৰক প্ৰত্যাহবান জনোৱাৰ বাবে নতুন কেতবোৰ পথো ই খুলি দিলে –যিবোৰ পূৰ্বে অস্তিত্বমান নাছিল৷ পাছলৈ তৃতীয় বিশ্বৰ দেশবোৰলৈও এই গণতান্ত্ৰিক গাঁথনিবোৰৰ সম্প্ৰসাৰণ ঘটিল আৰু নিশ্চিতভাৱে ইয়াকো এক মহান ঐতিহাসিক তাৎপৰ্য থকা ঘটনা বুলি কব লাগিব৷

এই পৰিবৰ্তনবোৰ এফালে শোষিত শ্ৰেণীবোৰৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰগতিশীল আছিল, পিছে আনফালে সিবিলাকে লেনিনীয় সন্ধিক্ষণৰ সময়ত দেখা পোৱা পুঁজিবাদৰ অচলাৱস্থাৰো সমাধান কৰিলে৷ ৰ’জা লাক্সেমবাৰ্গে কোৱা কথাষাৰ – যে মানৱ জাতিৰ সমুখত আজি দুটাই বিকল্প আছে, সমাজবাদ অথবা বৰ্বৰতাবাদ – এই কথাষাৰ উত্তৰ যুদ্ধ কালছোৱাত সিমানখিনি প্ৰযোজ্য নাছিল যিমানখিনি ই ১৯১৪-১৯৪৫ সময়ছোৱাত প্ৰযোজ্য আছিল৷ পুঁজিবাদৰ ভিতৰতে বহুতো নতুন সম্ভাৱনা তথা ন ন চয়নৰ সুবিধা সৃষ্টি হ’ল – এইবাবে নহয় যে পুঁজিবাদ সিবিলাকৰ প্ৰতি আগ্ৰহশীল আছিল, বৰং এইবাবেহে যে নতুন পৰিস্থিতিটোৰ অধীনত সিবিলাকৰ উদয়ৰ প্ৰতি সন্মতি জনোৱাটো পুঁজিবাদৰ বাবে প্ৰয়োজনীয় আছিল৷ আন কথাত, পুঁজিবাদে নিজৰ পুনৰ্গঠন (restructuring) কৰিবলৈ বাধ্য হৈছিল৷

কিন্তু এফালে যেনেকৈ পুঁজিবাদে নিজৰ পুনৰ্গঠন সাধন কৰিলে আৰু এইদৰেই ই লেনিনীয় সন্ধিক্ষণটোকো অতিক্ৰম কৰিলে, আনফালে সমাজবাদী দেশবোৰত কিন্তু এনে কোনো তুলনীয় পুনৰ্গঠন দেখা পোৱা নগল৷ ফলত লেনিনীয় সন্ধিক্ষণটোৰ যৱনিকা পৰাৰ লগে লগেই সমাজবাদী শিবিৰৰ সম্প্ৰসাৰণে চোভিয়েট ইউনিয়নক “আৱদ্ধ স্থান”(closed space)ৰ পৰা মুক্ত কৰি আগলৈ লৈ যোৱাৰ বিপৰীতে নতুন কেতবোৰ “আৱদ্ধ স্থান” গঠনহে কৰিলে৷

সমাজবাদী দেশবোৰত কোনো ধৰণৰ পুনৰ্গঠন নোহোৱাৰ ফলত চোভিয়েট ব্যৱস্থাটোৰ দুটা আন্তঃসম্পৰ্কযুক্ত বৈশিষ্ট্য্য – “কমাণ্ড অৰ্থনীতি” আৰু “একক পাৰ্টিৰ একনায়কত্ব” পূৰ্বৰ দৰেই বাহাল হৈ থাকিল৷ অৱশ্যে কমাণ্ড অৰ্থনীতিক সদায়েই ঋণাত্মক দৃষ্টিৰে চোৱাটো ভুল কথা হব৷ কমাণ্ড অৰ্থনীতিৰ অন্যতম মূল সমালোচক জানুচ কৰ্ণাইৰ মতেই কমাণ্ড অৰ্থনীতিয়ে এটা নতুন আৰ্থিক ব্যৱস্থাৰ জন্ম দিলে যাক resource-constrained system বুলি কব পাৰি (ইয়াৰ বিপৰীতে পুঁজিবাদক demand-constrained system বুলি কব পাৰি)৷ পুঁজিবাদৰ ক্ষেত্ৰত সচৰাচৰ দেখা পোৱা নিবনুৱা সমস্যা কমাণ্ড অৰ্থনীতিসমূহত দেখিবলৈকে পোৱা নগৈছিল; বৰং শ্ৰমৰ নাটনি আছিল কমাণ্ড অৰ্থনীতিবোৰৰ অনন্য বৈশিষ্ট্য্য৷ আধুনিক যুগত ই এক অভাৱনীয় পৰিঘটনা আছিল৷ বহুসংখ্যক মহিলাই শ্ৰম-বাহিনীত যোগদান কৰাৰ ফলত এই অৰ্থনীতিবোৰে জেণ্ডাৰ সম্পৰ্কবোৰতো গভীৰ প্ৰভাৱ পেলাইছিল৷

কমাণ্ড অৰ্থনীতিবোৰ প্ৰায়েই সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত অকুশল(inefficient) আছিল বুলি কোৱা হয়; এইবুলিও কোৱা হয় যে নতুন উদ্ভাৱনৰ প্ৰয়োগৰ ক্ষেত্ৰতো সিবিলাক লেহেম আছিল৷ কিন্তু পুঁজিবাদী অৰ্থনীতিবোৰৰ সতে যদি কমাণ্ড অৰ্থনীতিবোৰৰ তুলনা কৰা হয়, তেনেস্থলত এনে সমালোচনা তেনেই তৰাং যেনেই ভাব হয়৷ পুঁজিবাদী অৰ্থনীতিবোৰত সাধাৰণতেই কৰ্মসংস্থাপনহীনতা আৰু অব্যৱহৃত ধাৰণাক্ষমতা(unutilized capacity)দেখিবলৈ পোৱা যায়৷ সমাজবাদী কমাণ্ড অৰ্থনীতিবোৰত আনহাতে সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ তথা সম্পূৰ্ণ কৰ্মসংস্থাপন দেখিবলৈ পোৱা গৈছিল৷ এই অৰ্থনীতিবোৰৰ যদি কিবা অকুশলতা আছিল, সেয়া আচলতে সংঘটিত হৈছিল বিপথেৰে সম্পদ লৈ যোৱাৰ ফলত৷ মন কৰা ভাল যে পুঁজিবাদৰ অধীনতো ভীষণ পৰিমাণে সম্পদ বিপথেৰে লৈ যোৱা হয় – বিজ্ঞাপন, বিক্ৰী প্ৰয়াস আদিৰ নামত অনেক সম্পদ অপচয় কৰা হয়৷ সেই দিশৰ পৰা চাবলৈ গলে যিহেতু সমাজবাদী কমাণ্ড অৰ্থনীতিত সম্পদৰ পূৰ্ণব্যৱহাৰ হৈছিল তথা বিক্ৰী প্ৰয়াসৰ কোনো নাম গোন্ধ তাত নাছিল, সেয়েহে পুঁজিবাদতকৈ সমাজবাদৰ অধীনত সম্পদৰ অপচয় কমেই হৈছিল বুলি কব পাৰি৷ উদ্ভাৱনৰ ক্ষেত্ৰতো চোভিয়েট ইউনিয়নৰ অনেকবোৰ কৃতিত্ব আছিল আৰু নীতিগতভাৱেও কমাণ্ড অৰ্থনীতিবোৰ কিয় পুঁজিবাদতকৈ সদায়েই পিছ পৰি থাকিবলৈ বাধ্য – এই প্ৰশ্নটোৰো উত্তৰ স্পষ্ট নহয়৷ মন কৰা ভাল যে পুঁজিবাদৰ অধীনতো এক বিশাল সংখ্যক উদ্ভাৱন ৰাষ্ট্ৰৰ অধীনত বা বহুজাতিক নিগমবোৰৰ গৱেষণা শাখাবোৰত কৰা হয়; সেই হিচাপত কমাণ্ড অৰ্থনীতিবোৰ কিয় পিছ পৰি থাকিবলৈ বাধ্য – এই কথাষাৰ স্পষ্ট নহয়৷ আচলতে কমাণ্ড অৰ্থনীতিয়ে সমস্ত অৰ্থনীতিখনকে উদ্ভাৱন প্ৰয়োগ কৰিবলৈ “কমাণ্ড” কৰিব পাৰে – যিদৰে বহুজাতিক নিগম একোটাই নিজৰ নিগমটোত উদ্ভাৱন প্ৰয়োগ কৰে৷ কেৱল এক বিশেষ প্ৰকাৰৰ উদ্ভাৱনকেই সমাজবাদৰ অধীনত আঁতৰাবলৈ চেষ্টা কৰা যাব পাৰে, যিটো পুঁজিবাদৰ অধীনত সচৰাচৰ দেখা পোৱা যায় – সেয়া হৈছে বৃহৎ ব্যক্তিগত সম্পত্তিলাভৰ(personal fortune) আশাৰে কৰা উদ্ভাৱন – কিয়নো সমাজবাদৰ অধীনত ব্যক্তিগত লাভালাভৰ প্ৰসংগই নাথাকিব৷ তদুপৰি এইজাতীয় চিন্তাধাৰাই মানি লয় যে মানুহে কেৱল ব্যক্তিগত লাভালাভৰ বাবেই কাম কৰিবলৈ উৎসাহিত হয়৷ পিছে সদায়েই ই সত্য হব লাগিবই বুলি ভাবি লোৱাৰ কোনো প্ৰয়োজন নাই আৰু সমাজবাদেও এই সীমাৱদ্ধতা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব৷ অৱশ্যেই পূৰ্বে অস্তিত্বমান সমাজবাদী ব্যৱস্থাটোৱে এনে কৰাত ব্যৰ্থ হৈছিল আৰু ঠিক এইটো কাৰণতেই তাক সমালোচনা কৰিব পাৰি – কোনো বিমূৰ্ত উদ্ভাৱনহীনতাৰ বাবে নহয়৷

সমাজবাদী কমাণ্ড অৰ্থনীতিৰ মূল সমস্যাটো আন কৰবাতহে লুকাই আছে – সেয়া হৈছে – ই মানুহক কামৰ বাবে তথা শৃংখলাৰ(discipline) বাবে কোনো বৈকল্পিক ধৰণৰ প্ৰেৰণা যোগাব পৰা নাছিল৷ মন কৰক যে সামন্তবাদৰ অধীনত জমিদাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে জোৰ-জবৰদস্তি কৰি কৃষকৰ পৰা কাম উলিয়াই লোৱা হয়৷ আনহাতে পুঁজিবাদৰ অধীনত অতিৰিক্ত শ্ৰম বাহিনীৰ উপস্থিতিয়ে শ্ৰমিকক কামৰ বাবে হেঁচা প্ৰদান কৰে; ঠিক এইটো কাৰণতেই অতিৰিক্ত শ্ৰম বাহিনীক অস্তিত্বমানো কৰি ৰখা হয়৷ আনহাতে সমাজবাদৰ অধীনত সম্পূৰ্ণ কৰ্মসংস্থাপন সুনিশ্চিত হবই লাগিব আৰু সেয়েহে এইক্ষেত্ৰত কামৰ প্ৰেৰণাৰ উৎস হব লাগিব এনেধৰণৰ – বৃহত্তৰ সমষ্টিটোলৈ বৰঙনি যোগোৱা – আৰু ইয়াৰ যোগেদিয়েই ব্যক্তিৰো আত্মবোধ নিৰ্মিত হোৱা৷ এইদৰেই একাংগীত্বকো অতিক্ৰম কৰিব পৰা যাব৷ (এনে হোৱাৰ লগে লগেই ব্যক্তি একোজনে উদ্ভাৱন কেৱল তেওঁৰ ব্যক্তিগত লাভালাভৰ বাবেই কৰিব বোলা ধাৰণাটোৰো অৱসান ঘটিব; উদ্ভাৱন হৈ পৰিব সমাজবাদৰ যাত্ৰাৰ স্বাভাৱিক অংগ৷ এনেস্থলত সমাজবাদ পুঁজিবাদতকৈও অধিক উদ্ভাৱনশীল হৈ পৰাৰ সম্ভাৱনা আছে)৷

সমাজবাদী কমাণ্ড অৰ্থনীতিবোৰে নিশ্চিতভাৱে সম্পূৰ্ণ কৰ্মসংস্থাপন সুনিশ্চিত কৰিছিল আৰু সকলো লোককে চাকৰি প্ৰদান কৰিছিল; কিন্তু কামৰ বাবে প্ৰেৰণা পুঁজিবাদৰ দৰে অতিৰিক্ত শ্ৰম বাহিনীৰ উপস্থিতি হোৱাৰ বিপৰীতে ই আছিল ৰাষ্ট্ৰৰ দ্বাৰা প্ৰত্যক্ষ শাস্তিৰ ভাবুকি৷ এনে ভাবুকি বা বলপ্ৰয়োগ আনহাতে একক দলৰ একনায়কত্বৰ ফলত সৃষ্টি হোৱা সামগ্ৰিক কৰ্তৃত্ববাদী সংস্কৃতিৰ লগত যুক্ত হৈ পৰিছিল আৰু ই পৰিবেশটোক আৰু অধিক কৰ্তৃত্ববাদী কৰি পেলাইছিল৷ কমাণ্ড অৰ্থনীতি আৰু একক পাৰ্টিৰ একনায়কত্ব – এই দুয়োটা উপাদান ইটো সিটোৰ পৰিপূৰক আছিল আৰু এই ব্যৱস্থাটোৱে শ্ৰমিকসকলৰ বাবে অনেক কল্যাণকাৰী পদক্ষেপ লোৱা সত্ত্বেও শেষপৰ্যন্ত ই এক নতুন প্ৰকাৰৰ একাংগীত্বৰ জন্ম দিছিল৷ ই সৰ্বহাৰাৰ একনায়কত্বৰ বিপৰীতে সৰ্বহাৰাৰ ওপৰত একনায়কত্বলৈ পৰ্যৱসিত হৈছিল; অৰ্থাৎ শ্ৰমিকৰ বাবে ই বহুতো পদক্ষেপ লৈছিল আৰু শ্ৰমিকৰ ওপৰত ই শাসন কৰিছিল কিন্তু ই শ্ৰমিকৰ স্ব-শাসন নাছিল৷

এই ব্যৱস্থাটোৰ অন্যতম ফলাফল আছিল সমস্ত বৌদ্ধিক জীৱনটোৰ অৱক্ষয়৷ এই অৱক্ষয়ৰ বাবেই কমিউনিষ্টসকলে সময়ত বুজিবলৈ সক্ষম নহল যে ইতিমধ্যেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছে আৰু এটা নতুন যুগৰ আৱিৰ্ভাৱ ঘটিছে৷ বৰং কমিউনিষ্টসকলে এইবুলিহে ভাবি থাকিল যে লেনিনীয় সন্ধিক্ষণ এতিয়াও সক্ৰিয় হৈ আছে আৰু পুঁজিবাদৰ সাধাৰণৰ সংকটৰ পৰিবেশত লেনিনে আশা কৰাৰ দৰেই অতি শীঘ্ৰে অন্যান্য দেশতো বিপ্লৱ সংঘটিত হব৷ নতুন সন্ধিক্ষণটোক চিহ্নিত কৰাৰ ক্ষেত্ৰত এই ব্যৰ্থতাই প্ৰথমতে বিশেষ ক্ষতি কৰিব পৰা নাছিল কিয়নো দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছ মুহূৰ্তত চোভিয়েট ইউনিয়ন তথা সমস্ত কমিউনিষ্ট আন্দোলনটোৱেই সমাজত বিশেষ সন্মান লাভ কৰিছিল৷ ফেচীবাদবিৰোধী তাৰ সংগ্ৰাম তথা ত্যাগৰ বাবে বিকশিত পুঁজিবাদী দেশবোৰতো কমিউনিজম বিশেষভাৱে সন্মানিত তথা জনগণৰ আদৰৰ এক আন্দোলন আছিল৷ তৃতীয় বিশ্বৰ দেশবোৰত ঔপনিবেশিকতাবাদবিৰোধী তথা সামন্তবাদবিৰোধী সংগ্ৰামত তাৰ ভূমিকাৰ বাবে তথা নতুনকৈ মুক্তি লাভ কৰা দেশবোৰৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবে চোভিয়েট ইউনিয়ন তথা সামগ্ৰিক কমিউনিষ্ট আন্দোলনটো সকলোৰে দ্বাৰা প্ৰশংসিত হৈছিল৷ পিছে এনে স্থিতি বেছিদিনলৈ টিকি নাথাকিল৷ এটা নতুন প্ৰজন্মৰ উদয়ৰ লগেলগেই – যাৰ বাবে এই স্মৃতিবোৰৰ কোনো মূল্য নাছিল – কমিউনিজম বিপদত পৰিবলৈ আৰম্ভ কৰিলে৷

আমি পূৰ্বেই উল্লেখ কৰিছোঁ যে পুঁজিবাদে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ পুৰ্ণগঠন কৰিবলৈ সক্ষম হৈছিল আৰু আনহাতে সমাজবাদী শিবিৰটোত এনে কোনো পুৰ্ণগঠন পৰিলক্ষিত হোৱা নাছিল৷ দীৰ্ঘকাল ধৰি একক পাৰ্টিৰ একনায়কত্বৰ ফলত শ্ৰমিক শ্ৰেণীটোৰো অৰাজনীতিকৰণ ঘটিছিল আৰু এক নতুন প্ৰকাৰৰ একাংগীত্বৰ আৱিৰ্ভাৱ ঘটিছিল৷ বিপ্লৱৰ পাছত পৰিস্থিতিৰ দায়ত পৰিয়েই একক পাৰ্টিৰ একনায়কত্ব স্থাপন কৰিব লগীয়া হৈছিল কিন্তু পাছলৈ তাকেই সৰ্বহাৰাৰ একনায়কত্বৰ আদৰ্শ ৰূপ বুলি প্ৰক্ষেপ কৰা হল; আনকি এইবিষয়ক কিছু তত্ত্বও উদ্ভাৱন কৰা হল৷ লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰাৰ পাছতো এইধৰণৰ অনুশীলনবোৰৰ পৰিবৰ্তন নঘটিল৷ কাজেই ফেচীবাদবিৰোধী তথা ঔপনিবেশিকতাবাদ-বিৰোধী সংগ্ৰামত কমিউনিষ্টৰ ভূমিকাৰ প্ৰসংগবোৰ ইতিহাসলৈ পৰিণত হোৱাৰ পাছত অপৰিবৰ্তিত কমিউনিষ্ট ৰাষ্ট্ৰ তথা কমিউনিষ্ট পাৰ্টিবোৰ প্ৰাসংগিক হৈ থকাটো কঠিন হৈ পৰিল৷ বিশ্বৰ এক বৃহৎ অংশৰ পৰা সাম্যবাদৰ দ্ৰুত পতনে এই কথাৰে ইংগিত দিলে যে কমিউনিষ্টসকলে উত্তৰ-লেনিনীয় সন্ধিক্ষণ অনুসৰি নিজৰ তত্ত্ব, অনুশীলন তথা গাঁথনি অনুকূলভাৱে পুণঃনিৰ্মাণ কৰি লবলৈ সক্ষম নহল৷ ভাৰতৰ দৰে কিছু দেশতহে আন্দোলনটো জীয়াই থাকিল য’ত কমিউনিষ্টসকলে পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে নিজকে কিছুদূৰৈলৈ মিলাই লবলৈ সক্ষম হৈছিল৷

লেনিনীয় সন্ধিক্ষণৰ অৱসান তথা নতুন পৰিস্থিতি অনুসৰি নিজৰ পুনৰ্গঠন কৰিব নোৱাৰাৰ আঁৰত বহুদূৰলৈকে কমিউনিষ্ট পাৰ্টিৰ ৰাজনৈতিক গাঁথনিটোও দায়ী আছিল৷ পূৰ্বৰ পৰিস্থিতিত যিবোৰ অনুশীলন শুদ্ধ আছিল, নতুন পৰিস্থিতিত সিবিলাকেই বাধালৈ পৰিণত হ’ল; চিন্তনৰ ক্ষেত্ৰতো এই কথাষাৰ খাটে৷ বিপ্লৱী সমাজবাদী আন্দোলনৰ অন্যতম উজ্জ্বল দিশটো আছিল – তাৰ বৌদ্ধিক কৃতিত্বখিনি৷ যিটো সময়ত বুৰ্জোৱা চিন্তনৰ জগতখন বোধহীন যথাস্থিতিবাদ তথা স্থূল পক্ষপাতৰ অন্ধকাৰত ডুব গৈ আছিল, সেইখিনি সময়ত বিপ্লৱী আন্দোলনটোৱে কাৰ্ল কাউটস্কী, লেনিন, লাক্সেমবাৰ্গ, লুনাচাৰস্কি, বুখাৰিন, গ্ৰামচি, লুকাচ্চ আদিৰ দৰে মহান চিন্তাবিদৰ জন্ম দিছিল৷ কলা আৰু বৌদ্ধিক জগতখনত বিপ্লৱী আন্দোলনটোৱে অনুপম অৱদান আগবঢ়াইছিল৷ কিন্তু সকলো মতবিৰোধ বলপূৰ্বকভাবে দমন কৰি তথা চিন্তনৰ একেটাই ৰূপ তথা ধৰণ প্ৰতিষ্ঠা কৰি এটা একক পাৰ্টিৰ একনায়কত্ব স্থাপন কৰাৰ ফলত তথা গণতান্ত্ৰিক কেন্দ্ৰীয়তাবাদকেই পাৰ্টিৰ পৰিচালনাৰ ক্ষেত্ৰত মূল নীতি হিচাপে গ্ৰহণ কৰাৰ ফলত (যি অতি সোনকালেই গৈ কেৱল কেন্দ্ৰীয়তাবাদৰ ৰূপ ধাৰণ কৰিলে) পাৰ্টিয়ে সমস্ত সৃষ্টিশীলতা তথা মৌলিকতা হেৰুৱাই পেলালে৷ এনে স্থিতিত সাধাৰণতেই দেখা যায় – অতি সোনকালেই সত্যৰ সৈতে মুখামুখি কৰাৰ শক্তিও পাৰ্টিৰ ওচৰত নাথাকেগৈ৷ ফলত পাৰ্টিয়ে এনে এখন ফেণ্টাচীৰ পৃথিবীত বাস কৰিবলৈ আৰম্ভ কৰে য’ত নেতৃত্বই “গ্ৰহণযোগ্য” ফৰ্মুলাবোৰৰ বাহিৰে নতুন চিন্তা কৰিবলৈ ইচ্ছা নকৰে; য’ত ফেণ্টাচীয়েই বাস্তৱ জগতখনৰ স্থান গ্ৰহণ কৰে৷ পাৰ্টিৰ সৰু-সুৰা কৰ্মকৰ্তাৰ কথাতো দূৰৈৰে কথা – যি নেতৃত্বই জাপি দিয়া বক্তব্যৰ বিপৰীতে আন কোনো বৈকল্পিক চিন্তন প্ৰকাশ কৰিবলৈ সাহস কৰিব নোৱাৰে, আনকি স্বয়ং নেতাসকলেও ৰাজহুৱা স্থানত নিজে কোৱা কথাবোৰ ব্যক্তিগতভাৱে বিশ্বাস নকৰে! উদাহৰণস্বৰূপে, চোভিয়েট ৰাছিয়াৰ পতনৰ সময়ত দেখা গল –বিয়াগোম চোভিয়েট কমিউনিষ্ট পাৰ্টিটোৰ নেতাসকলৰ মাজত এজনো নেতা নোলাল যি সঁচাকৈয়ে সাম্যবাদত বিশ্বাস কৰিছিল৷ পাছলৈ এই নেতাবোৰেই বিভক্ত চোভিয়েট ইউনিয়নৰ বিভিন্ন গণৰাজ্যবোৰৰ বুৰ্জোৱা নেতা হিচাপে আত্মপ্ৰকাশ কৰিলে৷ এই যে পাৰ্টিয়ে লেনিনীয় সন্ধিক্ষণৰ সময় উকলি যোৱাৰ কথাষাৰ মানি লবলৈ অস্বীকাৰ কৰিছিল, ইয়াৰ কাৰণ আছিল পাৰ্টিৰ অভ্যন্তৰীণ মতাদৰ্শগত জগতখনৰ এনে চূড়ান্ত অৱক্ষয়৷

এনে অৱক্ষয় বিড়ম্বনামূলক বুলিয়েই কব লাগিব কিয়নো “লেনিনবাদী পাৰ্টি”ৰ তত্ত্বগত ধাৰণাটোৰ মতে পাৰ্টি হৈছে প্ৰফেচনেল বিপ্লৱীৰ দ্বাৰা নিৰ্মিত এনে এটা ভেনগাৰ্ড অনুষ্ঠান যি নিজৰ ভুলবোৰ নিজে চিনাক্ত কৰিব পাৰে, যাৰ অস্ত্ৰ হৈছে তত্ত্ব আৰু যি প্ৰতিটো কংক্ৰিট পৰিস্থিতিক তাৰ সামগ্ৰিক চৰিত্ৰ অনুসৰি চৰিত্ৰায়ন কৰে যাতে বিপ্লৱক আগবঢ়াই লৈ যাবৰ বাবে সঠিক কাৰ্যভাৰ চিহ্নিত কৰিব পৰা যায়৷ পিছে বাস্তৱত তাৰ ওলোটাটোহে দেখা পোৱা গল৷ এনে ফলাফলৰ কাৰণ কি আছিল? কিয় পাৰ্টিৰ চিন্তনৰ জগতখনত এনে ভীষণ অৱক্ষয়ে দেখা দিলে, কিয় ই চিন্তনক বাস্তৱ পৃথিবীখনৰ পৰা আঁতৰাই পঠিয়ালে, কিয় ই অফিচিয়েল মতাদৰ্শৰ এনে এখন “বন্ধ পৃথিবী” নিৰ্মাণ কৰিলে য’ত বাস্তৱ পৃথিবীখনৰ প্ৰবেশ সম্ভৱপৰ নাছিল?

“লেনিনীয় পাৰ্টি” বিষয়ক সহজাত ধাৰণাটোৰ দুটা মূল সমস্যা আছে৷ (এইখিনিতে উল্লেখ কৰা দৰকাৰ যে সমস্যা দুটাৰ উৎস স্বয়ং লেনিনৰ মাজত সন্ধান কৰিব নোৱাৰি; ট্ৰেড ইউনিয়ন বিতৰ্কৰ সময়ত লেনিনৰ বক্তব্যবোৰ অধ্যয়ন কৰিলেই এই কথাষাৰ স্পষ্ট হৈ পৰে)৷ প্ৰথম সমস্যাটো হৈছে – পাৰ্টি বিষয়ক এই ধাৰণাটো হৈছে এক সম্পূৰ্ণভাবে ভাৱবাদী ধাৰণা কিয়নো ই পাৰ্টিৰ পেশাদাৰী বিপ্লৱীসকলক মহামানৱ যেন গণ্য কৰেঃ যেন এই বিপ্লৱীসকলৰ কোনো ব্যক্তিগত পচন্দ অপচন্দ নাই, তেওঁলোকে পাৰ্টিৰ ভিতৰত কোনো আপোচ বা কৌশল অৱলম্বন নকৰে, তেওঁলোকৰ সিদ্ধান্তবোৰ কোনো ব্যক্তিগত বিবেচনাই প্ৰভাৱাম্বিত নকৰে, তেওঁলোক কেৱল কংক্ৰিট পৰিস্থিতিৰ দ্বন্দ্ব্ব্বমূলক বিশ্লেষণৰ প্ৰতিয়েই আগ্ৰহী৷ এয়া এক ভাৱবাদী ধাৰণা কিয়নো স্বয়ং জৰ্জ লুকাচ্চে নিজে কোৱা মতেই পাৰ্টিত “প্ৰবেশ টিকেট” পাবলৈ তেওঁ কিছু তাত্ত্বিক আপোচ কৰিব লগা হৈছিল, যাতে ফেচীবাদবিৰোধী সংগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিব পাৰে৷ এনে এটা পাৰ্টি যি নিজকে এইদৰে সম্পূৰ্ণ বাস্তৱবিবৰ্জিতভাৱে সূত্ৰায়িত কৰে, তেনে এক পাৰ্টিৰ একনায়কত্বই বাস্তৱ পৃথিবীখনৰ পৰা পাৰ্টিটোক অতি সোনকালেই আঁতৰাই নিবলৈ বাধ্য৷ ক্ৰমান্বয়ে পাৰ্টিৰ “অফিচিয়েল” পজিচনবোৰ বাস্তৱ পৃথিবীখনৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে, পাৰ্টিটো নিজৰ দ্বাৰা নিৰ্মিত কাৰাগাৰত “আৱদ্ধ” হৈ পৰে৷ অথচ পৃথিবীখনৰ সঠিক বিশ্লেষণ কৰি বিপ্লৱী পথেৰে আগবাঢ়ি যোৱাটোৱেই পাৰ্টিৰ আচল উদ্দেশ্য আছিল৷ পাৰ্টিটোৰ তত্ত্বগত অৱক্ষয়ে চূড়ান্ত পৰ্যায় লাভ কৰাৰ পাছত যেতিয়া বিভ্ৰান্তিয়ে পূৰ্বৰ সমস্ত তত্ত্বগত বিশ্বাস ভাঙি চুৰমাৰ কৰে তেতিয়া পাৰ্টিটো বা তাৰ বিভিন্ন অংশবোৰ নানা ৰকমৰ বুৰ্জোৱা মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হবলৈ আৰম্ভ কৰে৷

পাৰ্টি যাতে এক “আৱদ্ধ” অনুষ্ঠান হৈ নপৰে, ঠিক এই কাৰণটোৰ বাবেই পাৰ্টিক শ্ৰমিক শ্ৰেণীৰ প্ৰতি উত্তৰদায়ী(accountable) কৰি তোলা উচিত৷ এইফেৰা কাম সুনিশ্চিত কৰাৰ অন্যতম উপায় হৈছে – শ্ৰমিক শ্ৰেণীৰ সমুখত নিজৰ পাৰ্টি চয়ন কৰাৰ ক্ষমতা থকা উচিতঃ অৰ্থাৎ এক বহুদলীয় ব্যৱস্থা থকা উচিত৷ এইক্ষেত্ৰত কোনোবাই প্ৰশ্ন কৰিব পাৰেঃ শ্ৰমিক শ্ৰেণীয়ে পাৰ্টিক নাকচ কৰিলে কেনেকৈ তাক তত্ত্বগতভাৱে ন্যায্যতা প্ৰদান কৰিব পৰা যাব – বিশেষকৈ এনে এক পৰিস্থিতিত যেতিয়ানেকি পাৰ্টিৰ পেশাদাৰী বিপ্লৱীসকলৰ তুলনাত শ্ৰমিক শ্ৰেণীটো তত্ত্বগতভাৱে পিছপৰা হয়? অৰ্থাৎ গণতন্ত্ৰৰ প্ৰতি এক সৰল অংগীকাৰে ইয়াক ন্যায্যতা প্ৰদান কৰিলেও স্বয়ং শ্ৰেণী সংগ্ৰামৰ প্ৰসংগত এনে পদক্ষেপক কেনেকৈ ন্যায্য বুলি কব পৰা যাব? এইক্ষেত্ৰত মোৰ যুক্তি হৈছে যে পাৰ্টি তথা পাৰ্টিৰ পেশাদাৰী বিপ্লৱীসকলৰ সমানে তত্ত্বগতভাৱে পাৰ্গত নহলেও শ্ৰমিকসকলৰ একোটাহঁত “শ্ৰেণী প্ৰবৃত্তি”(class instinct) থাকে (স্বয়ং লেনিনেই এই “শ্ৰেণী প্ৰবৃত্তি”ৰ কথা উল্লেখ কৰি গৈছে)৷ এই শ্ৰেণী প্ৰবৃত্তিৰ বাবেই শ্ৰমিক শ্ৰেণীটো শ্ৰেণী সংগ্ৰামৰো সহজাত বিচাৰক হব পাৰে তথা শ্ৰমিকসকলৰ এজেঞ্চি পাৰ্টিতকৈও ওপৰৰ স্তৰৰ হব পাৰে৷

আন কথাত কবলৈ গলে, অনাগত সমাজবাদী সমাজৰ ৰাজনৈতিক ব্যৱস্থাটো পূৰ্বৰ সমস্ত সমাজবাদী ব্যৱস্থাতকৈ ভিন্ন হব লাগিব৷ আমি ইতিমধ্যেই লেনিনীয় সন্ধিক্ষণৰ অৱসান সম্পৰ্কে আলোচনা কৰিছো আৰু এইখিনিতে তাৰ আন এটা তাৎপৰ্য সম্পৰ্কেও উল্লেখ কৰি থোৱাটো দৰকাৰ৷ বহুতো বাওঁপন্থী বুদ্ধিজীৱীয়ে বিপ্লৱক কেনেদৰে ক্ষয়িষ্ণু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়, কেনেকৈ শ্ৰমিকৰ অৰাজনীতিকৰণ ৰোধ কৰিব পৰা যায়, কেনেকৈ বিপ্লৱৰ সৃষ্টিশীলতা ৰুদ্ধ কৰাৰ সলনি তাক অধিক বিকশিত কৰিব পৰা যায় – আদি বিষয় সম্পৰ্কে আলোচনা কৰি গৈছে৷ কমিউনিষ্ট পাৰ্টিৰ বুদ্ধিজীৱীসকলে সাধাৰণতে এই আলোচনাবোৰত অংশগ্ৰহণ কৰা নাছিল কিয়নো কমিউনিষ্ট পাৰ্টিবোৰে বিপ্লৱৰ অৱক্ষয়ৰ কথাটো আনুষ্ঠানিকভাৱে মানি লোৱা নাছিল৷ স্বাধীন মাৰ্ক্সবাদী পণ্ডিত যেনে জ্যা পল ছাত্ৰে, পল চুইজি আদি বুদ্ধিজীৱীসকলেই এনে আলোচনাবোৰত অধিক সক্ৰিয় ভূমিকা পালন কৰিছিল৷ বিপ্লৱোত্তৰ কালছোৱাত পাৰ্টি, শ্ৰেণী আৰু ৰাষ্ট্ৰৰ আন্তঃসম্পৰ্কে কেনেধৰণৰ হোৱা উচিত – এই বিষয় লৈ তেওঁলোকে বিস্তৰভাৱে আলোচনা কৰি গৈছে৷

পিছে এই আলোচনাবোৰতো অংশগ্ৰহণকৰ্তাসকলে মানি চলিছিল যে ভৱিষ্যতৰ বিপ্লৱবোৰো পূৰ্বৰ বিপ্লৱবোৰৰ দৰেই এনেধৰণেৰে সংঘটিত হব (যদিওবা দেশ-কাল অনুসৰি তাৰ শ্ৰেণী আধাৰ তথা কাৰ্যপদ্ধতি ভিন ভিন হব পাৰে)৷ অৰ্থাৎ অংশগ্ৰহণকাৰীসকলে এইবুলি মানি চলিছিল যে লেনিনীয় সন্ধিক্ষণ এতিয়াও বৰ্তি আছে আৰু কাজেই পূৰ্বৰ বিপ্লৱবোৰে সমুখীন হোৱা সমস্যাবোৰৰ সৈতে নতুন বিপ্লৱবোৰেও যুঁজিব লাগিব৷ এনে পটভূমিতে পাৰ্টি, শ্ৰেণী আৰু ৰাষ্ট্ৰৰ আন্তঃসম্পৰ্কৰ প্ৰশ্নবোৰৰ বিবেচনা কৰা হৈছিল৷ কিন্তু এতিয়া যদি এইবুলি কোৱা হয় যে লেনিনবাদী সন্ধিক্ষণৰ অন্ত পৰিছে আৰু নতুন বিপ্লৱবোৰৰ যাত্ৰাপথো পূৰ্বৰ বিপৰীতে ভিন্ন হবলৈ বাধ্য – তাৰ অৰ্থ হৈছে, পুৰণি সমস্যাবোৰ হয়তো এতিয়া প্ৰাসংগিক হৈ থকা নাই৷ হয়তো অন্তৱৰ্তীকালৰ বাবেও একক পাৰ্টিৰ একনায়কত্ব এতিয়া জৰুৰী নহব৷ অৰ্থাৎ অনাগত বিপ্লৱবোৰে সমুখীন হব লগা সমস্যাবোৰো পূৰ্বৰ বিপৰীতে ভিন্ন হব৷ এই বিষয়ে আমি অনাগত সময়ত আলোচনা কৰিম৷

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in লেছেৰি বোটলা

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: