ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতি (মূল : জয়ৰছ বানাজি, অনুবাদ : ময়ূৰ চেতিয়া)

আজিৰ আলোচনাৰ শীৰ্ষক হৈছে ‘ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতি’; মই সচেতনভাৱেই এই ‘ৰাজনৈতিক সংস্কৃতি’ বাক্যাংশটো ব্যৱহাৰ কৰিছোঁ যাতে বাঁওপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেছিবাদ সম্পৰ্কীয় পৰম্পৰাগত চিন্তাচৰ্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোচনা কৰিব পৰা যায়৷ এই দিশসমূহ সম্পৰ্কে পৰম্পৰাগত বাঁওপন্থী চিন্তাধাৰা নিমাত বুলিয়েই কব পাৰি, অথচ সমাজত সিবিলাকৰ ব্যাপ্তি অতিশয় গভীৰ৷ প্ৰথমতেই মই ফেছিবাদ সম্পৰ্কীয় সবাটোকৈ যান্ত্ৰিক কিন্তু বহুল আলোচিত (তথা দুৰ্ভাগ্যজনকভাৱে প্ৰভাৱশালী) বাঁওপন্থী তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিম৷ এইক্ষেত্ৰত পোনপ্ৰথমেই ২০ তথা ৩০ৰ দশকৰ আশে-পাশে বহুল প্ৰচাৰিত ‘কমিণ্টাৰ্ন লাইন’ৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ কমিণ্টাৰ্নৰ এই লাইন মতে ফেছিবাদ হৈছে “বিত্তীয় পুঁজিৰ সবাটোকৈ প্ৰতিক্ৰিয়াশীল, উৎকট জাতীয়তাবাদী তথা সাম্ৰাজ্যবাদী অংশসমূহৰ মুক্ত সন্ত্ৰাসবাদী স্বৈৰতন্ত্ৰ”৷ “ই একাধিপত্যবাদী পুঁজিৰ বাবে পেটি-বুৰ্জোৱা অংশটোৰ মাজত এক গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে” (এই “চেষ্টা কৰে” বাক্যাংশলৈ মন কৰক)৷ “ই সাধাৰণ জীৱনৰ পৰা ছিন্নমূল হৈ পৰা, বিশেষকৈ বৃহৎ চহৰসমূহত শ্ৰেণী-বিচ্ছিন্ন হৈ পৰা কৃষক, কাৰিকৰ, অফিচ কৰ্মচাৰী, প্ৰশাসনিক বিষয়া আদিৰ প্ৰতি আহবান জনায়৷ ই আনকি শ্ৰমিক শ্ৰেণীৰ মাজতো প্ৰবেশ কৰিবলৈ চেষ্টা চলোৱা দেখা যায়” (Roger Griffin, Fascism, পৃষ্ঠা ২৬২)৷ অৰ্থাৎ, চমুকৈ কবলৈ গলে, কমিণ্টাৰ্নৰ লাইন মতে, ফেছিবাদ হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্ৰতিক্ৰিয়াশীল অংশটোৰ স্বৈৰতন্ত্ৰ৷ পিছে এইখিনিতে এটা আমোদজনক দিশৰ প্ৰতি মন কৰকঃ জাৰ্মানীৰ নাজী পাৰ্টিয়ে আনুষ্ঠানিকভাৱে কিন্তু নিজকে এটি “শ্ৰমিক দল” হিচাপেই চিনাকি দিছিল৷ অৰ্থাৎ অতিশয় স্থূল ৰূপত হলেও বাগাড়ম্বৰৰ স্তৰত নাজীহঁতে নিজকে শ্ৰমিক সমৰ্থনৰ বাবে আহ্বান জনোৱা দল হিচাপেই গণ্য কৰিছিল৷ ইয়াৰ পৰাই বুজিব পাৰি যে কেৱল পুঁজিৰ স্বৈৰতন্ত্ৰ বুলি ঘোষণা কৰিয়েই ফেছিবাদৰ সামগ্ৰিক স্বৰূপ চিনাক্ত কৰিব পৰা নাযাব৷

বাঁওপন্থীসকলৰ এটা বৃহৎ অংশই এতিয়াও ভাবে যে ফেছিবাদ মূলতঃ বৃহৎ পুঁজিপতিহঁতৰ কাৰচাজীৰে ফল৷ পিছে এই জাতীয় দৃষ্টিভংগীৰ কেইবাটাও গুৰুতৰ দুৰ্বলতা আছে৷ উদাহৰণ স্বৰূপে, ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতিনো কি তথা কেনেকৈনো এক বৃহৎ আন্দোলনৰ ৰূপত ফেছিবাদে গণসমৰ্থন লাভ কৰে, এনেবোৰ প্ৰশ্নৰ উত্তৰ এইজাতীয় দৃষ্টিভংগীয়ে দিব নোৱাৰে৷ তদুপৰি পৰম্পৰাগত বাঁওপন্থী চিন্তাধাৰাত এক প্ৰকাৰৰ ফলবাদ(instrumentalism) দেখিবলৈ পোৱা যায়৷ এই যে ফেছিবাদী আন্দোলনসমূহক পুঁজিপতিহঁতৰ এটা অংশই ধন-বিতৰ যোগান ধৰে – এই তথ্যটিৰ মাজেদিয়েই কিছুসংখ্যক বাঁওপন্থীয়ে ফেছিবাদৰ গতিৰেখা(dynamics) বুজিবলৈকো চেষ্টা কৰে৷ এই দৃষ্টিভংগীৰ মতে ফেছিবাদ হৈছে এক ৰোগৰ দৰে; ই যেন স্বাভাৱিক অৱস্থাৰ বিপৰীতে এক অস্বাভাৱিক, বিকৃত অৱস্থা৷ পিছে আমাৰ দৈনন্দিন সাধাৰণ জীৱনযাত্ৰাৰ সৈতেও যে ফেছিবাদৰ কেতবোৰ অতিশয় ঘনিষ্ঠ সম্পৰ্ক থাকিব পাৰে– এই বিষয়ে এনে দৃষ্টিভংগীয়ে কোনো আলোকপাত কৰিব নোৱাৰে৷ তদুপৰি এই দৃষ্টিভংগীৰ মতে ফেছিবাদ এক ধুমুহা, প্ৰলয় বা ভূমিকম্পসদৃশ ব্যাপক সংকটৰ দৰে৷ যেন সমগ্ৰ ৰাজনৈতিক পৃথিবীখন ওলট-পালট হৈ পৰিলেহে ফেছিবাদৰ আগমনৰ কথা গম পোৱা যাব৷ পিছে ভাৰতীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলেই বুজিব পাৰি – এনে ধুমুহাসদৃশ গতিৰে ফেছিবাদে বিকাশ লাভ কৰিবই লাগিব বুলি কোনো কথা নাই৷ বৰঞ্চ ভাৰতত ফেছিবাদ বিকশিত হৈছে অত্যন্ত লেহেমীয়া গতিৰে; বহুদশক ধৰি এখোজ দুখোজকৈ ফেছিবাদী উপাদানসমূহে সমাজৰ বিভিন্ন অংশত প্ৰবেশ কৰি আহিছে৷ এনে মন্থৰ গতিৰে সমাজত খোপনি পোতাৰ পাছতহে ভাৰতীয় ফেছিবাদে প্ৰত্যক্ষভাৱে আত্মপ্ৰকাশ কৰিছে৷ ফেছিবাদ সম্পৰ্কীয় চৰ্চাৰ ক্ষেত্ৰখনত ভাৰতীয় ফেছিবাদৰ এই বৈশিষ্ট্যৰ অধ্যয়নে কিছু বিশেষ অৰিহণা যোগাব পাৰে৷ সহজ ভাষাত কবলৈ গলে ‘ফেছিবাদ অধ্যয়ন’ৰ ক্ষেত্ৰখনত এই প্ৰলয়সদৃশ উপমাৰ প্ৰয়োগ এৰি পেলোৱাই ভাল৷ ইয়াৰ উপৰিও আন আন দুটি ত্ৰুটিপূৰ্ণ দৃষ্টিভংগী আছে, যাক মই ফলবাদ(instrumentalism) আৰু বিকাৰবাদ(pathological) নামেৰে নামকৰণ কৰিব বিচাৰিছো৷ কোৱা বাহুল্য যে ফেছিবাদৰ বিৰূদ্ধে ভাৰতীয় বাঁওপন্থীসকলে পৰ্যাপ্ত প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰাৰ আৰঁত এই জাতীয় ভুল দৃষ্টিভংগীসমূহৰ যথেষ্ট অৰিহণা আছে৷

কমিণ্টাৰ্ন প্ৰভৃতিৰ এই ‘অফিচিয়েল’ সূত্ৰসমূহৰ বিপৰীতে ফেছিবাদ সম্পৰ্কীয় বাঁওপন্থী চৰ্চাৰ আন এটি ধাৰাও আছে৷ নাজীবাদী অত্যাচাৰৰ সমানেই ভুক্তভোগী এই ধাৰাটি অৱশ্যে সম্পূৰ্ণভাৱে অসংগঠিত তথা কোনো বিশেষ ‘স্কুলে’ এই ধাৰাটিৰ প্ৰতিনিধিত্ব নকৰে৷ এইক্ষেত্ৰত দুটি নাম বিশেষভাৱে লব পাৰি – ৱিলহেম ৰাইখ(Wilhelm Reich) আৰু আৰ্থাৰ ৰজেনবাৰ্গ(Arthur Rosenberg)৷ ৱিলহেম ৰাইখ ৩০ৰ দশকত সক্ৰিয় এজন জাৰ্মান সমাজবাদী তথা মনোবিশ্লেষক( psychoanalyst) আছিল৷ এজন প্ৰফেচনেল মনোবিশ্লেষক হিচাপে বাৰ্লিনৰ অসংখ্য নাজীবাদ-সমৰ্থক ব্যক্তিৰ সৈতে তেওঁ সুপৰিচিত আছিল৷ হিটলাৰৰ উদয়ৰ পাছত দেশত থকাটো অসম্ভৱ হৈ পৰাত ৱিলহেমে জাৰ্মানীৰ পৰা পলায়ন কৰে৷ অৱশেষত ১৯৫৭ চনত এক বিচিত্ৰ পৰিস্থিতিৰ মাজেৰে আমেৰিকাৰ এখন কাৰাগাৰত বন্দী হৈ তেওঁৰ মৃত্যু হয়৷

ৱিলহেম ৰাইখৰ বিপৰীতে, আৰ্থাৰ ৰজেনবাৰ্গৰ নামটো বিশেষ প্ৰসিদ্ধ নহয়৷ ২০ৰ দশকৰ মাজভাগত তেওঁ জাৰ্মান ৰেখষ্টেগ(সংসদ)ৰ এজন কমিউনিষ্ট ডেপুটি (সাংসদ) আছিল৷ এজন ইতিহাসবিদ হিচাপেও তেওঁৰ কিছু ব্যুপত্তি থকাৰ কথা জনা যায়৷ ১৯৩৪ চনত তেওঁৰ ফেছিবাদ সম্পৰ্কীয় এটি চিন্তাকৰ্ষক প্ৰবন্ধ প্ৰকাশিত হয়৷ Fascism as a Mass Movement শীৰ্ষক এই প্ৰবন্ধটো আমি সত্তৰৰ দশকত ইংৰাজীলৈ অনুবাদ কৰিছিলো৷ আনহাতে ১৯৩৩ চনত প্ৰকাশিত হয় The Mass Psychology of Fascism শীৰ্ষক ৰাইখৰ কিতাপখন৷ এই লেখনিকেইটিৰ নামৰ পৰাই অনুমান কৰিব পাৰি – সিবিলাকে ফেছিবাদ সম্পৰ্কে পৰম্পৰাগত চৰ্বিত-চৰ্বণৰ বিপৰীতে কিছু বৈকল্পিক বিশ্লেষণ আগ বঢ়াইছে৷

ফেছিবাদ বিষয়ক কমিণ্টাৰ্ন-সৃষ্ট তত্ত্বসমূহ সম্পৰ্কে আলোচনা কৰোঁতে আমি ‘ফেছিবাদে গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে’ এই বাক্যাংশৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিলো৷ আচৰিত কথা যে কমিণ্টাৰ্নে এই জাতীয় তত্ত্বসমূহ প্ৰচাৰ কৰি থকাৰ সময়ছোৱালৈকে জাৰ্মানীত ইতিমধ্যেই হিটলাৰে ৰাজনৈতিক ক্ষমতা দখল কৰিছিল! তেনেস্থলত এই ‘চেষ্টা কৰে’ জাতীয় তত্ত্ব প্ৰচাৰ কৰি থকাৰ অৰ্থ কি? হয়তো ইয়াৰ আঁৰত এক পলায়নবাদী মানসিকতাই ক্ৰিয়া কৰিছিল; যদিহে ফেছিবাদে গণসমৰ্থন হাছিল কৰাৰ কথাটো সত্য বুলি মানি লবলৈ হয়, তেনেস্থলত কেনেদৰে এই গণসমৰ্থন আদায় কৰাটো সম্ভৱপৰ হল – এই বিষয়েও বিশ্লেষণ কৰিব লাগিব৷ অৰ্থাৎ তেতিয়া কেৱল ‘ফেছিবাদ হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্ৰতিক্ৰিয়াশীল অংশটোৰ স্বৈৰতন্ত্ৰ’ – জাতীয় মন্ত্ৰ আওঁৰাই ফুৰাৰ বিপৰীতে প্ৰশ্নটো সম্পৰ্কে নতুনকৈ ভবা-চিন্তা কৰিব লাগিব৷ পিছে কমিণ্টাৰ্নৰ তাত্ত্বিকসকলে এই সাহস গোটাব নোৱাৰিলে৷ ফলতঃ বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱহেলিত হৈয়েই ৰল৷ কেনেকৈনো ফেছিবাদে নিজৰ বাবে এক গণ আধাৰ তৈয়াৰ কৰে, বা সোঁপন্থী বিভিন্ন দল-সংগঠনে কিয় জনগণৰ সমৰ্থন লাভ কৰে – ইত্যাদি প্ৰশ্নসমূহৰ কোনো উত্তৰ কমিণ্টাৰ্নে আগবঢ়াব নোৱাৰিলে৷

মন কৰিবলগীয়া যে এই প্ৰশ্নসমূহ আজিৰ দিনতো সমানেই গুৰুত্বপূৰ্ণ৷ সাম্প্ৰতিক ভাৰতীয় ফেছিবাদৰ প্ৰত্যাহবানসমূহ ভালকৈ বুজাৰ ক্ষেত্ৰত সিবিলাকৰ গুৰুত্ব অপৰিসীম৷ এইক্ষেত্ৰত কেৱল কেতবোৰ খেয়ালী ব্যাখ্যা যেনে ‘ফেছিবাদ বিশ্ব অৰ্থনৈতিক সংকটৰ ফচল’ আদি আওঁৰাই থাকিলেই নহব৷ বৰঞ্চ অৰ্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাঁওপন্থীসকলৰ বিপৰীতে জনগনে ফেছিবাদৰ ফালে কিয় ঢাপলি মেলে – এই প্ৰশ্নবোৰৰো উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব লাগিব৷ চমু ভাষাত, জনগন কিয় ফেছিবাদৰ প্ৰতি আকৰ্ষিত হয় – এইটোৱেই হৈছে এই বিষয়ক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

এইখিনিতে ৰেইখ তথা ৰজেনবাৰ্গৰ তত্ত্বসমূহ প্ৰাসংগিক হৈ পৰে৷ তেওঁলোক দুয়োজনেই ফেছিবাদৰ গণ-আধাৰসমূহ বুজাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিছিল৷ ৰেইখে তেওঁৰ গ্ৰন্থখনিত এনেদৰে লিখিছে -“আন আন সোঁ-পন্থী দল সংগঠনৰ সৈতে ফেছিবাদৰ পাৰ্থক্য এইখিনিতে যে জনগণৰ মাজৰ পৰাই ফেছিবাদী আন্দোলনৰ উদ্ভৱ হয় তথা জনগণৰ ব্যাপক সমৰ্থনৰ আধাৰতেই ফেছিবাদে বিকাশ লাভ কৰে”৷ এজন মনোবিশ্লেষক হিচাপে ৰেইখে এই সম্পৰ্কীয় মনস্তাত্ত্বিক দিশসমূহ বুজিবলৈ চেষ্টা কৰিছিল৷ নিম্ন মধ্যবিত্তকে আদি কৰি কেতবোৰ বিশেষ শ্ৰেণীৰ ব্যক্তিসকলৰ মনস্তাত্ত্বিক গাঁঠনিসমূহত এনে কি ৰহস্য লুকাই আছে যি তেওঁক ফেছিবাদৰ প্ৰতি আকৰ্ষিত কৰে; এইক্ষেত্ৰত কোনো বিশেষ সাংস্কৃতিক লজিকে(logic) ক্ৰিয়া কৰে নেকি – এই জাতীয় প্ৰশ্নৰ সন্ধান ৰেইখৰ বিশ্লেষণৰ মূল উপজীব্য আছিল৷ আনহাতে ৰজেনবাৰ্গে ‘ঐতিহাসিকভাৱে ফেছিবাদে কেনেকৈ গণ আধাৰ তৈয়াৰ কৰে’ এই প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিছিল৷ আচলতে এই দুয়োধৰণৰ বিশ্লেষণেই ইটোৱে সিটোৰ পৰিপূৰক আছিল বুলি কব পাৰি৷ ৰেইখে ফেছিবাদক সাৰ পানী যোগোৱা বিশেষ সাংস্কৃতিক তথা চাৰিত্ৰিক গাঁঠনিসমূহৰ সন্ধান কৰিছিল; তেওঁ বুজিবলৈ চেষ্টা কৰিছিল যে কেনেদৰে বিভিন্ন প্ৰকাৰৰ সামাজিক অৱদমনে ফেছিবাদৰ বাবে এক অনুকূল ভূমি নিৰ্মাণ কৰে৷ আনহাতে ৰজেনবাৰ্গে এক বৃহৎ ঐতিহাসিক প্ৰেক্ষাপটত কেনেদৰে ইউৰোপৰ বিভিন্ন সোঁ-পন্থী মতাদৰ্শ তথা আন্দোলনসমূহে বিকাশ লাভ কৰিছিল তথা কেনেদৰে ৰক্ষণশীল এলিটহতে গণ সমৰ্থন গোটাবলৈ সক্ষম হৈছিল –এই বিষয়ে বহুলকৈ আলোচনা কৰিছে৷

ৰজেনবাৰ্গৰ ভাষাত, সাধাৰণ অৰ্থত ফেছিবাদ হৈছে “উদাৰতাবাদ-বিৰোধী এক গণ-আন্দোলন”৷ উদাৰতাবাদ বোলোতে ইয়াত মূলতঃ ৰাজনৈতিক তথা চেকুলাৰ উদাৰতাবাদৰ কথা কোৱা হৈছে৷ এই উদাৰতাবাদৰ মতে ৰাষ্ট্ৰযন্ত্ৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহৰ হেঁচাৰ বিপৰীতে ব্যক্তি একোজনৰ কেতবোৰ অধিকাৰ থকা উচিত৷ দেখা যায় যে ঊনবিংশ শতিকাৰ শেহৰ ফাললৈ এই উদাৰতাবাদৰ পৰাজয়ৰ পাছতেই ফেছিবাদী প্ৰবণতাসমূহে আত্মপ্ৰকাশ কৰিলে৷

সত্তৰৰ দশকৰ আশে পাশে মই ফেছিবাদ সম্পৰ্কে কাম-কাজ আৰম্ভ কৰোঁতে এটা কথা সোনকালেই স্পষ্ট হৈ পৰিছিল যে নাজী পাৰ্টিয়ে জাৰ্মান ফেছিবাদৰ জন্ম দিয়া নাছিল৷ বৰঞ্চ জাৰ্মান ফেছিবাদেহে নাৎসী দলৰ সৃষ্টি সম্ভৱপৰ কৰি তুলিছিল৷ নাজী দলৰ জন্মৰ বহু পূৰ্বেই জাৰ্মান সমাজখনত ফেছিবাদৰ বাবে এক সুচল পৰিবেশ তৈয়াৰ হৈ উঠিছিল৷ অৰ্থাৎ প্ৰকাশ্যভাৱে ফেছিবাদৰ আগমনৰ বাবে প্ৰয়োজন আছিল কেৱল কোনো আকৰ্ষণীয় নেতা বা দলৰ যি সমাজত ইতিমধ্যেই গা কৰি উঠা ফেছিবাদী প্ৰৱণতাসমূহক গতি তথা দিক প্ৰদান কৰিব পাৰে৷ অৱশ্যে কোনো কেন্দ্ৰীয় পৰিকল্পনা বা সুশৃংখল আঁচনিৰ বিপৰীতে, এখোজ দুখোজকৈ তথা বিক্ষিপ্তভাৱেহে ফেছিবাদী লক্ষণসমূহে গা কৰি উঠিছিল৷ এইক্ষেত্ৰত ২০ৰ দশকৰ আশে পাশে সক্ৰিয় বিভিন্ন উগ্ৰ-জাতীয়তাবাদী(völkisch) দল-সংগঠন তথা প্ৰাক্তন সৈনিকৰ গোট ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি৷ উগ্ৰ-জাতীয়তাবাদী সংগঠনসমূহে এই সময়ছোৱাত নিয়মীয়াকৈ ইহুদীবিৰোধী ঘৃণা অভিযান তথা হত্যাযজ্ঞৰ আয়োজন কৰি ফুৰিছিল৷ আনহাতে প্ৰাক্তন সৈনিকৰ গোটসমূহ আছিল তীব্ৰভাৱে গণতন্ত্ৰবিৰোধী৷ প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয়ে তেওঁলোকৰ জাতীয়তাবোধত বিশেষকৈ আঘাত হানিছিল৷ ইয়াৰ উপৰিও, জাৰ্মান সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ এটা বৃহৎ অংশই জাৰ্মানীৰ নৱেম্বৰ বিপ্লৱ তথা ৰাজতন্ত্ৰৰ পতনৰ ঘটনাটো সহজতে মানি লব পৰা নাছিল৷ ই জাৰ্মান জাতীয়তাবাদৰ প্ৰতি এক মোক্ষম আঘাত বুলিয়েই তেওঁলোকে গণ্য কৰিছিল৷ অৰ্থাৎ সামগ্ৰিকভাৱে চাবলৈ গলে নাজী দলৰ উদয়ৰ বহু পূৰ্বেই বিভিন্ন সোঁ-পন্থী দল সংগঠনে নাজীবাদৰ বাবে এক অনুকূল পৰিস্থিতি নিৰ্মাণ কৰি পেলাইছিল৷

ৰজেনবাৰ্গে সুন্দৰকৈ দেখুৱাইছে – কেনেদৰে ইউৰোপীয় সমাজসমূহত প্ৰথম বিশ্বযুদ্ধৰ পূৰ্বৰ সময়ছোৱাতেই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াশীল ধ্যান-ধাৰণাৰ ভীষণ প্ৰসাৰ ঘটিছিল৷ পাছলৈ বহুক্ষেত্ৰত ফেছিবাদীহঁতে এই ধ্যান ধাৰণাসমূহৰে পুনৰাবৃত্তি কৰিছিল বুলি কব পাৰি৷ সংসদীয় গণতন্ত্ৰ তথা গণ-ৰাজনীতিৰ উত্থানৰ কালত ঊনবিংশ শতিকাৰ ৰক্ষণশীল এলিটসকলে আক্ৰামক-জাতীয়তাবাদী আবেগ সৃষ্টি কৰিয়েই দুয়োটাৰে জৱাব দিবলৈ চেষ্টা কৰিছিল৷ জাতীয়তাবাদৰ সকলো উদাৰ উপাদান নসাৎ কৰি তেওঁলোকে বিশ্বৰ অন্যান্য ঠাইত উপনিবেশ স্থাপন কৰিব পৰাকৈ একোখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ পোষকতা কৰিছিল৷ লগতেই, দেশৰ শ্ৰমিক আন্দোলনসমূহ মষিমূৰ কৰিবলৈ তথা মধ্যবিত্তীয় ভোটদাতাসকলক বাঁওপন্থীসকলৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্লজ্জভাৱে এণ্টি-চেমেটিজিমকো ব্যৱহাৰ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল (Weiss, ‘Conservatism in Europe 1770-1945’, পৃষ্ঠা ৮৯)৷ ইউৰোপৰ পৰম্পৰাবাদী শক্তিসমূহে এইজাতীয় জেন’ফবিক(xenophobic) আবেদন আৰু দেশপ্ৰেমমূলক এজেণ্ডাৰ দ্বাৰাই এক জনপ্ৰিয় ৰক্ষণশীলতাবাদৰ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ সহায়তেই ১৮৪৮ৰ বিপ্লৱে উজ্জীবিত কৰি তোলা উদাৰবাদক পৰাস্ত কৰি বিভিন্ন দেশত সংসদীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল৷

আন কথাত, উনবিংশ শতিকাৰ উদাৰবাদী ধাৰাটোক পৰাস্ত কৰি কেতবোৰ নতুন বিধৰ সোঁ-পন্থী মতাদৰ্শই গা কৰি উঠিছিল৷ বৰ্ণবাদ, মিলিটেৰীবাদ, সাম্ৰাজ্যবাদ তথা কৰ্তৃত্ব-পূজন(cult of authority) এই মতাদৰ্শসমূহৰ অন্যতম উপাদান আছিল৷ এনে এক পটভূমিতে ইউৰোপীয় ফেছিবাদৰ আৱিৰ্ভাৱৰ প্ৰশ্নটো আমি চালি-জাৰি চাব লাগিব৷ মই ভাবো যে সাংস্কৃতিকভাৱে তিনিটা ভিন ভিন স্তৰত ফেছিবাদৰ বিনিৰ্মাণ(deconstruction) কৰা উচিত৷ ইয়াৰে প্ৰথমটো স্তৰ হৈছে জাতীয়তাবাদ; প্ৰতিটো ফেছিবাদী মতাদৰ্শৰে যৌক্তিক শাহটো হৈছে জাতীয়তাবাদ৷ ফেছিবাদী আন্দোলনে জাতিটো বা দেশখনৰ দেৱত্বাৰোপণ(deification) কৰে৷ ফেছিবাদীসকলৰ দৃষ্টিত আন আন দেৱ-দেৱীৰ দৰেই জাতিটোও যেন সাক্ষাৎ এক দেৱতা বা দেৱী৷ ফেছিবাদ সমৰ্থকসকলে সেয়েহে প্ৰায়েই নিজৰ মতাদৰ্শক একপ্ৰকাৰৰ চেকুলাৰ ধৰ্ম বুলিও প্ৰচাৰ কৰা দেখা যায়৷ এইক্ষেত্ৰত তেওঁলোক সহজতে সফলো হয় কিয়নো এই দেৱত্বাৰোপণৰ সমস্ত ক্ৰিয়াপদ্ধতিসমূহ (মিথক, প্ৰতীক, আচাৰ-বিধি, সঁজুলি আদি) ধৰ্মৰ পৰাই আহৰণ কৰা হয়৷ সেয়েহে ‘ফেছিবাদৰ কেনেকৈ বিৰোধিতা কৰা যায়’ বুলি প্ৰশ্নৰ উত্থাপন হলে আমি এইবুলি কব লাগিব যে – এইক্ষেত্ৰত অন্যতম উপায় হৈছে জাতীয়তাবাদৰ বিৰুদ্ধে এক সবল অৱস্থান লোৱা তথা জাতীয়তাবাদী মতাদৰ্শৰ বিৰুদ্ধে এক প্ৰতিৰোধ গঢ়ি তোলা৷

ফেছিবাদ-বিনিৰ্মাণৰ দ্বিতীয়টো স্তৰ হৈছে কৰ্তৃত্বমূলক সংস্কৃতি(authoritarian culture) তথা অৱদমন(repression)ৰ আলোচনা৷ এই অৱদমন বিভিন্ন ধৰণৰ হব পাৰে, সামাজিক, পৰিয়াল-কেন্দ্ৰিক অথবা যৌনিক৷ এইক্ষেত্ৰত ১৯৬০ তথা ৭০ৰ দশকত আৱিৰ্ভাৱ হোৱা নাৰীবাদী আন্দোলনৰ অৰিহণা বিশেষভাৱে উল্লেখযোগ্য, কিয়নো এই নাৰীবাদী আন্দোলনেই পোন প্ৰথমবাৰৰ বাবে যৌনিকতাৰ ৰাজনীতি(sexual politics)ৰ প্ৰশ্নটো আলোচনাৰ কেন্দ্ৰত স্থাপন কৰিলে৷ ফেছিবাদ বিৰোধী সংগ্ৰামখনিত এই নাৰীবাদী যৌনিক ৰাজনীতিয়ে বিশেষভাৱে অৰিহণা যোগাই আহিছে৷ মোৰ দৃঢ় বিশ্বাস যে নাৰীবাদৰ উপস্থিতিৰ অবিহনে ইউৰোপৰ নব্য-নাজী দলসমূহ বৰ্তমানতকৈ বহু অধিক শক্তিশালী হৈ পৰিল হয়৷

তৃতীয়টো স্তৰ হৈছে – ছাৰ্ত্ৰে(Sartre)ৰ ভাষাত ‘অন্য-দিশ’ৰ ফেছিবাদী প্ৰয়োগ আৰু লগতে সাধাৰণ অনুশীলনৰ ৰূপত হিংসাৰ ব্যৱহাৰ অৰ্থাৎ সংগঠিত গোটসমূহৰ হিংসাত্মক কাৰ্যকলাপ৷ ৰজেনবাৰ্গৰ মতে মতাদৰ্শৰ ফালৰ পৰা ফেছিবাদৰ কোনো বিশেষত্ব নাই; ফেছিবাদৰ উদয়ৰ বহু পূৰ্বেই অৰ্থাৎ শতিকাটোৰ প্ৰথমছোৱাতে বিভিন্ন ধৰণৰ সোঁ-পন্থী মতাদৰ্শ ইউৰোপীয় সমাজসমূহত জনপ্ৰিয় হৈ পৰিছিল৷ তাৰ বিপৰীতে, ফেছিবাদৰ অনন্য বিশেষত্ব হৈছে ‘ধুমুহা বাহিনী’(storm troppers)ৰ প্ৰয়োগ৷ সাধাৰণভাৱে, নৃগোষ্ঠীয়-শুদ্ধিকৰণ বা গণসংহাৰ প্ৰতিটো ফেছিবাদী আন্দোলনৰে কাৰ্যসূচীৰ অংশবিশেষ বুলি কব পাৰি৷ ভাৰতীয় ফেছিবাদী সংগঠন আৰ.এছ.এছৰ দ্বিতীয়জনা সংঘচালক গোলবলকাৰ মহাশয়েতো ‘জাৰ্মান নৃ-গোষ্ঠীয় অভিমান’ তথা ইহুদী-গণহত্যাৰ প্ৰশংসা পৰ্যন্ত কৰি গৈছে৷ কিন্তু মন কৰা ভাল যে মহা-নৰসংহাৰ(holocaust)ৰ দৰে ঘটনা এক দীৰ্ঘ-দিনীয়া প্ৰচেষ্টাৰ পাছতহে সম্ভৱ হয়৷ ইয়াৰ বাবে প্ৰয়োজন হয় অহৰহ হিংসাক উদগনি জনোৱা বা হিংসাত্মক ঘটনা সংঘটিত কৰা এক নিৰন্তৰ আয়োজনৰ৷ বিভিন্ন বিক্ষিপ্ত প্ৰতিক্ৰিয়াৰ মাজেদি ফেছিবাদী হিংসাই বিকাশ লাভ কৰি শেহান্তৰত ই এক সৰ্বজনীন প্ৰচেষ্টাৰ ৰূপ ধাৰণ কৰে৷ ছাঁত্ৰেৰ ভাষাত, ‘কোনো নিৰ্জীৱ পদাৰ্থৰ দৰেই ইয়াৰ পুণঃৰ্নিমান তথা পুনৰ্গঠন কৰা হয়’ (Sartre, ‘Critique of Dialectical Reason’, পৃষ্ঠা ৬৪৯-৫০)৷ ফেছিবাদী সংগঠনসমূহ এনে পৰিস্থিতিত বেছি কাৰ্যক্ষম হৈ উঠে য’ত সমাজৰ ভুক্তভোগী সম্প্ৰদায়সমূহ যেনে ইহুদী, মুছলমান বা কৃষ্ণাঙ্গসকলৰ বিৰুদ্ধে ইতিমধ্যেই গোষ্ঠী-বিদ্বেষ সক্ৰিয় হৈ থাকে; বিদ্বেষৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ফেছিবাদীহঁতে বিভিন্ন ধৰণৰ পূৰ্বাগ্ৰহ, মিথক আদিৰ নিৰ্মাণ/পুণঃনিৰ্মাণ কৰে তথা সম্ভাবনাৰ(virtual) ৰূপত ভূক্তভোগীসকলৰ হত্যাকাণ্ডৰ প্ৰতি ইংগিত কৰে৷

ভাৰতীয় পৰিস্থিতিত ফেছিবাদে সাম্প্ৰদায়িক ৰূপ লৈছে৷ গণহত্যা অভিযানৰ অংশ স্বৰূপেই সাম্প্ৰদায়িক সংগঠনসমূহে নিয়মীয়াকৈ বিভিন্ন ধৰণৰ ধৰ্মীয় মিথকৰ নিৰ্মাণ কৰা দেখা যায়৷ মুছলমান-বিদ্বেষী এইজাতীয় প্ৰপাগাণ্ডাৰ ফলত বাস্তবিকতে নহলেও সম্ভাব্য অৰ্থত নৰসংহাৰ ইতিমধ্যেই কল্পনীয় হৈ পৰে৷ এনে সৰ্বগ্ৰাসী প্ৰচাৰে “শত্ৰু”ৰ এনে এখন ছবি তৈয়াৰ কৰে যাৰ নিৰ্মূলকৰণ সম্ভৱপৰ, সমৰ্থনযোগ্য তথা বাঞ্ছনীয় হৈ পৰে৷ বিদ্বেষমূলক এই মুকলি প্ৰপাগাণ্ডাই শাৰীৰিক আক্ৰমণ তথা গণহত্যাৰ ভূমি নিৰ্মাণ কৰে তথা সাম্প্ৰদায়িক দাংগা(অৰ্থাৎ প’গ্ৰম) “সংঘটিত হ’ব পৰা”(অৰ্থাৎ আয়োজন কৰিব পৰা) “পৰিস্থিতি”ৰ সৃষ্টি কৰে৷ আন কথাত এই “পৰিস্থিতি” হৈছে এক নিৰ্মিত পৰিস্থিতি; ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰত ফেছিবাদীহতঁৰ সন্মিলিত অনুশীলনৰ প্ৰভাৱ সুস্পষ্ট৷

বলিৰ পঠা সজোৱা, গোষ্ঠী-বিদ্ধেষ, সম্ভাব্য(virtual) ৰূপত গণহত্যা – এইবোৰেই হৈছে ফেছিবাদ-বিনিৰ্মাণৰ তৃতীয় স্তৰটোৰ কেন্দ্ৰীয় উপাদান৷ এই আটাইবোৰৰ বাবে বহুল, সূক্ষ্ম তথা বিৰাট সাংগঠনিক শক্তি আৰু পৰিকল্পনাৰ প্ৰয়োজন হয়৷ ইয়াৰ দ্বাৰাই প্ৰতীয়মান হয় যে ফেছিবাদ হৈছে সংগঠিত দল-সংগঠনৰ সংঘবদ্ধ একচন; এই একচনৰ লক্ষ্য হৈছে বিভিন্ন প্ৰকাৰৰ মানৱ ছিৰিজ৷ আন কথাত, ফেছিবাদী স্বতঃস্ফূৰ্ততা হৈছে পৰিকল্পিত বা সাংগঠনিক স্বতঃস্ফূৰ্ততা৷ আচলতে কোনোধৰণৰ হিংসাত্মক উদ্গীৰণকেই স্বতঃস্ফূৰ্তভাৱে হোৱা উদ্গীৰণ বুলি কব নোৱাৰি৷ এইক্ষেত্ৰত বৃহৎ পৰিমাণৰ সাংগঠনিক পৰিকল্পনা যুক্ত হৈ থাকে৷ উদাহৰণস্বৰূপে ২০০২ৰ গুজৰাট-গণহত্যাৰ কথাই আঙুলিয়াব পাৰি৷ এটা সীমাত থাকে ৰাষ্ট্ৰ, অৰ্থাৎ আটাইতকৈ সাৰ্বভৌম তথা সংগঠিত গ্ৰুপটো; এই ৰাষ্ট্ৰ–তন্ত্ৰৰ বিভিন্ন সম্পদসমূহ আন আন সংগঠিত গোটসমূহক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ আনহাতেদি আনটো সীমাত থাকে অসংগঠিত মানৱ ছিৰিজসমূহ, যাক অহৰহ বিভ্ৰান্তিৰ দিশেৰে লৈ যোৱা হয়৷ এই দুয়োটাৰে মাজতে থাকে সংগঠিত গোটসমূহ, যি ফেছিবাদী আন্দোলনটো গঠন কৰে; এই সংগঠিত গোটসমূহে ছিৰিজ তথা ৰাষ্ট্ৰ- দুয়োৰে ওপৰত প্ৰেছাৰ গ্ৰুপ হিচাপেও কাম কৰে৷ বিভিন্ন নেটৱৰ্কৰ যোগেদি ছিৰিজ আৰু ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰণ হাছিল কৰি এই সংগঠিত গোটসমূহে হিংসাৰ ধাৰাটোৰ নেতৃত্ব প্ৰদান কৰে৷ গুজৰাট দাংগাৰ আটাইতকৈ শোচনীয় সময়খিনিতে তীস্তা ছিটলৱাৰে দাখিল কৰা এক প্ৰতিবেদন মতে, “হঠাতে গঠিত হোৱা” ৫, ০০০ পৰা ১৫, ০০০ লৈকে বৃহৎ দাংগাকাৰী “ভীৰ” কিছুমানে বিভিন্ন স্থানত “নিৰ্ভুলভাৱে” হত্যাকাণ্ডবোৰ সম্পন্ন কৰিছিল৷ “লক্ষণীয় যে আহমেদাবাদতকৈ বহু ডাঙৰ মুম্বাই চহৰতো হঠাতে এনে বৃহৎ হাৰৰ ভীৰ গোটোৱাটো সহজ কথা নহয়৷ ” অৰ্থাৎ এই দাংগাকাৰী ভীৰসমূহত পৰিচালক (অৰ্থাৎ সংগঠিত দল সংগঠন) তথা পৰিচালিত (অৰ্থাৎ অসংগঠিত মানৱ ছিৰিজ) – দুয়োটাই অন্তৰ্ভুক্ত আছিল আৰু বিশ্ব হিন্দু পৰিষদ, বজৰং দল আদিৰ নেতৃত্বত ভীৰসমূহে হত্যালীলা তথা ধ্বংসযজ্ঞ চলাই গৈছিল৷ আন কথাত, ভি এইচ পি, বজৰং দল আদিয়ে এই ভীৰসমূহত সংগঠিত উপাদানৰ ভূমিকা লৈছিল আৰু অসংগঠিত মানৱ ছিৰিজসমূহৰ পৰা জৈৱিক একচন হাছিল কৰিছিল৷ কোৱা বাহুল্য যে যি গণতন্ত্ৰই এইজাতীয় ষ্টৰ্ম-ট্ৰুপাৰ গোটসমূহক নীৰস্ত্ৰ কৰিব নোৱাৰে, অনাগত সময়ত ফেছিবাদী আগ্ৰাসনে তেনে গণতন্ত্ৰৰ পতন ঘটোৱাটো নিশ্চিত৷

এনেদৰে মই প্ৰস্তুত কৰিব বিচৰা ফ্ৰেমৱৰ্কটো তিনিটা স্তৰত গঠিত হৈছে৷ ইয়াৰে প্ৰথমটো স্তৰত আছে জাতীয়তাবাদ; ফেছিবাদী মতাদৰ্শৰ যৌক্তিক শাহটোৱেই হৈছে জাতীয়তাবাদ৷ ফেছিবাদীহঁতে জাতিটো বা দেশখনক এক জীৱন্ত সত্তাৰ ৰূপত কল্পনা কৰে যি সম্প্ৰতি গণতন্ত্ৰ নামৰ ৰোগত আক্ৰান্ত তথা সংখ্যালঘুৰ উপস্থিতিৰ ফলত প্ৰদূষিত; অৰ্থাৎ সিবিলাকৰ নিৰ্মূল সাধন কৰি দেশখন বিশুদ্ধ কৰি তোলাৰ প্ৰয়োজনীয়তা আছে! দ্বিতীয়টো স্তৰত আছে পৌৰুষ হিংসা তথা পুৰুষতন্ত্ৰৰ প্ৰশ্নটো৷ পুৰুষতন্ত্ৰ বা পিতৃতন্ত্ৰই এনে কেতবোৰ অৱদমনমূলক পাৰিবাৰিক সংস্কৃতিৰ নিৰ্মাণ কৰে যি মহিলা তথা যুব প্ৰজন্মটোক “স্বেচ্ছাচাৰীসদৃশ মুৰব্বী একোজনৰ প্ৰতি আজ্ঞাকাৰী হবলৈ তথা গোলামসদৃশ বশ্যতা মানি চলিবলৈ দীক্ষা দিয়ে৷ ” কণ কণ লৰা-ছোৱালীহঁতক নিজৰ তথা বিশ্বৰ বিষয়ে সমালোচনামূলকভাৱে ভাবিবলৈ, আধিপত্যৰ বিৰোধিতা কৰিবলৈ তথা নিজ ইচ্ছা মতে বন্ধুত্ব গঢ়ি তুলিবলৈ শিকোৱাৰ পৰিবৰ্তে, পিতৃতন্ত্ৰই সিহঁতৰ ব্যক্তিত্ব তথা মানবীয় গুণসমূহৰ বিকাশৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়ে৷ ভাৰতীয় পৰিস্থিতিত এইজাতীয় অৱদমনৰ লগতে জাত-পাতৰ বিচাৰ, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ তথা শিশুৰ প্ৰতি অমানৱীয় ব্যৱহাৰ আদি আন আন অৱদমনো যুক্ত হৈ পৰিছে৷ অৰ্থাৎ এক সভ্যতা হিচাপে আমাৰ ভাৰতীয় সভ্যতাৰ শিৰাই-শিৰাই অসংখ্য অৱদমনমূলক সংস্কৃতিৰ অদৃশ্য উপস্থিতি এক নিৰ্মম সত্য৷ মই এই উপস্থিতি “অদৃশ্য” বুলি কৈছোঁ কিয়নো আমাৰ সমাজত এই অৱদমনসমূহ ইমানেই সৰ্বগ্ৰাসী যে সাধাৰণতে সিবিলাক আমাৰ চকুতেই নপৰে; বৰঞ্চ সিবিলাক সাধাৰণ জীৱনযাত্ৰাৰ অংশবিশেষ যেনহে প্ৰতীয়মান হয়৷ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ জৰিয়তেহে সিবিলাকৰ উপস্থিতি দৃশ্যমান কৰিব পৰা যায়৷ তৃতীয় বা সৰ্বশেষ স্তৰত আছে সংগঠিত বৰ্বৰতা বা দৈনন্দিন অনুশীলনৰ ৰূপত হিংসাৰ প্ৰয়োগ৷ এইক্ষেত্ৰত বিভিন্ন ধৰণৰ ধৰ্মীয় বা গোষ্ঠীগত মিথক গঢ়া, অপপ্ৰচাৰ চলোৱা, সংগঠিত গ্ৰুপ তথা ছিৰিজসমূহৰ সমূহীয়া অনুশীলনৰ ৰূপত গণহত্যাৰ আয়োজন কৰা ইত্যাদি বিষয়সমূহো সাঙোৰ খাই আছে৷

এই আটাইকেওটা স্তৰকে সামৰি ফেছিবাদ-বিৰোধী সংগ্ৰামখনিৰ এজেণ্ডা নিৰ্মাণ কৰাৰ সময়খিনিত আমি নিজকে প্ৰশ্ন কৰা উচিতঃ এই তিনিওটা স্তৰৰ ভিতৰত এটাতো আমি আমাৰ এজেণ্ডা আগবঢ়াব পাৰিছোঁনে? ভাৰতীয় ফেছিবাদৰ বিৰুদ্ধে সঁচাকৈয়ে আমাৰ কোনো স্পষ্ট এজেণ্ডা আছেনে? মুখ্যধাৰাৰ সংস্কৃতিৰ মৰ্মস্থলীত প্ৰবেশ কৰি ছিৰিজলৈ পৰিবৰ্তিত হোৱা লক্ষ লক্ষ মানুহক মোকলাই আনিব পৰাকৈ আমাৰ কোনো কাৰ্যক্ষম এজেণ্ডা আছেনে? সকলো হিন্দুৰে নামত সংঘটিত ফেছিবাদী হিংসা আৰু এই হিংসাত নিজৰে মৌন অংশীদাৰিত্ব দেখি হতভম্ভ তথা নিঃসহায় অনুভৱ কৰা শত সহস্ৰ জনগণক মুকুটিৰ পথ দেখুৱাবলৈ আমি কোনো এজেণ্ডা প্ৰস্তুত কৰিব পাৰিছোঁনে?

এই প্ৰশ্নৰসমূহৰ সৈতে মোকাবিলা কৰাৰ এটা উপায় হৈছে “নীৰৱতাৰ সংস্কৃতি”ৰ বিৰোধিতা কৰা৷ স্পৰ্শকাতৰ বুলি মৌনতা অৱলম্বন কৰাৰ বিপৰীতে, এই বিষয়সমূহ সম্পৰ্কে মুকলি চৰ্চা আৰু যুক্তি-তৰ্কৰ পৰিবেশ তৈয়াৰ কৰা; ঘৰতেই হওক বা বাহিৰতে হওক সকলোতে এই বিষয়সমূহ সম্পৰ্কে খোলা আলোচনাৰ পোষকতা কৰা; খোলা মনেৰে কথা পতা৷ এই বিষয়সমূহক গাপ দিয়াৰ প্ৰতিটো প্ৰচেষ্টাকে প্ৰতিহত কৰা৷ উদাহৰণ স্বৰূপে মোৰ এজন সাংবাদিক বন্ধুৱে তেওঁৰ ইউনিয়নৰ সদস্যসকলৰ সৈতে এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰোঁতে তেওঁক এইবুলি কোৱা হৈছিল “যি হ’ব লগা আছিল হ’ল৷ আকৌ গুজৰাটৰ বিষয়ে পাতিবলৈ কি কথা আছে? এইবোৰ পুৰণি কথা পাহৰি যোৱাই ভাল৷ ” এই যে “পাহৰি যোৱাই ভাল” বোলা কথাষাৰ – এইজাতীয় কথা আৰু মানসিকতাৰ ফলতেই সংঘ পৰিয়ালৰ শ্ৰীবৃদ্ধি দিনক দিনে বাঢ়িবলৈ ধৰিছে৷

‘স্মৃতি আৰু পাহৰণি’ এই বিষয়ে বিখ্যাত পেলেষ্টাইনী কবি মেহমুদ দাৰৱিছৰ জীৱনৰ পৰা কিছু মূল্যবান কথা শিকিব পাৰি৷ ১৯৮২ চনত ইজৰাইলী নৌ-সেনা আৰু বিমানবাহিনীয়ে বেইৰুট চহৰৰ ওপৰত ধাৰাষাৰে বোমাবৰ্ষণ কৰাৰ সময়ছোৱাত দাৰৱিছ বেইৰুট চহৰতেই আছিল৷ প্ৰায় দুমাহ ধৰা অহৰহ বোমাবৰ্ষণৰ ফলত প্ৰতিদিনেই দুইৰ পৰা তিনিহেজাৰলৈকে অসামৰিক লেবানিজ তথা পেলেষ্টাইনী লোকৰ মৃত্যু ঘটিছিল৷ এই ভয়াবহ অভিজ্ঞতাৰ সৈতে মোকাবিলা কৰিবলৈ দাৰৱিছে এখন ডায়েৰী লিখিবলৈ আৰম্ভ কৰিলে; ডায়েৰীখনৰ নাম দিয়া হল ‘পাহৰণিৰ স্মৃতি’(Memory for forgetfulness)৷ এই নামটোৰ কি অৰ্থ হব পাৰে – এই সম্পৰ্কে কিছু ভবা-চিন্তা কৰা ভাল৷

মূল প্ৰসংগলৈ ঘূৰি অহা যাওক৷ ফেছিবাদ-বিনিৰ্মাণৰ এই তিনিওটা স্তৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰথমতে জাতীয়তাবাদৰ পৰাই আৰম্ভ কৰা যাওক৷ আমি সকলোৱেই জানো যে জাতীয়তাবাদ হৈছে এনে এক পৃষ্ঠভূমি য’ত দেশৰ সোঁ-পন্থী তথা বাঁওপন্থী – দুয়োটা শক্তিয়েই বিচৰণ কৰে৷ আংশিকভাৱে এই জাতীয়তাবাদী কাঠামোৰ হেঁচাতেই বাঁওপন্থীসকলে কবলৈ বাধ্য হয় যে সোঁ-পন্থীসকল ‘স্বদেশী’ৰ এজেণ্ডা সম্পৰ্কে চিৰিয়াছ নহয়৷ আচলতে বাঁওপন্থীসকলে নিজকে ‘জাতীয়-স্বাধীনতা’ৰ ৰক্ষক বুলিয়েই গণ্য কৰে; অৱশ্যে আৰ্থিক পটভূমিতেই এই ‘জাতীয়-স্বাধীনতা’ৰ ব্যাখ্যা কৰা হয়৷ বাঁওপন্থীসকলৰ এই জাতীয়তাবাদ হৈছে একাংগী(isolationist) জাতীয়তাবাদ; অৰ্থাৎ বাঁওপন্থীসকলৰ দৃষ্টিত আপেক্ষিকভাৱে স্বায়ত্ত্ব বিভিন্ন জাতীয়-অৰ্থনীতিৰ সমষ্টি(collection) স্বৰূপেই গোলকীয় অৰ্থনীতিৰ নিৰ্মাণ হৈছে৷ কিন্তু পুঁজিবাদে যে ইতিমধ্যেই জাতীয়-স্বাৱলম্বিতাৰ পৰ্য্যায়টো ধ্বংস কৰি পেলাইছে এই কথাটো ভাৰতীয় বাঁওপন্থীসকলে বুজিব নোখোজে৷ আচলতে পুনৰ জাতীয়-স্বাৱলম্বিতাৰ পৰ্যায়টোলৈ ঘূৰি যোৱাৰ বাঁওপন্থী প্ৰচেষ্টাসমূহ সফল হোৱাৰ আশা অতিশয় কম৷

উল্লেখযোগ্য যে বাগাড়ম্বৰৰ স্তৰত ফেছিবাদী জাতীয়তাবাদ বাঁওপন্থীসকলতকৈও অধিক একাংগীবাদী তথা আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ ঘোৰ বিৰোধী৷ কিন্তু ফেছিবাদী জাতীয়তাবাদৰ আন এটি বিশেষ দিশ আছে যিটো আন ৰাজনৈতিক ধাৰাসমূহত বিচাৰি পোৱা নাযায়৷ ফেছিবাদী আন্দোলনসমূহে এক বিশেষ প্ৰকাৰৰ জাতীয়তাবাদৰ পোষকতা কৰে; এই জাতীয়তাবাদৰ মূলতে আছে palingenesia(পুনৰ্গঠন)ৰ এক অভিনৱ প্ৰতিশ্ৰুতি৷ এই palingenesia শব্দটো বিভিন্ন ফেছিবাদী লেখকৰ প্ৰবন্ধ সংকলন ‘Fascism’ গ্ৰন্থখনিৰ পৰা লোৱা হৈছে (Griffin, ‘Fascism’ Oxford 1995)৷ Palingenesiaৰ অৰ্থ হৈছে পুনৰ্গঠন বা পুনৰ্জীৱন৷ অৰ্থাৎ ইয়াৰ মতে জাতি হৈছে এক জীৱন্ত বা ব্যৱহাৰিক সত্তা; এই সত্তাটি সম্প্ৰতি বিভিন্ন জটিল ৰোগেৰে আক্ৰান্ত হৈ শৰ্য্যাশায়ী হৈ পৰিছে৷ এইক্ষেত্ৰত ফেছিবাদ হৈছে এনে এপালি মহৌষধ, যি এই সমস্ত ৰোগৰ চিকিৎসা কৰি জাতিক পুনৰ নকৈ গঢ়ি তুলিব৷ নতুন পুৰণি সকলো ফেছিবাদী আন্দোলনতেই এই বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ ‘We or Our Nationhood Defined’ গ্ৰন্থখনিত গোলৱলকাৰে হিন্দু জাতিক পুনৰ্জীৱিত কৰি জাতীয় পুনৰ্গঠন কৰাৰ কথা লিখিছে৷ আৰ এছ এছৰ বাবে তেওঁ তৈয়াৰ কৰা কাৰ্যসূচীৰ লক্ষ্য হৈছে – ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰলৈ পৰিবৰ্তিত কৰি হিন্দু জাতিৰ (কল্পিত) হৃত পৰিচয় তথা বিশুদ্ধতা পুনৰ প্ৰতিষ্ঠা কৰা৷ অৰ্থাৎ গোলৱলকাৰৰ দৃষ্টিত হিন্দু(সম্প্ৰদায়) তথা ভাৰত(ৰাষ্ট্ৰ) হৈছে ইটো সিটোৰ সমাৰ্থক৷ কোৱা বাহুল্য যে নাজী বৰ্ণবাদী তত্ত্বসমূহৰ দৰেই গোলৱলকাৰৰ কল্পিত হিন্দু ৰাষ্ট্ৰখনো ভীষণভাৱে সাম্প্ৰদায়িক৷

‘কৰ্তৃত্ব তথা উৎপীড়নৰ সংস্কৃতি’ৰ প্ৰশ্নটোৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমস্যাটো হৈছে যে প্ৰায়েই উৎপীড়িতসকলে কৰ্তৃত্বৰ সৈতে নিজৰ একাত্মতা অনুভৱ কৰে৷ এই সমস্যাটোৰে সৈতে দৃঢ়তাৰে যুঁজাৰ সময় এতিয়া সমাগত৷ স্কুল, কৰ্মস্থলী, পৰিয়াল, কমিউনিটি সকলোতে এই কৰ্তৃত্ববাদী সংস্কৃতিৰ গভীৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ চিধা ভাষাত কবলৈ হলে এই আটাইবোৰেই হৈছে ‘প্ৰতিক্ৰিয়াশীল মতাদৰ্শ’ৰ জন্মস্থলী; ইহঁতেই লক্ষ লক্ষ যথাস্থিতিবাদী মানৱ ছিৰিজ নিৰ্মাণ কৰে৷ শিক্ষা আৰু সামাজিকীকৰণৰ এই স্থলীসমূহত মানুহে নিজাকৈ ভবা চিন্তা কৰিবলৈ শিকাৰ পৰিবৰ্তে ভীৰৰ সৈতে কেনেকৈ নিজকে যন্ত্ৰসদৃশভাৱে একাত্ম কৰি লোৱা যায়, বা কেনেকৈ আন দহজনৰ দৰেই নিজৰো চিন্তা-চৰ্চা একৰূপী কৰা যায় ইত্যাদিৰহে শিক্ষা লাভ কৰে৷ অৰ্থাৎ সামাজিকীকৰণৰ এই স্থলীসমূহে মানৱীয় গুণ তথা বৈশিষ্ট্যসমূহ বিকশিত কৰি উজলাই তোলাৰ বিপৰীতে মানৱীয় সম্ভাৱনীয়তাসমূহকেই মষিমূৰ কৰে৷ ফলত এসময়ত বাহ্যিকভাৱে একতাবদ্ধ কেতবোৰ অতি-অনুশাসিত গণ-সমষ্টি (regimented mass)ৰ জন্ম হয়৷ ইউৰোপীয় ফেছিবাদৰ অভিজ্ঞতাৰ পৰা আমি জানো যে সিবিলাক ফেছিবাদৰ উত্থানৰেই প্ৰতিনিধিস্বৰূপ৷ উল্লেখযোগ্য যে ৰেইখৰ মতে যৌনিকতা আৰু মানৱ আকাংক্ষ্যাৰ সংস্থাগত অৱদমনৰ মাজতেই কৰ্তৃত্ববাদৰো মূল শিপাদাল বিচাৰি পোৱা যাব৷ পৰিয়াল, নীতিশিক্ষা আদিৰ দ্বাৰা এই অৱদমনসমূহে এক ‘কৃত্ৰিম স্বাৰ্থ’ৰ নিৰ্মাণ কৰে যি সক্ৰিয়ভাৱে কৰ্তৃত্ববাদী ব্যৱস্থাটোকেই সমৰ্থন প্ৰদান কৰে৷

ভাৰতীয় সমাজত কৰ্তৃত্বই কেনেকৈ ক্ৰিয়া কৰে তথা ই কেনেকৈ ৰাজনৈতিক ৰণনীতিৰ সৈতে যুক্ত হৈ পৰে – এইসম্পৰ্কে এটি সামগ্ৰিক ধাৰণা বিকশিত কৰাৰ প্ৰয়োজনীয়তা আছে৷ যৌনিকতাৰ ৰাজনীতি এইক্ষেত্ৰত বিশেষভাবে গুৰুত্বপূৰ্ণ কিয়নো যেতিয়াই মানুহক (বিশেষকৈ নৱ প্ৰজন্মটোক) তেওঁলোকৰ আশা-আকাংক্ষ্যাসমূহ অৱদমিত কৰি ৰাখিবলৈ বা এইসম্পৰ্কে অপৰাধবোধত ভুগিবলৈ বাধ্য কৰোৱা হয়, তেতিয়াই ই ৰক্ষণশীল শক্তিসমূহৰ উত্থানত সহায়ক হয়৷ কৰ্তৃত্ববাদৰ সুদৃঢ়-কৰণ তথা ফেছিবাদী আন্দোলনৰ উদয়ৰ ক্ষেত্ৰত যৌনিকতাৰ এই অৱদমনে বিশেষ কাৰকৰ ভূমিকা পালন কৰে৷ অৰ্থাৎ এই ৰক্ষণশীল আন্দোলনসমূহৰ সৈতে মোকাবিলা কৰিবলৈ হলে পাৰস্পৰিকতা(reciprocity)ৰ সংস্কৃতি(অৰ্থাৎ স্বাধীনতাৰ ভিত্তিত ব্যক্তিসকলৰ আন্তঃসম্পৰ্ক নিৰ্মাণৰ সংস্কৃতি)সমূহ উৎসাহিত কৰি সামাজিক স্বাধীনতাৰ পোষকতা কৰিব পাৰিবই লাগিব৷

এই আটাইকেওটা স্তৰ ইমানেই নিবিঢ়ভাৱে আন্তঃসম্পৰ্কযুক্ত যে সিবিলাকক পৃথক কৰি চোৱাটো প্ৰায়েই টান হৈ পৰে৷ হিংসা আৰু আক্ৰামকতা এই তিনিওটা স্তৰৰে বিশেষ উপজীব্য৷ শেহতীয়া দশককেইটাত জাতীয়তাবাদে ধাৰণ কৰা অধিকাংশ ৰূপ হিংসাৰ সংস্কৃতিৰ সমাৰ্থক হৈ পৰিছে৷ উদাহৰণস্বৰূপে য়ুগোশ্লাভিয়াৰ পতনৰ পাছত বিভিন্ন স্লাভ জাতিসমূহে ইটোৱে সিটোৰ ওপৰত কৰা আক্ৰমণৰ কথাই কব পাৰি৷ মিলোচেভিকৰ চাৰ্ব জাতীয়তাবাদেতো গোষ্ঠী-সংহাৰৰেই ৰূপ ললে৷ দ্বিতীয়টো স্তৰ অৰ্থাৎ ‘কৰ্তৃত্বমূলক সংস্কৃতি আৰু অৱদমন’ – এই ক্ষেত্ৰতো একেটা কথাই কব পাৰি৷ হিংসা হৈছে কৰ্তৃত্বৰ চিৰ-সহচৰ৷ অৰ্থাৎ কৰ্তৃত্বৰ দাবী স্তৰীভূত হিংসাৰেই অন্য এটি নাম৷ হিংসাৰ এনে সংস্থাগত(institutionalised) ৰূপসমূহৰ বিৰোধিতা কৰাটো অতিশয় প্ৰয়োজনীয়৷ তৃতীয়টো স্তৰ- ‘অৰ্থাৎ দৈনন্দিন অনুশীলনৰ ৰূপত হিংসাৰ প্ৰয়োগ’ এইক্ষেত্ৰত মূল প্ৰশ্নটো হৈছে যে এনে সংগঠিত ফেছিবাদী গোটসমূহৰ মোকাবিলা কেনেকৈ কৰা যায়? এইক্ষেত্ৰত আন আন সংগঠিত গোটসমূহৰ সবল ৰাজনৈতিক পদক্ষেপৰ অবিহনে এই মোকাবিলা সম্ভৱনে? এই আন আন সংগঠিত গোটসমূহ কোন, সমাজত সিবিলাকৰ বৰ্তমান অৱস্থিতি কি?

শেষ কৰাৰ আগেয়ে, প্ৰদৰ্শনকামিতা(spectacle) আৰু ফেছিবাদৰ আন্তঃসম্পৰ্ক সম্পৰ্কে দুই এটা কথা উল্লেখ কৰাটো ভাল হব৷ ফেছিবাদী ৰাজনীতি হৈছে প্ৰদৰ্শনকামী ৰাজনীতি৷ জাকজমকতাৰে ভৰা সুদৃশ্য প্ৰদৰ্শনীৰ আয়োজন কৰি সংগঠিত ফেছিবাদী গোটসমূহে মানৱ-ছিৰিজসমূহৰ ওপৰত সিহঁতৰ আধিপত্য তথা ক্ষমতা সাব্যস্ত কৰে৷ আচলতে সকলোধৰণৰ কৰ্তৃত্ববাদী আন্দোলনেই এইজাতীয় কুটকৌশল প্ৰয়োগ কৰি জনগণৰ ভয়মিশ্ৰিত শ্ৰদ্ধা আদায় কৰিবলৈ চেষ্টা কৰে৷ সিবিলাকে ছিৰিজসমূহৰ নপুংসকতা অব্যাহত ৰাখি বিভিন্ন প্ৰতীক তথা চিহ্নৰ সহায়ত জনগনক সন্মোহিত কৰি ৰাখে৷ মুছোলিনীৰ নাটকীয় শৈলীৰ বিকাশৰ ক্ষেত্ৰত গুস্তাভ লে বন(Gustav Le Bon)ৰ তত্ত্বসমূহৰ যথেষ্ট প্ৰভাৱ পৰিছিল৷ লে বনে বিশ্বাস কৰিছিল যে মানৱ ‘ভীৰ’সমূহ সহজাতভাৱেই অযৌক্তিক হয় আৰু সেয়েহে তেওঁ ৰাজনেতাসকলক প্ৰচুৰ পৰিমাণে অতিনাটকীয় শৈলী প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিছিল৷ ‘জনতাক কাবু কৰিবলৈ’ তেওঁ দিয়া এই পৰামৰ্শসমূহ ১৯ শতিকাৰ শেহৰছোৱাত ফ্ৰাঞ্চত সম্পন্ন সম্মোহনী-বিদ্যা(hypnotism) বিষয়ক কেতবোৰ গৱেষণাৰ ওপৰত আধাৰিত আছিল৷ লে বনে যুক্তি দৰ্শাইছিল যে মিথক ইত্যাদিৰ নিৰ্মাণৰ দ্বাৰা ৰাজনেতাসকলে জনগণক উত্তেজিত কৰি নিজৰ অধীন কৰি লব পাৰে৷ নেতাসকলক প্ৰচুৰ পৰিমাণে প্ৰতীকাদিৰ প্ৰয়োগ কৰিবলৈও তেওঁ পৰামৰ্শ দিছিল (Falasca-Zamponi, ‘Fascist Spectacle: The Aesthetics of Power in Mussolini’s Italy’ পৃষ্ঠা ২০)৷ সেয়েহে ধৰ্মীয় শোভাযাত্ৰা, মূৰ্তি, শিল্পকৰ্ম আদিবোৰ হিন্দুত্বৰো অভিন্ন অংগ, কিয়নো ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত প্ৰদৰ্শনীৰ ভূমিকা হৈছে অপৰিসীম৷

শেহান্তৰত মই এইবুলি কব বিচাৰোঁ যে এই আটাইকেওটা স্তৰতে আমি প্ৰতিবাদী ধাৰাটো সবল কৰি তুলিব লাগিব৷ হস্তক্ষেপৰ স্থান প্ৰতিটো স্তৰতে থাকিব লাগিব, কিন্তু ইয়াৰ বাবে এটি শক্তিশালী তথা কৰ্তৃত্ববাদ-বিৰোধী ৰাজনৈতিক ধাৰা বিকশিত কৰাটো প্ৰয়োজনীয় হব৷ কোৱা বাহুল্য যে এই ৰাজনৈতিক ধাৰাটিয়ে জনগণক সমালোচনাত্মকভাৱে(critically) ভাবিবলৈ তথা পৰস্পৰ সন্মানৰ ওপৰত আধাৰিত মানৱীয় সম্পৰ্ক বিকশিত কৰিবলৈ প্ৰেৰণা দিব লাগিব৷ ই এনে এক সামাজিক-ৰাজনৈতিক সংস্কৃতিৰ পৃষ্ঠপোষক হব লাগিব যি জাতীয়তাবাদ, অধিক্ৰমবাদ(hierarchy) তথা ছিৰিজ-সৃষ্টিকাৰী আধিপত্যৰ সন্মোহন দুৰ্বল তথা মষিমূৰ কৰিব পৰাকৈ স্বাধীনতাৰ প্ৰমূল্যসমূহক যথাযথ মূল্য দিব৷

(২০০২ চনৰ ছেপ্টেম্বৰ মাহত মুম্বাইস্থিত ‘বিকাশ অধ্যয়ন কেন্দ্ৰ’ই আয়োজন কৰা গুজৰাট সম্পৰ্কীয় আলোচনাচক্ৰত প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ৷)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in লেছেৰি বোটলা

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: