যি হৈছে ভালেই হৈছে। অখিল গগৈক পাৰিলে চিৰদিনৰ বাবে জে’লত ভৰাই থ’ব লাগে। তাৰ নাম-নিচান নাইকিয়া কৰি দিব লাগে – অসমৰ মাটিৰপৰা, মানুহৰ মাথাৰপৰা।
জাতি-মাটি-ভেটিৰ সুৰক্ষা যেতিয়া নিশ্চিত হৈছে, অৱতাৰী পুৰুষে যেতিয়া তাৰ গেৰাণ্টি দিছে – তাত বাধা হৈ থিয় দিছে বজ্জাৎ অখিল গগৈয়ে। সকলোৱে যেতিয়া হিন্দু ৰাষ্ট্ৰ বিচাৰিছে, দেশভক্তিৰ উচ্ছ্বাসৰ মাজত যেতিয়া সকলো মত্ত হৈ পৰিছে – তাত আহি ডিষ্টাৰ্ব কৰিছে চীনৰ দালাল অখিল গগৈয়ে। হিন্দু শৰণাৰ্থী অহাটো সকলোৱেই বিচাৰে, কাৰণ জাতিটো বচোৱাৰ সেয়াই একমাত্ৰ উপায়। নহ’লে মিঞাৰ হাতত দেশ-জাতি সকলো যাব – আজমল মুখ্যমন্ত্ৰী হৈ যাব। জাতি ৰক্ষাৰ অভিযান ঠিকেই চলি আছে। আনকি সোণৰ অসমৰ ঠিকাদাৰ সন্থায়ো মনে মনে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। কিন্তু বাধা হৈ থিয় দিছে মিঞাৰ দালাল অখিল গগৈয়ে।
অখিল গগৈ জীয়াই থকালৈকে অসমৰ ভৱিষ্যত অন্ধকাৰ। নদীবান্ধ নহ’লে উন্নয়ন নহ’ব। কিন্তু অখিল গগৈ থাকিলে নদীবান্ধ নহ’ব। উন্নয়নৰ বাবেই উচ্ছেদ লাগে, বাংলাদেশী খেদিবলৈও উচ্ছেদ লাগে। কিন্তু অখিল গগৈ থাকিলে উচ্ছেদ নহ’ব। খাটিখোৱা কৃষকক গুৱাহাটীলৈ আনি প্ৰতিবাদ কৰিবলৈ উচটাইছে কোনে? অখিল গগৈয়ে। নামত কৃষক নেতা, কিন্তু কামত কৃষকৰ বাবে কেতিয়াবা কিবা এটা কৰা দেখিছানে? চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি কৃষকৰ উন্নতি হোৱা ক’ৰবাত দেখিছানে? শান্তিৰ নিৰিবিলিৰ মাজত ডুব গৈ থকা অসমখনত অশান্তিৰ বীজ সিঁচিছে কোনে? অখিল গগৈয়ে। ডেকা ল’ৰাবিলাকৰ মাথাত দেশদ্ৰোহী চিন্তা ভৰাই দিছে কোনে? অখিল গগৈয়ে। যি সময়ত ডেকা-গাভৰুৱে দেশভক্তিৰ পাঠ শিকিব লাগে, দেশদ্ৰোহীক দমন কৰিবলৈ হাতত লাঠি তুলি ল’ব লাগে – সেই সময়ত অখিলে সিঁহতক শিকাইছে ৰাষ্ট্ৰক প্ৰশ্ন কৰিবলৈ, ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয় দিবলৈ।
অসমত আৰুতো বহুত নেতা আছে, ভাল সংগঠন আছে। সকলোৱেইতো আন্দোলন কৰি আছে – জাতি বচাই আছে, সোণৰ অসম বনাই আছে। কাৰোতো অলপো অসুবিধা হোৱা নাই, ক’তো একো সমস্যা হোৱা নাই। কিন্তু এই অখিল গগৈটো য’তেই থাকে তাতেই সমস্যা, সি যিয়েই কৰে তাৰপৰা চবৰে ডিষ্টাৰ্ব হয়। মুঠতে অসমত অখিল গগৈ থকালৈকে কোনো শান্তিত থাকিব নোৱাৰে।
অখিল গগৈয়ে আচলতে কোনো অপৰাধ কৰাৰ প্ৰয়োজনেই নাই। অখিল গগৈ নিজেই এটা অপৰাধ – তাৰ অস্তিত্বয়েই তাৰ অপৰাধ, সি উশাহ-নিশাহ লৈ থকাটোৱেই তাৰ অপৰাধ। অখিল গগৈ সমাজৰ বাবে এটা ভয়ংকৰ জীৱ। তাক সেয়ে মানুহৰ মাজলৈ কোনোদিন ওলাই আহিবলৈ দিবই নালাগে।
অখিল গগৈৰ স্বৰূপ হয়তো বহুতেই চিনি পাইছে। সেইবাবেই সি অতদিন জে’লত সোমাই থকাৰ পাছতো ভাল সংগঠনবিলাকে মুক্তিৰ দাবীত জংগী আন্দোলন কৰা নাই। জাতিপ্ৰেমী নিউজ চেনেলবিলাকে টক শ্ব’ পতা নাই। শিল্পীবিলাকে গান গোৱা নাই তাৰ মুক্তিৰ দাবীত। লেখক-সাহিত্যিকে ধিক্কাৰ দি কাকতত দিয়া নাই বিবৃতি। কেৱল নষ্ট যোৱা দেশদ্ৰোহী-বাঁওপন্থীকেইটাই হোৱা দি আছে। কেৱল জামিয়া মিলিয়াৰ গাড্ডাৰকেইটাই দেৱালত আঁকিছে তাৰ ছবি। আচলতে সকলোৱেই লাহে লাহে বুজি পাইছে অখিল গগৈৰ চৰিত্ৰ। বাকীবিলাকেও যিমান সোনকালে তাৰ আসুৰিক সন্মোহনৰপৰা মুক্তি লাভ কৰে সিমানেই মংগল।
এতিয়া সকলোৰে এটাই দাবী হ’ব লাগে। অখিল গগৈ নিপাত যাওক। অখিল গগৈ ভস্ম হৈ যাওক। আৰু অসমলৈ নামি আহক শান্তি-সম্প্ৰীতি, উন্নয়ন-প্ৰগতি, আৰু হিন্দুত্বৰ সোণালী দিন।
(২৪-০১-২০)
বেজবৰুৱা, ৭৩ চনৰ পৰা ব্যংগ ৰচনাত হাত দি ৯০ৰ পৰা প্ৰায় এৰি দিয়াৰ এটা কাৰণ আছিল যে, সাধাৰণ মানুহক ৰাজনৈতিক ব্যংগই স্পৰ্শ নকৰে যেন লাগিছিল। অখিলৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপৰ গাঁৱত সভা-সমিতি হৈছে।
LikeLike
মতামতৰ বাবে ধন্যবাদ।
LikeLike
অলপ দিন আগতে দুটামান বুৰ্বকে হুলস্থূল লগাই থকা দেখিছিলো – বোলে হেলিকপ্টাৰত নিওঁতেনো অখিলক কিয় হেণ্ডকাফ লগাই নিব লাগে? এনহে তেনহে। পাছত কৰ্তৃপক্ষই আদালতত দিয়া ভাষ্যটোৱে জোকৰ মুখত একদম চূণ দি দিলে। আচলতে পাইলটৰ সুৰক্ষাৰ বাবেহে অখিলক হেণ্ডকাফ লগাই নিয়া হৈছিল। অখিল এটা কেনেকুৱা ডেঞ্জাৰাছ বস্তু, আগতেও কেইবাবাৰো লিখিছো। সি কোন টলকত পাইলটক হেলিকপ্টাৰৰপৰা গিৰাই দিব, আৰু নিজে সেইখন চলাই নি বাস্তাৰ বা জংগলমহলৰ ঘাটিত পেলাই দিবগৈ – কোনেও পাত্তাই নাপাব। তেতিয়া কি ঘটিব কোনোবাই ভাবি চাইছেনে? এনেয়ে হুলস্থূল লগালেই নচলিব নহয়। মইতো কওঁ যে হাত কি, তাৰ ভৰিদুটাও বান্ধি থ’ব লাগে। সি ক’ত কেতিয়া কি অঘটন ঘটায় একো গেৰাণ্টি নাই।
আজি আকৌ শুনিলো, বোলে অখিল চৰকাৰী এজেণ্ট। এইটোও সঁচা কথা। অখিলৰ বিৰুদ্ধে পৃথিৱীত যত যি অভিযোগ আছে সকলোবিলাকেই সঁচা। আচলতে অখিল বৰ মায়াবী বস্তু – তাৰ মায়া কোনেও বুজিব নোৱাৰে। হয়, অখিল চৰকাৰী এজেণ্ট – সি জে’লৰ ভিতৰৰপৰা কা-বিৰোধী আন্দোলন বিপথে পৰিচালিত কৰি আছে। আচলতে অখিল যে বাৰে বাৰে জে’ললৈ গৈ থাকে, তাৰপৰাই গম পোৱা যায় যে সি চৰকাৰী এজেণ্ট। নহ’লে ইমানকে কিয় যাব জে’ললৈ? কি উদ্দেশ্য? কি ৰহস্য আছে তাৰ মাজত? আজি লুৰীণজ্যোতিয়ে প্ৰকৃত সত্যটো ৰাইজক জনাই দি বৰ ভাল কাম কৰিলে। তেওঁলোকেওতো ইমান দিন আন্দোলন কৰি আছে, ইমান আপোচবিহীন সংগ্ৰাম কৰি আছে। কিন্তু তেওঁলোককতো কোনোদিনে পুলিচে ধৰা নাই, কোনোদিনে জে’লত চাহ একাপ খাই আহিবলৈও মতা নাই। তেনেহ’লে অখিলৰ প্ৰতি ইমান দৰদ কিয়? এই ৰহস্য আৰু এতিয়া লুকাই নাথাকিল। সেইবাবে, চৰকাৰী এজেণ্ট অখিল গগৈ মুৰ্দাবাদ।
(২০-০২-২০)
LikeLike
[…] to the original article in Assamese: https://jitenbezboruah.in/2020/01/24/akhil-gogoi-murdabad/Link to the English translation published on Raiot: […]
LikeLike