শেহতীয়া নাগৰিকত্ব সংশোধনী আইন-বিৰোধী আন্দোলন আৰু তাৰ প্ৰতি শাসকপক্ষৰ প্ৰতিক্ৰিয়াৰপৰা আমি অসমৰ বিভিন্ন প্ৰতিবাদী ৰাজনৈতিক শক্তিবিলাকৰ বিষয়ে কি কি বুজিলো?
অখিল গগৈ তথা কৃষক মুক্তিয়ে অসমৰ ৰাজনীতিৰ আদৰ্শগতভাৱে জংগী আৰু ৰেডিকেল ধাৰাটোক প্ৰতিনিধিত্ব কৰে। এইটো ধাৰা সংঘ পৰিয়ালৰ বাবে সবাতোকৈ ডাঙৰ মতাদৰ্শগত প্ৰত্যাহ্বান, আৰু সেইবাবেই ইয়াক কোনো কাৰণতে সহ্য কৰা নাযায়। অসমত সংঘ থাকিবলৈ হ’লে ই থাকিব নোৱাৰিব – গতিকে ইয়াক সমূলে নিপাত কৰাৰ বিকল্প নাই। আদৰ্শগত দিশৰপৰা ইয়াৰ সৈতে বাঁও-গণতান্ত্ৰিক শক্তিসমূহকো একে শাৰীতে ৰাখিব পাৰি। কিন্তু এইসমূহ অসমৰ ৰাজনীতিত জাতীয়-জনপ্ৰিয় শক্তি নহয়। সেইবাবে সংঘ পৰিয়ালেও এইসমূহৰ বাবে সিমান শক্তি খৰচ কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই। আনহাতে, আকাৰত ক্ষুদ্ৰ হʼলেও, শৃংখল চলিহা আৰু তেওঁলোকৰ গোটটোৱে প্ৰতিনিধিত্ব কৰে অসমীয়া জাতীয়তাবাদী ৰাজনীতিৰ লুম্পেন অংশটোক। এই অংশটোৰ চিন্তাত প্ৰচুৰ সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদান বিদ্যমান। কিন্তু ইয়াক সংঘ পৰিয়ালে ভয় কৰাৰ প্ৰধান কাৰণ হ’ল এই যে শত্ৰুক মোকাবিলা কৰাৰ ৰণনীতিৰ ক্ষেত্ৰত সংঘৰ হিংসাশ্ৰয়ী সংগঠনসমূহৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই, আৰু ই সম্পূৰ্ণভাৱেই এটা অবাধ্য আৰু জংগী শক্তি। প্ৰকৃততে ই সংঘৰ হিংসাশ্ৰয়ী সংগঠনসমূহৰ সৈতে কাঠে কাঠে পৰিছে। গতিকে ইয়াক সহ্য কৰাত অসুবিধা আছে। এই দুই বিপৰীত ধাৰাৰ মাজৰ জেগাখিনিতে অৱস্থান কৰিছে প্ৰধান জাতীয়তাবাদী সংগঠনসমূহে। এই মাজৰ প্ৰায়বোৰ সংগঠনৰ ওপৰতে আছুৰ মতাদৰ্শগত প্ৰভুত্ব বিদ্যমান। আছু হ’ল অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ আধিপত্যশালী সংগঠন। ই এটা স্থিতাৱস্থাবাদী শক্তি। সেইবাবেই ই এটা খুবেই আত্মনিয়ন্ত্ৰিত সংগঠন – নেতৃবৃন্দৰ আচৰণৰপৰা আন্দোলনৰ ৰণনীতিলৈকে সকলোতে এই আত্মনিয়ন্ত্ৰণৰ প্ৰতিফলন দেখা পোৱা যায়। সেইবাবেই ই জংগী নহয়। সেইবাবেই ই সংঘ পৰিয়ালৰ বাবেও অসুবিধাজনক নহয়। ইয়াৰ সৈতে সংঘৰ সমস্যাটো হ’ল একধৰণৰ সীমা বিবাদ – কোনখিনিলৈকে কাৰ জেগা পৰিব তাক লৈ। সেইটো সমস্যা সমাধান হ’লেই দুয়োটা পক্ষই নিজৰ জেগাত নিজৰধৰণে জীয়াই থাকিব পাৰিব। কিন্তু সীমা বিবাদটোৰ ঠিক কেনেধৰণে শেষ মীমাংসা হ’বগৈ, সেইটো এতিয়াই খাটাংকৈ ক’ব পৰা নাযায়।
সংঘ পৰিয়ালৰ কামটো হ’ল – আদৰ্শগতভাৱে প্ৰত্যাহ্বানকাৰী ধাৰাটোক সমূলে উৎখাত কৰা, লুম্পেন অংশটোক ঠাণ্ডা কৰি ৰখা আৰু আধিপত্যশীল স্থিতাৱস্থাবাদী শক্তিটোৰ সৈতে সীমা সমস্যাৰ সমাধান কৰা। এয়াই অতি চমুকৈ সাম্প্ৰতিক অসমৰ ৰাজনীতিৰ মূলভাব।
[…] Link to the original article in Assamese: https://jitenbezboruah.in/2020/01/12/oxomor-protibadi-rajnoitik-xoktixomuh/ […]
LikeLike