নতুন বছৰৰ সংকল্প

এইবাৰ পুৰণি বছৰটোৰ লগতে মই পুৰণি চিন্তাধাৰাকো বিদায় দিবলৈ মনস্থ কৰিছো। সংকল্প লৈছো – নতুন বছৰটো নতুন চিন্তাধাৰাৰে শুভাৰম্ভ কৰিম। কেলেহুৱা অসমীয়াকেইটাই সদায় নিগেটিভ দিশটোহে দেখে। সিহঁতৰ মাথাত পাতত দি খাবলৈও পজিটিভ চিন্তা অকণমান নাই। এনেকুৱা জাতি জহন্নামে যাব। মই কিন্তু নাযাওঁ। কাৰণ মই লাহে লাহে বুজি উঠিছো আচল সত্যবোৰ, উপলব্ধি কৰিছো কেনেকৈ লাইফটো-সমাজখনক পজিটিভলি ল’ব লাগে। সেইবাবে মই অসমীয়া গাধসোপাৰ লগ-সংগ ইতিমধ্যে এৰি দিছো, আৰু গ্ৰহণ কৰিছো ভাৰতীয়ত্বৰ মহান পথ।

নামানো নামানো কৰি থাকোতেই পুৰণি বছৰটো গ’ল। আৰু তেনেকৈ নচলিব। এইবাৰ মানিম, চব মানিম – যি পাওঁ তাকে মানিম। কাউৰীৰ কা, শিয়ালৰ হোৱা, কুকুৰৰ ভুকভুকনি – সংসাৰত যত যি আছে চব মানিম। অকল মনাই নহয়, নিজেও তেনেকৈ চিঞৰিম। অকল মেকুৰীৰ মেওটো যেনিবা মানিবলৈ অসুবিধা হ’ব – কাৰণ কোন টলকত সেইটো মাও হৈ যাব কোনে জানে।

আজি ৰাতিপুৱা মই ঘৰটো চাফ-চিকুণ কৰিলো। আলমাৰিটোত ভালেমান দেশদ্ৰোহী কিতাপ-পত্ৰ আছিল। কিছুমান ছিউড’-ছেকুলাৰ লিবটাৰ্ডবিলাকে লিখা, কিছুমান গাড্ডাৰ বাঁওপন্থীবিলাকে লিখা। গোটেই জীৱন পাকিস্তানৰ কাৰণে চিন্তা কৰা গান্ধীৰ দুখনমান আল্টু-ফাল্টু কিতাপ আছিল; আনকি ভাৰতৰ সকলো সমস্যাৰে মূল সেই যত কূটৰ ঘাই নেহৰু বোলাটো, তাৰো দুখনমান আছিল। অসমত মাদানিৰ এজেণ্ট হিচাপে কাম কৰা গোহাঁই বোলা বুদ্ধিজীৱীটোৰো কিবাকিবি ফাঁকিবাজ কথা লিখা কিতাপ আছিল। সেইবোৰ চব কেজিৰ হিচাপত বিক্ৰী কৰি দিলো। পইচা অলপ পালো। ভাবিছো, নতুন বছৰত সেই পইচাৰে গোমাতা এগৰাকীক ঘৰলৈ আদৰি আনিম। ঘৰতে ধুনীয়াকৈ গোমাতা মন্দিৰ এটা স্থাপন কৰিব খুজিছো। ৰাতিপুৱা-গধূলি পান কৰিবলৈ গোমূত্ৰটোপা পাম, মুখত ঘঁহিবলৈ গোবৰকণ পাম, গোমাতাৰ মহিমাই ঘৰখন বেমাৰ-আজাৰৰপৰাও বচাই ৰাখিব – এই মৰ্ত্যত মানুহক ইয়াতকৈ আৰু কি লাগে? তেতিয়াহ’লে নতুন বছৰটোত মই কোনো পঢ়া-শুনা নকৰিম নেকি? সেয়া মুঠেই নহয়। মই ইতিমধ্যেই গোলৱালকাৰজী আৰু চাভাৰকাৰজীৰ কিতাপ-পত্ৰ আনি লৈছো। মনুসংহিতা শাস্ত্ৰভাগতো আছেই। কিন্তু সকলোতকৈ আচল বস্তুটো হ’ল গডচেজী। গডচেজীৰ এনেকুৱা এখন কিতাপ আনি থৈছো – যিখনত চব পোৱা যায়, যিখন পঢ়িলে ভাৰতৰ সমাজ-ৰাজনীতি-ইতিহাসৰ বুজিবলৈ আৰু একো বাকী নাথাকে। সদায় কাহিলি পুৱা শুই উঠি খালী পেটত সেইখনৰ একাধ্যাকৈ পঢ়িব লাগিব – মনটোও পৱিত্ৰ হৈ থাকিব আৰু জ্ঞানো বাঢ়ি যাব লহপহকৈ। তদুপৰি হোৱাটছআপৰ বিদগ্ধ স্কলাৰবিলাক আছেই। এই স্কলাৰবিলাকে আচলতে ভাৰতৰ জ্ঞান-বিজ্ঞানৰ পৃথিৱীখন একেবাৰে পাল্টাই দিছে – কি তামাম জ্ঞান তেওঁলোকৰ। তেওঁলোকে কেৱল ফটুৱা বাঁওপন্থী পণ্ডিতবিলাকে অতদিনে লিখা সমস্ত জাবৰ-জোথৰ ডাষ্টবিনত গিৰাই দিয়াই নহয়, তেওঁলোকে ইমান ফটাফট নতুন নতুন থিয়’ৰি বনাই দিব পাৰে যে তেওঁলোকে নিজেও দহ মিনিটৰ আগলৈকে গমেই নাপায়। তেওঁলোকৰ ইমান বেছি টেলেণ্ট যে তথ্যও নতুনকৈ বনাই দিব পাৰে, ইতিহাসো নিজৰ মতে সলাই দিব পাৰে। গতিকে এইসকল স্কলাৰ থাকোতে দেশদ্ৰোহীবিলাকৰ কিতাপগাল পঢ়ি মাথাটো ঘোলা কৰো কেলেই? ইমানদিনে পঢ়ি অলপ ঘোলা হ’লেই। পৰা হ’লে ছাৰ্জাৰি-তাৰ্জাৰি কৰি মাথাটো চাফা কৰি ল’লোহেঁতেন। মোৰ দৃঢ় বিশ্বাস, তেনেকুৱা ছাৰ্জাৰি এটাও সোনকালেই আৱিষ্কৃত হ’ব ভাৰতভূমিত – য’ত বহু হাজাৰ বছৰ আগতেই হাতীৰ মাথা কাটি মানুহৰ গাত লগাই দিব পাৰিছিল, তাত এইটো আৱিষ্কাৰ কৰিবলৈও টান নহ’ব। এইখিনিতে ফে’চবুকৰ কথাও কওঁ। এই বস্তুটোত দেশদ্ৰোহীবিলাকৰ উৎপাতেই বেছি। সেইবাবে নতুন বছৰটোত বস্তুটো পৰাপক্ষত ব্যৱহাৰ নকৰোৱেই বুলি ভাবিছো। ৰাতিপুৱা-গধূলি ‘ঔম শান্তি’, ‘ভাৰত মাতা কি জয়’ একোটা দিয়াটো অৱশ্যে বেলেগ কথা।

এক লাখ শব্দৰ এখন নতুন অভিধান প্ৰকাশ পাইছে বুলি শুনিছো। এইখন আকৌ অলপ বেলেগ টাইপৰ অভিধান। আন অভিধানত শব্দৰাজি থাকে ব্যৱহাৰ কৰিবৰ বাবে, এইখনত থকা শব্দৰাজি কিন্তু ব্যৱহাৰ নকৰিবৰ বাবেহে। অভিধানখন মোক সোনকালেই লগা হৈছে। দাম-দৰ অৱশ্যে কিমান নাজানো। কিন্তু পোন্ধৰশ টকা দৰমহা পোৱা মানুহেই সেইখন কিনা বুলি শুনিছো, তেন্তে মই নিশ্চয় বলে পাৰিম। সি যি নহওক, অভিধানখন হাতত পৰিলেই মোৰ নতুন বছৰৰ সংকল্প সম্পূৰ্ণ হ’ব। তাত থকা প্ৰতিটো শব্দ মই লেখা-মেলা, কথা-বাৰ্তাৰপৰাতো বাদ দিব লাগিবই – মাথাৰপৰাই পূৰাপূৰি ডিলিট কৰি পেলাব লাগিব। অভিধানত থকা কোনো শব্দ মই সপোনতো ভবা অনুচিত। শুদ্ধ চিন্তা, শুদ্ধ মন তেতিয়াহে সম্ভৱ হ’ব। আচলতে সেই অভিধানত থকা এক লাখ শব্দৰ আবৰ্জনাখিনি বাদ দিলেহে অসমীয়া ভাষাটো বিশুদ্ধ হ’ব। এনেও মোৰ এই ভাষাটোৰ প্ৰতি বিৰাগ দিনক দিনে বাঢ়ি গৈছে। কিবা লিখিবলৈ বা ক’বলৈ ল’লেই টিঙিচকৈ খংটো উঠি আহে। চালা, এটা ভাল শব্দ নাই ভাষাটোত। এই কথাখিনি লিখি থাকোতেই চাওকচোন – লিখিব লাগে গোমাতা, মনলৈ আহে গৰুজনী, লিখিব লাগে গোমাতা মন্দিৰ, মনলৈ আহে গোহালি, লিখিব লাগে গোমাতাক আদৰি আনিম, মনলৈ আহে কিনি আনিম (গোমাতাক কিনি অনাৰ কথা ভবাটোৱেই আচলতে পাপ)। স্বয়ং গোমাতাকেই যদি সন্মান কৰিব নাজানে, তেনেকুৱা ভাষাই সমাজৰ কি উপকাৰ সাধিব? অন্ততঃ গোবৰক গোপ্ৰসাদ বুলি, গোমূত্ৰক গো-অমৃত বুলি ক’ব লাগিছিল। আনহাতে চাওক, ৰামেই আমাৰ সৰ্বস্ব, ৰামেই আমাৰ লক্ষ্য-উদ্দেশ্য, ৰামেই সংসাৰৰ সাৰ। কিন্তু অসমীয়া ভাষাটোৱে ৰামক কিমান যে অপমান কৰিছে। কথা নাই বতৰা নাই, মানুহে কয় বোলে – ইছ ৰাম!! ইফালে কয়, ৰামঠগন দিলে। মানুহটো বোলে ৰাম চিকটা। আই বসুমতীয়ে ইমান পাপ কেনেকৈ সহ্য কৰি আছে নাজানো। কিন্তু মই আৰু সহ্য কৰি নাথাকো। প্ৰথমতে অভিধানখন কিনি আনি পঢ়ি লওঁ। চাই লওঁ, ভাষাটো কিমানখিনি বিশুদ্ধ হয়, কিমানখিনি পৱিত্ৰ হয়। নহ’লে ভাষাটো এৰিব লাগিব, চিধা কথা। হয় দেৱভাষা, নহয় ৰাষ্ট্ৰভাষা – ইয়াৰ বাদে মুক্তি নাই। অসমৰ মানুহক মই আজি লিখি দিব পাৰো। অসমীয়া ভাষাৰ প্ৰেমত মজি থাকিলে চব ৰৌ ৰৌ নৰকত পচিব।

চুকৰ ভেকুলি হৈ সোমাই থকা অসমীয়াকেইটাক কৈছো – তহঁতে অলপ চকু মেলি চা। পৃথিৱীখন বহুত সলনি হৈ গৈছে। দেখা নাই, ভাৰতবৰ্ষখন কেনেকৈ ফাঁই ফাঁই প্ৰগতিৰ পথত আগ বাঢ়ি গৈছে, কেনেকৈ সি পৃথিৱী হিলাই দিছে? এতিয়া অকল দুখন দেশেই বাকী আছে ভাৰতবৰ্ষই পিছ পেলাই যাবলৈ – চীন আৰু আমেৰিকা। ভয়তে এতিয়া দুইখনৰে থৰ-কাছুটি হেৰাইছে। কাৰণ চীনক পিছ পেলাই যাবলৈ আৰু কেই ইন্সিমানহে বাকী, আমেৰিকালৈ ধৰক আৰু এফুটমান। এনেকুৱা টাইপত ডেভেলপমেণ্ট হৈ থাকিলে আৰু খুব সোনকালেই সেইটো ঘটি যাব পাৰে। ৰাহুল বাবা আৰু বাঁওপন্থীকেইটাই বদনাম কৰি নথকা হ’লে সেইটো ইমান দিনলৈ ৰৈ নাথাকেই। আৰু দেশৰ ভিতৰৰ কথাতো ক’বই নালাগে, জিঅ’ৰ আনলিমিটেড পেক অনুসৰি চলি আছে বিকাশ। অন্ধলা অসমীয়াকেইটাই সেইবোৰ ক’ত দেখিব? সেইবাবেই কওঁ, তহঁতে এলান্ধুকলীয়া চিন্তা-চৰ্চা এৰি অলপ ভাৰতীয় মহান চিন্তা শিকিবলৈ চেষ্টা কৰ। এতিয়া আৰু ‘শংকৰ গুৰু আমাৰে/মাধৱ গুৰু আমাৰে’ গাই থকাৰ দিন নাই। আজি আমি গাব লাগিব এইবুলিহে –
‘সদগুৰু আমাৰে/ডাবল চিৰি আমাৰে/ৰামদেৱো আমাৰে/
য’তেই আছা টপকি দিয়া/অসমভূমিৰ ওপৰে।’
তহঁতে বৰ কৈ থাক, অসমীয়া সংস্কৃতি অমুকহে তমুকহে। সেইটো কিবা সংস্কৃতি হ’লনে? তহঁতে হুলস্থূল লগাই থাক গামোচাৰ গুণ-গৰিমাক লৈ। সেইখন গা মোচা বস্তুহে – গা মোচা মানে গাৰ চব বস্তু মোচা, হাত-ভৰি মোচা, টিকা মোচা, পোকৰ মোচা। সেইটো কিবা সন্মানৰ বস্তু হ’ল নেকি? আচল সন্মানৰ বস্তু হ’ল খাকী হাফপেণ্ট – যিটো বস্তু দেখিলেই অন্তৰত দেশপ্ৰেম জাগি উঠে, বুকু ফুলি উঠে ছাপন-সাতাৱন ইন্সি, হাত দুখন সাজু হৈ উঠে দেশদ্ৰোহীক বধ কৰি দেশ ৰক্ষা কৰিবৰ বাবে। মইতো ভাবো যে খাকী হাফপেণ্ট সকলো পুৰুষৰে ইউনিফৰ্ম হ’ব লাগে। আনহাতে, সকলো মহিলাৰ বাবে গেৰুৱা ৰংটো বাধ্যতামূলক কৰি দিব লাগে – পেণ্টিও গেৰুৱা, চুৰিদাৰো গেৰুৱা, মেখেলা-চাদৰো গেৰুৱা। কেৱল গেৰুৱা ৰঙেহে অসমৰ মানুহৰ মনৰপৰা দেশদ্ৰোহী চিন্তা-ভাবনাবোৰ আঁতৰাই পঠাব পাৰিব। তেতিয়া কুলিৰ মাতেই হওক, কাউৰীৰ মাতেই হওক, একোৱেই মানুহৰ মন কলুষিত কৰিব নোৱাৰিব। আনহাতে, অসমীয়াবিলাকে ফিতাহি মাৰি থাকে বিহুক লৈ। সেইটোক লৈ ফূৰ্তি কৰিবলগানো কিটো আছে? গান-নাচ দেখোন সকলোৱে কৰিয়েই থাকে – তাতকৈ ৰিয়েলিটি শ্ব’বিলাকেই ভাল। মইতো কওঁ যে বিহুটো বেন কৰি দিব লাগে – তাৰ ঠাইত যজ্ঞ পাতিব লাগে, নদীপূজা কৰিব লাগে। অসমীয়া মানুহে আচলতে সংস্কৃতি কি বস্তু বুজিকে পোৱা নাই। আচল সংস্কৃতি কৰিবলৈ হ’লে শাখালৈ যাব লাগে, লাঠি প্ৰেক্টিচ কৰিব লাগে, মাংস দলিওৱাৰ ট্ৰেইনিং ল’ব লাগে, দাংগাৰ মাহাত্ম্য আৰু কৌশল শিকিব লাগে। তেহে মহান ভাৰতীয় সভ্যতা-সংস্কৃতিৰ লগত আমি মিলি যাব পাৰিম। তেহে আমি হিন্দুত্বৰ বিশাল আয়োজনত যোগদান কৰিব পাৰিম। আৰু কেৱল তাৰ মাজেৰেহে আমাৰ মুক্তি সম্ভৱ।

এই কথাবোৰ মই বুজি উঠিছো, কিন্তু বাকী গাধসোপাই বুজিছেনে নাই নাজানো। গতিকে মোৰ নতুন বছৰৰ সংকল্প হ’ল, সিহঁতক অলপ জ্ঞান প্ৰদান কৰা। অসমীয়া জাতি গুলী মাৰ। হিন্দুত্বহে আমাৰ আচল ধৰ্ম – হিন্দুত্বই আমাৰ আচল কৰ্ম। গতিকে নতুন বছৰৰ দুৱাৰডলিত সকলোকে উদ্দেশ্য কৰি কওঁ, অসম আকৌ উন্নতি পথত – জয় চিৰি ৰাম বোল।

(ৰচনাকাল : ৩১-১২-২০১৯)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: