গুৱাহাটীত বোলে এগৰাকী অভিনেত্ৰীয়ে প্ৰতিবাদ পূৰা ফালি দিছে – তেওঁৰ হুংকাৰত বোলে দিল্লী-দিছপুৰ চব কঁপি গৈছে। এজন অভিনেতা আকৌ আগতে নায়ক আছিল, মাজতে ৰত্নাকৰ হৈ গ’ল বিজেপিৰ পাল্লাত পৰি – এতিয়া পুনৰ্বাৰ নায়কত পৰিণত হৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি। ভৱিষ্যতে আকৌ কি অৱতাৰ লয় কোনে জানে? বোপা সৰ্বানন্দ, তোলৈকে বাট চাই আছো – এনেকুৱাধৰণৰ কবিতা লিখা ডাঙৰ মনৰ কবি এজনেও বোলে আহি তামাম কবিতা মাৰিছে নে কি। পিছে হাত চাপৰি বজাবলৈ একৈছ চনমানলৈকে ৰৈ দিয়া ভাল, তেতিয়ালৈ আৰু উৎকৃষ্ট কবিতা সৃষ্টি হ’ব পাৰে তেওঁৰ কাপৰপৰা। ডিব্ৰুগড়ৰ পিনৰ ব’ম জাতীয়তাবাদী গায়ক এজন আছে। তেওঁ যোৱাবছৰ নিৰ্বাচনৰ সময়ত গাইছিল – দেশ ৰাখিব, দেশ বচাব সৰ্বা-হিমন্তই। কিন্তু অলপ দিন যাবলৈ পালেহে, তেওঁ বোলে বিজেপিক সমালোচনা কৰা গান লিখিলেই। আৰু লগে লগে বিজেপিৰ কোনোবাই তেওঁক ধমকি নে ভাবুকি কিবা দিলে বুলি টিভিত প্ৰ’গ্ৰেম হ’লেই। ইমান স্পিড যে পাত্তাই পোৱা টান। আন এজন গায়কে অলপ দিনৰ আগতে ছ’চিয়েল মিডিয়াত দিয়া কিবা কথাৰ বাবে কোনোবা সম্প্ৰদায় নে গোষ্ঠীয়ে বেয়া পালে, হুলস্থূল হ’ল। পাছত গায়কজনৰ মুখৰপৰাহে আচল সত্যটো ওলাল – বোলে তেওঁৰ এছিষ্টেণ্টজনেহে তেওঁ গম নোপোৱাকৈ ফে’চবুকত কিবা লিখি দিছিল। তেওঁক মানুহে এনেই গালি-গালাজ কৰিছিল। হয় তো, ইমান ডাঙৰ গায়ক হ’লে কোনফালে কি নিয়ন্ত্ৰণ কৰিবনো? ফে’চবুক এছিষ্টেণ্ট, টুইটাৰ এছিষ্টেণ্ট, ইউটিউব এছিষ্টেণ্ট, টিভি এছিষ্টেণ্ট আদি ইমানবোৰ মানুহক চম্ভালি থকাটো মুখৰ কথা বুলি ভাবিছা হ’বলা? কিন্তু ইমানৰ পাছতো যে গায়কসকলে আহি প্ৰতিবাদত নামি পৰিছে, সেইটো কম কথা নহয়। প্ৰকৃততে এইসকলেই প্ৰকৃত মানুহ, যি আন্দোলন কৰি চব হিলাই দিব পাৰে। দেশ-জাতিতো বাচিবই, গেৰাণ্টেড।
সি যি নহওক, সমগ্ৰ শিল্পীসমাজে আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰাটো খুবেই আদৰণীয়। তাৰ বহুলাংশই হয়তো আন্তৰিকতাৰেই দেশ-জাতিৰ স্বাৰ্থত ৰাস্তালৈ বুলি ওলাই আহিছে। কিন্তু তাৰ মাজতে এচাম আছে যি ঢৌ যিফালেই যায় সেইফালেই যাব। ওপৰত দিয়া উদাহৰণকেইটা কেইজনমান ব্যক্তিৰ চৰিত্ৰৰ নমুনা মাত্ৰ নহয়। সিবোৰে তেওঁলোকৰ সংস্কৃতিটোক প্ৰতিনিধিত্ব কৰে – তেওঁলোকৰ মেৰুদণ্ডহীনতা আৰু অপদাৰ্থতা উদঙাই দেখুৱায়। তোমালোকে প্ৰতিবাদত আহিছা ভাল কৰিছা। ৰাইজৰ লগত থাকা, ৰাইজৰ সৈতে কথা পাতা, ৰাইজৰ সংগ্ৰামক বুজিবলৈ চেষ্টা কৰা, সমাজ-ৰাজনীতিৰ অলপ ভু ল’বলৈ চেষ্টা কৰা। তাকে নকৰি মেল’ড্ৰামা কিয় কৰিছা? এইখন কাৰোবাৰ বাপেকৰ মঞ্চ পাইছা নেকি যে তাত উঠি তোমালোকে অভিনয় কৰি থাকিবা? সংগ্ৰাম কি ইমান সহজ বস্তু পাইছা? ৰাইজৰ এই সংগ্ৰাম জীৱন-মৰণৰ সংগ্ৰাম – য’ত ৰাইজৰ তেজ-ঘাম-চকুপানী সকলো মিহলি হৈ পৰিছে। ৰাইজে লাঠিৰ কোব খাইছে, গুলি খাই মৰিছে, জে’ল খাইছে। তিল তিলকৈ ত্যাগ স্বীকাৰ কৰি ৰাইজে এই সংগ্ৰাম গঢ়ি তুলিছে। ৰাইজৰ বাবেই কোনো জননেতাই উপৰ্যুপৰি আইনী সন্ত্ৰাসৰ বলি হৈছে। এইবোৰতো তোমালোকে দেখা নাই। তোমালোকে দেখা নাই সাম্প্ৰদায়িকতাৰ জঘন্য ৰাজনীতি – যি চিৰাচিৰ কৰি পেলাইছে আমাৰ দেশ-সমাজ। তোমালোকে কেতিয়াও সন্মুখীন হোৱা নাই আৰু নোহোৱা ৰাষ্ট্ৰৰ দমন-পীড়নৰ – সেইবাবেই তোমালোকে চিঞৰিব পাৰিছা টেঁটু ফালি। কিন্তু আমাৰ সাধাৰণ ৰাইজে এইবোৰ সকলোৰে সোৱাদ পাইছে। আৰু তাৰপৰাই উঠি আহিছে তেওঁলোকৰ দীপ্ত প্ৰতিবাদী কণ্ঠ। সেই কণ্ঠ তোমালোকৰ দৰে নকল নহয়। ৰাইজৰ খং-ক্ষোভ তোমালোকৰ দৰে ফোঁপোলা নহয়। কিন্তু তোমালোকে সেয়া কাহানিও বুজিব নোৱাৰিবা তোমালোকৰ সুবিধাবাদী অৱস্থানৰপৰা। বুজিব নোৱাৰিলেও একো কথা নাই। কিন্তু কোনো মেল’ড্ৰামাৰে ৰাইজৰ প্ৰতিবাদী চেতনাক অপমান কৰাৰ অধিকাৰ তোমালোকৰ নাই। তোমালোকৰ মেৰুদণ্ডহীনতা তোমালোকৰ লগতে ৰাখা, ৰাইজৰ চকুত তাক প্ৰদৰ্শন কৰি থকাৰ কোনো প্ৰয়োজন নাই।
আমাৰ ৰাইজৰ স্মৃতিশক্তিও বৰ কম – একো কথা মনত নাৰাখে। ঢৌৰ লগে লগে এই ফটুৱা তাৰকাসকলে বেলেগ বেলেগ চং দেখুৱাই থাকিব – আৰু আমাৰ ৰাইজে চাই থাকিব চকুৰ পলক নেপেলোৱাকৈ। কিন্তু এইবাৰ আশা কৰিছো – সংগ্ৰামৰ তেজোদীপ্ত চেতনাই ৰাইজৰ মন-প্ৰাণো ঢুই নিব। ৰাইজৰ ৰাজনৈতিক চেতনাও বাঢ়িব, স্মৃতিশক্তিও বাঢ়িব। ৰাইজখন সচেতন হ’লে এই তাৰকাসকলৰ আন্তৰিকতাবিহীন মিমিক্ৰিও আমি চাই থাকিবলগা নহ’ব।
(২১-১২-১৯)
[…] অভিকৰ্তা বা এজেণ্ট, জিতেনে কোৱাৰ দৰে ঘটিবাদী শক্তিবোৰ […]
LikeLike
[…] অভিকৰ্তা বা এজেণ্ট, জিতেনে কোৱাৰ দৰে ঘটিবাদী শক্তিবোৰ […]
LikeLike