কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ প্ৰতিবাদী ৰাইজে দৃঢ়কণ্ঠে ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী আইনখন তেওঁলোকে কোনো কাৰণতে মানি নলয়। পিছ হুঁহকিব নোখোজা এনে ধাৰাবাহিক গণ আন্দোলন অসমৰ ইতিহাসত একে আষাৰতে অভূতপূৰ্ব বুলি ক’ব লাগিব। এনেকুৱা প্ৰাবল্য আৰু বিস্তাৰৰ গণ আন্দোলন অসমে শেহতীয়া দশককেইটাত দেখিবলৈ পোৱা নাই। এই আন্দোলনটো কেৱল গুৱাহাটী বা জিলা সদৰত হোৱা উপৰুৱা আন্দোলন নহয় – ই হ’ল সমাজখনৰ চুক-কোণ সকলো ঢৌৱাই যোৱা এটা প্ৰকৃতাৰ্থত গণ আন্দোলন। এই গণ আন্দোলনত অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনপ্ৰিয় মনটো তাৰ গভীৰতম স্তৰলৈকে আলোড়িত হৈ উঠিছে। সেইগতিকে এই মুহূৰ্তত আন্দোলনটোৰ চৰিত্ৰ আৰু তাৰ উত্তৰাধিকাৰ সম্পৰ্কে চালিজাৰি চোৱাটো অতিকে জৰুৰী হৈ পৰিছে যাতে তাক প্ৰত্যাশিত ৰাজনৈতিক শীৰ্ষবিন্দুৰ পিনে আগুৱাই লৈ যাব পৰা যায়।

কিন্তু পাতনিতে এইটো স্পষ্ট কৰি লোৱা ভাল যে এনে এটা আন্দোলনক তত্ত্বায়ন কৰাটো সহজ কথা নহয়। কিয়নো আন্দোলনটোক এটা গোটা প্ৰপঞ্চ বুলি কোৱাতকৈ বহুতো সৰু-বৰ আন্দোলনৰ সমষ্টি বুলিলেহে হয়তো অধিক শুদ্ধ হ’ব য’ত অসমৰ সকলোধৰণৰ লোক আৰু সকলোধৰণৰ দল-সংগঠন জড়িত হৈ পৰিছে। মূল দাবীসমূহ একে হ’লেও কথাবোৰ প্ৰত্যেকেই নিজা নিজাধৰণে বুজিছে আৰু সেইমতে প্ৰতিবাদ কৰিছে। তদুপৰি বহু সময়ত সমুখত দেখা পোৱা নেতৃত্বৰ সৈতে পিছফালে থকা সমদলকাৰীৰ ধাৰণা হয়তো ভিন্ন – গতিকে ক’ব নোৱাৰি যে কাৰোবাৰ নেতৃত্বত ওলাই আহিলেও আন্দোলনকাৰীৰ সেইজনৰ প্ৰতি আদৰ্শগত আনুগত্য নাথাকিবও পাৰে। সেইবাবে বেলেগ বেলেগ দৃষ্টিকোণৰপৰা বেলেগ বেলেগধৰণে তত্ত্বায়ন কৰা যাব পাৰে, আৰু সিবোৰৰ প্ৰতিটোৱেই শুদ্ধও হ’ব পাৰে। কিন্তু যিকোনো ৰাজনৈতিক আন্দোলনৰ তত্ত্বায়ন কৰিবলৈ যাওঁতে এইটো প্ৰথমেই মনত ৰখা দৰকাৰ যে সেই সমাজ-ৰাজনীতিত প্ৰভাৱশীল প্ৰধান ৰাজনৈতিক শক্তি কোনবোৰ আৰু সিবোৰৰ মাজত পূৰ্বৰপৰা কেনেধৰণৰ ক্ষমতাৰ ভাৰসাম্য বৰ্তি আহিছে। আন্দোলন এটাত বিভিন্ন সৰু-বৰ দল-সংগঠন বা শক্তি জড়িত হ’ব পাৰে আৰু জড়িত হোৱাৰ প্ৰতিটো ঘটনায়েই তাৎপৰ্যপূৰ্ণ হ’ব পাৰে। কিন্তু শেষ অৰ্থত আন্দোলন এটাৰ লাভ-লোকচানৰ হিচাপ হ’ব পূৰ্বৱৰ্তী ক্ষমতাৰ ভাৰসাম্যক সি কেনেদৰে সবল বা দুৰ্বল কৰিলে তাৰ ভিত্তিতহে। নতুন শক্তি এটাই যদি সেই ভাৰসাম্যলৈ পৰিবৰ্তন কঢ়িয়াই আনিব পাৰে তেনেহ’লে সিও ধৰ্তব্য হ’ব। কিন্তু প্ৰধান ৰাজনৈতিক শক্তিবোৰ আৰু সিবোৰৰ মাজত বৰ্তি থকা ক্ষমতাৰ ভাৰসাম্যটোৱেই আন্দোলন এটাৰ বিচাৰৰ প্ৰধান মাপকাঠি হ’ব। সেই কথা মনত ৰাখিয়েই কেব-বিৰোধী আন্দোলন সম্পৰ্কে আমাৰ কিছু পৰ্যবেক্ষণ দাঙি ধৰা হৈছে।

কেবৰ বিৰুদ্ধে গণ আন্দোলনটো ঘাইকৈ এটা স্বতঃপ্ৰণোদিত আৰু অসংগঠিত গণ জাগৰণ। কিন্তু সি লাহে লাহে মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনসমূহৰ প্ৰভাৱাধীন হৈ পৰিবলৈ ধৰে। এই পৰিবৰ্তন প্ৰক্ৰিয়াত কেতবোৰ সামাজিক-ৰাজনৈতিক কাৰকেই মুখ্য কাৰণ যদিও একে সময়তে চৰকাৰ-প্ৰশাসনৰ এটা সক্ৰিয় ভূমিকাও পৰিলক্ষিত হয়। বিধেয়কখনৰ ইতিহাসলৈ চালে দেখা যায় যে ২০১৬ চনত সেইখন প্ৰথমবাৰ উত্থাপন হোৱাৰ পাছত অসমত তাৰ বিৰুদ্ধে এটা বৌদ্ধিক-ৰাজনৈতিক বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ লৈছিল গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহ তথা বৌদ্ধিক সমাজে। সেই তাত্ত্বিক ভেটিটোৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত বিধেয়কখনৰ বিৰুদ্ধে গণ জাগৰণসমূহ গঢ় লৈ উঠিল – সেই ভেটিটোত তাৰ পৰৱৰ্তী সময়ত বিশেষ যোগ-বিয়োগ হোৱা দেখা নগ’ল। কিন্তু অসমত গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহৰ ট্ৰেজেডি এইটোৱেই যে নিজে আৰম্ভ কৰা কোনো আন্দোলন সিবিলাকে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰে – মাজবাটতে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহে তাক গাইব কৰি পেলায়। অসমৰ দৰে জাতীয়তাবাদৰ ব্যাপক আধিপত্য থকা সমাজত তাৰ ব্যতিক্ৰম ঘটাৰো কোনো সম্ভাৱনা সদ্যহতে দেখা নাযায়। ভাগ্যৰ এই জটিল পাকচক্ৰৰপৰা এইবাৰো সাৰি নগ’ল গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহ। অৱধাৰিতভাৱেই পুনৰ্বাৰ প্ৰতিষ্ঠিত হ’ল মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহৰ আধিপত্য। কিন্তু এইবাৰৰ ঘটনাৰাজিৰ কেতবোৰ নতুন আৰু গভীৰ তাৎপৰ্য আছে।

কেব-বিৰোধী আন্দোলনৰ মাধ্যমেৰে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহে নিজৰ হৃতপ্ৰায় আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিলে হিন্দুত্ববাদী শক্তিসমূহৰ বিপৰীতে। হিন্দুত্ববাদী শক্তি শাসনাসীন হোৱাৰ সময়ৰপৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো হিন্দুত্বমুখী এক সামাজিক পৰিবৰ্তন প্ৰক্ৰিয়াৰ সূচনা হৈছিল। অসমীয়া জাতীয়তাবাদৰ মাজত থকা বৰ্ণবাদী-সাম্প্ৰদায়িক উপাদানসমূহৰ সুৰুঙাইদি হিন্দু জাতীয়তাবাদে প্ৰবেশ কৰিছিল, আৰু অসমীয়া জাতীয়তাবাদৰ গুণগত ৰূপান্তৰ ঘটাই তাক সি নিজৰ মাজত সাঙুৰি ল’বলৈ আৰম্ভ কৰিছিল। অসমৰ ৰাজহুৱা পৰিসৰত এই হিন্দুত্বমুখী ৰূপান্তৰে ক্ৰমে ক্ৰমে প্ৰসাৰ আৰু গভীৰতা লাভ কৰিছিল; গণমাধ্যম আৰু হিন্দুত্ববাদী দল-সংগঠনসমূহৰ প্ৰচেষ্টাৰ জৰিয়তে এই প্ৰক্ৰিয়াই লাহে লাহে সমাজৰ অভ্যন্তৰলৈ সোমাই গৈছিল। ক্ৰমবৰ্ধমান এই প্ৰক্ৰিয়াৰ পৰিণামস্বৰূপে হিন্দুত্ববাদী দল-সংগঠনসমূহৰ মূলসুঁতিকৰণ ঘটিছিল। বিজেপি-আৰ এছ এছ অসমৰ সমাজত জাতীয়-জনপ্ৰিয় শক্তি হৈ উঠিব – এই সম্ভাৱনা ক্ৰমে প্ৰকট হৈ পৰিছিল। কিন্তু এই প্ৰক্ৰিয়াই প্ৰাণৰ ভাবুকি কঢ়িয়াই আনিছিল অসমত ইমান দিনে দপদপাই অহা জাতীয়তাবাদী শক্তিসমূহৰ প্ৰতি। হিন্দুত্ববাদী শক্তিসমূহৰ ক্ৰমবৰ্ধমান নৈতিক গ্ৰহণযোগ্যতা আৰু আধিপত্যই এই পুৰণি জাতীয়তাবাদী শক্তিসমূহৰ নৈতিক গ্ৰহণযোগ্যতা আৰু আধিপত্যক উৎখাত কৰাৰ উপক্ৰম হৈছিল। অসমৰ সমাজ-ৰাজনীতিত প্ৰান্তীয়কৃত হৈ যোৱাৰ ভীতিয়ে মূলসুঁতিৰ এই জাতীয়তাবাদী শক্তিসমূহক সন্ত্ৰস্ত কৰি তুলিছিল, আৰু সেইবাবে চলমান হিন্দুত্বমুখী প্ৰক্ৰিয়াটোক এবাৰ মোক্ষমভাৱে আঘাত কৰাটো জৰুৰী হৈ পৰিছিল। এই আঘাত কৰাৰ অৰ্থ হিন্দুত্বৰ বিৰুদ্ধে মৰণপণ সংগ্ৰাম কৰা বা তাক সমূলে নিপাত কৰাটো নহয় : বৰং প্ৰক্ৰিয়াটোক আঘাত কৰি হিন্দুত্ববাদী শক্তিসমূহক কিছু পিছ হুঁহকিবলৈ বাধ্য কৰা আৰু তাৰ জৰিয়তে অসমৰ সমাজ-ৰাজনীতিত এক নতুনধৰণৰ ক্ষমতাৰ ভাৰসাম্য প্ৰতিষ্ঠা কৰা। এই ভাৰসাম্যৰ মাজত নিজৰ জেগাখিনি অক্ষুণ্ণ ৰখাই জাতীয়তাবাদী শক্তিসমূহৰ ঘাই উদ্দেশ্য। মনত ৰখা ভাল যে এই ভাৰসাম্যটো বিজেপিৰ আগৰ ভাৰসাম্যতকৈ বেলেগ। কিন্তু এই পাৰ্থক্যটো বুজিবৰ বাবে আমি অসমৰ সাম্প্ৰতিক সমাজ-ৰাজনীতিত বৰ্তি থকা দুটা পৰিসৰলৈ চকু দিয়া দৰকাৰ – এটা হ’ল জাতীয়, আনটো ৰাজনৈতিক। অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ প্ৰধান চৰিত্ৰটোৱেই হ’ল এই যে সি নিজকে অৰাজনৈতিক বুলি দাবী কৰে। তাৰ অৰ্থ হ’ল, জাতি ৰাজনীতিৰ ঊৰ্ধত, আৰু যিটো জাতীয় সেইটো ৰাজনৈতিক হ’ব নোৱাৰে। জাতীয়তাবাদী শক্তিবিলাকে জাতীয় পৰিসৰটোত অৱস্থান কৰে আৰু জাতীয় স্বাৰ্থৰ ৰক্ষা কৰে। আনহাতে, ৰাজনৈতিক পৰিসৰটো ৰাজনৈতিক দলবিলাকলৈ এৰি দিয়া হয়। ৰাজনৈতিক পৰিসৰটোত ৰাজনৈতিক দলবিলাকে কিধৰণে ৰাজনীতি কৰিব বিচাৰে কৰি থাকিব পাৰে, তাত আপত্তি কৰাৰ কথা নাহে। কিন্তু যেতিয়া সেই ৰাজনীতিয়ে জাতীয় পৰিসৰটোত প্ৰবেশ কৰিব, জাতীয় স্বাৰ্থ বিঘ্নিত কৰিব, তেতিয়া জাতীয় পৰিসৰটোৰ পহৰাদাৰ জাতীয়তাবাদী শক্তিসমূহ তাৰ বিৰুদ্ধে জঁপিয়াই পৰিব। গতিকে জাতীয়তাবাদী শক্তিসমূহে ৰাজনৈতিক দল এটাৰ বিৰুদ্ধে থিয় দিয়াৰ অৰ্থ হ’ল এইটোৱেই যে ৰাজনৈতিক দলটোৱে জাতীয় পৰিসৰৰ ভিতৰত অনধিকাৰ হস্তক্ষেপ কৰিছে। এনেধৰণৰ ৰাজনীতি নকৰিবৰ বাবে, অৰ্থাৎ ৰাজনীতিৰ পৰিসীমা উলংঘন নকৰিবৰ বাবে, জাতীয়তাবাদী শক্তিসমূহে অহৰহ সকীয়নি দি থকা দেখা যায়। জুবিন গাৰ্গে শেহতীয়াভাৱে দিয়া ‘পলিটিক্স নকৰিবা বন্ধু’ আহ্বানটোৰো অৰ্থ সেইটোৱেই। সেইবাবেই এইটো আচৰিত নহয় যে সেই আহ্বানটোৰ সৈতে জাতীয়তাবাদী শক্তিসমূহৰ শ্লোগানবোৰো চিনিব নোৱৰাকৈ মিলি গৈছে। সি যি নহওক, শেহতীয়া কংগ্ৰেছৰ শাসনকালত আন বিভিন্নধৰণৰ খেলিমেলি সত্ত্বেও এই জাতীয় আৰু ৰাজনৈতিক বিভাজন অনুসৰি এটা ভাৰসাম্য অটুট আছিল। কিন্তু বিজেপি আহি এই ভাৰসাম্যটো সলাই দিবলৈ চেষ্টা কৰিলে। বিজেপি তথা সংঘ পৰিয়ালে ৰাজনৈতিক পৰিসৰ অতিক্ৰম কৰি জাতীয় পৰিসৰত বীৰদৰ্পে প্ৰবেশ কৰিলে, আৰু নিজকে জাতীয়-জনপ্ৰিয় শক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সচেষ্ট হ’ল। সেইগতিকেই জাতীয়তাবাদী শক্তিসমূহে বিজেপি তথা সংঘ পৰিয়ালৰ বিৰুদ্ধে এটা আক্ৰমণ চলাই ভাৰসাম্য প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আহি পৰিল। নাগৰিকত্ব সংশোধনী বিধেয়কে সেই সুযোগটো আনি দিলে। বিধেয়কখনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ জৰিয়তে জাতীয়তাবাদী শক্তিসমূহে জাতীয় পৰিসৰটোত নিজৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিলে, আৰু বিজেপি তথা সংঘ পৰিয়ালক এই পৰিসৰৰপৰা পিছ হুঁহকি যাবলৈ বাধ্য কৰিলে। আন ভাষাত, জাতীয় পৰিসৰটো নিজৰ বাবে ৰাখি জাতীয়তাবাদী শক্তিসমূহে বিজেপিক ৰাজনৈতিক পৰিসৰটো এৰি দিলে। অৰ্থাৎ, বিজেপি এটা নিছক ৰাজনৈতিক দললৈ পৰ্যবসিত হ’ল – যি জাতি-মাটি-ভেটিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে। জাতীয়তাবাদী শক্তি আৰু হিন্দুত্ববাদী শক্তিৰ মাজত এই যি মতাদৰ্শগত বুজাবুজি ঘটিল সেয়াই হ’ল অসমৰ সমাজ-ৰাজনীতিত দেখা দিয়া ক্ষমতাৰ নতুন ভাৰসাম্যৰ সাম্প্ৰতিক ৰূপটো। এই দুই শক্তিৰ মাজত ব্যক্তিগত বা সাংগঠনিক স্তৰতো কিবা বুজাবুজি ঘটিব পাৰে, কিন্তু সেইটো আমাৰ আলোচ্য বিষয় নহয়। বিজেপিয়ে বুজি উঠিছে যে জাতীয়তাবাদী শক্তিসমূহক সিবিলাকৰ প্ৰাপ্য জেগাডোখৰ ঘূৰাই দিয়াই মংগল, নহ’লে অধিক বিপদ ঘটিব পাৰে। কিন্তু সেই ত্যাগৰ বিনিময়ত বিজেপিয়ে জাতীয়তাবাদী শক্তিসমূহৰপৰা এক অদৃশ্য আনুগত্য আৰু ভৱিষ্যৎ সহযোগিতাৰ প্ৰতিশ্ৰুতি আদায় কৰি লৈছে। ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ সমাজ-ৰাজনীতিত হিন্দুত্বমুখী ৰূপান্তৰ প্ৰচেষ্টাটো থমকি ৰ’ব বুলি ভাবিলে মহা ভুল হ’ব। কিন্তু সি যে ক্ষমতাৰ নতুন ভাৰসাম্যটোক মানি চলিহে আগ বাঢ়িব লাগিব, সেইটো প্ৰায় নিশ্চিত। অৱশ্যে সেই প্ৰক্ৰিয়াত দুই শক্তিৰ মাজৰ টনা-আঁজোৰাবিলাকে কেনেধৰণৰ ৰূপ পৰিগ্ৰহ কৰিব সেইটো সময়তহে ক’ব পৰা যাব। শেষত এটা কথা মনত ৰখা দৰকাৰ যে অসমৰ সমাজ-ৰাজনীতিত জাতীয় আৰু ৰাজনৈতিক, এই দ্বিবিভাজনক চিৰকাললৈ সুৰক্ষিত কৰি ৰাখিব বিচৰা জাতীয়তাবাদী শক্তিসমূহ হ’ল ৰক্ষণশীল শক্তি। বিদ্যমান ক্ষমতাৰ ভাৰসাম্য অটুট ৰখাৰ মানেই হ’ল স্থিতাৱস্থা বাহাল ৰখা। তাৰ বিপৰীতে বিজেপিয়ে স্থিতাৱস্থা ভাঙি সমাজ-ৰাষ্ট্ৰৰ আমূল ৰূপান্তৰ ঘটাব খোজে। আন কোনোধৰণৰ মুক্তিকামী ৰাজনীতিয়েও এই স্থিতাৱস্থা ভাঙিবলৈকে বিচাৰিব লাগিব – কিন্তু সি পোষকতা কৰা আমূল ৰূপান্তৰ হ’ব বিজেপিৰ সম্পূৰ্ণ ওলোটা। গতিকে এটা কথা স্পষ্ট যে এই মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহৰ আধিপত্য বৰ্তি থকালৈকে অসমৰ সমাজ-ৰাজনীতিত স্থিতাৱস্থাও নিৰ্বিঘ্নে বৰ্তি থাকিব।

জাতীয়তাবাদী শক্তি আৰু বিজেপিৰ মাজৰ মতাদৰ্শগত বুজাবুজিৰ মাজেদি অসমৰ সমাজ-ৰাজনীতিত ক্ষমতাৰ নতুন ভাৰসাম্যটো প্ৰতিষ্ঠাৰ প্ৰচেষ্টা জলজল পটপটকৈ দেখা পোৱা যায় কেব-বিৰোধী আন্দোলনৰ মাজত। স্বতঃস্ফূৰ্ত আৰু শিথিল গণ আন্দোলনটোৰ ওপৰত ক্ৰমাগত আধিপত্য বিস্তাৰ কৰাত আৰু তাৰ বাটত থকা বাধাসমূহ নিৰ্মূল কৰাত জাতীয়তাবাদী শক্তিসমূহক বিজেপিয়ে সক্ৰিয়ভাৱে সহায় কৰা পৰিলক্ষিত হ’ল। আন্দোলনৰ মাজতে অসমৰ বিভিন্ন ঠাইত ঘটা হিংসাত্মক ঘটনাৰাজিৰ প্ৰতি হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহত চকু ফুৰালেই কথাটো স্পষ্ট হৈ পৰে। যিসমূহ ক্ষেত্ৰত হিংসাত্মক ঘটনাৰ দায় জাতীয়তাবাদী শক্তিসমূহৰ গাত পৰাৰ সম্ভাৱনা আছিল, সিবিলাকত সেই শক্তিসমূহে নিজক বচাবলৈ একো ক’বলগা হোৱাই নাই। ইলেক্ট্ৰনিক মেডিয়াৰ লগতে সুৰ মিলাই প্ৰশাসনে স্পষ্টভাৱে ঘোষণা কৰিছে যে ঠায়ে ঠায়ে আন্দোলনটোত কিছু বেয়া উপাদান ‘প্ৰবেশ’ কৰিছে যিবিলাকে উক্ত হিংসাত্মক ঘটনাবিলাক ঘটাইছে। তাৰ মানে, কোনো কাৰণতে জগৰটো জাতীয়তাবাদী শক্তিসমূহৰ গাত পৰিব নোৱাৰে – যতমানে দায়ী ‘তৃতীয় শক্তি’। কিন্তু একে সময়তে বিভিন্ন ঠাইত জোৰ-জবৰদস্তি কংগ্ৰেছ কৰ্মীৰ ষড়যন্ত্ৰ আৱিষ্কাৰ কৰা দেখা গ’ল। তাতোকৈ ডাঙৰ কথা হ’ল, আন সকলোৰে নিচিনাকৈ একেধৰণে আন্দোলন কৰি থকা অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ’ল ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত। এইখিনিতে মনত ৰখা দৰকাৰ যে সাধাৰণভাৱে এই আন্দোলনটোৰ বিৰুদ্ধেও বিজেপিয়ে তাৰ চিৰন্তন সহজ ৰণকৌশলসমূহকে প্ৰয়োগ কৰা দেখা গৈছে। অতি শেহতীয়াভাৱে, বিশেষকৈ বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত, ভাৰতৰ বিভিন্ন অংশত প্ৰতিবাদৰ জোৱাৰ উঠিছে, প্ৰবাসী অসমীয়া সমাজেও সজোৰে এই জোৱাৰত যোগ দিছে। মুছলিম-পাকিস্তান-কংগ্ৰেছ ফৰ্মুলা প্ৰয়োগ কৰি বিজেপিয়ে এই সমগ্ৰ আন্দোলনটোক যিকোনো প্ৰকাৰে এই তিনিটাৰ সৈতে সম্পৰ্কিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। ইয়াৰ জৰিয়তে যে কেৱল হিন্দুত্ববাদৰ এজেণ্ডাই পূৰণ হ’ব তেনে নহয়, কংগ্ৰেছকো যি পাৰি এসেকা দিয়া হ’ব। বিজেপিৰ উদ্দেশ্য হ’ল এই যে কংগ্ৰেছে কোনো কাৰণতে খালৰপৰা উঠি আহি যাতে তাক পুনৰ্বাৰ অসুবিধাত পেলাব নোৱাৰে তাক নিশ্চিত কৰা, আৰু মুছলিম-পাকিস্তানে ধৰি ৰাখিলে কংগ্ৰেছ কেতিয়াও উঠি আহিব নোৱাৰে। এই একেই এজেণ্ডা অসমতো ৰূপায়ণ কৰিবলৈ বিচৰা হৈছে। কিন্তু অখিল গগৈৰ কথাটো বেলেগ। অসমৰ সমাজ-ৰাজনীতিত বিজেপিক মতাদৰ্শগতভাৱে প্ৰত্যাহ্বান জনাব পৰা প্ৰধান সংগঠিত ৰাজনৈতিক শক্তি হ’ল অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি। গতিকে গগৈ তথা কৃষক মুক্তিৰ কণ্ঠ চিৰকালৰ বাবে বন্ধ কৰি দিয়াটোৱেই বিজেপিৰ উদ্দেশ্য। সি যি নহওক, চলি থকা আন্দোলনটোত প্ৰশাসনৰ ভূমিকাৰপৰা এইটো স্পষ্ট হৈ পৰে যে গণ্ডগোলীয়া উপাদানসমূহ আঁতৰ কৰি জাতীয়তাবাদী শক্তিসমূহক নিৰাপদে ‘শান্তিপূৰ্ণ’ আৰু ‘গণতান্ত্ৰিক’ আন্দোলন চলাই নিবৰ বাবে সুবিধা কৰি দিয়া হ’ল। মাজে মাজে জাতীয়তাবাদী নেতা দুই-এজনক আটক কৰি এৰি দিয়া দেখা গ’ল। এয়া প্ৰকৃতাৰ্থত সীমা নিৰ্ধাৰণৰ কিছুমান ইংগিতহে মাত্ৰ। তাৰ বাৰ্তাটো হ’ল এনেধৰণৰ – ইয়াতকৈ আগুৱাই নাযাবা, গ’লে তোমালোকৰো দিগদাৰ আমাৰো দিগদাৰ, এইখিনিতে সীমাটো, ইয়াৰ পিছৰখিনি আমাৰ জেগা। দ্বিমত বা মতান্তৰ যে ঘটা নাই সেইটা ডাঠি ক’ব নোৱাৰি, কিন্তু গোটেই মতাদৰ্শগত বুজাবুজিটো যেনেকৈ দুইটা পক্ষৰ সহমতৰ ভিত্তিত হৈছে, এই ইংগিতসমূহো দুইটা পক্ষই মিলিজুলিয়েই দিয়া-লোৱা কৰিছে। এই আটক কৰা ঘটনাটোৱে দ্বিতীয় এটা উদ্দেশ্যও হাচিল কৰিছে : ইয়াৰদ্বাৰা বাহিৰত দেখুৱাই দিব খোজা হৈছে যে চৰকাৰে কোনো আন্দোলনকাৰী শক্তিক ৰেহাই দিয়া নাই। সি যি নহওক, আন্দোলনটোত জাতীয়তাবাদী শক্তিসমূহৰ ক্ৰমাগত আধিপত্য বিস্তাৰ তথা তাৰ প্ৰতি বিজেপিৰ সহায়তাই ইয়াকে সাব্যস্ত কৰে যে ইয়াক ৰাষ্ট্ৰ-অনুমোদিত আন্দোলনৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে।

ক্ষমতাৰ নতুন ভাৰসাম্যৰ দাবী তথা বিভিন্ন ঐতিহাসিক কাৰকে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহৰ চৰিত্ৰ সম্প্ৰতি কিছু সলনি কৰি পেলাইছে যাৰ প্ৰভাৱ কেব-বিৰোধী আন্দোলনটোতো পৰিছে। সেয়ে অসম আন্দোলনে কৰা কিছুমান ভুল এই আন্দোলনে কৰাৰ সম্ভাৱনা নাই। এইক্ষেত্ৰত প্ৰধান দিশটো হ’ল এই যে আন্দোলনটো এক ছেকুলাৰ বাটেদি আগ বাঢ়িছে – ই কোনো ধৰ্ম বা গোষ্ঠীৰ বিৰুদ্ধে পৰিচালিত হোৱা নাই বা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হোৱা নাই। ইয়াৰ কাৰণ এনেকুৱা নহয় যে জাতীয়তাবাদী শক্তিসমূহে মনে-প্ৰাণে ছেকুলাৰবাদত বিশ্বাস কৰে। প্ৰকৃততে এই শক্তিসমূহৰ সাম্প্ৰদায়িক-বৰ্ণবাদী মনোভাবত কিবা হীন-দেড়ি ঘটাৰ কোনো প্ৰমাণ নাই। কিন্তু ইতিহাসৰ এই মুহূৰ্তত সিবিলাকে এটা ছেকুলাৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। অসম আন্দোলনৰ পৰৱৰ্তী অসমত বহুতো ঘটনা ঘটিছিল। অসম চুক্তিখন বিভিন্ন গোষ্ঠী তথা সম্প্ৰদায়ে গ্ৰহণ কৰি লৈছিল, কিন্তু তাৰ লগে লগে জাতীয়তাবাদী শক্তিসমূহেও সেই গোষ্ঠী তথা সম্প্ৰদায়সমূহৰ স্বকীয় অৱস্থান স্বীকাৰ কৰি ল’বলগা হৈছিল। বিভিন্ন জাতি-জনজাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম ঠন ধৰি উঠিছিল। আনহাতে, নেলি আদি ঘটনাক কেন্দ্ৰ কৰি হোৱা বদনামৰ সৈতেও মোকাবিলা কৰিবলগা হৈছিল। নব্বৈৰ দশকত সৃষ্টি হোৱা জাতীয়তাবাদৰ ৰেডিকেল ধাৰাটোৱে বিভিন্ন গোষ্ঠী-সম্প্ৰদায়ৰ সমমৰ্যাদাৰ কথা সজোৰে ঘোষণা কৰিছিল। এটা কথা ঠিক যে মিঞা মুছলমানৰ আগ্ৰাসনে অসমীয়া জাতিক শেষ কৰিব বুলি থকা ভয়টোৱে ক্ৰমাৎ অসমৰ সমাজ-ৰাজনীতিত সোঁপন্থী সুঁতিটো তীব্ৰ কৰি তুলিছিল। কিন্তু তথাপি অসমীয়া জাতীয়তাবাদী শক্তিসমূহে ঘাইকৈ উল্লিখিত কাৰকসমূহৰ বাবে নিজৰ সাম্প্ৰদায়িক-বৰ্ণবাদী মনোভাবত কিছু লেকাম লগাবলৈ বাধ্য হৈছিল। কথাটো আৰু জটিল কৰি দিলে হিন্দুত্ববাদী শক্তিৰ আগমনে। হিন্দুত্ববাদী শক্তিসমূহৰ বিৰোধিতা কৰিবলৈ গৈ এতিয়া জাতীয়তাবাদী শক্তিসমূহে ছেকুলাৰ স্থিতি গ্ৰহণ কৰাটো বাধ্যতামূলক হৈ পৰিল। সেইটো নকৰিলে হিন্দুত্ববাদী শক্তিসমূহৰপৰা নিজৰ পাৰ্থক্য চিহ্নিত কৰাত অসুবিধা হ’ব, আৰু পৰিণামস্বৰূপে নিজৰ জেগাখিনি ধৰি ৰখাটো মস্কিল হৈ পৰিব। গতিকে প্ৰকাশ্যে আৰু সজোৰে ছেকুলাৰ স্থিতি ঘোষণা কৰাৰ কোনো বিকল্প এই মুহূৰ্তত জাতীয়তাবাদী শক্তিসমূহৰ হাতত নাই। এইটো কাৰণতে জাতীয়তাবাদী শক্তিসমূহৰ হাতত সাম্প্ৰতিক আন্দোলনটোৱে পোনপটীয়াভাৱে সাম্প্ৰদায়িক-বৰ্ণবাদী ৰূপ লোৱাৰ কোনো সম্ভাৱনা নাই। এটা কথা ঠিক যে প্ৰকাশ্যে হিংসাত বিশ্বাসী কিছুমান উগ্ৰ সাম্প্ৰদায়িক-বৰ্ণবাদী গোট আন্দোলনটোৰ মাজত পৰিলক্ষিত হৈছে। কিন্তু সিবিলাকৰ স্থান আন্দোলনটোত প্ৰান্তীয়, আৰু কোনো কাৰণতে ঘাই জাতীয়তাবাদী শক্তিসমূহে সিবিলাকক আগস্থান লাভ কৰিবলৈ এৰি নিদিয়ে। তথাপি এই কথা উনুকিওৱাৰ কোনো প্ৰয়োজন নাই যে ঐতিহাসিক প্ৰয়োজনত ছেকুলাৰ স্থিতি গ্ৰহণ কৰিলেও মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহে কাহানিবা এদিন নিজৰ মাজৰপৰা সাম্প্ৰদায়িক-বৰ্ণবাদী মনোভাব সমূলে বিসৰ্জন দিব বুলি আশা কৰা টান।

এতিয়া আমি ডাঙৰ ৰাজনৈতিক শক্তিসমূহৰ প্ৰসংগ এৰি আন্দোলনটোৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত কেনে প্ৰভাৱ পেলালে তাৰ ওপৰত অলপ চকু ফুৰাওঁ। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজুৰি সৰ্বসাধাৰণ ৰাইজে যি সংগ্ৰামী চেতনাৰ পৰিচয় দাঙি ধৰিলে তাক নিঃসংকোচে বৈপ্লৱিক বুলি অভিহিত কৰিব পাৰি। এই জাগৰণে ৰাষ্ট্ৰক দেখুৱাই দিলে জাগ্ৰত জনতাৰ সংগ্ৰামী চেতনাই কেনে ঐক্যবদ্ধ আৰু শক্তিশালী ৰূপ পৰিগ্ৰহ কৰিব পাৰে। অসমৰ ৰাইজে নিজক ৰক্ষা কৰিবলৈ গৈয়েই আজি ভাৰতীয় সংবিধানৰ প্ৰমূল্যৰ হকেও সজোৰে থিয় দিলে, যি সময়ত সংবিধানৰ সৰ্বভাৰতীয় পূজাৰীবৃন্দ নিমাতে থাকিল। সচেতন এজেণ্ডা নোহোৱাকৈয়ে অসমৰ ৰাইজে আজি ঐতিহাসিকভাৱে সংখ্যালঘু মুছলমান ৰাইজৰ পক্ষত থিয় দিলে। সমগ্ৰ ভাৰতবৰ্ষই অসমৰ ৰাইজৰপৰা আজি ছেকুলাৰবাদৰ শিক্ষা লোৱা উচিত।

সি যি নহওক, কেব-বিৰোধী আন্দোলনটোৱে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত বিজেপি তথা সংঘ পৰিয়ালে গুৰি ধৰা হিন্দুত্বমুখী পৰিবৰ্তন প্ৰক্ৰিয়াৰ কিছু দূৰলৈ বিমোচন ঘটালে। বিমোচন নহ’লেও অন্ততঃ সেই প্ৰক্ৰিয়াত এক ডাঙৰ খহনীয়াৰ সৃষ্টি কৰিলে। বিজেপিৰ বিৰুদ্ধে প্ৰচণ্ড খং আৰু ক্ষোভৰ সৃষ্টি হ’ল ৰাইজৰ মাজত। কিন্তু সেই খং আৰু ক্ষোভক ৰাজনৈতিকভাৱে ফলপ্ৰসূ ৰূপত কেনেকৈ গতি লগাব পাৰি সেইটোৱেই এই মুহূৰ্তৰ আচল প্ৰশ্ন। দীৰ্ঘদিন ধৰি আশানুৰূপ একো নঘটিলে এই প্ৰতিবাদী মনোভাবে হতাশাত ভুগিব – বিৰাগ আৰু উদাসীনতালৈ পৰ্যবসিত হ’ব। ইতিমধ্যেই, ক্ৰমে ক্ৰমে শীৰ্ষবিন্দুৰ পিনে আগ বাঢ়ি আহি থকা আন্দোলনটো বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ লগে লগে কিছু সময়ৰ বাবে হতাশাপূৰ্ণ ক্ষোভত ফাটি পৰা যেন দেখা গৈছিল – স্বাভাৱিকতেই হিংসাত্মক ঘটনাও সেই সময়ছোৱাতেই অধিক দেখা গৈছিল। অৱশ্যে লাহে লাহে আন্দোলনটো পুনৰ সজোৰে মূৰ দাঙি উঠিছিল আইনখনৰ বিৰুদ্ধে। কিন্তু ভৱিষ্যতে এই আন্দোলনটো স্তিমিত হৈ যোৱাৰ পৰৱৰ্তী সময়ত ৰাইজৰ সেই প্ৰতিবাদী চেতনা তথা বিজেপি-বিৰোধী খং আৰু ক্ষোভে কি ৰূপ ল’ব সেই লৈ এতিয়াৰপৰাই চিন্তা কৰা দৰকাৰ। অসমত সবাতোকৈ ডাঙৰ সমস্যাটো হ’ল বৈকল্পিক গণমুখী ৰাজনৈতিক শক্তিৰ অভাৱ যি সৰ্বসাধাৰণ ৰাইজক নেতৃত্ব দিব পাৰিব। এনে অৱস্থাত ৰাইজৰ প্ৰতিবাদী চেতনা তথা খং-ক্ষোভৰ সঠিক ৰাজনৈতিক পৰিণামতো বাদেই, আশানুৰূপ নিৰ্বাচনী পৰিণামো আশা কৰা টান। এই ছবিখনৰ যদি কোনো গুণগত পৰিবৰ্তন নঘটে তেন্তে আজিৰ সংগ্ৰামী ৰাইজ কাইলৈ ৰাজনৈতিক নিষ্ক্ৰিয়তাৰ মাজত ডুব যাব পাৰে। তেনেকুৱা ঘটিলে ইমান ডাঙৰ এটা গণ আন্দোলনৰ কোনো যোগ্য উত্তৰাধিকাৰ বাচি নাথাকিব।

কেব-বিৰোধী আন্দোলনটোৰ ফলস্বৰূপে দ্বিতীয় এটা গুৰুত্বপূৰ্ণ পৰিবৰ্তন সৰ্বসাধাৰণ ৰাইজৰ মাজত দেখা যাব পাৰে – দিল্লী বা কেন্দ্ৰৰ প্ৰতি মানুহৰ দৃষ্টিভংগী অধিক সমালোচনাত্মক হৈ পৰিব। যোৱা শতিকাৰ নব্বৈৰ দশকত অসমীয়া জাতীয়তাবাদে কেন্দ্ৰৰ প্ৰতি এটা সমালোচনাত্মক ধাৰণা বিকশিত কৰিছিল যাৰ মাজত ক্ষুদ্ৰ জাতিসত্তাৰ বিভিন্ন ৰাজনৈতিক-অৰ্থনৈতিক-সাংস্কৃতিক দাবী অন্তৰ্নিহিত হৈ আছিল। ক’বলৈ গ’লে সেয়া আছিল অসমীয়া জাতীয়তাবাদৰ এটা প্ৰগতিশীল পৰ্যায়। কিন্তু সময়ৰ পৰিবৰ্তন আৰু জাতীয়তাবাদৰ সেই ধাৰাটোৰ ৰাজনৈতিক-সাংগঠনিক বিফলতাৰ লগে লগে কেন্দ্ৰৰ প্ৰতি সমালোচনাত্মক এই দৃষ্টিভংগীটো ক্ৰমাৎ দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰিছিল। অসমৰ সমাজ-ৰাজনীতিত সি কমন ছেন্সত পৰিণত হৈছিল, কিন্তু তাৰ সমান্তৰালভাৱে সি আন্তৰিকতাবিহীন আৰু চোকবিহীন শ্লোগানত পৰিণত হৈছিল। বিজেপিৰ আগমনৰ পাছত এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছিল। হিন্দু জাতীয়তাবাদে অসমৰ সমাজ-ৰাজনীতিত গতি লাভ কৰাৰ লগে লগে নিভাঁজ ৰাষ্ট্ৰভক্তিৰ প্ৰাদুৰ্ভাৱ ঘটা পৰিলক্ষিত হৈছিল। বিভিন্ন ৰাজনৈতিক ঘটনাত অসমীয়া মানুহৰ প্ৰতিক্ৰিয়া দেখি অনুভৱ হৈছিল – অসমত ইমান ৰাষ্ট্ৰভক্তি হয়তো আগতে কেতিয়াও নাছিল। এনেকৈয়ে নব্বৈৰ দশকৰ অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল সম্ভাৱনাসমূহ হেৰাই যাবৰ উপক্ৰম হৈছিল। ভাব হৈছিল – হয়তো অসমীয়া জাতীয়তাবাদে হিন্দু জাতীয়তাবাদৰ মাজত আত্মজাহ দিব। কিন্তু কেব-বিৰোধী আন্দোলনটোৱে ছবিখন বহুখিনি সলাই পেলালে। আন্দোলনটোৱে অসমৰ চুকে-কোণে ধ্বনিত কৰা দিল্লী-বিৰোধী শ্লোগানে এনে এটা সম্ভাৱনাৰ সৃষ্টি কৰিলে, যেন নব্বৈৰ দশকটো উভতি আহিব। (এই লেখকৰ ‘আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ’ দ্ৰষ্টব্য।) সি যি নহওক, এই লৈ সন্দেহ নাই যে এই আন্দোলনে কেন্দ্ৰৰ প্ৰতি সমালোচনাত্মক চেতনাটো পুনৰ্বাৰ জগাই তুলিলে। কিন্তু তাৰ প্ৰগতিশীল সম্ভাৱনাসমূহ বিকশিত কৰি তুলিবলৈ সন্মুখত তেনে কোনো ৰাজনৈতিক শক্তি নাই। আলফাৰ ভাল অৱস্থা হোৱা হ’লে সি যে এই পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰিব পাৰিলেহেঁতেন সেইটো নিশ্চিতভাৱে ক’ব পাৰি। কিন্তু আজিৰ সময়ত তেনে সম্ভাৱনা অমূলক। কেৱল নতুনধৰণৰ গণমুখী আঞ্চলিকতাবাদী শক্তিৰ জন্ম হ’লেহে কেন্দ্ৰৰ প্ৰতি সমালোচনাত্মক এই চেতনাৰ ৰাজনৈতিক মুক্তিলাভৰ বাট মুকলি হ’ব। নহ’লে পৰাগ দাসৰ প্ৰাসংগিকতা আলোচনা কৰাতেই এই চেতনাৰ শক্তি খৰচ হৈ থাকিব।

গতিকে এইমুহূৰ্তত অসমৰ সমাজ-ৰাজনীতিত বিকল্প শক্তিৰ প্ৰশ্নটোৱেই সবাতোকৈ ডাঙৰ প্ৰশ্ন। এই কথা ভাবিলেই সন্মুখত দেখিবলৈ পোৱা যায় কেৱল অন্ধকাৰ। অসম গণ পৰিষদৰ কথা কিছুমানে কোৱা দেখো, কিন্তু সেইটো দলৰ নাম লোৱাটোৱেই আচলতে সময়ৰ অপব্যয়ৰ বাদে আন একো নহয়। প্ৰকৃতাৰ্থত অসমৰ সংসদীয় ৰাজনীতিত বিদ্যমান দল-সংগঠনবিলাকে যিমানেই যোগ-বিয়োগ, পূৰণ-হৰণ নকৰক লাগিলে, তাৰপৰা বিকল্প শক্তিৰ জন্ম নহয়। মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকে মিলিজুলি এটা দ্বিতীয় অগপৰ জন্ম দিব পাৰে – কিন্তু সেইটোৰ ভাগ্যও যে প্ৰথম অগপৰ দৰেই হ’বগৈ সেইটো খাটাং। ভাৰতৰ ৰাষ্ট্ৰব্যৱস্থা তথা অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ চৰিত্ৰই সেইটোৰ ভাগ্য জন্মৰ আগতেই ঠিক কৰি থৈছে। এইবোৰ আচলতে পুৰণি শক্তি – বিজেপিহে নতুন শক্তি যাৰ সম্ভাৱনাও আছে আৰু শক্তিও আছে। বিজেপিক বাদ দিলে আজিৰ অসমৰ সমাজ-ৰাজনীতিত নতুন মতাদৰ্শগত শক্তিটো হ’ল কৃষক মুক্তি। যদিও সি বহু সময়ত মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহৰ সৈতে চিনিব নোৱৰাকৈ মিলি পৰা দেখা যায়, তথাপি হিন্দু জাতীয়তাবাদৰ মতাদৰ্শগত বিৰোধিতাৰ দিশৰপৰাই কেৱল নহয়, গণমুখী ৰাজনীতি তথা আঞ্চলিকতাবাদী চেতনাৰ দিশৰপৰাও কৃষক মুক্তিৰ মাজত বহুখিনি প্ৰগতিশীল সম্ভাৱনা লুকাই আছে। কিন্তু ৰাজনৈতিক দল এটা গঠন কৰি সংসদীয় সফলতা লাভ কৰাটো ইয়াৰ বাবে সিমান সহজ নহ’ব। সবাতোকৈ ডাঙৰ কথাটো হ’ল, অসমীয়া মধ্যবিত্তই অখিল গগৈ তথা কৃষক মুক্তিক প্ৰাণপণে ঘৃণা কৰে। মধ্যবিত্তক তেল মাৰিবৰ বাবে ইমান আন্দোলন কৰিও, আপোচ কৰিও তেওঁলোক সফল হোৱা নাই। হয়তো তাৰ প্ৰতিবাদত অখিল গগৈয়ে আমৰণ অনশন কৰিলেও মধ্যবিত্তৰ হৃদয় নগলিব। জাতীয় দাবী-দাবাৰে আন্দোলন কৰি থাকিলে মধ্যবিত্তই তেওঁলোকক সহ্য কৰি থাকে বা গ্ৰহণ কৰে – কিন্তু ৰাজনৈতিক দল গঠন কৰিব লাগিলে সকলোটি জাঙুৰ খাই উঠিব, সৰহভাগ সংবাদ মাধ্যমেও সেই বিৰোধিতাত যোগ দিব। তদুপৰি কৃষক মুক্তি হৈছে অখিল গগৈ-কেন্দ্ৰিক এক ওপৰ-গধুৰ সংগঠন – স্থানীয় নেতৃত্বৰ বিকাশ পৰ্যাপ্ত নহয় যেন ভাব হয়। ৰাজনৈতিক দললৈ ৰূপান্তৰিত হ’বলৈ হ’লে নতুন কিছুমান সমস্যাও দেখা দিব। যেনে ধৰক, পুঁজিৰ উৎসৰ সমস্যা। কিন্তু তাতোকৈ ডাঙৰ কথাটো হ’ল প্ৰতিবাদী আন্দোলনকাৰী হিচাপে কৃষক মুক্তিৰ আন্দোলনৰ ধাৰাটো হ’ল এক নঞৰ্থক ৰাজনীতি – যাৰ জৰিয়তে ঘাইকৈ ৰাষ্ট্ৰৰ পলিচিৰ সমালোচনা কৰা হয় আৰু তাৰ প্ৰতিকাৰ বিচৰা হয়। কিন্তু সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ লগে লগে সদৰ্থক পলিচিৰ প্ৰয়োজন আহি পৰিব, আৰু সেইটো কৰিব লাগিব ৰাষ্ট্ৰৰ ক্ষমতা-কাঠামো তথা পলিচিগত পৰিসীমাৰ ভিতৰত থাকি। গতিকে ৰাস্তাৰ প্ৰতিবাদী চেতনাটো টিকাই ৰখাটো সম্ভৱ নহ’ব। প্ৰতিবাদী আন্দোলনৰ সংসদীয় ভাগ্য বৰ ভাল নহয়, ভাৰতৰ ৰাজনীতিত তাৰ ভালেমান উদাহৰণ দেখা যায়। কৃষক মুক্তিৰ ক্ষেত্ৰত ব্যতিক্ৰম ঘটাৰ কোনো কাৰণ নাই। তদুপৰি কিছুসংখ্যক ছিট লাভ কৰি আন দলৰ সৈতে জোটাপোটা চৰকাৰ গঠন কৰিলে কোনো লাভ নাই, বৰং সি ওলোটাই সংগঠনটোৰ আদৰ্শত কুঠাৰাঘাত কৰাৰহে আশংকা আছে। সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব পাৰিলেহে সমস্ত সীমাবদ্ধতাৰ মাজত থাকিও মোটামুটিভাৱে গণমুখী কিছু আঁচনি ৰূপায়ণ কৰিব পৰা যাব আৰু নিজৰ ভৱিষ্যতৰ বাবে ভিত্তি সুদৃঢ় কৰিব পৰা যাব। কিন্তু তাৰ বাবে কৃষক মুক্তিয়ে বহুত শক্তি আহৰণ কৰিব লাগিব আৰু নিজৰ এটা গুণগত ৰূপান্তৰ ঘটাব পাৰিব লাগিব। তেনেকুৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সি সাজুনে?

কৃষক মুক্তি বুলি কথা নাই, আমি উল্লেখ নকৰা আন কোনো গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিও আগ বাঢ়ি আহিব পাৰে অসমত ৰাজনৈতিক বিকল্প সৃষ্টিৰ বাবে। আৰু তেনে প্ৰচেষ্টাত তেওঁলোক যে সফল হ’ব নোৱাৰিবই, তেনে কথাও ডাঠি কোৱা নাযায়। কিন্তু তেওঁলোকে প্ৰথমে অসমৰ সমাজ-ৰাজনীতিত বৰ্তি থকা ক্ষমতাৰ ভাৰসাম্যৰ চৰিত্ৰ তথা সেই ভাৰসাম্য ভাঙি গণমুখী ৰাজনৈতিক প্ৰজেক্ট কেনেদৰে আগ বঢ়াই নিব পৰা যাব – এই সম্পৰ্কে কিছু বিচাৰ-বিশ্লেষণ কৰি লোৱাটো জৰুৰী। ইয়াৰ অন্যথা অসমৰ ৰাজনীতিত আমি কেৱল পুনৰাবৃত্তি আৰু বিফলতাকে দেখি থাকিম। অসমৰ গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে কূপমণ্ডূকতাৰপৰা মূৰ তুলি এই বিষয়ে গভীৰভাৱে চিন্তা কৰিবৰ হ’ল।

(ৰচনাকাল : ১৯-১২-১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: