আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ

এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদে সৰ্বব্যাপী ৰূপ লাভ কৰিছে। সকলো স্তৰৰ ৰাইজ স্বতঃপ্ৰণোদিতভাৱে ৰাজপথলৈ ওলাই আহিছে। যি সময়ত বিধেয়কখন লোকসভাত পাছ হৈ গৈছে আৰু ৰাজ্যসভাতো পাছ হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে, সেই সময়তো অসমৰ ৰাজপথত গোঁৱাৰৰ দৰে চিঞৰিছে অসমৰ প্ৰতিবাদী কণ্ঠই – কেব মানি নলওঁ। এই প্ৰতিবাদেই আমাৰ সাৰথি, এই গোঁৱাৰামিয়েই আমাৰ শক্তি – ইয়েই আমাক জীয়াই ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। আজিৰ এই প্ৰতিবাদ মহাকাব্যিক। আজিৰ এই প্ৰতিবাদৰ মাজত লুকাই আছে বৈপ্লৱিক সম্ভাৱনা – যাক আমি বিকশিত কৰিব লাগিব। এই প্ৰতিবাদক আমি ছেলুট জনাইছো।

বিজেপি শাসনলৈ অহাৰ পাছত অসমত বহুত প্ৰতিবাদ হৈছে। যোৱাবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ হৈছে। আৰু প্ৰতিবাদৰ প্ৰতিটো ধাৰা, প্ৰতিটো সমদললৈ চাই আমি ভাবিছো – উভতি আহিছে নেকি যোৱা শতিকাৰ নব্বৈৰ দশকটো? আকৌ আমি ঘূৰাই পাম নেকি নব্বৈৰ সেই চেতনাটো? আমি ঐতিহাসিকভাৱে উভতি যাব খোজা নাই নব্বৈ দশকৰ সেই জঞ্জাল আৰু হিংসাৰ ভয়াৱহতাৰ মাজলৈ। আমি বিচাৰিছো মাত্ৰ অসমীয়া জাতীয়তাবাদৰ সেই চেতনা যি ভাৰত ৰাষ্ট্ৰক ফেপেৰি পাতি ধৰিব পাৰে। সেই চেতনা যি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সমালোচনাত্মক, যি প্ৰশ্নৰ কাঠগৰাত থিয় কৰাব পাৰে ভাৰত ৰাষ্ট্ৰব্যৱস্থাটোক। সেই চেতনা যি কেৱল নিজৰ বাবেই নহয়, সকলো ক্ষুদ্ৰ জাতিসত্তাৰ হৈ মৌলিক দাবী উত্থাপন কৰিব পাৰে ৰাষ্ট্ৰৰ ওচৰত। সেই জংগী চেতনা, যি জংগী হৈও অসমৰ সমাজখনৰ বৈচিত্ৰ্যৰ প্ৰতি সহনশীল। এটা কথা ঠিক যে আন যিকোনো জাতীয়তাবাদৰ দৰেই অসমীয়া জাতীয়তাবাদো কোনোদিন সামাজিকভাৱে মুক্তিকামী নাছিল, নব্বৈৰ দশকতো নাছিল। আন যিকোনো জাতীয়তাবাদৰ দৰেই সি তাৰ অন্তৰ্নিহিত সমস্যা আৰু সীমাবদ্ধতাৰে ভাৰাক্ৰান্ত। কিন্তু ভাৰতৰ মূল ভূখণ্ডৰপৰা ভূ-ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে দূৰণিবটীয়া আৰু অৱহেলিত অঞ্চলৰ চেতনা হিচাপে অসমীয়া জাতীয়তাবাদে ভাৰতীয় জাতীয়তাবাদ আৰু তাৰ প্ৰতিনিধি ৰাষ্ট্ৰব্যৱস্থাটোৰ প্ৰতি গ্ৰহণ কৰা প্ৰতিবাদী ভূমিকাই তাক এক প্ৰগতিশীল ৰূপ প্ৰদান কৰিছিল। সেই প্ৰতিবাদী চেতনাটোৱেই হ’ল অসমীয়া জাতীয়তাবাদৰ শক্তিৰ মূলাধাৰ। সেইবাবে যোৱাবাৰৰ প্ৰতিবাদী আন্দোলনসমূহে আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছিল – উভতি আহিছে নেকি সেই চেতনাটো? কিন্তু আমাৰ প্ৰশ্নৰ সদৰ্থক উত্তৰ পৰিস্থিতিয়ে দিয়া নাছিল। কেব-বিৰোধী তুমুল প্ৰতিবাদৰ পিছতো বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিছিল বিপুল সংখ্যাগৰিষ্ঠতাৰে। হিন্দু জাতীয়তাবাদে অসমীয়া জাতীয়তাবাদক গ্ৰাস কৰি পেলাইছে বুলি আমাৰ যিটো সংশয়, সেইটো বাৰে বাৰে শুদ্ধ প্ৰমাণিত হৈছে। সংসদীয় ৰাজনৈতিক স্তৰত আমি হয়তো কিছু দাবী উত্থাপন কৰিছো যিবোৰ হিন্দু জাতীয়তাবাদৰ বিৰোধী, কিন্তু সাংস্কৃতিকভাৱে আমি ক্ৰমাৎ প্ৰবেশ কৰি গৈ আছো হিন্দু জাতীয়তাবাদৰ গভীৰ সুৰংগৰ মাজলৈ। হিন্দুত্ববাদী-নব্য উদাৰতাবাদী ব্যৱস্থাৰ মতাদৰ্শগত আধিপত্য আমাৰ সমাজতো প্ৰতিষ্ঠা হৈছে ক্ৰমাগতভাৱে। হায়দৰাবাদত চাৰিজন ধৰ্ষণৰ অভিযুক্তক পুলিচে এনকাউণ্টাৰ কৰি হত্যা কৰাক লৈ আনন্দিত হোৱা আমি বহুতকে দেখিলো, যিসকলৰ মাজত জাতীয়তাবাদীও আছে, প্ৰগতিশীল-গণতান্ত্ৰিক বুলি পৰিচিত ব্যক্তিও আছে। অসমীয়া মানুহে এনকাউণ্টাৰ কেনেকৈ ভাল পাব পাৰে? অসমীয়া জাতীয়তাবাদৰ যি ৰক্তাক্ত ইতিহাস তাৰ দৃষ্টিকোণৰপৰা এয়া এটা অসম্ভৱ কথা। কিন্তু এতিয়া সেইটোও সহজ হৈ পৰিছে অসমত। জম্মু-কাশ্মীৰৰ বিভিন্ন ঘটনা তথা তাৰপৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাক লৈ হোৱা প্ৰতিক্ৰিয়াবিলাক চালেও এই পৰিবৰ্তন চকুত পৰে। এয়া দুটা উদাহৰণ মাত্ৰ। অৰ্থাৎ, আমি মুখেৰে ৰাষ্ট্ৰীয় আগ্ৰাসনৰ বিৰোধিতা কৰিছো যদিও ক্ৰমাগতভাৱে হিন্দু জাতীয়তাবাদৰ মতাদৰ্শ হজম কৰি গৈ আছো নেকি? এই মুহূৰ্তত চলি থকা প্ৰতিবাদী আন্দোলনৰপৰাই আমি ইয়াৰ যথাযথ উত্তৰ এটা পাব লাগিব। এই প্ৰতিবাদ পূৰ্বৰ প্ৰতিবাদসমূহৰপৰা কিছু পৃথক বুলি ক’ব পাৰি : প্ৰথমতে, ই পূৰ্বতকৈ বহুগুণে জংগী আৰু সমাজৰ সকলো স্তৰৰ লোককে সাঙুৰি লৈছে; দ্বিতীয়তে, পূৰ্বৰ প্ৰতিবাদসমূহৰপৰা এতিয়াৰ প্ৰতিবাদলৈকে মাজৰ সময়ছোৱাত অসমৰ মানুহে বিজেপিৰ শাসন তথা তাৰ মতাদৰ্শৰ বহুখিনি সোৱাদ পাইছে। সেইবাবেই আমি আশা কৰিছো, এই প্ৰতিবাদ পূৰ্বৰ প্ৰতিবাদৰ দৰে নহওক – পূৰ্বৰ প্ৰতিবাদৰ দৰে ই উভতি নাযাওক আৰম্ভণী বিন্দুলৈ, য’ৰপৰা বাৰে বাৰে আকৌ আৰম্ভ কৰিবলগা হয় প্ৰতিবাদ। এই প্ৰতিবাদে আমাক এঢাপ আগুৱাই নিয়ক, এই প্ৰতিবাদে আমাৰ মাজত এক গুণগত পৰিবৰ্তনৰ সূচনা কৰক। নব্বৈৰ দশকৰ চেতনা এই প্ৰতিবাদে ঘূৰাই আনক, আৰু জংগীপনাৰে প্ৰতিষ্ঠা কৰক হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে। ইতিহাসৰ বুকু ফালি উঠি আহক এককেন্দ্ৰিক জাতি ৰাষ্ট্ৰৰ বিৰুদ্ধে ক্ষুদ্ৰ জাতিসত্তাৰ প্ৰচণ্ড ক্ষোভ আৰু অগ্নিবৰ্ষা শ্লোগান।

আমি মনত ৰখা দৰকাৰ যে কেব অনাৰ বাবেই বিজেপি বেয়া নহয় বা কেব উঠাই ল’লেই বিজেপি ভাল নহয়। বৰং বিজেপি তথা সংঘ পৰিয়াল ভয়ংকৰ বাবেহে সিহঁতে কেব আনিছে। সংঘ পৰিয়ালৰ উদ্দেশ্য হ’ল ভাৰতত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। তাৰ বাবে সমাজৰ হিন্দুত্বমুখী সমসত্ত্বকৰণ ঘটোৱা যেনেকৈ জৰুৰী, ৰাষ্ট্ৰব্যৱস্থাটোৰ গুণগত পৰিবৰ্তন সাধন কৰাটোও তেনেকৈ জৰুৰী। এই প্ৰক্ৰিয়াত যেনেকৈ সংখ্যালঘুসকল প্ৰধান বলিৰ পঠা হৈছে, তেনেকৈ অসমীয়াৰ নিচিনা ক্ষুদ্ৰ জাতিসত্তাবিলাকৰ সন্মুখতো অস্তিত্বৰ প্ৰশ্ন আহি পৰিছে। আমাৰ নিচিনা সৰু জাতিবিলাকৰ স্বকীয় অস্তিত্ব, সিবিলাকৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু থলুৱা আন আন গোষ্ঠীৰ সৈতে সিবিলাকৰ সহজ তথা সমিলমিল সহাৱস্থান – তাৰ বাবে হিন্দু জাতীয়তাবাদ হ’ল জঘন্যতম শত্ৰু। গতিকে সময়ত বাধা নিদিলে হিন্দু জাতীয়তাবাদৰ ৰথৰ চকাৰ তলত পৰি আমি সকলোটি পিষ্ট হৈ যাম। কিন্তু হিন্দুত্বপন্থী শাসকগোষ্ঠী তথা সংঘ পৰিয়ালে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে এটাৰ পিছত এটাকৈ সাংস্কৃতিক আৰু প্ৰাতিষ্ঠানিক সকলোধৰণৰ যা-যোগাৰ ইতিমধ্যে কৰি গৈ আছে। ইয়াৰ ভিতৰত কোনোবাটোৱে হয়তো আমাক পোনপটীয়াকৈ স্পৰ্শ কৰিছে আৰু আমি সচকিত হৈ উঠিছো, আন কোনোবাটোৱে আমাক স্পৰ্শ কৰা নাই বাবে উদাসীন হৈ আছো। কিন্তু হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ এই সমস্ত যা-যোগাৰ সংঘ পৰিয়ালৰ একেখন বৃহৎ আঁচনিৰ ৰূপায়ণ মাথোন। নাগৰিকত্ব সংশোধনী বিধেয়কো তাৰে এটা অংশ। গতিকে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অৰ্থ কেৱল কেবক নাকচ কৰাই নহয় – তাৰ অৰ্থ হ’ল, হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ আঁচনিখন নাকচ কৰা। হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সংঘ পৰিয়ালৰ যি আঁচনি তাক প্ৰতিৰোধ কৰা আৰু সমূলঞ্চে উৎখাত কৰা – এই কাৰ্যসূচী আৰু লক্ষ্য কেব-বিৰোধী প্ৰতিবাদী আন্দোলনৰ অপৰিহাৰ্য আৰু প্ৰধান অংশ হৈ উঠা দৰকাৰ। তেতিয়াহে এই প্ৰতিবাদে পৰিপূৰ্ণতা লাভ কৰিব। কিন্তু তাৰ বাবে কিছু সতৰ্ক আৰু আত্মসমালোচনাত্মক হ’ব লাগিব। অসমীয়া জাতীয়তাবাদৰ বৰ্ণবাদী-সাম্প্ৰদায়িক উপাদানসমূহৰ প্ৰতি আৰু সিবিলাকে সম্প্ৰতি হিন্দু জাতীয়তাবাদৰপৰা লাভ কৰা উচটনিৰ প্ৰতি সচেতন হৈ থাকিব লাগিব। উগ্ৰজাতীয়তাবাদী শক্তিবিলাকে যাতে আন্দোলনটোক কোনো সম্প্ৰদায় বা গোষ্ঠীৰ বিৰুদ্ধে থিয় কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব লাগিব। তাৰ সমান্তৰালভাৱে আন্দোলনটোক সকলো সমভাগী জাতি-গোষ্ঠীৰ বাবে গ্ৰহণযোগ্য আৰু সামাজিকভাৱে মুক্তিকামী ৰূপ দিবলৈ চেষ্টা কৰি যাব লাগিব। আন্দোলনটোৰ মাজৰ প্ৰগতিশীল-গণতান্ত্ৰিক অংশটোৱেই এনে মতাদৰ্শগত প্ৰচেষ্টাত আগভাগ ল’ব লাগিব। আনহাতে, এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন পাছ হৈ যোৱাৰ লগে লগে হঠাতে ভয়ংকৰ একো ঘটনা নঘটে। আচলতে বিধেয়খন নিজেই হ’ল আটাইতকৈ ভয়ংকৰ আৰু মাৰাত্মক বস্তু – ভাৰতৰ সাংবিধানিক প্ৰমূল্যৰ বাবেও আৰু অসমৰ সমাজখনৰ বাবেও। তাৰ সামাজিক-ৰাজনৈতিক পৰিণামবোৰো ছুনামিৰ দৰে তাৎক্ষণিক আৰু হুলস্থূলীয়া নহয় – বৰং সি কেন্সাৰৰ দৰেহে, যি সমাজ-দেহত বিয়পি পৰে ধীৰে ধীৰে। কিন্তু বিধেয়কখন পাছ হৈ যোৱাৰ পাছত হঠাতে একো নঘটাৰ সুবিধা লৈ বিজেপি তথা সংঘ পৰিয়ালে যে আমাৰ বিৰুদ্ধে প্ৰচণ্ড প্ৰত্যাক্ৰমণ কৰিব সেইটো ধুৰুপ। তাৰ বাবে নিশ্চয় ৰণকৌশল সাজু কৰি ৰখা হৈছে। সেই কথাটো এতিয়াই চিন্তা নকৰিলে পাছত প্ৰতিবাদী জনতা দিশহাৰা আৰু হতাশ হৈ পৰিব। গতিকে ৰাইজৰ সন্মুখত হিন্দুত্ব-নব্য উদাৰতাবাদ যুগলবন্দীৰ স্বৰূপ উন্মোচন কৰা দৰকাৰ, আৰু প্ৰতিবাদৰ কাঁড়ডাল এতিয়াৰপৰাই সেইফালে পোনাই ৰখা দৰকাৰ। প্ৰতিবাদৰ উঠি অহা ঢৌটো যাতে সময়ৰ লগে লগে আৰু প্ৰত্যাক্ৰমণৰ পৰিণতিত হেৰাই নাযায় তাৰ ব্যৱস্থা আগতীয়াকৈ কৰি ৰখা দৰকাৰ।

এই মুহূৰ্তৰ প্ৰতিবাদী আন্দোলনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধিতা কৰিছে। আমি আশা কৰিছো, সি আৰু আগুৱাই যাওক, আৰু বিধেয়কৰ প্ৰশ্নটো অতিক্ৰম কৰি সি সম্প্ৰসাৰিত হৈ পৰক হিন্দু জাতীয়তাবাদৰ মৰণপণ বিৰোধিতালৈ। এই প্ৰতিবাদ তুঁহ জুই নহওক – ৰঙা আঙঠাৰ দৰে সি দগমগাই জ্বলি ৰওক ফেছিষ্ট শক্তিবিলাকৰ পতনৰ মুহূৰ্তলৈকে। এই প্ৰতিবাদী আন্দোলনৰ স্ফুলিংগৰপৰাই সৃষ্টি হওক হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে কালান্তক মতাদৰ্শগত অস্ত্ৰ।

(ৰচনাকাল : ১০-১২-১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in প্ৰবন্ধ
2 comments on “আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ
  1. Ramen Das says:

    Bullshit…
    While there are some issues at present, nobody wants to go back to garbage 80s or 90s where there was no hope.

    Stop living this Utopian fantasy. Assam remains a backward state because of this stupid identity politics.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: